10.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে যেতিয়া কাৰোবাক বুজোৱা বা ভাষণ দিয়া তেতিয়া বাবা বাবা বুলি কৈ বুজাবা, পিতাৰ মহিমা কৰা তেতিয়া বাণ লাগিব

প্ৰশ্ন:
বাবাই ভাৰতবাসী সন্তানসকলক বিশেষকৈ কোনটো প্ৰশ্ন সোধে?

উত্তৰ:
তোমালোক ভাৰতবাসী সন্তানসকল যি ইমান চহকী আছিলা, সৰ্বগুণ সম্পন্ন 16 কলা সম্পূৰ্ণ দেৱতা ধৰ্মৰ আছিলা, তোমালোক পবিত্ৰ আছিলা, কাম-কটাৰী চলোৱা নাছিলা, বহুত ধনৱান আছিলা। পুনৰ তোমালোক ইমান দেউলীয়া কেনেকৈ হ'লা - কাৰণতো গম পোৱানে? সন্তানসকল, তোমালোক গোলাম কেনেকৈ হৈ গ'লা? ইমানবোৰ ধন সম্পত্তি ক'ত হেৰুৱালা? বিচাৰ কৰা তোমালোক পাৱনৰ পৰা পতিত কেনেকৈ হৈ গলা? তোমালোক সন্তানসকলেও এনেকুৱা কথাবোৰ বাবা বাবা বুলি কৈ অন্যকো বুজোৱা- তেতিয়া সহজে বুজি পাব।

ওঁম্শান্তি।
ওঁম্ শান্তি বুলি কলেও পিতা নিশ্চয় স্মৃতিত আহিব লাগে। পিতাই প্ৰথমতে কয় মনমনাভৱ। নিশ্চয় আগতেও কৈছে সেইবাবেতো এতিয়াও কয় নহয় জানো। তোমালোক সন্তানসকলে পিতাক জানা, যেতিয়া ক'ৰবাত ভাষণ দিবলৈ যোৱা, তেওঁলোকেতো পিতাক নাজানে। গতিকে তেওঁলোককো এনেকৈ ক'ব লাগে যে শিৱবাবাই কয়, তেৱেঁই পতিত-পাৱন হয়। নিশ্চয় পাৱন কৰি তুলিবৰ কাৰণে ইয়াত আহি বুজায়। যেনেকৈ বাবাই ইয়াত তোমালোকক কয় - হে সন্তানসকল, তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিছিলোঁ, তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকল বিশ্বৰ মালিক আছিলা, সেইদৰে তোমালোকেও ক'ব লাগে যে বাবাই এনেকৈ কয়। এনেকুৱা কাৰোবাৰ ভাষণৰ বাতৰি অহা নাই। শিৱবাবাই কয় - মোক উচ্চতকৈও উচ্চ বুলি মান্যতা দিয়া, পতিত-পাৱন বুলিও মান্যতা দিয়া, মই আহোঁও ভাৰতত আৰু ৰাজযোগ শিকাবলৈ আহোঁ, কওঁ যে মামেকম্ (মনেৰে কেৱল মোক) স্মৰণ কৰা, মোক উচ্চ পিতাক স্মৰণ কৰা কিয়নো সেইজন পিতা দিওঁতা দাতা হয়। যথাযথ ভাৰতত তোমালোক বিশ্বৰ মালিক আছিলা নহয় জানো। দ্বিতীয় কোনো ধৰ্ম নাছিল। পিতাই আমাক সন্তানসকলক বুজায় আমি আকৌ আপোনালোকক বুজাওঁ। বাবাই কয় - তোমালোক ভাৰতবাসী কিমান চহকী আছিলা। সৰ্বগুণ সম্পন্ন 16 কলা সম্পূৰ্ণ দেৱতা