10.11.19    Avyakt Bapdada     Assame Murli     06.03.85     Om Shanti     Madhuban


সংগমযুগ উৎসৱৰ যুগ, ব্ৰাহ্মণ জীৱন উৎসাহৰ জীৱন


আজি হলিয়েষ্ট (পবিত্ৰতম), হাইয়েষ্ট (উচ্চতম) পিতাই নিজৰ হলি (পবিত্ৰ) আৰু হেপ্পী (সুখী) হংসসকলৰ সৈতে হলি উদযাপন কৰিবলৈ আহিছে। ত্ৰিমূৰ্ত্তি পিতাই তিনি প্ৰকাৰৰ হলিৰ দিব্য ৰহস্য শুনাবলৈ আহিছে। এনেয়ে সংগমযুগ হলি যুগ হয়। সংগমযুগ উৎসৱৰ যুগ হয়। তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতিটো দিন, প্ৰত্যেক সময় উৎসাহ ভৰা উৎসৱ হয়। অজ্ঞানী আত্মাই নিজকে উৎসাহী কৰিবলৈ উৎসৱ উদযাপন কৰে। কিন্তু তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ বাবে এই ব্ৰাহ্মণ জীৱন হৈছে উৎসাহৰ জীৱন। উদ্দীপনা, আনন্দেৰে ভৰা জীৱন হয় সেয়েহে সংগমযুগেই উৎসৱৰ যুগ হয়। ঈশ্বৰীয় জীৱন সদায় উৎসাহ-উদ্দীপনাৰ জীৱন হয়। সদায় আনন্দত নাচি, জ্ঞানৰ শক্তিশালী অমৃত পান কৰি, সুখৰ গীত গাই, অন্তৰৰ স্নেহৰ গীত গাই নিজৰ জীৱন যাপন কৰি আছে। অজ্ঞানী আত্মাই এদিন উদযাপন কৰে, খন্তেকৰ বাবে উৎসাহত থাকে আকৌ যেনেকুৱা আছিল তেনেকুৱাই হৈ যায়। তোমালোকে উৎসৱ উদযাপন কৰি পবিত্ৰ হৈ যোৱা আৰু আনকো পবিত্ৰ কৰি তোলা। তেওঁলোকে কেৱল উদযাপন কৰে আৰু তোমালোকে উদযাপন কৰি হৈ যোৱা। তিনি প্ৰকাৰৰ হলি উদযাপন কৰে এক জ্বলোৱাৰ হলি। দ্বিতীয়টো ৰং লগোৱাৰ হলি। তৃতীয়টো মংগল মিলন উদযাপন কৰাৰ হলি। এই তিনিওটি হলি হয় আত্মিক ৰহস্যৰ পৰা, কিন্তু তেওঁলোকে স্থূল ৰূপত উদযাপন কৰি থাকে। এই সংগমযুগত তোমালোক মহান আত্মাসকল যি পিতাৰ হৈছা অৰ্থাৎ হলি হৈছা তোমালোকে প্ৰথমে কি কৰা? প্ৰথমে সকলো পুৰণা স্বভাৱ সংস্কাৰ যোগ অগ্নিৰে ভস্ম কৰা অৰ্থাৎ জ্বলোৱা। তাৰ পিছত স্মৃতিৰ দ্বাৰা পিতাৰ সংগৰ ৰং লাগে। তোমালোকেও প্ৰথমে জ্বলোৱাৰ হলি উদযাপন কৰা তাৰ পিছত? আকৌ প্ৰভুৰ সংগৰ ৰঙত ৰঙীন হৈ যোৱা। যি পিতাৰ গুণ সেয়া তোমালোকৰ গুণ হৈ যায়, যি পিতাৰ শক্তি সেয়া তোমালোকৰ খাজনা হৈ যায়। তোমালোকৰ সম্পত্তি হৈ যায়। সংগৰ ৰং এনেকৈ অবিনাশী ৰূপত লাগি যায়, এই আত্মিক ৰঙৰ হলি উদযাপন কৰি থাকা তেন্তে আত্মা আৰু পৰমাত্মাৰ, পিতা আৰু সন্তানৰ শ্ৰেষ্ঠ মিলনৰ মেলা সদায় হৈয়ে থাকে। অজ্ঞানী আত্মাসকলে তোমালোকৰ এই আত্মিক হলিৰ সোঁৱৰণিৰ ৰূপত উদযাপন কৰিবলৈ আৰম্ভ কৰিলে। তোমালোকৰ প্ৰেক্টিকেল উৎসাহ ভৰা জীৱনৰ ভিন্ন-ভিন্ন সোঁৱৰণি উদযাপন কৰি খন্তেকৰ কাৰণে আনন্দিত হৈ যায়। প্ৰতিটো খোজত, তোমালোকৰ শ্ৰেষ্ঠ জীৱনত যি বিশেষত্ব প্ৰাপ্ত হল তাক স্মৰণ কৰি তেওঁলোকেও অলপ সময়ৰ বাবে আনন্দ উদযাপন কৰি থাকে। ইয়াৰ সোঁৱৰণি দেখি বা শুনি হৰ্ষিত নোহোৱা জানো যে আমাৰ বিশেষত্বৰ সোঁৱৰণ কৰা হয়! তোমালোকে মায়াক জ্বলালা আৰু তেওঁলোকে হলিকা বনাই জ্বলাই দিয়ে। ইমান ৰমণীয় কাহিনী ৰচিলে যি শুনি-শুনি তোমালোকৰ হাঁহি উঠিব যে আমাৰ কথা কেনেকুৱা কৰি দিলে! হলি উৎসৱ তোমালোকৰ ভিন্ন-ভিন্ন প্ৰাপ্তিৰ স্মাৰক ৰূপত উদযাপন কৰে। এতিয়া তোমালোক সদায় আন্দদিত হৈ থাকা। আনন্দ প্ৰাপ্তিৰ সোঁৱৰণি হিচাপে বহুত আনন্দিত হৈ হলি উদযাপন কৰে। সেই সময়ত সকলো দুখ পাহৰি যায়। আৰু তোমালোকে চিৰকালৰ বাবে দুখ পাহৰি গলা। তোমালোকৰ আনন্দৰ প্ৰাপ্তিৰ সোঁৱৰণি উদযাপন কৰে।

আৰু উদযাপন কৰাৰ সময়ত সৰু ডাঙৰ সকলোৱে অতি ফূৰ্তি-তামচাৰে বিনোদনৰ ৰূপত উদযাপন কৰে। সেই দিনটোৰ কাৰণে সকলোৰে মুডো (মানসিক অৱস্থাও) ফূৰ্তিবাজ হৈ থাকে। এয়া হৈছে তোমালোকৰ ডবল লাইট হোৱাৰ সোঁৱৰণি। যেতিয়া প্ৰভু-সংগৰ ৰঙত ৰঙীন হৈ যোৱা তেতিয়া ডবল লাইট হৈ নোযোৱা জানো। গতিকে এইটো বিশেষত্বৰ সোঁৱৰণি। আৰু এটা কথা- এই দিনটোত সৰু-ডাঙৰ সকলো সম্বন্ধীয়সকল সমান স্বভাৱত থাকে। লাগিলে সৰু নাতিয়েই হওক সিও দাদাক ৰং লগায়। সকলোৱে সম্বন্ধৰ, বয়সৰ বোধ পাহৰি যায়। সমান ভাৱত আহি যায়। এয়াও তোমালোকৰ বিশেষ সমান