10.01.21 Avyakt Bapdada
Assame
Murli
09.10.87 Om Shanti Madhuban
“*অলৌকিক ৰাজ্য
দৰবাৰৰ বাতৰি*”
আজি বাপদাদাই নিজৰ
স্ব-ৰাজ্য অধিকাৰী সন্তানসকলৰ ৰাজ্য দৰবাৰ চাই আছেহঁক। এয়া সংগমযুগৰ অনন্য, শ্ৰেষ্ঠ
সম্ভ্ৰম থকা অলৌকিক দৰবাৰ গোটেই কল্পতেই উপৰাম আৰু অতি মৰমৰ। এই ৰাজ্য সভাৰ আত্মিক
ৰেঙনি, আত্মিক কমল-আসন, আত্মিক মুকুট আৰু তিলক, চেহেৰাৰ জেউতি, স্থিতিৰ শ্ৰেষ্ঠ
স্মৃতিৰ বায়ুমণ্ডলত অলৌকিক সুবাস অতি ৰমনীয়, অতি আকৰ্ষণ কৰোঁতা হয়। এনেকুৱা সভাক
দেখি বাপদাদাই প্ৰত্যেক ৰাজ্য অধিকাৰী আত্মাসকলক দেখি হৰ্ষিত হৈ আছে। কিমান ডাঙৰ
দৰবাৰ! প্ৰত্যেক ব্ৰাহ্মণ সন্তান স্বৰাজ্য অধিকাৰী হয়। তেন্তে কিমান ব্ৰাহ্মণ
সন্তান আছে! সকলো ব্ৰাহ্মণৰ দৰবাৰ যদি একত্ৰিত কৰা তেন্তে কিমান ডাঙৰ ৰাজ্য দৰবাৰ
হৈ যাব! ইমান ডাঙৰ ৰাজ্য দৰবাৰ কোনো যুগতেই নহয়। এয়াই সংগমযুগৰ বিশেষত্ব যে
উচ্চতকৈও উচ্চ পিতাৰ সকলো সন্তান স্বৰাজ্য-অধিকাৰী হয়। এনেও লৌকিক পৰিয়ালত
প্ৰতিগৰাকী পিতাই সন্তানক কয় যে এয়া মোৰ সন্তান ‘ৰজা’ সন্তান হয় বা ইচ্ছা ৰাখে যে
মোৰ প্ৰতিগৰাকী সন্তানেই ‘ৰজা’ হওঁক। কিন্তু সকলো সন্তান ৰজা হ’বই নোৱাৰে। এই
প্ৰৱচনটি পৰমাত্মা পিতাৰ পৰা নকল কৰিছে। এই সময়ত বাপদাদাৰ সকলো সন্তান ৰাজযোগী অৰ্থাৎ
স্বৰাজ্যৰ ৰজা ক্ৰমানুসৰি নিশ্চয় হয় কিন্তু হয় সকলো ৰাজযোগী, প্ৰজাযোগী কোনো নহয়।
গতিকে বাপদাদাই বেহদৰ ৰাজ্যসভা প্ৰত্যক্ষ কৰি আছিল। সকলোৱে নিজক স্বৰাজ্য অধিকাৰী
বুলি ভাবা নহয়? নতুনকৈ অহা সন্তানসকল ৰাজ্য-অধিকাৰী হোৱা নে এতিয়া হ’ব লাগে? নতুন
হয় গতিকে মিলা-মিছা শিকি আছে। অব্যক্ত পিতাৰ অব্যক্ত কথাবোৰ বুজাৰো অভ্যাস হৈ যাব।
তথাপিও এই ভাগ্যক এতিয়াতকৈও সময়ত বেছিকৈ বুজি পাব যে আমি সকলো আত্মা কিমান ভাগ্যৱান!
