10.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে এই পঢ়াৰ দ্বাৰা শান্তিধাম হৈ সুখধামলৈ যোৱা, এয়াই তোমালোকৰ এইম-অবজেক্ট (লক্ষ্য-উদ্দেশ্য), এইটো কেতিয়াও পাহৰিব নালাগে

প্ৰশ্ন:
তোমালোক সন্তানসকলে এই সময়ত সাক্ষী হৈ ড্ৰামাৰ (নাটকৰ) কোনটো চিন (দৃশ্য) প্ৰত্যক্ষ কৰি আছা?

উত্তৰ:
এই সময়ত ড্ৰামাত টোটেল (সম্পূৰ্ণ) দুখৰ চিন (দৃশ্য) চলি আছে। যদি কাৰোবাৰ সুখ আছেও সেয়া অল্পকালৰ কাউৰীৰ বিষ্ঠাৰ সমান। বাকী দুখেই দুখ। তোমালোক সন্তানসকল এতিয়া প্ৰকাশত আহিছা। তোমালোকে জানা যে চেকেণ্ডৰ পাচত চেকেণ্ড বেহদৰ সৃষ্টিৰ চক্ৰ ঘূৰি থাকে, এটা দিন আনটোৰ লগত নিমিলে। গোটেই সৃষ্টিৰ এক্ট (কৰ্মকাণ্ড) সলনি হৈ থাকে। নতুন চিন (দৃশ্য) চলি থাকে।

ওঁম্শান্তি।
শান্তি। প্ৰথমতে - পিতা স্বধৰ্মত টিকি আছে, দ্বিতীয়তে - সন্তানসকলকো কয় যে নিজৰ স্বধৰ্মত টিকি থাকা আৰু পিতাক স্মৰণ কৰা। আৰু কোনেও এনেদৰে কব নোৱাৰে যে স্বধৰ্মত টিকি থাকা। তোমালোক সন্তানসকলৰ বুদ্ধিত নিশ্চয় আছে। নিশ্চয়বুদ্ধি বিজয়ন্তী (নিশ্চয় বুদ্ধিৰ বিজয় হয়)। তেওঁলোকেই বিজয় লাভ কৰিব। কিহৰ বিজয় পাব? পিতাৰ উত্তৰাধিকাৰৰ। স্বৰ্গলৈ যোৱা - এয়া হৈছে পিতাৰ পৰা উত্তৰাধিকাৰৰ ওপৰত বিজয় লাভ কৰা। বাকী হৈছে পদৰ বাবে পুৰুষাৰ্থ। স্বৰ্গলৈতো নিশ্চয় যাব লাগিব। সন্তানসকলে জানে যে এইখন হৈছে ছিঃ ছিঃ সৃষ্টি। বহুত দুখ আহিবলগীয়া আছে। ড্ৰামাৰ চক্ৰকো তোমালোকে জানা। অনেকবাৰ বাবা আহিছে, পাৱন কৰি সকলো আত্মাকে মহৰ সদৃশ লৈ যাবলৈ, তাৰপাচত নিজেও নিৰ্বাণধামত গৈ নিবাস কৰিব। সন্তানসকলো যাব! তোমালোক সন্তানসকলৰ এইটোতো আনন্দ থকা উচিত যে এই পঢ়াৰ দ্বাৰা আমি শান্তিধাম হৈ নিজৰ সুখধামলৈ যাম। এয়া হৈছে তোমালোকৰ এইম-অবজেক্ট। এইটো পাহৰিব নালাগে। নিতৌ শুনা, বুজি পোৱা যে আমাক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতাই পঢ়ায়। স্মৃতিত থাকি পাৱন হোৱাৰ সহজ উপায় শুনায়। এইটোও নতুন কথা নহয়। লিখা আছে যে ভগৱানে ৰাজযোগ শিকালে। কেৱল এইটো ভুল কৰি দিলে যে তাত কৃষ্ণৰ নাম দি দিলে। এনেকুৱাও নহয় যে