ভাৱ অৰ্থাৎ ভাই-ভাইৰ স্থিতি আৰু কোনো দৈহিক সম্বন্ধৰ দৃষ্টি নাই, এয়া হৈছে ভাই-ভাইৰ সমান স্থিতিৰ সোঁৱৰণি। আৰু এটা কথা- এই দিনটোত ভিন্ন-ভিন্ন ৰঙেৰে খুব পিচকাৰী ভৰাই ইজনে সিজনক ৰং লগায়। এয়াও এই সময়ৰ তোমালোকৰ সেৱাৰ সোঁৱৰণি হয়। যিকোনো আত্মাক তোমালোকে দৃষ্টিৰ পিচকাৰীৰ দ্বাৰা প্ৰেম স্বৰূপ কৰি তোলাৰ ৰং, আনন্দ স্বৰূপ কৰি তোলাৰ ৰং, সুখৰ, শান্তিৰ, শক্তিৰ কিমান ৰং লগোৱা? এনেকুৱা ৰং লগোৱা যি চিৰকালৰ বাবে থাকি যায়। আঁতৰাবলগীয়া নহয়। পৰিশ্ৰম কৰিবলগীয়া নহয়। আৰুহে প্ৰত্যেক আত্মাই এইটোৱে বিচাৰে যে সদায় এই ৰঙত ৰঙীন হৈ থাকো। তেন্তে সকলোৰে ওচৰত আত্মিক ৰঙৰ আত্মিক দৃষ্টিৰ পিচকাৰী আছে নহয়! হলি নেখেলা জানো! এই আত্মিক হলি তোমালোক সকলোৰে জীৱনৰ সোঁৱৰণি হয়। এনেকুৱা বাপদাদাৰ সৈতে মংগল মিলন উদযাপন কৰিছা যে মিলন উদযাপন কৰি পিতাৰ সমান হৈ গলা। এনেকুৱা মংগল মিলন উদযাপন কৰিছা যে কম্বাইণ্ড (পিতাৰ সৈতে একত্ৰ) হৈ গলা। কোনেও পৃথক কৰিব নোৱাৰে।

আৰু এটা কথা - এই দিনটি সকলো হৈ যোৱা কথা পাহৰি যোৱাৰ দিন। 63 জন্মৰ হৈ যোৱা কথা পাহৰি নোযোৱা জানো। অতীতক বিন্দু লগাই দিয়া সেয়েহে হলিৰ অৰ্থ যি হৈ গল সেয়া হৈ গল বুলিও কয়। ঘোৰ শত্ৰুতাকো পাহৰি মিলন উদযাপন কৰাৰ দিন হিচাপে পালন কৰা হয়। তোমালোকেও আত্মাৰ শত্ৰু আসুৰি সংস্কাৰ, আসুৰি স্বভাৱ পাহৰি প্ৰভু মিলন উদযাপন কৰিলা নহয়! সংকল্প মাত্ৰও পুৰণা সংস্কাৰ যাতে স্মৃতিলৈ নাহে। এওঁলোকেও তোমালোকৰ পাহৰি যোৱাৰ বিশেষত্বৰ সোঁৱৰণি উদযাপন কৰি আছে। তেন্তে শুনিলা তোমালোকৰ কিমান বিশেষত্ব আছে? তোমালোকৰ প্ৰতিটো গুণৰ, প্ৰতিটো বিশেষত্বৰ, কৰ্মৰ ভিন্ন-ভিন্ন সোঁৱৰণি বনাই দিলে। যাৰ প্ৰতিটো কৰ্ম স্মৰণীয় হৈ যায়, যাক স্মৰণ কৰি আনন্দিত হৈ যায় তেওঁলোক স্বয়ং কিমান মহান হয়? নিজেই নিজক বুজিলানে যে তোমালোক কোন হোৱা? হলিতো হোৱা, কিন্তু কিমান বিশেষ হোৱা!

