10.05.20    Avyakt Bapdada     Assame Murli     08.01.86     Om Shanti     Madhuban


*ধৰণীৰ হলি (পবিত্ৰ) তৰা*


আজি জ্ঞান সূৰ্য পিতাই নিজৰ অনেক প্ৰকাৰৰ বিশেষত্বৰে সম্পন্ন বিশেষ তৰাবোৰক চাই আছেহঁক। প্ৰতিটো তৰাৰ বিশেষত্ব বিশ্বক পৰিৱৰ্তন কৰাৰ প্ৰকাশ দিওঁতা হয়। আজিকালি বিশ্বত বিশেষভাৱে তৰাৰ অনুসন্ধান কৰে কিয়নো তৰাবোৰৰ প্ৰভাৱ পৃথিৱীৰ ওপৰত পৰে। বৈজ্ঞানিকসকলে আকাশৰ তৰাৰ অনুসন্ধান কৰে, বাপদাদাই নিজৰ হলি ষ্টাৰ্চ (পবিত্ৰ তৰাবোৰ)ৰ বিশেষত্বসমূহ চাই আছেহঁক। যেতিয়া আকাশৰ তৰাই ইমান দূৰৈৰ পৰা নিজৰ ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে তেন্তে তোমালোক হলি ষ্টাৰ্চসকলে এই বিশ্বক পৰিৱৰ্তন কৰাৰ, পবিত্ৰতা-সুখ-শান্তিময় সংসাৰ গঢ়ি তোলাৰ প্ৰভাৱ কিমান সহজে পেলাব পাৰা। তোমালোক ধৰণীৰ তৰা, সেয়া হল আকাশৰ তৰা। ধৰণীৰ তৰা এই বিশ্বক অস্থিৰতাৰ পৰা ৰক্ষা কৰি সুখী সংসাৰ, স্বৰ্ণিম সংসাৰ গঢ়োঁতা হোৱা। এই সময়ত প্ৰকৃতি আৰু ব্যক্তি দুয়োটাই অস্থিৰতাৰ সৃষ্টিকৰাৰ নিমিত্ত হৈছে কিন্তু তোমালোক পুৰুষোত্তম আত্মাসকলে বিশ্বক সুখৰ শ্বাস, শান্তিৰ শ্বাস দিয়াৰ নিমিত্ত হোৱা। তোমালোক ধৰণীৰ তৰাই সকলো আত্মাৰ সকলো আশা পূৰ্ণ কৰোঁতা প্ৰাপ্তি স্বৰূপ তৰা, সকলোৰে নিৰাশাক আশালৈ পৰিৱৰ্তন কৰোঁতা শ্ৰেষ্ঠ আশাৰ তৰা হোৱা। গতিকে নিজৰ শ্ৰেষ্ঠ প্ৰভাৱক চেক্‌ (পৰীক্ষা) কৰা যে মোৰ; শান্তিৰ তৰাৰ, হলি তৰাৰ, সুখ স্বৰূপ তৰাৰ, সৰ্বদা সফলতাৰ তৰাৰ, সকলো আশা পূৰ্ণ কৰোঁতা তৰাৰ, সন্তুষ্টতাৰ প্ৰভাৱশালী তৰাৰ প্ৰভাৱ পেলোৱাৰ জেউতি আৰু ৰেঙনিকিমান আছে? কিমানলৈকে প্ৰভাৱ পেলাই আছে? প্ৰভাৱৰ স্পীড্‌ (ক্ষিপ্ৰতা) কিমান? যিদৰে সেই তৰাবোৰৰ স্পীড্‌ চেক্‌ কৰে, সেইদৰে নিজৰ প্ৰভাৱৰ স্পীড্‌ নিজে চেক্‌ কৰা কিয়নো বিশ্বত এই সময়ত তোমালোক হলি তৰাবোৰৰ আৱশ্যকতা আছে। সেয়েহে বাপদাদাই সকলো ভেৰাইটি (বিভিন্ন প্ৰকাৰৰ) তৰাবোৰ চাই আছিল।