গতিকে বাপদাদাই শুনাই আছিল - অলৌকিক ৰাজ্য দৰবাৰৰ বাতৰি। সকলো সন্তানৰ বিশেষ মুকুট
আৰু চেহেৰাৰ জেউতিৰ ফালে নিবিচৰা সত্ত্বেও ধ্যান গৈ আছিল। মুকুট ব্ৰাহ্মণ জীৱনৰ
বিশেষত্ব -‘পৱিত্ৰতা’ৰ সূচক। চেহেৰাৰ জেউতি আত্মিক স্থিতিত স্থিত হোৱা আত্মিকতাৰ
জেউতি। সাধাৰণ ৰীতিৰেও যদি কোনো ব্যক্তিক চোৱা যায় তেন্তে সকলোতকৈ আগতে দৃষ্টি
চেহেৰাৰ ফালে যাব। এই চেহেৰাই হ’ল বৃত্তি আৰু স্থিতিৰ দৰ্পণ। গতিকে বাপদাদাই চাই
আছিল - জেউতিতো সকলোৰে আছিল কিন্তু এবিধ আছিল সদায় আত্মিকতাৰ স্থিতিত স্থিত হৈ
থাকোঁতা, স্বতঃ আৰু সহজ স্থিতিধাৰী আৰু আনবিধ আছিল সদায় আত্মিক স্থিতিৰ অভ্যাসৰ
দ্বাৰা স্থিত হৈ থাকোঁতা। এবিধ হৈছে সহজ স্থিতিধাৰী, আনবিধ চেষ্টা কৰি স্থিত হৈ
থাকোঁতা অৰ্থাৎ এবিধ আছিল সহজ যোগী, আনবিধ আছিল পুৰুষাৰ্থৰ দ্বাৰা যোগী। দুয়োটিৰে
জেউতিৰ মাজত পাৰ্থক্য আছিল। তেওঁলোকৰ স্বাভাৱিক সৌন্দৰ্য আছিল আৰু আনবিধৰ
পুৰুষাৰ্থৰ দ্বাৰা সৌন্দৰ্য আছিল। যিদৰে আজিকালি সাজি-কাচি (মেকআপ কৰি) ধুনীয়া (বিউটিফুল)
হয় নহয়। স্বাভাৱিক (নেচাৰেল) সৌন্দৰ্যৰ (বিউটিৰ) চমকনি সদায় একেৰস হৈ থাকে আৰু
অন্যবিধ সৌন্দৰ্য কেতিয়াবা বহুত ভাল আৰু কেতিয়াবা শতাংশ হিচাপত থাকে; একদৰে, একৰস
হৈ নাথাকে। গতিকে সদায় সহজযোগী, স্বতঃ যোগী স্থিতিয়ে এক নম্বৰৰ স্বৰাজ্য-অধিকাৰী কৰি
তোলে। যেতিয়া সকলো সন্তানৰে প্ৰতিশ্ৰুতি আছে - ব্ৰাহ্মণ জীৱন অৰ্থাৎ একমাত্ৰ পিতাই
সংসাৰ বা এজন পিতা দ্বিতীয় কোনো নাই; যেতিয়া সংসাৰেই পিতা, দ্বিতীয় কোনো নায়েই
তেন্তে স্বতঃ আৰু সহজ যোগীৰ স্থিতি সদায় থাকিব নহয়, নে পৰিশ্ৰম কৰিব লাগিব? যদি
অন্য কোনো থাকে তেন্তে পৰিশ্ৰম কৰিব লাগিব – এইফালে যাতে বুদ্ধি নাযায়, সেইফালে যাতে
বুদ্ধি নাযায়। কিন্তু এক পিতাই সকলো- তেন্তে বুদ্ধি ক’লৈ যাব? যেতিয়া যাবই নোৱাৰে
তেন্তে অভ্যাস কি কৰিব? অভ্যাসতো পাৰ্থক্য থাকে। এক হৈছে স্বতঃ অভ্যাস, আছেই আৰু
আনবিধ হৈছে পৰিশ্ৰমযুক্ত অভ্যাস। গতিকে স্ব-ৰাজ্য অধিকাৰী সন্তানসকলৰ ‘সহজ অভ্যাসী
