10.02.19    Avyakt Bapdada     Assame Murli     19.04.84     Om Shanti     Madhuban


ভাবুক আত্মা তথা জ্ঞানী আত্মাৰ লক্ষণ


আজি বাপদাদাই সকলো সন্তানকে চাই আছে যে কোনসকল সন্তানে ভাৱনাৰে পিতাৰ ওচৰত আহি উপস্থিত হৈছে, কোনসকল সন্তানে চিনি লৈ প্ৰাপ্তি কৰিবলৈ অৰ্থাৎ তেনেকুৱা হবলৈ আহি উপস্থিত হৈছে। দুয়ো প্ৰকাৰৰে সন্তান পিতাৰ ঘৰত উপস্থিত হৈছে। ভাৱনাৰ গৰাকীয়ে ভাৱনাৰ ফল যথা শক্তি আনন্দ, শান্তি, জ্ঞান বা প্ৰেমৰ ফল প্ৰাপ্ত কৰি ইয়াতেই সুখী হৈ যায়। তথাপিও ভক্তিৰ ভাৱনা আৰু পিতাৰ পৰিচয়ৰ দ্বাৰা পিতা বা পৰিবাৰৰ প্ৰতি গঢ়ি উঠা ভাৱনা ইয়াত অন্তৰ আছে। ভক্তিৰ ভাৱনা হৈছে অন্ধশ্ৰদ্ধাৰ ভাৱনা। ইনডাইৰেক্ট (আওপকীয়াকৈ) মিলিত হোৱাৰ ভাৱনা, অল্প কালৰ স্বাৰ্থৰ ভাৱনা। বৰ্তমান সময়ত জ্ঞানৰ আধাৰত সন্তানসকলৰ যি ভাৱনা আছে সেয়া ভক্তি মাৰ্গতকৈ অতি শ্ৰেষ্ঠ কিয়নো আওপকীয়াকৈ দেৱ আত্মাসকলৰ দ্বাৰা নহয়, ডাইৰেক্ট (পোনপটীয়াকৈ) পিতাৰ প্ৰতি ভাৱনা আছে, পৰিচয় আছে কিন্তু ভাৱনা পূৰ্বক পৰিচয় আৰু জ্ঞানৰ দ্বাৰা পোৱা পৰিচয়. ইয়াত অন্তৰ আছে। জ্ঞানৰ দ্বাৰা পৰিচয় অৰ্থাৎ পিতা যি হয়, যেনেকুৱা হয়, মইও যি হওঁ, যেনেকুৱা হওঁ সেইটো বিধি পূৰ্বক জনা অৰ্থাৎ পিতাৰ সমান হোৱা। জানিছেতো সকলোৱে কিন্তু ভাৱনা পূৰ্বক বা জ্ঞানৰ বিধি পূৰ্বক., এইটো পাৰ্থক্যক জানিব লাগে। গতিকে আজি বাপদাদাই বহুত সন্তানৰ ভাৱনা চাই আছেহঁক। ভাৱনাৰ দ্বাৰাও পিতাক চিনি পালে উত্তৰাধিকাৰতো প্ৰাপ্ত কৰি লয় কিন্তু সম্পূৰ্ণ উত্তৰাধিকাৰৰ অধিকাৰী আৰু উত্তৰাধিকাৰৰ অধিকাৰী এইটো পাৰ্থক্য হৈ যায়। স্বৰ্গৰ ভাগ্য বা জীৱন মুক্তিৰ অধিকাৰ ভাৱনাৰ গৰাকীসকলে আৰু জ্ঞানৰ গৰাকীসকলে দুয়োৱে প্ৰাপ্ত কৰে। কেৱল পদৰ প্ৰাপ্তিত অন্তৰ হৈ যায়। বাবা বুলি দুয়োৱে কয় আৰু আনন্দৰে কয় সেইবাবে বাবা বুলি কোৱা আৰু বুজি পোৱাৰ ফলস্বৰূপে উত্তৰাধিকাৰ প্ৰাপ্তিতো হবই। জীৱন মুক্তিৰ অধিকাৰৰ অধিকাৰীতো হৈ যায় কিন্তু অষ্ট ৰত্ন, 108 বিজয়ী ৰত্ন, 16 হাজাৰ আৰু পিছত 9 লাখ। কিমান পাৰ্থক্য হৈ গল। মালা 16 হাজাৰৰো আছে আৰু 108ৰো আছে। 108ৰ ভিতৰত 8 বিশেষ মণিও আছে। মালাৰ মণিতো সকলোৱে হয়। দুয়োকে মণি বুলিয়েই কোৱা হব নহয় জানো! 16 হাজাৰৰ মালাৰ মণিয়েও আনন্দ আৰু নিচাৰে কব যে মোৰ বাবা আৰু মোৰ ৰাজ্য। ৰাজ্য পদত ৰাজ্য সিংহাসনৰ অধিকাৰী আৰু ৰাজকীয় ঘৰৰ অধিকাৰী আৰু ৰাজকীয় ঘৰৰ সম্পৰ্কত অহাৰ অধিকাৰী, এয়া অন্তৰ হৈ যায়।

