10.10.21    Avyakt Bapdada     Assame Murli     11.08.88     Om Shanti     Madhuban


*সফলতাৰ চুম্বক সাক্ষাৎ কৰা আৰু সাঁচত গঢ় লোৱা*


সকলোৰে স্নেহ, স্নেহৰ সাগৰত সমাহিত হৈ গ'ল। এনেকৈয়ে সদায় স্নেহত সমাহিত হৈ আনকো স্নেহৰ অনুভৱ কৰাই গৈ থাকা। বাপদাদাই সমান বিচাৰধাৰাৰ সকলো সন্তানৰ মিলনৰ সন্মিলন দেখি হৰ্ষিত হৈ আছে। উৰি অহাসকলৰ সদায় উৰন্ত কলাৰ বৰদান স্বতঃ প্ৰাপ্ত হৈ থাকিব। বাপদাদাই আহি উপস্থিত হোৱা সকলো সন্তানৰ উৎসাহ-উদ্দীপনা দেখি সকলো সন্তানৰ ওপৰত স্নেহৰ ফুলৰ বৰ্ষা বৰষি আছে। সমান সংকল্পৰ মিলন আৰু আগলৈ পিতাৰ সমান সংস্কাৰৰ মিলন - এই মিলনেই হৈছে পিতাৰ মিলন। এয়াই পিতাৰ সমান হোৱা। সংকল্পৰ মিলন, সংস্কাৰৰ মিলন মিলিত হোৱা মানেই নম্ৰ হৈ নিমিত্ত হোৱা। সমীপত আহি আছা, আহিয়েই যাবা। সেৱাৰ সফলতাৰ লক্ষণ দেখি হৰ্ষিত হৈ আছে। সদায় স্নেহী হৈ স্নেহৰ লহৰ বিশ্বত বিয়পাবৰ কাৰণে স্নেহ মিলনলৈ আহিছা। কিন্তু সকলো কথাত প্ৰথমে নিজৰ ঘৰৰ পৰা সেৱা আৰম্ভ হয়। প্ৰথমে নিজৰ হৈছে সকলোতকৈ প্ৰিয় ঘৰ। গতিকে প্ৰথমে নিজৰ প্ৰতি, তাৰপাছত ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি, তাৰপাছত বিশ্বৰ প্ৰতি। প্ৰতিটো সংকল্পত স্নেহ, নিস্বাৰ্থ সঁচা স্নেহ, আন্তৰিকৰ স্নেহ, প্ৰতিটো সংকল্পত সহানুভূতি, প্ৰতিটো সংকল্পত দয়াশীলতা, দাতাভাৱৰ স্বাভাৱিক স্বভাৱ হৈ যাওঁক - এয়া হ'ল স্নেহ মিলন, সংকল্প মিলন, বিচাৰ মিলন, সংস্কাৰ মিলন। সকলোৰে সহযোগৰ কাৰ্যৰ পূৰ্বে সদায় সকলো শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাসকলৰ সহযোগে বিশ্বক সহযোগী সহজে আৰু স্বতঃ কৰি তোলে সেয়েহে সফলতা সমীপত আহি আছে। মিলিত হোৱা আৰু ভাঁজ লোৱা - অৰ্থাৎ সাঁচত গঢ় লোৱা। এয়াই সফলতাৰ চুম্বক। এতিয়া অতি সহজে এই চুম্বকৰ ফালে সকলো আত্মা আকৰ্ষিত হৈ শীঘ্রে আহিব!

অধিৱেশনৰ সন্তানসকলকো বাপদাদাই স্নেহৰ অভিনন্দন জনাই আছে। সমীপত আছা আৰু সদায় সমীপত থাকিবা। কেৱল পিতাৰ নহয়, কিন্তু পৰস্পৰৰ মাজতো সমীপতাৰ দৃশ্য বাপদাদাক দেখুওৱালা। বিশ্বক দৃশ্য দেখুওৱাৰ আগতে বাপদাদাই চালে। আহিবলগীয়া তোমালোক সকলো সন্তানৰ কৰ্ম দেখি - কি কৰ্ম কৰিব লাগে, হব লাগে সেয়া সহজে বুজি পাব। তোমালোকৰ কৰ্মই হৈছে কৰ্ম পৰিকল্পনা। বাৰু!

