09.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোকৰ এই সময় বহুত বহুত মূল্যৱান, সেয়েহে ইয়াক ব্যৰ্থত অপচয় নকৰিবা, পাত্ৰ চাই জ্ঞান দান কৰিবা

প্ৰশ্ন:
গুণৰো ধাৰণ হৈ থাকক আৰু চলনৰো শুধৰণি হৈ থাকক ইয়াৰ সহজ বিধি কি?

উত্তৰ:
বাবাই যি বুজাইছে সেয়া আনকো বুজোৱা। জ্ঞান ধন দান কৰা তেতিয়া গুণৰ ধাৰণাও সহজে হৈ থাকিব, চলনৰো শুধৰণি হৈ থাকিব। যাৰ বুদ্ধিত এই জ্ঞান ধাৰণ নহয়, জ্ঞান ধনৰ দান নকৰে, তেওঁলোক হৈছে কৃপন। তেওঁলোকে অনাহকতে নিজৰ লোকচান কৰে।

গীত:
বচপন কে দিন ভূলা ন দেনা.. (শৈশৱৰ দিনবোৰ পাহৰি নাযাবা..)

ওঁম্শান্তি।
মৰমৰ সন্তানসকলে গীতটি শুনিলা। অৰ্থতো ভালদৰে বুজিলা। আমি আত্মা হওঁ আৰু বেহদৰ পিতাৰ সন্তান হওঁ - এইটো পাহৰি নাযাবা। এতিয়াই পিতাৰ স্মৃতিত হৰ্ষিত হোৱা, এতিয়াই আকৌ স্মৃতি পাহৰি যোৱা বাবে দুখী হৈ যোৱা। এতিয়াই জী উঠা, এতিয়াই মৰি যোৱা অৰ্থাৎ এতিয়াই বেহদৰ পিতা হৈ যোৱা, এতিয়াই আকৌ লৌকিক পৰিয়ালৰ ফালে গুচি যোৱা। সেয়েহে পিতাই কয় - আজি হাঁহিছা কাইলৈ নাকান্দিবা। এয়া হৈছে গীতটিৰ অৰ্থ।

তোমালোক সন্তানসকলে জানা - মনুষ্যই বিশেষকৈ শান্তিৰ কাৰণেই হাবাথুৰি খায়। তীৰ্থ যাত্রাত যায়। এনেকুৱা নহয় যে হাবাথুৰি খাই শান্তি পায়। এয়া এটাই সংগমযুগ যেতিয়া পিতা আহি বুজায়। প্ৰথমতেতো নিজক চিনি লোৱা। আত্মা হয়েই শান্ত স্বৰূপ। থকা স্থানো হৈছে শান্তিধাম। ইয়ালৈ আহিলে কৰ্ম নিশ্চয় কৰিবলগীয়া হয়। যেতিয়া নিজৰ শান্তিধামত থাকে তেতিয়া শান্ত হৈ থাকে। সত্যযুগতো শান্তি থাকে। সুখো থাকে, শান্তিও থাকে। শান্তিধামক সুখধাম বুলি কোৱা নহব। যত সুখ থাকে তাক সুখধাম আৰু যত দুখ থাকে তাক দুখধাম বুলি কোৱা হব। এই সকলোবোৰ কথা তোমালোকে বুজি আছা। এই সকলোবোৰ বুজাবলৈ কাৰোবাক সন্মুখতহে বুজোৱা হয়। প্ৰদৰ্শনীত যেতিয়া ভিতৰত প্ৰৱেশ কৰে তেতিয়া প্ৰথমতে পিতাৰহে পৰিচয় দিব লাগে। বুজোৱা হয় আত্মাসকলৰ পিতা এজনেই। তেওঁ গীতাৰ ভগৱান হয়। বাকী এই সকলোবোৰ আত্মা হয়। আত্মাই শৰীৰ এৰে আৰু ধাৰণ কৰে। শৰীৰৰ নামহে সলনি হয়। আত্মাৰ নাম সলনি নহয়। গতিকে তোমালোক সন্তানসকলে বুজাব পাৰা- বেহদৰ পিতাৰ পৰাহে সুখৰ উত্তৰাধিকাৰ পোৱা যায়। পিতাই সুখৰ সৃষ্টি স্থাপন কৰে। পিতাই দুখৰ সৃষ্টি ৰচিব এয়াতো হব নোৱাৰে। ভাৰতত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল নহয় জানো। চিত্ৰও আছে - কোৱা এই সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। যদি কয় যে এয়াতো তোমালোকৰ কল্পনা হয় তেতিয়া একেবাৰে এৰি দিব লাগে। কল্পনা বুলি ভবাসকলে একোৱে নুবুজিব। তোমালোকৰ সময়তো বহু মূল্যবান হয়। এই গোটেই জগতত তোমালোকৰ দৰে মূল্যবান সময় আৰু কাৰো নাই। ডাঙৰ ডাঙৰ ব্যক্তিৰ সময় মূল্যবান হয়। পিতাৰ সময় কিমান মূল্যবান। পিতাই বুজাই কিহৰ পৰা কি কৰি তোলে। সেয়েহে পিতাই তোমালোক সন্তানসকলকহে কয় যে তোমালোকে নিজৰ মূল্যবান সময় অপচয় নকৰিবা। জ্ঞান পাত্ৰকহে দিব লাগে, পাত্ৰক বুজাব লাগে - সকলো সন্তানেতো বুজিব নোৱাৰে, ইমান বুদ্ধি নাই যে বুজিব। প্রথমতে পিতাৰ পৰিচয় দিব লাগে। যেতিয়ালৈকে এইটো নুবুজে যে আমাৰ; আত্মাসকলৰ পিতা শিৱ হয় তেতিয়ালৈকে আগলৈ একো বুজিব নোৱাৰিব। বহুত মৰমেৰে, নম্ৰতাৰে বুজাই পঠিয়াই দিব লাগে কিয়নো অসুৰিক সম্প্ৰদায়ে কাজিয়া কৰাত পলম নকৰে। চৰকাৰে বিদ্যাৰ্থীৰ কিমান মহিমা কৰে। তেওঁলোকৰ কাৰণে কিমান ব্যৱস্থা কৰে। কলেজৰ বিদ্যাৰ্থীয়েহে প্ৰথমে পাথৰ দলিওৱা আৰম্ভ কৰে। উত্তেজিত হৈ থাকে নহয়। বুঢ়া নাইবা মাতাসকলেতো ইমান জোৰেৰে পাথৰ দলিয়াব নোৱাৰে। বেছিভাগ ক্ষেত্ৰতে বিদ্যাৰ্থীসকলৰহে চিঞৰ-বাখৰ হয়। তেওঁলোককে যুদ্ধৰ বাবে সাজু কৰে। এতিয়া পিতাই আত্মাসকলক বুজায় - তোমালোক ওলোটা হৈ গলা। নিজক আত্মাৰ সলনি শৰীৰ বুলি ভাবি লোৱা। এতিয়া পিতাই তোমালোকক চিধা কৰি আছে। কিমান ৰাতি-দিনৰ পাৰ্থক্য হৈ যায়। চিধা হলে তোমালোক বিশ্বৰ মালিক হৈ যোৱা। এতিয়া তোমালোকে বুজি পোৱা আমি আধাকল্প ওলোটা আছিলোঁ। এতিয়া পিতাই আধাকল্পৰ কাৰণে চিধা কৰি তোলে। আল্লাৰ সন্তান হৈ গলে তেতিয়া বিশ্বৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। ৰাৱণে ওলোটা কৰি দিয়ে সেয়েহে কলা ওলোটা হৈ যায় তেতিয়া অধোগতি হৈ থাকে। ৰামৰাজ্য আৰু ৰাৱণৰাজ্যক তোমালোক সন্তানসকলে জানা। তোমালোক পিতাৰ স্মৃতিত থাকিব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্মও