11.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল ব্ৰাহ্মণ হৈ এনেকুৱা কোনো আচৰণ নকৰিবা যাৰ বাবে পিতাৰ নাম বদনাম হয়, পেছাগত কাম-কাজ কৰি কেৱল শ্ৰীমতত চলি থাকা

প্ৰশ্ন:
ঈশ্বৰীয় বিদ্যাৰ্থীৰ মুখেৰে কোনবোৰ শব্দ উচ্চাৰিত হব নালাগে?

উত্তৰ:
আমাৰ পাঠ পঢ়িবলৈ সময় নাই, এনেকুৱা শব্দবোৰ তোমালোকৰ মুখেৰে উচ্চাৰিত হব নালাগে। পিতাই কোনো সন্তানৰ শিৰত আপদ (বোজা-সমস্যা) জাপি নিদিয়ে কেৱল কয় পুৱাতে (অমৃতবেলা) উঠি এঘণ্টা, আধা ঘণ্টা মোক স্মৰণ কৰা আৰু পাঠ পঢ়া।

প্ৰশ্ন:
মনুষ্যৰ পৰিকল্পনা কি আৰু পিতাৰ পৰিকল্পনা কি?

উত্তৰ:
মনুষ্যৰ পৰিকল্পনা হৈছে - সকলো মিলি এক হৈ যাওঁক। নৰই বিচাৰে কিবা ঈশ্বৰে বিচাৰে আন কিবা পিতাৰ পৰিকল্পনা হৈছে মিছা খণ্ডক সত্যখণ্ড কৰি তোলা। তেন্তে সত্যখণ্ডলৈ যাবলৈ হলে নিশ্চয় সত্যনিষ্ঠ হব লাগিব।

গীত:-
আজ কে ইনচান কো (আজিৰ মনুষ্যৰ)

