10.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সকলোকে এইটো শুভ সংবাদ শুনোৱা যে ভাৰত এতিয়া পুনৰাই স্বৰ্গ হৈ আছে, হেভেনলী গড্ ফাদাৰ (স্বৰ্গীয় ঈশ্বৰ পিতা)ৰ আগমন হৈছে

প্ৰশ্ন:
যিসকল সন্তানৰ স্বৰ্গৰ মালিক হোৱাৰ আনন্দ আছে তেওঁলোকৰলক্ষণ কি হব?

উত্তৰ:
তেওঁলোকৰ কোনো ধৰণৰ দুখৰ অনুভূতি হব নোৱাৰে। তেওঁলোকৰ নিচা থাকিব যে আমি বহুত ডাঙৰ মানুহ, আমাক বেহদৰ পিতাই এনেকুৱা (লক্ষ্মী-নাৰায়ণ) কৰি তোলে। তেওঁলোকৰ চাল-চলন বহুত ৰয়েল (মাৰ্জিত) হ'ব। তেওঁলোকে আনক শুভ সংবাদ নুশুনোৱাকৈ থাকিব নোৱাৰিব।

ওঁম্শান্তি।
পিতাই বুজায় আৰু সন্তানসকলে জানে যে বিশেষকৈ ভাৰত আৰু সাধাৰণভাৱে জগতৰ সকলোলৈকে এইটো বাৰ্তা প্ৰেৰণ কৰিব লাগে। তোমালোক সকলো হৈছা বাৰ্তাবাহক, বহুত আনন্দৰ বাৰ্তা সকলোকে দিব লাগে যে ভাৰত এতিয়া পুনৰাই স্বৰ্গ হৈ আছে অথবা স্বৰ্গৰ স্থাপনা হৈ আছে। ভাৰতত পিতা যাক হেভেনলি গড্‌ ফাদাৰ বুলি কয়, তেৱেঁই স্থাপনা কৰিবলৈ আহিছে। তোমালোক সন্তানসকলৰ প্ৰতি নিৰ্দেশনা আছে যে এইটো শুভ সংবাদ সকলোকে যথা ৰীতিৰে শুনোৱা। প্ৰত্যেকৰে নিজৰ ধৰ্মৰ চিন্তা থাকে। তোমালোকৰো চিন্তা আছে, তোমালোকে শুভ সংবাদ শুনোৱা, ভাৰতৰ সূৰ্যবংশী দেৱী-দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা হৈ আছে অৰ্থাৎ ভাৰত পুনৰ স্বৰ্গ হৈ আছে। এইটোও আন্তৰিক আনন্দ থাকিব লাগে - আমি এতিয়া স্বৰ্গৰ মালিক হৈ আছোঁ। যাৰ এই আন্তৰিক আনন্দ আছে তেওঁলোকৰ কোনো ধৰণৰ দুখ হব নোৱাৰে। এয়াতো সন্তানসকলে জানে যে নতুন সৃষ্টি স্থাপন হওঁতে অসুবিধাও হয়।আবলা অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। সন্তানসকলৰ সদায় এইটো স্মৃতিত থাকিব লাগে - আমি ভাৰতক বেহদৰ শুভ সংবাদ শুনাওঁ। যেনেকৈ বাবাই পত্ৰিকা ছপাইছে ভাই-ভনীসকল আহি এই শুভ সংবাদটি শুনা। গোটেই দিন খেয়াল চলি থাকে যে কেনেকৈ সকলোকে এইটো সংবাদ শুনাওঁ। বেহদৰ পিতা বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ চাই গোটেই দিন হর্ষিত হৈ থাকিব লাগে। তোমালোকতো বহুত ডাঙৰ মানুহ সেয়েহে তোমালোকৰ কোনোধৰণৰ জংঘলী চলন হব নালাগে। তোমালোকে জানা যে আমি বান্দৰতকৈও