10.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল আত্মাক সতোপ্ৰধান কৰি তোলাৰ চিন্তা কৰা, কোনো দুৰ্বলতা যাতে থাকি নাযায়, মায়াই যাতে গাফিলতি কৰাই নিদিয়ে

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ মুখৰে কোনটো শুভ বচন সদায় উচ্চাৰিত হব লাগে?

উত্তৰ:
সদায় মুখেৰে এইটোৱে শুভ বচন উচ্চাৰিত কৰা যে আমি নৰৰ পৰা নাৰায়ণ হ'ম, কম নহয়। আমিয়েই বিশ্বৰ মালিক আছিলোঁ পুনৰ হ'ম। কিন্তু এইটো লক্ষ্য উচ্চ হয়, সেয়েহে বহুত সাৱধান হৈ থাকিব লাগে। নিজৰ খতিয়ান চাব লাগে। লক্ষ্য-উদ্দেশ্যক সন্মুখত ৰাখি পুৰুষাৰ্থ কৰি থাকিব লাগে, হাৰ্টফেইল (বিতত) হ'ব নালাগে।

ওঁম্শান্তি।
পিতাই বহি আত্মিক সন্তানসকলক বুজায় - ইয়াত যেতিয়া স্মৃতিৰ যাত্ৰাত বহা তেতিয়া ভাই-ভনীসকলক কোৱা যে তোমালোক আত্মা-অভিমানী হৈ বহা আৰু পিতাক স্মৰণ কৰা। এইটো সোঁৱৰাই দিব লাগে। তোমালোকে এতিয়া এইটো স্মৃতি প্ৰাপ্ত কৰি আছা। আমি আত্মা হওঁ, আমাৰ পিতাই আমাক পঢ়াবলৈ আহে। আমিও কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা পঢ়োঁ। পিতায়ো কৰ্মেন্দ্ৰিয়ৰ আধাৰ লৈ এওঁৰ দ্বাৰা পোন-প্ৰথমে এইটো কয় - পিতাক স্মৰণ কৰা। সন্তানসকলক বুজোৱা হৈছে যে এয়া হৈছে জ্ঞান মাৰ্গ। ভক্তি মাৰ্গ বুলি কোৱা নহয়। জ্ঞান কেৱল এজনেই জ্ঞান সাগৰ পতিত-পাৱনে দিয়ে। তোমালোকে প্ৰথম নম্বৰৰ পাঠ এইটোৱেই পোৱা - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এইটো বহুত জৰুৰী। অন্য কোনো সৎসংগত কোনেও কব নোৱাৰিব। যদিও আজিকালি নকল সংস্থা বহুত ওলাইছে। তোমালোকৰ পৰা শুনি কোনোবাই কলেও অৰ্থ বুজিব নোৱাৰে। বুজোৱাৰ জ্ঞান নাই। এয়া তোমালোককহে পিতাই কয় যে বেহদৰ পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। বিবেকেও কয় এইখন পুৰণি সৃষ্টি। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিৰ মাজত বহুত পাৰ্থক্য আছে। সেইখন হৈছে পাৱন সৃষ্টি, এইখন হৈছে পতিত সৃষ্টি। আহ্বানো কৰে - হে পতিত-পাৱন আহক, আহি পাৱন কৰি তোলক। গীতাতো এইষাৰ কথা আছে - মামেকম্ স্মৰণ কৰা। দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি বুজা। এই দেহৰ সম্বন্ধ আগতে নাছিল। তোমালোক আত্মাসকল ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহা। গায়নো আছে - অকলে