ওঁম্শান্তি।
সন্তানসকলেও কয় ওঁম্‌ শান্তি। আত্মাসকলে এই শৰীৰৰ দ্বাৰা ওঁম্‌ শান্তি বুলি কব পাৰে। মোৰ অৰ্থাৎ আত্মাৰ স্বধৰ্ম হৈছে শান্ত, এইটো পাহৰিব নালাগে। পিতাও আহি কয় ওঁম্‌ শান্তি। যত তোমালোক সন্তানসকলো শান্ত হৈ থাকা, তাত পিতাও থাকে। সেইখন হৈছে আমাৰ শান্তিধাম বা ঘৰ। জগতৰ কোনো বিদ্ধান, আচাৰ্য্যই এই কথাবোৰ নাজানে। আত্মাই পৰমাত্মা বুলি কৈ দিয়ে। আত্মাৰ বিষয়েও কাৰো জ্ঞান নাই যে আত্মা কি হয়। ইমান কোটি আত্মা তৰাৰ দৰে। প্ৰত্যেক আত্মাত নিজৰ নিজৰ অবিনাশী ভূমিকা নিহিত হৈ আছে, যিবোৰ সময়ত প্ৰকট হয়। এয়া পিতাই বহি বুজায়। পিতাও জীৱ আত্মা নোহোৱাকৈ জীৱ আত্মাসকলক বুজাব নোৱাৰে। মোকো নিশ্চয় শৰীৰ লাগে নহয় জানো। শৰীৰ তেতিয়া লবলগীয়া হয় যেতিয়া ৰচনা ৰচিবলগীয়া হয়। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ৰচনা কৰে, ৰচয়িতাতো হৈছে নিৰাকাৰ শিৱ। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰহ্মাকুমাৰ কুমাৰীসকলক বুজাই আছে, শূদ্ৰসকলক নহয়। এতিয়া আমাৰ হৈছে ব্ৰাহ্মণ বৰ্ণ। প্ৰথমে শূদ্ৰ বৰ্ণত আছিলোঁ। তাৰ আগতে বৈশ্য বৰ্ণ, ক্ষত্ৰিয় বৰ্ণ। জগতে এই কথাবোৰ নাজানে। যথাযথ ব্ৰাহ্মণৰ পৰা দেৱতা পুনৰ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ ব্ৰাহ্মণৰ টিকনি আছে। আগতে ব্ৰাহ্মণে গৰুৰ খুৰাৰ সমান টিকনি ৰাখিছিল। তোমালোকে ওলোটা খৰ মৰা খেল খেলা। মইতো নেখেলোঁ। এই বৰ্ণৰ চক্ৰত তোমালোক আহা। কিমান সহজ কথা। তোমালোকৰ নামেই হৈছে স্বদৰ্শন চক্ৰধাৰী। বাকী শাস্ত্ৰবোৰততো কি কি কথা লিখি দিছে। তোমালোকে বুজি পোৱা - আমি ব্ৰাহ্মণেই স্বদৰ্শন চক্ৰধাৰী হওঁ। কিন্তু এই অলংকাৰৰ চিহ্ন দেৱতাসকলক দি দিছে কিয়নো তেওঁলোক সম্পূৰ্ণ। তেওঁলোকৰ ক্ষেত্ৰতে শোভা পায়। এই জ্ঞান ধাৰণ কৰি তোমালোক পুনৰ চক্ৰৱৰ্তী ৰজা হোৱা। এতিয়া সন্মুখত বহি আছা। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। যজ্ঞত ব্ৰাহ্মণ নিশ্চয় লাগে। শূদ্ৰই যজ্ঞ ৰচিব নোৱাৰে। ৰুদ্ৰ শিৱবাবাই যজ্ঞ ৰচিছে গতিকে ব্ৰাহ্মণ নিশ্চয় লাগে। পিতাই কয় - মই ব্ৰাহ্মণ সন্তানসকলৰ সৈতেহে বাৰ্তালাপ কৰোঁ। কিমান বিশাল যজ্ঞ, যেতিয়াৰ পৰা পিতাৰ আগমন হৈছে, আহিয়েই যজ্ঞ ৰচিছে। ইয়াক কোৱা হয় অশ্বমেধ অৰ্থাৎ স্বৰাজ্য স্থাপনা কৰাৰ অৰ্থে। কত? ভাৰতত। সত্যযুগী স্বৰাজ্য ৰচে। ইয়াক শিৱ জ্ঞান যজ্ঞ বুলি কোৱা বা ৰুদ্ৰ জ্ঞান যজ্ঞ বুলি কোৱা, সোমনাথ মন্দিৰো তেওঁৰেই। এজনৰেই বহুত নাম আছে। ইয়াক যজ্ঞ বুলি কোৱা হয়, পাঠশালা বুলি কোৱা নহয়। পিতাই ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছে। যজ্ঞক পাঠশালা বুলি কোৱা নহব। ব্ৰাহ্মণৰ দ্বাৰা যজ্ঞ ৰচা হয়। ব্ৰাহ্মণক দক্ষিণা দিওঁতা দাতা হৈছে ভোলানাথ। তেওঁক কোৱাই হয় শিৱ ভোলানাথ ভাণ্ডাৰী। এতিয়া তোমালোক সন্মুখত বহি আছা। বাপদাদাই সন্তানসকলক তুলি লৈছে। এওঁ হৈছে জ্যেষ্ঠ মম্মা। আকৌ মাতাসকলৰ তত্ত্বাৱধান লবলৈ মম্মাক নিযুক্ত কৰা হয়, তেওঁ সকলোতকৈ তীক্ষ্ণবুদ্ধিৰ। এওঁৰ ভূমিকা হৈছে মুখ্য। তেওঁ হৈছে জ্ঞান জ্ঞানেশ্বৰী জগত অম্বা। মহালক্ষ্মীক জ্ঞান জ্ঞানেশ্বৰী বুলি কোৱা নহব। লক্ষ্মী মানে ধনৰ দেৱী। এনেকৈ কয় নহয় এওঁৰ ঘৰত লক্ষ্মী আছে অৰ্থাৎ সম্পত্তি বহুত আছে। লক্ষ্মীৰ পৰা সম্পত্তিহে বিচাৰে। 12 মাহ পূৰা হলে তেতিয়া আহ্বান কৰিব। জগত অম্বাই সকলোৰে মনোকামনা পূৰ্ণ কৰে। সন্তানসকলে জানে অম্বা হৈছে - প্ৰজাপিতা ব্ৰহ্মাৰ জীয়ৰী, এওঁৰ নাম হৈছে সৰস্বতী। এটিয়েই নাম বচ্‌। মম্মা আছে যেতিয়া সন্তানো আছে। তোমালোকে শিৱবাবাৰ দ্বাৰা জ্ঞান শুনি আছা। এওঁক পিতাই আহি তুলি লৈছে, নাম ৰাখিছে ব্ৰহ্মা। কয়ো মই পতিত শৰীৰত আহোঁ। শাস্ত্ৰতো এই কথাবোৰ একোৱেই নাই। তোমালোকে জানা নতুন সৃষ্টিৰ বাবে আমি পুৰুষাৰ্থ কৰি আছোঁ। কাঁইটৰ পৰা ফুল হৈ আছোঁ। যেতিয়া শূদ্ৰ আছিলা তেতিয়া কাঁইট আছিলা। এতিয়া ব্ৰাহ্মণ ফুল হৈছা। ব্ৰাহ্মণসকলক পিতাই ফুল কৰি তোলে। তেওঁ হৈছে বাগিছাৰ মালিক। তোমালোক হৈছা ক্ৰমানুসৰি মালী। যিসকল ভাল ভাল মালী আছে তেওঁলোকে আনকো নিজৰ সমান কৰি তোলে। পুলি ৰোপণ কৰি থাকে। ক্ৰমানুসৰি হয়, ইয়াক আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়। ঈশ্বৰ হৈছে জ্ঞান দিওঁতা। শাস্ত্ৰ আদিতো সকলো মনুষ্যই শুনায়। এয়া আত্মিক জ্ঞান যি পৰম আত্মাই আত্মাসকলক দিয়ে আৰু অন্য কোনেও ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাপায়েই। এনেয়ে মনেসজা কথা কৈ থাকে। এইখন হয়েই মিছা জগত। সকলো মিছাই মিছা। আচলতে আগতে নকল অলংকাৰ নাছিল। এতিয়াতো কিমান নকল হৈ গৈছে। সঁচা ৰাখিব নিদিয়ে। মিছা খণ্ডত হৈছে ৰাৱণ ৰাজ্য, সত্যখণ্ড হৈছে ৰামে স্থাপন কৰা ৰাজ্য। এয়া হৈছে শিৱবাবাই স্থাপন কৰা যজ্ঞ। পাঠশালাও হয়, যজ্ঞও হয়, ঘৰো হয়। তোমালোকে জানা আমি পাৰলৌকিক পিতা আৰু আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ সন্মুখত বহি আছোঁ। যেতিয়ালৈকে ব্ৰাহ্মণ নহয় তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাব পাৰিব। যজ্ঞৰ তত্ত্বাৱধান লোৱা সঁচা ব্ৰাহ্মণৰ দৰকাৰ। বিকাৰত যোৱাসকলক ব্ৰাহ্মণ বুলি কোৱা নহব। এখন ভৰি ৰাৱণৰ নাওত, আনখন ভৰি ৰামৰ নাওত তেন্তে ফলাফল কি হ'ব? ফালি যাব। এনেকুৱা চলনেৰে আকৌ নাম বদনাম কৰি দিয়ে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান বুলি কয় আৰু কৰ্তব্য শূদ্ৰৰ। পিতাই কয় পেছাগত কাম-কাজ লাগিলে কৰা কিন্তু শ্রীমতত চলিলে তেতিয়া দায়িত্ব তেওঁৰ হৈ যায়।