ডবল বিদেশীসকলে এই নিজৰ শ্ৰেষ্ঠতাৰ সোঁৱৰণিৰ কথা নাজানিব পাৰে কিন্তু তোমালোকৰ স্মৰণৰ মহত্ব জগতৰ মনুষ্যই স্মৰণ কৰি সোঁৱৰণি উদযাপন কৰি আছে। বুজিলা হলি কি হয়? তোমালোক সকলোতো ৰঙত ৰঙীন হৈ আছা। এনেকুৱা প্ৰেমৰ ৰঙত ৰঙীন হৈ গলা যে পিতাৰ বাহিৰে আৰু একো দৃষ্টিগোচৰ নহয়। স্নেহতে খাই-বই, খোজকাঢ়ি, গাই, নাচি থাকা। দৃঢ় ৰং লাগি গল নহয় নে কেঁচা? কোনটো ৰং লাগিল কেঁচা নে পকা? যি হৈ গল সেয়া পাহৰি গলানে? ভুলতো যাতে পুৰণা কথা স্মৃতিলৈ নাহে। কোৱা নহয় যে কি কৰিম আহি গল। এয়া ভুলতে আহি যায়। নতুন জন্ম, নতুন কথা, নতুন সংস্কাৰ, নতুন সৃষ্টি, এই ব্ৰাহ্মণ সংসাৰো নতুন সংসাৰ হয়। ব্ৰাহ্মণৰ ভাষাও নতুন। আত্মাৰ ভাষা নতুন নহয় জানো! তেওঁলোকে কি কয় আৰু তোমালোকে কি কোৱা! পৰমাত্মাৰ প্ৰতিও নতুন কথা। তেন্তে ভাষাও নতুন, ৰীতি-প্ৰথাও নতুন, সম্বন্ধ-সম্পৰ্কও নতুন সকলো নতুন হৈ গল। পুৰণা সমাপ্ত হল। নতুন আৰম্ভ হল, নতুন গীত গোৱা। পুৰণা নহয়। কি, কিয় এয়া হৈছে পুৰণা গীত। আহা, ৱাহ, অহৌ! এয়া হল নতুন গীত। তেন্তে কোনটো গীত গোৱা? হায় হায়ৰ গীততো নোগোৱা নহয়! হায় হায় কৰোঁতা জগতত বহুত আছে তোমালোক নোহোৱা। তেন্তে অবিনাশী হলি উদযাপন কৰিলা অৰ্থাৎ যি হৈ গল সেয়া পাহৰি সম্পূৰ্ণ পবিত্ৰ হৈ গলা। পিতাৰ সংগৰ ৰঙত ৰঙীন হৈ গলা। তেন্তে হলি উদযাপন কৰিলা নহয়!

সদায় পিতা আৰু মই, একেলগে আছো। আৰু সংগমযুগত সদায় লগত থাকিব। বেলেগ হবই নোৱাৰে। এনেকুৱা উৎসাহ-উদ্দীপনা অন্তৰত আছে নহয় যে মই আৰু মোৰ বাবা! নে পৰ্দাৰ পিছফালে তৃতীয়ও কোনোবা আছে? কেতিয়াব নিগনি কেতিয়াবা মেকুৰী ওলাই আহে, এনেতো নহয়। সকলো সমাপ্ত হৈ গল নহয়! যেতিয়া পিতাক পালা তেন্তে সকলো প্ৰাপ্ত হল। আৰু একো বাকী নাথাকে। সম্বন্ধীয়ও বাকী নাথাকে, খাজনাও বাকী নাথাকে, শক্তিও বাকী নাথাকে, গুণো বাকী নাথাকে, জ্ঞানো বাকী নাথাকে, কোনো প্ৰাপ্তিয়ে বাকী নাথাকে। তেন্তে বাকী আৰু কি লাগে, ইয়াকে কোৱা হয় হলি উদযাপন কৰা। বুজিলা!

