10.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল পিতা আহিছে - তোমালোকক শ্ৰেষ্ঠ মত দি সদাকালৰ কাৰণে সুখী, শান্ত কৰি তুলিবলৈ, তেওঁৰ মতত চলা, আত্মিক পাঠ পঢ়া আৰু পঢ়োৱা তেতিয়া সৰ্বদা স্বাস্থ্যৱান, সম্পত্তিমান হৈ যাবা

প্ৰশ্ন:
কোনটো সুযোগ গোটেই কল্পত এই সময়তহে পোৱা যায়, যিটো হেৰুৱাব নালাগে?

উত্তৰ:
আত্মিক সেৱা কৰাৰ সুযোগ, মনুষ্যক দেৱতা কৰি তোলাৰ সেৱা এতিয়াহে পোৱা যায়। এইটো সুযোগ হেৰুৱাব নালাগে। আত্মিক সেৱাত লাগি যাব লাগে। সেৱাধাৰী হব লাগে। বিশেষকৈ কুমাৰীসকলে ঈশ্বৰীয় চৰকাৰৰ সেৱা কৰিব লাগে। মম্মাক সম্পূৰ্ণ ৰূপে অনুসৰণ কৰিব লাগে। যদি কুমাৰীসকল পিতাৰ হৈ পাৰ্থিৱ সেৱাই কৰি থাকে, কাঁইটক ফুল কৰি তোলাৰ সেৱা নকৰে তেন্তে এয়াও যেন পিতাক অৱজ্ঞা কৰা হয়।

গীত:
জাগ চজনিয়া জাগ.. (জাগা প্ৰিয়তমাসকল জাগা)

