11.02.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


" মৰমৰ সন্তানসকল জ্ঞানৰ তৰোৱালত যোগৰ ধাৰ লাগে তেতিয়াহে বিজয় হ ব , জ্ঞানত যোগৰ ধাৰ থাকিলে তেতিয়া তাৰ প্ৰভাৱ নিশ্চয় পৰিব

প্ৰশ্ন:
তোমালোক হৈছা খোদাৰ ( ভগৱানৰ ) পয়গম্বৰ ( দূত ) , তোমালোকে গোটেই দুনিয়াক কি বাৰ্তা দিব লাগে ?

উত্তৰ:
গোটেই দুনিয়াক বাৰ্তা দিয়া যে ভগৱানে কৈছে - তোমালোক সকলোৱে নিজক আত্মা বুলি ভাবা, দেহ-অভিমান এৰা, এজন মোক পিতাক স্মৰণ কৰিলে তোমালোকৰ শিৰৰ পৰা পাপৰ বোজা আতৰি যাব। এজন পিতাৰ স্মৃতিৰে তোমালোক পাৱন হৈ যাবা। অন্তৰ্মুখী সন্তানসকলেহে এনেকুৱা বাৰ্তা সকলোকে দিব পাৰে।

ওঁম্ শান্তি।
পিতাই বুজাইছে যে যিকোনো মনুষ্য মাত্ৰই লাগিলে দৈৱী গুণসম্পন্নই হওঁক বা আসুৰি গুণসম্পন্নই হওঁক, তেওঁক ভগৱান বুলি কব নোৱাৰি। এয়াতো সন্তানসকলে জানে - দৈৱী গুণসম্পন্নসকল থাকে সত্যযুগত, আসুৰি গুণসম্পন্নসকল থাকে কলিযুগত, সেয়েহে বাবাই লিখনিও তৈয়াৰ কৰিছে যে দৈৱী গুণসম্পন্ন হোৱা নে আসুৰি গুণসম্পন্ন হোৱা? সত্যযুগী হোৱা নে কলিযুগী? এই কথাবোৰ কাচিৎহে মনুষ্যই বুজিব পাৰে। তোমালোকে চিৰিৰ ওপৰত বহুত ভালকৈ বুজাব পাৰা। তোমালোকৰ জ্ঞানৰ বাণ অতি ভাল (তীক্ষ্ণ), কিন্তু তাত ধাৰো (শক্তিও) থাকিব লাগিব। যেনেকৈ তৰোৱালতো ধাৰ থাকে। কিছুমান অতি তীক্ষ্ণ ধাৰযুক্ত হয়। যেনেকৈ গুৰু গোৱিন্দ সিঙৰ তৰোৱাল বিদেশলৈ লৈ গল। সেই তৰোৱালক লৈ পৰিক্ৰমা কৰে। অতি পৰিস্কাৰকৈ ৰাখে। কিছুমান দুপইচাৰ তৰোৱালো থাকে। যিবিলাক ধাৰযুক্ত হয়, সেইবোৰ বহুত চোকা হয়। সেইবোৰৰ দাম বহুত হয়। সন্তানসকলৰ ক্ষেত্ৰতো এনেকুৱা। কিছুমানৰ জ্ঞান বহুত আছে, যোগৰ ধাৰ (শক্তি) কম। যিসকল বান্ধেলী (বন্ধন যুক্ত) হয়, দুখীয়া হয়, তেওঁলোকে শিৱবাবাক বহুত স্মৰণ কৰে। তেওঁলোকৰ জ্ঞান কম , যোগৰ ধাৰ (শক্তি) বহুত। তেওঁলোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ আছে। অৰ্জুন আৰু ভীলৰো দৃষ্টান্ত দিয়ে। কাড় মৰাত অৰ্জুনতকৈও ভীল দক্ষ হৈ গ'ল। অৰ্জুন অৰ্থাৎ যি ঘৰত থাকে, নিতৌ শুনে। তেওঁলোকতকৈ বাহিৰত থকাসকল বেছি তীক্ষ্ণ হৈ যায়। জ্ঞানৰ ধাৰ (শক্তি) থকাসকলৰ আগত তেওঁলোকে চৰণ ধোৱে। এয়া নিয়তি (ড্ৰামা অনুসৰি হবলগীয়া) বুলিয়ে কোৱা হব। কোনোবা ফেল হলে বা দেউলীয়া হলে, তেতিয়া ভাগ্যক ধিয়াই থাকে। জ্ঞানৰ লগতে যোগৰ ধাৰো (শক্তিও) নিশ্চয় লাগে। ধাৰ নাই যদি তেন্তে কুক্কড়-জ্ঞানী (যিয়ে জ্ঞান শুনায় কিন্তু নিজে সেয়া অভ্যাস নকৰে)। সন্তান সকলেও অনুভৱ কৰে। কাৰোবাৰ পতিৰ প্ৰতি, কাৰোবাৰ অন্য কাৰোবাৰ প্ৰতি প্ৰেম থাকে। জ্ঞানত বহুত চোকা কিন্তু ভিতৰত সংঘাত চলি থাকে। ইয়াততো একেবাৰে সাধাৰণ হৈ থাকিব লাগে।