এই আত্মিক তৰাবোৰৰ সংগঠন কিমান শ্ৰেষ্ঠ আৰু সুখদায়ী হয়। এইদৰে নিজকে চিকমিকাই থকা তৰা বুলি ভাবানে? যিদৰে সেই তৰাবোৰক চাবৰ বাবে কিমান ইচ্ছুক হয়। এতিয়া এনেকুৱা সময় আহি আছে যে তোমালোক হলি তৰাবোৰক চাবৰ বাবে সকলো ইচ্ছুক হব। তোমালোক তৰাবোৰক বিচাৰিব যে এই শান্তিৰ প্ৰভাৱ, সুখৰ প্ৰভাৱ, অচল কৰি তোলাৰ প্ৰভাৱ কৰ পৰা আহি আছে। ইয়াৰো ৰিচাৰ্চ (গৱেষণা) কৰিব। এতিয়াতো প্ৰকৃতিৰ অনুসন্ধানত লাগি আছে, যেতিয়া প্ৰকৃতিৰ অনুসন্ধান কৰি ভাগৰি যাব তেতিয়া এই আত্মিক ৰিচাৰ্চ কৰাৰ সংকল্প উদয় হব। তাৰ আগতে তোমালোক হলি তৰাবোৰে নিজকে সম্পন্ন কৰি লোৱা। কিবা নহয় কিবা গুণৰ, শান্তিৰ বিশেষত্ব হওক, শক্তিৰ বিশেষত্ব হওক নিজৰ মাজত ধাৰণ কৰাৰ বাবে তীব্ৰগতিৰে প্ৰস্তুতি চলোৱা। তোমালোকেও ৰিচাৰ্চ কৰা। সকলো গুণতো আছেই কিন্তু তথাপিও অতি কমেও এটা গুণৰ বিশেষত্বৰে সেই ক্ষেত্ৰত নিজক বিশেষভাৱে সম্পন্ন কৰি তোলা। যিদৰে ডাক্তৰসকলৰ ক্ষেত্ৰত জেনেৰেল (সাধাৰণ) বেমাৰৰ নলেজ (জ্ঞান)তো থাকেই কিন্তু তাৰ লগতে কোনো বিশেষ বেমাৰৰ নলেজ থাকে। সেইটো বিশেষত্বৰ বাবে বিখ্যাত হৈ যায়। গতিকে সৰ্বগুণ সম্পন্নতো হবই লাগিব। তথাপিও এটা বিশেষত্বক বিশেষ ৰূপত অনুভৱ কৰি, সেৱাত খটুৱাই আগবাঢ়ি যোৱা। যিদৰে ভক্তিতো প্ৰতিগৰাকী দেৱীৰ গুণ-গৰিমাত, প্ৰত্যেকৰে বিশেষত্ব বেলেগে বেলেগে গায়ন কৰা হয়। আৰু পূজাও সেই বিশেষত্ব অনুসৰিয়ে হয় যিদৰে সৰস্বতীক বিশেষ বিদ্যাৰ দেৱী বুলি মান্যতা দিয়ে আৰু পূজা কৰে। লক্ষ্মীক ধনৰ দেৱী বুলি কৈ পূজা কৰে। এইদৰে নিজৰ মাজত সৰ্বগুণ, সৰ্বশক্তি থকা সত্বেও এটা বিশেষত্বৰ ওপৰত বিশেষভাৱে ৰিচাৰ্চ কৰি নিজকে প্ৰভাৱশালী কৰি তোলা। এইটো বছৰত প্ৰতিটো গুণৰ, প্ৰতিটো শক্তিৰ ওপৰত ৰিচাৰ্চ কৰা। প্ৰতিটো গুণৰ সূক্ষ্মতাত যোৱা। সূক্ষ্মতাৰে তাৰ মহানতা অনুভৱ কৰিব পাৰিবা। স্মৃতিৰ ষ্টেজ (অৱস্থা)সমূহৰ, পুৰুষাৰ্থৰ ষ্টেজসমূহৰ সূক্ষ্মতাৰে ৰিচাৰ্চ কৰা, গভীৰতালৈ যোৱা, ডীপ (গভীৰ) অনুভূতি কৰা। অনুভৱৰ সাগৰৰ তলিলৈ যোৱা। কেৱল ওপৰুৱা লহৰত নাচি ফুৰাৰ অনুভৱী হোৱাতো, এয়াই সম্পূৰ্ণ অনুভৱ নহয়। আৰু অধিক অন্তৰ্মুখী হৈ গূঢ় অনুভৱৰ ৰত্নৰে বুদ্ধিক ভৰপূৰ কৰি তোলা কিয়নো প্ৰত্যক্ষতাৰ সময় সমীপত আহি আছে। সম্পন্ন হোৱা, সম্পূৰ্ণ হোৱা তেতিয়া সকলো আত্মাৰ আগত অজ্ঞানতাৰ পৰ্দা আঁতৰি যাব। তোমালোকৰ সম্পূৰ্ণতাৰ প্ৰকাশেৰে এই পৰ্দা স্বতঃ মুকলি হৈ যাব সেয়েহে ৰিচাৰ্চ কৰা। চাৰ্চ লাইট হোৱা, তেতিয়াহে গল্ডেন জুবিলী (সোণালী জয়ন্তী) উদযাপন কৰিলা বুলি কম।