ভাবুক আত্মা আৰু জ্ঞানী আত্মা দুয়ো প্ৰকাৰৰ আত্মাৰে নিচা থাকে। বহুত ভাল প্ৰভু প্ৰেমৰ কথা শুনায়। প্ৰেম স্বৰূপত দুনিয়াৰ চেতনাও পাহৰি যায়। মোৰতো এজন পিতা, এইটো লগনৰ গীতো ভালকৈ গায় কিন্তু শক্তি ৰূপ নহয়। আনন্দিত হৈ থকাও বহুত দেখিবা কিন্তু অলপো মায়াৰ বিঘ্ন আহিলে তেতিয়া ভাবুক আত্মাসকলে বহুত সোনকালে ভয়ো খাব কিয়নো জ্ঞানৰ শক্তিৰ কম হয়। এতিয়াই দেখিবা বহুত আনন্দৰে পিতাৰ গীত গাই আছে আৰু এতিয়াই মায়াৰ অকণমান আক্ৰমণেও আনন্দৰ গীতৰ সলনি কি কৰো, কেনেকৈ কৰো, কি হব, কেনেকৈ হব! এনেকুৱা কি-কেনেকৈৰ গীত গোৱাতো কম নহয়। জ্ঞানী আত্মাসকলে সদায় নিজক পিতাৰ সান্নিধ্যত থাকোতা মাষ্টৰ সৰ্ব শক্তিমান বুলি ভবা কাৰণে মায়াক অতিক্ৰম কৰি যায়। কি-কিয়ৰ গীত নাগায়। ভাবুক আত্মাসকলে কেৱল প্ৰেমৰ শক্তিৰে আগবাঢ়ি গৈ থাকে। মায়াৰ মুখামুখি হোৱাৰ শক্তি নাথাকে। জ্ঞানী আত্মাসকলে সমান হোৱাৰ লক্ষ্যৰে সৰ্বশক্তিৰ অনুভৱ কৰি মুখামুখি হব পাৰে। এতিয়া নিজে নিজকে সোধা যে মই কোন! ভাবুক আত্মা হওঁ নে জ্ঞানী আত্মা হওঁ? পিতাইতো ভাৱনাৰ গৰাকীসকলক দেখিও আনন্দিত হয়। মোৰ বাবা বুলি কোৱাৰ বাবে অধিকাৰীতো হৈয়ে গলা নহয় জানো। আৰু অধিকাৰ প্ৰাপ্ত কৰাৰো অধিকাৰী হৈ গলা। পুৰা লবা নে অলপ লবা.সেয়া পুৰুষাৰ্থ অনুসৰি যিমান জোলোঙা ভৰাব বিচৰা সিমান ভৰাব পাৰা কিয়নো মোৰ বাবা বুলি কলা যেতিয়া সেই চাবিতো লগাই দিলা। অন্য কোনো চাবি নাই কিয়নো বাপদাদা সাগৰ নহয় জানো। অক্ষয়, বেহদ (অসীম) হয়। লওঁতা ভাগৰি যায়। দিওঁতা ভাগৰি নপৰে কিয়নো তেওঁ কষ্টনো কি কৰিবলগীয়া হয়। দৃষ্টি দিলে আৰু অধিকাৰ দিলে। কষ্ট লওঁতাসকলৰো নাই কেৱল আলস্যৰ কাৰণে হেৰুৱাই পেলায়। আকৌ নিজৰ দুৰ্বলতাৰ কাৰণে হেৰুৱাই পিছত পাবৰ কাৰণে কষ্ট কৰিবলগীয়া হয়। হেৰুওৱা-পোৱা, পোৱা-হেৰুওৱা এইটো কষ্টৰ কাৰণে ভাগৰি পৰে। সাৱধানী, চতুৰ হলে তেন্তে সদায় প্ৰাপ্তি স্বৰূপ হয়। যেনেকৈ সত্যযুগত দাসীসকল সদায় আগে-পিছে সেৱাৰ বাবে লগত থাকে- সেইদৰে জ্ঞানী আত্মাসকলৰ পিতাৰ সমান শ্ৰেষ্ঠ আত্মাসকলৰ, এতিয়াও সৰ্ব শক্তি, সৰ্ব গুণ সেৱাধাৰীৰ ৰূপত সদায় লগত থাকে। যিটো শক্তিৰ আহ্বান কৰে, যিটো গুণৰ আহ্বান কৰে উপস্থিত হৈ যায়। এনেকুৱা স্বৰাজ্য অধিকাৰীয়ে বিশ্বৰ ৰাজ্য অধিকাৰী হয়। গতিকে কষ্টতো নালাগিব নহয় জানো। প্ৰতিটো শক্তিৰে প্ৰতিটো গুণেৰে সদায় বিজয়ী হওঁৱেই, এনেকুৱা অনুভৱ কৰে। যিদৰে ড্ৰামা (নাটক) কৰি দেখুওৱা কেনেকৈ ৰাৱণে নিজৰ সংগীসকলক আহ্বান কৰে আৰু ব্ৰাহ্মণ আত্মাই, স্বৰাজ্য অধিকাৰী আত্মাই, নিজৰ শক্তি আৰু গুণবোৰক আহ্বান কৰে। গতিকে এনেকুৱা স্বৰাজ্য অধিকাৰী হৈছানে? নে সময়ত এই শক্তিবোৰক কাৰ্যত আনিব নোৱাৰা। দুৰ্বল ৰজাৰ কথা কোনেও নামানে। তেনেকুৱা ৰজাই প্ৰজাৰ কথা মানিবলগীয়া হয়। বাহাদুৰ ৰজাই সকলোকে নিজৰ আদেশ অনুসৰি চলায় আৰু ৰাজ্য প্ৰাপ্ত কৰে। গতিকে সহজক কঠিন কৰা আৰু পিছত ভাগৰি পৰা, এয়া আলস্যৰ লক্ষণ। নামত ৰজা আৰু কোনেও আদেশ নামানে, ইয়াক কি বুলি কোৱা হব। কিছুমানে এনেকৈ কয় নহয় যে মই বুজিও পাইছিলো যে সহন শক্তি লাগে কিন্তু পিছত মনত পৰিল। সেই সময়ত ভাবিলেও সহন শক্তিৰ দ্বাৰা কাৰ্য কৰিব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে এতিয়া মাতিলা আৰু আহিল কালি। তেন্তে সেয়া আদেশ অনুসৰি হল জানো! হৈ গল মানে নিজৰ শক্তি আদেশ অনুসৰি নাই। সেৱাধাৰীয়ে সময়ত সেৱা নকৰিলে, তেন্তে এনেকুৱা সেৱাধাৰীক কি বুলি কবা? গতিকে সদায় স্বৰাজ্য অধিকাৰী হৈ সৰ্বশক্তিক, গুণক, নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি সেৱাত লগোৱা। বুজি পাইছা। কেৱল ভাবুক নহবা, শক্তিশালী হোৱা। অচ্ছা- বিভিন্ন প্ৰকাৰৰ আত্মাৰ মেলা দেখি আনন্দিত হৈ আছা নহয় জানো! মধুবন নিবাসীয়ে কিমান মেলা দেখিবলৈ পায়! কিমান বিভিন্ন ধৰণৰ দল আহে। বাপদাদাইও বিভিন্ন ধৰণৰ ফুলনি দেখি হৰ্ষিত হয়। সাদৰ সম্ভাষণ। শিৱৰ বৰযাত্ৰীৰ যি গায়ন আছে, সেয়া দেখি আছা নহয়! বাবা-বাবা বুলি কৈ সকলোৱেতো আহি গৈছা নহয় জানো। মধুবনত আহিতো উপস্থিত হৈ গলা। এতিয়া সম্পূৰ্ণ লক্ষ্য স্থানত গৈ উপনীত হব লাগিব। অচ্ছা!

