10.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা আহিছে তোমালোকৰ বেটাৰী শক্তিৰে ভৰপূৰ (চাৰ্জ) কৰিবলৈ, যিমানে তোমালোক স্মৃতিত থাকিবা সিমানে বেটাৰী শক্তিৰে ভৰপূৰ (চাৰ্জ) হৈ থাকিব

প্ৰশ্ন:
তোমালোকৰ সত্যৰ নাওঁত ধুমুহা কিয় লাগে?

উত্তৰ:
কিয়নো এই সময়ত কৃত্রিম (আৰ্টিফিচিয়েল) বহুত ওলাইছে। কোনোবাই নিজকে ভগৱান বুলি কয়, কোনোবাই তন্ত্র-মন্ত্র দেখুৱায়, সেইকাৰণে মনুষ্যই সত্যক চিনাক্ত কৰিব নোৱাৰে। সত্যৰ নাওঁক লৰাবলৈ চেষ্টা কৰে। কিন্তু তোমালোকে জানা যে আমাৰ সত্যৰ নাওঁ কেতিয়াও ডুবিব নোৱাৰে। আজি যিসকলে বিঘিনিৰ সৃষ্টি কৰে, তেওঁলোকে কাইলৈ বুজিব যে সৎগতিৰ ৰাস্তা ইয়াতহে পোৱা যাব। সকলোৰে বাবে এয়া এখনেই দোকান।
 

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্রতি অথবা আত্মাসকলৰ প্রতি কিয়নো আত্মাই কানৰ দ্বাৰা শুনে। ধাৰণা আত্মাত হয়। পিতাৰ আত্মাতো জ্ঞান ভৰপূৰ হৈ আছে। সন্তানসকল এইটো জন্মতে আত্মা-অভিমানী হ'ব লাগে। ভক্তিমাৰ্গৰ 63 জন্ম, দ্বাপৰ যুগৰ পৰা তোমালোক দেহ-অভিমানী হৈ থাকা। আত্মা কি হয়, এইটো বোধ নাথাকে। আত্মা আছে নিশ্চয়। আত্মাহে শৰীৰত প্রৱেশ কৰে। দুখো আত্মাৰহে হয়। কোৱাও হয় পতিত আত্মা, পাৱন আত্মা। পতিত পৰমাত্মা এনেকৈ কেতিয়াও শুনা নাই। সকলোৰে ভিতৰত যদি পৰমাত্মা থাকে তেন্তে পতিত পৰমাত্মা হৈ যাব। গতিকে মুখ্য কথা হৈছে আত্মা-অভিমানী হোৱা। আত্মা কিমান সূক্ষ্ম, তাত কেনেকৈ ভূমিকা নিহিত হৈ আছে, এইটো কোনেও গম নাপায়। তোমালোকেতো নতুন কথা শুনা। এই স্মৃতিৰ যাত্রাও পিতাইহে শিকায়, আৰু কোনেও শিকাব নোৱাৰে। পৰিশ্ৰমো ইয়াতেই হয়। বাৰে বাৰে নিজক আত্মা বুলি বুজিব লাগে। যিদৰে চোৱা এই জৰুৰীকালীন বন্তি (ইমাৰজেঞ্চি লাইট) ওলাইছে, যিটো বেটাৰীত চলে। ইয়াকো আকৌ বিদ্যুত সঞ্চাৰিত (চাৰ্জ) কৰে। পিতা হৈছে সকলোতকৈ শ্ৰেষ্ঠ শক্তি (পাৱাৰ)। আত্মা কিমান অনেক আছে। সকলোৱে সেই শক্তিৰে পৰিপূৰ্ণ হ'ব লাগে। পিতা হৈছে সৰ্বশক্তিমান। আমাৰ; আত্মাসকলৰ তেওঁৰ সৈতে যোগসূত্ৰ গঢ়ি নুঠিলে তেন্তে বেটাৰী শক্তিৰে ভৰপূৰ কেনেকৈ হ'ব? শক্তি ক্ষয় (ডিচাৰ্জ) হ'বলৈ গোটেই কল্প লাগে। এতিয়া আকৌ বেটাৰী শক্তিৰে ভৰপূৰ কৰিবলগীয়া হয়। সন্তানসকলে বুজি পায় আমাৰ বেটাৰীৰ শক্তি ক্ষয় হৈ গৈছে, এতিয়া আকৌ শক্তিৰে ভৰপূৰ কৰিব লাগে। কেনেকৈ? পিতাই কয় মোৰ সৈতে যোগসূত্ৰ গঢ়ি তোলা। এইটোতো বহুত সহজে বুজি পোৱা