ধৰ্মৰ আছিলা, তোমালোক পবিত্র আছিলা, কাম কটাৰী চলোৱা নাছিলা। বহুত ধনৱান আছিলা। পুনৰ পিতাই কয় - তোমালোক ইমান দেউলীয়া কেনেকৈ হৈ গলা - কাৰণতো গম পোৱানে? তোমালোক বিশ্বৰ মালিক আছিলা। এতিয়া তোমালোক বিশ্বৰ গোলাম কিয় হ'লা? সকলোৰে পৰা ঋণ লৈ থাকা। ইমানবোৰ ধন ক'লৈ গ'ল? যেনেকৈ পিতাই ভাষণ দি আছে তেনেকৈ তোমালোকেও ভাষণ দিয়া তেতিয়া বহুত আকৰ্ষিত হ'ব। তোমালোকে বাবাক স্মৰণ নকৰা সেয়েহে কাকো বাণে আঘাত নকৰে (শুনোৱা জ্ঞানে প্ৰভাৱ নেপেলায়)। সেই শক্তি প্ৰাপ্ত নহয়। নহ'লে তোমালোকৰ এটাই ভাষণ এনেকৈ শুনিলে তেতিয়া চমৎকাৰ হৈ যাব। শিৱবাবাই বুজায় ভগৱানতো এজনেই। যিজন দুখ হৰ্তা, সুখ কৰ্তা হয়, নতুন সৃষ্টি স্থাপন কৰোঁতা হয়। এই ভাৰততে স্বৰ্গ আছিল। হীৰা-মুকুতাৰ মহল আছিল, এখনেই ৰাজ্য আছিল। সকলো ক্ষীৰখণ্ড হৈ আছিল। যিদৰে পিতাৰ মহিমা অপৰমঅপাৰ, সেইদৰে ভাৰতৰ মহিমাও অপৰমঅপাৰ হয়। ভাৰতৰ মহিমা শুনি আনন্দিত হব। পিতাই সন্তানসকলক সোধে - ইমান ধন সম্পত্তি ক'ত হেৰুৱালা? ভক্তি মাৰ্গত তোমালোকে কিমান খৰচ কৰি আহিছা। কিমান মন্দিৰ নিৰ্মাণ কৰা। বাবাই কয় বিচাৰ কৰা - তোমালোক পাৱনৰ পৰা পতিত কেনেকৈ হ'লা? এনেকৈ কোৱাও নহয় - বাবা দুখত আপোনাক স্মৰণ কৰোঁ, সুখত নকৰোঁ। কিন্তু দুখী তোমালোকক কোনে কৰে? বাৰে বাৰে বাবাৰ নাম লৈ থাকা। তোমালোকে বাবাৰ বাৰ্তা দিয়া। বাবাই কয় - মইতো স্বৰ্গ, শিৱালয় স্থাপন কৰিলোঁ, স্বৰ্গত এওঁলোক লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল নহয় জানো। তোমালোকে এইটোও পাহৰি গ'লা। তোমালোকে এইটোও গম নোপোৱা যে ৰাধা-কৃষ্ণই সয়ম্বৰৰ পাচত লক্ষ্মী-নাৰায়ণ হয়। কৃষ্ণ যি বিশ্বৰ মালিক আছিল, তেওঁক বহি কলংক লগোৱা, মোকো কলংক লগোৱা। মই তোমালোকৰ সৎগতি দাতা, তোমালোকে মোক কুকুৰ-মেকুৰী, কণ কণত আছো বুলি কৈ দিয়া। বাবাই কয় - তোমালোক কিমান পতিত হৈ গলা। বাবাই কয় - সকলোৰে সৎগতি দাতা, পতিত-পাৱন মই হওঁ। তোমালোকে আকৌ পতিত-পাৱনী গংগা বুলি কৈ দিয়া। মোৰ লগত যোগসূত্ৰ গঢ়ি নোতোলা বাবে তোমালোক আৰুহে পতিত হৈ যোৱা। মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। বাৰে