সকলো দেখিও যেন নেদেখা। এজন পিতাৰ প্ৰতিয়ে প্ৰেম। সেইবাবেতো গোৱা হয়- হাতেৰে কাম কৰি থাকা অন্তৰেৰে স্মৰণ কৰি থাকা.. কাৰ্যালয় আদিত কাম কৰোঁতেও বুদ্ধিত যাতে এইটো স্মৃতি থাকে যে মই আত্মা হওঁ। বাবাই নিৰ্দেশ দিছে যে মোক স্মৰণ কৰি থাকা। ভক্তি মাৰ্গতো কাম-কাজ কৰোঁতে কোনোবা নহয় কোনোবা ইষ্ট দেৱক স্মৰণ কৰি থাকে। সেয়াতো হৈছে শিলৰ মূৰ্ত্তি। তাত আত্মাতো নাই। লক্ষ্মী-নাৰায়ণকো পূজা কৰা হয়। সেয়াও শিলৰ মূৰ্ত্তি নহয় জানো। সোধা এওঁলোকৰ আত্মা কত আছে? এতিয়া তোমালোকে বুজি পোৱা নিশ্চয় কিবা নাম ৰূপত আছে। এতিয়া তোমালোক আকৌ যোগবলেৰে পাৱন দেৱতা হৈ আছা। লক্ষ্য-উদ্দেশ্যও আছে। দ্বিতীয় কথা - বাবাই বুজাইছে জ্ঞান সাগৰ আৰু জ্ঞান গংগা এই সংগমযুগতহে থাকে। মাথো এই এটা সময়তে থাকে। জ্ঞান সাগৰ আহেই কল্পৰ এই পুৰুষোত্তম সংগমযুগত। জ্ঞান সাগৰ হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মা শিৱ। তেওঁক নিশ্চয় শৰীৰ লাগে, যাতে বাৰ্তালাপো কৰিব পাৰে। বাকী পানীৰতো কোনো কথাই নাই। এই জ্ঞান তোমালোকে সংগমযুগতহে পোৱা। বাকী সকলোৰে ওচৰত ভক্তি আছে। ভক্তি মাৰ্গৰ সকলে পানীকো পূজা কৰি থাকে। পতিত-পাৱনতো এজনেই পিতা। তেওঁ কেৱল এবাৰহে আহে যেতিয়া পুৰণি দুনিয়াৰ পৰিৱৰ্তন হ'বৰ হয়। এতিয়া এয়া কাৰোবাক বুজাবৰ বাবে বুদ্ধিও লাগিব। একান্তত বিচাৰ সাগৰ মন্থন কৰিব লাগিব। কি লিখো যাৰ দ্বাৰা মনুষ্যই এইটো বুজিব পাৰে যে শিৱই হৈছে জ্ঞান সাগৰ পৰমপিতা পৰমাত্মা। তেওঁ যেতিয়া আহে তেওঁৰ সন্তানসকল যি ব্ৰহ্মাকুমাৰ-কুমাৰী হয়, তেওঁলোকে জ্ঞান ধাৰণ কৰি জ্ঞান গংগা হৈ পৰে। জ্ঞান গংগা অনেক আছে যিয়ে জ্ঞান শুনাই থাকে। তেওঁলোকেহে সৎগতি কৰাব পাৰে। পানীত স্নান কৰিলে পাৱন হব নোৱাৰে। জ্ঞান কেৱল সংগমতহে উপলব্ধ হয়। এয়া বুজাবলৈ বহুত যুক্তিৰ আৱশ্যক। বহুত অন্তৰ্মুখী হোৱাৰ দৰকাৰ। শৰীৰৰ ভাৱ এৰি নিজক আত্মা বুলি বুজিব লাগে। এই সময়ত তোমালোকে এনেকৈ কবা আমি পুৰুষাৰ্থী হওঁ, স্মৰণ কৰি কৰি যেতিয়া পাপ খণ্ডিত হৈ যাব তেতিয়া যুদ্ধ আৰম্ভ হব, তেতিয়ালৈকে সকলোৱে বাৰ্তা পাই যাব। বাণী অথবা বাৰ্তা শিৱ বাবাইহে দিয়ে। খোদাক পয়গম্বৰ (দূত) বুলি কোৱা নহয় জানো। তোমালোকে সকলোকে এইটো বাৰ্তা দিয়া যে যদি নিজক আত্মা বুলি ভাবি পৰমপিতা পৰমাত্মাৰ সৈতে যোগ লগোৱা তেন্তে বাবাই প্ৰতিশ্ৰুতি দিছে যে তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডিত হৈ যাব। এয়াতো পিতাই ব্ৰহ্মাৰ মুখৰ দ্বাৰা বুজায়। পানীৰ গংগাই কি বুজাব। বেহদৰ পিতাই বেহদৰ সন্তানসকলক বুজায় - তোমালোক সত্যযুগত কিমান সুখী, সমৃদ্ধিশালী আছিলা, এতিয়া দুখী কঙাল হৈ পৰিছা। এয়া হৈছে বেহদৰ কথা। বাকী এই চিত্ৰ আদি সকলো ভক্তি মাৰ্গৰ। এই ভক্তি মাৰ্গৰ সামগ্ৰীও তৈয়াৰ হবলগীয়া আছে। শাস্ত্ৰ পঢ়া, পূজা কৰা এয়া ভক্তি নহয় জানো। মই জানো শাস্ত্ৰ আদি পঢ়াও! মইতো তোমালোক পতিতসকলক পাৱন কৰি তুলিবলৈ জ্ঞান শুনাও যে নিজক আত্মা বুলি ভাবা। এতিয়া আত্মা আৰু শৰীৰ দুয়োটাই পতিত। এতিয়া পিতাক স্মৰণ কৰা তেতিয়া তোমালোক এনেকুৱা দেৱতা হৈ যাবা। দেহৰ সকলো পুৰণি সম্বন্ধীয়সকলৰ প্ৰতি থকা মমত্ব শেষ হৈ যাব। গায়নো আছে আপুনি আহিলে আমি আৰু অন্য কাৰো পৰা নুশুনো, কেৱল আপোনাৰ সৈতেই সকলো সম্বন্ধ গঢ়িম আৰু অন্য সকলো দেহধাৰীক পাহৰি যাম। এতিয়া পিতাই তোমালোকক নিজৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিয়ে। পিতাই কয়, মোৰ সৈতে যোগ লগালেহে তোমালোকৰ বিকৰ্ম বিনাশ হব। তোমালোক নতুন দুনিয়াৰ গৰাকী হৈ যাবা। এইয়া হল- এইম, অৱজেক্ট (লক্ষ্য-উদ্দেশ্য)। ৰজাৰ লগত নিশ্চয় প্ৰজাও থাকিব লাগিব। ৰজাসকলক দাস-দাসীও লাগিব। পিতাই সকলো কথা বুজাই থাকে। ভালকৈ যোগত নাথাকিলে, দৈৱী গুণ ধাৰণ নকৰিলে তেন্তে উচ্চ পদ কেনেকৈ পাব? ঘৰত কিবা নহয় কিবা কথাত কাজিয়া-পেচাল হয় নহয় জানো। পিতাই লিখি দিয়ে তোমাৰ ঘৰত কলহ (কাজিয়া-পেচাল) হৈ থাকে সেয়েহে জ্ঞান ধাৰণ নহয়। বাবাই সোধে স্ত্ৰী-পুৰুষ দুয়ো ভালকৈ চলি আছানে? চলন বহুত ভাল হোৱা উচিত। ক্ৰোধৰ অংশও যাতে নাথাকে। এতিয়াতো দুনিয়াত কিমান হাই-কাজিয়া আৰু অশান্তি। তোমালোকৰ মাজতো বহুত জ্ঞান-যোগত তীক্ষ্ণ হৈ গলে আৰু বেছি স্মৰণ কৰিবলৈ লাগি যাব। তোমালোকৰ অভ্যাসো ভাল হৈ যাব আৰু বুদ্ধিও বিশাল হৈ যাব।

