09.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকৰ স্মৰণ বহুত বিস্ময়কৰ কিয়নো তোমালোকে একেলগে পিতা, শিক্ষক আৰু সত্গুৰু তিনিওজনকে স্মৰণ কৰা

প্ৰশ্ন:
কোনো সন্তানক মায়াই যেতিয়া দাম্ভিক কৰি তোলে তেতিয়া কোনটো কথাক ডণ্ট কেয়ৰ (অনাদৰ) কৰে?

উত্তৰ:
দাম্ভিক সন্তান দেহ-অভিমানত আহি মুৰুলীক ডণ্ট কেয়ৰ (অনাদৰ) কৰে, কথিত আছে - নিগনিয়ে এটুকুৰা হালধী পালে, এনেকৈ বুজি ললে মই বেপাৰী হওঁ। বহুত সন্তান আছে যিয়ে মুৰুলী নপঢ়ে, কৈ দিয়ে আমাৰতো ডাইৰেক্ট (পোনপটীয়াকৈ) শিৱবাবাৰ লগত কানেক্শ্বন (সংযোগ) আছে। বাবাই কয় - সন্তানসকল মুৰুলীত নতুন-নতুন কথা ওলায় সেই কাৰণে মুৰুলী কেতিয়াও খতি কৰিব নালাগে, ইয়াৰ প্ৰতি যাতে বহুত মনোযোগ থাকে।

ওঁম্শান্তি।
অতি মৰমৰ সন্তানসকলক আত্মিক পিতাই সোধে - ইয়াত তোমালোক কাৰ স্মৃতিত বহি আছা? (পিতা, শিক্ষক, সত্গুৰুৰ) সকলোৱে এই তিনিওজনৰ স্মৃতিত বহি আছানে? প্ৰত্যেকেই নিজকে সোধা কেৱল ইয়াত বহা সময়তহে স্মৃতি থাকে নে চলা-ফুৰা কৰোতেও স্মৃতি থাকে? কিয়নো এয়া হৈছে বিস্ময়কৰ কথা। আন কোনো আত্মাক কেতিয়াও এনেকৈ কোৱা নহয়। যদিও এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক হয় কিন্তু তেওঁলোকৰ আত্মাক কেতিয়াও এনেকৈ কোৱা নহয় যে এওঁ পিতাও হয়, শিক্ষকো হয় আৰু সত্গুৰুও হয়। আচলতে গোটেই সৃষ্টিত যি জীৱ আত্মা আছে, কোনো আত্মাকে এনেকৈ কোৱা নহয়। তোমালোক সন্তানসকলেহে এনেকৈ স্মৰণ কৰা। অন্তৰত উপলব্ধি হয় যে এই বাবা, বাবাও হয় শিক্ষকো হয়, সত্গুৰুও হয়। সেয়াও আকৌ চুপ্ৰিম। তিনিওজনকে স্মৰণ কৰা নে এজনক কৰা? যদিও তেওঁ এজনে হয় কিন্তু তিনিওটা গুণেৰে স্মৰণ কৰা হয়। শিৱবাবা আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু সত্গুৰুও হয়। ইয়াক এক্সট্ৰা অৰ্ডিনাৰি (অসাধাৰণ) বুলি কোৱা হয়। যেতিয়া বহি থাকা অথবা চলা-ফুৰা কৰি থাকা তেতিয়া এইটো স্মৃতিত থকা উচিত। বাবাই সোধে - এনেকৈ স্মৰণ কৰানে যে এওঁ মোৰ পিতা, শিক্ষক আৰু সত্গুৰুও হয়। এনেকুৱা কোনো দেহধাৰী থাকিব নোৱাৰে। এক নম্বৰ দেহধাৰী হল