09.12.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক পিতাৰ ওচৰলৈ নিজৰ সৌভাগ্য উদয় কৰিবলৈ আহিছা, পৰম সৌভাগ্য সেইসকল সন্তানৰ হয় - যিসকলৰ ঈশ্বৰে সকলো স্বীকাৰ কৰে

প্ৰশ্ন:
সন্তানসকলৰ কোনটো এটা ভুলৰ বাবে মায়া বহুত শক্তিশালী হৈ যায়?
 

উত্তৰ:
সন্তানসকলে ভোজনৰ সময়ত বাবাক পাহৰি যায়, বাবাক নুখুউৱাৰ বাবে মায়াই খাই পেলায়, যাৰ বাবে মায়া শক্তিশালী হৈ যায়, তাৰ পাছত সন্তানসকলকে হায়ৰাণ (দিগদাৰ) কৰে। এইটো সৰু ভুলে মায়াৰ ওচৰত পৰাজিত কৰি দিয়ে সেয়েহে পিতাৰ আজ্ঞা হৈছে সন্তানসকল, পিতাৰ স্মৃতিত খোৱা। দৃঢ় প্ৰতিজ্ঞা কৰা - তোমাৰ সৈতে খাওঁ যেতিয়া স্মৰণ কৰিবা তেতিয়া তেওঁ ৰাজি (তুষ্ট) হ'ব।

গীত:
আজ নেহী তো কল বিখৰেঙ্গে য়হ বাদল (আজি নহলেও কাইলৈ এই ডাৱৰ আঁতৰিব

ওঁম্শান্তি।
সন্তানসকলে বুজি পায় যে আমাৰ দুৰ্ভাগ্যৰ দিন সলনি হৈ এতিয়া সদাকালৰ বাবে সৌভাগ্যৰ দিন আহি আছে। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ভাগ্য সলনি হৈয়ে থাকে। স্কুলতো ভাগ্য সলনি হৈ নাথাকে জানো অৰ্থাৎ উচ্চ হৈ গৈ থাকে। তোমালোকে ভালদৰে জানা - এতিয়া এই ৰাতি সমাপ্ত হব, এতিয়া ভাগ্য সলনি হৈ আছে। জ্ঞানৰ বৰ্ষা হৈ থাকে। বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলে বুজি পায় যে যথাৰ্থতে আমি দুৰ্ভাগ্যৰ পৰা সৌভাগ্যশালী হৈ আছো অৰ্থাৎ স্বৰ্গৰ মালিক হৈ আছো। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে আমি নিজৰ দুৰ্ভাগ্যৰ পৰা সৌভাগ্য গঢ়ি আছো। এতিয়া ৰাতিৰ পৰা দিন হৈ আছে। এয়া তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। বাবা গুপ্ত গতিকে তেওঁৰ কথাবোৰো গুপ্ত। যদিও মনুষ্যই বহি সহজ ৰাজযোগ আৰু সহজ জ্ঞানৰ কথা শাস্ত্ৰত লিখিছে কিন্তু যিয়ে লিখিলে তেওঁতো মৰি গল। বাকী যিয়ে পঢ়ে তেওঁলোকে একো বুজি নাপায় কিয়নো অবুজন (বুদ্ধিহীন) হয়। কিমান পাৰ্থক্য আছে। তোমালোকেও পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে বুজি পোৱা। সকলোৱে একেধৰণৰ পুৰুষাৰ্থ নকৰে। দুৰ্ভাগ্য কাক, সৌভাগ্য কাক কোৱা হয় - এয়া কেৱল তোমালোক ব্ৰাহ্মণেহে জানা। বাকী সকলো ঘোৰ অন্ধকাৰত আছে। তেওঁলোকক বুজাই জগাব লাগে। সৌভাগ্যশালী বুলি সূৰ্যবংশীসকলক কোৱা হয়, 16 কলা সম্পূৰ্ণ তেওঁলোকেই হয়। আমি পিতাৰ পৰা স্বৰ্গৰ কাৰণে সৌভাগ্য উদয় কৰি আছো, যিজন পিতা স্বৰ্গৰ ৰচয়িতা হয়। ইংৰাজী জনাসকলকো তোমালোকে বুজাব পাৰা যে হেভেনলী গড ফাদাৰৰ দ্বাৰা হেভেনৰ সৌভাগ্য উদয় কৰি আছো। হেভেনত (স্বর্গত) হৈছে সুখ, হেলত (নৰকত) হৈছে দুখ। গোল্ডেন এজ মানে সত্যযুগ সুখ, আইৰণ এজ মানে কলিযুগ দুখ। একেবাৰে সহজ কথা। আমি এতিয়া পুৰুষাৰ্থ কৰি আছো। ইংৰাজ, খ্ৰীষ্টিয়ান আদি বহুত আহিব। কোৱা, আমি এতিয়া কেৱল এজন হেভেনলী গড ফাদাৰকে স্মৰণ কৰো কিয়নো মৃত্যু সমাগত। পিতাই কয় - তোমালোক মোৰ ওচৰলৈ আহিব লাগিব। যেনেকৈ তীৰ্থলৈ নাযায় জানো। বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ নিজা তীৰ্থ স্থান আছে, খ্ৰীষ্টিয়ানসকলৰ নিজা। প্ৰত্যেকৰে নিজা-নিজা ৰীতি-নিয়ম থাকে। আমাৰ হৈছে বুদ্ধিযোগৰ কথা। যৰ পৰা ভূমিকা পালন কৰিবলৈ আহিছোঁ, তালৈ পুনৰ যাব লাগিব। তেওঁ হৈছে হেভেন স্থাপন কৰোঁতা গড ফাদাৰ। তেওঁ আমাক কৈছে আমিও তোমালোকক সঁচা পথ (ৰাস্তা) দেখুৱাইছো। পিতা গড ফাদাৰক স্মৰণ কৰিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। যেতিয়া কোনোবা বেমাৰত পৰে তেতিয়া সকলোৱে গৈ তেওঁক সাৱধান কৰে যে ৰাম নাম উচ্চাৰণ কৰা। বেংগলত যেতিয়া কোনোবা মৃত্যু শয্যাত পৰে তেতিয়া গঙ্গালৈ লৈ গৈ কয় হৰি বুলি কোৱা, হৰি বুলি কোৱা তেতিয়া হৰিৰ ওচৰলৈ গুছি যাবা। কিন্তু কোনেও নাযায়। সত্যযুগততো এনেকৈ কোৱা নহব যে ৰাম-ৰাম বুলি কোৱা বা হৰি-হৰি বুলি কোৱা। দ্বাপৰৰ পৰা পুনৰ এই ভক্তি মাৰ্গ আৰম্ভ হয়। এনকুৱা নহয় যে সত্যযুগত কোনোবা ভগৱান বা গুৰুক স্মৰণ কৰা হয়। তাততো কেৱল নিজ আত্মাক স্মৰণ কৰা হয়, মই আত্মাই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লম। নিজৰ বাদশ্বাহী (সাম্ৰাজ্য) স্মৃতিলৈ আহে। বুজি পায় যে মই সাম্ৰাজ্যত গৈ জন্ম লম। এতিয়া এইটো দৃঢ় নিশ্চয় আছে, বাদশ্বাহীতো পামেই। বাকী কাক স্মৰণ কৰিবা বা দান-পূণ্য কৰিবা? তাত কোনো দৰিদ্ৰ নাথাকে যাক বহি দান-পূণ্য কৰিবা। ভক্তি মাৰ্গৰ নীতি-নিয়ম ভিন্ন, জ্ঞান মাৰ্গৰ নীতি-নিয়ম ভিন্ন। এতিয়া পিতাক সকলো দি 21 জন্মৰ উত্তৰাধিকাৰ লৈ ললা। বচ, ইয়াৰ পিছত দান-পূণ্য কৰাৰ দৰকাৰ নাই। ঈশ্বৰ পিতাক আমি সকলো দি দিওঁ। ঈশ্বৰহে স্বীকাৰ কৰে। স্বীকাৰ নকৰিলে তেন্তে আকৌ কেনেকৈ দিব ? স্বীকাৰ নকৰিলে সেয়াও দুৰ্ভাগ্য। স্বীকাৰ কৰিব লগা হয় যাতে তোমালোকৰ মমত্ব নোহোৱা হৈ যায়। এইটো ৰহস্যও তোমালোক সন্তানসকলে জানা। যেতিয়া দৰকাৰেই নাথাকিব তেতিয়া কি স্বীকাৰ কৰিব? ইয়াতেতো একোৱে একত্ৰিত কৰিব নালাগে। ইয়াৰ পৰাতো মমত্ব আঁতৰাই দিবলগীয়া হয়।