সকলোৱে ভাল পৰিকল্পনা কৰিছা। আৰু যিদৰে এই কাৰ্য আৰম্ভ হওঁতে বাপদাদাৰ বিশেষ ইংগিত বৰ্গীকৰণ তৈয়াৰ কৰাৰ আছিল আৰু এতিয়াও আছে। গতিকে এনেকুৱা লক্ষ্য নিশ্চয় ৰাখিবা যে এই মহান কাৰ্যত কোনো বৰ্গ যাতে বাকী থাকি নাযায়। সময় অনুসৰি যদি বেছিকৈ কৰিব নোৱাৰা কিন্তু চেষ্টা বা লক্ষ্য এইটো নিশ্চয় ৰাখিবা যে আৰ্হি অৱশ্যে তৈয়াৰ হওঁক। বাকী আগলৈ এইটো কাৰ্যক আৰু বৃদ্ধি কৰি থাকিবা। সময় অনুসৰি কৰি থাকিবা। কিন্তু সমাপ্তি সমীপত অনাৰ বাবে সকলোৰে সহযোগ লাগে। কিন্তু সমগ্ৰ বিশ্বৰ ইমান আত্মাক একে সময়তেতো সম্পৰ্কত আনিব নোৱাৰা সেয়েহে তোমালোকে গৌৰৱেৰে কব পাৰা যে ইয়াত সকলো আত্মাক সকলো বৰ্গৰ আধাৰত সহযোগী কৰি তুলিছোঁ, গতিকে এইটো লক্ষ্যই সকলোৰে কাৰণক পূৰা (সকলোকে সন্তুষ্ট) কৰি দিয়ে। কোনো বৰ্গৰে যাতে আপত্তি থাকি নাযায় যে আমিতো গমেই নাপাওঁ যে কি কৰি আছা? বীজ সিঁচা। বাকী বৃদ্ধিৰ বাবে যেতিয়া সময় পোৱা যিদৰে কৰিব পাৰা সেইদৰে কৰা। এই ক্ষেত্ৰত বোজা অনুভৱ কৰিব নালাগে যে কেনেকৈ কৰোঁ, কিমান কৰোঁ। যিমান হব লাগে সিমানেই হৈ যাব। যিমান কৰিলা সিমানেই সফলতাৰ সমীপত আহক। আৰ্হি তৈয়াৰ কৰিব পাৰা নহয়?

বাকী ভাৰত চৰকাৰক সমীপত অনাৰ যি শ্ৰেষ্ঠ সংকল্প কৰিছা, সময়ে তেওঁলোক সকলোৰে বুদ্ধিক সমীপত আনি আছে সেয়েহে সকলো ব্ৰাহ্মণ আত্মাই এইটো বিশেষ কাৰ্যৰ অৰ্থে আদিৰ পৰা অন্তলৈকে বিশেষ শুভ সংকল্প সফলতা হবই এইটো শুদ্ধ সংকল্পৰে আৰু পিতাৰ সমান হোৱাৰ প্ৰকম্পনেৰে, বিজয়ৰ নিশ্চয়ৰ দৃঢ়তাৰে আগবাঢ়ি গৈ থাকা। কিন্তু যেতিয়া কোনো ডাঙৰ কাম কৰা হয় তেতিয়া প্ৰথমে, যিদৰে স্থূল ৰূপত দেখিছা - কিবা বোজা উঠালে তেতিয়া কি কৰে? সকলোৱে মিলি আঙুলি (সহযোগ) দিয়ে আৰু ইজনে সিজনৰ সাহস-উদ্যম বঢ়োৱাৰ প্ৰেৰণামূলক কথা কয়। দেখিছা নহয়! এনেকৈয়ে নিমিত্ত যিকোনো লোকেই হয় কিন্তু সদায় এইটো বিশেষ কাৰ্যৰ বাবে সকলোৰে স্নেহ, সকলোৰে সহযোগ, সকলোৰে শক্তিৰ উৎসাহ-উদ্দীপনাৰ প্ৰকম্পনে কুম্ভকৰ্ণৰ নিদ্ৰাৰ পৰা জগাব। এইটো বিশেষ কাৰ্যৰ প্ৰতি মনোযোগ দিয়াতো জৰুৰী হয়। বিশেষকৈ স্ব, সকলো ব্ৰাহ্মণ আৰু বিশ্বৰ আত্মাসকলৰ সহযোগ লোৱাতোৱেই সফলতাৰ সাধন হয়। ইয়াৰ মাজত যদি অলপো পাৰ্থক্য আহি যায় তেন্তে সফলতাত পাৰ্থক্য অনাৰ নিমিত্ত হৈ যায় সেয়েহে বাপদাদাই সকলো সন্তানৰ সাহসৰ আৱাজ শুনি সেই সময়ত হৰ্ষিত হৈ আছিল আৰু বিশেষকৈ সংগঠনৰ স্নেহৰ কাৰণে স্নেহৰ প্ৰতিদান দিবৰ বাবে আহিছে। বহুত ভাল আৰু ভালতকৈও ভাল অনেকবাৰ হৈছা আৰু হৈয়েই আছা! সেয়েহে দূৰৈৰ পৰা উৰাৰ বাবে সদাপ্ৰস্তুত নিমিত্ত ডবল বিদেশী বিশেষ সন্তাসকলক হৃদয়ৰ হাৰ কৰি সমাহিত কৰি লয়। বাৰু!

কুমাৰীসকলতো হয়েই কানহায়াৰ (কৃষ্ণৰ)। কেৱল এটা শব্দ স্মৃতিত ৰাখিবা - সকলোতে এক, একমত, একৰস, এক পিতা। ভাৰতৰ সন্তানসকলকো বাপদাদাই অন্তৰেৰে অভিনন্দন জনাই আছে। যেনেকুৱা লক্ষ্য ৰাখিলা তেনেকুৱা লক্ষণ বাস্তৱত দেখুৱালা। বুজিলা? কাক কম, কাক নক'ম - সকলোকে কওঁ! (দাদীক) যি নিমিত্ত হৈছে, তেওঁৰ খেয়ালতো থাকেই। এয়াই সহানুভূতিৰ লক্ষণ। বাৰু!

অধিৱেশনত অহা সকলো ভাতৃ-ভগ্নীক বাপদাদাই মঞ্চলৈ আমন্ত্রণ কৰিলে

সকলোৱে ভাল বুদ্ধি চলাইছা। বাপদাদাই প্ৰত্যেক সন্তানৰ সেৱাৰ প্ৰতি থকা স্নেহক বুজি পায়। সেৱাত আগবঢ়াৰ বাবে কিমানলৈকে চাৰিওফালে সফলতা প্ৰাপ্ত হৈছে, এয়া কেৱল অলপ ভাবিবা আৰু চাবা। বাকী সেৱাৰ প্ৰতি ভাল নিষ্ঠা আছে। দিন-ৰাতি একাকাৰ কৰি সেৱাৰ বাবে দৌৰা। বাপদাদাইতো পৰিশ্ৰমকো প্ৰেমৰ ৰূপত চায়। পৰিশ্ৰম নহয়, প্ৰেম দেখুৱালা। বাৰু, ভাল উৎসাহ-উদ্দীপনাৰ সংগী পাইছা। বিশাল কাৰ্য, বিশাল অন্তৰ, সেয়েহে য'ত বিশালতা আছে তত সফলতা আছেই। বাপদাদাই সকলো সন্তানৰ সেৱাৰ নিষ্ঠা দেখি নিতৌ আনন্দৰ গীত গায়। বহুবাৰ গীত শুনাইছে ৱাহ সন্তানসকল ৱাহ! বাৰু! অহাৰ কিমান ৰহস্য আছিল, ৰহস্যবোৰ বুজি পোৱা নহয়! ৰহস্যই জানে, পিতাই জানে! (দাদীয়ে বাপদাদাক ভোগ স্বীকাৰ কৰাব খুজিলে) আজি দৃষ্টিৰেই স্বীকাৰ কৰিম। বাৰু!

সকলোৰে বুদ্ধি বহুত ভালকৈ চলি আছে আৰু ইজন সিজনৰ সমীপত আহি আছা নহয়! সেয়েহে সফলতা অতি সপীমত। সমীপতাই সফলতা সমীপত আনিব। ভাগৰিতো পৰা নাই? বহুত কাম পাই গ'লা? কিন্তু আধা কামতো পিতাই কৰে। সকলোৰে ভাল উৎসাহ আছে। দৃঢ়তাও আছে নহয়! সমীপতা কিমান সমীপত? চুম্বক ৰাখি দিয়া তেন্তে সমীপতাই সকলোৰে ডিঙিত মালা পিন্ধাই দিব, এনেকুৱা অনুভৱ হয়নে? বাৰু! সকলো ভালতকৈও ভাল।