ওঁম্শান্তি।
প্ৰিয়তমাসকলক কোনে বুজালে? এনেকৈ কয় - প্ৰিয়তম আহিছে প্ৰিয়তমাসকলৰ কাৰণে। কিমান প্ৰিয়তমা আছে? এজন প্ৰিয়তমৰ ইমানবোৰ প্ৰিয়তমা...... বিচিত্ৰ নহয় জানো! মনুষ্যইতো কয় কৃষ্ণৰ 16108 গৰকী প্ৰিয়তমা আছিল, কিন্তু নহয়। শিৱবাবাই কয় - মোৰতো কোটি কোটি প্ৰিয়তমা আছে। সকলো প্ৰিয়তমাক মই নিজৰ লগত মৰমৰ ঘৰলৈ লৈ যাম। প্ৰিয়তমাসকলেও বুজি পায় আমাক পুনৰাই বাবাই লৈ যাবলৈ আহিছে। জীৱ আত্মাসকল প্ৰিয়তমা হল। অন্তৰত আছে প্ৰিয়তম আহিছে আমাক শ্ৰীমত দি অলংকৃত কৰিবৰ কাৰণে। মততো প্ৰত্যেককেই দিয়ে। পুৰুষে স্ত্ৰীক, পিতাই সন্তানক, সাধুসকলে নিজৰ শিষ্যক, কিন্তু এওঁৰ মততো সকলোতকৈ অনন্য, সেয়েহে এওঁৰ মতক শ্ৰীমত বুলি কোৱা হয়, বাকী সকলোবোৰ হৈছে মনুষ্যৰ মত। তেওঁলোক সকলোৱে মত দিয়ে নিজৰ শৰীৰ নিৰ্বাহৰ কাৰণে। সাধু সন্ত আদি সকলোৰে শৰীৰ নিৰ্বাহৰ চিন্তা চলি থাকে। সকলোৱে ইজনে সিজনক চহকী হোৱাৰ মত দি থাকে। সাধুসকলৰ, গুৰুসকলৰ মত সকলোতকৈ ভাল বুলি মান্যতা দিয়া হয়। কিন্তু তেওঁলোকেও নিজৰ পেটৰ কাৰণে ধন একত্ৰিত কৰে। মোৰতো নিজৰ শৰীৰ নাই। মই নিজৰ পেটৰ কাৰণে একো নকৰোঁ। তোমালোকৰো নিজৰ পেটৰেই কাম যে আমি মহাৰজা মহাৰাণী হওঁ। সকলোৰে পেটৰেই চিন্তা। আকৌ কোনোবাই যদি যৱধানৰ ৰুটি খায় কোনোবাই আকৌ অশোক হোটেলত খায়। সাধু লোকসকলে ধন একত্ৰিত কৰে ডাঙৰ মন্দিৰ আদি নিৰ্মাণ কৰে। শিৱবাবাই শৰীৰ নিৰ্বাহৰ অৰ্থেতো একো নকৰে। তোমালোকক সকলোবোৰ দিয়ে - সৰ্বদা সুখী কৰিবৰ কাৰণে। তোমালোক সৰ্বদা স্বাস্থ্যৱান, ধনৱান হবাগৈ। মইতো সৰ্বদা স্বাস্থ্যৱান হবৰ কাৰণে পুৰুষাৰ্থ নকৰোঁ। মই হওঁৱেই অশৰীৰী। মই আহোঁৱেই তোমালোক সন্তানসকলক সৰ্বদা সুখী কৰিবলৈ। শিৱবাবাতো হৈছে নিৰাকাৰ। বাকী সকলোৰে পেটৰ চিন্তা চলি থাকে। দ্বাপৰত ডাঙৰ ডাঙৰ সন্ন্যাসীসকল, তত্ত্ব জ্ঞানীসকল, ব্ৰহ্ম জ্ঞানীসকল আছিল। স্মৃতিত আছিল গতিকে ঘৰত বহিয়েই তেওঁলোকে সকলো পাই গৈছিল। পেটতো সকলোৰে আছে, সকলোকে ভোজন লাগে। কিন্তু যোগত থাকে সেই কাৰণে