তোমালোকে ইয়ালৈ আহিছাই ঈশ্বৰীয় মত লবৰ বাবে। সেয়া হৈছে আসুৰি মত। তোমালোকে শ্ৰেষ্ঠ হবৰ বাবে শ্রীমত লোৱা। উচ্চতকৈও উচ্চ পিতাই উচ্চ মত দিয়ে। তোমালোকে জানা আমি মনুষ্যৰ পৰা দেৱতা হবৰ বাবে উচ্চ মত পাওঁ। এনেকৈ কোৱাও যে মইতো সূৰ্যবংশী ৰজা হ'ম। এয়া হয়েই ৰাজস্ব (ৰজা হবৰ বাবে), প্ৰজা স্ব (প্ৰজা হবৰ বাবে) নহয়। তোমালোক ৰজা-ৰাণী হোৱা তেন্তে প্ৰজাও নিশ্চয় হ'ব লাগিব। যেনেকৈ এই মম্মা-বাবা পুৰুষাৰ্থৰে হয় গতিকে সন্তানসকলো হ'ব লাগে। তোমালোক সন্তানসকলো আনন্দিত হোৱা উচিত। আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকল শিৱবাবাৰ নাতি-নাতিনী হওঁ। শিৱক প্ৰজাপিতা বুলি কোৱা নহয়। তেওঁ হৈছে ৰচয়িতা। স্বৰ্গৰ নিবাসী হৈছে দেৱী-দেৱতাসকল। পিতাইহে মনুষ্যক দেৱতা কৰি তোলে। তোমালোকৰ কায়া কল্প বৃক্ষৰ সমান হয়, পুনৰুজ্জীৱিত হয়। তোমালোক আত্মা যি কলা হৈ গৈছা, তাক সম্পূৰ্ণ বগা (পৱিত্ৰ) কৰি তোলে। যেতিয়া সম্পূৰ্ণ পৱিত্ৰ হৈ যায় তেতিয়া আকৌ শৰীৰ নাথাকে সেইবাবেই খেৰৰ জুমুঠি স্বৰূপ (অন্তঃসাৰশূন্য) পৃথিৱীখনত জুই লাগে, য'ত সকলোৰে বিনাশ হৈ যাব। এয়া হৈছে বেহদৰ কথা। এয়া বেহদৰ দ্বীপ, সেয়া হৈছে হদৰ। যিমান ভাষা সিমান নাম ৰাখি দিছে। অনেক দ্বীপ আছে। কিন্তু এই গোটেই সৃষ্টিখনেই এটা দীপ। গোটেই সৃষ্টিত ৰাৱণৰ ৰাজ্য। গীতটিতো শুনিলা নহয় যে কি অৱস্থা হৈ গৈছে। তাত ইজনে সিজনক নামাৰে। তাততো ৰাম ৰজা, ৰাম প্ৰজা কয় দুখৰ কথাই নাই। কাৰোবাক দুখ দিয়াটোও পাপ। তাত আকৌ এই ৰাৱণ হনুমান আদি কৰ পৰা আহিল? তোমালোকে কব পাৰা যে প্ৰথম মুখ্য কথা ঈশ্বৰ পিতা (গড্‌ ফাদাৰ) বুলি কয় তেন্তে তেওঁ সৰ্বব্যাপী কেনেকৈ হ'ব পাৰে। তেনেহলেতো সকলো পিতা (ফাদাৰ হুড) হৈ যায়। সকলো পিতাই পিতা এয়াতো হ'ব নোৱাৰে।

