10.06.22 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সদায় এইটো নিচাত থাকা যে জ্ঞান সাগৰ পিতাৰ জ্ঞান বৃষ্টি আমাৰ ওপৰত হৈ আছে, যাৰ
দ্বাৰা আমি পাৱন হৈ নিজৰ মহান ঘৰলৈ যাম”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ নিশ্চয় কিহৰ আধাৰত আৰু অধিক দৃঢ় হৈ যাব?
উত্তৰ:
জগতত যিমানে হুলস্থুল বাঢ়িব, তোমালোকৰ দৈৱী বৃক্ষৰ বৃদ্ধি হ’ব, সিমানে পুৰণি
সৃষ্টিৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰি যাব আৰু তোমালোকৰ নিশ্চয় দৃঢ় হৈ যাব। বিহংগ
মাৰ্গৰ (তীব্ৰ গতিত) সেৱা হৈ থাকিব, ধাৰণাৰ ওপৰত মনোযোগ দি যাব তেতিয়া বুদ্ধিৰ
উৎসাহ-উদ্দীপনা বাঢ়ি গৈ থাকিব। অপাৰ আনন্দত থাকিব।
ওঁম্শান্তি।
সন্তানসকলক
নিতৌ এনেকৈ কোৱাৰ দৰকাৰ নাথাকে যে শিৱবাবাক স্মৰণ কৰা। সন্তানসকলে জানে আমি
শিৱবাবাৰ সন্তান। কোৱাৰ দৰকাৰ নাথাকে। শিৱবাবাই আমাক এওঁৰ দ্বাৰা পঢ়ায়, এয়া হৈছে
জ্ঞান সাগৰৰ জ্ঞান বৃষ্টি। সন্তানসকলৰ বুদ্ধিত আছে যে এতিয়া আমাৰ ওপৰত জ্ঞান সাগৰৰ
জ্ঞান বৃষ্টি হৈ আছে। যিসকল আহি ব্ৰাহ্মণ হয় তেওঁলোকৰ ওপৰতহে মই জ্ঞানৰ বৃষ্টি কৰোঁ,
সন্তানসকলৰ সন্মুখত থাকোঁ। এতিয়া সন্তানসকল সন্মুখত বহি আছে। বাবাই বাৰে বাৰে
সন্মুখত থকাৰ নিচা বঢ়ায়। মায়াই আকৌ নিচা নোহোৱা কৰি দিয়ে। কাৰোবাৰ একেবাৰে নোহোৱা
কৰি দিয়ে, কাৰোবাৰ কম। সন্তানসকলে জানে - আমি সাগৰৰ ওচৰলৈ সজীৱ হ’বলৈ অৰ্থাৎ
মুৰুলীৰ সাৰকথা ধাৰণ কৰি নিৰ্দেশনা ল’বলৈ আহিছোঁ। আমি তেওঁৰ সন্মুখত বহি আছোঁ। এই
জ্ঞান সাগৰৰ বৃষ্টি এবাৰেই হয়। পিতা আহেই পতিতসকলক পাৱন কৰিবলৈ। মহিমাও এনেকৈ গায়ন
কৰে - হে পতিত-পাৱন...... সত্যযুগততো এনেকৈ আহ্বান নকৰিব। তাততো জ্ঞান সাগৰৰ জ্ঞান
বৃষ্টিৰে পাৱন হৈ গৈছে, জ্ঞানৰ লগতে আকৌ বৈৰাগ্যও আছে। কোনটো বস্তুৰ? পুৰণি পতিত
সৃষ্টিৰ প্ৰতি বুদ্ধিৰ দ্বাৰা বৈৰাগ্য জন্মে। সন্তানসকলে বুদ্ধিৰে জানে যে আমি এতিয়া
নতুন সৃষ্টিলৈ যাওঁ। পুৰণি সৃষ্টি ত্যাগ কৰিব লাগে - ইয়াকে বৈৰাগ্য বুলি কৈ দিছে।
যেনেকৈ বাবাই নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া পুৰণিৰ পৰা বুদ্ধিযোগ আঁতৰি নতুনৰ সৈতে
লাগি যায়। বুজি পায় যে পুৰণা নাশ হওঁক তেতিয়া আমি নিজৰ ঘৰলৈ যাম। সন্তানসকলেও ভিতৰি