হোৱা’ - এয়াই চিন হয় সহজ যোগীৰ, স্বতঃ যোগীৰ। তেওঁলোকৰ চেহেৰাৰ জেউতি অলৌকিক হয় যে
চেহেৰা দেখিয়েই অন্য আত্মাসকলে অনুভৱ কৰে যে এওঁ শ্ৰেষ্ঠ প্ৰাপ্তি স্বৰূপ সহজ যোগী
হয়। যিদৰে স্থূল ধন বা স্থূল পদৰ প্ৰাপ্তিৰ চমক চেহেৰাৰ দ্বাৰা গম পোৱা যায় যে এওঁ
চহকী কুলৰ বা উচ্চ পদৰ অধিকাৰী হয়, এনেকৈ এই শ্ৰেষ্ঠ প্ৰাপ্তি, শ্ৰেষ্ঠ ৰাজ্য
অধিকাৰ অৰ্থাৎ শ্ৰেষ্ঠ পদ প্ৰাপ্তিৰ নিচা বা চমক চেহেৰাৰ দ্বাৰা দেখা পোৱা যায়।
দূৰৈৰ পৰাই অনুভৱ কৰে যে এওঁলোকে কিবা পাইছে। প্ৰাপ্তি স্বৰূপ আত্মা হয়। এনেকৈয়ে
সকলো ৰাজ্য অধিকাৰী সন্তানৰ চিকমিকাই থকা চেহেৰা দেখা দিয়ক। পৰিশ্ৰমৰ চিন যাতে দেখা
পোৱা নাযায়, প্ৰাপ্তিৰ চিন দেখা দিয়ক। এতিয়াও চোৱা কোনো কোনো সন্তানৰ চেহেৰা দেখি
এয়াই কয় - এওঁলোকে কিবা পাইছে আৰু কোনো কোনো সন্তানৰ চেহেৰা দেখি এনেকৈও কয় যে
লক্ষ্য উচ্চ ত্যাগো বহুত উচ্চ কৰিছে। ত্যাগ দেখা পোৱা যায়, চেহেৰাৰ দ্বাৰা ভাগ্য
দেখা পোৱা নাযায়। বা এনেকৈ ক’ব যে বহুত ভাল পৰিশ্ৰম কৰি আছে।
বাপদাদাই এয়াই চাব বিচাৰে যে প্ৰত্যেক সন্তানৰ চেহেৰাৰ দ্বাৰা সহজযোগীৰ জেউতি দেখা
দিয়ক, শ্ৰেষ্ঠ প্ৰাপ্তিৰ নিচাৰ জেউতি দেখা দিয়ক কিয়নো প্ৰাপ্তিৰ ভঁৰাল পিতাৰ সন্তান
হোৱা। সংগমযুগৰ প্ৰাপ্তিৰ বৰদানী সময়ৰ অধিকাৰী হোৱা। নিৰন্তৰ যোগযুক্ত হৈ কেনেকৈ
থাকোঁ বা নিৰন্তৰ অনুভৱ কৰি ভঁৰালৰ অনুভূতি কেনেকৈ কৰোঁ - এতিয়াও এইটো পৰিশ্ৰমতে
সময় নষ্ট নকৰিবা কিন্তু প্ৰাপ্তি স্বৰূপ ভাগ্যক সহজে অনুভৱ কৰা। সমাপ্তিৰ সময় সমীপত
আহি আছে। যদি এতিয়াও কিবা নহয় কিবা কথাৰ পৰিশ্ৰমত লাগি থাকা তেন্তে প্ৰাপ্তিৰ সময়তো
সমাপ্ত হৈ যাব। তেন্তে প্ৰাপ্তি স্বৰূপৰ অনুভৱ কেতিয়া কৰিবা? সংগমযুগৰ, ব্ৰাহ্মণ
আত্মাসকলৰ বৰদান প্ৰাপ্ত আছে “সৰ্বপ্ৰাপ্তি ভৱ”। “সৰ্বদা পুৰুষাৰ্থী ভৱ”ৰ বৰদান নাই,
“প্ৰাপ্তি ভৱ”ৰ বৰদান আছে। “প্ৰাপ্তি ভৱ”ৰ বৰদানী আত্মা কেতিয়াও অমনযোগী হ’ব নোৱাৰে
সেইবাবে তেওঁলোকে পৰিশ্ৰম কৰিবলগীয়া নহয়। গতিকে বুজিলা কি হ’ব লাগে?