তোমালোক কিমান আনন্দিত হৈ থাকা। নিচিন্ত বাদশ্বাহ, এটি কড়ি নোহোৱা সত্বেও বাদশ্বাহ, বেগমপুৰৰ বাদশ্বাহ। এনেকুৱা আনন্দত আন কোনো থাকিব নোৱাৰে। জগতৰ চহকীৰো চহকী হওক বা জগতত প্ৰসিদ্ধ কোনো ব্যক্তি হওক, বহুত শাস্ত্ৰবাদী হওক, বেদৰ পাঠ পঢ়োতা হওক, ঐকান্তিক ভক্তি কৰোঁতা হওক, এক নম্বৰ বৈজ্ঞানিক হওক, যি কোনো বৃত্তিধাৰীৰ হওক কিন্তু এনেকুৱা আনন্দৰ জীৱন হব নোৱাৰে, যত পৰিশ্ৰম নাই, প্ৰেমেই প্ৰেম আছে। চিন্তা নাই কিন্তু শুভচিন্তক হয়, শুভচিন্তন আছে। এনেকুৱা আনন্দৰ জীৱন সমগ্ৰ বিশ্বত পৰিক্ৰমা কৰা, যদি কাৰোবাক পোৱা তেন্তে লৈ আনা। সেয়েহে গীত গোৱা নহয় - মধুবনত, পিতাৰ সংসাৰত আনন্দই আনন্দ আছে। খাওঁতেও আনন্দ, শোৱতেও আনন্দ। দৰব খাই হোৱাৰ প্ৰয়োজন নাই। পিতাৰ লগত শুই যোৱা তেতিয়া দৰব খোৱাৰ প্ৰয়োজন নাই। অকলে শোৱা তেতিয়া কোৱা হাই ব্লাডপ্ৰেচাৰ আছে, বিষ আছে, তেতিয়া দৰব লবলগীয়া হয়। পিতা লগত থাকক, বচ বাবা আপোনাৰ লগত শুই আছো, এয়া হল দৰব। এনেকুৱাও সময় আহিব যিদৰে আদিতে দৰব আদি ব্যৱহাৰ নহৈছিল। মনত আছে নহয়। আৰম্ভণিতে কিমান সময় দৰব নাছিল। অৱশ্যে হয়, অলপ মাখন খাই লৈছিল। দৰব খোৱা নাছিল। যিদৰে আদিতে প্ৰেক্টিচ (অভ্যাস) কৰাইছিল নহয়। পুৰণা শৰীৰে আছিল। অন্ততো সেই আদিৰ দিনবোৰ ৰিপিট (পুনৰাবৃত্তি) হব। সকলোৱে বহুত বিচিত্ৰ সাক্ষাৎকাৰো কৰি থাকিব। বহুতৰে ইচ্ছা থাকে নহয় যে এবাৰ সাক্ষাৎকাৰ হৈ যাওক। অন্তলৈকে যি দৃঢ় হব তেওলোকে সাক্ষাৎকাৰ কৰিব অকৌ সেয়াই সংগঠনৰ ভঠ্‌টি হব। সেৱা পুৰা হৈ যাব। এতিয়া সেৱাৰ বাবে অত তত গুছি গৈছা! আকৌ সকলো নদী সাগৰত সমাহিত হৈ যাব। কিন্তু সময় বৰ নিদাৰুণ হব। সাধন থকা সত্বেও কাম নকৰিব সেয়েহে বুদ্ধিৰ লাইন বহুত ক্লিয়াৰ (স্পষ্ট) হোৱা উচিত যাতে আগতেই উপলব্ধি হয় যে এতিয়া কি কৰিব লাগিব। যদি এক চেকেণ্ডো দেৰি কৰা তেন্তে গলা। যেনেকৈ তেওঁলোকেও যদি বুটাম টিপিবলৈ এক চেকেণ্ডো দেৰি কৰে তেন্তে কি ৰিজাল্ট হব? ইয়াতো যদি উপলব্ধি হোৱাত এক চেকেণ্ড দেৰি হৈ যায় তেন্তে গৈ পোৱা কঠিন হব। তেওঁলোকো কিমান মনোযোগেৰে বহি থাকে। গতিকেগতিকে এয়া হৈছে বুদ্ধিৰ দ্বাৰা উপলব্ধি। যেনেকৈ আৰম্ভণিতে ঘৰত বহি থাকোতে আৱাজ আহিল, নিমন্ত্ৰণ আহিল যে আহা, উপস্থিত হোৱা, এতিয়া ওলোৱা। আৰু তৎক্ষণাৎ ওলাই আহিল। সেইদৰে অন্ততো পিতাৰ আৱাজ আহি পাব। যিদৰে সাকাৰত সকলো সন্তানক মাতিছিল তেনেকৈতেনেকৈ আকাৰ ৰূপত সকলো সন্তানক আহা আহা বুলি আহ্বান কৰিব। কেৱল আহিবা আৰু লগত যাবা। এইদৰে সদায় নিজৰ বুদ্ধি ক্লিয়াৰ হওক যদি মনোযোগ অন্য কৰবাত যায় তেন্তে পিতাৰ আৱাজ, পিতাৰ আহ্বান মিচ হৈ যাব। এই সকলোবোৰ হবই।

