11.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল - তোমালোকেই বহুকালৰ পৰা বিচ্ছেদ হৈছা, তোমালোকেই পূৰা 84 জন্মৰ ভূমিকা পালন কৰিলা, এতিয়া তোমালোক দুখৰ বন্ধনৰ পৰা সুখৰ সম্বন্ধত যাব লাগে, গতিকে অপাৰ আনন্দত থাকা

প্ৰশ্ন:
কোনসকল সন্তান সদায় অপাৰ আনন্দিত হৈ থাকিব পাৰে?

উত্তৰ:
যিসকলৰ নিশ্চয় আছে (1) বাবা আমাক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছে। (2) আমাৰ সঁচা বাবাই সেয়াই গীতাৰ সত্য জ্ঞান শুনাবলৈ আহিছে। (3) আমি আত্মা এতিয়া ঈশ্বৰৰ কোলাত বহি আছোঁ। আমি আত্মা এই শৰীৰ সহিত পিতাৰ হৈছোঁ। (4) বাবাই আমাক ভক্তিৰ ফল (সৎগতি) দিবলৈ আহিছে। (5) বাবাই আমাক ত্ৰিকালদৰ্শী কৰি তুলিছে। (6) ভগৱানে আমাক মা হৈ তুলি লৈছে। আমি ঈশ্বৰীয় বিদ্যাৰ্থী। যিসকল এইটো স্মৃতিত বা নিশ্চয়তাত থাকে তেওঁলোক অপাৰ আনন্দিত হৈ থাকে।