নিকৃষ্ট আছিলোঁ। এতিয়া বাবাই আমাক এনেকুৱা (দেৱী-দেৱতা) কৰি তোলে। তেনেহ'লে কিমান আনন্দিত হব লাগে। কিন্তু আচৰিত কথা সন্তানসকলৰ সেই আনন্দ নাথাকে। আৰু সিমান উৎসাহৰে সকলোকে শুভ সংবাদো নুশুনায়। পিতাই তোমালোকক মেচেঞ্জাৰ (বাৰ্তাবাহক) বনাইছে। সকলোৰে কানত এই সংবাদ দি থাকা। ভাৰতবাসীয়ে এইটো নাজানেই যে আমাৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম কেতিয়া ৰচা হল? আকৌ কলৈ গল? এতিয়াতো কেৱল চিত্ৰহে আছে। বাকী সকলো ধৰ্ম আছে মাত্ৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম নাই। ভাৰততে চিত্ৰ আছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। গতিকে তোমালোকে সকলোকে এইটো শুভ সংবাদ শুনোৱা তেতিয়া তোমালোকো ভিতৰি আনন্দিত হৈ থাকিবা। প্ৰদৰ্শনীত তোমালোকে এইটো শুভ সংবাদ নুশুনোৱা জানো। বেহদৰ পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লোৱা। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক নহয় জানো। আকৌ তেওঁলোক কলৈ গল? এয়া কোনেও বুজি নাপায় সেয়েহে কোৱা হয়- চেহেৰা মনুষ্যৰ, চৰিত্ৰ বান্দৰৰ দৰে। এতিয়া তোমালোকৰ চেহেৰা মনুষ্যৰ হয়, চৰিত্ৰ দেৱতাৰ নিচিনা হৈ আছে। তোমালোকে জানা যে আমি পুনৰ সৰ্বগুণ সম্পন্ন হৈ যাওঁ। আকৌ আনকো এইটো পুৰুষাৰ্থ কৰাব লাগে। প্ৰদৰ্শনীৰ সেৱাতো বহুত ভাল। যাৰ গৃহস্থ ব্যৱহাৰৰ বন্ধন নাই, বানপ্ৰস্থী বা বিধৱা হয়, কুমাৰী হয়, সেইসকলৰ সেৱাৰ বহুত সুযোগ আছে। সেৱাত লাগি যাব লাগে। এই সময়ত বিয়া কৰোৱা মানে নিজকে বৰবাদ (ধ্বংস) কৰা, বিয়া নকৰোৱা মানে আবাদ (অৱস্থা ভাল)। পিতাই কয়, এই মৃত্যুলোক পতিত সৃষ্টিৰ বিনাশ হৈ আছে। তোমালোক পাৱন সৃষ্টিলৈ যাব লাগে গতিকে এই সেৱাত লাগি যোৱা উচিত। প্ৰদৰ্শনীৰ পাছত প্ৰদৰ্শনী কৰিব লাগে। যিসকল সেৱাধাৰী সন্তান তেওঁলোকৰ সেৱাৰ ভাল চখ থাকে। বাবাক কোনো কোনোৱে সোধে - আমি (লৌকিকৰ) সেৱা এৰি দিওঁনে? বাবাই চায় লায়ক হলে ছুটী দিয়ে, সেৱা কৰা বাৰু। এনে শুভ সংবাদ সকলোকে শুনাব লাগে। পিতাই কয় - নিজৰ ৰাজ্য-ভাগ্য আহি লোৱাহি। তোমালোকে 5 হাজাৰ বছৰ পূৰ্বে ৰাজ্য-ভাগ্য লৈছিলা, এতিয়া পুনৰ লোৱা। মাত্ৰ মোৰ মতত চলা।