বাবাই বুজাইছে - কৰবাত বাহিৰলৈ গলে তেতিয়া নিজকে বহুত পাতল (বোজা মুক্ত) বুলি ভাবিবা। মই পিতাৰ সন্তান, মই আত্মা ৰকেটতকৈও বেগী। এনেকৈ দেহী-অভিমানী হৈ খোজ কাঢ়িলে কেতিয়াও ভাগৰি নোযোৱা। দেহভাৱ নাহিব। এনেকুৱা লাগিব যেন এই ভৰি চলাই নাই, মই উৰি গৈ আছো। দেহী-অভিমানী হৈ তোমালোক যিকোনো ঠাইলৈকে যোৱা। আগতেতো মনুষ্যই তীৰ্থ আদিলৈ খোজ কাঢ়িয়েই গৈছিল। সেই সময়ত মনুষ্যৰ বুদ্ধি তমোপ্ৰধান নাছিল। বহুত শ্ৰদ্ধাৰে গৈছিল, ভাগৰি নপৰিছিল। বাবাক স্মৰণ কৰিলে সহায়তো পাবাই নহয় জানো। যদিও সেয়া পাথৰৰ মূৰ্তি কিন্তু বাবাই সেই সময়ত অল্পকালৰ বাবে মনোকামনা পূৰ্ণ কৰি দিয়ে। সেই সময়ত ৰজোপ্ৰধান স্মৃতি আছিল গতিকে তাৰপৰাও শক্তি পোৱা গৈছিল, ভাগৰ লগা নাছিল। এতিয়াতো ডাঙৰ ব্যক্তিসকল তৎক্ষণাৎ ভাগৰি যায়। দুখীয়া লোকসকল বহুত তীৰ্থলৈ যায়। চহকীলোকে বহুত জাকজমকতাৰে ঘোঁৰা আদিত যায়। সেই দুখীয়াসকলতো খোজ কাঢ়ি যাব। দুখীয়াই ভাৱনাৰ ভাড়া যিমান পায় সিমান চহকীয়ে নাপায়। এই সময়তো তোমালোকে জানা - পিতা হৈছে দৰিদ্ৰ নিবাসী তাৰ পিছতো উদাস কিয় হোৱা? পাহৰি কিয় যোৱা? বাবাই কয় তোমালোকে কোনো কষ্ট কৰিব নালাগে। কেৱল এজন প্ৰেমিকক স্মৰণ কৰিব লাগে। তোমালোক সকলো হৈছা প্ৰেমিকা গতিকে প্ৰেমিকক স্মৰণ কৰিব লাগে। সেইজন প্ৰেমিকক ভোগ নলগোৱাকৈ খাবলৈ লাজ নালাগেনে? তেওঁ প্ৰেমিকো হয়, পিতাও হয়। তেওঁ কয় - মোক তোমালোকে নুখুৱাবানে! তোমালোকে মোক খুৱাব নালাগে জানো! চোৱা, বাবাই যুক্তি শুনায়। তোমালোকে পিতা অথবা প্ৰেমিক বুলি নামানা জানো। যিজনে খুৱায় তেওঁক প্ৰথমে খুৱাব লাগে। বাবাই কয় - মোক ভোগ লগাই, মোৰ স্মৃতিত খোৱা। এই ক্ষেত্ৰত বহুত যত্ন কৰিবলগীয়া হয়। বাবাই বাৰে-বাৰে বুজায়, বাবাক নিশ্চয় স্মৰণ কৰিব লাগে। বাবাই (ব্ৰহ্মা) নিজেও বাৰে-বাৰে পুৰুষাৰ্থ কৰি থাকে। তোমালোক কুমাৰীসকলৰ বাবেতো বহুত সহজ। তোমালোকে চিৰিত উঠাই নাই। কন্যাৰতো প্ৰেমিকৰ সৈতে বিবাহ হয়েই। গতিকে এনেকুৱা প্ৰেমিকক স্মৰণ কৰি ভোজন খোৱা উচিত। তেওঁক আমি স্মৰণ কৰো আৰু তেওঁ আমাৰ ওচৰলৈ আহি যায়। স্মৰণ কৰিলে সুবাস লব। গতিকে বাবাৰ সৈতে এনেকুৱা কথা পাতিব লাগে। ৰাতি জাগিলেহে তোমালোকৰ এইটো অভ্যাস হব। অভ্যাস হৈ গলে তেতিয়া দিনতো