বাৰে বাবাৰ নাম লৈ বুজোৱা তেতিয়া শিৱবাবা স্মৃতিত থাকিব। কোৱা, আমি বাবাৰ মহিমা কৰোঁ, পিতাই নিজেই কয় - মই কেনেকৈ সাধাৰণ পতিত শৰীৰত বহুত জন্মৰ অন্তিমত আহোঁ। এওঁৰহে (ব্ৰহ্মাৰ) বহুত জন্ম হয়। এওঁ এতিয়া মোৰ হৈছে গতিকে এই ৰথৰ দ্বাৰা তোমালোকক বুজাওঁ। এওঁ নিজৰ জন্মক নাজানে। ভাগীৰথ এওঁ হয়, এওঁৰো বানপ্ৰস্থ অৱস্থাত মই আহোঁ। শিৱবাবাই এনেকৈ বুজায়। এনেকুৱা ভাষণ কাৰো শুনা নাই। বাবাৰতো নামেই নলয়। গোটেই দিন বাবাকতো একেবাৰে স্মৰণেই নকৰে। পৰচৰ্চা-পৰনিন্দাত লাগি থাকে আৰু লিখে যে মই এনেকুৱা ভাষণ দিলোঁ, মই এয়া বুজালোঁ। বাবাই বুজি পায় যে এতিয়াতো তোমালোক পৰুৱা। মকৰাও হোৱা নাই আৰু অহংকাৰ কিমান থাকে। বুজি নাপায় যে শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা কয়। শিৱবাবাক তোমালোকে পাহৰি যোৱা। ব্ৰহ্মাৰ ওপৰত তৎক্ষণাৎ ক্ষোভিত হৈ পৰে। পিতাই কয় - তোমালোকে মোকেই স্মৰণ কৰা, তোমালোকৰ কাম হৈছে মোৰ লগত। মোক স্মৰণ কৰা নহয়নে। কিন্তু তোমালোকেও গম নোপোৱা যে পিতা কি বস্তু হয়, কেতিয়া আহে। গুৰুলোকসকলে তোমালোকক কয় যে কল্প লাখ লাখ বছৰৰ হয় আৰু পিতাই কয় যে কল্প হৈছেই 5 হাজাৰ বছৰৰ। পুৰণি সৃষ্টিয়েই পুনৰ নতুন হ'ব। নতুনেই পুনৰ পুৰণি হয়। এতিয়া নতুন দিল্লী ক'ত আছে? দিল্লীতো যেতিয়া পৰিস্তান (পৰীৰ দেশ) হ'ব তেতিয়া নতুন দিল্লী বুলি ক'ব। নতুন সৃষ্টিত নতুন দিল্লী আছিল, যমুনাৰ ঘাটত। তাত লক্ষ্মী-নাৰায়ণৰ মহল আছিল। পৰিস্তান আছিল। এতিয়াতো কবৰস্থান হ'ব, সকলো মাটিৰ তলত পোট যাব সেয়েহে পিতাই কয় - মোক উচ্চতকৈও উচ্চ পিতাক স্মৰণ কৰা তেতিয়া পবিত্ৰ হৈ যাবা। সদায় এনেকৈ বাবা বাবা বুলি কৈ বুজোৱা। বাবা নাম নোলোৱা সেয়েহে তোমালোকৰ কথা কোনেও নুশুনে। বাবাৰ স্মৃতি নোহোৱা কাৰণে তোমালোকে শক্তি নোপোৱা। দেহ-অভিমানত তোমালোক আহি যোৱা। বন্ধনত থকাসকলে যিসকলে মাৰ খায় তেওঁলোক তোমালোকতকৈও বেছিকৈ স্মৃতিত থাকে, কিমান মিনতি কৰে। পিতাই কয় - তোমালোক সকলো দ্ৰৌপদী হোৱা নহয় জানো। এতিয়া তোমালোকক নগ্ন হোৱাৰ পৰা ৰক্ষা কৰে। মাতাসকলো এনেকুৱা কোনো আছে যাক কল্পৰ পূৰ্বেও পুতনা আদি নাম দিছিল। তোমালোকে পাহৰি গৈছা।

