11.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলপিতাহৈছেদাতা,তোমালোকসন্তানসকলেপিতাৰপৰাএকোবিচৰাৰপ্ৰয়োজননাই, কথিতআছেযেবিচৰাতকৈমৃত্যুশ্ৰেয়

প্ৰশ্ন:
কোনটোস্মৃতিসদায়থাকিলেকোনোকথাৰচিন্তাবাচিন্তননাথাকিব?

উত্তৰ:
যি অতীত হৈ গ'ল- ভালেই হওঁক বা বেয়াই হওঁক, ড্ৰামাত আছিল। গোটেই চক্ৰ সম্পূৰ্ণ হৈ পুনৰাবৃত্তি হ'ব। যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰিব, তেনেকুৱা পদ পায়। এইটো কথা স্মৃতিত থাকিলে কোনো কথাৰ চিন্তা বা চিন্তন নাথাকিব। পিতাৰ নিৰ্দেশ হৈছে- সন্তানসকল, যি হৈ গল তাৰ বিষয়ে চিন্তা নকৰিবা। অপ্ৰয়োজনীয় কোনো কথা নুশুনিবা আৰু আনকো নুশুনাবা। যি কথা হৈ গ'ল তাৰ কোনো চিন্তা নকৰিবা বা আঁওৰাই নাথাকিবা।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজাইছে। আত্মিক পিতাক দাতা বুলি কোৱা হয়। তেওঁ নিজেই সকলোবোৰ সন্তানসকলক দিয়ে। আহেই বিশ্বৰ মালিক তুলিবলৈ। কেনেকৈ হ'ব লাগিব, এই সকলোবোৰ সন্তানসকলক বুজায়, নিৰ্দেশনা দি থাকে। দাতা নহয় জানো। সেয়েহে সকলো নিজেই দি থাকে। বিচৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। কোনো বস্তু বিচাৰিব নালাগে। শক্তি, আশীৰ্বাদ, কৃপা আদি কোনো কোনো সন্তানে বিচাৰি থাকে। ভক্তি মাৰ্গত বিচাৰি বিচাৰি মূৰ মাৰি গোটেই চিড়ি তললৈ নামি আহিলা। এতিয়া বিচৰাৰ কোনো দৰকাৰ নাই। পিতাই কৈছে যে নিৰ্দেশনা মতে চলা। পিতাৰ প্ৰথম নিৰ্দেশনা - যি হৈ গল তাক লৈ কেতিয়াও চিন্তা নকৰিবা। ড্ৰামাত যি হ'ল সকলো অতীত হৈ গ'ল। তাৰ চিন্তা নকৰিবা। আঁওৰাই নাথাকিবা। পিতাইটো কেৱল দুটা শব্দই কয় যে "মামেকম স্মৰণ কৰা"। পিতাই নিৰ্দেশনা বা শ্ৰীমত দিয়ে। সেইমতে চলাটো সন্তানসকলৰ কাম। এয়া হৈছে সৰ্বশ্ৰেষ্ঠ নিৰ্দেশনা। কোনোবাই যিমানেই প্ৰশ্ন-উত্তৰ আদি নকৰক কিয়, বাবাইটো দুটা শব্দই বুজাব। মই হৈছো পতিত-পাৱন। তোমালোকে মোক স্মৰণ কৰি থাকিলে তোমালোকৰ পাপ ভস্ম হৈ যাব। মাথো সেয়াই, স্মৰণৰ বাবে কোনো নিৰ্দেশনা দিয়া হয় নেকি! পিতাক স্মৰণ কৰিব লাগে। চিৎকাৰ কৰিববা চিঞৰিব নালাগে। অন্তৰৰে কেৱল বেহদৰ (অসীমৰ) পিতাক স্মৰণ কৰিব লাগে। দ্বিতীয় নিৰ্দেশনা কি দিয়ে? 84 ৰ চক্ৰক স্মৰণ কৰা কিয়নো তোমালোক দেৱতা হ'ব লাগিব, দেৱতসকলৰ মহিমাতো তোমালোকে আধাকল্প কৰিছা।