ওঁম্শান্তি।
সন্তানসকলৰ নিশ্চয় আছে আমি আত্মা। বাবা ভগৱানে আমাক পঢ়াই আছে। তেন্তে সন্তানসকল বহুত আনন্দিত হোৱা উচিত। সন্মুখলৈ আহিলে আত্মাই বুজে যে বাবাৰ আগমন হৈছে- সকলোৰে সৎগতি কৰে। সকলোৰে সৎগতি দাতা, জীৱনমুক্তি দাতা তেৱেঁই হয়। সন্তানসকলে জানে মায়াই বাৰে বাৰে পাহৰাই দিয়ে। কিন্তু এইটো বুজি পায় যে আমি বাবাৰ সন্মুখত বহি আছোঁ। নিৰাকাৰ বাবাই এই ৰথত আৰোহন কৰি আছে। যেনেদৰে মুছলমান লোকে ঘোঁৰাত টঙালি (জিন) বান্ধি দিয়ে। কব - এই ঘোঁৰাত মহম্মদে আৰোহন কৰিছিল। চিহ্ন ৰাখি দিয়ে। ইয়াততো হৈছে নিৰাকাৰ বাবাৰ প্ৰৱেশ। সন্তানসকল বহুত আনন্দিত হোৱা উচিত। স্বৰ্গৰ মালিক কৰি তোলোঁতা বাবা বা বিশ্বৰ মালিক কৰি তোলোঁতা বাবা আহি গৈছে। বাবা হৈছে গীতাৰ সঁচা ভগৱান। আত্মাৰ বুদ্ধি পিতাৰ ফালে গুচি যায়। এয়া হৈছে আত্মাৰ স্নেহ পিতাৰ প্ৰতি। এই আনন্দ কাৰ বাঢ়ে? যিসকল বহুকালৰ পৰা বিচ্ছেদ হৈ আছে। বাবাই নিজেও কয় - মই তোমালোকক সুখৰ সম্বন্ধত পঠিয়াইছিলোঁ, এতিয়া দুখৰ বন্ধনত আছা। তোমালোকে এতিয়া বুজি পোৱা যে সকলোৱেতো 84 জন্ম নলয়। 84 লাখৰ চক্ৰতো কাৰো বুদ্ধিত ধাৰণ হব নোৱাৰে। বাবাই 84ৰ চক্ৰ একেবাৰে ঠিক শুনায়। বাবাৰ সন্তানসকলে 84 জন্ম লৈ থাকে। এতিয়াতো তোমালোকে জানা যে আমি আত্মাই এই কৰ্মেন্দ্ৰিয় দ্বাৰা শুনোঁ। বাবাই মুখেৰে শুনাই আছে। নিজেই কয় - মই এই কৰ্মেন্দ্ৰিয়ৰ আধাৰ লবলগীয়া হয়, এওঁৰ নাম ব্ৰহ্মা ৰাখিবলগীয়া হয়। প্ৰজাপিতা ব্ৰহ্মাতো মনুষ্য হব লাগে নহয় জানো। সূক্ষ্মবতনত প্ৰজাপিতা ব্ৰহ্মা বুলি জানো কব। স্থূলবতনত আহি কয় - মই আহি এই ব্ৰহ্মাৰ দেহত প্ৰৱেশ কৰি তোমালোকক তুলি লওঁ। তোমালোকে জানা যে আমি আত্মাই ঈশ্বৰীয় কোলাত যাওঁ। শৰীৰৰ অবিহনেতো কোলাত লব নোৱাৰে। আত্মাই কয় - মই শৰীৰৰ দ্বাৰা এওঁৰ হওঁ। তেওঁ এইটো শৰীৰ লোণত লৈছে। এই জীৱ (দেহ) তেওঁৰ নহয়। পৰমাত্মা এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। তোমালোক আত্মাও শৰীৰত প্ৰৱেশ কৰিছা নহয় জানো! এই বাবায়ো কয় ময়ো এওঁৰ শৰীৰত আছোঁ, কেতিয়াবা সন্তান হৈ যাওঁ, কেতিয়াবা মা হৈ যাওঁ। যাদুকৰ হয় নহয়। বহুতে আকৌ এই খেল-ধেমালিক যাদুকৰী বুলি ভাবে। জগতত মিছা তন্ত্ৰ-মন্ত্ৰৰ কাম বহুত চলে। কৃষ্ণও হৈ যায়, যাৰ কৃষ্ণ প্ৰতি ভাৱ আছে তেওঁলোকে তৎক্ষণাৎ কৃষ্ণক দেখা পাব। তেওঁক মানি লব আকৌ তেওঁৰ অনুগামীও হৈ যাব। ইয়াততো সকলো জ্ঞানৰ কথা। প্ৰথমে এইটো দৃঢ় নিশ্চয় হব লাগে যে মই আত্মা আৰু বাবাইতো কয় মই তোমালোকৰ পিতা হওঁ, তোমালোক সন্তানসকলক ত্ৰিকালদৰ্শী কৰি তোলোঁ। এনেকুৱা জ্ঞান আন কোনেও দিব নোৱাৰে। ভক্তি মাৰ্গৰ যেতিয়া অন্ত হয় তেতিয়া পিতা আহিবলগীয়া হয়। যদিও বহুতৰে শিৱ লিংগৰ, অখণ্ড জ্যোতি স্বৰূপৰ সাক্ষাৎকাৰ হয়। যাৰ যি ভাৱনা সেয়া মই পূৰা কৰোঁ। কিন্তু মোক কোনেও সাক্ষাতেই নকৰে। মোক চিনিয়েই নাপায়। এতিয়াতো তোমালোক বুজি পোৱা বাবাও বিন্দু, আমিও বিন্দু। আমাৰ অৰ্থাৎ আত্মাত এই জ্ঞান আছে, তোমালোক আত্মাতো জ্ঞান আছে। এয়া কোনেও নাজানে যে আমি আত্মা পৰমধামৰ নিবাসী হওঁ। যেতিয়া তোমালোক বাবাৰ সন্মুখত আহি বহি যোৱা তেতিয়া ৰোমাঞ্চিত হৈ যাব লাগে। অহো! শিৱবাবা যি জ্ঞানৰ সাগৰ হয় তেওঁ ইয়াত বহি আমাক পঢ়ায়। বাকী কৃষ্ণ বা গোপীসকলৰতো কথাই নাই। ইয়াতো নাথাকে আৰু সত্যযুগতো নাথাকিব। তাততো প্ৰত্যেক ৰাজকুমাৰে নিজৰ মহলত নিবাস কৰে। এই সকলোবোৰ কথা তেওঁলোকেই বুজিব যিয়ে আহি পিতাৰ পৰা উত্তৰাধিকাৰ লব। গতিকে ভিতৰি এইটো আনন্দও থাকিব লাগে। এনেকৈ কয়ো - তুমিয়েই মাতা পিতা কিন্তু ইয়াৰো অৰ্থ নুবুজে। পিতা বাৰু ঠিক আছে আকৌ মাতা বুলি কাক কোৱা হয়। মাতাতো নিশ্চয় লাগে। এই মাতাৰ কোনো মাতা থাকিব নোৱাৰে। এইটো ৰহস্য অতিকৈ বুজিবলগীয়া। আৰু পিতাক স্মৰণ কৰিব লাগে। পিতাই কয় - তোমালোকৰো কোনো অৱগুণ থাকিব নালাগে। গায়নো কৰে মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। এতিয়া সন্তানসকল গুণৱান হব লাগে। কোনো কাম নাই, কোনো ক্ৰোধ নাই। দেহৰ অহংকাৰো থাকিব নালাগে।

