11.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সদায় এটাই চিন্তাত থাকা যে আমি ভালদৰে পঢ়ি নিজক ৰাজতিলক দিব লাগে, পঢ়াৰ দ্বাৰাই ৰাজ্য-ভাগ্য পোৱা যায়

প্ৰশ্ন:
সন্তানসকলে কোনটো উল্লাসত থাকিব লাগে? নিৰাশ কিয় হ'ব নালাগে?

উত্তৰ:
সদায় এইটোৱে উল্লাসত থাকিব লাগে যে আমি লক্ষ্মী-নাৰায়ণৰ দৰে হ'ব লাগে, ইয়াৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ কেতিয়াও হ'ব নালাগে কিয়নো এই পঢ়া বহুত সহজ, ঘৰত থাকিও পঢ়িব পাৰা, ইয়াৰ কোনো ফিচ (মাচুল) নাই, কিন্তু সাহস নিশ্চয় লাগে।

গীত:
তুম্হী হো মাতা-পিতা তুম্হী হো.. (তুমিয়ে মাতা-পিতা, তুমিয়ে ....)

ওঁম্শান্তি।
সন্তানসকলে নিজৰ পিতাৰ মহিমা শুনিলে। মহিমা এজনৰে হয় অন্য কাৰো মহিমা গাব নোৱাৰি। যিহেতুকে ব্ৰহ্মা-বিষ্ণু-শংকৰৰো কোনো মহিমা নাই। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায়, শংকৰৰ দ্বাৰা বিনাশ কৰায়, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন কৰায়। লক্ষ্মী-নাৰায়ণক এনেকুৱা যোগ্যও শিৱবাবাইহে কৰি তোলে, তেওঁৰেই মহিমা আছে তেওঁৰ বাহিৰে আৰু কাৰ মহিমা গোৱা হব। এওঁলোকক (লক্ষ্মী-নাৰায়ণক) এনেকৈ গঢ়ি তোলোঁতা শিক্ষক নাথাকিলে তেতিয়া এওঁলোকো এনেকুৱা নহ'লহেতেন। তাৰপাচত মহিমা আছে সূৰ্যবংশী ৰাজপৰিয়ালৰ যিসকলে ৰাজত্ব কৰে। পিতা সংগমত নাহিলেতো এওঁলোকে ৰাজ্য-ভাগ্যও পাব নোৱাৰে। আৰুতো কাৰো মহিমা নাই। ফৰেনাৰ্চ (বিদেশী) আদি কাৰো মহিমা কৰাৰ দৰকাৰ নাই। মহিমা হয়েই কেৱল এজনৰ, দ্বিতীয় কোনো নাই। উচ্চতকৈও উচ্চ শিববাবাই হয়। তেওঁৰ পৰাই উচ্চ পদ পোৱা যায় গতিকে তেওঁক ভালদৰে স্মৰণ কৰিব লাগে নহয় জানো। নিজক ৰজা কৰি তুলিবলৈ নিজেই পঢ়িব লাগে। যেনেকৈ বেৰিষ্টাৰী পঢ়িলে নিজকে পঢ়াৰ দ্বাৰা বেৰিষ্টাৰ কৰি তোলে নহয় জানো। তোমালোক সন্তানসকলে জানা শিববাবাই আমাক পঢ়ায়। যিসকলে ভালদৰে পঢ়িব, তেওঁলোকেই উচ্চ পদ পাব। নপঢ়াসকলে পদ পাব নোৱাৰে। পঢ়াৰ কাৰণে শ্ৰীমত পোৱা যায়। মূল