(কেচুঁৱাই কন্দাৰ শব্দ শুনা গৈছিল) এতিয়া এইটো নিৰ্দেশনা সকলো সেৱাকেন্দ্ৰক দিয়া হৈছে যে কোনেও যেন কেচুঁৱা লৈ নাহে। তেওঁলোকৰ কিবা ব্যৱস্থা কৰিব লাগে। পিতাৰ পৰা যিয়ে উত্তৰাধিকাৰ ল'বলগীয়া আছে তেওঁলোকে নিজেই ব্যৱস্থা কৰি ল'ব। এইখন আত্মিক পিতাৰ বিশ্ব বিদ্যালয় হয়, ইয়াত কেচুঁৱাৰ কোনো দৰকাৰ নাই। ব্ৰাহ্মণীৰ (শিক্ষক) দায়িত্ব হৈছে যে যেতিয়া সেৱা কৰাৰ যোগ্য হ'ব তেতিয়া সতেজ কৰিবৰ বাবে আনিব লাগে। কোনো ডাঙৰ মানুহেই হওঁক বা সৰুয়েই হওঁক, এইখন হৈছে বিশ্ব বিদ্যালয়। ইয়ালৈ যিয়ে কেচুঁৱা লৈ আহে তেওঁলোকে এইটো বুজি নাপায় যে এইখন হৈছে বিশ্ব বিদ্যালয়। মুখ্য কথা হ'ল-এইখন হৈছে বিশ্ব বিদ্যালয়। ইয়াত অধ্যয়ন কৰাসকল বহুত বিচাৰ বুদ্ধি সম্পন্ন হোৱা উচিত। অপৈণত সকলে অসুবিধাৰ সৃষ্টি কৰিব কিয়নো পিতাৰ স্মৃতিত নথকাৰ বাবে বুদ্ধি ইফালে-সিফালে গৈ থাকিব। লোকচান কৰি দিব। স্মৃতিত থাকিব নোৱাৰিব। কেচুঁৱা আদি আনিলে সন্তানসকলৰে লোকচান হয়। কিছুমানেতো নাজানেই যে এইখন হৈছে ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়, ইয়াত মনুষ্যৰ পৰা দেৱতা হৈ উঠিব লাগে। পিতাই কয় - গৃহস্থ ব্যৱহাৰত সতি-সন্ততিৰ লগতেই থাকা, ইয়াত কেৱল এসপ্তাহো নহয় 3-4 দিনেই যথেষ্ট। জ্ঞানটো বহুত সহজ। পিতাক চিনি পাব লাগে। বেহদৰ পিতাক চিনি পালে বেহদৰ উত্তৰাধিকাৰ লাভ কৰিবা।কিহৰ উত্তৰাধিকাৰ? বেহদৰ বাদশ্বাহী (সাম্ৰাজ্য)। এনেকৈ নাভাবিবা যে প্ৰদৰ্শনী বা মিউজিয়ামত সেৱা নহয়। তাত অসংখ্য প্ৰজা হয়। ব্ৰাহ্মণ কূল, সূৰ্য্যবংশী আৰু চন্দ্ৰবংশী - তিনিওটা ইয়াত প্ৰতিষ্ঠা হৈ আছে। গতিকে এইখন বহুত ডাঙৰ বিশ্ব বিদ্যালয়। বেহদৰ পিতাই পঢ়ায়। মগজু একেবাৰে ভৰপূৰ হৈ যোৱা উচিত। কিন্তু পিতা আছে সাধাৰণ শৰীৰত। পঢ়ায়ো সাধাৰণ ৰীতিৰে, সেয়েহে মনুষ্যৰ পচন্দ নহয়। ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয় জানো এনেকুৱা হ'ব! পিতাই কয় - মই হ'লো দৰিদ্ৰ নিবাসী। দুখীয়া সকলকে পঢ়াও। ধনীসকলৰতো পঢ়াৰ শক্তি নাই। তেওঁলোকৰ বুদ্ধিততো মহল আদিয়েই থাকে। দুখীয়াই গৈ চহকী হয়গৈ, চহকীসকল দুখীয়া হ'ব - এইটো নিয়ম (ব্যৱস্থা)। দান চহকীসকলক