বাবাৰ সৰু চিত্ৰ ইমান পচন্দ নহয়। সকলোবোৰ চিত্ৰ ডাঙৰ হব লাগে। বাহিৰত মুখ্য স্থানবোৰত ৰাখা। যেনেকৈ নাটকৰ ডাঙৰ ডাঙৰ চিত্ৰ ৰাখে নহয় জানো। ভাল-ভাল চিত্ৰ বনোৱা যাতে অলপো বেয়া হৈ নাযায়। চিৰিৰ চিত্ৰও বহুত ডাঙৰ-ডাঙৰ কৈ বনাই এনেকুৱা ঠাইত ৰাখা যাতে সকলোৰে দৃষ্টি পৰে। চিত্ৰৰ ৰং আদি এনেকুৱা মজবুত (উৎকৃষ্ট) হব লাগে যাতে পানী বা ৰদত নষ্ট হৈ নাযায়। মুখ্য স্থানবোৰত ৰাখি দিয়া বা কৰবাত এগজিবিশ্চন (প্ৰদৰ্শনী) কৰিবলগীয়া হলে তেন্তে মুখ্য দুই তিনিখন চিত্ৰইযথেষ্ট। এই গোলকৰ চিত্ৰও বাস্তৱত বেৰৰ সমানকৈ বনাব লাগে। লাগিলে 8-10 জনে উঠাই ৰাখক। কোনোবাই দূৰৰ পৰা চালেও যাতে একেবাৰে স্পষ্টকৈ বুজিব পাৰে। সত্যযুগত ইমানবোৰ ধৰ্মতো নাথাকে। তেওঁলোকতো পিছতহে আহে। প্ৰথমতে স্বর্গত বহুত কম সংখ্যক মনুষ্য থাকে। এতিয়া স্বৰ্গ নে নৰক- তোমালোকে ইয়াৰ ওপৰত বহুত ভালকৈ বুজাব পাৰা। যিয়ে আহে তেওঁলোকক বুজাই থাকা। ডাঙৰ-ডাঙৰ চিত্ৰ ৰাখিব লাগে। কেনেকৈ পাণ্ডৱৰ ডাঙৰ-ডাঙৰ মূৰ্তি সাজে। তোমালোকো পাণ্ডৱ নোহোৱা জানো।