ৰাজ্যসভাত ৰাজ্য অধিকাৰী হোৱাৰ বিশেষত্ব কি, এইটো স্পষ্ট হ’ল নহয়? ৰাজ্য অধিকাৰী
হোৱা নহয়, নে এতিয়া ভাবি আছা যে হওঁ নে নহওঁ? যেতিয়া বিধাতাৰ সন্তান, বৰদাতাৰ
সন্তান হৈ গ’লা; ৰজা অৰ্থাৎ বিধাতা, দিওঁতা। যদি অপ্ৰাপ্তি একোৱেই নাথাকে তেন্তে কি
ল’বা? গতিকে বুজিলা নতুন নতুন সন্তানসকল এইটো অনুভৱত থাকিব লাগে। যুদ্ধতেই সময় নষ্ট
কৰিব নালাগে। যদি যুদ্ধতেই সময় নষ্ট কৰা তেন্তে অন্তিমৰ স্থিতি যুদ্ধতেই থাকিবা।
তেতিয়া কি হ’ব লাগিব? চন্দ্ৰ বংশত যাবা নে সূৰ্য বংশত যাবা? যুদ্ধ কৰি থাকোঁতাসকলতো
চন্দ্ৰ বংশত যাব। চলি আছোঁ, কৰি আছোঁ, হৈয়েই যাব, উপনীত হৈয়ে যাম – এতিয়াও এনেকুৱা
লক্ষ্য নাৰাখিবা। এতিয়া নহ’লে কেতিয়াও নহয়। হ’বতো এতিয়াই লাগিব, পাবতো এতিয়াই লাগিব
– এনেকুৱা উৎসাহ-উদ্দীপনাত থকাসকলেহে সময়ত নিজৰ সম্পূৰ্ণ লক্ষ্যত উপনীত হ’ব পাৰিব।
ত্ৰেতাৰ ৰাম সীতা হ’বলৈ কোনো তৈয়াৰ নহয়। যিহেতু সূৰ্যবংশত আহিব লাগে গতিকে সূৰ্যবংশ
অৰ্থাৎ সৰ্বদা মাষ্টৰ বিধাতা আৰু বৰদাতা, লোৱাৰ ইচ্ছা ৰাখোঁতা নহয়। সহায় পাই গ’লে,
এইটো হৈ গ’লে বহুত ভাল, পুৰুষাৰ্থত ভাল নম্বৰ লৈ ল’ম - নহয়। সহায় পাই আছোঁ, সকলো হৈ
আছে - ইয়াক কোৱা হয় স্ব-ৰাজ্য অধিকাৰী সন্তান। আগবাঢ়িব লাগে নে পাছত আহিছা সেয়েহে
পাছতে থাকিব লাগে? আগলৈ যোৱাৰ সহজ ৰাস্তা হৈছে - সহজ যোগী, স্বতঃ যোগী হোৱা। বহুত
সহজ হয়। যেতিয়া হয়েই এক পিতা, দ্বিতীয় কোনো নাই তেন্তে যাবা ক’লৈ? প্ৰাপ্তিয়েই
প্ৰাপ্তি আছে তেন্তে পৰিশ্ৰম কিয় হ’ব? গতিকে প্ৰাপ্তিৰ সময়ৰ লাভ উঠোৱা। সৰ্ব
প্ৰাপ্তি স্বৰূপ হোৱা। বুজিলা? বাপদাদাইতো এয়াই বিচাৰে যে এটি এটি সন্তান – লাগিলে
শেষতে আহক বা স্থাপনাৰ আদিতে অহা হওক প্ৰত্যেক সন্তান এক নম্বৰ হওঁক। ৰজা হ’বা,
প্ৰজা নহয়। বাৰু।
মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ দল আহিছে। চোৱা, ‘মহা’ শব্দটি কিমান ভাল। মহাৰাষ্ট্ৰ
স্থানো মহা শব্দৰ আৰু হ’বও লাগে মহান। মহানতো হৈ গ’লা নহয় কিয়নো পিতাৰ হ’লা মানে
মহান হ’লা। মহান আত্মা হোৱা। ব্ৰাহ্মণ অৰ্থাৎ মহান। প্ৰতিটো কৰ্ম মহান, প্ৰতিটো বচন
মহান, প্ৰতিটো সংকল্প মহান। অলৌকিক হৈ গ’লা নহয়। গতিকে মহাৰাষ্ট্ৰ নিবাসীসকল সদায়
স্মৃতি স্বৰূপ হোৱা যে মহান হওঁ। ব্ৰাহ্মণ অৰ্থাৎ মহান টিকনি (আটাইতকৈ উচ্চ) হয় নহয়।
মধ্যপ্ৰদেশ - সদায় ‘মধ্যাজী ভৱ’ৰ নিচাত থাকোঁতা। ‘মনমনাভৱ’ৰ লগত ‘মধ্যাজী ভৱ’ৰো
বৰদান আছে। গতিকে নিজৰ স্বৰ্গৰ স্বৰূপ - ইয়াক কোৱা হয় ‘মধ্যাজী ভৱ’ গতিকে নিজৰ
শ্ৰেষ্ঠ প্ৰাপ্তিৰ নিচাত থাকোঁতা অৰ্থাৎ ‘মধ্যাজী ভৱ’ৰ মন্ত্ৰৰ স্বৰূপত স্থিত হৈ
থাকোঁতা। সেয়াও মহান হৈ গ’ল। ‘মধ্যাজী ভৱ’ হ’লে তেন্তে ‘মনমনাভৱও’ নিশ্চয় হ’ব। গতিকে
মধ্যপ্ৰদেশ অৰ্থাৎ মহামন্ত্ৰৰ স্বৰূপ হওঁতা। গতিকে দিয়োটিয়ে নিজৰ নিজৰ বিশেষত্বৰে
মহান হয়। বুজিলা, কোন হোৱা?