চাব লাগে - মোৰ মাজত কি কি অৱগুণ আছে? তোমালোকে এই বেজৰ ওপৰততো বহুত সেৱা কৰিব পাৰা, এইটো ফাৰ্ষ্টক্লাচ্‌ (অতি উত্তম) বস্তু। যদিও পা-পইছাৰ বস্তু কিন্তু ইয়াৰ দ্বাৰা কিমান উচ্চ পদ পাব পাৰি। মনুষ্যই পঢ়িবৰ বাবে কিতাপ আদিত কিমান খৰচ কৰে। ইয়াত কিতাপ আদিৰতো কথা নাই। মাত্ৰ সকলোৰে কানত সংবাদ দিব লাগে, এয়া হল পিতাৰ সঁচা মন্ত্ৰ। বাকীতো সকলোৱে মিছা মন্ত্ৰ দি থাকে। মিছা বস্তুৰ মূল্য জানো থাকে। মূল্য হীৰাৰহে থাকে, পাথৰৰ নাথাকে। এয়া যি গায়ন আছে যে এটি এটি ভাৰ্চন (বাণী) লাখ টকা মূল্যৰ, সেয়া এই জ্ঞানৰ বাবে কোৱা হয়। পিতাই কয় - শাস্ত্ৰতো অনেক আছে। তোমালোকে আধাকল্প পঢ়ি আহিছা, তাৰ পৰা একো নাপালা। এতিয়া তোমালোকক জ্ঞান ৰত্ন দিয়ে। সেয়া হল শাস্ত্ৰৰ অথৰিটী। পিতাতো জ্ঞানৰ সাগৰ হয়। তেওঁৰ এটি এটি ভাৰ্চন লাখ-কোটি টকাৰ হয়। তোমালোক বিশ্বৰ মালিক হোৱা। পদমপতি হোৱাগৈ। এই জ্ঞানৰহে মহিমা আছে। সেই শাস্ত্ৰ আদি পঢ়িতো কঙাল হৈ গলা। সেয়েহে এতিয়া এই জ্ঞান ৰত্নৰ দানো কৰিব লাগে। পিতাই বহুত সহজ যুক্তি বুজায়। এনেকৈ কোৱা - নিজৰ ধৰ্ম এৰি আপোনালোকে বাহিৰত হাবাথুৰি খাই ফুৰে। আপোনালোক ভাৰতবাসীৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল, সেই ধৰ্ম কলৈ গল? 84 লাখ যোনী বুলি কোৱা বাবে কোনো কথা বুদ্ধিত ধাৰণ নহয়। এতিয়া পিতাই বুজায় - তোমালোক আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিলা আকৌ 84 জন্ম ললা। এই লক্ষ্মী-নাৰায়ণ আদি সনাতন দেৱ-দেৱী ধৰ্মৰ নহয় জানো। এতিয়া ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গল। অন্য সকলো ধৰ্ম আছে, এই আদি সনাতন ধৰ্মহে নাই। যেতিয়া এইটো ধৰ্ম আছিল তেতিয়া বেলেগ ধৰ্ম নাছিল। কিমান সহজ। এয়া পিতা, এয়া দাদা। প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া নিশ্চয় বি. কে. অনেক নহব জানো। পিতা আহি ৰাৱণৰ জেলৰ পৰা, শোক বাটিকাৰ (কুটীৰৰ) পৰা মুক্ত কৰে। শোক বাটিকাৰ অৰ্থও কোনেও বুজি নাপায়। পিতাই কয় - এইখন শোকৰ, দুখৰ সৃষ্টি। সেইখন হল সুখৰ সৃষ্টি। তোমালোকে নিজৰ শান্তি আৰু সুখৰ সৃষ্টিক