11.05.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে এই দুচকুৰে যি দেখিবলৈ পোৱা এই সকলোবোৰ পুৰণি সৃষ্টিৰ সামগ্ৰী, এইবোৰ সমাপ্ত হৈ যাব, সেইবাবে এই দুখধামক বুদ্ধিৰে পাহৰি যোৱা

প্ৰশ্ন:
মনুষ্যই পিতাৰ ওপৰত কোনটো দোষ জাপি দিছে যিটো দোষ দৰাচলতে কাৰোৰে নহয়?

উত্তৰ:
ইমান ডাঙৰ যি বিনাশ হয়, মনুষ্যই ভাবে সেয়া ভগৱানেই কৰায়, দুখো তেৱেঁই দিয়ে, সুখো তেৱেঁই দিয়ে। এইটো বহুত ডাঙৰ দোষ জাপি দিছে। পিতাই কয় সন্তানসকল, মই সদায় সুখ দাতা হওঁ, মই কাকো দুখ দিব নোৱাৰোঁ। যদি মই বিনাশ কৰাওঁ তেন্তে গোটেই পাপ মোৰ ওপৰত আহি যাব। সেয়াতো সকলো ড্ৰামা (নাটক) অনুসৰি হয়, মই নকৰাওঁ।

গীত:
ৰাত কে ৰাহী থক্ মত্ জানা... (নিশাৰ পথিক ভাগৰি নপৰিবা...)

ওঁম্শান্তি।
সন্তানসকলক শিকাবৰ কাৰণে কিছুমান গীত বহুত ভাল। গীতৰ অৰ্থ ভাঙিলে তোমালোকে জ্ঞান শুনাব পৰা হৈ যাবা। সন্তানসকলৰ বুদ্ধিততো আছে যে আমি সকলো দিনৰ যাত্ৰাত আছোঁ, ৰাতিৰ যাত্ৰা পূৰা হল। ভক্তিমাৰ্গ হৈছেই ৰাতিৰ যাত্ৰা। অন্ধকাৰত খুন্দা খাবলগীয়া হয়। আধাকল্প ৰাতিৰ যাত্ৰা কৰি অৱনমিত হৈ আহিছা। এতিয়া দিনৰ যাত্ৰাতআহিছা। এই যাত্ৰা এবাৰেই কৰা। তোমালোকে জানা স্মৃতিৰ যাত্ৰাৰ দ্বাৰা আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ পুনৰ সতোপ্ৰধান সত্যযুগৰ মালিক হওঁ। সতোপ্ৰধান হলে সত্যযুগৰ মালিক, তমোপ্ৰধান হলে কলিযুগৰ মালিক হোৱা। সেইখনক কোৱা হয় স্বৰ্গ। এইখনক কোৱা হয় নৰক। এতিয়া তোমালোক সন্তানসকলে পিতাক স্মৰণ কৰা। পিতাৰ পৰা সুখেই পোৱা যায়। যিসকলে বেলেগ একো কব নোৱাৰে সেইসকলে কেৱল এইটো স্মৃতি ৰাখিবা - শান্তিধাম হৈছে আমাৰ আত্মাসকলৰ ঘৰ, সুখধাম হৈছে স্বৰ্গৰ বাদশ্বাহী (সাম্ৰাজ্য) আৰু এতিয়া এইখন হৈছে দুখধাম, ৰাৱণ ৰাজ্য। এতিয়া পিতাই কয় এইদুখধামক পাহৰি যোৱা। যদিও ইয়াত থাকা কিন্তু বুদ্ধিত যাতে এইটো থাকে যে এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সেয়া সকলো হৈছে ৰাৱণ ৰাজ্য। এই শৰীৰবোৰক দেখিছা, এয়াও সকলো পুৰণি সৃষ্টিৰ সামগ্ৰী। এই সকলো সামগ্ৰী এই যজ্ঞত স্বাহা (ভস্মীভূত) হৈ যাব। সেই