09.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল মাতা-পিতাক অনুসৰণ কৰি আসনাধিকাৰী হোৱা, ইয়াত কোনো কষ্ট নাই, কেৱল পিতাক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা

প্ৰশ্ন:
গৰিবৰ ত্ৰাণকৰ্তা পিতাই নিজৰ সন্তানসকলৰ ভাগ্য গঢ়িবলৈ কোনটো ৰায় (পৰামৰ্শ) দিয়ে?

উত্তৰ:
সন্তানসকল, শিৱবাবাক তোমালোকৰ একো নালাগে। তোমালোকে লাগিলে খোৱা-বোৱা কৰা, পঢ়া সজীৱ হৈ গুচি যোৱা কিন্তু চাউল মুঠিৰো গায়ন আছে। 21 জন্মৰ বাবে যদি চহকী হবলৈ বিচৰা তেন্তে গৰিবৰ এক পইচাও চহকীৰ 100 টকাৰ সমান হয় সেইবাবে পিতা যিহেতু পোনপটীয়াকৈ আহে সেয়েহে নিজৰ সকলো সফল কৰি লোৱা।

গীত:
তুম্‌হী হো মাতা পিতা তুম্‌হী হো (তুমিয়েই মাতা পিতা তুমিয়েই)

ওঁম্শান্তি।
গীতৰ অৰ্থতো সন্তানসকলে বুজিলে। তেওঁলোকে যদিওবা আহ্বান কৰে কিন্তু বুজি নাপায়। তোমালোকে জানা তেওঁ আমাৰ পিতা। বাস্তৱত তেওঁ কেৱল তোমালোকৰে পিতা নহয়, সকলোৰে পিতা। এইটোও বুজিবলগীয়া। যিসকল আত্মা আছে সেই সকলোৰে পিতা নিশ্চয় পৰমাত্মা। বাবা বাবা বুলি কলে উত্তৰাধিকাৰ নিশ্চয় স্মৃতিলৈ আহে। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হব। পিতাই সন্তানসকলক কয় - তোমালোক আত্মা পতিত হৈ গৈছা, এতিয়া আত্মাক পাৱন কৰি তুলিব লাগে। সকলোৰে পিতা হয় সেয়েহে সন্তানসকল নিশ্চয় নিৰ্বিকাৰী হব লাগে। কোনোবা সময়ত সকলো নিৰ্বিকাৰী আছিল। পিতাই নিজে বুজায় - যেতিয়া শ্ৰী লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তেতিয়া সকলো নিৰ্বিকাৰী আছিল। ইমানবোৰ যি মনুষ্য আত্মা দেখা পোৱা তেওঁলোকো নিৰ্বিকাৰী হব কিয়নো শৰীৰতো বিনাশ হৈ যাব বাকী আত্মাসকল গৈ নিৰ্বিকাৰী সৃষ্টিত থাকে। তাত বিকাৰৰতো নাম-চিহ্ন নাই। শৰীৰেই নাই। তাৰপৰাই সকলো আত্মা এই সৃষ্টিত ভূমিকা পালন কৰিবলৈ আহে। পোনপ্ৰথমে ভাৰতবাসী আহে। ভাৰতত পোনপ্ৰথমে এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তেতিয়া অন্য সকলো ধৰ্মাৱলম্বী নিৰাকাৰী সৃষ্টিত আছিল। এই সময়ত সকলো সাকাৰী সৃষ্টিত আছে। এতিয়া পিতাই তোমালোক সন্তানসকলক নিৰ্বিকাৰী কৰি তোলে, নিৰ্বিকাৰী দেৱী-দেৱতা কৰি গঢ়ি তুলিবলৈ। যেতিয়া তোমালোক দেৱী-দেৱতা হৈ যোৱা তেতিয়া তোমালোকৰ বাবে নিশ্চয় নতুন সৃষ্টি লাগে। পুৰণি সৃষ্টি নাশ হব লাগে। শাস্ত্ৰবোৰত মহাভাৰতৰ যুদ্ধও দেখুৱাইছে। দেখুৱায় যে 5 পাণ্ডৱ বাকী থাকিল তেওঁলোকো পাহাৰত গলি গল। কোনো বাচি নাথাকিল। বাৰু ইমানবোৰ আত্মা কলৈ গল? আত্মাৰতো বিনাশ নহয়। তেতিয়া কব নিৰাকাৰী, নিৰ্বিকাৰী সৃষ্টিলৈ গল। পিতাই বিকাৰী সৃষ্টিৰ পৰা নিৰাকাৰী, নিৰ্বিকাৰী সৃষ্টিলৈ লৈ যায়। তোমালোকে জানা পিতাৰ পৰাতো নিশ্চয় উত্তৰাধিকাৰ পাব লাগে। এতিয়া দুখ বাঢ়ি গৈছে। এই সময়ত আমাক সুখ-শান্তি দুয়োটা লাগে। ভগৱানৰ পৰা সকলোৱে বিচাৰে হে ভগৱান আমাক সুখ দিয়া, শান্তি দিয়া। প্ৰত্যেক মনুষ্যই পুৰুষাৰ্থ কৰেই ধনৰ কাৰণে। পইচা থাকিলে সুখ আছে। তোমালোকক বেহদৰ পিতাইতো বহুত পইচা দিয়ে। তোমালোক সত্যযুগত কিমান ধনৱান আছিলা। হীৰা মুকুতাৰ মহল আছিল। তোমালোক সন্তানসকলে জানা আমি বেহদৰ পিতাৰ পৰা বেহদ স্বৰ্গৰ উত্তৰাধিকাৰ লবলৈ আহিছোঁ। গোটেই জগতখনতো নাহে। পিতা ভাৰততহে আহে। ভাৰতবাসীয়েই এই সময়ত নৰকবাসী আকৌ পিতাই স্বৰ্গবাসী কৰি তোলে। ভক্তিত দুখৰ কাৰণে পিতাক জন্ম-জন্মান্তৰ স্মৰণ কৰিছে। হে পৰমপিতা পৰমাত্মা, হে কল্যাণকাৰী দুখ হৰ্তা, সুখ কৰ্তা বাবা, যিহেতু তেওঁক স্মৰণ কৰে তেন্তে নিশ্চয় তেওঁ আহেও চাগে। এনেয়ে মিছাতে স্মৰণ কৰে জানো। বুজি পায় ভগৱান পিতা আহি ভক্তসকলক ফল দিব। সেয়াতো সকলোকে দিব নহয়। বাবাতো সকলোৰে নহয় জানো।

তোমালোকে জানা আমি সুখধামলৈ যাম। বাকী সকলো শান্তিধামলৈ যাব। যেতিয়া সুখধামত থাকোঁ তেতিয়া সুখ-শান্তি গোটেই সৃষ্টিত থাকে। পিতাৰতো সন্তানসকলৰ প্ৰতি মৰম থাকে নহয়। আৰু সন্তানসকলৰো আকৌ মা-পিতাৰ প্ৰতি মৰম থাকে। এনেকৈও গায়ন কৰে তুমি মাতা-পিতা পাৰ্থিৱ মাতা-পিতা থকা সত্ত্বেও গায়ন কৰে তুমি মাতা-পিতা তোমাৰ কৃপাতে অপাৰ সুখ পাওঁ। লৌকিক মা-পিতাৰ বাবেতো এনেকৈ গায়ন নকৰে। যদিওবা তেওঁলোকেও সন্তানৰ তত্তাৱধান লয়, পৰিশ্ৰম কৰে, উত্তৰাধিকাৰ দিয়ে। বাগদান কৰায়। তথাপিও অপাৰ সুখ পাৰলৌকিক মাতা-পিতাইহে দিয়ে। এতিয়া তোমালোক হলা ঈশ্বৰীয় ধৰ্ম (তোলনীয়া) সন্তান। সেই সকলো হল আসুৰিক ধৰ্ম সন্তান। সত্যযুগত কেতিয়াও কোনো ধৰ্ম সন্তান নাথাকে। তাততো সুখেই সুখ। দুখৰ নাম-চিহ্ন নাই। পিতাই কয় মই আহিছোঁ 21 প্ৰজন্মলৈ তোমালোকক স্বৰ্গৰ অপাৰ সুখ দিবলৈ।