কথা। পিতাই কয় - মোৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা তেতিয়া তোমালোক আত্মা শক্তিৰে ভৰপূৰ হৈ সতোপ্রধান হৈ যাবা। পঢ়াতো হয়েই উপাৰ্জন। স্মৃতিৰে তোমালোক পবিত্র হোৱা। আয়ুস বাঢ়ি যায়। বেটাৰী চাৰ্জ হয়। প্রত্যেকেই চাব লাগে - কিমান পিতাক স্মৰণ কৰোঁ। পিতাক পাহৰি যোৱাৰ কাৰণেই বেটাৰীৰ শক্তি ক্ষয় হয়, কাৰোৱেই সঁচা সংযোগ (কানেকশ্বন) নাই। সঁচা সংযোগ কেৱল তোমালোক সন্তানসকলৰহে আছে। পিতাক স্মৰণ নকৰিলে জ্যোতি জ্বলিব কেনেকৈ? জ্ঞানো কেৱল এজন পিতাইহে দিয়ে।

তোমালোকে জানা যে জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। আকৌ ৰাতিৰ প্রতি বৈৰাগ্য জন্মে আকৌ দিন আৰম্ভ হয়। পিতাই কয় - ৰাতিক পাহৰি যোৱা, এতিয়া দিনক স্মৃতিলৈ আনা। স্বৰ্গ হৈছে দিন, নৰক হৈছে ৰাতি। তোমালোক সন্তানসকল এতিয়া চৈতন্য ৰূপত আছা, এই শৰীৰতো বিনাশী হয়। মাটিৰে গঠিত, মাটিতে মিলি যায়। আত্মাতো অবিনাশী হয়। বাকী বেটাৰীৰ শক্তি ক্ষয় হয়। এতিয়া তোমালোক কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈছা। তোমালোকৰ বুদ্ধি ঘৰলৈ গুচি যায়। তাৰ পৰা আমি আহিছোঁ। ইয়াত সূক্ষ্মবতনৰ বিষয়েতো গম পাই গলা। তাত 4খন ভূজাধাৰী বিষ্ণুক দেখুৱায়। ইয়াততো 4খন ভূজা নাথাকে। এইটো কাৰো বুদ্ধিত উদয় নহব যে ব্ৰহ্মা-সৰস্বতী আকৌ লক্ষ্মী-নাৰায়ণ হয়, সেইকাৰণে বিষ্ণুক 4খন ভূজা দি দিছে। পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। আত্মাতহে সংস্কাৰ সমাহিত হয়। আত্মাহে তমোপ্ৰধানৰ পৰা আকৌ সতোপ্ৰধান হয়। আত্মাসকলেহে পিতাক আহ্বান কৰে - অ' বাবা আমি শক্তিহীন হৈ গৈছোঁ, এতিয়া আপুনি আহক, আমি শক্তিৰে ভৰপূৰ হ'ব লাগে। এতিয়া পিতাই কয় - যিমানে স্মৰণ কৰিবা সিমানে শক্তি আহিব। পিতাৰ প্ৰতি বহুত মৰম (লভ) থাকিব লাগে। বাবা, মই আপোনাৰ, আপোনাৰ লগতে ঘৰলৈ যাম। যেনেকৈ মাকৰ ঘৰৰ পৰা শহুৰৰ ঘৰৰসকলে লৈ যায় নহয়। ইয়াত তোমালোকক অলংকৃত কৰোঁতা দুজন পিতা পাইছা। অলংকাৰো ভাল লাগে অৰ্থাৎ সৰ্বগুণ সম্পন্ন হ'ব লাগে। নিজকে সুধিব লাগে, মোৰ কোনো অৱগুণতো নাই। মনত যদিও ধুমুহা আহে, কৰ্মততো একো নকৰোঁ? কাৰোবাক দুখতো নিদিওঁ? পিতা হৈছে দুখ হৰ্তা, সুখ কৰ্তা। আমিও সকলোকে সুখৰ ৰাস্তা দেখুৱাওঁ। বাবাই বহুত যুক্তি শুনাই থাকে। তোমালোকতো হৈছা সেনা। তোমালোকৰ নামেই হৈছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী, কোনোবা ভিতৰলৈ আহিলে, প্ৰথমে এইটো সোধা যে ক'ৰ পৰা আহিছে? কাৰ ওচৰলৈ আহিছে? তেতিয়া কব মই বি.