এই সময়ত তোমালোক ইয়াত বহি আছা, জানা যে আমি ইয়াত আছোঁ তেন্তে আকৌ মৰহি কিয় যাব লাগে। কিন্তু এনেকুৱা পৰিপক্ক অৱস্থা অন্তিমত হবগৈ। গায়নো আছে অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপ গোপীসকলক সোধা। এয়া অন্তিম সময়ত হব, এনেকৈ কোনেও কব নোৱাৰে যে আমি 75 শতাংশ অতীন্দ্ৰিয় সুখত থাকোঁ। এই সময়ত পাপৰ বোজা বহুত আছে। গুৰুৰ কৃপাৰে বা গংগা স্নানৰ দ্বাৰা পাপ খণ্ডন হব নোৱাৰে। পিতাই অন্তিমতহে আহি জ্ঞান দিয়ে। দেখুৱায় - কন্যাৰ দ্বাৰা বাণ মৰালে আৰু মৰি গল। আকৌ মৰিবৰ সময়ত গংগা জল পান কৰোৱা হয়। তোমালোক ইয়াত যেতিয়া বেহুঁচ হৈ যোৱা তেতিয়া তোমালোকক বাবাৰ স্মৃতি সোঁৱৰাই দিয়া হয়। মামেকম্‌, সন্তানসকলৰ এইটো অভ্যাস হৈ যাব লাগে। এনেকুৱা নহয় যে কোনোবাই স্মৃতি সোঁৱৰাই দিব। শৰীৰ ত্যাগ কৰাৰ সময়ত আপোনাআপুনি স্মৃতিলৈ আহিব লাগে, কাৰো সহায় নোলোৱাকৈ পিতাক স্মৰণ কৰিব লাগে। তেওঁলোকেতো মন্ত্ৰ দিয়ে। সেয়াতো সাধাৰণ কথা। সেই সময়ত বহুত মৰামৰি আদি হয়। তোমালোক ভিন্ন ভিন্ন স্থানত থাকা। সেই সময়ত, শিৱ শিৱ বুলি কোৱা - এনেকৈ নোকোৱা। সেই সময়ত পূৰা স্মৃতিত থাকিব লাগে, স্নেহ থাকিব লাগে, তেতিয়াহে এক নম্বৰ পদ প্ৰাপ্ত কৰিব পাৰিবা। তোমালোক সন্তানসকলে জানা যে মই তোমালোকৰ পিতা হওঁ, কল্প পূৰ্বেও তোমালোক সন্তানসকলক ফুল কৰি তুলিছিলোঁ। সত্যযুগত যোগবলেৰে ফুলৰ দৰে সন্তান জন্ম হব। দুখ দিওতা কোনো বস্তু তাত নাথাকে। নামেই হৈছে স্বৰ্গ। কিন্তু তাত কোনে নিবাস কৰে - এইটো ভাৰতবাসীয়ে নাজানেই। শাস্ত্ৰত এনেকুৱা বহুত কথা লিখি দিছে যে তাতো হিৰণ্যকশিপু আদি আছিল- এই সকলোবোৰ হৈছে ভক্তিৰ সামগ্ৰী। ভক্তিও প্ৰথমে সতোপ্ৰধান হয়, পাছত লাহে লাহে তমোপ্ৰধান হৈ যায়।