তেওঁলোকে ঠেলা-গঁতা খাবলগীয়া নহয়। এতিয়া পিতাই তোমালোক সন্তানসকলক যুক্তি শুনায় যে তোমালোক সৰ্বদা কেনেকৈ সুখী হৈ থাকিব পাৰা। বাবাই নিজৰ মত দি বিশ্বৰ মালিক কৰি তোলে। তোমালোক চিৰঞ্জীৱী হোৱা, অমৰ হোৱা। সকলোতকৈ ভাল মত তেওঁৰ। মনুষ্যইতো বহুত মত দিয়ে। কোনোবাই পৰীক্ষাত উত্তীৰ্ণ হৈ উকীল হৈ যায়, কিন্তু সেই সকলোবোৰ হৈছে অল্পকালৰ কাৰণে। নিজৰ আৰু সন্তান-সন্ততিৰ পেটৰ কাৰণে পুৰুষাৰ্থ কৰে।

এতিয়া বাবাই তোমালোকক শ্ৰীমত দিয়ে হে সন্তানসকল পিতাৰ শ্ৰীমতত চলি এই আত্মিক পাঠ পঢ়া যাৰ দ্বাৰা মনুষ্য বিশ্বৰ মালিক হৈ যায়। সকলোকে পিতাৰ পৰিচয় দিয়া তেতিয়া পিতাৰ স্মৃতিত থাকিলে সৰ্বদা স্বাস্থ্যৱান, ধনৱান হৈ যাবা। তেওঁ হৈছে অবিনাশী ডাক্তৰ। তোমালোক পিতাৰ সন্তানসকলো আত্মিক ডাক্তৰ, ইয়াত কোনো কষ্ট নাই। কেৱল মুখেৰে আত্মাসকলক শ্ৰীমত দিয়া হয়। সৰ্বোত্তম সেৱা তোমালোক সন্তানসকলে কৰিব লাগে। এনেকুৱা মত তোমালোকক কোনেও দিব নোৱাৰে। এতিয়া আমি পিতাৰ সন্তান হৈছোঁ গতিকে পিতাৰ কাম কৰোঁ নে পাৰ্থিৱ কাম কৰোঁ। বাবাৰ পৰা আমি অবিনাশী জ্ঞান ৰত্নৰ জোলোঙা ভৰপূৰ কৰোঁ। শিৱৰ আগত কয় জোলোঙা ভৰপূৰ কৰি দিয়ক। তেওঁলোকে ভাবে - 10-20 হাজাৰ পাই যাম। যদি পাই যায় তেন্তে বচ্‌ তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ যাব, বহুত খাতিৰ কৰিব। সেই সকলোবোৰ হৈছে ভক্তি মাৰ্গ। এতিয়া সকলোকে পিতাৰ পৰিচয় দিয়া আৰু বেহদৰ ইতিহাস-ভূগোল শুনোৱা। বহুত সহজ। হদৰ ইতিহাস-ভূগোলততো বহুত কথা আছে। এয়া হৈছে বেহদৰ ইতিহাস-ভূগোল যে বেহদৰ পিতা কত থাকে, কেনেকৈ আহে! আমাৰ অৰ্থাৎ আত্মাসকলত কেনেকৈ 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। বচ্‌ বেছিকৈ একো নুবুজাবা কেৱল অল্‌ফ (পিতা) আৰু বে (বাদশ্বাহী। মই আত্মাই পিতাক স্মৰণ কৰি বিশ্বৰ মালিক হৈ যাম। এতিয়া পঢ়িব আৰু পঢ়াব লাগে। অল্ফ মানে আল্লা, বে মানে বাদশ্বাহী। এতিয়া ভাবা এইটো বেপাৰ কৰোঁ নে পাৰ্থিৱ বেপাৰ কৰি 2-4 শ উপাৰ্জন কৰোঁ!