তোমালোক সন্তানসকলে এতিয়া এইটো বুজাব লাগে - আধাকল্প তোমালোকে মিছা উপাৰ্জন কৰিলা। এতিয়া সত্যখণ্ডৰ বাবে সঁচা উপাৰ্জন কৰিব লাগে। তেওঁলোকেও যি শাস্ত্ৰ আদি শুনায় সেয়া উপাৰ্জনৰ বাবে। শিৱবাবাইতো এই শাস্ত্ৰ আদি একো পঢ়া নাই। তেওঁ হয়েই জ্ঞানপূৰ্ণ, জ্ঞানৰ সাগৰ! তেওঁ সত্য, চৈতন্য। তোমালোক সন্তানসকলে এতিয়া জানা বাবাৰ পৰা আমি সত্যখণ্ডৰ বাবে সঁচা উপাৰ্জন কৰি আছোঁ। মিছা খণ্ড বিনাশ হৈ যায়। দেহ সহিত এই সকলোবোৰ এতিয়া বিনাশ হ'ব। তোমালোক সকলোৱে দেখিবা যে কেনেকৈ যুদ্ধ লাগে। তেওঁলোকে ভাবে সকলো মিলি (এক হৈ) যাওক, কিন্তু বিভাজিত হৈ গৈ থাকে। নৰই বিচাৰে কিবা ঈশ্বৰে বিচাৰে আন কিবা তেওঁৰ পৰিকল্পনা হৈছে সকলো বিনাশৰ বাবে। ঈশ্বৰৰ পৰিকল্পনা কি? সেয়া তোমালোকে এতিয়া জানা। পিতা আহিছেই মিছা খণ্ডক সত্যখণ্ড কৰি গঢ়ি তুলিবলৈ, মনুষ্যক দেৱতা কৰি তুলিবলৈ। সত্য পিতাৰ দ্বাৰা তোমালোক সত্যনিষ্ঠ হোৱা আৰু ৰাৱণৰ দ্বাৰা মিছলীয়া হোৱা। পিতাইহে সত্য জ্ঞান দিয়ে। তোমালোক ব্ৰাহ্মণসকলৰ হাত ভৰপূৰ হ'ব। বাকী শূদ্ৰৰ হাত খালী হৈ থাকিব।