যেতিয়াৰ পৰাই প্ৰথম পাঠ আৰম্ভ কৰিলা, সেয়াও এইটোৱে কৰিলা যে মই কোন? পিতায়ো সেইটো
কথাই সোঁৱৰাই দিয়ে। ইয়াৰ ওপৰত মনন কৰিবা। শব্দ এটিয়েই যে ‘মই কোন’ কিন্তু ইয়াৰ
উত্তৰ কিমান? তালিকা উলিয়াবা - ‘মই কোন’? বাৰু।
চাৰিওফালৰ সৰ্ব প্ৰাপ্তি স্বৰূপ, শ্ৰেষ্ঠ আত্মাসকলক, সকলো অলৌকিক ৰাজ্য সভা অধিকাৰী
মহান আত্মাসকলক, সদায় আত্মিকতাৰ জেউতি ধাৰণ কৰোঁতা বিশেষ আত্মাসকলক, সদায় স্বতঃ যোগী,
সহজযোগী, উচ্চতকৈও উচ্চ আত্মাসকলক উচ্চতকৈও উচ্চ বাপদাদাৰ স্নেহ সম্পন্ন স্মৰণ
স্বীকাৰ হওঁক।
অব্যক্ত
বাপদাদাৰ লগত ডবল বিদেশী ভাই-ভনীসকলৰ সাক্ষাৎ:-
ডবল বিদেশী অৰ্থাৎ সদায় নিজৰ স্ব-স্বৰূপ, স্বদেশ, স্ব-ৰাজ্যৰ স্মৃতিত থকোঁতা। ডবল
বিদেশীসকলে বিশেষ কোনটো সেৱা কৰিব লাগে? এতিয়া শান্তিৰ (চাইলেন্সৰ) শক্তিৰ অনুভৱ
বিশেষ ৰূপত আত্মাসকলক কৰাবা। এইটোও বিশেষ সেৱা হয়। যিদৰে বিজ্ঞানৰ শক্তি (চাইন্সৰ
পাৱাৰ) নামজ্বলা হয় নহয়। কণ কণ শিশুসকলেও জানে যে বিজ্ঞান কি হয়। সেইদৰে শান্তিৰ
শক্তি বিজ্ঞানতকৈও উচ্চ হয়। সেই দিনটিও আহিব। শান্তিৰ শক্তিৰ প্ৰত্যক্ষতা অৰ্থাৎ
পিতাৰ প্ৰত্যক্ষতা। যেনেকৈ বিজ্ঞানে প্ৰত্যক্ষ প্ৰমাণ দেখুৱাই আছে - সেইদৰে শান্তিৰ
শক্তিৰ প্ৰত্যক্ষ প্ৰমাণ হৈছে - তোমালোক সকলোৰে জীৱন। যেতিয়া ইমানবিলাক প্ৰত্যক্ষ
প্ৰমাণ দেখা দিব, তেতিয়া নিবিচৰা সত্ত্বেও সকলোৰে চকুত সহজে পৰি যাব। যেনেকৈ এয়া (যোৱাটো
বছৰত) শান্তিৰ কাৰ্য কৰিলা নহয়, ইয়াক মঞ্চত (ষ্টেজত) বাস্তৱ ৰূপত দেখুৱালা তেনেকৈ
চলোঁতে-ফুৰোঁতে শান্তিৰ চানেকি (মডেল) দেখা দিলে বৈজ্ঞানীকসকলৰো দৃষ্টি শান্তিৰ পথত
চলাসকলৰ ফালে অৱশ্যেই যাব। বুজিলা? বিজ্ঞানৰ আৱিষ্কাৰ (চাইন্সৰ ইনভেনশ্বন) বিদেশত
বেছিকৈ হয়। গতিকে শান্তিৰ শক্তিৰ আৱাজো তাৰ পৰা সহজে বিয়পিব। সেৱাৰ লক্ষ্যতো আছেই,
সকলোৰে উৎসাহ-উদ্দীপনাও আছে। সেৱা অবিহনে থাকিব নোৱাৰে। যিদৰে ভোজন অবিহনে থকিব
নোৱাৰে, সেইদৰে সেৱাৰ অবিহনে থাকিব নোৱাৰে সেইবাবে বাপদাদা আনন্দিত হয়। বাৰু!