কয় চাগৈ যে সোনকালে স্বৰ্গ স্থাপনা হৈ যাওক তেতিয়া আমি ঘৰলৈ যাম, আনন্দিত হ’ম।
প্ৰথমে আমি প্ৰিয়তমৰ সৈতে ঘৰলৈ যাম। এইখন মাতা-পিতাৰ ঘৰ, এইখন সৰু, সেইখন জ্যেষ্ঠ
বাবাৰ ঘৰ ডাঙৰ ঘৰ। তোমালোকে জানা সেইখনতো সকলো আত্মাৰে ঘৰ। এয়া তোমালোক সন্তানসকলৰ
বুদ্ধিত আছে অন্য কাৰো বুদ্ধিত নাই। আগতেতো অন্ধকাৰ আছিল, এতিয়া আলোক হৈছে। এইটোও
বুজি পোৱা যে জ্ঞানতো সকলোৱে নল’ব। ঘৰলৈতো নিশ্চয় সকলোৱে যাব। তোমালোক সন্তানসকলৰ
বুদ্ধিত আছে যে এতিয়া আমি নিজৰ ঘৰলৈ গৈ আছোঁ। শ্ৰীমতত লায়ক হৈ আছোঁ। স্বৰ্গৰ লায়ক
হ’ব লাগে। এটাতো মোক স্মৰণ কৰা যাতে বিকৰ্ম বিনাশ হৈ যায়, দ্বিতীয়তে চক্ৰ ঘূৰোৱা।
সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, ইয়াৰ আয়ুস কিমান। কোন কেতিয়া আহে, এয়া সকলো পিতাই বহি
বুজায়। এনেকৈ যি কয় যে মনুষ্যই 84 লাখ জন্ম লয় তেন্তে কি সকলোৱে লয় নেকি? এতিয়া
তোমালোকে জানা 84 জন্ম লয়, তাৰো হিচাপ আছে। সকলোৱেতো 84 জন্ম নল’ব। আৰম্ভণিৰ পৰা
পুনৰ্জন্মত আহি থাকে। শেষত কোনোবাই এক–দুই জন্মও লয়। প্ৰথমতে যি সকল আহিব তেওঁলোকে
84 জন্ম ল’ব। উদাহৰণ স্বৰূপে এই লক্ষ্মী-নাৰায়ণ, মনুষ্য যদিওবা এওঁলোকৰ মন্দিৰলৈ
যায় কিন্তু একোৱে গম নাপায়। বচ্ ক’ব ভগৱান-ভগৱতীৰ দৰ্শন কৰিবলৈ যাওঁ। কিন্তু
এওঁলোকৰ এই ৰাজধানী কেনেকৈ স্থাপন হ’ল, এয়া একোৱেই নাজানে। যাৰ পূজা কৰে তেওঁলোকৰ
কৰ্তব্যকেই নাজানে তেন্তে সেই পূজা কি কামৰ! সেইবাবে ইয়াক অন্ধশ্ৰদ্ধা বুলি কোৱা হয়।
জপ-তপ-তীৰ্থ আদি কৰে, ভাবে যে ইয়াৰ দ্বাৰা ভগৱানক পোৱাৰ ৰাস্তা পোৱা যায়। কিন্তু
ইয়াৰ দ্বাৰা কোনেও ভগৱানক পাব নোৱাৰে। ধৰি লোৱা ইয়ালৈও কোনোবা কোনোবা আহে, জগত
অম্বাৰ মন্দিৰলৈও আহে দৰ্শন কৰিবলৈ। বাবাই বুজিব এওঁৰ বুদ্ধিত একো ধাৰণ হোৱা নাই।
তোমালোকৰতো সকলো মনোকামনা পূৰণ হৈ আছে নহয় জানো। জগত অম্বাৰ ভূমিকাও সঠিককৈ চলি আছে।
যথাযথ জগত অম্বাৰ ভূমিকা উচ্চ। প্ৰথমে লক্ষ্মী পাছত নাৰায়ণ। তোমালোকৰ এইটো অন্তিম
জন্ম। হিচাপ-নিকাচ ইয়াতে নিষ্পত্তি হয়। কৰ্মৰ ভোগ ভূগি মুক্ত হ’ব লাগে আৰু পিতাৰ
স্মৃতিত থাকিব লাগে। বাস্তৱত সন্তানসকলে একমাত্ৰ পিতাকহে স্মৰণ কৰিব লাগে। দেহধাৰীক
স্মৰণ কৰিলে সময় নষ্ট হৈ যাব। এনেকুৱাতো হ’ব নোৱাৰে যে কোনোবাই নিৰন্তৰ স্মৰণ কৰি