তোমালোকে জানা আমিয়ে দেৱী-দেৱতা হ'মগৈ। এতিয়া পিতাই কেৱল কয় - গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হোৱা আৰু মোক স্মৰণ কৰা। স্মৃতি কিয় পাহৰিব লাগে! যিজন পিতাই স্বৰ্গৰ মালিক কৰি তোলে, তেওঁক তোমালোকে পাহৰি যোৱা এয়া হৈছে নতুন কথা, এইক্ষেত্ৰত আত্মা-অভিমানী হ'বলগীয়া হয়। আত্মাতো অবিনাশী, এটা শৰীৰ এৰি আন এটা ধাৰণ কৰে। পিতাই কয় - দেহী-অভিমানী হোৱা কিয়নো উভতি যাব লাগে। দেহৰ বোধ ত্যাগ কৰা। এয়া 84 জন্মৰ উৱলি যোৱা জোতা (শৰীৰ)। কাপোৰ পিন্ধোঁতে পিন্ধোঁতে উৱলি যায় নহয়। তোমালোকেও এই পুৰণা শৰীৰ এৰিব লাগে। এতিয়া কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহা। বহুত আছে যিসকল বিকাৰ অবিহনে থাকিব নোৱাৰে। পিতাই কয় - দ্বাপৰৰ পৰা তোমালোকে এই বিকাৰসমূহৰ কাৰণে মহান ৰোগী হৈ গৈছা। এতিয়া এই বিকাৰসমূহক জয় কৰা। কাম বিকাৰত নাযাবা। এই শৰীৰতো অপৱিত্ৰ, পতিত নহয় জানো। পাৱন হোৱা। ইয়াত সকলো বিকাৰেৰে জন্ম হয়। সত্যযুগ-ত্ৰেতাত এই বিকাৰ নাথাকে। তাতো যদি এয়া থাকে তেন্তে সেইখনক স্বৰ্গ, এইখনক নৰক বুলি কিয় কোৱা হয়! পিতাই কয় - শাস্ত্ৰবোৰততো কোনো লক্ষ্য-উদ্দেশ্যই নাই। ইয়াততো লক্ষ্য-উদ্দেশ্য আছে। আমি এতিয়া মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। পিতাই কয় - তোমালোকে যি কিছু পঢ়িছা সেয়া পাহৰি যোৱা। তাত কোনো সাৰ নাই। তোমালোকৰ আৰোহণ কলা এবাৰেই হয়। তাৰপাছত হৈছে অৱৰোহণ কলা। যিমানেই মগজ নখটুওৱা, অৱনমিত হবই লাগিব। পতিত হ'বই লাগিব। এইখন ছিঃ ছিঃ জগত। তোমালোক সন্তানসকলে জানা আমাৰ ভাৰত স্বৰ্গ আছিল। এতিয়া নৰক। প্ৰথমে আদি সনাতন এটাই ধৰ্ম আছিল, যিটো এতিয়া নাই। পুনৰাই সেইটো ধৰ্মৰ প্ৰতিষ্ঠা হয়। বাবাই পুনৰাই আহি ব্ৰহ্মাৰ দ্বাৰা প্ৰতিষ্ঠা কৰায়। তোমালোকেও কবা আমি পুনৰাই ৰাজ্য লওঁ। ৰাজ্য লোৱাৰ পাছত আকৌ এই জ্ঞান লোপ হৈ যাব। এই জ্ঞান পতিতসকলেহে পায় - পাৱন হ'বৰ বাবে, তেন্তে পাৱন সৃষ্টিৰ জ্ঞান কিয় থাকিব? লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কিমান বছৰ হ'ল, এয়াও তোমালোকে জানা। এনেকৈ কোৱা যে বাবা মই 5 হাজাৰ বছৰৰ পাছত ৰাজ্য ল'বলৈ পুনৰাই আহিছোঁ। মই আত্মা পিতাৰ সন্তান হওঁ। দৃষ্টান্ত দিয়া হয় এজন মানুহে ক'বলৈ ধৰিলে মই ম'হ, মই ম'হ . তেতিয়া সেইটোৱে নিশ্চয় হৈ গ'ল। ক'বলৈ ধৰিলে এই খিৰিকীৰে কেনেকৈ ওলাই যাওঁ এই কথাটি হৈছে তোমালোকৰ বাবে। তোমালোকৰ নিশ্চয় জন্মিছে আমি বাবাৰ সন্তান, এনেকুৱাতো নহয় মই চতুৰ্ভূজ হওঁ - এনেকৈ ক'লে হৈ যাবা। গঢ়ি তোলোঁতা নিশ্চয় লাগে। এয়া হৈছে নৰৰ পৰা নাৰায়ণ কৰি তোলাৰ জ্ঞান, যিসকলে ভালদৰে ধাৰণ কৰিব আৰু কৰাব তেওঁলোকেই উচ্চ পদ পাব। বিদ্যাৰ্থীয়ে এনেকৈ ক'ব নোৱাৰে যে আমাৰ পঢ়িবলৈ সময় নাই। তেনেহ'লেতো ঘৰত বহি থাকাগৈ। নপঢ়াকৈ উত্তৰাধিকাৰ পাব নোৱাৰে। ঈশ্বৰীয় বিদ্যাৰ্থীয়ে আকৌ কয় - সময় নাই। পিতাৰ হৈ আকৌ আঁতৰি গুচি গলেতো পিতাই ক'ব - তুমিতো মহান মূৰ্খ। এঘণ্টা আধা ঘণ্টাও তোমালোকৰ আহৰি নাই, ভাল তেন্তে পুৱা সোনকালে উঠি বাবাক স্মৰণ কৰা। শিৰত কোনো আপদ (বিপদ) জাপি ল'ব নালাগে। কেৱল পুৱাতে উঠি বাবাক স্মৰণ কৰা আৰু স্বদৰ্শন চক্ৰ ঘূৰোৱা। অন্যৰ নহ'লেও নিজৰ কল্যাণ কৰা। দয়ালু হৈ যিমানে অন্যৰ কল্যাণ কৰিবা তেন্তে উচ্চ পদ পাবা। বহুত শ্ৰেষ্ঠ উপাৰ্জন। যাৰ বহুত ধন আছে তেওঁলোকে কয় সময় নাই। চহকীসকল তাত গৰিব হ'ব আৰু গৰিবসকল চহকী হ'ব। সকলোতকৈ বেছি মাতাসকলে কান্দে, তেওঁলোকক হঁহুৱাওতা হ'ব লাগে। নিৰন্তৰ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। মধুবনত শান্তি আছে গতিকে বহুত উপাৰ্জন কৰিব পাৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সত্যখণ্ডৰ বাবে সঁ‌চা উপাৰ্জন কৰিব লাগে। আত্মা-অভিমানী হৈ থাকিব লাগে। এই উৱলি যোৱা জোতাৰ (শৰীৰৰ) অভিমান ত্যাগ কৰিব লাগে।