এতিয়া তোমালোকে জানা বেহদৰ পিতাৰ পৰা আমি স্বৰ্গৰ অপাৰ সুখ পাই আছোঁ। এই দুখৰ সকলো সম্বন্ধ শেষ হৈ যাব। সত্যযুগত হৈছে সুখৰ সম্বন্ধ। কলিযুগত হৈছে দুখৰ বন্ধন। পিতাই সুখৰ সম্বন্ধলৈ লৈ যায়। তেওঁক কোৱাই হয় - দুখ হৰ্তা, সুখ কৰ্তা। পিতা আহি সন্তানসকলৰ সেৱা কৰে। পিতাই কয় - মই বাধ্য সেৱক। তোমালোকে মোক আধাকল্প স্মৰণ কৰিছা, হে বাবা আহি আমাক অপাৰ সুখ দিয়া। এতিয়া মই দিবলৈ আহিছোঁ সেয়েহে আকৌ শ্ৰীমতত চলিব লাগে। এই মৃত্যুলোকৰ সকলোবোৰ এতিয়া নাশ হৈ যাব। অমৰলোক স্থাপন হয়। অমৰপুৰীলৈ যাবৰ বাবে অমৰনাথ বাবাৰ পৰা তোমালোকে অমৰকথা শুনা। তাততো কাৰো মৃত্যু নহয়। মুখেৰে কেতিয়াও এনেকৈ নকব যে অমুক মৰিল। আত্মাই কয় - মই এই জৰ্জৰিত শৰীৰ ত্যাগ কৰি নতুন লওঁ। সেয়াতো ভালেই হল নহয় জানো। তাত কোনো বেমাৰ আদি নাথাকে। মৃত্যুলোকৰ নাম নাই। মই আহিছোঁ তোমালোকক অমৰপুৰীৰ মালিক কৰি তুলিবলৈ। তাত যেতিয়া তোমালোকে ৰাজত্ব কৰিবা তেতিয়া মৃত্যুলোকৰ একোৱেই স্মৃতিলৈ নাহিব। অৱনমিত হৈ হৈ আমি কি হমগৈ, সেয়াও গম পোৱা নাযায়। নহলেতো সুখেই নাইকিয়া হৈ যাব। ইয়াততো তোমালোকে গোটেই চক্ৰ বুদ্ধিত ৰাখিব লাগে। যথাযথ স্বৰ্গ আছিল, এতিয়া নৰক সেইবাবেতো পিতাক আহ্বান কৰে। তোমালোক আত্মাসকল শান্তিধামৰ নিবাসী। ইয়ালৈ আহি ভূমিকা পালন কৰা। ইয়াৰ পৰা তোমালোক সংস্কাৰ লৈ ঘৰলৈ যাবা। পুনৰ তাৰ পৰা আহি নতুন শৰীৰ ধাৰণ কৰি ৰাজত্ব কৰিবা। এতিয়া তোমালোকক নিৰাকাৰী, আকাৰী আৰু সাকাৰী সৃষ্টিৰ খবৰ শুনাওঁ। সত্যযুগত জানো এইবোৰ গম পাবা। তাততো কেৱল ৰাজত্ব কৰিবা। নাটকখনক এতিয়া তোমালোকে জানা। তোমালোক আত্মাই জানা সত্যযুগৰ কাৰণে আমি পুৰুষাৰ্থ কৰি আছোঁ। স্বৰ্গলৈ যোৱাৰ যোগ্য নিশ্চয় হম। নিজৰো কল্যাণ আৰু আনৰো কল্যাণ কৰিম। পুনৰ তেওঁলোকৰ আশীৰ্বাদ তোমালোকৰ শিৰত আহি থাকিব। তোমালোকৰ পৰিকল্পনা চোৱা কেনেকুৱা। এই সময়ত সকলোৰে নিজৰ নিজৰ পৰিকল্পনা আছে। পিতাৰো পৰিকল্পনা আছে। তেওঁলোকে বান্ধ আদি নিৰ্মাণ কৰে গতিকে বিজুলী আদিৰ বাবে কিমান কোটি টকা খৰচ কৰে। পিতাই বুজায় - এতিয়া সেই সকলোবোৰ হৈছে আসুৰিক পৰিকল্পনা। আমাৰ হৈছে ঈশ্বৰীয় পৰিকল্পনা। এতিয়া কাৰ পৰিকল্পনাই বিজয় প্ৰাপ্ত কৰিব? তেওঁলোকেতো পৰস্পৰ যুদ্ধ কৰিবলৈ লাগি যাব। সকলোৰে পৰিকল্পনা মাটিত মিলি যাব। তেওঁলোকে কোনো স্বৰ্গৰ স্থাপনাতো নকৰে। তেওঁলোকে যি কৰে দুখৰ কাৰণে কৰে। পিতাৰতো পৰিকল্পনা হৈছে স্বৰ্গ গঢ়াৰ। নৰকবাসী