গল্ডেন জুবিলীৰ বিশেষত্ব, প্ৰত্যেকৰ দ্বাৰা সকলোৰে এয়াই অনুভৱ হওক, দৃষ্টিৰেও সোণালী শক্তিসমূহৰ অনুভূতি হওক। যেন লাইটৰ প্ৰকাশে আত্মাসকলক গল্ডেন (সোণালী) কৰি তোলাৰ শক্তি দি আছে। গতিকে প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম গল্ড (সোণ) হওক। গল্ড কৰি তোলাৰ নিমিত্ত হওক। এই গল্ডেন জুবিলীৰ বৰ্ষত নিজকে পাৰসনাথৰ সন্তান মাষ্টৰ পাৰসনাথ বুলি ভাবিবা। যিমানেই লোহাৰ সমান আত্মা নহওক কিয় পাৰস (পৰশমণি)ৰ সংগত লোহাও পাৰস (পবিত্ৰ) হৈ যায়। এয়া লোহা হয়, এনেকৈ নাভাবিবা। মই পাৰস হওঁ এনেকৈ ভাবিবা। পাৰসৰ কামেই হল লোহাকো পাৰস কৰি তোলা। এইটোৱে লক্ষ্য আৰু লক্ষণ সদায় স্মৃতিত ৰাখিবা, তেতিয়া হলি তৰাবোৰৰ প্ৰভাৱ বিশ্বৰ দৃষ্টিগোচৰ হব। এতিয়াতো বেচেৰাসকল ভয়-ভীত হৈ আছে, অমুক তৰাটি আহি আছে। আকৌ সুখী হব যে হলি তৰাবোৰ আহি আছে। চতুৰ্দিশে বিশ্বত হলি তৰাবোৰৰ ৰিমঝিম অনুভৱ হব। সকলোৰে মুখৰে এয়াই আৱাজ (ধ্বনি) উচ্চাৰিত হব যে লাকী (ভাগ্যৱান) তৰাবোৰ, সফলতাৰ তৰাবোৰ আহি গল। সুখ শান্তিৰ তৰাবোৰ আহি গল। এতিয়াতো দূৰবীণ লৈ চায় নহয় জানো। পাচত তৃতীয় নেত্ৰৰে, দিব্য নেত্ৰৰে চাব। কিন্তু এই বছৰটি প্ৰস্তুতিৰ বাবে। ভালদৰে প্ৰস্তুতি চলাবা। বাৰু - প্ৰগ্ৰামত (কাৰ্যসূচীত) কি কৰিবা! বাপদাদায়ো বতনত দৃশ্য ইমাৰ্জ (জাগ্ৰত) কৰিলে, দৃশ্য কি আছিল?