কৰিব লাগে তথাপিও সময়তো বহুত পোৱা যায়। কোনো জিজ্ঞাসু আদি নাথাকিলে, কাম নাথাকিলে তেতিয়া পিতাৰ স্মৃতিত বহি যাব লাগে। সেয়াতো হৈছে অল্পকালৰ উপাৰ্জন আৰু তোমালোকৰ এয়া হৈছে সদাকালৰ বাবে উপাৰ্জন। ইয়াত মনোযোগ বেছিকৈ দিবলগীয়া হয়। মায়াই বাৰে বাৰে খেয়াল অন্যফালে লৈ যায়। এয়াতো হবই। মায়াই পাহৰাই থাকিব। ইয়াৰ ওপৰত এখন নাটকো দেখুৱায় - প্ৰভুয়ে এনেকৈ কয়, মায়াই এনেকৈ কয়। পিতাই সন্তানসকলক বুজায় মামেকম্‌ স্মৰণ কৰা, ইয়াতেই বিঘিনি আহে। অন্য কোনো কথাত ইমান বিঘিনি নাহে। পবিত্ৰতাৰ কাৰণে কিমান মাৰ খায়। ভাগৱত আদিত এই সময়ৰে গায়ন আছে। পুতনা, শূৰ্পনখাও আছে, এই সকলোবোৰ এই সময়ৰ কথা যেতিয়া পিতা আহি পবিত্ৰ কৰি তোলে। উৎসৱ আদিও যি পালন কৰে, যি অতীত হৈ গল, তাৰ আকৌ উৎসৱ পালন কৰি থাকে। অতীতৰ মহিমা কৰি থাকে। ৰাম ৰাজ্যৰ মহিমা গায় কিয়নো অতীত হৈ গল। যেনেকৈ যীশুখ্ৰীষ্ট আদি আহিল, ধৰ্ম প্ৰতিষ্ঠা কৰি গল। তিথি তাৰিখো লিখি দিয়ে আকৌ তেওঁলোকৰ জন্মদিন পালন কৰি থাকে। ভক্তি মাৰ্গতো এইটো ধান্দা আধাকল্প চলে। সত্যযুগত এয়া নাথাকে। এই সৃষ্টিখনেই নাশ হৈ যাব। এই কথাবোৰ তোমালোকৰ মাজতো বহুত কম আছে যিয়ে বুজি পায়। পিতাই বুজাইছে - সকলো আত্মা অন্তিমত উভতি যাব লাগে। সকলো আত্মা শৰীৰ ত্যাগ কৰি গুচি যাব। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে - বাকী কেইটিমান দিন আছে। এতিয়া পুনৰাই এই সকলোবোৰ বিনাশ হৈ যাব। সত্যযুগত কেৱল আমিয়েই আহিম। সকলো আত্মাতো নাহিব। যিসকল কল্প পূৰ্বে আহিছিল তেওঁলোকেই ক্ৰমানুসৰি আহিব। তেওঁলোকেই ভালদৰে পঢ়ি আৰু পঢ়ায়ো আছে। যিসকলে ভালকৈ পঢ়ে তেওঁলোকেই আকৌ ক্ৰমানুসৰি স্থানান্তৰ হয়। তোমালোকো স্থানান্তৰ হোৱা। তোমালোকৰ বুদ্ধিয়ে জানে যিবোৰ আত্মা আছে সকলোৱে ক্ৰমানুসৰি তাত শান্তিধামত গৈ বহিব পুনৰ ক্ৰমানুসৰি আহি থাকিব। পিতাই তথাপি কয় মূল কথা হৈছে পিতাৰ পৰিচয় দিয়া। পিতাৰ নাম সদায় মুখত থাকিব লাগে। আত্মা কি, পৰমাত্মা কি? জগতত কোনেও নাজানে। যদিও গায় ভ্ৰূকুটিৰ মাজত জিলিকে আচৰিত তৰা.. বচ্‌ বেছি একো নুবুজে। এনেও এই জ্ঞান বহুত কমসংখ্যকৰ বুদ্ধিত আছে। বাৰে