পিতাই কয় - মই তোমালোকক আকাশত আৰোহণ কৰাওঁ। তোমালোক লাহে লাহে তললৈ আহি যোৱা। মনুষ্যৰ কোনো মহিমাই নাই। সকলোৰে সৎগতি দাতা একমাত্ৰ পিতাই হয়। বাকী গুৰুলোকে অনেক প্ৰকাৰৰ তীৰ্থ যাত্ৰা আদি শিকায়, তথাপিও অৱনমিত হৈ আহে। ভক্তি মাৰ্গত যদিওবা মীৰাৰ সাক্ষাৎকাৰ হৈছিল। কিন্তু তেওঁ জানো বিশ্বৰ মালিক হল। তোমালোককতো বাবাই কয় - জিন হোৱা। তোমালোকক কাম দিছোঁ কেৱল অল্‌ফ, বে ক স্মৰণ কৰি থাকা। যদি ভাগৰি পৰা, স্মৰণ নকৰা তেন্তে মায়াই কেঁচাতে খাই পেলাব। এটা কাহিনীও আছে জিনে খাই পেলালে। বাবায়ো কয় মোক স্মৰণ নকৰিলে মায়াই কেঁচাতে খাই পেলাব। স্মৃতিত বহিলে আনন্দ বাঢ়ে। বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে। বাবা সন্মুখত বহি আছে। তোমালোক আত্মাসকলে শুনা। অতি মৰমৰ সন্তানসকল মই তোমালোকক মুক্তিধামলৈ লৈ যাবলৈ আহিছোঁ। যদিও উভতি যাবলৈ যত্ন বহুত কৰি থাকে, কিন্তু যাব কোনেও নোৱাৰে। কলিযুগৰ পিছত সত্যযুগ, ৰাতিৰ পিছত দিন আহিবই। তোমালোকে জানা সত্যযুগত আমিয়েই থাকিম। বাবাই পুনৰাই আমাক ৰাজ্য-ভাগ্য দিছে। সুখৰ পাৰা অন্তিমত উৰ্দ্ধগামী হব। যেতিয়া চুড়ান্ত হব, বিনাশ হৈ যাব। তোমালোকে সাক্ষী হৈ চাই থাকিবা। তেজৰ নাটক হয় নহয় জানো। কি দোষ কৰিলে, যে মাৰিবলৈ বোমা আদি তৈয়াৰ কৰিলে। মৰিবতো সঁচাকৈয়ে। সেয়াও বুজি পায় আমাক কোনোবাই প্ৰেৰণা দি আছে। যাৰ বাবে নিবিচৰা সত্ত্বেও আমি এই বোমা আদি তৈয়াৰ কৰোঁ। খৰচতো বহুত হয়। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, ইয়াৰ দ্বাৰা বিনাশ হবই। অনেক ধৰ্মৰ মাজত এক ধৰ্মই ৰাজ্য কৰিব নোৱাৰে। এতিয়া অনেক ধৰ্মৰ বিনাশ হৈ এক ধৰ্মৰ প্ৰতিষ্ঠা হব। তোমালোকে জানা যে আমি বাবাৰ শ্ৰীমতত ৰাজ্য স্থাপন কৰি আছোঁ। তেওঁলোক আকৌ যুদ্ধক্ষেত্ৰত গুচি যায় ড্ৰিল আদি শিকিবৰ বাবে। এনেকৈ বুজি লয় যে মৰিব লাগে আৰু মাৰিব লাগে। ইয়াততো সেইটো কথা নাই। বহুত আনন্দিত হৈ থাকিব লাগে যে বাবাৰ আগমন হৈছে। প্ৰাচীন ভাৰতৰ ৰাজযোগ নিৰাকাৰ ভগৱানেই শিকাইছিল। নাম সলনি কৰি কৃষ্ণৰ ৰাখি দিলে। সন্ন্যাসীসকলে বুজে আমাৰেই প্ৰাচীন যোগ। তোমালোকক কিমান ভালদৰে বুজোৱা হয়। সন্তানসকল, মোক চিনি পাইছানে - মই তোমালোকৰ পিতা হওঁ। মোকেই পতিত পাৱন, জ্ঞানৰ সাগৰ বুলি কোৱা। কৃষ্ণ পতিত জগতলৈ আহিব নোৱাৰে। কৃষ্ণক আকৌ দ্বাপৰত লৈ গল। কিমান ভ্ৰান্ত ধাৰণা আছে, একবাৰে তমোপ্ৰধান হৈ গল। মই আহোঁৱেই তেতিয়া যেতিয়া সকলোকে মুক্তি ধামলৈ লৈ যাবলগীয়া হয়।