কনফাৰেন্স (সন্মিলন)ৰ ষ্টেজততো স্পীকাৰ্চ (বক্তা)সকলকে বহোৱা নহয় জানো। কনফাৰেন্সৰ ষ্টেজ অৰ্থাৎ স্পীকাৰ্চসকলৰ ষ্টেজ। এই ৰূপৰেখা বনোৱা নহয়। টপিক (বিষয় বস্তু)ৰ ওপৰত ভাষণতো সদায়েই দিয়া আৰু অধিক ভালকৈ দিয়া কিন্তু এই গল্ডেন জুবিলীত ভাষণৰ সময় কম হওক আৰু প্ৰভাৱ বেছি হওক। সেই সময়তে ভিন্ন ভিন্ন স্পীকাৰ্চে (বক্তাই) নিজৰ প্ৰভাৱশালী ভাষণ দিব পাৰে, তাৰ সেই ৰূপৰেখা কি হব। এদিন বিশেষ আধা ঘণ্টাৰ বাবে এই প্ৰগ্ৰাম ৰাখা আৰু যিদৰে বাহিৰৰ সকলে বা বিশেষ ভাষণ দিয়াসকলে ভাষণ দিয়ে সেয়া লাগিলে হওক কিন্তু আধা ঘণ্টাৰ কাৰণে এদিন ষ্টেজতো ভিন্ন ভিন্ন বয়সৰ অৰ্থাৎ এটি সৰু লৰা, এজনী কুমাৰী, এহাল পবিত্ৰ যুগল (স্বামী-স্ত্ৰী) হওক। এহাল প্ৰবৃত্তিত থকা যুগল হওক। এজন বয়সস্থ হওক। তেওঁলোক ভিন্ন ভিন্ন চন্দ্ৰমাৰ দৰে ষ্টেজত বহি থাকক আৰু ষ্টেজৰ পোহৰ প্ৰখৰ নহওক। সাধাৰণ হওক। প্ৰত্যেকে গাইপতি তিনি মিনিটত নিজৰ বিশেষ গল্ডেন ভাৰ্চন (সোণালী ভাষ্য) শুনাওক যে এই শ্ৰেষ্ঠ জীৱন গঢ়াৰ গল্ডেন ভাৰ্চনকি প্ৰাপ্ত হল, যাৰ দ্বাৰা জীৱন গঢ়ি ললে। সৰু কুমাৰ অৰ্থাৎ লৰা বা ছোৱালীয়ে শুনাওক, সৰু লৰা-ছোৱালীৰ বাবে কি গল্ডেন ভাৰ্চনপ্ৰাপ্ত হল। কুমাৰী জীৱনৰ বাবে কি গল্ডেন ভাৰ্চনপ্ৰাপ্ত হল, বাল ব্ৰহ্মচাৰী যুগলসকলে কি গল্ডেন ভাৰ্চনপ্ৰাপ্ত কৰিলে। আৰু প্ৰবৃত্তিত থকা ট্ৰাষ্টী (নিমিত্ত) আত্মাসকলে কি গল্ডেন ভাৰ্চনপ্ৰাপ্ত কৰিলে। বয়সস্থসকলে কি গল্ডেন ভাৰ্চনপ্ৰাপ্ত কৰিলে। তেওঁলোকে গাইপতি তিনি মিনিটকৈ কওক। কিন্তু লাষ্ট (শেষ)ত গল্ডেন ভাৰ্চনশ্লোগানৰ ৰূপত গোটেই সভাখনে আওৰাওক। আৰু যাৰ কোৱাৰ টাৰ্ণ হয় (পাল পৰে) তেওঁৰ ওপৰত বিশেষ লাইট (পোহৰাই দিয়া) হওক। তেতিয়া স্বতঃ সকলোৰে এটেনশ্বন (ধ্যান) তেওঁৰ ফালে যাব। চাইলেঞ্চৰ (মৌনতাৰ; শান্তিৰ) প্ৰভাৱ হওক। যিদৰে কোনোবাই ড্ৰামা (নাটক) কৰে, তেনেকুৱা চিন (দৃশ্য) হওক। ভাষণ দিয়ক কিন্তু সেয়া দৃশ্যৰ ৰূপত হওক। আৰু কমকৈ কওক। তিনি মিনিটতকৈ অধিক কব নালাগে। আগৰ পৰাই সাজু হৈ থাকক। আৰু দ্বিতীয় দিনা আকৌ এনেকুৱা ৰূপৰেখাৰে ভিন্ন-ভিন্ন বৰ্গৰ হওক। উদাহৰণ স্বৰূপে কোনোবা ডাক্তৰ হওক, কোনোবা ব্যৱসায়ী হওক, অফিচাৰ হওক এইদৰে ভিন্ন ভিন্ন বৰ্গৰ লোকে গাইপতি তিনি মিনিটত কওক যে অফিচাৰৰ ডিউটি (কৰ্তব্য) পালন কৰিও কোনটো মুখ্য গল্ডেন ধাৰণাৰে কাৰ্যত সফল হয়। সেই সফলতাৰ মুখ্য পইণ্ট গল্ডেন ভাৰ্চনৰ ৰূপত শুনাওক। হওতে ভাষণেই