পতিত ব্ৰাহ্মণসকলে যজ্ঞ ৰচিলে তাত যৱ-তিল আদি সামগ্ৰী স্বাহা কৰে। ইয়াততো বিনাশ হব। উচ্চতকৈ উচ্চ হৈছে পিতা, তাৰ পাচত ব্ৰহ্মা আৰু বিষ্ণু। শংকৰৰ ইমান কোনো পাৰ্ট (ভূমিকা) নাই। বিনাশতো হবই। পিতাই বিনাশ কৰাবলৈ এনেকৈ প্ৰেৰিত কৰে যাতে কোনেও পাপৰ ভাগীদাৰ নহয়। যদি কোৱা হয় যে ভগৱানে বিনাশ কৰায় তেন্তে তেওঁৰ ওপৰত দোষ আহি যাব সেই কাৰণে এই সকলোবোৰ ড্ৰামাত (নাটকত) নিৰ্ধাৰিত হৈ আছে। এয়া হৈছে বেহদৰ ড্ৰামা, যাক কোনেও নাজানে। ৰচয়িতা আৰু ৰচনাক কোনেও নাজানে। নজনাৰ কাৰণে মাউৰা হৈ গল। কোনো গৰাকী বা অভিভাৱক নাই। ঘৰত যদি পিতা নাথাকে আৰু পৰস্পৰ কাজিয়া কৰেতেতিয়া কয় - তোমালোকৰ কোনো গৰাকী নাই নেকি! এতিয়াতো কোটি কোটিমনুষ্য আছে,এওঁলোকৰ কোনো গৰাকী নাই। ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধ লাগি থাকে। এখন ঘৰতেই সন্তানসকলেপিতাকৰ লগত, পুৰুষে স্ত্ৰীৰ লগত কাজিয়া কৰি থাকে। দুখধামত অশান্তিয়েই আছে। এনেকৈ কোৱা নহব যে ভগৱান পিতাই কিবা দুখৰসৃষ্টি কৰে। মনুষ্যই ভাবে দুখ-সুখ সকলো পিতাইহে দিয়ে কিন্তু পিতাই কেতিয়াও দুখ দিব নোৱাৰে। তেওঁক কোৱাই হয় সুখ দাতা তেন্তে আকৌ দুখ কেনেকৈ দিব। পিতাইতো কয় - মই তোমালোকক বহুত সুখী কৰি তোলো। প্ৰথমতে নিজকে আত্মা বুলি বুজা। আত্মা হৈছে অবিনাশী, শৰীৰ হৈছে বিনাশী। আমাৰ; আত্মাসকলৰ থকা স্থান হৈছে পৰমধাম, যাক শান্তিধাম বুলিও কোৱা হয়। এই শব্দটি সঠিক। স্বৰ্গক পৰমধাম বুলি কোৱা নহব। পৰম মানে একেবাৰে সিপাৰে। স্বৰ্গতো ইয়াতেই হয়। মূলবতন হৈছে একেবাৰে সিপাৰে, যত আমি আত্মাসকল থাকোঁ। সুখ-দুখৰ ভূমিকা তোমালোকে ইয়াত পালন কৰা। এনেকৈ যি কোৱাযে অমুক স্বৰ্গলৈ গল - এইটো একেবাৰে ৰং (ভুল)। স্বৰ্গতো ইয়াত নাই। এতিয়াতো হৈছে কলিযুগ। এই সময়ত তোমালোক হৈছা সংগমযুগী, বাকী সকলো কলিযুগী। এখন ঘৰতেই পিতা যদি কলিযুগী তেন্তে সন্তান সংগমযুগী। স্ত্ৰী সংগমযুগী, পুৰুষ কলিযুগী..... কিমান পাৰ্থক্য হৈ যায়। স্ত্ৰীয়ে জ্ঞান লয়, পুৰুষে (পতিয়ে) যদি জ্ঞান নলয় তেন্তে ইজনে-সিজনক সহযোগ নিদিয়ে। ঘৰত হাই-কাজিয়া হৈ যায়। স্ত্ৰী ফুল হৈ যায়, তেওঁ (পতি) যি কাঁইট কাঁইটেই হৈ থাকি যায়। এখন ঘৰতেই সন্তানে জানে মই সংগমযুগী পুৰুষোত্তম পবিত্ৰ দেৱতা হৈ আছোঁ, কিন্তু পিতাই কয় বিয়া কৰি ধ্বংস হৈ নৰকবাসী হোৱা। এতিয়া আত্মিক পিতাই কয় সন্তানসকল, পবিত্ৰ হোৱা। এতিয়াৰ পবিত্ৰতা 21 জন্মলৈ চলিব। এই ৰাৱণ ৰাজ্যই বিনাশ হৈ যাব। যাৰ সৈতে শত্ৰুতা থাকে তেওঁৰ এফিজী (প্ৰতিকৃতি) জ্বলায় নহয়জানো। যেনেকৈ ৰাৱণক জ্বলায়। তেন্তে শত্ৰুৰ প্ৰতি কিমান ঘৃণা থাকিব লাগে। কিন্তু এইটো কোনেও নাজানে যে ৰাৱণ কোন হয়? বহুত খৰচ কৰে। মনুষ্যক জ্বলাবলৈ ইমান খৰচ নকৰে। স্বৰ্গততো এনেকুৱা কোনো কথা নাথাকে। তাততো বিদ্যুত প্ৰবাহ চালিত কৰিলে আৰু শেষ। তাত এইটো খেয়াল (বিচাৰ) নাথাকে যে তেওঁৰ মাটি কামত আহিব। তাৰ নীতি-নিয়ম এনেকুৱা যে কোনোকষ্ট অথবা ক্লান্ত হৈ যোৱাৰ কথা নাথাকে। ইমান সুখ থাকে। সেয়েহে এতিয়া পিতাই বুজায়- মামেকম্ (মনে মনে কেৱল মোক) স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা। এয়া স্মৰণ কৰাৰে যুদ্ধ হয়। পিতাই সন্তানসকলক বুজাই থাকে - মৰমৰ সন্তানসকল, নিজৰ ওপৰত এটেনশ্বন (মনোযোগ) ৰূপী পহৰা দি থাকিবা। মায়াই যাতেকৰবাত নাক-কাণ কাটি নিদিয়ে কিয়নো শত্ৰু নহয় জানো। তোমালোকে পিতাক স্মৰণ কৰা আৰু মায়াই ধুমুহাত উৰাই দিয়ে সেই কাৰণে বাবাই কয় - প্ৰত্যেকে গোটেই দিনৰ চাৰ্ট (খতিয়ানৰ তালিকা) ৰাখিব লাগে যে পিতাক কিমান স্মৰণ কৰিলোঁ? মনকলৈ গল?ডায়েৰি (দিনলিপি লিখা বহী)তনোট কৰিবা (টুকি ৰাখিবা), কিমান সময় পিতাক স্মৰণ কৰিলোঁ? নিজকপৰীক্ষা কৰিব লাগে তেতিয়া মায়ায়োচাব এওঁতোবৰ ভাল বাহাদুৰ (বীৰ), নিজৰ ওপৰত ভাল এটেনশ্বন ৰাখে। পূৰা পহৰা দিব লাগে। এতিয়া তোমালোক সন্তানসকলক পিতা আহি পৰিচয় দিয়ে। তেওঁ কয় - লাগিলে ঘৰ-সংসাৰৰ তত্বাৱধান লোৱা কেৱল পিতাক স্মৰণ কৰা। এয়া কোনো সেই সন্ন্যাসীসকলৰ দৰে নহয়। তেওঁলোকে ভিক্ষা বিচাৰি যায় তথাপিও কৰ্মতো কৰিবলগীয়া হয় নহয় জানো। তোমালোকে তেওঁলোককো কব পাৰা যে আপোনালোক হঠযোগী, ৰাজযোগ শিকাওঁতা এজনেই ভগৱান হয়। এতিয়া তোমালোক সন্তানসকল সংগমতআছা। এই সংগমযুগকেই স্মৰণ কৰিবলগীয়া হয়। আমি এতিয়া সংগমযুগত সৰ্বোত্তম দেৱতা হৈ যাওঁ।