10.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলএয়াআচৰিতপঢ়াবেহদৰপিতাইপঢ়ায়, পিতাআৰুতেওঁযিপঢ়ুৱায়তাৰপ্ৰতিকোনোসংশয়আহিবনালাগে, প্ৰথমতেনিশ্চয়হোৱাউচিতযেআমাকপঢ়াওঁতাজনকোনহয়

প্ৰশ্ন:
তোমালোক সন্তানসকলক নিৰন্তৰ স্মৃতিৰ যাত্ৰাত থকাৰ শ্ৰীমত কিয় দিয়া হয়?

উত্তৰ:
কিয়নো মায়াৰূপী শত্ৰু এতিয়াও তোমালোকৰ পাছত আছে, যিয়ে তোমালোকক বগৰাই দিছে (অধঃপতিত কৰিছে)। এতিয়া মায়াই তোমালোকৰ পিছ নেৰিব সেইবাবে গাফিলতি নকৰিবা। যদিও তোমালোক সংগম যুগত আছা কিন্তু আধাকল্প মায়াৰ হৈ আছিলা সেইবাবে সোনকালে এৰি নিদিব। স্মৃতি পাহৰিলেই মায়াই বিকৰ্ম কৰায়, সেইবাবে খবৰদাৰ হৈ থাকিব লাগে। আসুৰিক মতত চলিব নালাগে।

ওঁম্শান্তি।
এতিয়া সন্তানসকলও আছে, বাবাও আছে। বাবাই অনেক সন্তানসকলক কব অ পুত্ৰসকল, সকলো সন্তানে কব অ বাবা। সন্তান বহুত হয়। তোমালোকে বুজিছা এই জ্ঞান আত্মাৰ বাবেহে। এজন পিতাৰ কিমান ঢেৰ সন্তান। সন্তানসকলে জানে পিতাই পঢ়াবলৈ আহে। তেওঁ প্ৰথমতে বাবা হয়, পাছত শিক্ষক, গুৰু হয়। এতিয়া পিতাতো পিতাই হয়। পাছে পৱিত্ৰ কৰি তুলিবলৈ স্মৰণৰ যাত্ৰা শিকায়। আৰু এয়াও সন্তানসকলে বুজে যে এই পঢ়া কিমান আচৰিত! নাটকৰ আদি-মধ্য-অন্তৰ ৰহস্য পিতাৰ বাহিৰে কোনেও কব নোৱাৰে, সেইবাবে তেওঁক বেহদৰ পিতা বুলি কোৱা হয়। এয়া নিশ্চয়তো সন্তানসকলৰ নিশ্চয় বহে, এই ক্ষেত্ৰত সংশয় কথা আহিবই নোৱাৰে। ইমান বেহদৰ পঢ়া, বেহদৰ পিতাৰ বাহিৰেতো কোনেও পঢ়াব নোৱাৰে। মাতেও যে বাবা আহা, আমাক পাৱন সৃষ্টিলৈ লৈ বলা কিয়নো এয়া হৈছে পতিত সৃষ্টি। পিতাই পাৱন সৃষ্টিলৈ লৈ যায়। তাত নকয় বাবা আহা, পাৱন সৃষ্টিলৈ লৈ বলা। সন্তানসকলে জানে তেওঁ আমাৰ আত্মাসকলৰ পিতা হয়। সেয়ে দেহৰ অভিমান নোহোৱা হৈ যায়। আত্মাই কয় তেওঁ আমাৰ পিতা হয়। এতিয়া এয়াতো নিশ্চয় থকা উচিত সঁচাকৈ পিতাৰ বাহিৰে কোনেও ইমান জ্ঞান দিব নোৱাৰে। প্ৰথমতেতো এয়া বুদ্ধিত নিশ্চয়ৰ প্ৰয়োজন। নিশ্চয়ও আত্মাৰ বুদ্ধিত থাকে। আত্মাই এই জ্ঞান পায়, এয়া আমাৰ বাবা হয়। এয়া বহুত দৃঢ় নিশ্চয় সন্তানসকলৰ থাকিব লাগে। মুখেৰে একো কব নালাগে। আমি আত্মাবোৰে এটা শৰীৰ এৰি অন্য এটা লওঁ। আত্মাতে সকলো সংস্কাৰ থাকে।