হব কিন্তু ৰূপৰেখা অলপ ভিন্ন প্ৰকাৰৰ হলে এই ঈশ্বৰীয় জ্ঞান কিমান বিশাল আৰু প্ৰতিটো বৰ্গৰ কাৰণে বিশেষত্ব কি, সেই অনুভৱ তিনি মিনিটকৈ, অনুভৱৰ ৰীতিৰে শুনাব নালাগে কিন্তু অনেকে যাতে অনুভৱ কৰে। বাতাবৰণ এনেকুৱা চাইলেন্সৰ হওক যে শুনোঁতাসকলৰো কবলৈ অস্থিৰ হোৱাৰ সাহস নহয়। প্ৰত্যেক ব্ৰাহ্মণে এইটো লক্ষ্য ৰাখক যে যিমান সময় প্ৰগ্ৰাম চলে সিমান সময় যিদৰে ট্ৰেফিক ব্ৰেকৰ ৰেকৰ্ড বাজে তেতিয়াও সকলোৱে একেই চাইলেন্সৰ বায়ুমণ্ডল সৃষ্টি কৰে - সেইদৰে এইবাৰ এই বায়ুমণ্ডলক পাৱাৰফুল (শক্তিশালী) কৰি তুলিবলৈ মুখৰ ভাষণ নহয় কিন্তু শান্তিৰ ভাষণ কৰিব লাগে। ময়ো বক্তা হওঁ, বান্ধ খাই আছোঁ। শান্তিৰ ভাষাও কম নহয়। এই ব্ৰাহ্মণসকলৰ বাতাৱৰণে আনকো সেইটো অনুভূতিত লৈ আহে। যিমান দূৰ সম্ভৱ বাকী কাৰবাৰ সমাপ্ত কৰি সভাৰ সময়ত সকলো ব্ৰাহ্মণে বায়ুমণ্ডল গঢ়ি তোলাৰ সহযোগ দিবই লাগে। যদি কৰোবাৰ এনেকুৱা ডিউটিও আছে তেন্তে তেওঁলোক আগত বহিব নালাগে। আগত অস্থিৰতা (গোলমাল) হব নালাগে। ধৰি লোৱা তিনি ঘণ্টাৰ ভাটি আছে তেতিয়া ভাষণ ভাল লাগিল বুলি নকব কিন্তু কব যে ভাল অনুভূতিহল। ভাষণৰ লগত অনুভূতিওতো হওক নহয় জানো।যিয়েই ব্ৰাহ্মণ আহে তেওঁ এইটো ভাবি আহক যে মই ভাটিলৈ যাব লাগে। কনফাৰেন্স চাবৰ বাবে আহিব নালাগে কিন্তু সহযোগী হৈ আহিব লাগে। গতিকে এইদৰে বায়ুমণ্ডল ইমান শক্তিশালী কৰি তোলা যে যিমানেই অস্থিৰ আত্মা নহওক কিয় অলপ সময়ৰ কাৰণে হলেও শান্তি আৰু শক্তিৰ অনুভূতি কৰি যাওক। এনে লাগক যেন এয়া তিনি হাজাৰ নহয় কিন্তু ফৰিস্তাৰ সভা হয়। কালচাৰেল প্ৰগ্ৰাম (সাংস্কৃতিক অনুষ্ঠান)ৰ সময়ত হাঁহি ধেমালি কৰিব পাৰা কিন্তু কনফাৰেন্সৰ সময়ত শক্তিশালী বাতাৱৰণ হওক। তেতিয়া বাকী অহাসকলেও সেই ধৰণেই কব। যেনেকুৱা বায়ুমণ্ডল তেনেকুৱাই বাকী বক্তাসকলো সেই বায়ুমণ্ডলত আহি যায়। গতিকে অলপ সময়ত বহুত খাজনা (সম্পত্তি) দিয়াৰ প্ৰগ্ৰাম বনোৱা। চৰ্ট এণ্ড চুইট (চমু আৰু মধুৰ)। যদি ব্ৰাহ্মণসকল নিজে মৃদুভাষী হয় তেন্তে বাকী বহিৰৰসকলেও মৃদুকৈ কব। বাৰু - এতিয়া কি কৰিবা? নিজকে বিশেষ তৰা ৰূপত প্ৰত্যক্ষ কৰাবা নহয়। গতিকে এই গল্ডেন জুবিলীৰ বছৰটি বিশেষভাৱে নিজক সম্পন্ন আৰু সম্পূৰ্ণ কৰি তোলাৰ বছৰ হিচাপে উদযাপন কৰিবা। অস্থিৰতাত নাহিবাও আৰু অস্থিৰতাত নানিবাও। অস্থিৰতাৰ সৃষ্টি কৰোঁতাতো প্ৰকৃতিয়েই বহুত হয়। প্ৰকৃতিয়ে নিজৰ কাম কৰি আছে। তোমালোকে নিজৰ কাম কৰা। বাৰু।