টিচাৰ্চসকলে ভাবি আছে যে আমিতো উপস্থিত হৈ যাম। এয়াও হব পাৰে যে তোমালোকক তাতেই পিতাই ডাইৰেকচন (নিৰ্দেশনা) দিব। তাত কিবা বিশেষ কাৰ্য হব। তাত অন্য বহুতক শক্ত দিবলগীয়া হব। লগত লৈ যাবলগীয়া হব। এয়াও হব কিন্তু পিতাৰ ডাইৰেকচন অনুসৰি চলি থাকিবা। মনমতেৰে নহয়। আসক্তিৰে নহয়। হায় মোৰ সেৱাকেন্দ্ৰ; এয়া যাতে স্মৃতিলৈ নাহে। অমুক জিজ্ঞাসুকো লগত লৈ যাওঁ, এওঁ অনন্য হয়, সহায়কাৰী হয়। এনেকুৱাও নহয়। ককাৰোবাৰ বাবেও যদি ৰোৱা তেন্তে ৰৈ যাবা। এনেকৈ তৈয়াৰ হৈছা নহয়। ইয়াকে এভাৰেডি (সদাপ্ৰস্তুত) বুলি কয়। সদায় সকলো যাতে সামৰি থোৱা থাকে।সেই সময়ত সামৰাৰ সংকল্প যাতে নাহে। এইটো কৰি লওঁ, এইটো কৰি লওঁ। সাকাৰত মনত আছে নহয় যিসকল সেৱাধাৰী সন্তান আছিল তেওঁলোকৰ স্থূল টালি-টোপোলা সদায় সাজু আছিল। ট্ৰেইন আহি পাবলৈ 5 মিনিট আছে আৰু ডাইৰেকচন পোৱা গৈছিল যে যোৱা। তেন্তেসেয়ে টালি-টোপোলা সাজু কৰি ৰাখিছিল। এটা ষ্টেচনত ট্ৰেইন আহি পাইছিল - আৰু তেওঁ গৈ আছে। এনেকুৱাও অনুভৱ কৰিলা নহয়। এয়াতো মনৰ স্থিতিত টালি-টোপোলা সাজু হৈ থাকিব লাগে। পিতাই মাতিলে আৰু সন্তানসকল যাতে হাজিৰ হৈ যায়। ইয়াকে এভাৰেডি বুলি কোৱা হয়। অচ্ছা।

এইদৰে সদায় সংগৰ ৰঙত ৰঙীন হৈ থকা, সদায় যি হৈ গল সেয়া পাহৰিবৰ্তমান আৰু ভৱিষ্যত শ্ৰেষ্ঠ কৰি তোলোঁতা, সদায় পৰমাত্ম মিলন উদযাপন কৰোঁতা, সদায় প্ৰতিটো কৰ্ম স্মৃতিত থাকি কৰোঁতা অৰ্থাৎ প্ৰতিটো কৰ্ম স্মৰণীয় কৰি তোলোঁতা, সদায় আনন্দত নাচি গাই সংগমযুগৰ আনন্দ উদযাপন কৰোঁতা, এনেকুৱা পিতাৰ সমান পিতাৰ প্ৰতিটো সংকল্পক উপলব্ধি কৰোঁতা, সদায় বুদ্ধি শ্ৰেষ্ঠ আৰু স্পষ্ট কৰি ৰাখোঁতা, এনেকুৱা হলি হেপি (সুখী) হংসসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বাপদাদাই সকলো সন্তানৰ পত্ৰৰ উত্তৰ দি হলিৰ মোবাৰক দিলে
চাৰিওফালৰ দেশ বিদেশৰ সকলো সন্তানৰ স্নেহভৰা, উৎসাহ-উদ্দীপনা ভৰা আৰু কৰ-কৰ পৰা নিজৰ পুৰুষাৰ্থৰ প্ৰতিজ্ঞা ভৰা সকলোৰে পত্ৰ আৰু সংবাদ বাপদাদাই প্ৰাপ্ত কৰিলে। বাপদাদাই সকলো হলি হংসক সদায় যেনেকুৱা পিতা তেনেকুৱা মই এইটো স্মৃতিৰ বিশেষ শ্লোগান বৰদানৰ ৰূপত মনত পেলাই দিছে। যি কোনো কৰ্ম কৰোঁতে, সংকল্প কৰোঁতে প্ৰথমে পৰীক্ষা কৰা যে যি পিতাৰ সংকল্প