কথা হ'ল পবিত্ৰ হোৱাৰ, যাৰ কাৰণে এই পঢ়া। তোমালোকে জানা এই সময়ত সকলো তমোপ্ৰধান পতিত হয়। ভাল বা বেয়া মনুষ্যতো থাকেই। পবিত্ৰ হৈ থকাসকলক ভাল বুলি কোৱা হয়। ভালদৰে পঢ়ি গণ্যমান্য ব্যক্তি হ'লে মহিমা হয় কিন্তু সকলোৱেতো পতিত হয়। পতিতই পতিতৰ মহিমা কৰে। সত্যযুগত হৈছে পাৱন। তাত কোনেও কাৰো মহিমা নকৰে। ইয়াত পবিত্ৰ সন্ন্যাসীও আছে, অপৱিত্র গৃহস্থীও আছে, গতিকে পবিত্ৰসকলৰ মহিমা গোৱা হয়। তাততো যথা ৰজা ৰাণী তথা প্ৰজা হয়। অন্য কোনো ধৰ্ম নাই যাৰ কাৰণে পবিত্ৰ, অপবিত্র বুলি ক'ব। ইয়াততো কোনো কোনোৱে গৃহস্থীসকলৰো মহিমা গাই থাকে। তেওঁলোকৰ কাৰণে যেন তেৱেঁই (যিসকল গৃহস্থীৰ মহিমা গায়) খোদা (ভগৱান), আল্লাহ। কিন্তু আল্লাহ (ভগৱান)কতো পতিত-পাৱন, লিবাৰেটৰ (মুক্তিদাতা), গাইড (মাৰ্গ-দৰ্শক) বুলি কোৱা হয়। তেওঁ (যিসকল গৃহস্থীৰ মহিমা গায়) আকৌ এই সকলোবোৰ কেনেকৈ হ'ব পাৰে! জগতত কিমান ঘোৰ অন্ধকাৰ। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা গতিকে সন্তানসকলৰ এইটো চিন্তা থাকিব লাগে - আমি পঢ়ি নিজকে ৰজা কৰি তুলিব লাগে। যিসকলে ভালদৰে পুৰুষাৰ্থ কৰিব তেওঁলোকেই ৰাজতিলক পাব। সন্তানসকল উল্লাসিত হৈ থাকিব লাগে আমিও যাতে এই লক্ষ্মী-নাৰায়ণৰ দৰে হওঁ। এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কথা নাই। পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ হ'ব নালাগে। এই পঢ়া এনেকুৱা হয়, পালেঙত শুই থাকিও পঢ়িব পাৰা। বিলাতত থাকিও পঢ়িব পাৰা। ঘৰত থাকিও পঢ়িব পাৰা। ইমান সহজ পঢ়া। পৰিশ্ৰম কৰি নিজৰ পাপবোৰ নাশ কৰিব লাগে আৰু আনকো বুজাব লাগে। অন্য ধৰ্মাৱলম্বীসকলকো তোমালোকে বুজাব পাৰা। যিকোনো লোককে এইটো কব লাগে - আপুনি আত্মা হয়। আত্মাৰ স্বধৰ্ম একেই, ইয়াত কোনো পাৰ্থক্য থাকিব নোৱাৰে। শৰীৰ অনুসৰিহে অনেক ধৰ্ম হয়। আত্মাতো একেই হয়। সকলো এজন পিতাৰেই সন্তান। আত্মাসকলক পিতাই এডপ্ট কৰিছে (তুলি লৈছে) সেইবাবে ব্ৰহ্মা মুখ বংশাৱলী বুলি গায়ন কৰা হয়।