মনুষ্যই নৰকতে থাকিবলৈ পৰিকল্পনা কৰে। বাবাৰ স্বৰ্গ গঢ়াৰ পৰিকল্পনা চলি আছে। তেন্তে তোমালোক কিমান আনন্দিত হব লাগে। গায়নো কৰা - তোমাৰ কৃপাতে অপাৰ সুখ পাওঁ। সেয়াতো পুৰুষাৰ্থ কৰি লব লাগে নহয় জানো। পিতাই কয় - যি বিচৰা সেয়া লৈ লোৱা। লাগিলে বিশ্বৰ মালিক ৰজা-ৰাণী হোৱা, লাগিলে আকৌ দাস-দাসী হোৱা। যিমান পুৰুষাৰ্থ কৰিবা। পিতাই কেৱল কয় এটাতো পৱিত্ৰ হোৱা আৰু প্ৰত্যেককে পিতাৰ পৰিচয় দি থাকা। অল্ফক (পিতাক) স্মৰণ কৰা তেতিয়া বে বাদশ্বাহী তোমালোকৰ। পিতাক স্মৰণ কৰাতেই মায়াই বহুত বিঘিনি আনে। বুদ্ধিযোগ চিঙি দিয়ে। পিতাই কয়, যিমান মোক স্মৰণ কৰিবা সিমান পাপ ভস্ম হব আৰু উচ্চ পদো পাবা সেইবাবে ভাৰতৰ প্ৰাচীন যোগ প্ৰসিদ্ধ। পিতাক মুক্তিদাতা বুলিও কোৱা হয়। 21 জন্মৰ বাবে পিতাই তোমালোকক দুখৰ পৰা মুক্ত কৰে। ভাৰতবাসী সুখধামত থাকিব, বাকী সকলো শান্তিধামত থাকিব। নিৰাকাৰী সৃষ্টি আৰু সাকাৰী সৃষ্টিৰ পৰিকল্পনা দেখুৱালে তৎক্ষণাৎ বুজি পাব অন্য ধৰ্মাৱলম্বীসকল স্বৰ্গলৈ যাব নোৱাৰে। স্বৰ্গততো থাকেই দেৱী-দেৱতাসকল। এই নাটকৰ জ্ঞান পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। সন্তানসকল আহেই পিতাৰ পৰা উত্তৰাধিকাৰ লবলৈ। অপাৰ সুখতো হয়েই সত্যযুগত। পাছত ৰাৱণ ৰাজ্য হয়। তাত হয় অপাৰ দুখ। এতিয়া তোমালোকে বুজি পোৱা বাবাই আমাক সঁচা সঁচা কথা (কাহিনী) শুনাই অমৰলোকলৈ যোৱাৰ যোগ্য কৰি তোলে। এতিয়া এনেকুৱা কৰ্ম কৰা সেইবাবেতো 21 জন্মৰ কাৰণে ধনৱান হৈ যোৱা। কয়ো, ধনৱান ভৱ, পুত্ৰৱান ভৱ তাত এক বালক, এক কন্যা তোমালোকৰ নিশ্চয় হব। আয়ুসমান ভৱ, তোমালোকৰ আয়ুসো 150 বছৰ হব। অকাল মৃত্যু কেতিয়াও নহয়। এয়া পিতাইহে বুজায়। তোমালোকে আধাকল্প মোক আহ্বান কৰি আহিছা। সন্ন্যাসীসকলে এনেকৈ কব জানো? তেওঁলোকে কি জানে! পিতাই কিমান মৰমেৰে বহি বুজায়। সন্তানসকল, এই এটা জন্ম যদি পাৱন হোৱা তেন্তে 21 জন্ম পাৱন সৃষ্টিৰ মালিক হবা। পৱিত্ৰতাততো সুখ আছে নহয় জানো। তোমালোক পৱিত্ৰ দৈৱী ধৰ্মৰ আছিলা। এতিয়া অপৱিত্ৰ হৈ দুখলৈ আহিছা। স্বৰ্গত নিৰ্বিকাৰী আছিলা, এতিয়া বিকাৰী হোৱাৰ বাবে নৰকত দুখী হৈছা। পিতাইতো পুৰুষাৰ্থ কৰাব নহয় জানো। স্বৰ্গৰ মহাৰজা-মহাৰাণী হোৱা। তোমালোকৰ বাবা-মম্মা (স্বৰ্গৰ মহাৰজা-মহাৰাণী) হয় নহয় গতিকে তোমালোকেও পুৰুষাৰ্থ কৰা, এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কোনো কথা নাই। পিতাইতো কাকো ভৰিত পৰিবলৈও নিদিয়ে।