এইটো সেয়াই সংকল্প হয়নে। যি পিতাৰ কৰ্ম সেয়াই মোৰ কৰ্ম হয়নে। চেকেণ্ডত পৰীক্ষা কৰা আৰু সাকাৰত আনা। তেতিয়া সদায়েই পিতাৰ সমান শক্তিশালী আত্মা হৈ সফলতা অনুভৱ কৰিবা। সফলতা জন্মসিদ্ধ অধিকাৰ হয়, এনেকুৱা সহজ প্ৰাপ্তিৰ অনুভৱ কৰিবা। মই স্বয়ং সফলতাৰ তৰা হওঁ তেতিয়া সফলতা মোৰ পৰা পৃথক হব নোৱাৰে। সফলতাৰ মালা সদায় ডিঙিত পৰিধান কৰা আছে অৰ্থাৎ প্ৰতিটো কৰ্মত অনুভৱ কৰি থাকিবা। বাপদাদাই আজি এই হলিৰ সংগঠনত তোমালোক সকলো হলি হংসক সন্মুখত চাই আছে, উদযাপন কৰি আছে। স্নেহেৰে সকলোকে চাই আছে - সকলোৰে বিশেষত্বৰ বিভিন্ন সুবাস লৈ আছে। প্ৰত্যেকৰে বিশেষত্বৰ কিমান মিঠা সুবাস। পিতাই প্ৰত্যেক বিশেষ আত্মাক বিশেষত্বৰে চাই এইটোৱে গীত গায় - ৱাহ মোৰ সহজ যোগী সন্তান! ৱাহ মোৰ পদমাপদম ভাগ্যশালী সন্তান! তেন্তে সকলোৱে নিজৰ-নিজৰ বিশেষত্ব আৰু নাম সহিত সন্মুখত নিজকে অনুভৱ কৰি স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ কৰিবা আৰু সদায় পিতাৰ চত্ৰছায়াত থাকিবা মায়াক ভয় নকৰিবা। সৰু কথা হয়, ডাঙৰ কথা নহয়। সৰুক ডাঙৰ নকৰিবা। ডাঙৰক সৰু কৰিবা। উচ্চত থাকিবা তেতিয়া ডাঙৰ সৰু হৈ যাব। তলত থাকিলে তেন্তে সৰুও ডাঙৰ হৈ যাব সেয়েহে বাপদাদাৰ সংগ আছে, হাত আছে গতিকে ভয় নাখাবা, খুব উৰা, উৰন্ত কলাৰে চেকেণ্ডত সকলো অতিক্ৰম কৰা। পিতাৰ সংগই সদায় নিৰাপদে ৰাখে। আৰু ৰাখিব। অচ্ছা - সকলোকে কল্পৰ পিছত পুনৰাই লগ পোৱা, অতি আদৰৰ বুলি কৈ বাপদাদাই হলিৰ মোবাৰক দি আছে। (তাৰ পাছত বাপদাদাৰ লগত সকলো সন্তানে হলি উদযাপন কৰিলে আৰু পিকনিক খালে)

বৰদান:
উচ্চ পিতা, উচ্চ মই আৰু উচ্চ কাৰ্য এইটো স্মৃতিৰে শক্তিশালী হওতা পিতাৰ সমান হোৱা

যিদৰে আজিকালি জগতত কোনোবা ভি. আই. পি.ৰ সন্তান হলে তেতিয়া তেওঁ নিজকো ভি. আই. পি. বুলি ভাবিব। কিন্তু পিতাতকৈ উচ্চতো কোনো নাই। আমি এনেকুৱা উচ্চৰো উচ্চ পিতাৰ সন্তান উচ্চ আত্মা হওঁ - এইটো স্মৃতিয়ে শক্তিশালী কৰি তোলে। উচ্চ পিতা, উচ্চ আমি আৰু উচ্চ কাৰ্য - এনেকুৱা স্মৃতিত থাকোতাসকল সদায় পিতাৰ সমান হৈ যায়। গোটেই বিশ্বৰ আগত শ্ৰেষ্ঠ আৰু উচ্চ আত্মা তোমালোকৰ বাহিৰে আন কোনো নহয়। সেয়েহে তোমালোকৰে গায়ন আৰু পূজন হয়।

স্লোগান:
সম্পূৰ্ণতাৰ দৰ্পণত সুক্ষ্ম আসক্তিসমূহক পৰীক্ষা কৰা আৰু মুক্ত হোৱা।