সন্তানসকলে যি নলেজ (জ্ঞান) পাই আছে সেয়া গীতাৰ বাহিৰে আন কোনো শাস্ত্ৰত থাকিব। সন্তানসকলে জানে যে পিতাৰ যেনেকৈ মহিমা আছে তেনেকৈ কোনো মনুষ্যৰে মহিমা নাই। পিতা নাহিলে সৃষ্টিৰ চক্ৰই নুঘূৰিব। দুখধামৰ পৰা সুখধাম কেনেকৈ হব? সৃষ্টিৰ চক্ৰতো ঘূৰিবই লাগিব। পিতাও নিশ্চয় আহিবই লাগিব। পিতা আহে সকলোকে লৈ যাবলৈ আকৌ চক্ৰ ঘূৰে। পিতা নাহিলে কলিযুগৰ পৰা সত্যযুগ কেনেকৈ হব? বাকী এই কথাবোৰ কোনো শাস্ত্ৰত নাই। ৰাজযোগৰ বিষয়ে গীতাতেই আছে। যদি এইটো বুজি পায় যে ভগৱান 'আবু'ত আহিছে তেতিয়া সাক্ষাৎ কৰিবলৈ দৌৰি আহিব। সন্ন্যাসীসকলেও নিবিচাৰে জানো যে ভগৱানক সাক্ষাৎ কৰোঁ। পতিত-পাৱনক স্মৰণ কৰে উভতি যাবৰ বাবে। এতিয়া তোমালোক সন্তানসকল পদমাপদম ভাগ্যশালী হৈ আছা। তাত অপাৰ সুখ থাকে। নতুন সৃষ্টিত যি দেৱী-দেৱতা ধৰ্ম আছিল, সেয়া এতিয়া নাই। পিতাই দৈৱী ৰাজ্য ব্ৰহ্মাৰ দ্বাৰাই স্থাপনা কৰে। এইটোতো ক্লীয়াৰ (স্পষ্ট) হয়। তোমালোকৰ এইম-অবজেক্টেই হৈছে এয়া। ইয়াত সংশয়ৰ কথাই নাই। আগলৈ গৈ বুজিয়েই যাবা, ৰাজধানী নিশ্চয় স্থাপন হয়। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছে। যেতিয়া তোমালোক স্বৰ্গত থাকা তাৰ নামেই হয় ভাৰত আকৌ যেতিয়া তোমালোক নৰকলৈ আহা তেতিয়া হিন্দুস্তান নাম হয়। ইয়াত কিমান দুখেই দুখ। আকৌ এই সৃষ্টি সলনি হব আৰু তেতিয়া স্বৰ্গত হয়েই সুখধাম। এই নলেজ তোমালোক সন্তানসকলৰ আছে। জগতত মনুষ্যই একোৱে নাজানে। পিতাই নিজেই কয় - এতিয়া হৈছে অন্ধকাৰ ৰাতি। ৰাতি মনুষ্যই খুন্দা খাই থাকে। তোমালোক সন্তানসকল প্ৰকাশত আছা। এইটোও সাক্ষী হৈ বুদ্ধিত ধাৰণ কৰিব লাগে। চেকেণ্ডৰ পাচত চেকেণ্ড বেহদৰ সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। এটা দিন আনটোৰ লগত নিমিলে। গোটেই সৃষ্টিৰ এক্ট (কৰ্মকাণ্ড) সলনি হৈ থাকে। নতুন চিন (দৃশ্য) চলি থাকে। এই সময়ত টোটেল (সম্পূৰ্ণ) দুখৰ চিন। যদি সুখ আছেও সেয়া হৈছে কাউৰীৰ বিষ্ঠাৰ সমান। বাকী দুখেই দুখ। এইটো জন্মত যদি সুখ হয় আকৌ পৰৱৰ্তী জন্মত দুখ। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত এইটো থাকে যে এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ। এই ক্ষেত্ৰত পাৱন হবৰ বাবে পৰিশ্ৰম কৰিব লাগে। শ্ৰী শ্ৰীয়ে শ্ৰীলক্ষ্মী-নাৰায়ণ হোৱাৰ শ্ৰীমত দিছে। বেৰিষ্টাৰে মত দিব - বেৰিষ্টাৰ হোৱা। এতিয়া পিতায়ো কয় - শ্ৰীমতৰ দ্বাৰা এয়া (লক্ষ্মী-নাৰায়ণ) হোৱা।

নিজক সুধিব লাগে - মোৰ কোনো অৱগুণতো নাই? এই সময়ত গায়নো কৰে - মোৰ নিৰ্গুণীৰ কোনো গুণ নাই, আপুনিয়েই কৃপা কৰক। কৃপা অৰ্থাৎ দয়া। পিতাই কয় - সন্তানসকল মইতো কাৰো ওপৰত দয়া নকৰোঁৱেই। দয়াতো প্ৰত্যেকেই নিজৰ ওপৰত কৰিব লাগে। এয়া ড্ৰামা ৰচি থোৱা আছে। নিৰ্দয়ী ৰাৱণে তোমালোকক দুখত লৈ আনে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ইয়াত ৰাৱণৰো কোনো দোষ নাই। পিতা আহি কেৱল ৰায় দিয়ে। এয়াই তেওঁৰ দয়া। বাকী এই ৰাৱণ ৰাজ্যতো তথাপি চলি থাকিব। ড্ৰামা অনাদি হয়। ৰাৱণৰো দোষ নাই মনুষ্যৰো দোষ নাই। চক্ৰটো ঘূৰিবই। ৰাৱণৰ পৰা মুক্ত কৰিবলৈ পিতাই যুক্তি (উপায়) শুনাই থাকে। ৰাৱণৰ মতত তোমালোক কিমান পাপ আত্মা হৈ গৈছা। এতিয়া পুৰণি সৃষ্টি। পুনৰ নিশ্চয় নতুন সৃষ্টি আহিব। চক্ৰতো ঘূৰিব নহয় জানো। সত্যযুগ নিশ্চয় পুনৰ আহিব। এতিয়া হৈছে সংগমযুগ। মহাভাৰতৰ যুদ্ধও এই সময়ৰে। বিনাশ কালত বিপৰীত বুদ্ধি বিনশন্তী। এয়া হব। আৰু আমি বিজয়ন্তী (বিজয়ীসকল) স্বৰ্গৰ মালিক হম। বাকী সকলো নাথাকিবই। এইটোও বুজি পোৱা - পবিত্ৰ নোহোৱাকৈ দেৱতা হোৱা কঠিন। এতিয়া পিতাৰ পৰা শ্ৰেষ্ঠ দেৱতা হোৱাৰ শ্ৰীমত পোৱা। এনেকুৱা মত কেতিয়াও পাব নোৱাৰা। শ্ৰীমত দিয়াৰ তেওঁৰ ভূমিকাও সংগমত আছে। অন্য কাৰোৱেই এই জ্ঞানতো নাই। ভক্তি মানে ভক্তি। তাক জ্ঞান বুলি কোৱা নহব। আত্মিক জ্ঞান, জ্ঞান সাগৰ আত্মাইহে দিয়ে। তেওঁৰেই মহিমা হৈছে জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। পিতাই পুৰুষাৰ্থৰ যুক্তিও শুনায়। এইটো খেয়াল ৰাখিব লাগে যে এতিয়া ফেইল (অকৃতকাৰ্য) হলে কল্প-কল্পান্তৰলৈ ফেইল হবা, বহুত আঘাত লাগি যাব। শ্ৰীমতত নচলিলে আঘাত লাগি যায়। ব্ৰাহ্মণৰ বৃক্ষ নিশ্চয় বৃদ্ধিও হব। ইমানেই বৃদ্ধি