দিয়া হয় জানো? এইয়াও অবিনাশী জ্ঞান ৰত্নৰ দান হয়। চহকীসকলে দান ল'ব নোৱাৰে। বুদ্ধিত নবহে। তেওঁলোকে নিজৰ হদৰ ৰচনা ধন-সম্পত্তিৰ মাজতে আবদ্ধ হৈ থাকে। তেওঁলোকৰ বাবে ইয়াতেই যেন স্বৰ্গ। কয় যে আমাক অন্য স্বৰ্গৰ প্ৰয়োজন নাই। কোনোবা ডাঙৰ মানুহৰ মৃত্যু হলে তেতিয়াও কয় স্বৰ্গগামী হ'ল। নিজেই কৈ দিয়ে যে এওঁ স্বৰ্গগামী হল। তেন্তে নিশ্চয় এতিয়া নৰক নহয় জানো। কিন্তু ইমানেই পাথৰবুদ্ধিৰ যে বুজি নাপায়- নৰক কি হয়? এইখনটো তোমালোকৰ কিমান ডাঙৰ বিশ্ব বিদ্যালয় হয়। পিতাই কয় - যাৰ বুদ্ধিত তলা লাগি আছে, তেওঁলোককে আহি পঢ়াও। পিতা যেতিয়া আহে তেতিয়া তলা খোলে। পিতাই নিজেই নিৰ্দেশ দিয়ে - তোমালোকৰ বুদ্ধিৰ তলা কেনেকৈ খুলিব? পিতাৰ পৰা একো বিচাৰিব নালাগে, ইয়াত নিশ্চয়ৰ প্ৰয়োজন। কিমান অতি মৰমৰ (বিলৱেড) বাবা, যাক ভক্তিত স্মৰণ কৰিছিলা। যাক স্মৰণ কৰা হয় তেওঁ কেতিয়াবা নিশ্চয় আহিবও নহয় জানো। স্মৰণ কৰেই আকৌ পুনৰাবৃত্তি হবৰ কাৰণে। পিতাই আহি সন্তানসকলকেই বুজায়। সন্তানসকলে পিছত বাহিৰৰসকলক বুজাব লাগে যে কেনেকৈ বাবাৰ আগমন হয়। কি কয়? সন্তানসকল, তোমালোক সকলো পতিত, মইহে আহি তোমালোকক পাৱন কৰি তোলোঁ। তোমালোক যি পতিত আত্মা হৈ গলা, এতিয়া কেৱল মোক পতিত-পাৱন পিতাক স্মৰণ কৰা, মোক পৰম আত্মাক স্মৰণ কৰা। ইয়াত একো বিচৰাৰ প্ৰয়োজন নাই। তোমালোকে ভক্তি মাৰ্গত আধাকল্প কেৱল মাগিলাই, একোৱেই নাপালা। এতিয়া বিচৰাতো বন্ধ কৰা। মই নিজেই তোমালোকক দি থাকোঁ। পিতাৰ হৈ গলে সম্পত্তিতো পোৱাই যায়। যি ডাঙৰ সন্তান হয়, তেওঁ পিতাক তৎক্ষণাৎ বুজি লয়। পিতাৰ সম্পত্তি হৈছেই স্বৰ্গৰ বাদশ্বাহী- 21 প্ৰজন্মৰ কাৰণে। এইটো তোমালোকে জানা- যেতিয়া নৰকবাসী হয় ঈশ্বৰৰ অৰ্থে দান-পুণ্য কৰিলে অলপ সময়ৰ কাৰণে সুখ পায়। মনুষ্যই ধৰ্ম কৰাৰ অৰ্থে কিছু আছুতীয়াকৈ ৰাখেও। বিশেষকৈ বেপাৰীসকলে ৰাখে। গতিকে যিসকল বেপাৰী তেওঁলোকে কব আমি পিতাৰ লগত বেপাৰ কৰিবলৈ আহিছোঁ। সন্তানসকলে পিতাৰ লগত বেপাৰ কৰে নহয় জানো। পিতাৰ সম্পত্তি লৈ পিছত তাৰ পৰা শ্ৰাদ্ধ আদি খুৱায়, দান-পুণ্য কৰে। ধৰ্মশালা, মন্দিৰ আদি সাজে তেতিয়া তাৰ ওপৰত পিতাৰ নাম ৰাখে কিয়নো যাৰ পৰা সম্পত্তি পোৱা হৈছে তেওঁৰ কাৰণে