আহিছিলোঁ, অকলে যাব লাগিব। ইয়াৰ অৰ্থ মনুষ্যই বুজি নাপায়। এতিয়া তোমালোকে বাস্তৱত জানা। আমি এতিয়া পাৱন হৈ আছোঁ স্মৃতিৰ যাত্ৰাৰে বা স্মৃতিৰ বলেৰে। এয়া হয়েই ৰাজযোগৰ বল। সেয়া হৈছে হঠযোগ যাৰ দ্বাৰা মনুষ্যই অলপ সময়ৰ কাৰণে স্বাস্থ্যৱান হৈ থাকে। সত্যযুগত তোমালোক কিমান স্বাস্থ্যৱান হৈ থাকা। হঠযোগৰ দৰকাৰ নাই। এই সকলোবোৰ ইয়াত এই ছিঃ ছিঃ সৃষ্টিত কৰে। এইখন হৈছে পুৰণি সৃষ্টি। সত্যযুগ নতুন সৃষ্টি যি অতীত হৈ গ'ল, তাত এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। এইটো কোনেও গম নাপায়। তাত প্ৰতিটো বস্তু নতুন। গীতো আছে নহয় - জাগা প্ৰিয়তমাসকল জাগা.....। নৱযুগ হৈছে সত্যযুগ। পুৰণি যুগ হৈছে কলিযুগ। এতিয়া ইয়াক কোনেও সত্যযুগ বুলিতো নক'ব। এতিয়া কলিযুগ হয়, তোমালোকে সত্যযুগৰ কাৰণে পঢ়া। এনেকুৱা পঢ়াওঁতাতো কোনো নাথাকিব যিয়ে ক'ব যে এই পঢ়াৰ দ্বাৰা তোমালোকে নতুন সৃষ্টিত ৰাজ্য পদ পাবা। পিতাৰ বাহিৰে আন কোনেও ক'ব নোৱাৰে। তোমালোক সন্তানসকলক প্ৰতিটো কথা সোঁৱৰাই দিয়া হয়। গাফিলতি কৰিব নালাগে। বাবাই সকলোকে বুজাই থাকে। য'তেই বহা, পেছাগত কাম-কাজ আদি কৰা নিজক আত্মা বুলি বুজি কৰা। পেছাগত কাম-কাজত অলপ কঠিন হয় গতিকে যিমান সম্ভৱ - সময় উলিয়াই স্মৃতিত বহা তেতিয়াহে আত্মা পবিত্ৰ হ'ব। অন্য একো উপায় নাই। তোমালোকে ৰাজযোগ শিকি আছা নতুন সৃষ্টিৰ কাৰণে। তালৈ লৌহযুগী (কলিযুগী) আত্মা যাব নোৱাৰে। মায়াই আত্মাৰ পাখি ভাঙি দিলে। আত্মাই উৰে নহয়। এটা শৰীৰ এৰি অন্য এটা লয়। আত্মা হৈছে সকলোতকৈ তীব্ৰ বেগী ৰকেট। তোমালোক সন্তানসকল এই নতুন নতুন কথাবোৰ শুনি আচম্বিত হোৱা। আত্মা কিমান সূক্ষ্ম ৰকেট হয়। তাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এনেকুৱা কথাবোৰ অন্তৰত ৰাখিলে উৎসাহ জাগিব। স্কুলত বিদ্যাৰ্থীসকলৰ বুদ্ধিত বিদ্যা স্মৃতিত থাকে নহয়। তোমালোকৰ বুদ্ধিত এতিয়া কি আছে? বুদ্ধি কোনো শৰীৰত নাই। আত্মাতহে মন-বুদ্ধি আছে। আত্মাইহে পঢ়ে। চাকৰি আদি সকলো আত্মাইহে কৰে। শিৱবাবাও আত্মা হয়। কিন্তু তেওঁক পৰম বুলি কয়। তেওঁ জ্ঞানৰ সাগৰ হয়। অতি সূক্ষ্ম বিন্দু হয়। এইটোও কোনেও গমকে নাপায়, সেইজন পিতাৰ যি সংস্কাৰ আছে সেয়া তোমালোক সন্তানসকলক ধাৰণ কৰোৱা হয়। এতিয়া তোমালোক যোগবলেৰে পাৱন হৈ আছা। তাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। পঢ়াত চিন্তাতো থাকে যে যাতে অনুত্তীৰ্ণ হৈ নাযাওঁ। ইয়াত প্ৰথম নম্বৰৰ বিষয়েই এইটো যে মই আত্মা সতোপ্ৰধান হব লাগে। কোনোধৰণৰ দুৰ্বলতা যাতে থাকি নাযায়। নহ'লে অনুত্তীৰ্ণ হৈ যাম। মায়াই তোমালোকক প্ৰতিটো কথাতেই পাহৰাই দিয়ে। আত্মাই বিচাৰেও যে খতিয়ান ৰাখোঁ। গোটেই দিনটোত কোনো আসুৰিক কাম নকৰোঁ। কিন্তু মায়াই খতিয়ান ৰাখিব নিদিয়ে। তোমালোক মায়াৰ হাতোৰাত আহি যোৱা। অন্তৰে কয়ো - খতিয়ান ৰাখোঁ। বেপাৰীসকলে সদায় লাভ-লোকচানৰ খতিয়ান ৰাখে। তোমালোকৰতো এয়া বহুত ডাঙৰ খতিয়ান। 21 জন্মৰ উপাৰ্জন হয়, ইয়াত গাফিলতি কৰিব নালাগে। সন্তানসকলে বহুত গাফিলতি কৰে। এওঁক বাবাকতো তোমালোক সন্তানসকলে সূক্ষ্মলোকত, স্বৰ্গতো দেখা পোৱা। বাবায়ো বহুত পুৰুষাৰ্থ কৰে। আচম্বিতো হৈ থাকে। বাবাৰ স্মৃতিত স্নান কৰোঁ, ভোজন গ্ৰহণ কৰোঁ, তথাপিও পাহৰি যাওঁ পুনৰ স্মৰণ কৰিবলৈ লাগি যাওঁ। এইটো বৰ ডাঙৰ বিষয় হয়। এইটো কথাত কোনোধৰণৰ মতভেদ আহিব নোৱাৰে। গীতাতো আছে - দেহ সহিত দেহৰ সকলো ধৰ্ম ত্যাগ কৰা। বাকী থাকিল আত্মা। দেহক পাহৰি নিজক আত্মা বুলি বুজা। আত্মাহে পতিত তমোপ্ৰধান হয়। মনুষ্যই আকৌ কৈ দিয়ে আত্মা নিৰ্লেপ হয়। আত্মাই পৰমাত্মা হয়, সেয়েহে এনেকৈ ভাবে যে আত্মাত কোনো লেপ-চেপ নালাগে। তমোগুণী মনুষ্যই শিক্ষাও তমোগুণী দিয়ে। সতোগুণী কৰি তুলিব নোৱাৰে। ভক্তি মাৰ্গত তমোপ্ৰধান হ'ব লাগে। প্ৰতিটো বস্তু প্ৰথমে সতোপ্ৰধান তাৰপাচত ৰজো তমোত আহে। গঢ়া আৰু ভঙা হয়। পিতাই নতুন সৃষ্টি গঢ়ায় তেতিয়া এই পুৰণি সৃষ্টি ধ্বংস হৈ যায়। ভগৱানতো নতুন সৃষ্টি ৰচনা কৰোঁতা হয়। এই পুৰণি সৃষ্টি সলনি হৈ নতুন হ'ব। নতুন সৃষ্টিৰ চিহ্নতো এই লক্ষ্মী-নাৰায়ণ হয় নহয় জানো। এওঁলোক নতুন সৃষ্টিৰ মালিক হয়। ত্ৰেতাকো নতুন সৃষ্টি বুলি কোৱা নহয়। কলিযুগক পুৰণি, সত্যযুগক নতুন বুলি কোৱা হয়। কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ এয়া হৈছে সংগমযুগ। কোনোৱে এম.এ., বী.