হব যিমান দেৱতাসকলৰ বৃক্ষ হয়। তোমালোকে পুৰুষাৰ্থ কৰিব আৰু কৰাব লাগে। চেপলিং (কলম) লাগি থাকিব। বৃক্ষ ডাঙৰ হৈ যাব। তোমালোকে জানা যে এতিয়া আমাৰ কল্যাণ হৈ আছে। পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ যোৱাৰ কল্যাণ হয়। তোমালোক সন্তানসকলৰ বুদ্ধিৰ তলা এতিয়া খুলিছে। পিতা বুদ্ধিমানসকলৰ বুদ্ধি নহয় জানো (সন্তানসকলৰ বুদ্ধি তেওঁৰ দৰে দীপ্তিমান কৰি তোলে)। এতিয়া তোমালোকে বুজি আছা আকৌ আগলৈ গৈ দেখিবা কাৰ কাৰ তলা খোল খাব। এয়াও ড্ৰামা চলি থাকে। পুনৰ সত্যযুগৰ পৰা ৰিপিট (পুনৰাবৃত্তি) হব। লক্ষ্মী-নাৰায়ণ যেতিয়া সিংহাসনত অধিষ্ঠিত হয় তেতিয়া চন আৰম্ভ হয়। তোমালোকে লিখাও যে ৱানৰ (একৰ) পৰা 1250 বছৰলৈকে স্বৰ্গ, কিমান ক্লীয়াৰ। কাহিনী হৈছে সত্য নাৰায়ণৰ। কথা (আখ্যান) অমৰনাথৰ নহয় জানো। তোমালোকে এতিয়া সঁচা সঁচা অমৰনাথৰ কথা শুনা তাৰ আকৌ গায়ন চলে। উৎসৱ আদি সকলো এই সময়ৰ। নাম্বাৰ ৱান (এক নম্বৰ) পৰ্ব হৈছে শিৱবাবাৰ জয়ন্তী। কলিযুগৰ পাচত নিশ্চয় পিতা আহিবলগীয়া হয় সৃষ্টিক চেঞ্জ (পৰিৱৰ্তন) কৰিবলৈ। চিত্ৰবোৰক কোনোবাই ভালদৰে চালে দেখিব কিমান পুৰা হিচাপ কৰি থোৱা আছে। তোমালোকৰ এইটো নিশ্চয়তা আছে যে তোমালোকে কল্পৰ পূৰ্বে যিমান পুৰুষাৰ্থ কৰিছিলা সিমান অৱশ্যেই কৰিবা। সাক্ষী হৈ অন্যৰো প্ৰত্যক্ষ কৰিব। নিজৰ পুৰুষাৰ্থকো জানে। তোমালোকেও জানা। ষ্টুডেণ্টে (বিদ্যাৰ্থীয়ে) জানো নিজৰ পঢ়াৰ বিষয়ে নাজানিব? অন্তৰ নিশ্চয় দগ্ধ হব যে মই এইটো চাবজেক্টত (বিষয়ত) বহুত কেঁচা। তেতিয়া অকৃতকাৰ্য হৈ যায়। পৰীক্ষাৰ সময়ত যিসকল কেঁচা হব তেওঁলোকৰ অন্তৰ কঁপি থাকিব। তোমালোক সন্তানসকলেও সাক্ষাৎকাৰ কৰিবা। কিন্তু অকৃতকাৰ্যতো হৈয়ে গলা, কি কৰিব পাৰিবা! স্কুলত অকৃতকাৰ্য হলে তেতিয়া সম্বন্ধীয়সকলো বিতুষ্ট হৈ যায়, শিক্ষকো বিতুষ্ট হৈ যায়। কব আমাৰ স্কুলৰ পৰা কমকৈ পাছ হল তেতিয়া বুজা যাব যে শিক্ষক ইমান ভাল নহয় সেইকাৰণে কম কৈ পাছ হল। বাবায়ো জানে যে চেণ্টাৰত (সেৱাকেন্দ্ৰত) কোন কোন ভাল শিক্ষক আছে, কেনেকৈ পঢ়ায়। কোনে কোনে ভালকৈ পঢ়াই লৈ আনে। সকলো জানে। বাবাই কয় - ডাৱৰসকলক (জ্ঞান বৰ্ষা কৰিব পৰাসকলক) লৈ আনিব লাগে। সৰু সন্তানক লৈ আহিলে সিহঁতৰ প্ৰতি মোহ থাকিব। অকলে ওলাই আহিব লাগে তেতিয়া বুদ্ধি ভালকৈ লাগি থাকিব। সন্তানসকলকতো তাত চায়েই থাকা।