বাৰে পাহৰি যায়। পোন প্ৰথমে বুজাব লাগে পিতাহে হৈছে পতিত-পাৱন। উত্তৰাধিকাৰো দিয়ে, সম্ৰাট কৰি তোলে। তোমালোকৰ ওচৰত গীতো আছে আখিৰ ৱহ দিন আয়া আজ (অৱশেষত সেই দিনটি আহিল) যাৰ ৰাস্তা ভক্তি মাৰ্গত বহুত বিচাৰিছিলা। দ্বাপৰৰ পৰা ভক্তি আৰম্ভ হয় আকৌ অন্তত পিতা আহি ৰাস্তা দেখুৱায়। হিচাপ নিষ্পত্তিৰ সময়ো ইয়াকে কোৱা হয়। আসুৰিক বন্ধনৰ সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি পুনৰ উভতি যায়। 84 জন্মৰ ভূমিকাক তোমালোকে জানা। এই ভূমিকা চলিয়েই থাকে। শিৱজয়ন্তী উদযাপন কৰে তেন্তে নিশ্চয় শিৱ আহিছিল। নিশ্চয় কিবা কৰিছিল। তেৱেঁই নতুন সৃষ্টি ৰচনা কৰে। এই লক্ষ্মী-নাৰায়ণ মালিক আছিল, এতিয়া নহয়। পুনৰ পিতাই ৰাজযোগ শিকায়। এই ৰাজযোগ শিকাইছিল। এয়া তোমালোকৰ বাহিৰে অন্য কাৰো মুখত উচ্চাৰিত হব নোৱাৰে। তোমালোকেহে বুজাব পাৰা। শিৱবাবাই আমাক ৰাজযোগ শিকাই আছে। শিবোহম্‌ বুলি যি উচ্চাৰণ কৰে সেয়াও ভুল। তোমালোকক এতিয়া পিতাই বুজাইছে - তোমালোকেহে পৰিক্ৰমা লগাই ব্ৰাহ্মণ কুলৰ পৰা দেৱতা কুলত আহা। সেয়াই আমি, আমিয়েই সেয়া ইয়াৰ অৰ্থও তোমালোকে বুজাব পাৰা। এতিয়া আমি ব্ৰাহ্মণ এয়া হৈছে 84ৰ চক্ৰ। এয়া কোনো মন্ত্ৰ জপিব নালাগে। বুদ্ধিত অৰ্থ থাকিব লাগে। সেয়াও চেকেণ্ডৰ কথা। যেনেকৈ বীজ আৰু বৃক্ষ চেকেণ্ডত সকলো ধ্যানত আহি যায়। তেনেকৈ আমিয়েই সেয়া ইয়াৰ ৰহস্যও চেকেণ্ডত আহি যায়। আমি এনেকৈ পৰিক্ৰমা লগাওঁ যাক স্বদৰ্শন চক্ৰ বুলিও কোৱা হয়। তোমালোকে যদি কাৰোবাক কোৱা যে আমি স্বদৰ্শন চক্ৰধাৰী হওঁ তেন্তে মানি নলব। কব এওঁলোকেতো সকলো উপাধি নিজৰ ওপৰত ৰাখে। আকৌ তোমালোকে বুজাবা যে আমি 84 জন্ম কেনেকৈ লওঁ। এই চক্ৰ ঘূৰি থাকে। আত্মাৰ নিজৰ 84 জন্মৰ দৰ্শন হয়, ইয়াকে স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয়। প্ৰথমতেতো শুনি বিস্মিত হৈ যায়। এয়া আকৌ কি মনে সজা কাহিনী শুনায়। তোমালোকে যেতিয়া পিতাৰ পৰিচয় দিবা তেতিয়া তেওঁলোকৰ মনে সজা কাহিনী যেন নালাগিব। পিতাক স্মৰণ কৰে। গায়নো কৰে - বাবা আপুনি আহিলে আমি আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ যাম। আপোনাকেই স্মৰণ কৰিম। পিতাই