বাবাই কয় - যদি কোনোবা বুদ্ধিমান কুমাৰী আছা তেন্তে মই তেওঁলোকৰ মিত্ৰ-সম্বন্ধীয়সকলকো কিবা দিব পাৰোঁ, যাৰ দ্বাৰা তেওঁলোকৰ শৰীৰ নিৰ্বাহো চলি থাকিব। কিন্তু কুমাৰীগৰাকী ভাল হওক, সেৱাধাৰী হওক, ভিতৰে-বাহিৰে স্বচ্ছ হওক, বাণীও বৰ মধুৰ হওক। বাস্তৱত কুমাৰীসকলৰ উপাৰ্জন মা-পিতাই খাব নোৱাৰে। পিতাৰ হৈ তথাপিও সেই পাৰ্থিৱ সেৱাত বহুত ধ্যান দিয়া - এয়াতো অনাদৰ কৰা হৈ গল। পিতাই কয় - মনুষ্য মাত্ৰকে স্বৰ্গৰ মালিক কৰি তোলা। সন্তানসকলে আকৌ পাৰ্থিৱ সেৱাত মগজ খটুৱায়! স্কুল খোলাটোতো চৰকাৰৰ কাম। এতিয়া কুমাৰীসকলে বুদ্ধিৰে কাম আদায় কৰি লাগে। কোনটো সেৱা কৰোঁ - ঈশ্বৰীয় চৰকাৰৰ নে সেই চৰকাৰৰ? যেনেকৈ এই বাবাই হীৰা-মুকুতাৰ বেপাৰ কৰিছিল আকৌ জ্যেষ্ঠ বাবাই কলে - এই অবিনাশী জ্ঞান ৰত্নৰ বেপাৰ কৰিব লাগে, ইয়াৰ দ্বাৰা তোমালোক এয়া হবাগৈ। চতুৰ্ভুজৰো সাক্ষাৎকাৰ কৰাই দিলে। এতিয়া সেই বিশ্বৰ উত্তৰাধিকাৰ লওঁ বা এইটো কৰোঁ। সকলোতকৈ ভাল বেপাৰ হৈছে এইটো। যদিওবা উপাৰ্জন ভাল আছিল কিন্তু বাবা এওঁ শৰীৰত প্ৰৱেশ কৰি মত দিলে যে অল্ফ আৰু বেক স্মৰণ কৰা। কিমান সহজ। সৰু লৰা-ছোৱালীয়েও পঢ়িব পাৰে। শিৱবাবাইতো প্ৰতিগৰাকী সন্তানক বুজিব পাৰে। এৱোঁ শিকিব পাৰে। এওঁ হৈছে বাহ্যগামী, শিৱবাবা হৈছে অন্তৰ্যামী। এই বাবায়ো প্ৰত্যেকৰে চেহেৰাৰ পৰা, কথাৰ পৰা, কামৰ পৰা সকলোবোৰ বুজিব পাৰে। কুমাৰীসকলে আত্মিক সেৱাৰ সুযোগ এবাৰেই পায়। এতিয়া অন্তৰত উদয় হব লাগে আমি মনুষ্যক দেৱতা কৰি তোলোঁ নে কাঁইটক কাঁইট কৰি তোলোঁ? ভাবা কি কৰিব লাগে? নিৰাকাৰ ভগৱানুবাচ - দেহ সহিত দেহৰ সকলো সম্বন্ধ ছিঙা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকা। ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা পিতাই ব্ৰাহ্মণসকলৰ লগতহে কথা পাতে। সেই ব্ৰাহ্মণসকলেও কয় - ব্ৰাহ্মণ দেৱী-দেৱতায়ে নমঃ তেওঁলোক কোষ বংশাৱলী, তোমালোক হৈছা মুখ বংশাৱলী। বাবাক নিশ্চয় ব্ৰহ্মা সন্তানটি লাগে। কুমাৰকা কোৱা বাবাৰ কিমান সন্তান আছে? কোনোবাই কয় 600 কোটি, কোনোবাই কয় এগৰাকী ব্ৰহ্মা... যদিওবা তোমালোকে ত্ৰিমূৰ্তি বুলি কোৱা কিন্তু বৃত্তিতো বেলেগ বেলেগ নহয় জানো। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হল। ব্ৰহ্মাৰ নভিৰ পৰা বিষ্ণু, তেন্তে এজন হৈ গল। বিষ্ণুৱে 84 জন্ম লয় নে ব্ৰহ্মাই - কথাতো একেই। বাকী থাকিল শংকৰ। এনেকুৱাতো নহয় যে শংকৰেই শিৱ। নহয়, ত্ৰিমূৰ্তি বুলি কোৱা হয়। কিন্তু সত্যনিষ্ঠ সন্তান দুগৰাকী হল। এই সকলোবোৰ জ্ঞানৰ কথা।