কে.ৰ ওচৰলৈ আহিছোঁ। বাৰু, ব্ৰহ্মা কোন হয়? প্ৰজাপিতা ব্ৰহ্মাৰ নাম কেতিয়াবা শুনিছেনে? হওতে প্ৰজাপিতাৰতো আপুনিও সন্তান হয়। প্ৰজাতো সকলোৱে হৈ গল নহয় জানো। আপোনাৰ পিতা হয়, আপুনি কেৱল নাজানে। ব্ৰহ্মাও নিশ্চয় কাৰোবাৰ সন্তান হব নহয় জানো। তেওঁৰ পিতাৰ কোনো শৰীৰতো দেখিবলৈ পোৱা নাযায়। ব্ৰহ্মা-বিষ্ণু-শংকৰ এই তিনিওজনৰ ওপৰত হৈছে শিৱবাবা। ত্ৰিমূৰ্তি শিৱক তিনিওজনৰে ৰচিয়তা বুলি কোৱা হয়। ওপৰত এক শিৱবাবা, আকৌ এওঁলোক তিনিজন (ব্ৰহ্মা-বিষ্ণু-শংকৰ)। যেনেকৈ বংশাৱলী থাকে নহয় জানো। ব্ৰহ্মাৰ পিতা নিশ্চয় ভগৱানেই হব। তেওঁ হৈছে আত্মাসকলৰ পিতা। বাৰু, তেন্তে ব্ৰহ্মা কৰ পৰা আহিল। পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁৰ নাম ব্ৰহ্মা ৰাখোঁ। তোমালোক সন্তানসকলৰ নাম ৰাখোঁ, সেয়েহে এওঁৰো নাম ব্ৰহ্মা ৰাখিলোঁ। কয় এয়া মোৰ দিব্য অলৌকিক জন্ম। তোমালোক সন্তানসকলকতো তুলি লওঁ (এডপ্ত কৰোঁ)। বাকী এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ আকৌ তোমালোকক শুনাওঁ সেইকাৰণে এওঁ হৈ গল বাপ-দাদা। যাৰ শৰীৰত প্ৰৱেশ কৰিলোঁ তেওঁৰ আত্মাতো আছে নহয় জানো। তেওঁৰ কাষতে মই আহি বহোঁ। দুটা আত্মাৰ ভূমিকাতো ইয়াত বহুত চলে। আত্মাক আহ্বান কৰে তেন্তে আত্মা আহি কত বহিব। নিশ্চয় ব্ৰাহ্মণৰ কাষতে আহি বহিব। এয়াও দুটা আত্মা পিতা আৰু দাদা। এওঁৰ বাবে পিতাই কয় - নিজৰ জন্মক নাজানা। তোমালোককো কয় তোমালোকে নিজৰ জন্মক নাজানিছিলা। এতিয়া স্মৃতি উদয় হৈছে যে কল্পই কল্পই 84ৰ চক্ৰ পৰিক্ৰমা কৰিছোঁ, পুনৰ উভতি যাওঁ। এয়া হৈছে সংগমযুগ। এতিয়া স্থানান্তৰিত হওঁ। যোগেৰে তোমালোক সতোপ্ৰধান হৈ যাবা, বেটাৰী শক্তিৰে ভৰপূৰ হৈ যাব। পুনৰ সত্যযুগত আহি যাম। বুদ্ধিত গোটেই চক্ৰ ঘূৰি থাকে। বিস্তাৰততো (ডিটেলততো) যাব নোৱাৰিবা। বৃক্ষৰো আয়ুস থাকে, পুনৰ শুকাই যায়। ইয়াতো সকলো মনুষ্য যেন শুকাই গৈছে। সকলোৱে ইজনে সিজনক দুখ দি থাকে। এতিয়া সকলোৰে শৰীৰ নাশ হৈ যাব। বাকী আত্মাসকল গুচি যাব। এই জ্ঞান পিতাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। পিতাইহে বিশ্বৰ বাদশ্বাহী দিয়ে, তেওঁক কিমান স্মৰণ কৰিব লাগে। স্মৃতিত নথকাৰ বাবে মায়াই থাপৰ লগাই দিয়ে। সকলোতকৈ কাঢ়া থাপৰ হৈছে বিকাৰৰ। যুদ্ধক্ষেত্ৰত তোমালোক ব্ৰাহ্মণসকলেই আছা