পাৰ্টিৰ লগত
অব্যক্ত বাপদাদাৰ সাক্ষাৎ
স্বদৰ্শন চক্ৰধাৰী শ্ৰেষ্ঠ আত্মা হৈ গ’লা, এনেকুৱা অনুভৱ কৰানে? স্ব(নিজৰ)ৰ দৰ্শন
হৈ গ’ল নহয়? নিজক নিজে জানা অৰ্থাৎ স্বৰ দৰ্শন হোৱা আৰু চক্ৰৰ জ্ঞান জনা অৰ্থাৎ
স্বদৰ্শন চক্ৰধাৰী হোৱা। যেতিয়া স্বদৰ্শন চক্ৰধাৰী হয় তেতিয়া অন্য সকলো চক্ৰ সমাপ্ত
হৈ যায়। দেহবোধৰ চক্ৰ, সম্বন্ধৰ চক্ৰ, সমস্যাসমূহৰ চক্ৰ - মায়াৰ কিমান চক্ৰ আছে!
কিন্তু স্বদৰ্শন চক্ৰধাৰী হ’লে এই সকলো চক্ৰ সমাপ্ত হৈ যায়, সকলো চক্ৰৰ পৰা ওলাই
যায়। নহ’লে জালত আৱদ্ধ হৈ যায়। গতিকে প্ৰথমতে আৱদ্ধ হৈ আছিলা, এতিয়া ওলাই আহিলা। 63
জন্মতো অনেক চক্ৰত আৱদ্ধ হৈ থাকিলা আৰু এই সময়ত এই চক্ৰবোৰৰ পৰা ওলাই আহিলা, গতিকে
পুনৰ আৱদ্ধ হ’ব নালাগে। অনুভৱ কৰি চালা নহয়? অনেক চক্ৰত আৱদ্ধ হোৱাৰ বাবে সকলো
হেৰুৱাই পেলালা আৰু স্বদৰ্শন চক্ৰধাৰী হোৱাৰ বাবে পিতাক পালা গতিকে সকলো পালা।
সেয়েহে সদায় স্বদৰ্শন চক্ৰধাৰী হৈ, মায়াজিৎ হৈ আগবাঢ়ি যোৱা, ইয়াৰ দ্বাৰা সদায় বোজা
মুক্ত হৈ থাকিবা, কোনো প্ৰকাৰৰ বোজা অনুভৱ নহ’ব। বোজাইহে তললৈ লৈ আহে আৰু বোজামুক্ত
(পাতল) হ’লে উৰি থাকিবা। তেন্তে উৰি থাকোঁতা হোৱা নহয়? দুৰ্বলতো নোহোৱা? যদি এখন
পাখিও দুৰ্বল হয় তেন্তে তললৈ লৈ আহিব, উৰিবলৈ নিদিব সেইবাবে দুয়োখন পাখিয়েই
শক্তিশালী হ’লে তেতিয়া স্বতঃ উৰি থাকিবা। স্বদৰ্শন চক্ৰধাৰী হোৱা অৰ্থাৎ উৰন্ত কলাত
অহা। বাৰু।
ৰাজযোগী, শ্ৰেষ্ঠযোগী আত্মা হোৱা নহয়? সাধাৰণ জীৱনৰ পৰা সহজযোগী, ৰাজযোগী হৈ গ’লা।
এনেকুৱা শ্ৰেষ্ঠযোগী আত্মাসকল সদায় অতিন্দ্ৰীয় সুখৰ দোলনাত দুলি থাকে। হঠযোগীয়ে
যোগৰ দ্বাৰা শৰীৰক ওপৰলৈ উঠায় আৰু উৰাৰ অভ্যাস কৰে। বাস্তৱত তোমালোক ৰাজযোগীসকলে
উচ্চ স্থিতিৰ অনুভৱ কৰা। ইয়াকেই নকল কৰি শৰীৰক ওপৰলৈ উঠায়। কিন্তু তোমালোক য’তেই
নাথাকা কিয় উচ্চ স্থিতিত স্থিত হৈ থাকা, সেইবাবে কয় - যোগী উচ্চত থাকে। গতিকে মনৰ
স্থিতিৰ স্থান উচ্চ কিয়নো ডবল লাইট হৈ গৈছা। এনেও ফৰিস্তাৰ বাবে কোৱা হয় যে