আমি উত্তম পুৰুষ অৰ্থাৎ পূজ্য দেৱতা আছিলোঁ, এতিয়া কনিষ্ঠ হৈ গলোঁ। কোনো কামৰ হৈ নাথাকিলোঁ। এতিয়া আমি কি হওঁ, মনুষ্যই যি সময়ত বেৰিষ্টাৰ (আইনৰ শিক্ষা) আদি পঢ়ে, সেই সময়ত পদ নাপায়। পৰীক্ষা পাছ কৰিলে (উত্তীৰ্ণ হল) আৰু পদবীৰ টুপি প্ৰাপ্ত কৰিলে। তেতিয়া গৈ গভাৰ্ণমেণ্টৰ ছাৰ্ভিচত লাগি যাব। এতিয়া তোমালোকে জানা যে আমাক উচ্চতকৈ উচ্চ ভগৱানে পঢ়ায়তেন্তে নিশ্চয় উচ্চতকৈ উচ্চ পদো দিব। এয়া হৈছে এইম-অবজেক্ট(লক্ষ্য-উদ্দেশ্য)। এতিয়া পিতাই কয় মামেকম্‌ স্মৰণ কৰা, মই যি হওঁ, যেনেকুৱা হওঁ, সেয়াবুজাই দিছোঁ। আত্মাসকলৰ পিতা মই বিন্দু স্বৰূপ হওঁ, মোৰ গোটেই জ্ঞান আছে, তোমালোকৰো জানো আগতে এই জ্ঞান আছিল যে মই আত্মা বিন্দু স্বৰূপ হওঁ। সেই আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা নিহিত হৈ আছে। ক্ৰাইষ্টে (যীশুখ্ৰীষ্টই) ভূমিকা পালন কৰি গৈছে, পুনৰ নিশ্চয় আহিব নহয় জানো। এতিয়া ক্ৰাইষ্টৰ সকলো অনুগামী উভতি যাব। ক্ৰাইষ্টৰ আত্মাও এতিয়া তমোপ্ৰধান হল। যিসকল উচ্চতকৈ উচ্চ ধৰ্ম প্ৰতিষ্ঠাপক আছে, তেওঁলোক এতিয়া তমোপ্ৰধান। এৱোঁ (ব্ৰহ্মা বাবায়ো) কয় - মই বহুত জন্মৰ অন্তত তমোপ্ৰধান হলোঁ, এতিয়া পুনৰ সতোপ্ৰধান হওঁ। তত্‌ ত্বম্‌ (তোমালোকৰ ক্ষেত্ৰতো একে কথা)।

তোমালোকে জানা - আমি এতিয়া দেৱতা হবৰ কাৰণে ব্ৰাহ্মণ হৈছোঁ। বিৰাট ৰূপৰ চিত্ৰৰ অৰ্থ কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে আত্মা চুইট্‌ হোম (মৰমৰ ঘৰ)ত থাকে সেয়েহে পবিত্ৰ হয়। ইয়ালৈ আহিলে পতিত হয়। তেতিয়া কয় - হে পতিত-পাৱন আহি আমাক পবিত্ৰ কৰি তোলা তেতিয়া আমি নিজৰ ঘৰ মুক্তিধামলৈ যাম। এইটো পইণ্টো ধাৰণ কৰিবৰ বাবে। মনুষ্যই নাজানে যে মুক্তি-জীৱনমুক্তি কাক কোৱা হয়। মুক্তিধামক শান্তিধাম বুলি কোৱা হয়। জীৱনমুক্তিধামক সুখধাম বুলি কোৱা হয়। ইয়াত দুখৰ বন্ধনআছে। জীৱনমুক্তিক সুখৰ সম্বন্ধ বুলি কোৱা হব। এতিয়া দুখৰ বন্ধন দূৰ হৈ যাব। আমি উচ্চ পদ পাবলৈপুৰুষাৰ্থ কৰোঁ। গতিকে এইটো নিচা থকা উচিত। আমি এতিয়া শ্ৰীমত