স্মৃতি থাকিব। ভোজনৰ সময়তো স্মৰণ কৰিব লাগে। প্ৰেমিকৰ সৈতে তোমালোকৰ বিবাহ হৈছে। তোমাৰ সৈতে খাওঁ এইটো দৃঢ় প্ৰতিজ্ঞা কৰিব লাগে। যেতিয়া স্মৰণ কৰিবা তেতিয়াহে তেওঁ খাব নহয় জানো। তেওঁতো সুবাসহে লয় কিয়নো তেওঁৰ নিজৰ শৰীৰ নাই। কুমাৰীসকলৰ কাৰণেতো বহুত সহজ, তেওঁলোকৰ বেছি ফেচিলিটি (সুবিধা) আছে। শিৱবাবা মোৰ মৰমৰ প্ৰেমিক কিমান মিঠা। আধাকল্প মই আপোনাক স্মৰণ কৰিছোঁ, এতিয়া আপুনি আহি সাক্ষাৎ কৰিছে! মই যি খাওঁ, আপুনিও খোৱা। এনেকুৱা নহয়, এবাৰ স্মৰণ কৰিলা আৰু হৈ গল, পাছত তুমি নিজে খাই থাকিবা। তেওঁক খুৱাবলৈ পাহৰি যাবা। তেওঁক পাহৰিলে তেওঁ নাপাব। বস্তুতো বহুত খোৱা, খিছিৰি খাম, আম খাম, মিঠাই খাম। এনেকুৱা জানো আৰম্ভণিতে স্মৰণ কৰিলা আৰু হৈ গল তাৰ পাছত আৰু অন্য বস্তু তেওঁ কেনেকৈ খাব। প্ৰেমিকে নাখালে মাজত মায়াই আহি খাব, তেওঁক খাবলৈ নিদিব। দেখিবলৈ পোৱা যায় মায়াই খাই দিয়ে তেতিয়া মায়া শক্তিশালী হৈ যায় আৰু তোমালোকক পৰাজিত কৰাই থাকে। বাবাই সকলো যুক্তি শুনায়। বাবাক স্মৰণ কৰা তেন্তে পিতা অথবা প্ৰেমিক বহুত ৰাজি (তুষ্ট) হব। এনেকৈ কোৱাও - বাবা তোমাৰ সৈতে বহোঁ, তোমাৰ সৈতে খাওঁ। মই আপোনাক স্মৰণ কৰি খাওঁ। জ্ঞানেৰে জানো যে আপুনিতো সুবাসহে লব। এয়াতো লোনত লোৱা শৰীৰ। স্মৰণ কৰিলে তেওঁ আহে। সকলো তোমালোকৰ স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াকে যোগ বুলি কোৱা হয়। যোগতেই পৰিশ্ৰম কৰিবলগীয়া হয়। সন্ন্যাসী-উদাসীয়ে কেতিয়াও এনেকৈ নকয়। তোমালোকে যদি পুৰুষাৰ্থ কৰিব বিচৰা বাবাৰ শ্রীমত টুকি ৰাখা। সম্পূৰ্ণ পুৰুষাৰ্থ কৰা। বাবাই নিজৰ অনুভৱ শুনায় কয় যি কৰ্ম মই কৰোঁ, তোমালোকেও কৰা। সেই কৰ্মই মই তোমালোকক শিকাওঁ। বাবাইতো কৰ্ম কৰিব নালাগে। সত্যযুগত কৰ্মই দুখ নিদিয়ে। বাবাই বহুত সহজ কথা শুনায়। আপোনাৰ সৈতে বহোঁ, শুনোঁ, আপোনাৰ সৈতে খাওঁ এয়া তোমালোকৰেই গায়ন। প্ৰেমিকৰ ৰূপত বা পিতাৰ ৰূপত স্মৰণ কৰা। গোৱাও হয় নহয় - বিচাৰ সাগৰ মন্থন কৰি জ্ঞানৰ টোকা উলিয়ায়। এইটো অভ্যাসেৰে বিকৰ্মও বিনাশ হব, স্বাস্থ্যৱানো হবা। যিয়ে পুৰুষাৰ্থ কৰিব তেওঁৰ লাভ হব, যিয়ে নকৰে তেওঁৰ লোকচান হব। গোটেই জগতৰ লোকসকলতো স্বৰ্গৰ মালিক নহয়গৈ। এয়াও হিচাপ-নিকাচ আছে।