ফৰিস্তাৰ ভৰি ধৰণীত নাথাকে। ফৰিস্তা অৰ্থাৎ যাৰ বুদ্ধিৰূপী ভৰি ধৰণীত নাথাকে,
দেহবোধত নাথাকে। দেহবোধৰ পৰা সদায় উচ্চত - এনেকুৱা ফৰিস্তা অৰ্থাৎ ৰাজযোগী হৈ গ’লা।
এতিয়া এই পুৰণি জগতৰ প্ৰতি কোনো আকৰ্ষণ নাই। সেৱা কৰাতো অন্য কথা কিন্তু আকৰ্ষণ যাতে
নাথাকে। যোগী হোৱা অৰ্থাৎ পিতা আৰু মই, তৃতীয় কোনো নাই। গতিকে সদায় এইটো স্মৃতিত
থাকিবা যে আমি ৰাজযোগী সৰ্বদা ফৰিস্তা হওঁ। এইটো স্মৃতিৰে সদায় আগবাঢ়ি গৈ থাকিবা।
ৰাজযোগী সদায় বেহদৰ মালিক, হদৰ মলিক নহয়। হদৰ পৰা ওলাই গ’লা। বেহদৰ অধিকাৰ পাই গ’লা
- এইটো আনন্দত থাকা। যিদৰে বেহদৰ পিতা, সেইদৰে বেহেদৰ আনন্দত থাকা, নিচাত থাকা। বাৰু।
বিদায়ৰ সময়ত
সকলো অমৃতবেলাৰ বৰদানী সন্তানসকলক বৰদাতা পিতাৰ মনোমোহা স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ
হওঁক। তাৰ লগতে মনোমোহা সৃষ্টি স্থাপন কৰাৰ সেৱাৰ পৰিকল্পনা সদায় মনন কৰোঁতা আৰু
সদায় সেৱাত গভীৰ আন্তৰিক স্নেহেৰে, তন-মন-ধনেৰে সহযোগী হোৱা আত্মাসকলক, সকলোকে
বাপদাদাৰ সুপ্ৰভাত, হীৰক প্ৰভাত জনাই আছে আৰু সদায় হীৰা হৈ হীৰক যুগৰ বিশেষত্বক
বৰদান আৰু উত্তৰাধিকাৰত লৈ নিজেও মনোমোহা স্থিতিত স্থিত হৈ থাকিবা আৰু আনকো এনেকৈয়ে
অনুভৱ কৰাই থাকিবা। গতিকে চাৰিওফালৰ ডবল হিৰো সন্তানসকলক হীৰক প্ৰভাত। ভাল বাৰু।
বৰদান:
দয়ালু অন্তৰৰ
ভাৱনাৰ দ্বাৰা অপকাৰীৰো উপকাৰ কৰোঁতা শুভচিন্তক হোৱা
যেনেকুৱাই কোনো আত্মা,
সতোগুণীয়ে হওঁক, নতুবা তমোগুণী সম্পৰ্কত আহক কিন্তু সকলোৰে প্ৰতি শুভচিন্তক অৰ্থাৎ
অপকাৰীৰো উপকাৰ কৰোঁতা। কেতিয়াও কোনো আত্মাৰ প্ৰতি ঘৃণাৰ দৃষ্টি যাতে নাথাকে কিয়নো
জানা এওঁ অজ্ঞানতাৰ বশীভূত, অবোধ হয়। তেওঁৰ প্ৰতি দয়া বা স্নেহ জাগক, ঘৃণা নহয়।
শুভচিন্তক আত্মাই এনেকৈ নাভাবিব যে এওঁ এনেকুৱা কিয় কৰিলে কিন্তু এই আত্মাটিৰ
কল্যাণ কেনেকৈ হ’ব - এয়াই হৈছে শুভচিন্তক অৱস্থা।
স্লোগান:
তপস্যাৰ বলেৰে
অসম্ভৱকো সম্ভৱ কৰি সফলতা মূৰ্ত হোৱা।