সদায় শ্ৰেষ্ঠ অধিকাৰ প্ৰাপ্ত কৰোঁতা বিজয়ী আত্মাসকলক, সদায় নিজৰ অধিকাৰৰ দ্বাৰা সৰ্ব শক্তিৰ দ্বাৰা সেৱা কৰোঁতা শক্তিশালী আত্মাসকলক, সদায় ৰাজ্য সিংহাসনৰ অধিকাৰী হওঁতা অধিকাৰী আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

ভিন্ন - ভিন্ন পাৰ্টি বিলাক ৰ সৈতে অব্যক্ত বাপদাদাৰ সাক্ষাৎ

পঞ্জাৱ যোনৰ প্ৰতি:- সকলো পঞ্জাৱ নিবাসী মহাবীৰ হোৱা নহয়! ভয় খোৱা বিধৰতো নহয়? কোনো কথাৰ ভয়তো নাই! সকলোতকৈ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। তোমালোক সকলোতো হোৱাই মৃত। মৃতকৰ মৰিবলৈ কিহৰ ভয়। মৃত্যুলৈ ভয় তেতিয়া লাগে যেতিয়া এনেকৈ ভাবে যে এতিয়া এইটো কৰিবলগীয়া আছে, এইটো কৰিব লাগিব আৰু সেয়া পূৰ্ণ নহলে তেতিয়া মৃত্যুলৈ ভয় হয়। তোমালোকতো সকলো কাৰ্য পূৰ্ণ কৰি এভাৰেডি (সদা প্ৰস্তুত) হৈ আছা। এই পুৰণা চোলা এৰিবলৈ এভাৰেডি হৈ আছা নহয় সেইবাবে ভয় নাই। আৰু যিসকল ভয়ভীত আত্মা আছে তেওঁলোককো শক্তিশালী কৰি তোলোঁতা, দুখৰ সময়ত সুখ দিওঁতা আত্মা হোৱা। সুখদাতাৰ সন্তান হোৱা। যিদৰে অন্ধকাৰত দীপক জ্বলালে পোহৰ হৈ যায়। এইদৰে তোমালোক শ্ৰেষ্ঠ আত্মাসকল দুখৰ বাতাৱৰণত সুখ দিওঁতা হোৱা। গতিকে সদায় এনেকৈ সুখ দিয়াৰ শ্ৰেষ্ঠ ভাৱনা থাকে! সদায় সুখ দিব লাগে, শান্তি দিব লাগে। শান্তিদাতাৰ সন্তান শান্তি দেৱা (দাতা) হোৱা। তেন্তে শান্তি দেৱা কোন? পিতা অকলে নহয়, তোমালোকো হোৱা। গতিকে শান্তি দিওঁতা শান্তি দেৱা - শান্তি দিয়াৰ কাৰ্য কৰি আছা নহয়! দুনিয়াৰ লোকে সোধে - আপোনালোকে কি সেৱা কৰে? তেতিয়া তোমালোকে সকলোকে এয়াই কবা যে এই সময়ত যি বিশেষ কথাৰ আৱশ্যকতা আছে সেই কাৰ্য আমি কৰি আছো। অচ্ছা, মানুহে কাপোৰো দিব, শস্যও দিব, কিন্তু সকলোতকৈ আৱশ্যক বস্তু হৈছে শান্তি। গতিকে যিটো সকলোৰে বাবে আৱশ্যকীয় বস্তু সেয়া আমি দি আছো, ইয়াতকৈ ডাঙৰ সেৱা আৰু কি আছে। মন শান্ত হৈ থাকিলে ধনো কামত আহে। মন শান্ত নহলে ধনৰ শক্তিয়েও দুখ-কষ্ট দিয়ে। এতিয়া এনেকুৱা শান্তিৰ শক্তিশালী লহৰ বিয়পোৱা যাতে সকলোৱে অনুভৱ কৰে যে গোটেই দেশৰ ভিতৰত এয়া হৈছে শান্তিৰ স্থান। এজন-দুজনৰ পৰা শুনক আৰু অনুভৱ কৰিবলৈ আহক যে অলপ সময়ৰ বাবেও তালৈ গলে বহুত শান্তি পোৱা যায়। এনেকুৱা আৱাজ বিয়পক। শান্তিৰ এইটো কোণাই সেৱাৰ স্থান, এইটো আৱাজ বিয়পিব লাগে। যিমানেই অশান্ত আত্মা নহওঁক যেনেকৈ ৰোগী চিকিৎসালয়ত যায় তেনেকৈ এনেকৈ বুজক যে অশান্তিৰ সময়ত এই শান্তিৰ স্থানতেই যাব লাগে। এনেকুৱা লহৰ বিয়পোৱা। এয়া কেনেকৈ বিয়পিব? ইয়াৰ বাবে এটি-দুটি আত্মাক মাতি আনি অনুভৱ কৰোৱা। এজনৰ পৰা আনজনলৈ এইদৰে বিয়পি যাব। যিসকল অশান্তিত আছে তেওঁলোকক বিশেষ ভাবে মাতি আনি হলেও অনুভৱ কৰোৱা। যিসকল সম্পৰ্কত আহে তেওঁলোকক এইটো বাৰ্তা দিয়া যে শান্তিৰ অনুভৱ কৰক। পঞ্জাৱ নিবাসীয়ে বিশেষ এইটো সেৱা কৰিব লাগে। এতিয়া আৱাজ শক্তিশালী কৰাৰ সুযোগ আছে। এতিয়া দিগভ্ৰান্ত হৈ ঘূৰি আছে, কোনো স্থান লাগে। সেই স্থান কোনখন তাৰ পৰিচয় নাই, বিচাৰি আছে। এটি ঠিকনাৰ পৰাতো দিগভ্ৰান্ত হৈ গল, এনেকৈ বুজিছে যে এয়া ঠিকনা নহয়। এনেকুৱা দিগভ্ৰান্ত আত্মাসকলক এতিয়া সহজ ঠিকনা দিব নোৱাৰানে? এনেকুৱা সেৱা কৰা। কাৰফিউ হওঁক, যিয়েই নহওঁক, সম্পৰ্কততো অহা নহয় জানো। সম্পৰ্কত থকাসকলক অনুভৱ কৰোৱা তেতিয়া সেই আত্মাসকলে আৱাজ বিয়পাব। তেওঁলোকক এক-দুই ঘন্টাও যোগ শিবিৰ কৰোৱা। যদি অলপো শান্তিৰ অনুভৱ কৰে তেন্তে বহুত আনন্দিত হব, ধন্যবাদ দিব। যেতিয়া লক্ষ্য থাকে যে আমি কৰিবই লাগিব তেতিয়া ৰাস্তাও পোৱা যায়। গতিকে এনেকৈ নাম উজ্বল কৰি দেখুওৱা। যিমানেই পঞ্জাৱৰ ধৰণি টান সিমানেই নৰম কৰিব পাৰা। অচ্ছা।!