থাকিব। এনেকুৱা কোনো বস্তু নাই যাক নিৰন্তৰ স্মৰণ কৰা হয়। স্ত্ৰীয়ে পতিকো নিৰন্তৰ
স্মৰণ কৰি থাকিব নোৱাৰে। নিশ্চয় ভোজন ৰান্ধিব, সন্তানসকলৰ তত্ত্বাৱধান ল’ব তেন্তে
পতি জানো স্মৃতিলৈ আহিব। ইয়াততো তোমালোকে নিৰন্তৰ স্মৰণ কৰাৰ অভ্যাস কৰিব লাগে, যাতে
অন্তিমত এনেকুৱা অৱস্থা হয় যে এজনৰহে স্মৃতি থাকে, বৰ ডাঙৰ পৰীক্ষা। 8 (আঠ) ৰত্নৰো
বহুত মহিমা আছে। কাৰোবাৰ গ্ৰহদোষ লাগিলে তেতিয়া 8 (আঠ) ৰত্নৰ আঙুঠি পিন্ধে। অন্তিমৰ
সময়ত যাতে এজন পিতাৰহে স্মৃতি থাকে, সেয়াও যেতিয়া বুদ্ধিৰ লাইন স্বচ্ছ হয়, অন্য কোনো
স্মৃতিলৈ নাহে তেতিয়াহে মালাৰ মণি হ’ব পাৰিবা। 9 ৰত্নৰ মহিমা বহুত মহান। সেয়েহে
এতিয়া নিৰন্তৰ স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। এতিয়াতো কাচিৎহে কোনোবাই দুই তিনি
ঘণ্টা স্মৰণ কৰে। যিমানে জগতত হুলস্থুল বাঢ়ি গৈ থাকিব সিমানে তোমালোকৰ নিশ্চয় হৈ গৈ
থাকিব, পুৰণি জগতৰ পৰা তোমালোকৰ অন্তৰৰ আকৰ্ষণ আঁতৰি গৈ থাকিব। মৰিবতো বহুত,
বুদ্ধিয়েও কয় - মায়া বহুত পুৰণা শত্ৰু। এনেকুৱা কোনো স্থান নাই য’ত শত্ৰু নাই।
তোমালোক সন্তানসকলে
এতিয়া বিকাৰীৰ পৰা স্বচ্ছ হৈ আছা। তোমালোকৰ জ্ঞান আছে বিকাৰীৰ হাতে ৰন্ধা আমি খাব
নোৱাৰোঁ। গায়নো আছে যেনে অন্ন তেনে মন। যিয়ে বেয়া বস্তু কিনে, যিয়ে ৰান্ধে, যিয়ে
খায় তেওঁলোক সকলোৰে ওপৰত পাপ লাগি যায়। পিতাইতো সকলো কথা ভালদৰে বুজায়। তোমালোক
সন্তানসকল ইয়াৰ পৰা সজীৱ হৈ যোৱা। গোটেই দিন বুদ্ধিত সৃষ্টি চক্ৰ ঘূৰি থাকিব লাগে
আৰু নিজৰ ঘৰ স্মৃতিত থাকিব লাগে। ইয়াৰ পৰা তোমালোক নিজৰ লৌকিক ঘৰলৈ যোৱা তেতিয়া
অৱস্থাত পাৰ্থক্য আহি যায় কিয়নো সংগ এনেকুৱা হৈ যায়। ইয়াত বহি থাকিও কিছুমানৰ
বুদ্ধিযোগ বাহিৰলৈ গুচি যায়, সেয়েহে পূৰা ধাৰণা কৰিব নোৱাৰে। তোমালোক আত্মাসকলক
বেহদৰ পিতাই বহি বুজায়। তোমালোক আত্মা, তোমালোকে এই শৰীৰৰ দ্বাৰা কৰ্ম কৰা। তোমালোকে
জানা আমি বাবাৰ পৰা শ্ৰীমত লৈ নিজৰ ৰাজ্য-ভাগ্য লৈ আছোঁ। কিমান আনন্দিত হোৱা উচিত।
গায়নো আছে অতীন্দ্ৰিয় সুখ গোপী বল্লভৰ সন্তানসকলক সোধা। যিমানে অৱস্থা ভাল হ’ব আৰু
উন্নতি কৰি গৈ থাকিবা তেতিয়া আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ গৈ থাকিব আৰু নিশ্চয়ো দৃঢ়