শিৱবাবাইটো সংগমত পঢ়ায়। সেই শ্ৰীকৃষ্ণ হৈছে সত্যযুগৰ প্ৰথম ৰাজকুমাৰ, তোমালোকে বুজাই-বুজাই নিজৰ ৰাজ্য স্থাপনা কৰি লোৱা। কোনোৱে পঢ়ি পঢ়ি পিছত এৰি দিয়ে। বিদ্যালয়তো কোনোবাই পঢ়িব নোৱাৰিলে পঢ়া এৰি দিয়ে। ইয়াতো বহুত আছে যিয়ে পঢ়া এৰি দিছে, তেন্তে তেওঁলোক স্বৰ্গত নাহিব জানো? মই বিশ্বৰ মালিক, কোনোবাই মোৰ পৰা দুটা শব্দ শুনিলেও স্বৰ্গত নিশ্চয় আহিব। আগলৈ গৈ বহুতে শুনিব। এই গোটেই ৰাজধানী স্থাপনা হ'ব, কল্পৰ আগৰ দৰে। সন্তানসকলে বুজি পায় আমি অনেক বাৰ ৰাজ্য প্ৰাপ্ত কৰিছো, পুনৰ হেৰুৱাইছো। হীৰাৰ দৰে আছিলো আকৌ কড়িৰ দৰে হ'লো। ভাৰত হীৰাতুল্য আছিল। এতিয়া আকৌ কি হৈ গল? ভাৰততো সেই একেখনেই হ'বগৈ। এই সংগমক পুৰুষোত্তম যুগ বুলি কোৱা হয়। উত্তমতকৈও উত্তম পুৰুষো আছে। বাকী সকলো কনিষ্ঠ হয়। যি পূজ্য আছিল তেওঁলোকেই পুনৰ পূজাৰী হৈ পৰিল। 84 জন্ম লয়। সেই শৰীৰো শেষ হৈ গ'ল, আত্মাও তমোপ্ৰধান হৈ পৰিল। যেতিয়া সতোপ্ৰধান হৈ থাকে তেতিয়াতো পূজাই নকৰে। চৈতন্য ৰূপত আছে। এতিয়া তোমালোকে শিৱবাবাক চৈতন্য ৰূপত স্মৰণ কৰা। পুনৰ পূজাৰী হৈ গলে তেতিয়া পাথৰক পূজা কৰিবা। এতিয়া বাবা চৈতন্য ৰূপত আছে নহয় জানো। আকৌ তেওঁৰেই পাথৰৰ মূৰ্তি সাজি পূজা কৰি থাকে। ৰাৱণ ৰাজ্যত ভক্তি আৰম্ভ হয়। আত্মা সেই সকলেই হয়, ভিন্ন-ভিন্ন শৰীৰ ধাৰণ কৰি আহিছে। অধঃপতিত হোৱা বাবেই ভক্তি আৰম্ভ হয়। বাবা পুনৰ আহি জ্ঞান দিয়ে গতিকে দিন আৰম্ভ হৈ যায়। ব্ৰাহ্মণ তথা দেৱতা হৈ যায়। এতিয়াতো দেৱতা বুলি কোৱা নহয়। ব্ৰহ্মাতো সত্যযুগত নাথাকে। ইয়াত ব্ৰহ্মাই তপস্যা কৰি আছে। মনুষ্য নহয় জানো। শিৱবাবাক শিৱ বুলিয়ে কোৱা হয়। এওঁৰ শৰীৰত আছে যদিও শিৱবাবা বুলিয়ে ক'ব। অন্য কোনো নাম ৰখা নহয়, এওঁৰ শৰীৰত শিৱবাবা আহে। তেওঁ জ্ঞানৰ সাগৰ হয়, এই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা জ্ঞান দিয়ে। গতিকে চিত্ৰ আদিও বহুত বুজিলৈহে বনাব লাগে। চিত্ৰৰ লিখনিবোৰেই কামত আহে। পতিত-পাৱন পানীৰ সাগৰ নে পানীৰ নদী হয়? নে জ্ঞানৰ সাগৰ আৰু তেওঁৰ পৰা ওলোৱা জ্ঞান গংগা ব্ৰহ্মাকুমাৰ-কুমাৰীসকল হয়? এওঁকে পিতাই জ্ঞান দিয়ে। ব্ৰহ্মাৰ দ্বাৰা যি ব্ৰাহ্মণ হয় তেওঁলোকেই আকৌ দেৱতা হয়। বিৰাট ৰূপৰ চিত্ৰও বহুত ডাঙৰকৈ দেখুৱাব লাগে। এয়া হ'ল মুখ্য চিত্ৰ।