পিতাই বুজায় - মই তোমালোকক সোণ হীৰাৰ মহল দিলোঁ। স্বৰ্গৰ মালিক কৰিলোঁ। পুনৰ আধাকল্প তোমালোকে ভক্তি মাৰ্গত মূৰ দোৱাই আহিলা, পইচাও দি আহিলা। সেই সোণ হীৰাৰ মহল সকলোবোৰ কলৈ গল? তোমালোক স্বৰ্গৰ পৰা অৱনমিত হৈ হৈ নৰকত আহি পৰি আছা। এতিয়া তোমালোকক পুনৰ স্বৰ্গলৈ লৈ যাওঁ। তোমালোকক কোনো কষ্ট নিদিওঁ। কেৱল মোক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা। লাগিলে এক পইচাও নিদিবা। খোৱা-বোৱা কৰা, পঢ়া, সজীৱ হৈ গুচি যোৱা। বাবাইতো কেৱল পঢ়ায়। পঢ়োৱাৰ পইচা (মাননী) একো নলয়। কয় - বাবা আমি নিশ্চয় দিম, নহ'লে তাত মহল আদি কেনেকৈ পাম। ভক্তি মাৰ্গতো তোমালোকে ঈশ্বৰৰ অৰ্থে গৰিবক দান দিয়া, ফলো ঈশ্বৰে দিব। গৰিবে দিব জানো। কিন্তু সেয়া এটা জন্মৰ বাবে পোৱা যায়। এতিয়াতো বাবা আপুনি পোনপটীয়াকৈ আহিছে। আমি ইয়াত অলপ পইচা দিওঁ, আপুনি আমাক 21 জন্মৰ বাবে স্বৰ্গত দিব। পিতাই সকলোকে ধনবান কৰি তোলে। পইচা দিলে তেতিয়া তোমালোকৰেই থকাৰ বাবে ঘৰ আদি নিৰ্মাণ কৰি দিয়ে। নহ'লে এই সকলোবোৰ কেনেকৈ তৈয়াৰ হ'ব। সন্তানসকলেই এই ঘৰ আদি নিৰ্মাণ কৰে নহয় জানো। শিৱবাবাই কয় - মইতো এইবোৰত নাথাকোঁ। শিৱবাবাতো নিৰাকাৰ দাতা নহয় জানো। তোমালোকে দিয়া তোমালোকক 21 জন্মৰ বাবে ফল দিয়ে। মইতো তোমালোকৰ স্বৰ্গলৈও নাহোঁ। মই নৰকলৈ আহিবলগীয়া হয়, তোমালোকক নৰকৰ পৰা উদ্ধাৰ কৰিবলৈ। তোমালোকৰ গুৰুসকলেতো আৰুহে দলনিত আবদ্ধ কৰি দিয়ে। তেওঁলোকে কোনো সৎগতি নিদিয়ে। এতিয়া পিতা আহিছে পৱিত্ৰ সৃষ্টিলৈ লৈ যাবলৈ আকৌ এনেহেন পিতাক কিয় স্মৰণ নকৰা। পিতাই কয় পইচা একোৱে নিদিবা কেৱল মোক স্মৰণ কৰিলে পাপ নাশ হ'ব আৰু মোৰ ওচৰলৈ আহি যাবা। এই ঘৰ আদি তোমালোক সন্তানসকলে নিজৰ কাৰণেই নিৰ্মাণ কৰিছা। ইয়াত চাউল মুঠিৰ গায়ন আছে নহয় জানো। গৰিবসকলে নিজৰ সমৰ্থ অনুযায়ী যিমান দিয়ে তেওঁলোকৰো সিমানেই (চহকীৰ সমানেই) জমা হয়। যিমান চহকীৰ পদ গৰিবৰো সিমানেই। দুয়োৰে একে হৈ যায়। গৰিবৰ তাত আছেই 100 টকা তাৰে এটকা দিয়ে, চহকীৰ বহুত আছে সেয়েহে তেওঁ 100 টকা দিয়ে, দুয়োৰে ফল একেই হ'ব, সেইবাবে পিতাক গৰিবৰ ত্ৰাণকৰ্তা বুলি কোৱা হয়। সকলোতকৈ গৰিব হৈছে ভাৰত। ইয়াকেই মই আহি চহকী কৰি তোলোঁ। গৰিবকেই দান দিয়া হয়, নহয় জানো। বাবাই কিমান স্পষ্টকৈ বুজায়। সন্তানসকল এতিয়া মৃত্যু সন্মুখত থিয় হৈ আছে, এতিয়া সোনকাল কৰা। স্মৃতিৰ গতি বঢ়োৱা। আটাইতকৈ মিঠা বাবাক যিমান স্মৰণ কৰিবা সিমান উত্তৰাধিকাৰ পাবা। তোমালোক বহুত চহকী হ'বা। পিতাই তোমালোকক এনেকৈ নকয় যে নতশিৰ হোৱা। মেলা উৎসৱলৈ যোৱা। নহয়। ঘৰত বহি পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। বচ্‌। পিতা হৈছে বিন্দু। তেওঁক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। সৰ্বোচ্চ আত্মা, সকলোতকৈ উচ্চৰো উচ্চ। পিতাই কয় - ময়ো বিন্দু, তোমালোকো বিন্দু। কেৱল ভক্তি মাৰ্গৰ বাবে মোৰ ডাঙৰ ৰূপ সজাই ৰাখিছে। নহলেনো বিন্দুৰ পূজা কেনেকৈ কৰিব। তেওঁক কোৱাও হয় শিৱবাবা। কোনে কলে? এতিয়া তোমালোকে কোৱা যে শিৱবাবাই আমাক উত্তৰাধিকাৰ দি আছে। আচৰিত নহয় জানো। 84ৰ চক্ৰ ঘূৰি থাকে। অনেক বাৰ তোমালোকে উত্তৰাধিকাৰ লৈছা আৰু লৈয়ে থাকিবা। কিমান ভাল ৰীতিৰে পিতাই বহি বুজায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মৃত্যু সন্মুখত থিয় হৈ আছে সেইবাবে এতিয়া স্মৃতিৰ গতি বঢ়াব লাগে। সত্যযুগী সৃষ্টিত উচ্চ পদ পাবৰ বাবে পূৰা পুৰুষাৰ্থ কৰিব লাগে।