কৃষ্ণ, তেওঁক পিতা, শিক্ষক, সৎগুৰু বুলি কব নোৱাৰি, এয়া একেবাৰে বিস্ময়কৰ কথা। গতিকে সঁচা কথা কব লাগে তিনিওটি ৰূপতে স্মৰণ কৰানে? ভোজনত বহিলে তেতিয়া কেৱল শিৱবাবাক স্মৰণ কৰা নে তিনিওজনেই স্মৃতিলৈ আহে? অন্য কোনো আত্মাকে এনেকৈ কব নোৱাৰি। এয়া হৈছে বিস্ময়কৰ কথা। বিচিত্ৰ মহিমা হৈছে পিতাৰ। সেয়েহে পিতাক স্মৰণো এনেকৈ কৰিব লাগে। তেতিয়া বুদ্ধি একেবাৰে তেওঁৰ ফালে গুচি যাব যিজন এনেকুৱা বিস্ময়কৰ হয়। পিতাইহে বহি নিজৰ পৰিচয় দিয়ে আকৌ গোটেই চক্ৰৰো জ্ঞান দিয়ে। এই যুগবোৰ এনেকুৱা হয়, ইমান-ইমান বছৰ আছে যি ঘুৰি থাকে। এই জ্ঞানো সেই ৰচিয়তা পিতাইহে দিয়ে। গতিকে তেতিয়া তেওঁক স্মৰণ কৰিবলৈ বহুত সহায়ক হব। পিতা, শিক্ষক, গুৰু তেওঁ এজনেই। ইমান উচ্চ আত্মা আৰু কোনো হব নোৱাৰে। কিন্তু মায়াই এনেকুৱা পিতাৰ স্মৃতিও পাহৰাই দিয়ে তেতিয়া শিক্ষক আৰু গুৰুকো পাহৰি যায়। এইটো প্ৰত্যেকেই নিজৰ নিজৰ অন্তৰেৰে উপলব্ধি কৰিব লাগে যে বাবাই আমাক এনেকুৱা বিশ্বৰ মালিক কৰি তুলিব। বেহদৰ পিতাৰ উত্তৰাধিকাৰ নিশ্চয় বেহদৰে হয়। লগতে এই মহিমাও বুদ্ধিত আহিব লাগে, চলা-ফুৰা কৰোতে তিনিওজনেই স্মৃতিত থাকিব লাগে। এই এটি আত্মাৰ তিনিওটা সেৱা একত্ৰিত হৈ আছে সেই কাৰণে তেওঁক চুপ্ৰিম (পৰম) বুলি কোৱা হয়।

এতিয়া কনফাৰেন্স (আলোচনা চক্ৰ) আদি আয়োজন কৰে, এনেকৈ কয় - বিশ্বত শান্তি কেনেকৈ হব? সেয়াটো এতিয়া হৈ আছে, আহি লৈ বুজা। কোনে কৰি আছে? তোমালোকে পিতাৰ অক্যুপেশ্বন (কৰ্তব্য) সিদ্ধ কৰি শুনাব লাগে। পিতাৰ অক্যুপেশ্বন আৰু কৃষ্ণৰ অক্যুপেশ্বনৰ মাজত বহুত পাৰ্থক্য আছে। বাকী সকলোৰে শৰীৰৰে নাম লোৱা হয়। তেওঁৰ আত্মাৰ নাম গায়ন কৰা হয়। সেই আত্মাটি পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। আত্মাত জ্ঞান আছে কিন্তু সেয়া কেনেকৈ দিব? শৰীৰৰ দ্বাৰাই নিদিব জানো। যেতিয়া দিয়ে তেতিয়াহে তেওঁৰ মহিমা গোৱা হয়। এতিয়া শিৱ জয়ন্তীত সন্তানসকলে কনফাৰেন্স কৰে। সকলো ধৰ্মৰ নেতাসকলক নিমন্ত্ৰণ দিয়ে। তোমালোকে বুজাব লাগে যে ঈশ্বৰ সৰ্বব্যাপিতো নহয়। যদি সকলোৰে মাজত ঈশ্বৰ আছে তেন্তে কি প্ৰতিটো আত্মা ভগৱান পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়! এনেকৈ কোৱা - সৃষ্টিৰ আদি, মধ্য, অন্তৰ জ্ঞান আছেনে? এয়াতো কোনেও শুনাব নোৱাৰে।