পিতাই কয় - ভাৰত যেতিয়া শিৱালয় আছিল তেতিয়া তাক স্বৰ্গ বুলি কোৱা হৈছিল। ইয়াত আকৌ যিসকলৰ ওচৰত অট্টালিকা, বিমান আদি আছে তেওঁলোকে ভাবে আমি স্বৰ্গত আছোঁ। কিমান মুঢ়মতী (নিৰ্বোধ)। প্ৰত্যেকটো কথাতেই কোৱা বাবাই কয়। এই হঠযোগীসকলে জানো তোমালোকক মুক্তি দিব পাৰিব। যিহেতু সকলোৰে সৎগতি দাতা এজনেই তেন্তে আকৌ গুৰুৰ কিয় শৰণাপন্ন হোৱা? তোমালোক সন্ন্যাসী হ'ব বিচৰা নে হঠযোগ শিকি ব্ৰহ্মত লীন হ'ব বিচৰা? লীনতো কোনো হ'ব নোৱাৰে। ভূমিকা সকলোৱে পালন কৰিব লাগিব। সকলো ভাৱৰীয়া অবিনাশী। এইখন অনাদি অবিনাশী নাটক (ড্ৰামা) হয়, কোনোবাই মোক্ষ কেনেকৈ পাব পাৰে। পিতাই কয় - মই এই সাধুসকলৰো উদ্ধাৰ কৰিবলৈ আহোঁ। তেন্তে পতিত-পাৱনী গংগা কেনেকৈ হ'ব পাৰে। পতিত-পাৱন বুলি তোমালোকে মোক কোৱা নহয়। তোমালোকৰ যোগসূত্ৰ মোৰ পৰা ছিঙি যোৱাৰ কাৰণে এই অৱস্থা হৈছে। এতিয়া পুনৰ মোৰ লগত যোগসূত্ৰ গঢ়ি তোলা তেতিয়া বিকৰ্ম বিনাশ হ'ব। মুক্তিধামত পবিত্ৰ আত্মাসকল থাকে। এতিয়াতো গোটেই সৃষ্টি পতিত। পবিত্ৰ সৃষ্টিৰ বিষয়ে তোমালোকে গমেই নোপোৱা। তোমালোক সকলো পূজাৰী হোৱা, পূজ্য এজনো নাই। তোমালোকে বাবাৰ নাম লৈ সকলোকে জগাই তুলিব পাৰা। পিতা যিয়ে বিশ্বৰ মালিক কৰি তোলে - তেওঁৰ তোমালোকে বহি গ্লানি কৰা। শ্ৰীকৃষ্ণ সৰু শিশু, সৰ্বগুণ সম্পন্ন তেওঁ এনেকুৱা কাম কেনেকৈ কৰিব। আৰু কৃষ্ণ সকলোৰে পিতা কেনেকৈ হ'ব পাৰে। ভগৱানতো এজনে হয় নহয় জানো। যেতিয়ালৈকে মোৰ শ্ৰীমতত নচলা তেন্তে মামৰ কেনেকৈ আঁতৰিব। তোমালোকে সকলোৰে পূজা কৰি থাকা গতিকে কি অৱস্থা হৈ গ'ল, সেয়েহে পুনৰ মই আহিবলগীয়া হয়। তোমালোক কিমান ধৰ্ম কৰ্ম ভ্ৰষ্ট হৈ গ'লা। কোৱা হিন্দু ধৰ্ম কোনে কেতিয়া প্ৰতিষ্ঠা কৰিলে? এনেকৈ ভালদৰে প্ৰত্যাহ্বান জনাই ভাষণ দিয়া। তোমালোকৰ ঘনেঘনে পিতাৰ স্মৃতিয়েই নাহে। কেতিয়াবা কেতিয়াবা কোনোৱে লিখে যে মোৰ ভিতৰত যেন বাবা আহি ভাষণ দিলে। বাবাই বহুত সহায় কৰি থাকে। তোমালোক স্মৃতিৰ যাত্ৰাত নাথাকা সেয়েহে পৰুৱাৰ মাৰ্গৰ দৰে সেৱা কৰা। বাবাৰ নাম লোৱা তেতিয়াহে কাৰোবাক বাণে আঘাত কৰিব। বাবাই বুজায় - সন্তানসকল তোমালোকেই আদিৰ পৰা অন্তলৈকে (অলৰাউণ্ড) 84ৰ চক্ৰ লগালা গতিকে তোমালোককেই আহি বুজাবলাগীয়া হয়। মই ভাৰততেই আহোঁ। যিসকল পূজ্য আছিল তেওঁলোক পূজাৰী হয়। মইতো পূজ্য পূজাৰী নহওঁ।