তেন্তে কুমাৰীসকলৰ কাৰণে এইটো সেৱা কৰা ভাল নে মেট্ৰিক আদি পঢ়াতো ভাল? তাততো অল্পকালৰ সুখ প্ৰাপ্ত হব। অলপমান দৰমহা পোৱা যাব। ইয়াততো তোমালোকে ভৱিষ্যত 21 জন্মৰ কাৰণে মালামাল হব পাৰা। তেন্তে কি কৰিব লাগে? কন্যাসকলতো বন্ধনমুক্ত হয়। অৰ্দ্ধ কন্যাতকৈ কুমাৰী কন্যা বেগাই যাব পাৰে কিয়নো পৱিত্ৰ হয়। মম্মাও কুমাৰী আছিল নহয় জানো। পইচাৰতো কথাই নাই। কিমান তীব্ৰতাৰে আগুৱাই গল তেন্তে বিশেষকৈ কন্যাসকলে অনুসৰণ কৰিব লাগে। কাঁইটক ফুল কৰি তোলোঁ। ঈশ্বৰীয় পঢ়াৰ সুযোগ লওঁ নে সেই পঢ়াৰ? কন্যাসকলৰ সন্মিলন পাতিব লাগে। মাতাসকলৰতো স্বামী আদিৰ স্মৃতিলৈ আহে। সন্ন্যাসীসকলৰো বহুত স্মৃতিলৈ আহি থাকে। কন্যাসকলেতো ছিৰি বগাব নালাগে। সংগৰ ৰং বহুত লাগি যায়। কোনোবা বিশিষ্ট ব্যক্তিৰ লৰা দেখিলে অন্তৰৰ আকৰ্ষণ জাগি উঠিল, বিবাহ হৈ গল। খেল শেষ। সেৱাকেন্দ্ৰৰ পৰা শুনি বাহিৰলৈ যায় তাৰপাছত খেল শেষ হৈ যায়। এয়া হৈছে মধুবন। ইয়ালৈ এনেকুৱাও বহুত আহে, কয় আমি গৈ সেৱাকেন্দ্ৰ খুলিম। বাহিৰলৈ গৈ নাইকিয়া হৈ যায়। ইয়াত জ্ঞানৰ গৰ্ভ ধাৰণ কৰে, বাহিৰলৈ গলে নিচা নাইকিয়া হৈ যায়। মায়াই বিৰোধিতা বহুত কৰে। মায়ায়ো কয় বাঃ! এওঁ বাবাকো চিনি পালে তথাপিও বাবাক স্মৰণ নকৰে তেন্তে ময়ো ঘোচা মাৰিম। এনেকৈ নকবা যে বাবা আপুনি মায়াক কওক যাতে আমাক ঘোচা নামাৰে। যুদ্ধক্ষেত্ৰ নহয় জানো। এফালে আছে ৰাৱণৰ সেনা, আনফালে আছে ৰামৰ সেনা। বাহাদুৰ হৈ ৰামৰ ফালে যাব লাগে। আসুৰি সম্প্ৰদায়কে দৈৱিক সম্প্ৰদায় কৰি তোলাৰ বেপাৰ কৰিব লাগে। পাৰ্থিৱ বিদ্যা তোমালোকে যাক পঢ়াবা, যেতিয়ালৈকে তেওঁলোক পঢ়ি ডাঙৰ হবগৈ তেতিয়ালৈকে বিনাশো সন্মুখত আহি যাব। লক্ষণো তোমালোকে দেখি আছা। বাবাই বুজাইছে খ্ৰীষ্টানৰ দুয়ো ভাই (আমেৰিকা আৰু ৰাছিয়া) পৰস্পৰ মিলি গলে তেতিয়া যুদ্ধ হব নোৱাৰে। কিন্তু নিয়তি এনেকুৱা নহয়। তেওঁলোকে বুজিয়েই নাপায়। এতিয়া তোমালোক সন্তানসকলে যোগবলেৰে ৰাজধানী স্থাপন কৰি আছা। এয়া হৈছে শিৱ শক্তি সেনা যিসকলে শিৱবাবাৰ পৰা ভাৰতৰ প্ৰাচীন ৰাজযোগ আৰু জ্ঞান শিকি ভাৰতক হীৰাতুল্য কৰি তোলে। পিতা কল্পৰ পাছতহে আহি পতিতসকলক পাৱন কৰি তোলে। তোমালোক সকলো ৰাৱণৰ কাৰাগাৰত আছা। শোক বনত আছা, সকলো দুখী। আকৌ ৰাম আহি সকলোকে মুক্ত কৰি অশোক বন স্বৰ্গলৈ লৈ যায়। শ্ৰীমতে কয় - কাঁইটক ফুল, মনুষ্যক দেৱতা কৰি তোলা। তোমালোক মাষ্টৰ দুখহৰ্তা সুখকৰ্তা হোৱা। এইটোৱে বেপাৰ কৰিব লাগে। শ্ৰীমতত চলিলেহে তোমালোক শ্ৰেষ্ঠ হবা, পিতাইতো ৰায় দিয়ে। এতিয়া পিতাই কয় - অনুৰোধ মোৰ ইচ্ছা তোমালোকৰ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাধাৰী হবৰ কাৰণে ভিতৰে-বাহিৰে স্বচ্ছ হব লাগে। মুখেৰে অতি মধুৰ বাণী উচ্চাৰণ কৰিব লাগে। দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিব লাগে। সংগৰ পৰা নিজক সাৱধানে ৰাখিব লাগে।