তোমালোক সন্তানসকলৰ অন্তৰত উদয় হব লাগে যে উচ্চতকৈ উচ্চ পিতাৰ কিমান মহিমা আছে। তেওঁ হৈছে গোটেই বিশ্বক পবিত্ৰ কৰি তোলোঁতা। প্ৰকৃতিও পাৱন হৈ যায়। কনফাৰেন্সত প্ৰথমেতো তোমালোকে এই বুলি সুধিবা যে গীতাৰ ভগৱান কোন? সত্যযুগী দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰোঁতা কোন? যদি কৃষ্ণ বুলি কয় তেন্তে পিতাক লুকুৱাই দিব নহলে কৈ দিব তেওঁ নাম ৰূপৰ পৰা উপৰাম। যেন নায়েই। গতিকে পিতা অবিহনে মাউৰা নহল জানো। বেহদৰ পিতাকেই নাজানে। এজনে আনজনৰ ওপৰত কাম কটাৰী চলাই কিমান বিৰক্ত কৰে। এজনে আনজনক দুখ দিয়ে। গতিকে এই সকলো কথা তোমালোকৰ বুদ্ধিত উদয় হব লাগে। কনট্ৰাষ্ট (পাৰ্থক্য) উলিয়াব লাগে এই লক্ষ্মী-নাৰায়ণ ভগৱান-ভগৱতী নহয় জানো, এওঁলোকৰো বংশাৱলী নাই জানো। তেন্তে নিশ্চয় সকলো এনেকুৱা গড্‌-গডেজ্‌ (ভগৱান-ভগৱতী) হোৱা উচিত। সেয়েহে তোমালোকে সকলো ধৰ্মাৱলম্বীৰ লোকক আমন্ত্ৰণ কৰা। যিসকলে ভালকৈ পঢ়া-লিখা জানে, পিতাৰ পৰিচয় দিব পাৰে, তেওঁলোককহে আমন্ত্ৰণ কৰিব লাগে। তোমালোকে লিখিব পাৰা যে যিসকলে ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ পৰিচয় দিব তেওঁলোকৰ বাবে আমি অহা-যোৱা, থকাৰ সকলো ব্যৱস্থা কৰিম - যদিহে ৰচয়িতা আৰু ৰচনাৰ পৰিচয় দিয়া তেতিয়াহে। এইটোতো জানে যে কোনেও এই জ্ঞান দিব নোৱাৰে। যদি কোনোবা বিদেশৰ পৰা আহে, ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ পৰিচয় দিয়ে তেতিয়া আমি খৰচ বহন কৰিম। এনেকুৱা এডভাৰটাইজ্‌ (বিজ্ঞাপন) অন্য কোনেও দিব নোৱাৰে। তোমালোকতো বাহাদুৰ নোহোৱা জানো। মহাবীৰ-মহাবীৰঙ্গনা হোৱা। তোমালোকে জানা যে এওঁলোকে (লক্ষ্মী-নাৰায়ণে) বিশ্বৰ বাদশ্বাহী কেনেকৈ ললে? কোনটো বাহাদুৰী কৰিলে? বুদ্ধিত এই সকলো কথা উদয় হব লাগে। তোমালোকে কিমান উচ্চ কাৰ্য কৰি আছা। গোটেই বিশ্বক পাৱন কৰি আছা। গতিকে পিতাক স্মৰণ কৰিব