হৈ যাব। ধাৰণাৰ ওপৰত মনোযোগ দি থাকিলে তেতিয়া তোমালোকৰ বুদ্ধিৰ উৎসাহ-উদ্দীপনা বাঢ়ি
যাব। আগলৈ গৈ তোমালোকৰ বিহংগ মাৰ্গৰ সেৱা হৈ গৈ থাকিব। যুক্তি উলিয়াবলগীয়া হয়, যাৰ
দ্বাৰা কাৰোবাক ভালদৰে তীৰে আঘাত কৰে (জ্ঞানে প্ৰভাৱিত কৰে)। মুখ্য কথাতো হয়েই
পিতাৰ পৰিচয় দিয়া। বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। জ্ঞান সাগৰো তেৱেঁই
হয়। জ্ঞানৰ দ্বাৰাই মনুষ্য পাৱন হয়। পতিত-পাৱন সেইজনেই পিতা। তোমালোকে এটায়ে বিষয়
লোৱা যে সৰ্বব্যাপীৰ ধাৰণাটিৰে ভক্তিও চলিব নোৱাৰে। এই কথাটি ভালদৰে বুজাব লাগে।
তেওঁলোকে কয় যে এওঁলোকৰ জ্ঞানৰ দ্বাৰা বিনাশ হ’ব। তোমালোকেও কোৱা এই ৰুদ্ৰ জ্ঞান
যজ্ঞৰ দ্বাৰা বিনাশৰ জুই প্ৰজ্বলিত হৈছে। তেওঁলোকেও সঁচা কথা কয়। একো কথা নামানিলেতো
বিনাশেই হ’ব আৰু নো কি! এয়াতো কল্প পূৰ্বেও বিনাশ হৈছিল। ভগৱানুবাচ ৰুদ্ৰ জ্ঞান
যজ্ঞত এই সকলোবোৰ স্বাহা হ’ব। তেওঁলোকে ভাবে এওঁলোকৰ জ্ঞান এনেকুৱা, সেয়ে
বিৰুদ্ধাচৰণ কৰে। এনেকৈ ভাবে যে বহুত ভক্তি কৰিলে ভগৱানক পায়। আমিও কওঁ যিসকলে ভক্তি
বহুত কৰিছে, তেওঁলোকেই ভগৱানক পাইছে। কিন্তু এই কথাবোৰ বুজিবলৈ মনুষ্যৰ বহুত
পৰিশ্ৰম হয়। কল্প পূৰ্বেও তোমালোক সন্তানসকলে পিতাৰ সহায়েৰে নৰকক স্বৰ্গ কৰি
তুলিছিলা। তেন্তে নিশ্চয় নৰকৰ বিনাশো হৈছিল। যেতিয়া নৰকৰ বিনাশ হ’ব তেতিয়াহে
স্বৰ্গৰ স্থাপনা হ’ব। এয়াও তোমালোকে বুজাব পাৰা ভাৰত যথাযথ পাৱন আছিল। এনেকৈতো
যিকোনো ধৰ্মাৱলম্বীয়ে ক’ব - যথাযথ স্বৰ্গ আছিল। প্ৰাচীন মানে সকলোতকৈ পুৰণা। সেয়াতো
স্বৰ্গই হ’ব নহয় জানো, যি পুৰণা হৈ গৈছে সেয়া পুনৰ নতুন হ’ব। এয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে। যথাযথ এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, এতিয়া নাই। পুনৰাই আদি
সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰাই আছে। কাৰ সহায়ত? যিজন সকলোৰে নিৰাকাৰ বাপুজী।
সকলো আত্মাৰ পিতা। এই কথাবোৰ তোমালোকে জানা। তোমালোক কিমান সাধৰণ। পিতাই কয় - ময়ো
গৰিবৰ ত্ৰাণকৰ্তা, তোমালোক গৰিব হোৱা নহয়। তোমালোকৰ কি আছে। তোমালোকে সকলোবোৰ ভাৰতৰ
বাবে স্বাহা কৰিছা, তোমালোকৰ ৰাৱণৰ লগত কিমান ডাঙৰ যুদ্ধ। শক্তিসেনা হোৱা নহয়।
‘বন্দে মাতৰম্’ বুলি গায়ন কৰা হয়। অপৱিত্ৰই, পৱিত্ৰৰ বন্দনা কৰে। কোনগৰাকী মাতা?