(2) পিতাৰ সমান মাষ্টৰ দুখহৰ্তা সুখকৰ্তা হব লাগে। আত্মিক সেৱা কৰি সঁচা উপাৰ্জন কৰিব লাগে। আত্মিক পিতাৰ মতত আত্মিক সমাজসেৱক হব লাগে।

বৰদান:
"মই আৰু মোৰ বাবা" এইটো বিধিৰ দ্বাৰা জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰোঁতা সহজযোগী হোৱা

ব্ৰাহ্মণ হোৱা অৰ্থাৎ দেহ, সম্বন্ধ আৰু সাধনবোৰৰ বন্ধনৰ পৰা মুক্ত হোৱা। দেহৰ সম্বন্ধীয়সকলৰ দৈহিক সম্বন্ধৰে সম্বন্ধ নহয় কিন্তু আত্মিক সম্বন্ধ। যদি কোনোবা কাৰোবাৰ বশৱৰ্তী হৈ, পৰৰ বশ হৈ যায় তেন্তে বন্ধন আছে, কিন্তু ব্ৰাহ্মণ অৰ্থাৎ জীৱনমুক্ত। যেতিয়ালৈকে কৰ্মেন্দ্ৰিয়ৰ আধাৰ আছে তেতিয়ালৈকে কৰ্মতো কৰিবই লাগিব কিন্তু কৰ্মবন্ধন নহয়, কৰ্ম-সম্বন্ধ। এনেকুৱা যিসকল মুক্ত আছে তেওঁলোক সদায় সফলতামূৰ্ত হয়। ইয়াৰ সহজ সাধন হৈছে মই আৰু মোৰ বাবা। এইটো স্মৃতিয়েই সহজযোগী, সফলতামূৰ্ত আৰু বন্ধনমুক্ত কৰি দিয়ে।

স্লোগান:
মই আৰু মোৰ ভাৱৰ খাদ সমাপ্ত কৰা মানেই প্ৰকৃত সোণ হোৱা।

মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য

এয়া যি মনুষ্যই গীত গায় অ গীতাৰ ভগৱান নিজৰ বচন ৰাখিবলৈ আহক। এতিয়া তেওঁ স্বয়ং গীতাৰ ভগৱান নিজৰ কল্প পূৰ্বৰ বচন ৰাখিবলৈ আহিছে আৰু কয় হে সন্তানসকল, যেতিয়া ভাৰতত অতি ধৰ্ম গ্লানি হয় তেতিয়া মই এই সময়ত প্ৰতিশ্ৰুতি পালন কৰিবলৈ নিশ্চয় আহোঁ। এতিয়া মই অহাৰ এইটো অৰ্থ নহয় যে মই যুগে যুগে আহোঁ। সকলো যুগতে কোনোধৰণৰ ধৰ্ম গ্লানিতো নহয়, ধৰ্ম গ্লানি হয়েই কলিযুগত, গতিকে পৰমাত্মা কলিযুগৰ অন্তৰ সময়ত আহে। আৰু কলিযুগ আকৌ কল্পই কল্পই আহে, তেন্তে নিশ্চয় তেওঁ কল্পই কল্পই আহে। কল্পত আকৌ চাৰিটা যুগ আছে, তাকহে কল্প বুলি কয়। আধাকল্প সত্যযুগ ত্ৰেতাত সতোগুণী সতোপ্ৰধান হয়, তাত পৰমাত্মা অহাৰ কোনো প্ৰয়োজন নাই আৰু দ্বাপৰ যুগৰ পৰাতো পুনৰ অন্য ধৰ্মৰ আৰম্ভণি হয়, সেই সময়তো অতি ধৰ্ম গ্লানি নহয়, ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পৰমাত্মা তিনিওটা যুগততো নাহেই, বাকী থাকিল কলিযুগ, কলিযুগৰ অন্তত অতি ধৰ্ম গ্লানি হয়। সেই সময়তে পৰমাত্মা আহি অধৰ্ম বিনাশ কৰি সত্য ধৰ্ম ধৰ্মৰ প্ৰতিষ্ঠা কৰে। যদি দ্বাপৰত আহে তেনেহলেতো আকৌ দ্বাপৰৰ পাছত সত্যযুগ হব লাগে কিন্তু কলিযুগ কিয়? এনেকৈতো কোৱা নহয় পৰমাত্মাই ঘোৰ কলিযুগৰ প্ৰতিষ্ঠা কৰিলে, এতিয়া এইটোতো কথা হব নোৱাৰে সেয়েহে পৰমাত্মাই কয় - মই এজন আৰু এবাৰেই আহি অধৰ্ম অথবা কলিযুগৰ বিনাশ কৰি সত্যযুগৰ স্থাপনা কৰোঁ গতিকে মই অহাৰ সময় হৈছে সংগমযুগ। ভাল বাৰু - ওঁম্ শান্তি।