11.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক অতি আনন্দিত হব লাগে যে আমি এতিয়া পুৰণা কাপোৰ (শৰীৰ) এৰি ঘৰলৈ যাম পুনৰ নতুন কাপোৰ নতুন সৃষ্টিত ল'ম

প্ৰশ্ন:
নাটকৰ কোনটো ৰহস্য অতি সূক্ষ্মভাৱে বুজিবলগীয়া?

উত্তৰ:
এই নাটক ওকণিৰ দৰে (ধীৰ গতিৰে) চলি থাকে, টিক্ টিক্ হৈ থাকে। যিয়ে যি ভূমিকা পালন কৰিলে সেয়া পুনৰ হুবহু 5 হাজাৰ বছৰৰ পাছত ৰিপিট (পুনৰাবৃত্তি) হ'ব, এইটো অতি সূক্ষ্মভাৱে বুজিবলগীয়া ৰহস্য। যিসকল সন্তানে এইটো ৰহস্য যথাৰ্থভাৱে নুবুজে, তেওঁলোকে কৈ দিয়ে নাটকত যদি আছে পুৰুষাৰ্থ কৰিম, তেওঁলোকে উচ্চ পদ পাব নোৱাৰে।

ওঁম্শান্তি।
সন্তানসকলে পিতাৰ পৰিচয় পালে গতিকে পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে আৰু পবিত্র হ'ব লাগে। কোৱাও হয় - হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলা কিয়নো এইটো বুজি পায় যে আমি পতিত বুদ্ধিৰ হওঁ। বুদ্ধিয়েও কয় এয়া পতিত আইৰণ এজড্ (লৌহ যুগী) সৃষ্টি। নতুন সৃষ্টিক সতোপ্ৰধান, পুৰণা সৃষ্টিক তমোপ্ৰধান বুলি কোৱা হয়। তোমালোক সন্তানসকলে এতিয়া পিতাক পালা, ভক্তসকলে ভগৱানক পালে, কোৱাও হয় ভক্তিৰ পাছত ভগৱান আহি ভক্তিৰ ফল দিয়ে কিয়নো পৰিশ্ৰম কৰে সেয়েহে ফলো বিচাৰে। ভক্তই কি পৰিশ্ৰম কৰে সেয়া তোমালোকে জানা। তোমালোকে আধাকল্প ভক্তি মাৰ্গত হাবাথুৰি খাই ভাগৰি পৰিছা। ভক্তিত বহুত পৰিশ্ৰম কৰিছা। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। পৰিশ্ৰম কৰা হয় লাভৰ বাবে। এনেকৈ ভাবে যে ভগৱান আহি ভক্তিৰ ফল দিব, তেন্তে ফল দিওঁতা ভগৱানেই হ'ল। ভক্তই ভগৱানক স্মৰণ কৰে কিয়নো ভক্তিত দুখ আছে, সেইবাবে কয় - আহি আমাৰ দুখ হৰণ কৰা, পাৱন কৰি তোলা।

কোনেও নাজানে যে এতিয়া ৰাৱণ ৰাজ্য। ৰাৱণেই পতিত কৰি তুলিছে। কোৱাও হয় - ৰাম ৰাজ্য লাগে, কিন্তু সেয়া কেতিয়া, কেনেকৈ হয় কোনেও এয়া গম নাপায়। আত্মাই বুজি পায় যে এতিয়া ৰাৱণ ৰাজ্য। এয়া হৈছেই ভক্তিমাৰ্গ। ভক্তই বহুত নৃত্য-ধেমালি কৰে। আনন্দিতো হয়, আকৌ কান্দেও। ভগৱানৰ প্ৰেমত চকুলো ওলায়, কিন্তু ভগৱানক নাজানে। যাৰ প্ৰেমত চকুলো ওলায় তেওঁক জানিব নালাগে জানো। চিত্ৰৰ পৰাতো একো পোৱা নাযায়। অৱশ্যে হয়, বহুত