(2) দয়ালু হৈ নিজৰ আৰু অন্যৰ কল্যাণ কৰিব লাগে। পুৱাতে (অমৃতবেলা) উঠি পিতাক স্মৰণ কৰি, স্বদৰ্শন চক্ৰ ঘূৰাব লাগে।

বৰদান:
শুভ ভাৱনাৰে ব্যৰ্থক সমৰ্থলৈ পৰিৱৰ্তন কৰোঁতা পৱিত্ৰ হংস হোৱা

পৱিত্ৰ হংস তেওঁক কোৱা হয় যিয়ে নেতিবাচক কথা (নিগেটিভক) এৰি ইতিবাচক কথা (পজিটিভক) ধাৰণ কৰে। দেখিও, শুনিও নেদেখে নুশুনে। নেতিবাচক অৰ্থাৎ ব্যৰ্থ কথা, ব্যৰ্থ কৰ্ম নুশুনে, নকৰে আৰু নকয়। ব্যৰ্থক সমৰ্থলৈ পৰিৱৰ্তন কৰি দিয়ে। ইয়াৰ বাবে প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা ৰাখিব লাগে। শুভ ভাৱনাৰে ওলোটা কথাও চিধা হৈ যায় সেয়েহে কোনোবা যেনেকুৱাই নহওক তোমালোকে শুভ ভাৱনা ৰাখা। শুভ ভাৱনাই শিলকো পানী কৰি দিব। ব্যৰ্থ সমৰ্থলৈ পৰিৱৰ্তিত হৈ যাব।

স্লোগান:
অতীন্দ্ৰিয় সুখৰ অনুভূতি কৰিবলৈ হ'লে শান্ত স্বৰূপ স্থিতিত স্থিত হৈ থাকা।