বাবাই বুজায় - মৰমৰ সন্তানসকল, তোমালোকে নিজৰ বুদ্ধি সভ্য (চিভিল) কৰি তুলিব লাগে। যেতিয়া বাবাই দেখে যে এওঁৰ দৃষ্টি অশুদ্ধ তেতিয়া গ'ম পাই যায় যে এওঁ চলিব নোৱাৰিব। তোমালোক আত্মাসকল এতিয়া ত্ৰিকালদৰ্শী হৈছা, এইয়া কোনোবা বিৰলাইহে বুজি পায়। বহুত বুদ্ধিহীন আছে। পিতাক এৰি দিয়ে। এয়াতো সন্তানসকলে বুজি পায় যে ৰাজধানী স্থাপনা হৈ আছে। তাত সকলো প্ৰকাৰৰে লাগে। অন্তিম সময়ত সকলো সাক্ষাৎকাৰ হব। প্ৰথম শ্ৰেণীৰ দাস দাসীও হব। প্ৰথম শ্ৰেণীৰ দাসীয়ে কৃষ্ণৰ লালন-পালন কৰিব। বাচন পৰিষ্কাৰ কৰোঁতা, খাদ্য খুৱাই দিওঁতা, পৰিষ্কাৰ কৰি ৰাখোতা সকলো থাকিব। ইয়াৰ পৰাই ওলাব। প্ৰথম নম্বৰৰ সকলে নিশ্চয় উচ্চ পদ পাব। সেইটো অনুভৱ হয়। সন্তানসকলৰ পৰা বাবাৰ অনুভৱ হয় যে এওঁ বহুত ভালকৈ মুৰুলী শুনায়, কিন্তু যোগ কম। কোনোবা স্ত্ৰী, পুৰুষতকৈ আগবাঢ়ি যায়। এজন জ্ঞানত চলিলে কয় বাবা আনটো চকা ঠিক নহয়। এজনে আনজনক সাৱধান কৰিব লাগে। প্ৰবৃত্তি মাৰ্গ নহয় জানো। যোৰা একেধৰণৰ হব লাগে। নিজৰ সমান কৰি তুলিব লাগে। অন্তিম সময়ত তোমালোকে দুনিয়াখনকে পাহৰি যাবা। বুজি পোৱা নহয় যে মই হংস হওঁ, এওঁ বগলী হয়। কাৰোবাৰ কিবা অৱগুণ কাৰোবাৰ আন কিবা। টনাটনিও চলে। বহুত চেষ্টা কৰিবলগীয়া হয়। হয়ো বহুত সহজ। চেকেণ্ডত জীৱন মুক্তি। কোনো খৰচ নকৰাকৈ উচ্চ পদ পাব পাৰে। যি সকল গৰিব হয় তেওঁলোকে বহুত ভাল সেৱা কৰি থাকে। এইটো জানা নহয় কোনে-কোনে খালি হাতেৰে আহিছে। বহুত কিছু লৈ অহাসকল আজি নাই আৰু গৰিবসকলে বহুত উচ্চ পদ পাই আছে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰ বাবে মুখ্য সাৰ :
(1) জ্ঞানৰ তৰোৱালত স্মৃতিৰ ধাৰ (শক্তি) ভৰাবৰ কাৰণে কৰ্ম কৰোতে অন্তৰ্মুখী হৈ অভ্যাস কৰিব লাগে যে মই আত্মা হওঁ। মোক আত্মাক পিতাই নিৰ্দেশ দিছে - নিৰন্তৰ মোক স্মৰণ কৰা। এজন পিতাৰ প্ৰতি সঁচা প্ৰীত ৰাখা। দেহ আৰু দেহৰ সমন্ধীয়সকলৰ পৰা মমত্ব আঁতৰাই দিয়া।