ভক্তি কৰিলে সাক্ষাৎকাৰ হয়। বচ্‌ সেয়াই তেওঁলোকৰ কাৰণে আনন্দৰ কথা। ভগৱান নিজে আহি নিজৰ পৰিচয় দিয়ে - মই কোন হওঁ। মই যি হওঁ, যেনেকুৱা হওঁ, জগতত কোনেও নাজানে। তোমালোকৰ মাজতো যিসকলে বাবা বুলি কয় তেওঁলোকৰ মাজতো কোনোবা দৃঢ় হয় কোনোবা কেঁচা হয়। দেহ-অভিমান এৰিবলৈকে পৰিশ্ৰম কৰিবলগীয়া হয়। দেহী-অভিমানী হ'ব লাগে। পিতাই কয় - তোমালোক হৈছা আত্মা, তোমালোকে 84 জন্ম ভোগ কৰি তমোপ্ৰধান হৈ গৈছা। এতিয়া আত্মাই তৃতীয় নেত্ৰ পালে। আত্মাই বুজি আছে। পিতাই তোমালোক সন্তানসকলক গোটেই সৃষ্টি চক্ৰৰ জ্ঞান দিয়ে। পিতা নলেজ্‌ফুল (জ্ঞানেৰে পৰিপূৰ্ণ) হয় সেয়েহে সন্তানসকলকো নলেজ্‌ (জ্ঞান) দিয়ে। কোনোবাই সোধে কেৱল তোমালোকেহে 84 জন্ম লোৱা নেকি? তেতিয়া কবা - হয়, আমাৰ মাজত কোনোবাই 84, কোনোবাই 82 জন্ম লয়। আটাইতকৈ বেছি 84 জন্মই লয়। 84 জন্ম তেওঁৰ হয় যিয়ে আৰম্ভণিতে আহে। যিসকলে ভালদৰে পঢ়ি উচ্চ পদ প্ৰাপ্ত কৰে, তেওঁলোক সোনকালে আহিব। মালাত সমীপত স্থান লৈ লব। যেনেকৈ নতুন ঘৰ সাজি থাকিলে তেতিয়া অন্তৰে বিচাৰে - সোনকালে হৈ গ'লে আমি গৈ থাকিম। তোমালোক সন্তানসকলো আনন্দিত হোৱা উচিত - এতিয়া আমি এই পুৰণা কাপোৰ এৰি নতুন ল'ম। নাটকত এক্টৰ্চে (ভাৱৰীয়াই) আধা ঘণ্টা আগৰে পৰা ঘড়ী চাই থাকে, সময় পুৰা হ'লে ঘৰলৈ যাব। সেই সময় আহি যায়। তোমালোক সন্তানসকলৰ বাবে বেহদৰ (অসীমৰ) ঘড়ী আছে। তোমালোকে জানা যে যেতিয়া কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিম তেতিয়া আৰু ইয়াত নাথাকিম। কৰ্মাতীত হ'বলৈকো স্মৃতিত থাকিব লাগে, বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। নতুন সৃষ্টিলৈ তোমালোক যোৱা আকৌ প্ৰতিটো জন্মত কলা কম হৈ গৈ থাকে। নতুন ঘৰত ছমাহ থাকিলে কিবা নহয় কিবা দাগ আদি হৈ নাযায় জানো। অলপ পাৰ্থক্য আহি যায়। তেন্তে তাত নতুন সৃষ্টিত কোনোবা প্ৰথমতে আহিব, কোনোবা অলপ দেৰিকৈ আহিব। প্ৰথমে যিসকল আহিব তেওঁলোকক কোৱা হব সতোপ্ৰধান পাছত লাহে-লাহে কলা কম হৈ যায়। এই নাটকৰ চক্ৰ ওকণীৰ দৰে (ধীৰ গতিৰে) চলি থাকে। টিক্‌-টিক্‌ হৈ থাকে। তোমালোকে জানা গোটেই সৃষ্টিত যিয়ে যি ভূমিকা পালন কৰে এই চক্ৰ ঘূৰি থাকে। এয়া বুজিবলগীয়া অতি সূক্ষ্ম কথা। পিতাই অনুভৱৰ পৰা শুনায়।