কয় - তোমালোকে কৈছিলা নহয় - এতিয়া পুনৰ তোমালোকক সোঁৱৰাই দিওঁ। নষ্টোমোহা হৈ যোৱা। এই দেহৰ পৰাও নষ্টোমোহা হৈ যোৱা। নিজকে আত্মা বুলি বুজি মোকেই স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। এই মিঠা কথাবোৰ সকলোৰে পচন্দ হব। পিতাৰ পৰিচয় নহলে তেতিয়া আকৌ কিবা নহয় কিবা কথাত সংশয় জন্মি থাকিব, সেইকাৰণে প্ৰথমেতো 2-3খন চিত্ৰ সন্মুখত ৰাখি দিয়া, যত পিতাৰ পৰিচয় আছে। পিতাৰ পৰিচয় পালে তেতিয়া উত্তৰাধিকাৰৰো পাই যাব।

পিতাই কয় - মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। এই চিত্ৰ তৈয়াৰ কৰা। দ্বৈত মুকুটধাৰী ৰজাসকলৰ আগত একক মুকুটধাৰী ৰজাসকলে মূৰ দোৱায়। নিজেই পূজ্য নিজেই পূজাৰীৰো ৰহস্য বুজি যাওঁক। প্ৰথমে পিতাৰ পূজা কৰে পাচত আকৌ নিজৰে চিত্ৰক বহি পূজা কৰে। যি পাৱন হৈ গৈছে তেওঁলোকৰ চিত্ৰ সাজি পূজা কৰে। এয়াও তোমালোকে এতিয়া জ্ঞান পাইছা। আগতেতো ভগৱানৰ কাৰণেই কৈ দিছিল আপুনিয়েই পূজ্য আপুনিয়েই পূজাৰী। এতিয়া তোমালোকক বুজোৱা হৈছে - তোমালোকেই এই চক্ৰত আহা। বুদ্ধিত এই জ্ঞান সদায় থাকিব লাগে আকৌ আনক বুজাবও লাগে। ধন দিলে ধন কমি নাযায়.. যিয়ে ধন দান নকৰে তেওঁলোকক কৃপন বুলিও কয়। পিতাই যি বুজাইছে সেয়া আকৌ আনক বুজাব লাগে। নুবুজালে অনাহকতে নিজৰ লোকচান কৰিবা। গুণো ধাৰণ নহব। চলনেই এনেকুৱা হৈ যাব। প্ৰত্যেকে নিজকতো বুজিব পাৰে নহয় জানো। তোমালোকে এতিয়া বোধশক্তি পাইছা। বাকী সকলো হৈছে অবোধ। তোমালোকে সকলো জানা। পিতাই কয় - এইফালে হ'ল দৈৱী সম্প্ৰদায়, সেইফালে হ'ল আসুৰিক সম্প্ৰদায়। বুদ্ধিৰে তোমালোকে জানা যে এতিয়া আমি সংগমযুগত আছোঁ। একেখন ঘৰতে এজন সংগমযুগৰ, এজন কলিযুগৰ, দুয়ো একেলগে থাকে। আকৌ যেতিয়া দেখা যায় যে হংস হোৱাৰ যোগ্য নহয় তেন্তে যুক্তি ৰচা হয়। নহলে বিঘিনি আনি থাকিব। নিজৰ সমান কৰি তোলাৰ চেষ্টা কৰিব লাগে। নহলে অশান্তিৰ সৃষ্টি কৰি থাকিব তেতিয়া যুক্তিৰে কাষৰীয়া হ'বলগীয়া হয়। বিঘিনিতো আহিব। এনেকুৱা জ্ঞানতো তোমালোকেহে দিয়া। মিঠাও (মধুৰ) বহুত হ'ব লাগে। নষ্টোমোহাও হ'ব লাগে। এটা বিকাৰক এৰিলে আকৌ অন্য বিকাৰে জটিলতাৰ সৃষ্টি কৰে। বুজা যায় যি কিছু হয় কল্প