নিশ্চয় (কিবা এটা) কৰিব লাগে। সেইটোও চুক্তি হৈ গল। সেই সকলোবোৰ লৌকিকৰ কথা। এতিয়া পিতাই কৈছে - যি হৈ গল সেই বিষয়ে চিন্তা কৰিব নালাগে। অপ্ৰয়োজনীয় (উল্টা-পুল্টা) কোনো কথা নুশুনিবা। কোনোৱাই অলাগতিয়াল প্ৰশ্ন সুধিলে কবা- এই কথাবোৰত যোৱাৰ প্ৰয়োজন নাই। তোমালোকে প্ৰথমে পিতাক স্মৰণ কৰা। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰখ্যাত। যিমান স্মৰণ কৰিবা, দৈৱীগুণ ধাৰণা কৰিবা, সিমানে উচ্চ পদ পাবা। এইখন হৈছে বিশ্ব বিদ্যালয়। লক্ষ্য - উদ্দেশ্য স্পষ্ট। পুৰুষাৰ্থ কৰি এনেকুৱা হব লাগে। দৈৱীগুণ ধাৰণা কৰিব লাগে। কাকো কোনো প্ৰকাৰৰ দুখ দিব নালাগে। দুখ হৰ্তা, সুখ কৰ্তা পিতাৰ সন্তান নোহোৱা জানো। সেয়া সেৱাৰ পৰা জানিব পৰা যায়। বহুত নতুন-নতুনো আহে। 25-30 বছৰৰ সকলতকৈ 10-12 দিনৰ সকল তীক্ষ্ণ হৈ যায়। তোমালোক সন্তানসকলে পুনৰ নিজৰ সমান কৰি তুলিব লাগে। যেতিয়ালৈকে ব্ৰাহ্মণ নহয়, তেন্তে দেৱতা কেনেকৈ হব। গ্ৰেট-গ্ৰেট (ডাঙৰতকৈ ডাঙৰ) পিতা ব্ৰহ্মা নহয় জানো। যি হৈ যায় তেওঁৰ গায়ন কৰি থাকে, পিছত তেওঁ নিশ্চয় আহিব। যিবোৰ উৎসৱ আদিৰ গায়ন কৰা হয়, সকলো হৈ গৈছে, পুনৰ হব। এই সময়ত সকলো উৎসৱ হৈ আছে- ৰক্ষা বন্ধন আদি সকলোৰে ৰহস্য পিতাই বুজাই থাকে। তোমালোক পিতাৰ সন্তান যেতিয়া পাৱনো নিশ্চয় হব লাগে। পতিত-পাৱন পিতাক আহ্বান কৰা হয় গতিকে পিতাই ৰাস্তা দেখুৱাই দিয়ে। কল্প-কল্পই যিয়ে সম্পত্তি লৈছে, তেওঁৱেই সঠিকভাবে চলি থাকে। তোমালোকেও সাক্ষী হৈ চোৱা। বাপদাদাইও সাক্ষী হৈ চায়-এওঁ কিমানলৈ উচ্চ পদ পাব পাৰে? এওঁৰ চৰিত্ৰ কেনেকুৱা? শিক্ষকেতো সকলো গম পায় নহয় জানো-কিমানক নিজৰ-সমান কৰি তোলে, কিমান সময় স্মৰণত থাকে? প্ৰথমে বুদ্ধিত এইটো স্মৃতি ৰাখিব লাগে যে এইখন ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। বিশ্ব বিদ্যালয় হৈছেই জ্ঞানৰ কাৰণে। সেইয়া হৈছে হদৰ (সীমিত) বিশ্ব বিদ্যালয়। এইখন হৈছে বেহদৰ। দুৰ্গতিৰ পৰা সৎগতি, নৰকৰ পৰা স্বৰ্গ কৰি তোলোঁতা এজনেই পিতা। পিতাৰ দৃষ্টিতো সকলো আত্মাৰ ফালে যায়। সকলোৰে কল্যাণ কৰিব লাগে। ওভোটাই লৈ যাব লাগে। কেৱল তোমালোকেই নহয়, গোটেই বিশ্বৰ আত্মাসকলক স্মৃতিলৈ আনি থাকে। তাৰ ভিতৰত সন্তানসকলক