এতিয়া তোমালোকে জানিছা বাবা আহি গৈছে, আমাক এনেকৈ পঢ়ায়, কৰ্ম শিকাই যাৰ বাবে আমি এই সৃষ্টিত কেতিয়াও নাহো। জগতৰ মানুহেতো ভাবে এইখন সৃষ্টিতে আহিব লাগিব। তোমালোকে এনেকৈ নাভাবা। তোমালোকে এই অমৰকথা শুনি অমৰপুৰীলৈ যোৱা। অমৰপুৰী অৰ্থাৎ যত সদায় অমৰ হৈ থাকে। সত্যযুগ-ত্ৰেতা হল অমৰপুৰী। সন্তানসকলৰ কিমান আনন্দ হোৱা উচিত। এই পঢ়া পিতাৰ বাহিৰে আৰু কোনেও পঢ়াব নোৱাৰে। পিতাই আমাক পঢ়ায় আৰু যিসকল শিক্ষক আছে তেওঁলোক সাধাৰণ মনুষ্য হয়। ইয়াতে তোমালোকে যাক পতিত-পাৱন, দুখ হৰ্তা সুখ কৰ্তা বুলি কোৱা, সেই পিতাই এতিয়া সন্মুখত পঢ়াই আছে। সন্মুখলৈ নাহিলে ৰাজযোগৰ পঢ়া কেনেকৈ পঢ়াব? পিতাই কয় তোমালোক মিঠা সন্তানসকলক ইয়াতে পঢ়াবলৈ আহিছো। পঢ়াবলৈ এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰো। সঁচাকৈয়ে ভগৱানুৱাচও হয়, সেয়ে নিশ্চয় শৰীৰৰও প্ৰয়োজন। কেৱল মুখেই নহয়, কিন্তু গোটেই শৰীৰৰ প্ৰয়োজন। নিজেও কয় অতি মৰমৰ আত্মিক সন্তানসকল, মই কল্প কল্প পুৰুষোত্তম সংগম যুগত সাধাৰণ শৰীৰত আহো, বহুত গৰীবো নহয়, বহুত ধনৱানো নহয়, সাধাৰণ হয়। এয়াতো তোমালোক সন্তানসকলৰ নিশ্চয় থকা উচিত তেওঁ আমাৰ বাবা হয়, আমি আত্মা হওঁ। আমাৰ আত্মাসকলৰ বাবা হয়। গোটেই জগতৰ যিমান মনুষ্য মাত্ৰেই আত্মা আছে, সেই সকলোৰে বাবা হয় সেইবাবে তেওঁক বেহদৰ বাবা বুলি কোৱা হয়। শিৱ জয়ন্তীও পালন কৰা হয়, তেওঁকো কোনেও নাজানে। কাৰোবাক যদি সোধা হয় শিৱ জয়ন্তী কেতিয়াৰ পৰা পালন কৰা হয়? তেতিয়া কব পৰম্পৰাৰ পৰা। সেয়াও কেতিয়াৰ পৰা? কিবা তাৰিখৰ প্ৰয়োজন নহয় জানো। নাটক অনাদি হয়। কিন্তু নাটকত যি ক্ৰিয়া-কলাপ হয়, তাৰ তিথি-তাৰিখৰতো প্ৰয়োজন নহয় জানো। এয়াতো কোনেও নাজানে। আমাৰ শিৱবাবা আহে, সেই স্নেহেৰে জয়ন্তীও পালন নকৰে। নেহৰুৰ জয়ন্তী সেই স্নেহেৰে পালন কৰে। চকুপানীও আহি যায়। শিৱ জয়ন্তীৰ কথা কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকল অনুভৱী হোৱা। অনেক মনুষ্য আছে, যিসকলে একো নাজানে। কিমান মেলা পাতে। তাত যিসকল যায় তেওঁলোকে কব পাৰে যে সত্য কি হয়? যেনেকৈ বাবাই অমৰনাথৰো উদাহৰণ দি কৈছিল, তালৈ গৈ চোৱা সত্য কি হয়? অন্যসকলে যিয়ে আনৰ দ্বাৰা শুনে, সেয়াই কয়। কোনোবাই কলে বৰফৰ লিংগ হয়, কব সঁচা। এতিয়া তোমালোক সন্তানসকলৰ অনুভৱ হৈছে শুদ্ধ কি, ভুল কি? এতিয়ালৈ যি কিবা শুনিছা, পঢ়ি আহিছা, সেই সকলো আছিল অনৈতিক। গায়নো আছে নহয় জানো মিছা কায়া এয়া হল মিছা খণ্ড, সেয়া হল সঁচা খণ্ড। সত্যযুগ, ত্ৰেতা, দ্বাপৰ অতীত হৈ গৈছে, এতিয়া কলিযুগ চলি আছে। এয়াও বহুত কমেহে জানে। তোমালোকৰ বুদ্ধিত সকলো খেয়াল থাকে। পিতাৰ ওচৰত সকলো জ্ঞান আছে, তেওঁক কোৱা হয় জ্ঞানৰ সাগৰ। তেওঁৰ ওচৰত যি জ্ঞান আছে সেয়া তেওঁ এই শৰীৰৰ দ্বাৰা দি আমাক নিজৰ সমান কৰি তুলি আছে। যেনেকৈ শিক্ষকেও নিজৰ সমান কৰি তোলে। সেয়ে বেহদৰ পিতায়ো চেষ্টা কৰি নিজৰ সমান কৰি তোলে। লৌকিক পিতাই নিজৰ সমান কৰি নোতোলে। তোমালোকে এতিয়া বেহদৰ পিতাৰ ওচৰলৈ আহিছা। তেওঁ জানে মই সন্তানসকলক নিজৰ সমান কৰি তুলিব লাগে। যেনেকৈ শিক্ষকে নিজৰ সমান কৰি তুলিব, ক্ৰম নম্বৰ হব। এয়া পিতায়ো কয়, ক্ৰম নম্বৰ হবা। মই যি পঢ়াও এয়া হৈছে অবিনাশী পঢ়া। যিয়ে যিমান পঢ়িব সেয়া ব্যৰ্থ নাযায়। আগলৈ দেখিবা নিজে কব আমি 4 বছৰ আগতে, 8 বছৰ আগতে কাৰোবাৰ পৰা জ্ঞান শুনিছিলো, এতিয়া পুনৰ আহিছো। পাছত কোনোবাই একেবাৰে লাগি ধৰে। জ্বলন্ত চাকিতো আছে পিছে তাৰ ওপৰত কোনোকা চগাপোক হৈ একদম উৎসৰ্গিত হয়। কোনোৱে চাৰিওফালে ঘূৰি গুচি যায়। আৰম্ভণিতে জলন্ত চাকিত বহুত চগাপোক প্ৰেমিক হৈ পৰিছে। নাটকৰ পৰিকল্পনা অনুসৰি ভট্টী হবলগীয়া আছিল। কল্পৰ আগতেও এনেকুৱা হৈছিল। যি পাৰ হৈ গল, কল্পৰ আগতেও এনেকুৱা হৈছিল। আগলৈ পুনৰ সেয়াই হব। বাকী এয়া নিশ্চয় ৰাখা যে আমি আত্মা হওঁ। পিতাই আমাক পঢ়ায়। এই নিশ্চয়ত দৃঢ় হোৱা, পাহৰি নাযাবা। এনেকুৱা কোনো মনুষ্য নাই যিয়ে পিতাক পিতা বুলি নাভাবে। হয়তো বিচ্ছিন্ন যায় তথাপিও বুজি পাই আমি পিতাৰ পৰা পৃথক হৈছো। এয়াতো বেহদৰ পিতা হয়, তেওঁক কেতিয়াও নেৰো। অন্ত সময়লৈ লগত থাকিম। এই পিতা হল সকলোৰে সৎগতি কৰোতা। 5 হাজাৰ বছৰৰ পাছত আহে। এয়াও বুজিছা, সত্যযুগত বহুত কম মনুষ্য থাকে। বাকী সকলোৱে শান্তিধামত থাকে। এই জ্ঞানও পিতাইহে শুনাই আৰু কোনেও শুনাব নোৱাৰে। কাৰো বুদ্ধিত নবহে। তোমালোক আত্মাসকলৰ তেওঁ পিতা হয়। তেওঁ চৈতন্য বীজৰূপ হয়। কি জ্ঞান দিব? সৃষ্টিৰূপী বৃক্ষৰ। ৰচোতাই নিশ্চয় ৰচনাৰ জ্ঞান দিব। তোমালোকে জানিছিলা নেকি যে সত্যযুগ কেতিয়া আছিল পাছত কলৈ গল!