তোমালোকে জানা এই পঢ়া আকৌ 5 হাজাৰ বছৰৰ পাছত পুনৰাবৃত্তি হব। এইখন পূৰ্ব নিৰ্ধাৰিত খেল। এই চক্ৰৰ বিষয়ে কোনো জ্ঞাত নহয়। ইয়াৰ ক্ৰিয়েটৰ (স্ৰষ্টা), ডায়ৰেক্টৰ (নিৰ্দেশক), মুখ্য এক্টৰ (ভাৱৰীয়া) কোন হয় সেয়া একোৱে নাজানে। এতিয়া তোমালোক সন্তানসকলে জানিছা - আমি 84 জন্ম ভোগ কৰি এতিয়া পুনৰ উভতি যাম। আমি আত্মা হওঁ। দেহী-অভিমানী হলে তেতিয়া আনন্দৰ সীমা নোহোৱা হব। সেয়া হল হদৰ (সীমিত) নাটক, এয়া হল বেহদৰ (অসীমিত)। বাবাই আমাক আত্মাসকলক পঢ়াই আছে, এইটো নহয় যে অমুক সময়ত এইটো হব। বাবাক কোনো কথা সুধিলে কয় নাটকত যিবোৰ কথা শুনাবলগীয়া আছে সেয়া শুনাই দিয়ে, নাটক অনুসৰি যি উত্তৰ পাবলগীয়া আছিল সেয়া পাই গলা, বচ সেইমতে চলি গৈ থাকিব লাগে। নাটকক বাদ দি পিতাই একো কৰিব নোৱাৰে। কিছুমান সন্তানে কয় - ড্ৰামাত যদি আছে পুৰুষাৰ্থ কৰিম, তেওঁলোকে কেতিয়াও উচ্চ পদ পাব নোৱাৰে। পিতাই কয় - তোমালোকে পুৰুষাৰ্থ কৰিব লাগে। ড্ৰামাই তোমালোকক কল্পৰ আগৰ দৰে পুৰুষাৰ্থ কৰায়। কিছুমানে ড্ৰামাৰ ওপৰত এৰি দিয়ে যে ড্ৰামাত যি আছে, গতিকে বুজি পোৱা যায় যে এওঁৰ ভাগ্যত নাই। এতিয়া তোমালোকৰ স্মৃতি জাগিছে - আমি আত্মা হওঁ, আমি এই ভূমিকা পালন কৰিবলৈ আহিছোঁ। আত্মাও অবিনাশী, পাৰ্টো (ভূমিকাও) অবিনাশী। 8৪ জন্মৰ ভূমিকা আত্মাত নিহিত হৈ আছে পুনৰ সেয়াই ভূমিকা পালন কৰিব। ইয়াক কোৱা হয় প্ৰকৃতি। প্ৰকৃতিৰ আৰু কি বিস্তাৰ কৰিম। এতিয়া মুখ্য কথা হল - পাৱন নিশ্চয় হব লাগে। এইটোৱে চিন্তা। কৰ্ম কৰি থাকিও পিতাৰ স্মৃতিত থাকিব লাগে। তোমালোক এজন প্রিয়তমৰ প্রিয়তমা নোহোৱা জানো। এজন প্ৰিয়তমকেই সকলো প্রিয়তমাই স্মৰণ কৰে। সেই প্রিয়তমে কয় - এতিয়া মোক স্মৰণ কৰা। মই তোমালোকক পাৱন কৰিবলৈ আহিছোঁ। তোমালোকে মোকেই পতিত-পাৱন বুলি কোৱা আকৌ মোক পাহৰি গঙ্গাক কিয় পতিত-পাৱনী বুলি কোৱা? এতিয়া তোমালোকে বুজি পাইছা গতিকে সেইবোৰ সকলো এৰি দিছা। তোমালোকে বুজি পোৱা যে পিতাহে পতিত পাৱন হয়। এতিয়া পতিত-পাৱন বুলি কৃষ্ণক বুজি লৈ কেতিয়াও স্মৰণ নকৰিবা। কিন্তু ভগৱান কেনেকৈ আহে - এয়া কোনেও নাজানে। কৃষ্ণৰ আত্মা যি সত্যযুগত আছিল তেওঁ অনেক ৰূপ ধাৰণ কৰি কৰি এতিয়া তমোপ্ৰধান হৈ গল পুনৰ সতোপ্ৰধান হয়। শাস্ত্ৰত এইটো ভুল কৰি দিছে। এইটোও ভুল যেতিয়া হয় তেতিয়াহে মই আহি অভুল (শুধৰণি) কৰিম। এই ভুলবোৰো ড্ৰামাত আছে, আকৌ হব। এতিয়া তোমালোকক বুজোৱা হৈছে, শিৱ ভগৱানুবাচ। ভগৱান বুলি শিৱকে কোৱা হয়। ভগৱানতো এজনেই হয়। সকলো ভক্তক ফল দিওঁতা হৈছে এজন ভগৱান। তেওঁক কোনেও জানিব নোৱাৰে। আত্মাই কয় অ গড্‌ ফাদাৰ (ঈশ্বৰ পিতা)। এই লৌকিক পিতাতো ইয়াত আছে তথাপি সেইজন পিতাক স্মৰণ কৰি থাকে, গতিকে আত্মাৰ দুজন পিতা হৈ যায়। ভক্তি মাৰ্গত সেইজন পিতাক স্মৰণ কৰি থাকে। আত্মাতো আছেই। ইমানবোৰ আত্মাই নিজা-নিজা ভূমিকা প্ৰাপ্ত কৰিছে। এটা শৰীৰ এৰি পুনৰ আন এটা লৈ ভূমিকা পালন কৰিবলগীয়া হয়। এই সকলোবোৰ কথা পিতাইহে বুজায়। এনেকৈ কয়ো যে আমি ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ। এয়া হৈছে এখন মঞ্চ। ইয়াত এই চন্দ্ৰ, তৰা আদি সকলো বন্তি আছে। এই সূৰ্য, চন্দ্ৰ, তৰাবোৰক মনুষ্যই দেৱতা বুলি কৈ দিয়ে কিয়নো এইবোৰে বহুত ভাল কাম কৰে, চিক্‌মিকাই থাকে, কাকো অসুবিধা নিদিয়ে, সকলোকে সুখ দিয়ে। বহুত কাম কৰে সেয়েহে এইবোৰক দেৱতা বুলি কৈ দিয়ে। ভাল কাম কৰোঁতা সকলক এনেকৈ নকয় জানো যে এওঁতো দেৱতাৰ নিচিনা। এতিয়া বাস্তৱত দেৱতাসকলতো সত্যযুগত আছিল। সকলো সুখ দিওঁতা আছিল। সকলোৰে মৰম-চেনেহ আছিল সেয়েহে দেৱতাসকলৰ লগত তেওঁলোকৰ তুলনা কৰে। দেৱতাসকলৰ গুণৰো গায়ন কৰা হয়। তেওঁলোকৰ আগত গৈ গায় আমাৰ নিৰ্গুণীসকলৰ কোনো গুণ নাই, আপুনি ৰহম কৰক... আপোনাৰতো দয়া ওপজে চাগে। পিতাই কয় - দয়া উপজিছে সেয়েতো পুনৰাই আহিছোঁ, তোমালোকক গুণৱান কৰি তুলিবলৈ। তোমালোক পূজ্য আছিলা এতিয়া পূজাৰী হৈ গৈছা, পুনৰ পূজ্য হোৱা। আমিয়েই সেয়া ইয়াৰ অৰ্থও তোমালোকক বুজোৱা হৈছে। মনুষ্যইতো কৈ দিয়ে - আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। পিতাই কয় - এয়া ভুল। তোমালোক আত্মা নিৰাকাৰ আছিলা পাছত দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হলা। এতিয়া তোমালোকেই ব্ৰাহ্মণ বৰ্ণত আহিছা। আত্মা প্ৰথমে সতোপ্ৰধান, সতো, ৰজো তমোলৈ আহে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে এই জ্ঞান পিতাই