পঢ়ায়। এইটোও বুজি পোৱা যে ক্ৰমানুসৰি যিসকল আহে তেওঁলোক যাবও তেনেকৈ। সকলো আত্মাই ক্ৰমানুসৰি আহে। তোমালোকো ক্ৰমানুসৰি কেনেকৈ যাবা- সেই সকলো বুজোৱা হয়। কল্পৰ আগতে যি হৈছিল সেয়াই হব। এয়াও তোমালোকক বুজোৱা হৈছে- তোমালোক কেনেকৈ পুনৰ নতুন সৃষ্টিলৈ আহিবা। ক্ৰম অনুসৰি যি নতুন সৃষ্টিলৈ আহে, তেওঁলোককেই বুজোৱা হয়।

তোমালোক সন্তানসকলে পিতাক জনাৰ কাৰণে, নিজৰ ধৰ্মক আৰু আন সকলো ধৰ্মৰ গোটেই বৃক্ষক জানি যোৱা। ইয়াত একো বিচৰাৰ প্ৰয়োজন নাই, আশীৰ্বাদৰো বিচাৰিব নালাগে। এনেকৈ লিখে - বাবা দয়া কৰা, কৃপা কৰা। পিতাইতো একোৱে নকৰে। পিতাই আহিছেই মাৰ্গ-দৰ্শন কৰাবলৈ। ড্ৰামাত মোৰ ভূমিকাই হল সকলোকে পাৱন কৰি তোলাৰ। এনেকুৱা ভূমিকা পালন কৰোঁ, যেনেকৈ কল্প-কল্পই কৰিছো। যি অতীত হৈ গল, ভাল বা বেয়া, সেয়া ড্ৰামাত আছিল। কোনো কথাৰেই চিন্তন কৰিব নালাগে। আমি আগুৱাই গৈ থাকো। এইখন বেহদৰ নাটক নহয় জানো। গোটেই চক্ৰ সম্পূৰ্ণ হৈ আকৌ পুনৰাবৃত্তি হব। যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰে, তেনেকুৱাই পদ পায়। বিচৰাৰ কোনো প্ৰয়োজন নাই। ভক্তি মাৰ্গত তোমালোকে বহুত মাগিলা, সকলো পইচা শেষ কৰি দিলা। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তেওঁ কেৱল বুজায়। আধাকল্প ভক্তি কৰে, শাস্ত্ৰ পঢ়ে কিমান খৰচ হয়। এতিয়াতো তোমালোকে একোৱেই খৰচ কৰাৰ দৰকাৰ নাই। পিতাতো দাতা নহয় জানো। দাতাৰ প্ৰয়োজন নাই। তেওঁতো আহিছেই দিবৰ কাৰণে। এনেকৈ নুবুজিবা যে আমি শিৱবাবাক দিছোঁ। হেৰ, শিৱবাবাৰ পৰাতো বহুত পোৱা যায়। তোমালোক ইয়াত ল'বলৈ অহা নাই জানো। শিক্ষকৰ ওচৰত বিদ্যাৰ্থীয়ে ল'বলৈ আহে। সেই লৌকিক পিতা, শিক্ষক, গুৰুৰ পৰাটো তোমালোকৰ লোকচানেই হল। এতিয়া সন্তানসকল শ্ৰীমতত চলিব লাগে তেতিয়াহে উচ্চ পদ পাব পাৰিবা। শিৱবাবা হৈছে ডবল (দ্বৈত) শ্ৰী শ্ৰী, তোমালোক হৈছা চিংগল (একক) শ্ৰী। শ্ৰী লক্ষ্মী, শ্ৰী নাৰায়ণ বুলি কোৱা হয়। শ্ৰী লক্ষ্মী, শ্ৰী নাৰায়ণ দুজন হৈ গ'ল। বিষ্ণুক শ্ৰী শ্ৰী বুলি কোৱা হয় কিয়নো দুজন যুগ্ম হয়। তথাপিও দুয়োজনক গঢ়ি তোলে কোনে? একমাত্ৰ যিজনেই শ্ৰী শ্ৰী হয়। বাকী শ্ৰী শ্ৰী আন কোনো নহয়। আজিকালিতো শ্ৰী লক্ষ্মী-নাৰায়ণ, শ্ৰী সীতা-ৰাম নামো ৰাখে। গতিকে সন্তানসকলে এইবোৰ সকলো ধাৰণা কৰি আনন্দত থাকিব লাগে।