এ. পঢ়ে তেতিয়া উচ্চ হৈ যায় নহয়। তোমালোক এই পঢ়াৰ দ্বাৰা কিমান উচ্চ হৈ যোৱা। জগতে এইটো কথা নাজানে যে এওঁলোকক ইমান উচ্চ কৰি কোনে গঢ়িলে। তোমালোকে এতিয়া আদি-মধ্য-অন্তক জানি গ'লা। সকলোৰে জীৱন কাহিনীক তোমালোকে জানা। এয়া হৈছে জ্ঞান। ভক্তিত জ্ঞান নাই কেৱল কৰ্মকাণ্ড শিকায়। ভক্তিতো বহুত আছে। কিমান বৰ্ণনা কৰে। বহুত সুন্দৰ দেখা যায়। বীজত কি সৌন্দৰ্য আছে, ইমান সৰু বীজ কিমান ডাঙৰ হৈ যায়। ভক্তিৰ এয়া বৃক্ষ হয়, অনেক কৰ্মকাণ্ড আছে। জ্ঞানৰ কথা এটাই আছে মনমনাভৱ। পিতাই কয় - তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বৰ কাৰণে মোক স্মৰণ কৰা। তোমালোকে কোৱাও হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক। ৰাৱণ ৰাজ্যত সকলো পতিত দুখী। ৰামৰাজ্যত সকলো পাৱন সুখী। ৰামৰাজ্য, ৰাৱণৰাজ্য নামতো আছে। ৰামৰাজ্যৰ বিষয়ে তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা। 84 জন্মৰ ৰহস্যও তোমালোকৰ বাহিৰে কোনেও নাজানে। যদিও কয় ভগৱানুবাচ - মনমনাভৱ। সেইবুলি কোনোবাই এনেকৈ বুজাব জানো যে তোমালোকে 84 জন্ম কেনেকৈ পূৰ্ণ কৰিলা। এতিয়া চক্ৰ পূৰ্ণ হ'ল। গীতা শুনাওঁতাসকলে গীতাৰ ওপৰত কি কয় সেয়া গৈ শুনা। তোমালোকৰ বুদ্ধিততো এতিয়া গোটেই জ্ঞান প্ৰবাহিত হৈ থাকে। বাবাই সোধে - আগতে কেতিয়াবা লগ পাইছিলানে? তেতিয়া কয় -হয় বাবা কল্প পূৰ্বে লগ পাইছিলোঁ। বাবাই সোধে আৰু তোমালোকে অৰ্থ সহিত উত্তৰ দিয়া। এনেকুৱা নহয় যে ভাটৌৰ দৰে (অৰ্থ নুবুজাকৈ) কৈ দিবা। পুনৰ বাবাই সোধে - কিয় লগ কৰিছিলা, কি পাইছিলা? তেতিয়া তোমালোকে কব পাৰা - আমি বিশ্বৰ ৰাজ্য-ভাগ্য পাইছিলোঁ, তাত সকলো আহি যায়। যদিও তোমালোকে কোৱা নৰৰ পৰা নাৰায়ণ হৈছিলোঁ কিন্তু বিশ্বৰ মালিক হোৱা, তাত ৰজা-ৰাণী আৰু দৈৱী-ৰাজবংশ সকলো আছে। তাৰ মালিক, ৰজা, ৰাণী, প্ৰজা সকলো হ'ব। ইয়াক কোৱা হয় শুভ কওঁতা। আমিতো নৰৰ পৰা নাৰায়ণ হ'ম, কম নহয়। পিতাই ক'ব - হয় সন্তানসকল, পূৰা পুৰুষাৰ্থ কৰা। নিজৰ খতিয়ানো চাব লাগে - এইটো অৱস্থাত মই উচ্চ পদ পাব পাৰিম নে নোৱাৰিম? কিমানক ৰাস্তা দেখুৱাইছোঁ? কিমান অন্ধৰ লাখুটি হৈছোঁ? যদি সেৱা নকৰা তেন্তে বুজিব লাগে - মই প্ৰজাত গুচি যাম। নিজৰ অন্তৰক সুধিব লাগে যদি এতিয়া মই শৰীৰ ত্যাগ কৰোঁ তেন্তে কি পদ পাম? বহুত উচ্চ লক্ষ্য গতিকে সাৱধান হৈ থাকিব লাগে। বহুত সন্তানে ভাবে যথাযথ মইতো স্মৰণেই নকৰোঁ তেন্তে খতিয়ান ৰাখি কি কৰিম। তাক আকৌ হাৰ্টফেইল (বিতত, নিৰাশ) হোৱা বুলি কোৱা হয়। তেওঁলোকে পঢ়েও এনেকৈয়ে। ধ্যান নিদিয়ে। মই সকলো জনো বুলি ভাবি বহি যাব নালাগে যাৰ বাবে পাচত অনুত্তীৰ্ণ হব লাগিব। নিজৰ কল্যাণ কৰিব লাগে। লক্ষ্য-উদ্দেশ্যতো সন্মুখত আছে। আমি পঢ়ি এনেকুৱা হ'ব লাগে। এয়াও আশ্চৰ্যজনক নহয় জানো। কলিযুগততো ৰাজ্য নাই। সত্যযুগত পুনৰ এওঁলোকৰ ৰাজ্য ক'ৰ পৰা আহিল। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। এনেকুৱা নহয় যে দেৱতাসকলৰ আৰু অসুৰৰ যুদ্ধ লাগিল, দেৱতাসকলে বিজয় প্ৰাপ্ত কৰি ৰাজ্য পালে। এতিয়া অসুৰৰ আৰু দেৱতাসকলৰ যুদ্ধ কেনেকৈ লাগিব পাৰে। কৌৰৱ আৰু পাণ্ডৱৰো যুদ্ধ নহয়। যুদ্ধৰ কথাটোৱেই নিষিদ্ধ হৈ যায়। প্ৰথমেতো এইটো কোৱা যে পিতাই কয় - দেহৰ সকলো সম্বন্ধ এৰি নিজক আত্মা বুলি বুজা। তোমালোক আত্মাসকল অশৰীৰী হৈ আহিছিলা, এতিয়া পুনৰ উভতি যাব লাগে। পবিত্র আত্মাসকলহে উভতি যাব পাৰিব। তমোপ্ৰধান আত্মাসকলতো যাব নোৱাৰে। আত্মাৰ পাখি ভাঙি গৈছে। মায়াই পতিত কৰি দিলে। তমোপ্ৰধান হোৱাৰ কাৰণে ইমান দূৰ পবিত্র ঠাইলৈ যাব নোৱাৰে। এতিয়া তোমালোক আত্মাই ক'বা যে আমি আচলতে পৰমধামৰ নিবাসী। ইয়াত এই 5 তত্ত্বৰ পুতলা ধাৰণ কৰিছোঁ - ভূমিকা পালন কৰিবলৈ। মৃত্যু হলে তেতিয়া কয় স্বৰ্গবাসী হ'ল। কোন? তালৈ শৰীৰ গ'ল নে আত্মা গ'ল? শৰীৰতো জ্বলি গ'ল। বাকী থাকিল আত্মা। আত্মা স্বৰ্গলৈতো যাব নোৱাৰে। মনুষ্যকতো যিয়ে যি শুনায় তাকে কৈ থাকে। ভক্তি মাৰ্গৰসকলে ভক্তিয়েই শিকাইছে, বৃত্তি বা কৰ্তব্যৰ বিষয়ে একো নাজানে। শিৱৰ পূজা সকলোতকৈ উচ্চ বুলি কয়। উচ্চতকৈও উচ্চ হৈছে শিৱ, তেওঁকহে স্মৰণ কৰা, সোঁৱৰণ কৰা। মালাও দিয়ে। শিৱ শিৱ বুলি কৈ মালা জপি থাকা। অৰ্থ নজনাকৈয়ে মালা লৈ শিৱ শিৱ বুলি কৈ থাকিব। অনেক প্ৰকাৰৰ শিক্ষা গুৰুলোকে দিয়ে। ইয়াততো এটাই কথা - পিতাই নিজেই কয় - মোক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। শিৱ শিৱ বুলি মুখেৰে ক'ব নালাগে। পিতাৰ নাম সন্তানসকলে জানো সোঁৱৰি থাকে। এয়া হৈছে সকলো গুপ্ত। কোনেও গম নাপায় যে তোমালোকে কি কৰি আছা। যিসকলে কল্প পূৰ্বে বুজিছিল তেওঁলোকেই বুজিব। নতুন নতুন সন্তানসকল আহি থাকে, বৃদ্ধি হৈ গৈ থাকে। আগলৈ গৈ নাটকে কি দেখুৱায় সেয়া সাক্ষী হৈ চাব লাগিব। প্ৰথমৰ পৰাই বাবাই সাক্ষাৎকাৰ নকৰায় যে এইটো এইটো হ'ব। তেতিয়াতো কৃত্ৰিম হৈ যাব। এয়া অতিকৈ বুজিবলগীয়া কথা। তোমালোকে বোধ শক্তি পাইছা, ভক্তি মাৰ্গত অবোধ আছিলা। এইটো জানা যে নাটকত ভক্তিও নিৰ্ধাৰিত হৈ আছে।

এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা - আমি এই পুৰণি সৃষ্টিত আৰু নাথাকোঁ। বিদ্যাৰ্থীসকলৰ পঢ়া পাঠ বুদ্ধিত থাকে। তোমালোকেও মুখ্য মুখ্য সাৰ কথাবোৰ বুদ্ধিত ধাৰণ কৰিব লাগে। প্ৰথম নম্বৰৰ কথা অল্‌ফৰ (পিতাৰ) প্ৰতি নিশ্চয় দৃঢ় কৰা তাৰপাচতহে আগবাঢ়া। নহ'লে অদৰকাৰী কথা সুধি থাকিব। কন্যাসকলে লিখে অমুকে লিখি দিছে যে গীতাৰ ভগৱান হৈছে শিৱ, এইটোতো একেবাৰে সঠিক কথা। যদিও এনেকৈ কয় কিন্তু বুদ্ধিত জানো ধাৰণ হয়। যদি বুজি পায় যে পিতা আহিছে তেন্তে ক'ব যে মই গৈ এনেকুৱা পিতাক সাক্ষাৎ কৰোঁ। উত্তৰাধিকাৰ লওঁ। এজনৰো নিশ্চয় নহয়। ততালিকে কাৰোৰে চিঠি নাহে। যদিও লিখেও যে জ্ঞান বহুত ভাল, কিন্তু ইমান সাহস নাই যে এইটো বুজিব বাঃ এনেকুৱা বাবা, যাৰ পৰা আমি ইমান সময় দূৰ হৈ থাকিলোঁ, ভক্তি মাৰ্গত ঠেলা-গঁতা খালোঁ, এতিয়া সেই পিতাই বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছে আৰু সেয়েহে দৌৰি আহিব। আগলৈ গৈ ওলাব। যদি পিতাক চিনি পাইছে, উচ্চতকৈও উচ্চ ভগৱান হয় তেন্তে তেওঁৰ হোৱাচোন। বুজনি এনেকুৱা দিব লাগে যাতে ভাগ্যই মুকলি হৈ যায়। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পেছাগত কাম-কাজ আদি কৰি আত্মাক পাৱন কৰি তোলাৰ বাবে সময় উলিয়াই স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে। কোনোধৰণৰ আসুৰিক কাম কেতিয়াও কৰিব নালাগে।

(2) নিজৰ আৰু অন্যৰ কল্যাণ কৰিব লাগে। পঢ়া পঢ়িব আৰু পঢ়াব লাগে, নিজকে মই সকলো জানো বুলি ভাবিব নালাগে। স্মৃতিৰ বল জমা কৰিব লাগে।

বৰদান:
সাকাৰ পিতাক অনুসৰণ কৰি প্ৰথম নম্বৰ লওঁতা সম্পূৰ্ণ ফৰিস্তা হোৱা

প্ৰথম নম্বৰত অহাৰ সহজ সাধন হল প্ৰথম নম্বৰত যি পিতা ব্ৰহ্মা আছে, সেই এজনক চোৱা। অনেকক চোৱাৰ সলনি এজনক চোৱা আৰু এজনক অনুসৰণ কৰা। আমিয়েই ফৰিস্তাৰ মন্ত্ৰ দৃঢ় কৰি লোৱা তেতিয়া পাৰ্থক্য নোহোৱা হৈ যাব তেতিয়া বিজ্ঞানৰ যন্ত্ৰই নিজৰ কাম আৰম্ভ কৰিব আৰু তোমালোক সম্পূৰ্ণ ফৰিস্তা দেৱতা হৈ নতুন সৃষ্টিত অৱতৰিত হ'বা। গতিকে সম্পূৰ্ণ ফৰিস্তা হোৱা অৰ্থাৎ সাকাৰ পিতাক অনুসৰণ কৰা।

স্লোগান:
মন্থন কৰিলে যি আনন্দ ৰূপী মাখন ওলায় - সিয়েই জীৱনক শক্তিশালী কৰি তোলে।