2. সদায় নিজক ফৰিস্তা অৰ্থাৎ ডবল লাইট অনুভৱ কৰানে? এই সংগম যুগৰ অন্তিম স্বৰূপ ফৰিস্তা হয় নহয় জানো। ব্ৰাহ্মণ জীৱনৰ প্ৰাপ্তি হৈছেই ফৰিস্তা জীৱন। ফৰিস্তা অৰ্থাৎ যাৰ কোনো দেহ আৰু দেহৰ সম্বন্ধৰ লগত কোনো সম্পৰ্ক নাই। দেহ আৰু দেহৰ সম্বন্ধ, সকলোৰে লগত সম্পৰ্ক সমাপ্ত হল নে অলপ বাকী আছে? যদি অলপো সূক্ষ্ম আসক্তিৰ ৰচী থাকে তেন্তে উৰিব নোৱাৰিবা, তললৈ নামি আহিবা সেইবাবে ফৰিস্তা অৰ্থাৎ কোনো পুৰণা সম্বন্ধ নাই। যেতিয়া জীৱনেই নতুন তেন্তে সকলো নতুন হব। সংকল্প নতুন, সম্বন্ধও নতুন। বৃত্তিও (কৰ্তব্যও) নতুন। সকলো নতুন হব। এতিয়া পুৰণি জীৱন সপোনতো স্মৃতিত আহিব নোৱাৰে। যদি অলপো দেহ ভাৱত আহা তেতিয়াও সম্পৰ্ক আছে সেইবাবে আহা। যদি সম্পৰ্ক নাই তেন্তে বুদ্ধি যাব নোৱাৰে। বিশ্বত ইমান আত্মা আছে তেওঁলোকৰ লগত সম্পৰ্ক নাই সেইবাবে স্মৃতিলৈ নাহে নহয় জানো। স্মৃতিলৈ তেওঁলোকেই আহে যাৰ লগত সম্পৰ্ক আছে। গতিকে দেহৰ ভাৱত অহা মানে দেহৰ লগত সম্পৰ্ক আছে। যদি দেহৰ লগত অলপো আসক্তি থাকে তেন্তে উৰিবা কেনেকৈ! বোজাযুক্ত বস্তুক যিমানেই ওপৰলৈ দলিওৱা তললৈ আহিয়ে যাব। গতিকে ফৰিস্তা মানে পাতল, কোনো বোজা নাই। মৰজীৱা (জীৱন্তে মৰা) হোৱা অৰ্থাৎ বোজাৰ পৰা মুক্ত হোৱা। যদি অলপো কিবা ৰৈ গৈছে সোনকালে শেষ কৰা নহলে যেতিয়া সময়ৰ হুইচেল বাজিব তেতিয়া সকলোৱে উৰিব ধৰিব আৰু বোজাযুক্ত সকলে তলতে থাকি যাব। বোজাযুক্তসকল উৰি থকা সকলক চাই থাকোঁতা হৈ যাব।