এতিয়া তোমালোকে সন্মুখত বহিছা, বাবাই কথা পাতি আছে। দৃঢ় নিশ্চয় কৰিছা এয়া আমাৰ সকলো আত্মাৰ পিতা হয়, আমাক পঢ়াই আছে। এয়া কোনো শৰীৰধাৰী শিক্ষক নহয়। এই (ব্ৰহ্মাৰ) শৰীৰত পঢ়াওতা শিৱবাবা বিৰাজমান হৈছে। তেওঁ নিৰাকাৰ হৈও জ্ঞানৰ সাগৰ হয়। মানুহেতো কৈ দিয়ে তেওঁৰ কোনো আকাৰ নাই। মহিমাও গায় জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। কিন্তু বুজি নাপায়। নাটক অনুসৰি বহুত দূৰ গুচি গৈছা। বাবা বহুত ওচৰলৈ লৈ আহে। এয়াতো 5 হাজাৰ বছৰৰ কথা। তোমালোকে বুজিছা প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আমাক পঢ়াবলৈ আহে। এই জ্ঞান আৰু কাৰো পৰা পাব নোৱাৰা। এই জ্ঞান হৈছে নতুন সৃষ্টিৰ বাবে। কোনো মানুহে দিব নোৱাৰে কিয়নো তমোপ্ৰধান হয়। তেওঁলোকে কাকো সতোপ্ৰধান কৰি তুলিব নোৱাৰে। তেওঁলোকেতো তমোপ্ৰধান হৈয়ে গৈ থাকে।

এতিয়া তোমালোকে জানিছা বাবাই আমাক এওঁৰ শৰীৰত প্ৰৱেশ কৰি কৈ আছে আৰু পুনৰ পিতাই কয় সন্তানসকল, গাফিলতি নকৰিবা। শত্ৰু এতিয়াও তোমালোকৰ পাছত আছে, যিয়ে তোমালোকক বগৰাইছে। শত্ৰু এতিয়াও তোমালোকৰ পিছ নেৰিব। হয় তোমালোকে সংগমযুগত আছা কিন্তু আধাকল্প তোমালোক তেওঁৰ আছিলা সেয়ে তেওঁ সোনকালে এৰি নিদিব। সাৱধান হৈ নাথাকিলে, স্মৰণ নকৰিলে তেতিয়া পুনৰ আৰু বিকৰ্ম কৰাই দিব। পাছত কিবা নহয় কিবা প্ৰকাৰে চাপৰ লাগি যাব। এতিয়া চোৱা মানুহে নিজে নিজক চৰ মাৰে। কি কি কৈ দিয়ে! শিৱ-শংকৰক একত্ৰ কৰি দিছে। শিৱৰ বৃত্তি কি, শংকৰৰ কি? কিমান পাৰ্থক্য আছে। শিৱতো হৈছে উচ্চতকৈও উচ্চ ভগৱান, শংকৰ দেৱতা। পিছে শিৱ-শংকৰ একত্ৰ বুলি কেনেকৈ কৈ দিয়ে! দুয়োজনৰ ভূমিকাই বেলেগ বেলেগ। ইয়াতেও বহুতৰে এনে এনে নাম আছে ৰাধে-কৃষ্ণ, লক্ষ্মী-নাৰায়ণ, শিৱ-শংকৰ দুয়োটা নাম নিজৰ ওপৰতে ৰাখি দিছে। সেয়ে সন্তানসকলে বুজিছে এই সময়লৈ পিতাই যি বুজাইছে সেয়া পুনৰ পুনৰাবৃত্তি হব। অলপ দিন বাকী আছে। পিতাই বহি নাযায়। সন্তানসকলে পঢ়ি ক্ৰম নম্বৰত কৰ্মাতীত হৈ যাব। নাটক অনুসৰি মালাও তৈয়াৰ হৈ যাব। কোনডাল মালা। সকলো আত্মাৰে মালা তৈয়াৰ হৈ যাব, তেতিয়া পুনৰ উভতি যাব। প্ৰথম নম্বৰৰ মালা তোমালোকৰে। শিৱবাবাৰ মালা বহুত দীঘল। তাৰ পৰা ক্ৰমিক নম্বৰ অনুসৰি চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আহিবা। তোমালোক সকলোৱে বাবা বাবা বুলি কোৱা। সকলোৱে এডাল মালাৰে মণি হোৱা। সকলোকে বিষ্ণুৰ মালাৰ মণি বুলি কোৱা নহয়। এয়া পিতাই বহি পঢ়ায়। সূৰ্যবংশী হবই লাগিব। সূৰ্যবংশী-চন্দ্ৰবংশী যি অতীত হৈ গৈছে সেয়া পুনৰ হব। এই পদবী পঢ়াৰ দ্বাৰা প্ৰাপ্ত হয়। পিতাৰ পঢ়াৰ বাহিৰে এই পদবী প্ৰাপ্ত হব নোৱাৰে। চিত্ৰও আছে, কিন্তু কোনেও এনেকুৱা কাৰ্য নকৰে যে আমি এয়া হব পাৰো। সত্য নাৰায়ণৰ কথাও শুনে। গৰুড় পুৰাণত সকলো এনে কথা আছে যিবোৰ মানুহক শুনায়। পিতাই কয় এয়া বিষয় বৈতৰণী নদী ৰৌৰৱ নৰক। বিশেষকৈ ভাৰতকে কোৱা হয়। বৃহস্পতিৰ দশাও ভাৰততে বহে। বৃহস্পতিয়েও ভাৰতবাসীকে পঢ়ায়। বেহদৰ পিতাই বহি বেহদৰ কথা বুজায় । দশাও বহে। ৰাহুৰো দশা হয় সেইবাবে কয় দান দিয়া তেতিয়া গ্ৰহণ নোহোৱা হব। পিতায়ো কয় এই কলিযুগৰ অন্তত সকলোৰে ওপৰত ৰাহুৰ দশা বহিছে। এতিয়া বৃহস্পতি আহিছো ভাৰতৰ ওপৰত বৃহস্পতিৰ দশা বহুৱাবলৈ। সত্যযুগত ভাৰতৰ ওপৰত বৃহস্পতিৰ দশা আছিল। এতিয়া হল ৰাহুৰ দশা। এয়া হৈছে বেহদৰ কথা। এই কথা কোনো শাস্ত্ৰত নাই। এই আলোচনী আদিও তেওঁলোকে বুজি পাব যিসকলে আগতে কিবা নহয় কিবা বুজি পাইছে। আলোচনী আদি পঢ়িলে তেওঁলোকে বেছি বুজিবলৈ দৌৰি আহিব। বাকীতো একো নুবুজিব। যিয়ে অলপ পঢ়ি এৰি দিয়ে তেতিয়া তেওঁক অকণমান জ্ঞান ঘিউ ঢালি দিলে পুনৰ সজাগ হৈ যায়। জ্ঞানক ঘিউ বুলি কোৱা হয়। নুমাই যোৱা দীপকত পিতা আহি জ্ঞানৰ ঘিউ ঢালি আছে। তেওঁ কয় সন্তানসকল, মায়াৰ ধুমুহা আহিব, চাকি নুমাই দিব। জ্বলন্ত চাকিত কোনোবা চগা পোক জ্বলি মৰে, কোনোবাই চকৰি লগাই গুচি যায়। সেই কথা এতিয়া ব্যৱহাৰিকভাৱে চলি আছে। সকলোৱে ক্ৰমিক নম্বৰাৰ চগা পোক। প্ৰথমতে একেবাৰে ঘৰ-বাৰী এৰি আহি চগাপোক হল। যেন একেবাৰে লটাৰী পাই গল। যি কিবা পাৰ হৈ গল তেমালোকে পুনৰ এনেকুৱা কৰিবা। হয়তো কোনোবা গুচি গৈছে, এনেকৈ নাভাবিবা স্বৰ্গলৈ নাহিব, চগাপোক হল, প্ৰেমিক হল পাছত মায়াই হৰুৱাই দিলে, তেতিয়া পদো কম পাব। ক্ৰমিক নম্বৰটো হয়েই। আন সৎসংগত কাৰোৱে বুদ্ধিত না। তোমালোকৰ বুদ্ধিত আছে। পিতাৰ পৰা নতুন দুনীয়াৰ বাবে ক্ৰম নম্বৰ নিজৰ পুৰুষাৰ্থ অনুসৰি পঢ়ি আছো। আমি বেহদৰ পিতাৰ সন্মুখত বহি আছো। এয়াও জানিছা সেই আত্মা দেখিবলৈ পোৱা নাযায়। সেয়াতো অব্যক্ত বস্তু। তাক দিব্য দৃষ্টিৰ দ্বাৰা দেখা পোৱা যায়। আমি আত্মাও সৰু বিন্দু হওঁ। কিন্তু দেহ-অভিমান এৰি নিজকে আত্মা বুলি ভাবা এয়া হল উচ্চ পঢ়া। সেই (লৌকিক) পঢ়াতো যি বিষয় কঠিন হয়, তাত ফেল হয়। এই বিষয়বোৰ বহুত সহজ, কিন্তু কিছুমানে কঠিন অনুভৱ কৰে।