তেওঁলোকে ধৰিত্ৰী মাতা বুলি বুজি লয়। কিন্তু এয়াতো ধৰিত্ৰীত থাকোঁতাসকলৰ কথা। জগত
অম্বা আছে গতিকে সন্তানো আছে। এই দেলবাড়া মন্দিৰ স্মাৰক সাজি থোৱা আছে। কুমাৰী,
অৰ্ধকুমাৰীও আছে। এওঁলোকক মাতা বুলিও কৈ দিয়ে। তোমালোকে কোৱা বাবা আমিতো বি. কে. হওঁ।
আমাক মাতা বুলি নকৈ জীয়ৰী বুলি কওঁক, আমি কুমাৰী। কিমান গূঢ় বুজিবলগীয়া কথা। কিন্তু
ধাৰণ কৰিব নোৱাৰে। আকৌ জন্ম-জন্মান্তৰৰ দেহৰ বোধ স্থায়ী হৈ আছে, সেয়া ছিঙিয়েই নাযায়।
তোমালোকৰ বুদ্ধিত আছে যে বাবা আমাৰ সন্মুখত বহি আছে। আত্মাসকলকৰ লগত কথা পাতি আছে।
পিতা এই শৰীৰত প্ৰৱেশ কৰিছে। বাবা আহি অলৌকিক দিব্য কৰ্তব্য সম্পাদন কৰে। পতিতক
পাৱন কৰি তুলিবলৈ পঢ়ায়। পূৰা স্মৃতিত থাকিব লাগে। আমাক পতিত-পাৱন শিৱবাবাই পঢ়ায়।
পতিত-পাৱন সকলোতোকৈ উচ্চ হ’ল, আকৌ পিতা শিক্ষকো হয়। প্ৰথম কথাষাৰেই হ’ব লাগে
পতিত-পাৱন। তেওঁক স্মৰণ কৰে “অ’ পৰমপিতা আহক”। আহি পুনৰ আমাক ৰাজযোগ শিকাওঁক। পিতায়ো
কয় - পুনৰ তোমালোক সন্তানসকলক সহজ জ্ঞান, যোগ শিকাই আছোঁ, ইয়াত কিতাপ আদিৰ কোনো কথা
নাই। এয়াতো তেওঁলোকে নাম ৰাখি দিছে। এতিয়াতো পিতাই তোমালোকক যোগ্য কৰি তুলিবলৈ
শিক্ষা দি আছে। নিত্য নতুন জ্ঞানৰ সাৰ কথা পোৱা যায়। বাকী গীতা, গ্ৰন্থ আদি যিবোৰ
ৰচনা কৰে তাত কোনো সংযোজন বা সম্পাদনা নকৰে, সেয়াই শুনায়। ইয়াত সংযোজন কৰা হয়,
সম্পাদনাও কৰা হয়। নিতৌ নতুন নতুন জ্ঞানৰ সাৰ কথা পোৱা যায়। বৰ আশ্চৰ্যজনক জ্ঞান
যিটো কোনো শাস্ত্ৰ আদিত নাই। কাম মহাশত্ৰু হয়, ভগৱানুবাচ (ভগৱানে কয়) দেহ সহিত সকলো
পাহৰি যোৱা, এজনক স্মৰণ কৰা। মই তোমালোক সকলো আত্মাকে উভতাই লৈ যাম। মই অকালমূৰ্ত্ত,
কালৰো কাল হওঁ। মই সকলো সন্তানক লৈ যাবলৈ আহিছোঁ, গতিকে তোমালোক আনন্দিত হ’ব নালাগে
জানো।
তোমালোকে জানা যে
এতিয়া আমি ঘৰলৈ যাম। সোনকালে বিচাৰ বুদ্ধি সম্পন্ন হৈ যাওঁ, পিতাৰ পৰা উত্তৰাধিকাৰতো
লৈ লওঁ। তেতিয়ালৈকে যাতে যুদ্ধ নালাগে। বাবাই ক’ব মই জানো কিবা কৰিব পাৰোঁ। প্ৰথমে
আখৰা (ৰিহাৰ্চেল) হ’ব। এতিয়া ৰজা আদিও অহা নাই, ৰাজস্থানৰ ওপৰতো বুজাব পাৰা। কোৱা -
আপোনালোকে গম পায়নে ৰাজস্থান নাম কিয় হ’ল? ভাৰতত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল নহয়