বাবাই বহুত ভাল ৰীতিৰে বুজায়। গীততো শুনিলা যে আমি যথাযথ যাত্ৰাত গৈ আছো। যাত্ৰাততো ভোজন আদি খাব লাগিবই, প্ৰেমিকাই প্ৰেমিকৰ সৈতে, সন্তানে পিতাৰ সৈতে খাব। ইয়াতো তেনেকুৱা। তোমালোকৰ প্ৰেমিকৰ লগত যিমানেই লগন থাকিব সিমানেই সুখৰ সীমা বাঢ়ি যাব। নিশ্চয় বুদ্ধি বিজয়ন্তী হৈ যাবা। যোগ মানে দৌৰ। এয়া বুদ্ধিযোগৰ দৌৰ। আমি বিদ্যাৰ্থী হয়, শিক্ষকে আমাক দৌৰিবলৈ শিকায়। পিতাই কয় - এনেকৈ নুবুজিবা যে দিনত কেৱল কৰ্মই কৰিব লাগে। কাছৰ দৰে কৰ্ম কৰি স্মৃতিত বহি যোৱা। ভোমোৰাৰ দৰে গোটেই দিন ভোঁ-ভোঁ কৰি (জ্ঞান শুনাই) থাকিব লাগে। আকৌ কোনোবা উৰি যায়, কোনোবা মৰি যায়, সেয়াটো হৈছে এটা উদাহৰণ। ইয়াত তোমালোকে ভোঁ-ভোঁ কৰি নিজৰ সমান কৰি তোলা। তাৰ ভিতৰত কিছুমানৰ বহুত মৰম থাকে। কিছুমান সৰি যায়, কিছুমান আধাৰুৱা হৈ থাকি যায়, আঁতৰি গুছি যায় পুনৰ গৈ পোক হৈ পৰে। সেয়েহে এই ভোঁ-ভোঁ কৰাতো বহুত সহজ। মনুষ্যৰ পৰা দেৱতা হবলৈ বহুত সময় নালাগে...। এতিয়া আমি যোগ লগাই আছোঁ, দেৱতা হবলৈ পুৰুষাৰ্থ কৰি আছোঁ। এই জ্ঞানেই গীতাত আছিল। তেওঁ মনুষ্যৰ পৰা দেৱতা কৰি গৈছিল। সত্যযুগততো সকলো দেৱতা আছিল। নিশ্চয় তেওঁলোকক সংগম যুগতে আহি দেৱতা কৰি তুলিছিল। তাততো দেৱতা হোৱাৰ যোগ নিশিকাব। সত্যযুগ আদিত দেৱী-দেৱতা ধৰ্ম আছিল আৰু কলিযুগৰ অন্তত হৈছে আসুৰী ধৰ্ম। এইটো কথা কেৱল গীতাতহে লিখা আছে। মনুষ্যক দেৱতা কৰি তুলিবলৈ দেৰি নালাগে কিয়নো লক্ষ্য-উদ্দেশ্য শুনাই দিয়ে। তাত গোটেই সৃষ্টিতেই এটাই ধৰ্ম হব। গোটেই সৃষ্টিখনেই থাকিব নহয় জানো। এনেকুৱা নহয় চিন, ইউৰোপ নাথাকিব, থাকিব কিন্তু তাত মনুষ্য নাথাকিব। কেৱল দেৱতা ধৰ্মাৱলম্বীসকল থাকিব, অন্য ধৰ্মৰ লোক নাথাকিব। এতিয়া হৈছে কলিযুগ। আমি ভগৱানৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। পিতাই কয় তোমালোকে 21 জন্ম সদায় সুখী হৈ থাকিবা। এই ক্ষেত্ৰত কষ্টৰ কোনো কথা নাই। ভক্তি মাৰ্গত ভগৱানৰ ওচৰলৈ যাবলৈ কিমান পৰিশ্ৰম কৰে। এনেকৈ কয় - পাৰ নিৰ্ৱাণলৈ গল। এনেকৈ কেতিয়াও নকয় যে ভগৱানৰ ওচৰলৈ গল। কয় স্বৰ্গ লৈ গল। এজন গলেতো স্বৰ্গ হৈ নাযাব। সকলোৱে যাব লাগিব। গীতাত লিখা আছে যে ভগৱান হৈছে কালৰো কাল। মহৰ দৰে সকলোকে উভতাই লৈ যায়। বিবেকেও কয় চক্ৰ পুনৰাবৃত্তি হব। গতিকে প্ৰথমে নিশ্চয় সত্যযুগী দেৱী-দেৱতা ধৰ্মৰ পুনৰাবৃত্তি হব। তাৰ পাছত আন ধৰ্মবোৰৰ পুনৰাবৃত্তি হব। বাবাই কিমান সহজকৈ শুনায় - মনমনাভৱ। বচ। 5 হাজাৰ বছৰ আগতেও গীতাৰ ভগৱানে কৈছিল - মৰমৰ সন্তানসকল। যদি কৃষ্ণই কলেহেঁতেন তেতিয়া অন্য ধৰ্মাৱলম্বীসকলে শুনিব নোৱাৰে। ভগৱানে কলে তেতিয়া সকলোৱে অনুভৱ কৰিব গড ফাডাৰে হেভেন স্থাপনা কৰে যত আমি গৈ চক্ৰৱতী ৰজা হমগৈ। ইয়াতো কোনো খৰচ আদিৰ কথা নাই মাথো সৃষ্টিৰ আদি-মধ্য-অন্তক জানিব লাগে।

তোমালোক সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে। কৰ্ম কৰি দিনে-ৰাতিয়ে এনেকুৱা পুৰুষাৰ্থ কৰি থাকিবা। বিচাৰ সাগৰ মন্থন নকৰি বা পিতাক স্মৰণ নকৰি, কেৱল কৰ্ম কৰি থাকিলে ৰাতিও সেয়াই চিন্তন চলি থাকিব। ঘৰ নিৰ্মাণ কৰোঁতাসকলৰ ঘৰৰ চিন্তাই আহি থাকিব। যদিও বিচাৰ সাগৰ মন্থন কৰাৰ দ্বায়িত্ব এওঁৰ (ব্ৰহ্মাৰ) ওপৰত আছে কিন্তু কোৱা হয় কলহ লক্ষ্মীক দিয়া হৈছে তেন্তে তোমালোক লক্ষ্মীৰ দৰে হব লাগে। ভাল আৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমত টুকি লৈ পুৰুষাৰ্থ কৰিব লাগে। পিতাই যি কৰ্ম কৰি শিকাইছে, সেয়াই কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰি জ্ঞানৰ পইণ্ট উলিয়াব লাগে।

(2) নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে মই পিতাৰ স্মৃতিতেই ভোজন গ্ৰহণ কৰিম। আপোনাৰ লগতেই বহোঁ, আপোনাৰ লগতেই খাওঁ.. এইটো প্ৰতিজ্ঞা দৃঢ় ৰূপে পালন কৰিব লাগে।

বৰদান:
নিজৰ শুভ-চিন্তনৰ শক্তিৰে আত্মাসকলক চিন্তা মুক্ত কৰি তোলোঁতা শুভচিন্তক মণি হোৱা

বৰ্তমান বিশ্বত সকলো আত্মাই হৈছে চিন্তামণী। সেই চিন্তা মণিসকলক তোমালোক শুভচিন্তক মণিসকলে নিজৰ শুভচিন্তনৰ শক্তিৰ দ্বাৰা পৰিৱৰ্তন কৰিব পাৰা। যেনেকৈ সূৰ্যৰ কিৰণে দূৰ-দূৰণিলৈকে অন্ধকাৰ নাশ কৰে তেনেকৈ তোমালোক শুভচিন্তক মণিসকলৰ শুভ সংকল্প ৰূপী জিলিকনি বা কিৰণ বিশ্বত চাৰিওফালে বিয়পি আছে, সেই কাৰণে এনেকৈ বুজে যে কিবা আধ্যাত্মিক প্ৰকাশে গুপ্ত ৰূপত কাৰ্য কৰি আছে। এই প্ৰেৰণা এতিয়া আৰম্ভ হৈছে, অৱশেষত বিচাৰি-বিচাৰি স্থানত আহি উপস্থিত হৈ যাব।
 

স্লোগান:
বাপদাদাৰ ডাইৰেক্সনক (নিৰ্দেশনাক) স্পষ্ট ৰূপত ধাৰণ কৰিবলৈ হলে মন-বুদ্ধিৰ লাইন স্বচ্ছ কৰি ৰাখা।