অনুসৰি নিজৰ ৰাজ্য-ভাগ্য স্থাপনা কৰি আছোঁ। জগত অম্বা নাম্বাৰ ৱান(এক নম্বৰ)ত যায়। আমিও তেওঁক ফল (অনুসৰণ) কৰিম। যিসকল সন্তান এতিয়া মাতা-পিতাৰ অন্তৰত অধিষ্ঠিত হয় তেওঁলোকেই ভৱিষ্যতেসিংহাসনত অধিষ্ঠিত হব। অন্তৰত সেইসকল অধিষ্ঠিত হয়যিয়ে দিনে-ৰাতিয়ে ছাৰ্ভিচতবিজী (সেৱাত ব্যস্ত) হৈ থাকে। সকলোকে বাৰ্তা দিব লাগে যে পিতাক স্মৰণ কৰা। পইচা-কড়ি একোৱেই লব নালাগে। তেওঁলোকে ভাবে এওঁলোকে ৰাখী বান্ধিবলৈ আহে, কিবা দিব লাগিব। তেওঁলোকক কোৱা - আমাক অন্য একো নালাগে কেৱল 5 বিকাৰৰ দান দিয়ক। এই দান লবলৈ আমি আহিছোঁসেই কাৰণে পবিত্ৰতাৰ ৰাখী বান্ধো। পিতাক স্মৰণ কৰক, পবিত্ৰ হওঁক তেতিয়া এনেকুৱা দেৱতা হৈ যাব। বাকী আমি পইচা আদি একো লব নোৱাৰোঁ। আমি সেই ব্ৰাহ্মণ নহয়। কেৱল 5 বিকাৰৰ দান দিয়ক তেতিয়াহে গ্ৰহণ আঁতৰিব। এতিয়া কোনো কলা (দৈৱী কুশলতা) নাই। সকলোৰে ওপৰত গ্ৰহণ লাগি আছে। তোমালোক ব্ৰাহ্মণ নহয় জানো। যলৈকে নোযোৱা কবা, দান দিলে গ্ৰহণ আঁতৰিব। পবিত্ৰ হোৱা। বিকাৰত কেতিয়াও নাযাবা। পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হব আৰু তোমালোক ফুল হৈ যাবা। তোমালোকেই ফুল আছিলা পুনৰ কাঁইট হৈ গলা। 84 জন্ম লৈলৈ অৱনমিতহে হৈ আহিছা। এতিয়া উভতি যাব লাগে। বাবাই এওঁৰ দ্বাৰা ডায়ৰেক্সন (নিৰ্দেশনা) দিছে। তেওঁ হৈছে উচ্চতকৈ উচ্চ ভগৱান। তেওঁৰ শৰীৰ নাই। বাৰু, ব্ৰহ্মা-বিষ্ণু-শংকৰৰ শৰীৰ আছেনে? তোমালোকে কবা- হয়, সূক্ষ্ম শৰীৰআছে। কিন্তু সেয়া কোনো মনুষ্যৰ সৃষ্টিতো নহয়। সকলো খেল ইয়াতে হয়। সূক্ষ্মবতনত নাটক কেনেকৈ চলিব? যেনেকৈ মূলবতনতো সূৰ্য-চন্দ্ৰই নাথাকে তেন্তে নাটকোকিহৰহব! এয়া (সাকাৰ লোক) হৈছে বহুত বিশাল মঞ্চ। পুনৰ্জন্মও ইয়াতে হয়। সূক্ষ্মবতনত নহয়। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই বেহদৰ (অসীমৰ) খেল সমাহিত হৈ আছে। এতিয়া জ্ঞাত হৈছা- আমি যিসকল দেৱী-দেৱতা আছিলোঁ পুনৰ কেনেকৈ বাম মাৰ্গত আহোঁ। বাম মাৰ্গ বিকাৰী মাৰ্গক কোৱা হয়। আধাকল্প আমি পবিত্ৰ আছিলোঁ, আমাৰেই হৰা আৰু জিকাৰ খেল। ভাৰত হৈছে অবিনাশী খণ্ড। ভাৰতৰ কেতিয়াও বিনাশ নহয়। যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল তেতিয়া আন কোনো ধৰ্ম নাছিল। তোমালোকৰ এই কথাবোৰ তেওঁলোকেহে মানিব যিসকলে কল্পৰ আগতে মানিছিল। 