তোমালোকে জানা যে আমি পঢ়ি আছোঁ। আমি হৈছোঁ ঈশ্বৰীয় সন্তান। এইটো স্মৰণ কৰি থাকিলে ৰোমাঞ্চিত হৈ যাবা। বাবাই তোমালোক সন্তানসকলক জ্ঞানৰ গৰ্ভ ধাৰণ কৰাই আছে। আকৌ তোমালোকে এইটো কিয় পাহৰি যোৱা। সন্তান জন্ম হল আৰু বাবা বুলি কবলৈ লাগি গল। বুজি পাই যায় যে মই উত্তৰাধিকাৰী। গতিকে নিৰন্তৰ ককাক স্মৰণ কৰা। বাবাই মত দিয়ে সন্তানসকল, কাম মহাশত্ৰু হয়, ই তোমালোকক আদি-মধ্য-অন্ত বহুত দুখ দিছে। এয়া হৈছে মৃত্যুলোক, বেশ্যালয়। ৰামে শিৱালয় স্থাপন কৰে, যত দেৱী-দেৱতা ধৰ্মৰ ৰাজত্ব হয়। কিন্তু তেওঁলোকে কেনেকৈ ৰাজ্য ললে, কেতিয়া ললে, এয়া তোমালোকে এতিয়া জানি গৈছা। তেওঁলোকে ভাবে ভগৱান-ভগৱতীয়ে কেতিয়াও পুনৰ্জন্ম নলয়। কোনোবা বিশিষ্ট ব্যক্তি এগৰাকীয়ে বুজি গলে তেতিয়া আৱাজ বিয়পি পৰিব। গৰিবৰ কথাতো কোনেও নুশুনে। তোমালোকৰ মাজতো ক্ৰমানুসৰি ধাৰণ কৰোঁতা আছে। স্কুল এখনেই। শিক্ষক এজনেই। বাকী পঢ়োঁতাসকল সকলো ক্ৰমানুসৰি হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ প্ৰহাৰৰ পৰা ৰক্ষা পাবলৈ জিন হৈ অল্‌ফ (পৰমপিতাক) আৰু বেক (বাদশ্বাহীক) স্মৰণ কৰি থাকিব লাগে। শিৰত যি পাপৰ বোজা আছে সেয়া যোগবলৰে আঁতৰাব লাগে। অতীন্দ্ৰিয় সুখত থাকিব লাগে।

(2) মুখেৰে কেৱল শিৱ শিৱ বুলি কব নালাগে। পিতাৰ প্ৰতি সঁচা মৰম ৰাখিব লাগে। কাঁইটৰ পৰা ফুল কৰি তোলাৰ সেৱাত তৎপৰ হৈ থাকিব লাগে।

বৰদান:
নিচিন্ত স্থিতিৰ দ্বাৰা যথাৰ্থ নিৰ্ণয় কৰোঁতা নিশ্চয়বুদ্ধি বিজয়ী ৰত্ন হোৱা