নহয় জানো, সেয়েহে তোমালোকৰ সন্মুখতেই ধুমুহা আহিব। কিন্তু কোনো বিকৰ্ম কৰিব নালাগে। বিকৰ্ম কৰিলে তেন্তে পৰাজিত হৈ যাবা। বাবাক সোধে যে এইটো কৰিবলগীয়া হয়। সন্তানে আমনি কৰে তেতিয়া ক্ৰোধ আহি যায়। সন্তানৰ ভালদৰে তত্ত্বাৱধান নললে নষ্ট হৈ যাব। চেষ্টা কৰি থাপৰ নামাৰিবা। কৃষ্ণৰ কাৰণেও দেখুৱায় নহয় যে উৰালত বান্ধিলে। ৰচিৰে বান্ধি থোৱা, খাবলৈ নিদিবা। কান্দি কান্দি অৱশেষত কব এতিয়াৰ পৰা নকৰোঁ। শিশু হয় তথাপিও কৰিব, শিক্ষা দিব লাগে। বাবায়ো সন্তানসকলক শিক্ষা দিয়ে - সন্তানসকল, কেতিয়াও বিকাৰত নাযাবা, কুল-কলংকিত নকৰিবা। লৌকিকতো কোনোবা কু-সন্তান হলে তেতিয়া মাতা-পিতাই কয় নহয় - এয়া কি কলা মুখ কৰিলা। কুল কলংকিত কৰিলা। পৰাজয়-জয়, জয়-পৰাজয়, হৈ হৈ অৱশেষত জয় হৈ যাব। সত্যৰ নাওঁ হয়, ধুমুহা বহুত আহিব কিয়নো কৃত্ৰিম অনেক ওলাইছে। কোনোবাই নিজকে ভগৱান বুলি কয়, কোনোবাই কিবা বুলি কয়। তন্ত্ৰ-মন্ত্ৰও বহুত দেখুওৱায়। সাক্ষাৎকাৰো কৰায়। পিতা আহেই সকলোৰে সৎগতি কৰিবলৈ। তেতিয়া আকৌ এই জংঘলো নাথাকিব আৰু জংঘলত থাকোঁতাসকলো নাথাকিব। এতিয়া তোমালোক আছা সংগমযুগত, এইটো জানা যে এই পুৰণি সৃষ্টি কৱৰস্থান হৈ পৰি আছে। কোনোবাই জানো মৃতকৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখে, এই সৃষ্টিখনতো নাশ হোৱাৰ পথত। বিনাশ সমাগত। পিতা আহেই তেতিয়া যেতিয়া নতুন সৃষ্টি পুৰণা হয়। পিতাক ভালদৰে স্মৰণ কৰিলে তেতিয়া বেটাৰী শক্তিৰে ভৰপূৰ হব। যদিও বহুত ভাল ভাল কথা কয় কিন্তু স্মৃতিৰ ধাৰ নাথাকিলে সেই শক্তি নাথাকে। ধাৰ থকা তৰোৱাল নহয়। পিতাই কয় - এয়া কোনো নতুন কথা নহয়। 5 হাজাৰ বছৰ পূৰ্বেও আহিছিল। পিতাই সোধে - আগতে কেতিয়া লগ পাইছিলা? তেতিয়া কয় - কল্পৰ আগতে লগ পাইছিলোঁ। কোনোবাই আকৌ কৈ দিয়ে নাটকে নিজেই পুৰুষাৰ্থ কৰাব। বাৰু, এতিয়া নাটকে পুৰুষাৰ্থ কৰাই আছে নহয়, গতিকে কৰা। একে ঠাইতে বহিতো যাব নালাগে। যিসকলে কল্পৰ পূৰ্বে পুৰুষাৰ্থ কৰিছিল, তেওঁলোকে কৰিব। এতিয়ালৈকে যিসকল অহা নাই, তেওঁলোক আহিব। যিসকল জ্ঞানত চলি চলি আঁতৰি গুচি গল, গৈ বিয়া আদি কৰালে, তেওঁলোকৰো নাটকত ভূমিকা থাকিলে তেন্তে আহি পুনৰ পুৰুষাৰ্থ কৰিব, যাবনো কলৈ। সকলোৱে নেজ জোকাৰি জোকাৰি পিতাৰ ওচৰলৈকে আহিব লাগিব। লিখা আছে ভীষ্ম-পিতামহ আদিও অন্তত আহে। এতিয়াতো কিমান অহংকাৰ আছে পাচত সেই অহংকাৰ তেওঁলোকৰ পুৰা হৈ যাব। তোমালোকেও প্ৰতি 5 হাজাৰ বছৰৰ পাচত ভূমিকা পালন কৰা, ৰাজ্য লোৱা, হেৰুওৱা। দিনে-প্ৰতিদিনে সেৱাকেন্দ্ৰ বৃদ্ধি হৈ গৈ থাকে। ভাৰতবাসী যি বিশেষভাৱে দেৱী-দেৱতাসকলৰ পূজাৰী হয় তেওঁলোকক বুজাব লাগে, সত্যযুগত দেৱী-দেৱতা ধৰ্ম আছিল সেয়েহে তেওঁলোকৰ পূজা কৰে। খ্ৰীষ্টিয়ানসকলে খ্ৰাইষ্টৰ (যীশুখ্ৰীষ্টৰ) মহিমা কৰে, আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ মহিমা কৰোঁ। সেয়া কোনে প্ৰতিষ্ঠা কৰিলে। তেওঁলোকে ভাবে কৃষ্ণই প্ৰতিষ্ঠা কৰিলে সেইবাবে তেওঁলোকৰ পূজা কৰি থাকে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। কোনোবাই কিমান পৰিশ্ৰম কৰে, কোনোবাই কিমান। দেখুওৱায় নহয় গোৱৰ্ধন পৰ্বতক আঙুলিৰে দাঙি দিলে।

এতিয়া এইখন হৈছে পুৰণি সৃষ্টি, সকলো বস্তুৰ পৰা শক্তি নোহোৱা হৈ গল। সোণো খনিৰ পৰা নোলায়, স্বৰ্গততো সোণৰ মহল নিৰ্মাণ কৰা হয়, এতিয়াতো চৰকাৰ বিতুষ্ট হৈ পৰে কিয়নো ঋণ দিবলগীয়া হয়। তাততো অপৰিসীম ধন আছে। দেৱালতো হীৰা-মুকুতা লাগি থাকে। সকলোতে হীৰা খতোৱাৰ চখ থাকে। তাত ধনৰ অভাৱ নহয়। অপৰিসীম খাজনা থাকে। আল্লাহ অৱলদীনৰ এটা খেল দেখুৱায়। ঘঁহি দিলে মহল ওলাই আহে। ইয়াতো দিব্য দৃষ্টি প্ৰাপ্ত লাভ কৰিলে স্বৰ্গত গুচি যায়। তাৰ ৰাজকুমাৰ-ৰাজকুমাৰীৰ ওচৰত মুৰুলী আদি সকলোবোৰ বস্তু হীৰাৰ হয়। ইয়াততো কোনোবাই এনেকুৱা বস্তু পিন্ধি বহিলে তেন্তে লুটি লৈ যাব। চুৰি মাৰিও লৈ যাব। তাত এইবোৰ কথা নাথাকে। এই সৃষ্টিখনেই বহুত পুৰণি লেতেৰা হয়। এই লক্ষ্মী-নাৰায়ণৰ সৃষ্টিতো বাহঃ বাহঃ আছিল। হীৰা-মুকুতাৰ মহল আছিল। অকলেতো নাথকিব নহয় জানো। সেইখনক কোৱা হয় স্বৰ্গ, তোমালোকে জানা যথাযথ আমি স্বৰ্গৰ মালিক আছিলোঁ। আমি এই সোমনাথৰ মন্দিৰ সজাইছিলোঁ। এইটো বুজি পোৱা - আমি কি আছিলোঁ পুনৰ ভক্তি মাৰ্গত কেনেকৈ মন্দিৰ সাজি পূজা কৰিছিলোঁ। আত্মাৰ নিজৰ 84 জন্মৰ জ্ঞান আছে। কিমান হীৰা-মুকুতা আছিল, সেই সকলোবোৰ কত গ'ল। লাহে লাহে সকলোবোৰ শেষ হৈ গ'ল। মুছলমানসকল আহিল, ইমান লুটি নিলে যে কবৰত গৈ হীৰা লগালে, তাজমহল আদি নিৰ্মাণ কৰিলে। আকৌ ব্ৰিটিছ চৰকাৰে তাৰ পৰা খান্দি লৈ গ'ল। এতিয়াতো একোৱেই নাই। ভাৰত ভিকহু (বেগৰ) হৈ গল, ঋণৰ ওপৰত ঋণ লৈ থাকে। খাদ্য শস্য, চেনী আদি একোৱেই নাপায়। এতিয়া বিশ্বক পৰিৱৰ্তন কৰিব লাগে। কিন্তু তাৰ আগতে আত্মাৰ বেটেৰীক সতোপ্ৰধান কৰি তুলিবৰ কাৰণে শক্তিৰে ভৰপূৰ কৰিব