আজিকালি স্প্ৰীচুৱেল (আধ্যাত্মিক) আলোচনাচক্ৰও অনুস্থিত হৈ থাকে। কিন্তু আধ্যাত্মিকৰ অৰ্থ বুজি নাপায়। আত্মিক জ্ঞানতো এজনৰ বাহিৰে কোনেও দিব নোৱাৰে। পিতা হৈছে সকলো আত্মাৰ পিতা। তেওঁক আধ্যাত্মিক বুলি কোৱা হয়। ফিলচফীকো (দৰ্শনকো) আধ্যাত্মিক বুলি কয়। এইটোতো বুজি পোৱা যে- এইখন হৈছে জংঘল, এজনে আনজনক দুখ দি থাকে। তোমালোকে জানা যে অহিংসা পৰম দেৱী-দেৱতাৰ ধৰ্ম বুলি গায়ন আছে। তাত কোনো মাৰপীট নহয়। খং কৰাতোও হিংসা হয়, নহ'লে আধা হিংসা বুলি কোৱা, যিয়েই নোকোৱা লাগে। ইয়াতটো সম্পূৰ্ণ অহিংসক হ'ব লাগে। মন, বাণী, কৰ্মৰে কোনো বেয়া কথা হ'ব নালাগে। কোনোবাই পুলিচ আদিত কাম কৰে সেয়েহে তাতো যুক্তিৰে কাম উলিয়াব লাগে। যিমান দূৰ সম্ভৱ মৰমেৰে কাম উলিয়াব লাগে। বাবাৰ নিজা অনুভৱ আছে, মৰমেৰে নিজৰ কাম উলিয়াই লয়, এই ক্ষেত্ৰত বহুত যুক্তি লাগে। বহুত মৰমেৰে কাৰোবাক বুজাব লাগে - কেনেকৈ একৰ বাবে শ গুণ দণ্ড হয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি দুখ হৰ্তা, সুখ কৰ্তা পিতাৰ সন্তান, সেই কাৰণে কাকো দুখ দিব নালাগে। লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি দৈৱীগুণ ধাৰণ কৰিব লাগে। নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে।

(2) ড্ৰামাত প্ৰত্যেকৰে ভূমিকাক জানি কোনো অতীতৰ কথা চিন্তন কৰিব নালাগে। মন, বাণী, কৰ্মৰে কোনো বেয়া কৰ্ম হব নালাগে- এইটো কথাৰ প্ৰতি ধ্যান দি ডবল (দ্বৈত) অহিংসক হ'ব লাগে।

বৰদান:
চাৰিওটিবিষয়তপিতাৰঅন্তৰৰপচন্দৰনম্বৰলওঁতাঅন্তৰআসনধাৰীহোৱা

যি সন্তানে চাৰিওটি বিষয়ত ভাল নম্বৰ পায়, আদিৰ পৰা অন্তলৈকে ভাল নম্বৰেৰে উত্তীৰ্ণ হয় তেওঁকেই সন্মানসহকাৰে উত্তীৰ্ণ হোৱা বুলি কোৱা হয়। মাজে-মাজে নম্বৰ কম হল পুনৰ মেক-আপ (পূৰণ) কৰিলা, এনেকুৱা নহয়, কিন্তু সকলো বিষয়তে পিতাৰ অন্তৰৰ পচন্দজনেই অন্তৰ আসনধাৰী হয়। লগতে ব্ৰাহ্মণ সংসাৰত সকলোৰে মৰমৰ, সকলোৰে সহযোগী, সকলোৰে সন্মান প্ৰাপ্ত কৰোঁতা অন্তৰৰ-আসনধাৰী তথা ৰাজ্য সিংহাসনধাৰী হয়।

স্লোগান:
দিলৰুবা (অত্যন্তপ্ৰিয়) তেওঁহয়যাৰঅন্তৰতসদায়এইটোৱেইসংগীতবাজিথাকেযে মইপিতাৰ, পিতামোৰ।