গতিকে এয়া চেক (পৰীক্ষা) কৰিবা যে কোনো সূক্ষ্ম ৰচীও থাকিতো যোৱা নাই। বুজি পাইছা। গতিকে আজিৰ বিশেষ বৰদান মনত ৰাখিবা যে নিৰ্বন্ধন ফৰিস্তা আত্মা হোৱা। বন্ধনমুক্ত আত্মা হোৱা। ফৰিস্তা শব্দ কেতিয়াও নাপাহৰিবা। ফৰিস্তা বুলি ভাবিলে উৰি যাবা। বৰদাতাৰ বৰদান মনত ৰাখিলে সদায় মালামাল থাকিবা।

3. সদায় নিজক শান্তিৰ বাৰ্তা দিওঁতা বাৰ্তাবাহক বুলি ভাবানে? ব্ৰাহ্মণ জীৱনৰ কাৰ্য হৈছে বাৰ্তা দিয়া। কেতিয়াবা এইটো কাৰ্য পাহৰিতো নোযোৱা? নিতৌ চেক কৰা যে মোৰ শ্ৰেষ্ঠ আত্মাৰ যি শ্ৰেষ্ঠ কাৰ্য আছে সেয়া কিমানলৈ কৰিলো! কিমানক বাৰ্তা দিলো? কিমানক শান্তিৰ দান দিলো? বাৰ্তা দিওঁতা মহাদানী, বৰদানী আত্মা হোৱা। কিমান উপাধি আছে তোমালোকৰ? আজিৰ দুনিয়াত যিমানেই ডাঙৰতকৈ ডাঙৰ উপাধি নাথাকক, তোমালোকৰ তুলনাত সকলো সৰু। তেওঁলোক উপাধি দিওঁতা আত্মা কিন্তু এতিয়া পিতাই সন্তানসকলক উপাধি দিয়ে। গতিকে নিজৰ ভিন্ন-ভিন্ন উপাধিক স্মৃতিত ৰাখি সেইটো আনন্দত, সেইটো সেৱাত সদায় ব্ৰতী হৈ থাকা। উপাধিৰ স্মৃতিৰ দ্বাৰা সেৱা স্বতঃ স্মৃতিত আহিব। অচ্ছা!

বৰদান:
একাগ্ৰতাৰ শক্তিৰে পৰৰ বশীভূত হোৱা স্থিতিক পৰিৱৰ্তন ক ৰোঁ তা অধিকাৰী আত্মা হোৱা

ব্ৰাহ্মণ অৰ্থাৎ অধিকাৰী আত্মা কেতিয়াও পৰৰ বশীভূতহব নোৱাৰে। নিজৰ দুৰ্বল স্বভাৱ সংস্কাৰৰ বশীভূতো নহয় কিয়নো স্বভাৱ অৰ্থাৎ নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি আত্মিক ভাৱ যদি থাকে তেন্তে দুৰ্বল স্বভাৱৰ বশীভূতহব নোৱাৰে আৰু অনাদি আদি সংস্কাৰৰ স্মৃতিৰে দুৰ্বল সংস্কাৰো সহজে পৰিৱৰ্তন হৈ যায়। একাগ্ৰতাৰ শক্তিয়ে পৰৰ বশীভূত হোৱা স্থিতিকপৰিৱৰ্তন কৰি মালিকৰ স্থিতিৰ আসনত অধিষ্ঠিত কৰি দিয়ে।

স্লোগান:
ক্ৰোধ জ্ঞানী আত্মাৰ বাবে মহাশত্ৰু।