পিতাই কয় - এই পুৰণি সৃষ্টিতো কৱৰস্থান হব। নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া বুদ্ধিত থাকে নহয় - আমাৰ নতুন ঘৰ নিৰ্মাণ হৈ আছে। ধান্দা (পেছাগত কাম-কাজ) আদিতো কৰি থাকে। কিন্তু বুদ্ধি নতুন ঘৰৰ ফালে থাকে। মনে মনেতো বহি নাযায়। সেয়া হৈছে হদৰ কথা, এয়া হৈছে বেহদৰ কথা। প্ৰতিটো কাৰ্য কৰি থাকিও স্মৃতিত থাকিব লাগে যে এতিয়া আমি ঘৰলৈ গৈ আকৌ নিজৰ ৰাজধানীত আহিম তেতিয়া অপাৰ আনন্দত থাকিবা। পিতাই কয় - সন্তানসকল, নিজৰ সন্তানসকলৰ তত্ত্বাৱধানো লব লাগে। কিন্তু বুদ্ধি তাত (শান্তিধাম আৰু সুখধামত) লাগি থাকিব লাগে। স্মৰণ নকৰিলে আকৌ পবিত্ৰও হব নোৱাৰিবা। স্মৃতিৰে পবিত্ৰ, জ্ঞানৰে উপাৰ্জন হয়। ইয়াততো সকলো পতিত। দুটা কাষ (পাৰ) আছে। বাবাক নাৱৰীয়া বুলি কয়, কিন্তু অৰ্থ বুজি নাপায়। তোমালোকে জানা যে পিতাই সিপাৰলৈ লৈ যায়। আত্মাই জানে যে আমি এতিয়া পিতাক স্মৰণ কৰি বহুত সমীপত গৈ আছোঁ। নাৱৰীয়া নামো অৰ্থ সহিত ৰখা হৈছে নহয় জানো। এয়া সকলো মহিমা কৰে - মোৰ নাও পাৰত লগোৱা। সত্যযুগত এনেকৈ কব জানো? কলিযুগতহে আহ্বান কৰে। তোমালোক সন্তানসকলে বুজি পোৱা যে অবুজনসকলতো (বুদ্ধিহীনসকলতো) ইয়ালৈ আহিব নালাগে। পিতাই কঠোৰভাৱে মানা কৰে। নিশ্চয় নহলে কেতিয়াও লৈ আনিব নালাগে। একোৱেই বুজি নাপাব। প্ৰথমেতো 7 দিনৰ কোৰ্চ (পাঠ্যক্ৰম) কৰিবলৈ দিয়া। কাৰোবাৰতো 2 দিনতে তীৰ লাগি যায়। ভাল লাগি গলেতো আৰু নেৰিব। কব মই 7 দিন আৰু শিকিম। তোমালোকে তৎক্ষণাৎ বুজি পাবা যে এওঁ এইটো কুলৰ হয়। যিসকল তীক্ষ্ণ বুদ্ধিৰ হব তেওঁলোকে কোনো কথালৈ ভ্ৰূক্ষেপ নকৰিব। ভাল, এটা চাকৰি এৰিবলগীয়া হলে অন্য এটা পাই যাব, যিসকল বিশাল অন্তৰৰ সন্তান হয় তেওঁলোকে চাকৰি আদি হেৰুৱাবলগীয়াই নহয়। নিজেই ৱণ্ডাৰ খায় (আচম্বিত হয়)। কন্যাসকলে কয় - মোৰ পতিৰ বুদ্ধি