কল্পই কল্পই সংগমযুগত আহি আমাক দিয়ে। যথাযথ ভাৰত স্বৰ্গ আছিল, তাত কিমান কম মনুষ্য হব। এতিয়া হৈছে কলিযুগ। সকলো ধৰ্ম আহি গল। সত্যযুগত জানো আন কোনো ধৰ্ম আছিল। তাত হয়েই এক ধৰ্ম। বাকী সকলো আত্মা গুচি যায়। তোমালোকে জানা যে এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ সমাগত। পিতাই ৰাজযোগ শিকাই আছে। কোনোবা আহিলে তেতিয়া কবা - এয়া বেহদৰ ঘড়ী। পিতাই দিব্যদৃষ্টি দি এই ঘড়ী তৈয়াৰ কৰাইছে। যেনেকৈ সেই ঘড়ী তোমালোকে বাৰে বাৰে চাই থাকা, এতিয়া এই বেহদৰ ঘড়ী স্মৃতিলৈ আহে। পিতাই ব্ৰহ্মাৰ দ্বাৰা এক ধৰ্মৰ স্থাপনা, শংকৰ দ্বাৰা আসুৰি সৃষ্টিৰ বিনাশ কৰায়। বুদ্ধিয়েও কয় চক্ৰ নিশ্চয় ঘুৰি থাকে। কলিযুগৰ পাছত সত্যযুগ আহিব। এতিয়া মনুষ্যও বহুত, উপদ্ৰৱো বহুত হৈ থাকে। মিচাইলো (বোমা) সেয়াই। শাস্ত্ৰততো কিমান কথা সাজি দিছে। পিতা আহি বেদ-শাস্ত্ৰৰ সাৰ বুজায়। মুখ্য ধৰ্মও 4 টা। এই ব্ৰাহ্মণ ধৰ্ম হল পঞ্চম। সকলোতকৈ উচ্চ হৈছে এইটো সৰু ধৰ্ম। যজ্ঞ চম্ভাল কৰোঁতা ব্ৰাহ্মণ হয়। এয়া হৈছে জ্ঞান যজ্ঞ। উপদ্ৰৱ নোহোৱা কৰিবৰ বাবে যজ্ঞ ৰচনা কৰে, তেওঁলোকে ভাবে - এই যুদ্ধ আদি নহওক। হেৰ, যুদ্ধ নালাগিলে তেন্তে সত্যযুগ কেনেকৈ আহিব, ইমানবোৰ মনুষ্য কলৈ যাব! আমাক সকলো আত্মাক লৈ যায় যেতিয়া নিশ্চয় শৰীৰ ইয়াত এৰিব লাগিব। তোমালোকে আহ্বানো কৰা - হে বাবা, আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলা।

পিতাই কয় মই নিশ্চয় পুৰণা সৃষ্টিৰ বিনাশ কৰাব লাগিব। পাৱন সৃষ্টি হৈছেই সত্যযুগ, সকলোকে মুক্তিধামলৈ লৈ যাওঁ। সকলোৱে কালকতো আহ্বান কৰে নহয় জানো। এইটো নুবুজে যে আমিতো কালৰো কালক মাতো। পিতাই কয় - এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। আত্মাসকলক ছিঃ-ছিঃ সৃষ্টিৰ পৰা উলিয়াই শান্তিধামলৈ লৈ যাওঁ। সেয়াতো ভাল কথাই নহয় জানো। তোমালোকে মুক্তিত গৈ পুনৰাই জীৱনমুক্তিত আহিব লাগে তাৰ পাছত আকৌ জীৱন বন্ধনত। ইমানবিলাকতো সত্যযুগত নাহিব পাছত ক্ৰমানুসৰি আহিব সেয়েহে এতিয়া শান্তিধাম আৰু সুখধামক স্মৰণ কৰা। শেষৰ ফালে যিসকল আহে, তেওঁলোকৰতো ভূমিকাই অলপ। প্ৰথমতে নিশ্চয় তেওঁলোকে সুখ পাব। তোমালোকৰ ভূমিকা সকলোতকৈ উচ্চ। তোমালোকে