সদায় হলি তৰা হৈ বিশ্বক সুখ শান্তিময় কৰি তোলোঁতা, মাষ্টৰ পাৰসনাথ হৈ পাৰস সৃষ্টি গঢ়োঁতা, সকলোকে পাৰস কৰি তোলোঁতা, সদায় অনুভৱৰ সাগৰ তলিত অনুভৱৰ ৰত্ন নিজৰ মাজত জমা কৰোঁতা, চাৰ্চলাইট হৈ অজ্ঞানতাৰ পৰ্দা আঁতৰ কৰোঁতা - এনেকৈ পিতাক প্ৰত্যক্ষ কৰাওঁতা বিশেষ তৰাসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

টিচাৰ্চ সকলৰ প্ৰতি:-

1) নতুন সৃষ্টি গঢ়াৰ ঠিকা লৈছা নহয়! তেন্তে সদায় নতুন সৃষ্টি গঢ়িবৰ বাবে নতুন উদ্যম, নতুন উৎসাহ সদায় থাকেনে নে বিশেষ সময়ত উৎসাহ আহে? কেতিয়াবা কেতিয়াবাৰ উৎসাহ-উদ্দীপনাৰে নতুন সৃষ্টি স্থাপন নহয়। সদায় উৎসাহ-উদ্দীপনা থকাসকলহে নতুন সৃষ্টি গঢ়াৰ নিমিত্ত হয়। যিমান নতুন সৃষ্টিৰ সমীপত আহি থাকিবা সিমানে নতুন সৃষ্টিৰ বিশেষ বস্তুসমূহৰ বিস্তাৰ হৈ থাকিব। নতুন সৃষ্টিলৈ আহোঁতাসকলো তোমালোক হোৱা আৰু গঢ়োঁতাও তোমালোক হোৱা। গঢ়োঁতে শক্তিও লাগে, সময়ো লাগে কিন্তু যিসকল শক্তিশালী আত্মা তেওঁলোকে সদায় বিঘ্নক সমাপ্ত কৰি আগবাঢ়ি গৈ থাকে। এনেকুৱা নতুন সৃষ্টিৰ ফাউণ্ডেশ্বন (আধাৰ) হোৱা। যদি ফাউণ্ডেশ্বন কেঁচা (দুৰ্বল) হয় তেন্তে বিল্ডিঙৰ কি হব! গতিকে যিসকল নতুন সৃষ্টি গঢ়াৰ ডিউটিত আছে তেওঁলোকে পৰিশ্ৰম কৰি ফাউণ্ডেশ্বন মজবুত কৰিব লাগে। এনেকুৱা মজবুত বনোৱা যাতে 21 জন্মলৈকে বিল্ডিং সদায় বৰ্তি থাকে। তেন্তে নিজৰ 21 জন্মৰ বিল্ডিং তৈয়াৰ কৰিছা নহয়! বাৰু!

2) পিতাৰ অন্তৰাসনধাৰী আত্মা হওঁ, এনেকৈ অনুভৱ কৰানে? এই সময়ত অন্তৰাসনধাৰী হোৱা পাচত বিশ্বৰ ৰাজ্যৰ আসনধাৰী। অন্তৰাসনধাৰী সেইসকলেই হয় যিসকলৰ অন্তৰত এজন পিতাৰ স্মৃতি সমাহিত হৈ থাকে। যিদৰে পিতাৰ অন্তৰত সদায় সন্তানসকল সমাহিত হৈ আছে সেইদৰে সন্তানসকলৰ অন্তৰত পিতাৰ স্মৃতি যাতে সদায় আৰু স্বতঃ থাকে। পিতাৰ বাহিৰে আৰু আছেই বা কি। গতিকে অন্তৰাসনধাৰী হওঁ - এইটো নিচা আৰু আনন্দত থাকিবা। বাৰু!

বিদায়ৰ সময়ত - ৰাতিপুৱা 6 বজাত গুৰুবাৰ:-

চাৰিওফালৰ স্নেহী আৰু সহযোগী সন্তানসকলৰ ওপৰত সদায় বৃক্ষপতি বৃহস্পতিৰ দশাতো আছেই। আৰু এই বৃহস্পতিৰ দশাৰে শ্ৰেষ্ঠ কৰি তোলাৰ সেৱাত আগবাঢ়ি গৈ আছা। সেৱা আৰু স্মৃতি দুয়োটাতে বিশেষ সফলতা প্ৰাপ্ত কৰি আছা আৰু কৰি থাকিবা। সন্তানসকলৰ বাবে সংগমযুগটোৱেই বৃহস্পতিৰ বেলা হয়। প্ৰতিটো মুহূৰ্ততে সংগমযুগৰ বৃহস্পতি অৰ্থাৎ ভাগ্যৱান হয়, সেয়েহে ভাগ্যৱান হোৱা, ভগৱানৰ হোৱা, ভাগ্য গঢ়ি তোলোঁতা হোৱা। ভাগ্যৱান সৃষ্টিৰ অধিকাৰী হোৱা। এনেকুৱা সদায় ভাগ্যৱান সন্তানসকলৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং!

বৰদান:
ঈশ্বৰীয় মৰ্যাদাৰ আধাৰত বিশ্বৰ আগত এগ্জাম্পল (উদাহৰণ) হওতা সহজযোগী হোৱা

বিশ্বৰ আগত এগ্‌জাম্পল হবৰ বাবে অমৃতবেলাৰ পৰা ৰাতিলৈকে যি ঈশ্বৰীয় মৰ্যাদা আছে সেই অনুসৰি চলি থাকিবা। বিশেষ অমৃতবেলাৰ মহত্ত্বক জানি সেই সময়ত পাৱাৰফুল ষ্টেজ (শক্তিশালী স্থিতি) গঢ়ি তুলিবা তেতিয়া গোটেই দিনটোৰ জীৱন মহান হৈ যাব। যেতিয়া অমৃতবেলা বিশেষ পিতাৰ পৰা শক্তি ভৰাই লবা তেতিয়া শক্তি স্বৰূপ হৈ চলিলে যিকোনো কাৰ্যত কঠিনতাৰ অনুভৱ নহব আৰু মৰ্যাদাপূৰ্বক জীৱন যাপন কৰা বাবে সহজযোগীৰ ষ্টেজো স্বতঃ গঢ়ি উঠিব তেতিয়া বিশ্বই তোমালোকৰ জীৱন দেখি নিজৰ জীৱন গঢ়ি তুলিব।

স্লোগান:
নিজৰ আচৰণ আৰু চেহেৰাৰে পবিত্ৰতাৰ শ্ৰেষ্ঠতাৰ অনুভৱ কৰোৱা।