(2) প্ৰবৃত্তিত থাকি ইজনে-সিজনক সাৱধান কৰি হংস হৈ উচ্চ পদ লব লাগে। ক্ৰোধৰ অংশও উলিয়াই দিব লাগে, নিজৰ বুদ্ধি সভ্য (চিভিল) কৰি তুলিব লাগে।

বৰদান:
তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা সকলো বন্ধনক অতিক্ৰম কৰি মনোৰঞ্জনৰ অনুভৱ ক ৰোঁ তা ডবল লাইট হোৱা

কিছুমান সন্তানে কয় এনেয়েতো মই ঠিকে আছো কিন্তু এইটো কাৰণ আছে নহয় - সংস্কাৰৰ, ব্যক্তিৰ, বায়ুমণ্ডলৰ বন্ধন... কিন্তু কাৰণ যেনেকুৱাই নহওক, যিয়েই নহওক তীব্ৰ পুৰুষাৰ্থীয়ে সকলো কথাক এনেকৈ অতিক্ৰম কৰে যেন একোৱেই হোৱা নাই। তেওঁ সদায় মনোৰঞ্জনৰ অনুভৱ কৰে। এনেকুৱা স্থিতিক কোৱা হয় উৰণীয়া কলা আৰু উৰণীয়া কলাৰ লক্ষণ হল ডবল লাইট। তেওঁলোকক কোনো প্ৰকাৰৰ বোজাই অস্থিৰতাত আনিব নোৱাৰে।

স্লোগান:
প্ৰতিটো গুণ বা জ্ঞানৰ কথাক নিজৰ স্ব - সংস্কাৰ কৰি লোৱা।