লাগে, উত্তৰাধিকাৰো স্মৃতিলৈ আনিব লাগে। কেৱল এনেকুৱা নহয় যে শিৱবাবা স্মৃতিত আছে। কিন্তু তেওঁৰ মহিমাও শুনাব লাগে। এই মহিমা হৈছেই নিৰাকাৰৰ। কিন্তু নিৰাকাৰে নিজৰ পৰিচয় কেনেকৈ দিব? নিশ্চয় ৰচনাৰ আদি, মধ্য, অন্তৰ জ্ঞান দিবলৈ মুখ নালাগিব জানো। মুখৰ কিমান মহিমা আছে। মনুষ্যই গোমুখলৈ যায়, কিমান হাবাথুৰি খায়। কি-কি যে কথা ৰচি দিলে। কাঁড় মাৰিলে গংগা ওলাই আহিল। গংগাক পতিত-পাৱনী বুলি বুজি লয়। এতিয়া পানীয়ে কেনেকৈ পতিতৰ পৰা পাৱন কৰিব পাৰে। পতিত-পাৱনতো পিতাহে হয়। গতিকে পিতাই তোমালোক সন্তানসকলক কিমান শিকাই থাকে। পিতাইতো কয় - এনেকুৱা এনেকুৱা কৰা। কোনে আহি ৰচিয়তা পিতা আৰু ৰচনাৰ পৰিচয় দিব। সাধু-সন্ন্যাসী আদিয়ে এয়াও জানে যে ঋষি মুনি আদি সকলোৱে কৈছিল - নেতী-নেতী, আমি নাজানো অৰ্থাৎ নাস্তিক আছিল। এতিয়া চোৱা কোনোবা আস্তিক আছেনে? এতিয়া তোমালোক সন্তানসকল নাস্তিকৰ পৰা আস্তিক হৈ আছা। তোমালোকে বেহদৰ পিতাক জানিলা যিয়ে তোমালোকক ইমান উচ্চ কৰি তোলে। আহ্বানো কৰে - অ গড্‌ ফাদাৰ, লিবাৰেট কৰা (মুক্তি দিয়া)। পিতাই বুজায়, এই সময়ত গোটেই বিশ্বত ৰাৱণৰ ৰাজ্য। সকলো ভ্ৰষ্টাচাৰী পুনৰ শ্ৰেষ্ঠাচাৰীও হবগৈ। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে প্ৰথমে-প্ৰথমে পবিত্ৰ সৃষ্টি আছিল। পিতাই জানো অপবিত্ৰ সৃষ্টি ৰচনা কৰিব। পিতাতো আহি পাৱন সৃষ্টি স্থাপনা কৰে, যাক শিৱালয় বুলি কোৱা হয়। শিৱবাবাই শিৱালয়ে গঢ়িব নহয় জানো। তেওঁ কেনেকৈ শিৱালয় গঢ়ি তোলে সেয়াও তোমালোকে জানা। মহাপ্ৰলয়, জলময় আদিতো নহয়। শাস্ত্ৰততো কি-কি লিখা আছে। বাকী 5 পাণ্ডৱ ৰক্ষা পৰিল যি হিমালয় পৰ্বতত গৈ গলি গল, তাৰ পাছৰ ফলাফলৰ বিষয়ে কোনেও নাজানে। এই সকলো কথা পিতাই বহি বুজায়। এয়াও তোমালোকেহে জানা সেই পিতা, পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। তাততো এই মন্দিৰ নাথাকে। এই দেৱতাসকল হৈ গৈছে, যাৰ স্মাৰক মন্দিৰ ইয়াত আছে। এই সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। প্ৰতি চেকেণ্ডত নতুন কথা হৈ থাকে, চক্ৰ ঘুৰি থাকে। এতিয়া পিতাই সন্তানসকলক ডাইৰেকশ্বনতো (নিৰ্দেশনাতো) বহুত ভালকৈ দিয়ে। বহুত দেহ-অভিমানী সন্তান আছে যিসকলে ভাবে যে আমিতো সকলো জানি গলো। মুৰুলীও নপঢ়ে। মুৰুলীক আদৰেই নকৰে। বাবাই টানি অনুৰোধ কৰে, কোনোবা-কোনোবা সময়ত বহুত ভাল মুৰুলী শুনায়। খতি কৰিব নালাগে। 10-15 দিনৰ মুৰুলী যদি খতি হয় সেয়া বহি পঢ়িব লাগে। এয়াও পিতাই কয় যে এনেকৈ-এনেকৈ চেলেঞ্জ কৰা (প্ৰত্যাহ্বান জনোৱা) এই ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ জ্ঞান যদি কোনোবাই আহি দিয়ে তেন্তে আমি তেওঁৰ খৰচ আদি সকলো বহন কৰিম। এনেকুৱা প্ৰত্যাহ্বানতো যিয়ে জানিব তেওঁহে জনাব নহয় জানো। শিক্ষকে নিজেও জানে সেইবাবেতো সোধে নহয় জানো। নজনাকৈ কেনেকৈ সুধিব।

কোনো-কোনো সন্তানে মুৰুলীকো ডণ্ট কেয়ৰ (অনাদৰ) কৰে। এনেকৈ ভাবে যে মোৰতো শিৱবাবাৰ লগতহে কানেকশ্বন (সম্বন্ধ)। কিন্তু শিৱবাবাই যি শুনায় সেয়াও শুনিব নালাগে জানো নে কেৱল তেওঁক স্মৰণ কৰিব লাগে। পিতাই কেনেকৈ ভাল-ভাল মিঠা-মিঠা কথা শুনায়। কিন্তু মায়াই একেবাৰে দাম্ভিক কৰি তোলে। কথিত আছে নহয় - নিগনিয়ে এটুকুৰা হালধী পালে, এনেকৈ বুজি ললে মই বেপাৰী হওঁ। বহুত আছে যিয়ে মুৰুলী নপঢ়েই। মুৰুলীত নতুন-নতুন কথা ওলাই থাকে গতিকে এই সকলোবোৰ বুজিবলগীয়া কথা। যেতিয়া পিতাৰ স্মৃতিত বহা তেতিয়া এয়াও স্মৃতিলৈ আনিব লাগে যে তেওঁ পিতা, শিক্ষকো হয় আৰু সৎগুৰুও হয়। নহলে পঢ়িম কৰ পৰা। পিতাইতো সন্তানসকলক সকলো বুজাই দিছে। সন্তানেই পিতাক প্ৰত্যক্ষ কৰাব। চান শ্বজ ফাদাৰ। সন্তানক আকৌ পিতাই প্ৰত্যক্ষ কৰায়। আত্মাক প্ৰত্যক্ষ কৰায়। আকৌ সন্তানসকলৰ কাম হৈছে পিতাক প্ৰত্যক্ষ কৰোৱা। পিতাইও সন্তানসকলক এৰি নিদিয়ে, কব আজি অমুক ঠাইলৈ যোৱা, আজি ইয়ালৈ যোৱা। তেওঁক নিৰ্দেশ দিওঁতা জানো কোনোবা থাকিব। গতিকে এই নিমন্ত্ৰণ আদি বাতৰি কাকত প্ৰকাশ হব। এই সময়ত গোটেই বিশ্বখনেই নাস্তিক। পিতাহে আহি আস্তিক কৰি তোলে। এই সময়ত গোটেই সৃষ্টিখনেই হৈছে ৱৰ্থ নট এ পেনী (একেবাৰে মূল্যহীন)। যদিও আমেৰিকাৰ ওচৰত বহুত ধন-সম্পত্তি আছে কিন্তু সেয়া ৱৰ্থ নট এ পেনী। এয়াতো সকলো শেষ হৈ যাব নহয় জানো। গোটেই সৃষ্টিত তোমালোকে ৱৰ্থ পাউণ্ড (বহুত মূল্যৱান) হৈ আছা। তাত কোনো কঙাল নাথাকিব।