দাদীসকলৰ প্ৰতি উচ্চাৰিত অব্যক্ত মহাবাক্য (31-03-88 )

পিতাই সন্তানসকলক ধন্যবাদ জনায়, সন্তানসকলে পিতাক। ইজনে সিজনক ধন্যবাদ জনাই আগবাঢ়ি গৈ আছা, এইটোৱে আগবাঢ়ি যোৱাৰ বিধি। এইটো বিধিৰেই তোমালোকৰ সংগঠন ভাল হয়। ইজনে সিজনক হয় বুলি কলা, ধন্যবাদ বুলি কলা, আৰু আগবাঢ়ি গলা, এইটো বিধিৰে সকলোৱে অনুসৰণ কৰিলে তেতিয়া ফৰিস্তা হৈ যাবা। বাপদাদাই সৰু মালা দেখি হৰ্ষিত হয়। এতিয়া খাৰু তৈয়াৰ হৈছে, ডিঙিৰ হাৰ তৈয়াৰ হৈ আছে। ডিঙিৰ মালা তৈয়াৰ কৰাত ব্যস্ত হৈ আছা। এতিয়া মনোযোগৰ প্ৰয়োজন। সেৱাত বেছিকৈ ব্যস্ত হৈ যোৱা তেতিয়া নিজৰ প্ৰতি মনোযোগ কৰবাত কৰবাত কম হৈ যায়। বিস্তাৰত সাৰ কেতিয়াবা লুপ্ত হৈ যায়, জাগ্ৰত (প্ৰত্যক্ষ) ৰূপত নাথাকে। তোমালোকেই কোৱা যে এতিয়া এয়া হ'ব লাগে। কেতিয়াবা এনেকুৱাও দিন আহিব যে তোমালোকে কবা - যি হ'ব লাগে, সেয়াই হৈ আছে। প্ৰথমে দীপকৰ মালাতো ইয়াতেই তৈয়াৰ হ'ব। বাপদাদাই তোমালোকক প্ৰত্যেকৰে উৎসাহ-উদ্দীপনা বঢ়োৱাৰ উদাহৰণ বুলি ভাবে। তোমালোকৰ একতাই হৈছে যজ্ঞৰ কিল্লা। 10 গৰাকীয়েই হওঁক, 12 গৰাকীয়েই হওঁক কিন্তু কিল্লাৰ দুৱাৰ হোৱা। গতিকে বাপদাদা কিমান আনন্দিত হ'ব! বাপদাদাতো আছেই, তথাপিও নিমিত্ততো তোমালোক হোৱা। এনেকুৱাই আৰু দুই, তিনিটা গ্ৰুপ হৈ গলে তেতিয়া চমৎকাৰ হৈ যাব। এতিয়া এনেকুৱা গ্ৰুপ তৈয়াৰ কৰা। যিদৰে প্ৰথম গ্ৰুপৰ কাৰণে সকলোৱে কয় যে এওঁলোকৰ পাৰস্পৰিক স্নেহ আছে। স্বভাৱ ভিন্ন ভিন্ন হয়, সেয়াতো হবই কিন্তু সন্মান আছে, প্ৰেম আছে, সন্মতিসূচক মনোভাৱ আছে, সময়ত নিজে নিজক সাঁচত গঢ়ি লয়, সেয়েহে এই কিল্লাৰ দুৱাৰ মজবুত হয়, সেইবাবেই আগবাঢ়ি গৈ আছে। আধাৰ দেখি আনন্দিত হোৱা যায়, নহয় জানো। যিদৰে এই প্ৰথম ফল দেখা পোৱা যায়, সেইদৰে শক্তিশালী গ্ৰুপ তৈয়াৰ হৈ গলে তেতিয়া সেৱা পিছে পিছে আহিব। নাটকত বিজয় মালা নিৰ্ধাৰিত হৈ আছে। তেন্তে নিশ্চয় ইজন সিজনৰ সমীপত আহিব, তেতিয়াইতো মালা তৈয়াৰ হ'ব। এটা মণি এফালে, এটা মণি দূৰৈত থাকিলে তেতিয়া মালা তৈয়াৰ নহ'ব। মণিবোৰ লগ হৈ গৈ থাকিব, সমীপত আহি থাকিব তেতিয়া মালা তৈয়াৰ হ'ব। গতিকে ভাল উদাহৰণ হৈছা। বাৰু!