"বাবাই কয়, বাবাই কয়", এনেকৈতো উৎসাহেৰে কৈ থাকিব লাগে। তোমালোকে যেতিয়া এনেকৈ ভাষণ দিবা, যেতিয়া এয়া মই শুনিম তেতিয়া বুজিম যে এতিয়া তোমালোক পৰুৱাৰ পৰা মকৰা হ'লা। পিতাই কয় - মই তোমালোকক পঢ়াওঁ, তোমালোকে কেৱল মামেকম্‌ স্মৰণ কৰা। এই ৰথৰ (ব্ৰহ্মাৰ) দ্বাৰা মই তোমালোকক কেৱল কওঁ যে মোক স্মৰণ কৰা। ৰথখনক জানো স্মৰণ কৰিব লাগে। বাবাই এনেকৈ কয়, বাবাই এইটো বুজায়, এনেকৈ তোমালোকে কোৱা তেতিয়া দেখিবা তোমালোকৰ কিমান প্ৰভাৱ পৰিব। পিতাই কয় - দেহ সহিত সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়া। নিজৰ দেহকো এৰি দিয়া তেন্তে বাকী থাকিল আত্মা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। কোনোৱে কয় "অহম্ ব্ৰহ্মাস্মি" (মই ব্ৰহ্ম হওঁ) কোনোৱে কয় - মায়াৰ মই মালিক। পিতাই কয় তোমালোকে এইটোও নাজানা যে মায়া কাক কোৱা হয় আৰু সম্পত্তি কাক কোৱা হয়! তোমালোকে ধনক মায়া বুলি কৈ দিয়া। এনেকৈ এনেকৈ তোমালোকে বুজাব পাৰা। বহুত ভাল ভাল সন্তানে মুৰুলীও নপঢ়ে। পিতাক স্মৰণ নকৰে গতিকে বাণ নালাগে কিয়নো স্মৃতিৰ বল প্ৰাপ্ত নহয়। বল প্ৰাপ্ত হয় স্মৃতিৰ দ্বাৰা। যি যোগবলৰ দ্বাৰা তোমালোক বিশ্বৰ মালিক হোৱা। সন্তানসকল প্ৰত্যেক কথাতেই বাবাৰ নাম লৈ থাকা তেতিয়া কেতিয়াও কোনেও একো ক'ব নোৱাৰিব। সকলোৰে ভগৱান পিতাতো এজন নে সকলোৱে ভগৱান? এনেকৈ কয় আমি অমুক সন্ন্যাসীৰ অনুগামী। এতিয়া তেওঁলোক সন্ন্যাসী আৰু তোমালোক গৃহস্থী তেন্তে তোমালোক অনুগামী কেনেকৈ হ'লা? গায়ন কৰে মিছা মায়া, মিছা কায়া, মিছা গোটেই সংসাৰ। সঁচাতো এজনেই পিতা হয়। তেওঁ যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি সঁচা হ'ব নোৱাৰোঁ। মুক্তি-জীৱনমুক্তি দাতা এজনেই। বাকী কোনোবাই জানো মুক্তি দিয়ে যাৰ বাবে আমি তেওঁৰ হ'ম। বাবাই কয় - এয়াও