বহুত সুখ পোৱা। ধৰ্ম প্ৰতিষ্ঠাপকসকলেতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰে, কাকো লিবাৰেট নকৰে (মুক্তি নিদিয়ে)। পিতাতো ভাৰতত আহি সকলোকে জ্ঞান দিয়ে। তেওঁৱেই সকলোৰে পতিত-পাৱন হয়, সকলোকে লিবাৰেট কৰে (মুক্তি দিয়ে)। অন্য ধৰ্ম প্ৰতিষ্ঠাপকসকলে কোনো সৎগতি কৰিবলৈ নাহে, তেওঁলোক ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। তেওঁলোকে কোনো শান্তিধাম সুখধামলৈ লৈ নাযায়, সকলোকে শান্তিধাম-সুখধামলৈ পিতাইহে লৈ যায়। যিয়ে দুখৰ পৰা মুক্ত কৰি সুখ দিয়ে তেওঁৰেই তীৰ্থ হয়। মনুষ্যই বুজি নাপায়, বাস্তৱত সঁচা তীৰ্থতো এজন পিতাৰেই হয়। মহিমাও এজনৰেই হয়। সকলোৱে তেওঁক আহ্বান কৰে - হে লিবাৰেটৰ (মুক্তিদাতা) আহা। ভাৰতেই সঁচা তীৰ্থ হয় যত পিতা আহি মুক্তি-জীৱনমুক্তি দিয়ে। সেইবাবে তোমালোকে আকৌ ভক্তি মাৰ্গত তেওঁৰ ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰা, হীৰা-অলংকাৰেৰে মন্দিৰ নিৰ্মাণ কৰা। সোমনাথৰ মন্দিৰ কিমান ধুনীয়াকৈ নিৰ্মাণ কৰে আৰু এতিয়া চোৱা বাবা কত বহি আছে, পতিত শৰীৰত, পতিত সৃষ্টিত। তোমালোকেহে চিনি পোৱা। তোমালোক পিতাৰ সহায়কাৰী হোৱা। আনক ৰাস্তা দেখুৱাই দিয়াত যিয়ে সহায় কৰিব তেওঁ উচ্চ পদ পাব। এয়াতো নিয়ম হয়। পিতাই কয়, পৰিশ্ৰম কৰা। বহুতক ৰাস্তা দেখুওৱা যে পিতা আৰু উত্তৰাধিকাক স্মৰণ কৰা। 84ৰ চক্ৰ সন্মুখত আছে, এয়া যেন অন্ধৰ আগত আইনাৰ নিচিনা। এইখন ড্ৰামা হুবহু ৰিপিট হয় তথাপিও মোক কোনেও নাজানিব। এনেকুৱা নহয় যে মোৰ মন্দিৰ লুটপাত কৰে তেতিয়া মই কিবা কৰোঁ। নাটকত লুটপাত কৰিবলগীয়াই আছে, পুনৰ লুটপাত কৰি লৈ যাব। মোক আহ্বানেই কৰে পতিতৰ পৰা পাৱন কৰি তুলিবলৈ গতিকে মই আহি তোমালোক সন্তানসকলক পঢ়াও। ড্ৰামাত বিনাশো নিৰ্ধাৰিত হৈ আছে, সেয়া পুনৰ হব। মই কোনো ফু মাৰি নিদিওঁ যে বিনাশ হৈ যাওঁক। এয়া মিচাইল আদি তৈয়াৰ কৰিছে - এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই আছোঁ। মোৰ ভূমিকা সকলোতকৈ শ্ৰেষ্ঠ - সৃষ্টিক পৰিৱৰ্তন কৰা, পতিতৰ পৰা পাৱন কৰি তোলা। এতিয়া সমৰ্থ কোন? মই নে ড্ৰামা? ৰাৱণো ড্ৰামা অনুসৰি আহিবই লাগে। মোৰ যি জ্ঞান আছে সেয়া আহি দিওঁ। তোমালোক হৈছা শিৱবাবাৰ সেনা। ৰাৱণৰ ওপৰত বিজয়ী হোৱা। পিতাই কয় - চেণ্টাৰ খুলি থাকা। মই পঢ়াবলৈ আহোঁ। মই একো নলওঁ। যি পইচা আদি আছে সেয়া ইয়াত সফল কৰা। এনেকুৱাও নহয় যে সকলো শেষ কৰি ভোকত মৰিবা। ভোকত কোনেও মৰিব নোৱাৰে। বাবাই (ব্ৰহ্মা) সকলো দিলে পিছে ভোকত মৰিল জানো? তোমালোক ভোকত মৰা জানো? শিৱবাবাৰ ভাণ্ডাৰ আছে। আজিকালিতো জগতত চোৱা কিমান মনুষ্য ভোকত মৰি থাকে। এতিয়া তোমালোক সন্তানসকলেতো পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ লবলৈ পুৰুষাৰ্থ কৰিব লাগে। এয়া হল আত্মিক নেচাৰ ক্যুৰ (আত্মাক আৰোগ্য কৰাৰ প্ৰাকৃতিক উপায়)। একেবাৰে সহজ কথা কেৱল মুখেৰে কয় - মনমনাভৱ। আত্মাক ক্যুৰ (আৰোগ্য) কৰে সেয়েহে পিতাক অবিনাশী চাৰ্জন (চিকিৎসক) বুলিও কোৱা হয়। কেনেকুৱা ভাল অপাৰেশ্বন (অস্ত্ৰোপচাৰ) শিকায়। মোক স্মৰণ কৰিলে তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। চক্ৰৱৰ্তী ৰজা হৈ যাবা। এই কাঁইটৰ জংঘলত থাকিও এনেকৈ ভাবা যে আমি ফুলৰ বাগিচালৈ গৈ আছোঁ। ঘৰলৈ গৈ আছো। ইজনে-সিজনক সোঁৱৰাই থাকা। আল্লাক স্মৰণ কৰিলে বে বাদশ্বাহী পাই যাবা। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) উচ্চ পদ পাবৰ কাৰণে পিতাৰ পুৰা সহায়কাৰী হব লাগে। অন্ধক ৰাস্তা দেখুৱাব লাগে। বেহদৰ ঘড়ীক সদায় স্মৃতিত ৰাখিব লাগে।

(2) যজ্ঞ চম্ভালিবৰ কাৰণে সঁচা ব্ৰাহ্মণ হ'ব লাগে। টকা-পইচা আদি যি আছে সেয়া সফল কৰি পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ (সম্পত্তি) ল'ব লাগে।

বৰদান:
স্ব-উন্নতিৰ দ্বাৰা সেৱাত উন্নতি কৰোঁতা সঁচা সেৱাধাৰী হোৱা

স্ব-উন্নতি সেৱাৰ উন্নতিৰ বিশেষ আধাৰ হয়। স্ব-উন্নতি কম হ'লে তেতিয়া সেৱাও কম হয়। কেৱল কাৰোবাক মুখেৰে পৰিচয় দিয়াটোৱে সেৱা নহয় কিন্তু প্ৰত্যেক কৰ্মৰ দ্বাৰা শ্ৰেষ্ঠ কৰ্মৰ প্ৰেৰণা দিয়া এয়াও সেৱা হয়। যিয়ে মন-বচন-কৰ্মৰে সদায় সেৱাত তৎপৰ হৈ থাকে তেওঁলোকৰ সেৱাৰ দ্বাৰা শ্ৰেষ্ঠ ভাগ্যৰ অনুভৱ হয়। যিমান সেৱা কৰে সিমান নিজেও আগবাঢ়ি যায়। নিজৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা সেৱা কৰোঁতাসকলে সদায় প্ৰত্যক্ষ ফল প্ৰাপ্ত কৰি থাকে।
 

স্লোগান:
সমীপত আহিবলৈ হলে ভবা-কোৱা আৰু কৰা সমান কৰি তোলা।