(2) নিজৰ আৰু আনৰ কল্যাণ কৰি আশীৰ্বাদ লব লাগে। পৱিত্ৰ সৃষ্টিলৈ যাবৰ বাবে পৱিত্ৰ নিশ্চয় হ'ব লাগে।

বৰদান:
নতুন জীৱনৰ স্মৃতিৰে কৰ্মেন্দ্ৰিয়সমুহৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা জীৱন্তে মৃত হোৱা

যিসকল সন্তান পূৰা জীৱন্তে মৰি গৈছে তেওঁলোকৰ কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণ থাকিব নোৱাৰে। জীৱন্তে মৰি গল অৰ্থাৎ সকলো ফালৰ পৰা মৰি গল, পুৰণা আয়ুস সমাপ্ত হ'ল। যিহেতু নতুন জন্ম হ'ল, গতিকে নতুন জন্ম, নতুন জীৱনত কৰ্মেন্দ্ৰিয়ৰ বশৱৰ্তী কেনেকৈ হ'ব পাৰে। ব্ৰহ্মাকুমাৰ-কুমাৰীৰ নতুন জীৱনত কৰ্মেন্দ্ৰিয়ৰ বশৱৰ্তী হোৱাতো কি বস্তু হয় - এইটো জ্ঞানৰ পৰাও অজ্ঞ (উপৰাম)। শূদ্ৰ বোধৰ অলপো শ্বাস অৰ্থাৎ সংস্কাৰ কতো যাতে বান্ধ খাই নাথাকে।

স্লোগান:
অমৃতবেলা অন্তৰত পৰমাত্মাৰ স্নেহ সমাহিত কৰি লোৱা তেতিয়া অন্য কোনো স্নেহে আকৰ্ষিত কৰিব নোৱাৰে।