জানো। পুনৰাই সেই ৰাজস্থান হোৱা উচিত, সেয়েহে এতিয়া আকৌ স্থাপন হৈ আছে। আমি জানো
কিন্তু বুদ্ধিত যেতিয়া ধাৰণ হ’ব তেতিয়া আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। ভক্তিমাৰ্গত এই
দেৱতাসকলৰ মন্দিৰ নিৰ্মাণ কৰে। ভাৰতত কিমান ধন আছিল। আমি পুনৰাই ইয়াক দৈৱী ৰাজস্থান
কৰি তোলোঁ। এই কথাবোৰক আহি বুজক। বুজোৱাৰো উৎসাহ-উদ্দীপনা থাকিব লাগিব। এয়াও আলোচনা
চক্ৰ (চেমিনাৰ) নহয় জানো। কেনেকৈ সেৱা কৰিব লাগে। পিতাই বুজাইছে - কুমাৰী, মাতা,
গোপ সকলোৱে একেলগে শুনে। উচ্চতকৈ উচ্চ হৈছে একমাত্ৰ ভগৱান, কৃষ্ণ নহয়। গতিকে
তোমালোকে ৰাজস্থানৰ ওপৰত বুজাব পাৰা। যথাযথ ৰাজস্থান আছিল যাৰ মন্দিৰ নিৰ্মাণ কৰি
থোৱা আছে পুনৰাই আমি স্থাপন কৰি আছোঁ। পিতাই আমাক ৰাজযোগ শিকাই আছে। আপোনালোকেও
চেষ্টা কৰক - আধাকল্পৰ বাবে। পাছত কেতিয়াও কান্দিবলগীয়া নহ’ব। আমি ৰামৰ শ্ৰীমতত
ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰি আছোঁ। কথাবোৰ শুনিলে তেতিয়া ভিতৰি ভাল লাগিব। যিসকলক
তীৰে আঘাত কৰিব তেওঁলোক বুজিবলৈ আহি যাব। এই বেহদৰ আলোচনা চক্ৰ বাবাই নিতৌ অনুষ্ঠিত
কৰে। এয়া হৈছে আত্মাসকলৰ পৰমাত্মাৰ লগত আলোচনা চক্ৰ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কৰ্মভোগৰ পৰা মুক্ত হ’বলৈ একমাত্ৰ পিতাৰ স্মৃতিত থাকিব লাগে। দেহধাৰীৰ স্মৃতিত
থাকি সময় নষ্ট কৰিব নালাগে। বুদ্ধিৰ লাইন বহুত স্বচ্ছ কৰি ৰাখিব লাগে।
(2) বহুত শুদ্ধ ভোজন
খাব লাগে। যেনে অন্ন তেনে মন সেয়েহে কোনো বিকাৰীৰ হাতে ৰন্ধা ভোজন খাব নালাগে।
বুদ্ধি স্বচ্ছ কৰিব লাগে।
বৰদান:
আত্মিক
সহানুভূতিৰ দ্বাৰা সকলোকে সন্তুষ্ট কৰোঁতা সৰ্বদা সম্পত্তিমান হোৱা
আজিৰ বিশ্বত
সম্পত্তিমানতো বহুত আছে কিন্তু সকলোতকৈ আধিক আৱশ্যকীয় সম্পত্তি হৈছে সহানুভূতি।
লাগিলে গৰিব হওঁক বা ধনবান হওঁক বৰ্তমান সহানুভূতিৰ অভাৱ। তোমালোকৰ সহানুভূতিৰ
সম্পত্তি আছে সেয়েহে কাৰোবাক একো নিদিলেও সহানুভূতিৰে সকলোকে সন্তুষ্ট কৰিব পাৰা।
তোমালোকৰ সহানুভূতি ঈশ্বৰীয় পৰিয়ালৰ সম্পৰ্কৰ ফালৰ পৰা, এই আত্মিক সহানুভূতিৰে তন,
মন, আৰু ধন ভৰপূৰ কৰিব পাৰা।
স্লোগান:
প্ৰতিটো কাৰ্যত সাহসক সংগী কৰি লোৱা তেতিয়া সফলতা অৱশ্যে পাবা।