তোমালোক সন্তানসকলে সদায় জ্ঞান মন্থন কৰি হৰ্ষিত হৈ থাকিব লাগে। ইয়াৰ বাবেই গায়ন আছে- অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীসকলক সোধা। এয়া সংগমৰে কথা। সংগমযুগক কোনেও নাজানে। বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰে) সেৱা কৰিলে হয়তো মহিমা হব। গায়নো আছে - অহ প্ৰভূ তোমাৰ লীলা। এইটো কোনেও নাজানিছিল যে ভগৱান পিতা, শিক্ষক, সৎগুৰুও হয়। এতিয়া পিতাইতো সন্তানসকলক শিকাই থাকে। সন্তানসকলৰ এইটো নিচা স্থায়ী হৈ থাকিব লাগে। অন্তিম সময়লৈকে নিচা থাকিব লাগে। এতিয়াতো নিচা তৎক্ষণাৎ চডা ৱাটাৰ (চডা পানী; খন্তেকীয়া নিচা) হৈ যায়। চডাও এনেকুৱা নহয় জানো। অলপ সময় ৰাখিলে নিমখীয়া পানী হৈ পৰে। এনেকুৱাতো হব নালাগে। কাৰোবাক এনেকৈ বুজোৱা যাতে তেওঁ আচম্বিত হৈ যায়। ভাল-ভাল বুলি কয়ো কিন্তু তেওঁলোকে সময় উলিয়াই বুজিব, জীৱন গঢ়ি তুলিব সেয়া কাচিৎহে হয়। বাবাই বাধা নিদিয়ে যে পেচাগত কাম-কাজ আদি নকৰিবা। পবিত্ৰ হোৱা আৰু যি পঢ়াও সেয়া স্মৃতিত ৰাখা। এওঁ শিক্ষক নহয় জানো। আৰু এই পঢ়া হৈছে অসাধাৰণ। কোনো মনুষ্যই পঢ়াব নোৱাৰে। পিতাইহে ভাগ্যশালী ৰথত আহি পঢ়ায়। পিতাই বুজাইছে - এয়া হৈছে তোমালোকৰ আসন যত অকাল মূৰ্ত আত্মা আহি বহে। আত্মাই এই সকলো ভূমিকা প্ৰাপ্ত কৰিছে। এতিয়া তোমালোকে বুজি পোৱা যে এয়াটো হৈছে ৰিয়েল (সত্য) কথা। বাকী এই সকলোবোৰ আৰ্টিফিচেল (কৃত্ৰিম, মনুষ্য ৰচিত) কথা। এয়া ভাল ৰীতিৰে ধাৰণা কৰি গাঠি বান্ধি লোৱা। তেতিয়া হাত লাগিলেই স্মৃতিলৈ আহি যাব। কিন্তু গাঠি কিয় বান্ধিলো, সেয়াও পাহৰি যায়। তোমালোকেতো এয়া দৃঢ়ভাৱে স্মৰণ কৰিব লাগে। পিতাৰ স্মৃতিৰ লগতে জ্ঞানো থকা উচিত। মুক্তিও আছে তেন্তে জীৱন মুক্তিও আছে। বহুত মিঠা-মিঠা সন্তান হৈ উঠা। বাবাই অন্তৰৰে বুজি পায় যে কল্প-কল্প এই সন্তানসকলে পঢ়ি থাকে। পুৰুষাৰ্থৰ ক্ৰম অনুসৰিয়ে উত্তৰাধিকাৰ লব। তথাপিও পঢ়োৱা