পূৰ্বৰ দৰেই। এনেকৈ ভাবি শান্ত হৈ থাকিবলগীয়া হয়। নাটকত হবলগীয়া বুলি বুজি লোৱা হয়। ভালকৈ বুজোৱা সন্তানসকলো অৱনমিত হৈ যায়। বহুত জোৰেৰে থাপৰ লাগি যায়। তেতিয়া কোৱা হয় কল্প পূৰ্বেও থাপৰ খাইছিল। প্ৰত্যেকে নিজৰ ভিতৰত বুজিব পাৰে। লিখেও বাবা - মই ক্ৰোধত আহি গলোঁ, অমুকক মাৰিলোঁ এইটো ভুল হ'ল। পিতাই বুজায় - যিমান সম্ভৱ নিয়ন্ত্ৰণ কৰা। কেনেকুৱা কেনেকুৱা মনুষ্য আছে, অবলাসকলৰ (দুৰ্বলা নাৰীৰ) ওপৰত কিমান অত্যাচাৰ কৰে। পুৰুষ শক্তিশালী হয়, স্ত্ৰী অবলা হয়। পিতাই আকৌ তোমালোকক এই গুপ্ত যুদ্ধ শিকায় যাৰ দ্বাৰা তোমালোক ৰাৱণৰ ওপৰত বিজয়ী হোৱা। এই যুদ্ধ কাৰো বুদ্ধিত নাই। তোমালোকৰ মাজত ক্ৰমানুসৰি আছে যিয়ে বুজিব পাৰে। এয়া হৈছে একেবাৰে নতুন কথা। তোমালোকে এতিয়া পঢ়ি আছা - সুখধামৰ কাৰণে। এইটোও এতিয়া স্মৃতিত আছে পাচত পাহৰি যাবা। মূল কথা হৈছেই স্মৃতিৰ যাত্ৰা। স্মৃতিৰ দ্বাৰা আমি পাৱন হৈ যাম। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যিয়েই নহওঁক নাটকত হবলগীয়া বুলি বুজি শান্ত হৈ থাকিব লাগে। ক্ৰোধ কৰিব নালাগে। যিমান সম্ভৱ নিজে নিজক নিয়ন্ত্ৰণ কৰিব লাগে। যুক্তি ৰচি নিজৰ সমান কৰি তোলাৰ যত্ন কৰিব লাগে।

(2) অতি মৰম আৰু নম্ৰতাৰে সকলোকে বাবাৰ পৰিচয় দিব লাগে। সকলোকে এইটোৱে মিঠা কথা শুনোৱা যে পিতাই কয় নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা, এই দেহৰ পৰা নষ্টোমোহা হৈ যোৱা।

বৰদান:
নম্ৰতা ৰূপী কৱচৰ দ্বাৰা ব্যৰ্থ ৰূপী ৰাৱণক জ্বলাওঁতা সঁচা স্নেহী, সহযোগী হোৱা

কোনোবাই যিমানেই তোমালোকৰ সংগঠনৰ খুঁত উলিওৱাৰ চেষ্টা নকৰক কিয় তেতিয়াও যাতে অলপো স্বভাৱ-সংস্কাৰৰ সংঘৰ্ষ দেখা নিদিয়ে। যদি কোনোবাই গালিও দিয়ে, অপমানো কৰে, তোমালোক সন্ত হৈ যোৱা। যদি কোনোবাই ভুলো কৰে তোমালোক সত্যত থাকা। কোনোবাই সংঘাতৰ সৃষ্টি কৰিলে তেতিয়াও তোমালোকে তেওঁক স্নেহৰ পানী দিয়া। এইটো কিয়, এনেকুৱা কিয় - এনেকুৱা সংকল্প কৰি জুইত তেল নাঢালিবা। নম্ৰতাৰ কৱচ পিন্ধি থাকা। যত নম্ৰতা থাকিব তত স্নেহ আৰু সহযোগ অৱশ্যে থাকিব।

স্লোগান:
মোৰ বোধৰ অনেক হদৰ (সীমিত) ভাৱনাক এক "মোৰ বাবা"ত সমাহিত কৰি দিয়া।