এতিয়াতো মিলনৰ কোটা (নিদিষ্ট সংখ্যা) পূৰণ কৰিব লাগে। শুনাইছিলোঁ নহয় - ৰথখনকো অতিৰিক্ত শক্তি দি চলাই আছোঁ। নহলেতো সাধাৰণ কথা নহয়। সকলোকে চাবলগীয়া হয়। তথাপিও সৰ্ব শক্তিৰ এনাৰ্জী জমা আছে, সেয়েহে ৰথখনেও ইমান সহযোগ দি আছে। শক্তি জমা নোহোৱাহেঁতেন ইমান সেৱা কৰাতো কঠিন হলহেঁতেন। এয়াও নাটকত প্ৰত্যেক আত্মাৰ ভূমিকা আছে। যি শ্ৰেষ্ঠ কৰ্মৰ পুঁজি জমা হয় সময়ত সেয়া কামত আহে। কিমান আত্মাৰ আশীৰ্বাদ পোৱা যায়, সেয়াও জমা হয়। কিবা নহয় কিবা বিশেষ পুণ্যৰ পুঁজি জমা হোৱাৰ কাৰণে বিশেষ ভূমিকা আছে। ৰথখন নিবিৰ্ঘ্ন হৈ চলক - এয়াও নাটকত ভূমিকা আছে। 6 মাহ কোনো কম কথা নহয়। ভালবাৰু! সকলোকে ৰাজী (সন্তুষ্ট) কৰা হব।

অব্যক্ত মুৰুলীৰ পৰা নিৰ্বাচিত কিছু অমূল্য মহাবাক্য (প্ৰশ্ন-উত্তৰ)

প্ৰশ্ন:- কোনটো এটা শব্দৰ অৰ্থ স্বৰূপত স্থিত হলেই সকলো দুৰ্বলতা সমাপ্ত হৈ যাব?

উত্তৰ:- কেৱল পুৰুষাৰ্থী শব্দৰ অৰ্থ স্বৰূপত স্থিত হৈ যোৱা। পুৰুষ অৰ্থাৎ এই ৰথৰ ৰথী, প্ৰকৃতিৰ মালিক। এই এটা শব্দৰ অৰ্থ স্বৰূপত স্থিত হলে সকলো দুৰ্বলতা সমাপ্ত হৈ যাব। পুৰুষ প্ৰকৃতিৰ অধিকাৰী হয় অধীন নহয়। ৰথী ৰথক চলাওঁতা হয় ৰথৰ অধীন হওঁতা নহয়।

প্ৰশ্ন:- আদিকালৰ ৰাজ্য অধিকাৰী হবৰ বাবে কোনটো সংস্কাৰ এতিয়াৰ পৰা ধাৰণ কৰা?

উত্তৰ:- নিজৰ আদি অবিনাশী সংস্কাৰ এতিয়াৰ পৰা ধাৰণ কৰা। যদি বহুকালৰ যোদ্ধাৰ সংস্কাৰ থাকে অৰ্থাৎ যুদ্ধ কৰি কৰি সময় অতিবাহিত কৰিলা, আজি জয়, কালি পৰাজয়। এতিয়াই জয়, এতিয়াই পৰাজয়, সদাকালৰ বিজয়ীৰ সংস্কাৰ ধাৰণ নহল তেন্তে ক্ষত্ৰিয় বুলি কোৱা হব, ব্ৰাহ্মণ নহয়। ব্ৰাহ্মণৰ পৰা দেৱতা হয়, ক্ষত্ৰিয় ক্ষত্ৰিয়ত গুচি যায়।

প্ৰশ্ন:- বিশ্ব পৰিৱৰ্তক হোৱাৰ পূৰ্বে কোনটো পৰিৱৰ্তন কৰাৰ শক্তি লাগে?