শিক্ষকে পুৰুষাৰ্থতো কৰাবই নহয় জানো। তোমালোকে বাৰে-বাৰে পাহৰি যোৱা সেই কাৰণে সোঁৱৰাই দিয়া হয়। শিৱবাবাক স্মৰণ কৰা। তেখেত পিতা, শিক্ষক, সৎগুৰুও হয়। সৰু সন্তানে এনেকৈ স্মৰণ নকৰে। কৃষ্ণৰ কাৰণে জানো এনেকৈ কব যে তেওঁ পিতা, শিক্ষক, সৎগুৰু হয়। সত্যযুগৰ ৰাজকুমাৰ শ্ৰীকৃষ্ণ তেওঁ আকৌ গুৰু কেনেকৈ হব। গুৰুৰ আৱশ্যক হয় দুৰ্গতিত। গায়নো আছে - পিতাই আহি সকলোৰে সৎগতি কৰে। কৃষ্ণকতো এনেকৈ শ্যাম বৰণীয়া কৰি দিয়ে যেন কলা কয়লাহে। পিতাই কয় - এই সময়ত সকলো কাম চিতাত উঠি কয়লাৰ দৰে কলা হৈ পৰিছে সেই কাৰণে শ্যাম বৰণীয়া বুলি কোৱা হয়। এয়া বুজিবলগীয়া কিমান গূঢ় কথা। গীতাতো সকলোৱে পঢ়ে। একমাত্ৰ ভাৰতবাসীয়েই আছে যিয়ে সকলো শাস্ত্ৰকে মানে। সকলোৰে চিত্ৰ ৰাখে। তেন্তে তেওঁলোকক কি বুলি কোৱা হব? ব্যভিচাৰী ভক্তি নহল জানো। অব্যভিচাৰী ভক্তি এজন শিৱৰে। জ্ঞানো এজন শিৱবাবাৰ পৰাই পোৱা যায়। এই জ্ঞানেই হৈছে ডিফাৰেণ্ট (ভিন্ন), ইয়াক স্প্ৰিৰিচুৱেল নলেজ (আধ্যাত্মিক জ্ঞান) বুলি কোৱা হয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিনাশী নিচা ত্যাগ কৰি অলৌকিক নিচাত থাকিব লাগে যে মই এতিয়া ৱৰ্থ নট এ পেনীৰ (মূল্যহীনৰ) পৰা ৱৰ্থ পাওণ্ড হৈ আছোঁ। স্বয়ং ভগৱানে আমাক পঢ়ায়, আমাৰ পঢ়া অসাধাৰণ।

(2) আস্তিক হৈ পিতাক প্ৰত্যক্ষ কৰোৱাৰ সেৱা কৰিব লাগে। কেতিয়াও দাম্ভিক হৈ মুৰুলী খতি কৰিব নালাগে।

বৰদান:
প্ৰত্যেক খোজতে বৰদাতাৰ পৰা বৰদান প্ৰাপ্ত কৰি পৰিশ্ৰমৰ পৰা মুক্ত হৈ থাকোঁতা অধিকাৰী আত্মা হোৱা

যি হয়েই বৰদাতাৰ সন্তান তেওঁৰ প্ৰত্যেক খোজতে বৰদাতাৰ পৰা বৰদান স্বতঃ প্ৰাপ্ত হয়। বৰদানেই তেওঁলোকৰ পালনা হয়। বৰদানৰ পালনাৰেই পালিত হয়। পৰিশ্ৰম নকৰাকৈ ইমান শ্ৰেষ্ঠ প্ৰাপ্তি হোৱা ইয়াকে বৰদান বুলি কোৱা হয়। সেয়েহে জন্ম-জন্ম প্ৰাপ্তিৰ অধিকাৰী হৈ গলা। প্ৰত্যেক খোজতে বৰদাতাৰ বৰদান প্ৰাপ্ত হৈ আছে আৰু সদায় প্ৰাপ্ত হৈ থাকিব। অধিকাৰী আত্মাৰ বাবে দৃষ্টিৰে, বাণীৰে, সম্বন্ধৰে বৰদানেই বৰদান।
 

স্লোগান:
সময়ৰ তীব্ৰতা অনুসাৰে পুৰুষাৰ্থৰ গতি তীব্ৰ কৰা।