এতিয়া তোমালোকে বুজিছা শিৱবাবা সন্মুখত বহি আছে। তোমালোকেও নিৰাকাৰ আত্মা হোৱা কিন্তু শৰীৰত আছা। এই সকলো কথা বেহদৰ পিতাই শুনায়, আন কোনেও শুনাব নোৱাৰে। পাছত কি কৰিবা? তেওঁক ধন্যবাদ দিবা। নাই। বাবাই কয় এই অনাদি নাটক নিৰ্ধাৰণ হৈ আছে। মই কোনো নতুন কাম নকৰো। নাটক অনুসৰি তোমালোকক পঢ়াও। ধন্যবাদতো ভক্তি মাৰ্গত দিয়ে। শিক্ষকে কব ছাত্ৰসকলে ভালদৰে পঢ়িলে তেতিয়া আমাৰ নাম জনাজাত হব। ছাত্ৰসকলক ধন্যবাদ দিয়া হয়। যি ভালদৰে পঢ়ে, পঢ়াই, তেওঁক ধন্যবাদ দিয়া হয়। পুনৰ ছাত্ৰসকলে শিক্ষকক ধন্যবাদ দিব। পিতাই কয় মৰমৰ সন্তানসকল, জীয়াই থাকা। এনেকুৱা সেৱা কৰি যোৱা, কল্পৰ আগতেও কৰিছিলা। অচ্ছা!