পৰিৱৰ্তন কৰা। বাবাই কয় - মোক নকবা। তোমালোকে যোগবলত থাকি পুনৰ জ্ঞান বুজোৱা। বাবাই জানো বুদ্ধি পৰিৱৰ্তন কৰি দিব। তেনেহলেতো সকলোৱে এনেকুৱা ধান্দা কৰি থাকিব। যি নিয়ম ওলায় তাকেই ধৰি লয়। কোনোবা গুৰুৰ পৰা কাৰোবাৰ লাভ হ'ল, শুনিলে, তেন্তে বচ তেওঁৰ পিচত পৰি যায়। (পৰমধামৰ পৰা) নতুন আত্মা আহিলে তেনে আত্মাৰ মহিমাতো হবই নহয় জানো। আকৌ বহুত ফলৱাৰ্ছ (অনুগামী) হৈ যায় সেইবাবে এই কথাবোৰ চাব নালাগে। তোমালোকে নিজক চাব লাগে - মই কিমানলৈকে পঢ়োঁ? এয়াতো বাবাই যেন ডিটেলত (বিস্তাৰত) বাৰ্তা-লাপ কৰে। বাকী মাত্ৰ কৈ দিবা যে পিতাক স্মৰণ কৰা এইটোতো ঘৰত থাকিও কৰিব পাৰা। কিন্তু জ্ঞানৰ সাগৰ হয় যেতিয়া জ্ঞানো দিব নহয় জানো। এইটো হৈছে মুখ্য কথা - মনমনাভৱ। লগতে সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্যও বুজায়। চিত্ৰওতো এই সময়ত বহুত ভাল ভাল ওলায়। তাৰো অর্থ পিতাই বুজায়। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাক দেখুৱাইছে। ত্ৰিমূৰ্তিও আছে আকৌ বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মা এয়া আকৌ কি? পিতাই বহি বুজায় - এইটো ৰাইট (শুদ্ধ) নে ৰং (অশুদ্ধ)? কাল্পনিক চিত্ৰও বহুত তৈয়াৰ কৰে নহয় জানো। কোনো কোনো শাস্ত্ৰত চক্ৰও দেখুৱাইছে। কিন্তু কোনোবাই কিমান আয়ুস লিখি দিলে, কোনোবাই কিমান। অনেক মত আছে নহয় জানো। শাস্ত্ৰত হদৰ (সীমিত) কথা লিখি দিছে, পিতাই বেহদৰ (অসীমৰ) কথা বুজায় যে গোটেই সৃষ্টিত হৈছে ৰাৱণ ৰাজ্য। তোমালোকৰ বুদ্ধিত এইটো জ্ঞান আছে - আমি কেনেকৈ পতিত হলোঁ আকৌ কেনেকৈ পাৱন হওঁ। পাচলৈ আকৌ অন্য ধর্মবোৰ আহে। অনেক ভেৰাইটি (ভিন্নতা) আছে। এটা আনটোৰ লগত নিমিলে। একে ফিচাৰ্চৰ (চাৰিত্ৰিক বৈশিষ্টৰ) দুজন থাকিব নোৱাৰে। এয়া ৰচি থোৱা খেল যি ৰিপিট হৈ থাকে। পিতাই সন্তানসকলক বহি বুজায়। সময় কমি গৈ আছে। নিজক পৰীক্ষা কৰা - মই কিমানলৈকে আনন্দিত হৈ থাকোঁ? আমি কোনো বিকৰ্ম কৰিব নালাগে। ধুমুহাতো আহিব। পিতাই বুজায় - সন্তানসকল, অন্তৰ্মুখী হৈ নিজৰ চাৰ্ট (খতিয়ান) ৰাখিবা তেতিয়া যি ভুল হয় তাৰবাবে অনুতাপ কৰিব পাৰিবা। এয়া যেন যোগবলেৰে নিজক ক্ষমা কৰা। বাবাই কোনো ক্ষমা বা মাফ নকৰে। ড্ৰামাত ক্ষমা শব্দটিয়েই নাই। তোমালোকে নিজৰ বাবে পৰিশ্ৰম কৰিব লাগে। পাপৰ দণ্ড মনুষ্যই নিজেই ভোগ কৰে। ক্ষমাৰ কথাই নাই। পিতাই কয় - সকলো কথাতে পৰিশ্ৰম কৰা। পিতাই বহি আত্মাসকলক যুক্তি শুনায়। পিতাক আহ্বান কৰা - পুৰণি ৰাৱণৰ দেশত আহা, আমাক পতিতসকলক আহি পাৱন কৰি তোলা। কিন্তু মনুষ্যই বুজি নাপায়। তেওঁলোক হৈছে আসুৰিক সম্প্ৰদায়ৰ। তোমালোক হৈছা ব্ৰাহ্মণ সম্প্ৰদায়, দৈৱী সম্প্ৰদায়ৰ হৈ আছা। পুৰুষাৰ্থও সন্তানসকলে ক্ৰমানুসৰি কৰে। আকৌ কৈ দিয়ে - এওঁৰ ভাগ্যত ইমানে আছে। নিজৰ সময় ৱেষ্ট (নষ্ট) কৰে। জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰলৈ উচ্চ পদ পাব নোৱাৰিব। নিজৰ লোকচান কৰিব নালাগে কিয়নো এতিয়া জমা কৰাৰ সময়। পাচত লোকচানত গুচি যোৱা। ৰাৱণ ৰাজ্যত কিমান লোকচান হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তৰ্মুখী হৈ নিজক পৰীক্ষা কৰিব লাগে, যি ভুল হয় তাৰ বাবে অন্তৰেৰে অনুতাপ কৰি যোগবলেৰে ক্ষমা কৰিব লাগে। নিজৰ বাবে পৰিশ্ৰম কৰিব লাগে।

(2) পিতাৰ যি ৰায় পোৱা যায় সেইমতে ভালকৈ চলি নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে। সাক্ষী হৈ নিজৰ বা আনৰ পুৰুষাৰ্থ প্ৰত্যক্ষ কৰিব লাগে। কেতিয়াও নিজে নিজৰ লোকচান কৰিব নালাগে।

বৰদান:
নিৰন্তৰ স্মৃতিৰ দ্বাৰা অবিনাশী উপাৰ্জন জমা কৰোঁতা সকলো খাজনাৰ (সম্পত্তিৰ) অধিকাৰী হোৱা

নিৰন্তৰ স্মৃতিৰ দ্বাৰা খোজে প্ৰতি উপাৰ্জন জমা কৰি থাকা তেতিয়া সুখ, শান্তি, আনন্দ, প্ৰেম.... এই সকলো খাজনাৰ অধিকাৰৰ অনুভৱ কৰি থাকিবা। কোনো কষ্ট, কষ্ট যেন অনুভৱ নহব। সংগমত ব্ৰাহ্মণসকলৰ কোনো কষ্ট হব নোৱাৰে। যদি কোনো কষ্ট আহেও সেয়া পিতাৰ স্মৃতি সোঁৱৰাই দিবৰ কাৰণে, যেনেকৈ গোলাপ ফুলৰ লগত সুৰক্ষাৰ সাধন হিচাপে কাঁইট থাকে তেনেকৈ এই কষ্টবোৰ আৰু বেছিকৈহে পিতাৰ স্মৃতি সোঁৱৰাই দিয়াৰ নিমিত্ত হয়।

স্লোগান:
পৰমাত্ম শ্ৰীমতৰ আধাৰত কৰ্ম ৰূপী বীজে শুভ সংকল্পৰ জল পাই থাকিলে তেতিয়া বীজ শক্তিশালী হৈ যাব।