স্মৰণ কৰি থাকিবা। ইন্‌কৰপৰিয়েল ৱৰ্ল্ড (নিৰাকাৰী সৃষ্টি) বুলি নকয় জানো। ইংৰাজী শব্দ বৰ ধুনীয়া। ইংৰাজীতো প্ৰচলিত হৈয়ে থাকে। এতিয়াতো অনেক ভাষা হৈ গল। মনুষ্যই একোৱে বুজি নাপায় - এতিয়া নিৰ্গুণ বাল্য সংস্থা নামেৰে এটা সংস্থা আছে। নিৰ্গুণ অৰ্থাৎ কোনো গুণ নাই। এনেয়ে সংস্থা গঠন কৰি দিছে। নিৰ্গুণৰ অৰ্থও বুজি নাপায়। অৰ্থ নজনাকৈয়ে নাম ৰাখি দিয়ে। অলেখ সংস্থা আছে। ভাৰতত এটাই আদি সনাতন দেৱ-দেৱীৰ ধৰ্মৰ সংস্থা আছিল, আৰু কোনো ধৰ্ম নাছিল। কিন্তু মনুষ্যই 5 হাজাৰ বছৰৰ পৰিৱৰ্তে কল্পৰ আয়ুস লাখ-লাখ বছৰ বুলি লিখি দিছে। গতিকে তোমালোকে সকলোকে এই অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰিব লাগে। সেৱা কৰিব লাগে। যদিও এই ড্ৰামা পূৰ্ব নিৰ্ধাৰিত কিন্তু শিৱবাবাৰ যজ্ঞৰ পৰা খোৱা বোৱা কৰি সেৱা নকৰিলে ধৰ্মৰাজ যি সোঁহাত হয় তেওঁ নিশ্চয় শাস্তি দিব সেইকাৰণে সাৱধান কৰি দিয়া হয়। সেৱা কৰাতো বহুত সহজ। মৰমেৰে যিকোনো লোককে বুজাই থাকা। পিতাৰ ওচৰলৈ কোনো কোনোৰ খবৰ আহে যে আমি মন্দিৰলৈ গলো, গঙ্গাৰ ঘাটলৈ গলো। ৰাতিপুৱা উঠি মন্দিৰলৈ যায়, ৰিলিজিয়চ্‌ মাইণ্ডেড্‌ (ধাৰ্মিক মনোবৃত্তিৰ) সকলক বুজাবলৈ সহজ হব। সকলোতকৈ ভাল লক্ষ্মী-নাৰায়ণ মন্দিৰত সেৱা কৰা। বাৰু, আকৌ তেওঁলোকক এনেকৈ গঢ়ি তোলোঁতাজন হৈছে শিৱবাবা, এনেকৈ তাত গৈ বুজোৱা। জংঘলত জুই লাগিব, এই সকলোবিলাক শেষ হৈ যাব তাৰ পাছত তোমালোকৰো পাৰ্ট (ভূমিকা) পুৰা হব। তোমালোক গৈ ৰজাৰ কুলত জন্ম লবাগৈ। ৰাজ্য কেনেকৈ পোৱা যায়, সেয়া আগলৈ গৈ গম পাবা। নাটকত (ড্ৰামা) জানো প্ৰথমেই সকলো শুনাই দিয়ে। তোমালোকে জানি যাবা যে আমি কি পদ পামগৈ। বেছিকৈ দান পুণ্য কৰা জনেই ৰজা নহয় জানো। ৰজাৰ ওচৰত ধন বহুত থাকে। এতিয়া তোমালোকে অবিনাশী জ্ঞান ৰত্ন দান কৰা।

ভাৰতবাসীৰ বাবেই এই জ্ঞান। কোৱা - আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে, পতিতৰ পৰা পাৱন কৰি তোলোঁতা পিতা আহিছে। পিতাই কয় - মোক স্মৰণ কৰা, কিমান সহজ। কিন্তু বুদ্ধি ইমানেই তমোপ্রধান যে একোৱেই ধাৰণা নহয়। বিকাৰৰ প্ৰৱেশতা আছে। জন্তুও ভিন্ন-ভিন্ন প্ৰকাৰৰ থাকে, কিছুমানৰ ক্ৰোধ বহুত বেছি। প্ৰত্যেক জন্তুৰ স্বভাৱ বেলেগ বেলেগ হয়। দুখ দিয়াৰ ভিন্ন-ভিন্ন স্বভাৱ থাকে। সৰ্বপ্ৰথম দুখ দিয়া বিকাৰ হল কাম কটাৰী চলোৱা। ৰাৱণ ৰাজ্যত এই বিকাৰবোৰৰেই ৰাজ্য। পিতাইতো নিতৌ বুজাই থাকে, কিমান ভাল-ভাল কন্যা আছে, বেচেৰীহঁত জেলত বন্দী হৈ আছে, যাক বান্ধেলী (দাসী; বান্ধোনত থাকোঁতা) বুলি কোৱা হয়। বাস্তৱত তেওঁলোকৰ যদি জ্ঞানৰ পৰাকাষ্ঠা (প্ৰকাশ) হৈ যায় তেতিয়া কোনেও তেওঁলোকক ধৰি ৰাখিব নোৱাৰিব। কিন্তু মোহৰ বান্ধোন বহুত আছে। সন্ন্যাসীসকলৰো ঘৰ-সংসাৰলৈ মনত পৰে, বহুত কষ্টৰে সেই বান্ধোন চিঙে। এতিয়া তোমালোকেতো মিত্ৰ সম্বন্ধীয় আদি সকলোকে পাহৰিব লাগে কিয়নো এই পুৰণি সৃষ্টিখনেই এতিয়া শেষ হৈ যাব। এই শৰীৰকো পাহৰি যাব লাগে। নিজকে আত্মা বুলি বুজি বাবাক স্মৰণ কৰিব লাগে। পবিত্ৰ হব লাগে। 84 জন্মৰ ভূমিকাতো পালন কৰিবই লাগিব। মাজতেতো কোনো গুছি যাব নোৱাৰে। এতিয়া নাটক পুৰা হব। তোমালোক সন্তানসকল বহুত আনন্দিত হব লাগে। এতিয়া আমি নিজৰ ঘৰলৈ যাব লাগে। পাৰ্ট পুৰা হল, উৎকণ্ঠা থাকিব লাগে - বাবাক বহুত স্মৰণ কৰোঁ। স্মৰণৰ দ্বাৰাই বিকৰ্ম বিনাশ হব। ঘৰলৈ গৈ পুনৰ সুখ ধামলৈ আহিম। কোনোৱে ভাবে সোনকালে এইখন সৃষ্টিৰ পৰা যাওঁ। কিন্তু যাব ক'লৈ? প্ৰথমেতো উচ্চ পদ পাবলৈ যত্ন কৰিব লাগে। প্ৰথমে নিজৰ নাড়ীৰ স্পন্দন চাব লাগে - মই কিমানলৈকে লায়ক হৈছোঁ? স্বৰ্গলৈ গৈ কি কৰিম? প্ৰথমেতো লায়ক হব লাগিব নহয় জানো। পিতাৰ সুসন্তান হ'ব লাগিব। এই লক্ষ্মী-নাৰায়ণ সুসন্তান লায়ক নহয় জানো। সন্তানসকলক দেখি ভগৱানেও কয় - এওঁ বৰ ভাল, সেৱা কৰাৰ লায়ক হয়। কাৰোবাৰ বাবেতো কব - এওঁ লায়ক নহয়। অবাবতে নিজৰ পদ ভ্ৰষ্ট কৰি লয়। পিতাইতো সঁচা কথাই কয়। আহ্বানো কৰে - পতিত পাৱন আহা, আহি সুখধামৰ মালিক কৰি তোলা। অপাৰ সুখ নিবিচাৰে জানো। সেয়েহে পিতাই কয় - অলপতো সেৱা কৰাৰ লায়ক হোৱা। যিসকল মোৰ ভক্ত, তেওঁলোকক এইটো শুভ সংবাদ শুনোৱা যে এতিয়া শিৱ বাবাই উত্তৰাধিকাৰ দি আছে। তেওঁ কয় - মোক স্মৰণ কৰা আৰু পবিত্ৰ হোৱা তেতিয়া পবিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। এই পুৰণি সৃষ্টিত জুই