কল্পৰ পিছত পুনৰাই লগ পোৱা অতি মৰমৰ সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় নিচা আৰু নিশ্চয় থাকিব লাগে যে আমাক পঢ়াওতা জন কোনো শৰীৰধাৰী শিক্ষক নহয়। স্বয়ং জ্ঞানৰ সাগৰ নিৰাকাৰ পিতা শিক্ষক হৈ আমাক পঢ়াই আছে। এই পঢ়াৰ দ্বাৰাই আমি সতোপ্ৰধান হব লাগে।

(2) আত্মাৰূপী দীপকত সদায় জ্ঞানৰূপী ঘিউ ঢালিব লাগে। জ্ঞানৰ ঘিউৰ দ্বাৰা সদায় এনেকৈ প্ৰজ্জ্বলিত হৈ থাকিব লাগে যাতে মায়াৰ কোনো ধুমুহাই অস্থিৰ কৰিব নোৱাৰে। চগাপোক হৈ অগ্নি শিখাত বলিহাৰ হব লাগে।

বৰদান:
মন-বুদ্ধিকজঞ্জালৰপৰাএকাষৰীয়াকৰিমিলনমেলাপালনকৰোতাজঞ্জালমুক্তহোৱা

কিছুমান সন্তানে ভাবে এই জঞ্জাল পুৰা হলে তেতিয়া আমাৰ অৱস্থা বা সেৱা ভাল হৈ যাব। কিন্তু জঞ্জালবোৰ পাহাৰৰ সমান। পাহাৰ আঁতৰি নাযায়, কিন্তু যত জঞ্জাল আছে তাত নিজৰ মন-বুদ্ধিক একাষৰীয়া কৰি লোৱা অথবা উৰন্ত কলাৰ দ্বাৰা জঞ্জালৰূপী পাহাৰৰো ওপৰলৈ গুচি যোৱা তেতিয়া পাহাৰো তোমালোকৰ সহজ অনুভৱ হব। জঞ্জালৰ জগতত জঞ্জালতো আহিবই, তোমালোক মুক্ত হৈ থাকা তেতিয়া মিলন মেলা পালন কৰিব পাৰিবা।

স্লোগান:
এইবেহদৰনাটকতহিৰ পাৰ্ট (নায়ক-নায়িকাৰভূমিকা) পালনকৰোতাজনেহিৰ পাৰ্টধাৰীহয়।