উত্তৰ:- বিশ্ব পৰিৱৰ্তক হোৱা আগতে নিজৰ সংস্কাৰ পৰিৱৰ্তন কৰা শক্তি লাগে। দৃষ্টি আৰু বৃত্তিৰ পৰিৱৰ্তন হব লাগে। তোমালোক দৃষ্টা এই দৃষ্টিৰ দ্বাৰা চাওঁতা হোৱা। দিব্য নেত্ৰৰে চাবা, চামৰাৰ নেত্ৰৰে নহয়। দিব্য নেত্ৰৰে চালে তেতিয়া স্বতঃ দিব্য ৰূপহে দেখিবলৈ পাবা। চামৰাৰ চকুৰে চামৰাক চোৱা, চামৰাৰ কথা ভবা - এই কাম ফৰিস্তা বা ব্ৰাহ্মণৰ নহয়।

প্ৰশ্ন:- পৰস্পৰ ভাতৃ-ভগ্নীৰ সম্পৰ্ক হোৱা সত্ত্বেও কোনটো দিব্য নেত্ৰৰে চালে তেতিয়া দৃষ্টি বা বৃত্তি কেতিয়াও চঞ্চল হব নোৱাৰে?

উত্তৰ:-প্ৰত্যেক নাৰী শৰীৰধাৰী আত্মাক শক্তি ৰূপ, জগত মাতাৰ ৰূপত, দেৱী ৰূপত চোৱা- এয়া হৈছে দিব্য নেত্ৰৰে চোৱা। শক্তিৰ আগত কোনোবা আসুৰি বৃত্তিৰে আহিলে তেন্তে ভস্ম হৈ যায় সেয়েহে আমাৰ ভগ্নী বা শিক্ষক নহয় কিন্তু শিৱশক্তি হয়। মাতা-ভগ্নীসকলেও সদায় নিজৰ শিৱশক্তি স্বৰূপত স্থিত হৈ থাকক। মোৰ বিশেষ ভাতৃ, বিশেষ বিদ্যাৰ্থী নহয়, তেওঁ মহাবীৰ হয় আৰু তেওঁ শিৱশক্তি হয়।

প্ৰশ্ন:- মহাবীৰৰ বিশেষত্ব কি দেখুৱায়?

উত্তৰ:- তেওঁলোকৰ অন্তৰত সদায় একমাত্ৰ ৰাম থাকে। মহাবীৰ ৰামৰ হয় তেন্তে শক্তিও শিৱৰ হয়। কোনো শৰীৰধাৰীক চালে মস্তকৰ ফালে আত্মাক চাবা। বাৰ্তালাপ আত্মাৰ সৈতে কৰিব লাগে, শৰীৰৰ সৈতে নহয়। দৃষ্টিয়েই মস্তক মণিৰ ফালে যাব লাগে।

প্ৰশ্ন:- কোনটো শব্দক অমনোযোগীতাৰ (এলাহৰ) ৰূপত ব্যৱহাৰ নকৰি কেৱল সাৱধান হব লাগে, সেই শব্দটো কি?

উত্তৰ:-পুৰুষাৰ্থী শব্দক অমনোযোগীতাৰ ৰূপত ব্যৱহাৰ নকৰি কেৱল এইটোৱে সাবধানতা অৱলম্বন কৰা যে প্ৰতিটো কথাত দৃঢ় সংকল্পধাৰী হব লাগে। যিয়েই কৰিব লাগে সেয়া শ্ৰেষ্ঠ কৰ্মহে কৰিব লাগে। শ্ৰেষ্ঠহে হব লাগে। ভাল বাৰু!
 

বৰদান:
বিকাৰৰ বংশৰ অংশকো সমাপ্ত কৰোঁতা সৰ্ব সমৰ্পণ তথা নিমিত্ত হোৱা

পিছত প্ৰয়োজন হব বুলি পুৰণা সংস্কাৰৰ সম্পত্তি একাষৰীয়া কৰি দিয়ে। তেতিয়া মায়াই কিবা নহয় কিবা প্ৰকাৰে ধৰি লয়। পুৰণা ৰেজিষ্টাৰৰ সৰু টুকুৰাৰ পৰাও ধৰি লব, মায়া বৰ তীক্ষ্ণ হয়, মায়াৰ কেচিং পাৱাৰ কোনো কম নহয় সেয়েহে বিকাৰৰ বংশৰ অংশকো সমাপ্ত কৰা। অলপো কোনোবা কোণাত পুৰণা সম্পদৰ চিন যাতে নাথাকে - ইয়াক কোৱা হয় সৰ্ব সমৰ্পণ, নিমিত্ত আৰু যজ্ঞৰ স্নেহী সহযোগী।

স্লোগান:
কাৰোবাৰ বিশেষত্বৰ বাবে তেওঁৰ প্ৰতি বিশেষ স্নেহ জন্মা - এয়াও আসক্তি।