লাগি আছে। সন্মুখত এইম্‌-অবজেক্ট (লক্ষ্য-উদ্দেশ্য) দেখিলে বহুত আনন্দিত হোৱা যায় - আমি এনেকুৱা হব লাগিব। গোটেই দিন যদি বুদ্ধিত এইটো স্মৃতি থাকে তেন্তে কেতিয়াও কোনো চয়তানী (বেয়া) কাম নহব। আমি এনেকুৱা হৈ আছোঁ আকৌ এনেকুৱা ওলোটা কাম কেনেকৈ কৰিব পাৰোঁ? কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে এনেকুৱা যুক্তিও ৰচনা নকৰে, নিজৰ উপাৰ্জন নকৰে। উপাৰ্জন কিমান ভাল। ঘৰত বহিয়ে সকলোৱে নিজৰ উপাৰ্জন কৰিব লাগে আকৌ তাৰ পাছত আনকো কৰাব লাগে। ঘৰত বহিয়ে এই স্বদৰ্শন চক্ৰ ঘূৰোৱা, আনকো স্বদৰ্শন চক্ৰধাৰী কৰি তুলিব লাগে। যিমানে অনেকক গঢ়ি তুলিবা সিমানে তোমালোকৰ পদ উচ্চ হব। এই লক্ষ্মী-নাৰায়ণৰ নিচিনা হব পাৰিবা, এইম্‌-অবজেক্ট হৈছেই এইটো। হাতো সকলোৱে সূৰ্যবংশী হ'বলৈকে উঠায়। এই চিত্ৰও প্ৰদৰ্শনীত বহুত কামত আহিব পাৰে। ইয়াৰ ওপৰত বুজাব লাগে। আমাকতো উচ্চৰো উচ্চ পিতাই যি শুনায় সেয়াই শুনো। ভক্তি মাৰ্গৰ কথা শুনাতো আমি পচন্দ নকৰোঁ। এই চিত্ৰতো বহুত ভাল বস্তু। ইয়াৰ ওপৰত তোমালোকে বহুত সেৱা কৰিব পাৰা। ভালবাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ নাড়ীৰ স্পন্দন (স্থিতি) চাব লাগে যে মই কিমানলৈকে লায়ক হৈছোঁ? লায়ক হৈ সেৱাৰ প্ৰমাণ দিব লাগে। জ্ঞানৰ পৰাকাষ্ঠাৰে (প্ৰকাশেৰে) বন্ধন মুক্ত হ'ব লাগে।

(2) এজন পিতাৰ মতত চলি অৱগুণবোৰ আঁতৰাব লাগে। দুখদায়ী স্বভাৱক এৰি সুখদায়ী হব লাগে। জ্ঞান ৰত্ন দান কৰিব লাগে।

বৰদান:
অটল নিয়তিক জানিও শ্ৰেষ্ঠ কাৰ্যক প্ৰত্যক্ষ ৰূপ দিওঁতা সদায় সমৰ্থ হোৱা

নতুন শ্ৰেষ্ঠবিশ্বৰ আগমন এয়া অটল নিয়তি কিন্তু সেয়া জানিও সমৰ্থ হোৱাৰ বৰদানী সন্তানে কেৱল কৰ্ম আৰু ফলৰ, পুৰুষাৰ্থ আৰু প্ৰালব্ধৰ, নিমিত্ত আৰু নম্ৰতাৰ কৰ্ম দৰ্শন অনুসৰিনিমিত্ত হৈ কাৰ্য কৰে। জগতবাসীয়ে আশা দেখা নাপায়। আৰু তোমালোকে কোৱা যে এই কাৰ্য অনেক বাৰ হৈছে, এতিয়াও হৈয়েই আছে কিয়নো স্ব-পৰিৱৰ্তনৰ প্ৰত্যক্ষ প্ৰমাণৰ আগত অন্য কোনো প্ৰমাণৰ আৱশ্যকতাই নাই। লগতে পৰমাত্ম কাৰ্য সদায় সফল হয়েই।
 

স্লোগান:
কমকৈ ক'বা, বেছিকৈ কৰিবা - এইটো শ্ৰেষ্ঠ লক্ষ্যই মহান কৰি তুলিব।