নাটকত আছিল। এতিয়া সাৱধান হৈ চকু মেলা। বাবাই এনেকৈ কয় এনেকৈ ক'লে তোমালোক মুক্ত হৈ যাবা। তোমালোকক কোনেও টুলুঙা মন্তব্য নিদিব। ত্ৰিমূৰ্তি শিৱবাবা বুলি ক'ব লাগে, কেৱল শিৱ নহয়। ত্ৰিমূৰ্তিক কোনে ৰচিলে? ব্ৰহ্মাৰ দ্বাৰা কোনে স্থাপনা কৰায়? ব্ৰহ্মা স্ৰষ্টা (ক্ৰিয়েটৰ) হয় নেকি? এনেকৈ নিচাৰে কোৱা তেতিয়া কাম কৰিব পাৰা। নহ'লেতো দেহ-অভিমানত বহি ভাষণ দিয়ে।

পিতাই বুজায় - এয়া অনেক ধৰ্মৰ কল্প বৃক্ষ হয়। পোন-প্ৰথমে হৈছে দেৱী-দেৱতা ধৰ্ম। এতিয়া সেই দেৱতা ধৰ্ম ক'ত গ'ল? লাখ লাখ বছৰ বুলি কৈ দিয়ে এয়াতো 5 হাজাৰ বছৰৰ কথা। তোমালোকে মন্দিৰো তেওঁলোকৰ নিৰ্মাণ কৰি থাকা। দেখুৱায় যে পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ লাগিল। পাণ্ডৱসকল পাহাৰত গৈ গলি মৰি গল পাচত কি হ'ল? মই কেনেকৈ হিংসা কৰিম। মইতো তোমালোকক অহিংসক বৈষ্ণৱ ৰূপে গঢ়োঁ। কাম-কটাৰী নচলোৱা, তেওঁলোককে বৈষ্ণৱ বুলি কয়। তেওঁলোক হৈছে বিষ্ণুৰ বংশাৱলী। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাত সফলতা প্ৰাপ্ত কৰিব কাৰণে অহংকাৰক এৰি প্ৰত্যেক কথাতেই বাবাৰ নাম ল'ব লাগে। স্মৃতিত থাকি সেৱা কৰিব লাগে। পৰচৰ্চা-পৰনিন্দাত নিজৰ সময় নষ্ট কৰিব নালাগে।

(2) সঁচা সঁচা বৈষ্ণৱ হ'ব লাগে। কোনো ধৰণৰ হিংসা কৰিব নালাগে। দেহ সহিত সকলো সম্বন্ধৰ পৰা বুদ্ধিযোগ আঁতৰাই দিব লাগে।

বৰদান:
বিশ্ব কল্যাণৰ কাৰ্যত সদায় ব্যস্ত হৈ থাকোঁতা বিশ্বৰ আধাৰমূৰ্ত হোৱা

বিশ্ব কল্যাণকাৰী সন্তানসকল সপোনতো আজৰি হৈ থাকিব নোৱাৰে। যিসকল দিনে-ৰাতিয়ে সেৱাত ব্যস্ত হৈ থাকে তেওঁলোকে সপোনতো কোনো নতুন নতুন কথা, সেৱাৰ পৰিকল্পনা (প্লেন) বা বিধি দেখা পায়। তেওঁলোক সেৱাত ব্যস্ত হৈ থকা কাৰণে নিজৰ পুৰুষাৰ্থৰ ব্যৰ্থৰ পৰা আৰু অন্যৰো ব্যৰ্থৰ পৰা হাত সাৰি থাকে। তেওঁলোকৰ সন্মুখত বেহদ বিশ্বৰ আত্মাসকল সদায় প্ৰকট (ইমৰ্জ) হৈ থাকে। তেওঁলোকৰ অলপো অমনোযোগীতা আহিব নোৱাৰে। এনেকুৱা সেৱাধাৰী সন্তানসকলৰ আধাৰমূৰ্ত হোৱাৰ বৰদান প্ৰাপ্ত হৈ লয়।

স্লোগান:
সংগমযুগৰ এটি এটি চেকেণ্ড বছৰৰ সমান সেয়েহে অমনোযোগীতাত সময় নষ্ট নকৰিবা।