সদায় বিজয়ী হোৱাৰ সহজ সাধন হৈছে - এক বল এক ভৰসা। এজনৰ প্ৰতি ভৰসা থাকিলে তেতিয়া বল পোৱা যায়। নিশ্চয়ে সদায় নিচিন্ত কৰি দিয়ে আৰু যাৰ স্থিতি নিচিন্ত তেওঁ প্ৰতিটো কাৰ্যত সফল হয় কিয়নো নিচিন্ত হৈ থাকিলে বুদ্ধিয়ে যথাৰ্থ নিৰ্ণয় লয়। গতিকে যথাৰ্থ নিৰ্ণয়ৰ আধাৰ হৈছে - নিশ্চয় বুদ্ধি, নিচিন্ত। ভবাৰো আৱশ্যকতা নাই কিয়নো পিতাক অনুসৰণ কৰিব লাগে, খোজে প্ৰতি খোজ দিব লাগে, যি শ্ৰীমত পোৱা যায় সেই অনুসৰি চলিব লাগে। কেৱল শ্ৰীমতৰ খোজত খোজ দি চলা তেতিয়া বিজয়ী ৰত্ন হৈ যাবা।

স্লোগান:
মনত সকলোৰে প্ৰতি কল্যাণৰ ভাৱনা ৰখা মানেই বিশ্বকল্যাণকাৰী হোৱা।

মাতেশ্বৰীৰ অমূল্য মহাবাক্য

এই সংগমৰ সময়ত আমি যি ঈশ্বৰীয় জ্ঞান প্ৰাপ্ত কৰি আছোঁ কি এই জ্ঞানেই আকৌ সত্যযুগত পাম নেকি? এতিয়া ইয়াৰ ওপৰত বুজোৱা হয় যে সত্যযুগততো আমি স্বয়ং জ্ঞান স্বৰূপ হওঁ। দেৱতাৰ প্ৰালব্ধ ভোগ কৰি আছে, তাত জ্ঞানৰ লেনদেন নচলে, জ্ঞানৰ আৱশ্যকতা অজ্ঞানীসকলৰ বাবে। সত্যযুগততো সকলো জ্ঞান স্বৰূপ হয়, তাত কোন অজ্ঞানী নাথাকেই, যাক জ্ঞান দিয়াৰ আৱশ্যক হয়। এই সময়ত আমি গোটেই বিৰাট ড্ৰামাৰ আদি-মধ্য-অন্তক জানোঁ। আদিত আমি কোন আছিলোঁ, কৰ পৰা আহিলোঁ আৰু মধ্যত কৰ্মবন্ধনত আৱদ্ধ হৈ আকৌ কেনেকৈ অৱনমিত হলোঁ, অন্তত আমি কৰ্মবন্ধনৰ পৰা অতীত হৈ কৰ্মাতীত দেৱতা হব লাগে। এতিয়া যি পুৰুষাৰ্থ চলি আছে, ইয়াৰ দ্বাৰা আমি ভৱিষ্যত প্ৰালব্ধ সত্যযুগী দেৱতা হওঁ। যদি তাত আমি এইটো গম পাওঁ যে আমি দেৱতাসকল অৱনমিত হম তেন্তে এইটো খেয়াল আহিলে আনন্দ নাইকিয়া হৈ যায়, গতিকে তাত অৱনমিত হোৱাৰ জ্ঞান নাথাকে। এইটো খেয়াল তাত নচলে, আমি এই জ্ঞানৰ দ্বাৰা এতিয়া গম পাইছোঁ যে আমি আৰোহণ কৰিব লাগে আৰু সুখৰ জীৱন গঢ়িব লাগে। আধাকল্প নিজৰ প্ৰাৰব্ধ ভোগ কৰি পুনৰ নিজে নিজক পাহৰি মায়াৰ বশ হৈ অৱনমিত হৈ যাওঁ। এই আৰোহণ আৰু অৱৰোহন অনাদি পূৰ্ব নিৰ্ধাৰিত খেল। এই গোটেই জ্ঞান এতিয়া বুদ্ধিত আছে, এয়া সত্যযুগত নাথাকে। ভাল বাৰু ওঁম্‌ শান্তি।