5 হাজাৰ বছৰতকৈ পুৰণি কোনো বস্তু নাথাকে।সত্যযুগত আকৌ তোমালোকে প্ৰথমেই গৈ নিজৰ মহল (অট্টালিকা) সাজিবা। এনেকুৱা নহয় যে সোণৰ দ্বাৰকা কোনোবা সাগৰৰ তলিত আছে আৰু সেয়া ওলাই আহিব। এনেকৈ দেখুৱায় যে সাগৰৰ পৰা দেৱতাসকলে মণি-মুকুতাৰে থালভৰপূৰ কৰি দিয়ে। বাস্তৱতসেয়া হৈছে জ্ঞান সাগৰ পিতা যিয়ে তোমালোক সন্তানসকলক জ্ঞান ৰত্নৰথাল ভৰপূৰ কৰি দি আছে। দেখুৱায় যে শঙ্কৰেপাৰ্বতীক কথা (কাহিনী) শুনালে। জ্ঞান ৰত্নৰে আঁচল ভৰপূৰ কৰিলে। শংকৰৰ বাবে কয় ভাং-ধতুৰা আদি খাইছিল, আকৌ তেওঁৰ আগত গৈ কয় -আঁচল ভৰাই দিয়ক, আমাক ধন দিয়ক। তেন্তে চোৱা শংকৰৰো গ্লানি কৰিদিছে। আটাইতকৈ বেছি গ্লানি মোৰকৰে। এয়াও হৈছে খেল যি পুনৰ হব। এই নাটকক কোনেও নাজানে। মই আহি আদিৰ পৰা অন্তলৈকে সকলো ৰহস্য বুজাওঁ। এইটোও জানা যে উচ্চতকৈ উচ্চ হৈছে পিতা। বিষ্ণুৰ পৰা ব্ৰহ্মা আৰু ব্ৰহ্মাৰ পৰা বিষ্ণু কেনেকৈ হয় - এয়া কোনেও বুজিব নোৱাৰে।

এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰা যাতেতোমালোক বিষ্ণু কুলৰ হব পাৰা। বিষ্ণুপুৰীৰ মালিক হবলৈ তোমালোক ব্ৰাহ্মণ হৈছা। তোমালোকৰ অন্তৰত আছে- আমি ব্ৰাহ্মণসকলে শ্ৰীমত অনুসৰিনিজৰ বাবে সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজধানী স্থাপন কৰি আছোঁ। ইয়াত যুদ্ধ আদিৰ কোনো কথা নাই। দেৱতা আৰু অসুৰৰ কেতিয়াও যুদ্ধনহয়। দেৱতাসকল সত্যযুগত থাকে। তাত যুদ্ধ কেনেকৈ হব। এতিয়া তোমালোক ব্ৰহ্মণসকলে যোগবলৰ দ্বাৰা বিশ্বৰ মালিক হোৱা। বাহুৱলীসকলৰ বিনাশ হৈ যাব। তোমালোকে চাইলেন্স(মৌনতা; শান্তি)ৰ শক্তিৰ দ্বাৰা চাইন্স (বিজ্ঞান)ৰ ওপৰত বিজয় লাভ কৰা। এতিয়া তোমালোক আত্ম-অভিমানী হব লাগে। আমি আত্মা হওঁ, আমি নিজৰ ঘৰলৈ যাব লাগে। আত্মাসকল অতিতীব্ৰ বেগী। এতিয়া এনেকুৱা এৰোপ্লেন (উৰাজাহাজ) ওলাইছে যিয়ে এঘণ্টাৰ ভিতৰত কৰ পৰা কলৈ গুচিযায়। এতিয়া আত্মাতো তাতকৈও তীব্ৰ বেগী। এটা টিলিকিতে আত্মা কৰ পৰা কত গৈ জন্ম লয়। কোনোৱে বিদেশত গৈয়ো জন্ম লয়। আত্মা সকলোতকৈ বেগী ৰকেট। ইয়াত মেচিনেৰী (যন্ত্ৰপাতি) আদিৰ একো কথা নাই। শৰীৰ এৰিলে আৰু দৌৰিল। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি ঘৰলৈ যাব লাগে, পতিত আত্মাতো যাব নোৱাৰে। তোমালোক পাৱন হৈয়েই যাবা বাকীতো সকলোৱে শাস্তি ভোগ কৰি যাব। শাস্তিতো বহুত পায়। তাততো গৰ্ভ মহলত আৰামত থাকে। সন্তানসকলে সাক্ষাৎকাৰ কৰিছে। কৃষ্ণৰ জন্ম কেনেকৈহয়, কোনো অশালীন কথা নাই। একেবাৰে যেন প্ৰকাশিত হৈ যায়। এতিয়া তোমালোক বৈকুণ্ঠৰ মালিক হবলৈ ওলাইছা গতিকে এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। খোৱা-বোৱা শুদ্ধ পবিত্ৰ হব লাগে। দাইল-ভাত সকলোতকৈ ভাল। ঋষিকেশত সন্ন্যাসীসকলে এখন খিৰিকীৰেই আহাৰ লৈ গুচি যায়, কোনোবা কিবা ধৰণৰ, কোনোবা আন কিবা ধৰণৰ হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ ওপৰত এটেনশ্বন (মনোযোগ) ৰূপী পহৰা পূৰা দিব লাগে। মায়াৰ পৰা নিজকে সাৱধান কৰি চলিব লাগে। স্মৃতিৰ সঁচাসঁচা খতিয়ান ৰাখিব লাগে।

(2) মাতা-পিতাক ফল (অনুসৰণ) কৰি অন্তৰ আসনত অধিষ্ঠিত হব লাগে। দিনে-ৰাতিয়েছাৰ্ভিচ (সেৱা)ততৎপৰ হৈ থাকিব লাগে। সকলোকে বাৰ্তা দিব লাগে যে পিতাক স্মৰণ কৰা। 5 বিকাৰৰ দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব।

বৰদান:
পিতাৰ স্মৃতিৰ দ্বাৰা অসন্তোষজনক পৰিস্থিতিতো সদায় সুখ আৰু সন্তোষৰ অনুভূতি কৰোঁতা মহাবীৰ হোৱা

সদায় পিতাৰ স্মৃতিত থাকোঁতাসকলেসকলোপৰিস্থিতিত সদায় সন্তুষ্ট হৈ থাকে কিয়নো নলেজ (জ্ঞান)ৰ শক্তিৰ আধাৰত পাহাৰৰ দৰে পৰিস্থিতিও সৰিয়হৰ বীজৰ দৰে অনুভৱ হয়, সৰিয়হ বীজ (অতি ক্ষুদ্ৰ) অৰ্থাৎ একো নাই। লাগিলে পৰিস্থিতি অসন্তোষজনকেই হওক, দুখজনক ঘটনাই হওক কিন্তু দুখজনক পৰিস্থিতিত সুখৰ স্থিতি থাকিলে তেতিয়া মহাবীৰ বুলি কোৱা হব। যিয়েই নহওঁক, নাথিং নিউ (একো নতুন নহয়)ৰ লগতে পিতাৰ স্মৃতিৰে সদায় একৰস স্থিতিত থাকিব পাৰি, তেতিয়া দুখ অশান্তিৰ লহৰো নাহিব।

স্লোগান:
নিজৰ দৈৱী স্বৰূপ সদায় স্মৃতিত থাকিলে তেতিয়া কোনোধৰণৰ ব্যৰ্থ দৃষ্টি যাব নোৱাৰে।