লাগে। পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। বুদ্ধিৰ যোগসুত্ৰ পিতাৰ সৈতে থাকিব লাগে, তেওঁৰ পৰাইতো উত্তৰাধিকাৰ প্ৰাপ্ত হয়। মায়াৰ ইয়াতেই যুদ্ধ চলে। আগতে জানো এই কথাবোৰ তোমালোকে বুজিছিলা। যেনেকুৱা অন্যসকল তেনেকুৱাই তোমালোকো আছিলা। তোমালোক এতিয়া হৈছা সংগমযুগী আৰু তেওঁলোক সকলো হৈছে কলিযুগী। মনুষ্যই কব - এওঁলোকেতো যি আহে তাকে কৈ থাকে। কিন্তু বুজোৱাৰ যুক্তিও থাকে নহয় জানো। লাহে লাহে তোমালোকৰ বৃদ্ধি হৈ গৈ থাকিব। এতিয়া বাবাই ডাঙৰ বিশ্ব বিদ্যালয় (ইউনিভাৰ্চিটি) খুলি আছে। ইয়াত বুজাবৰ কাৰণে চিত্ৰতো লাগিব নহয় জানো। আগলৈ গৈ তোমালোকৰ ওচৰত এই সকলোবোৰ চিত্ৰ আলোকিত (ট্ৰান্সলাইটৰ) হৈ যাব তেতিয়া তোমালোকৰ বুজাবলৈও সহজ হ'ব।

তোমালোকে জানা আমি নিজৰ বাদশ্বাহী (সাম্ৰাজ্য) পুনৰ স্থাপন কৰি আছোঁ, পিতাৰ স্মৃতি আৰু জ্ঞানেৰে। মায়াই মাজতে বহুত প্ৰবঞ্চনা কৰি দিয়ে। পিতাই কয় - প্ৰবঞ্চনাৰ পৰা হাত সাৰি থাকিবা। যুক্তিতো (উপায়তো) শুনাই থাকে। মুখেৰে কেৱল ইমানেই কোৱা যে পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক এনেকুৱা লক্ষ্মী-নাৰায়ণ হৈ যাবা। এই বেজ আদি ভগৱানে নিজে তৈয়াৰ কৰাইছে, গতিকে ইয়াক কিমান মূল্য দিয়া উচিত। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সৰ্ব গুণেৰে নিজক অলংকৃত কৰিব লাগে, কেতিয়াও কাকো দুখ দিব নালাগে। সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে।

(2) গোটেই সৃষ্টি কৱৰস্থান হৈ পৰি আছে সেয়েহে ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। স্মৃতিত থাকিব লাগে যে এতিয়া আমি স্থানান্তৰ (ট্ৰান্সফাৰ) হৈ আছোঁ, আমিতো নতুন সৃষ্টিলৈ যাব লাগে।

বৰদান:
প্ৰবৃত্তিত থাকিও মোৰ ভাৱক ত্যাগ কৰোঁতা সঁচা নিমিত্ত (ট্ৰাষ্টী), মায়াজিৎ হোৱা

যিদৰে আৱৰ্জনাত পোকৰ জন্ম হয় সেইদৰেই যেতিয়া মোৰ ভাৱ আহে তেতিয়া মায়াৰ জন্ম হয়। মায়াজিৎ হোৱাৰ সহজ উপায় হৈছে - নিজক সদায় নিমিত্ত (ট্ৰাষ্টী) বুলি বুজা। ব্ৰহ্মাকুমাৰ মানে নিমিত্ত, নিমিত্ত হোৱাজনৰ কাৰো প্ৰতি আসক্তি (এটাচমেণ্ট) নাথাকে কিয়নো তেওঁৰ মোৰ ভাৱ নাথাকে। গৃহস্থী বুলি বুজিলে মায়া আহিব আৰু নিমিত্ত বুলি বুজিলে তেতিয়া মায়া পলাই যাব সেয়েহে উপৰাম হৈ পাচত প্ৰবৃত্তিৰ কাৰ্যত আহা তেন্তে মায়া অজেয় (মায়াপ্ৰুফ) হৈ থাকিবা।

স্লোগান:
য'ত অভিমান থাকে তত অপমানৰ অনুভৱ (ফিলিং) নিশ্চয় হয়।