যিকোনো লোককে বুজাব পাৰা যে আত্মাৰ পিতা কোন হয়? তোমালোকে যি ফৰ্ম (প্ৰপত্ৰ) পূৰোৱা তাত গভীৰ অৰ্থ আছে। পিতাতো নিশ্চয় আছে নহয়, যাক স্মৰণো কৰে, আত্মাই নিজৰ পিতাক স্মৰণ কৰে। আজিকালিতো ভাৰতত যাকে-তাকে ফাদাৰ (পিতা) বুলি কৈ দিয়ে। মেয়ৰকো ফাদাৰ বুলি কয়। কিন্তু আত্মাৰ পিতা কোন তেওঁক নাজানে। গায়নো কৰে - তুমি মাতা-পিতা. কিন্তু তেওঁ কোন হয়, কেনেকুৱা হয়, একোৱেই গম নাপায়। ভাৰততেই তোমালোকে মাতা-পিতা বুলি মাতা। পিতাহে ইয়ালৈ আহি মুখ বংশাৱলী ৰচে। ভাৰতকে মাদাৰ কাণ্ট্ৰি (মাতৃ দেশ) বুলি কোৱা হয় কিয়নো ইয়াতেই শিৱবাবাই মাতা- পিতাৰ ৰূপত ভূমিকা পালন কৰে। ইয়াতেই ভগৱানক মাতা-পিতাৰ ৰূপত স্মৰণ কৰে। বিদেশত কেৱল গড ফাদাৰ বুলি মাতে, কিন্তু মাতাও লাগে নহয় জানো যাৰ দ্বাৰা সন্তানসকলক এডপ্ট কৰিব (তুলি লব)। পুৰুষসকলেও স্ত্ৰীক এডপ্ট কৰে আকৌ তেওঁৰ পৰা সন্তান জন্ম হয়। ৰচনা ৰচা হয়। ইয়াতো এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত পৰমপিতা পৰমাত্মা পিতা প্ৰৱেশ কৰি এডপ্ট কৰে। সন্তানৰ জন্ম হয় সেইবাবে এওঁক মাতা-পিতা বুলি কোৱা হয়। তেওঁ হল আত্মাসকলৰ পিতা আকৌ ইয়ালৈ আহি উৎপত্তি কৰে। ইয়াত তোমালোক সন্তান হোৱা সেয়েহে ফাদাৰ (পিতা) আৰু মাদাৰ (মাতা) বুলি কোৱা হয়। সেয়াতো হল চুইট হোম (মৰমৰ ঘৰ) যত সকলো আত্মা থাকে। তালৈও পিতাৰ বাহিৰে অন্য কোনেও লৈ যাব নোৱাৰে। যাকেই লগ পোৱা কবা আপুনি চুইট হোমলৈ যাব বিচাৰেনে? তেনেহলে পবিত্ৰ নিশ্চয় হব লাগিব। এতিয়া তোমালোক পতিত এইখন হয়েই আইৰণ এজেড্‌ (লৌহযুগী; কলিযুগী) তমোপ্ৰধান সৃষ্টি। এতিয়া তোমালোক ঘৰলৈ উভতি যাব লাগে। আইৰণ এজেড্‌ আত্মাসকলতো ঘৰলৈ ওভতি যাব নোৱাৰে। আত্মাসকল চুইট হোমত পবিত্ৰ হৈয়েই থাকে সেয়েহে এতিয়া পিতাই বুজায় - পিতাৰ স্মৃতিৰেহে বিকৰ্ম বিনাশ হব। কোনো দেহধাৰীক স্মৰণ নকৰিবা। পিতাক যিমান স্মৰণ কৰিবা সিমান পবিত্ৰ হবা আৰু পাচত ক্ৰমানুসৰি উচ্চ পদ পাবা। লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ ওপৰত যিকোনো লোককে বুজোৱা সহজ। ভাৰতত এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজত্ব আছিল। এওঁলোকে যেতিয়া ৰাজত্ব কৰিছিল তেতিয়া বিশ্বত শান্তি আছিল। বিশ্বত শান্তি পিতাইহে আনিব পাৰে অন্য কাৰো শক্তি নাই। এতিয়া পিতাই আমাক ৰাজযোগ শিকাই আছে, নতুন সৃষ্টিৰ কাৰণে ৰজাৰো ৰজা কেনেকৈ হব পাৰি সেয়া শুনায়। পিতাহে নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) হয়। কিন্তু তেওঁৰ কি জ্ঞান আছে, এয়া কোনেও নাজানে। সৃষ্টিৰ আদিমধ্য-অন্তৰ হিষ্ট্ৰী-জিওগ্ৰাফী (বুৰঞ্জী-ভূগোল) বেহদৰ পিতাইহে শুনায়। মনুষ্যইতো কেতিয়াবা কয় ঈশ্বৰ সৰ্বব্যাপী হয় বা এনেকৈ কয় যে তেওঁ সকলোৰে অন্তৰক জানোঁতা হয়। তেনেক্ষেত্ৰত নিজকেতো ঈশ্বৰ বুলি কব নোৱাৰে। এই সকলোবোৰ কথা পিতাই বহি বুজায়। ভালদৰে ধাৰণ কৰিব লাগে আৰু হৰ্ষিত হব লাগে। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ সদায় হৰ্ষিত মুখৰে তৈয়াৰ কৰে। স্কুলত উচ্চ শ্ৰেণীত পঢ়াসকল কিমান হৰ্ষিত হব। আনেও বুজি পাব যে এওঁতো বহুত ডাঙৰ পৰীক্ষা পাছ কৰিবলৈ গৈ আছে। এয়াতো বহুত উচ্চ পঢ়া। ফি (মাচুল) আদিৰ কোনো কথা নাই কেৱল সাহসৰ কথা। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে আৰু ইয়াতেই মায়াই বিঘিনি আনে। পিতাই কয় - পবিত্ৰ হোৱা। পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰি পুনৰ মুখ কলা কৰি দিয়ে, বহুত শক্তিশালী মায়া, ফেইল (অকৃতকাৰ্য) হৈ যায় তেতিয়া আকৌ তেওঁলোকৰ নামৰ গায়ন কৰিব নোৱাৰি। অমুকে অমুকে আৰম্ভণিৰ পৰা বহুত ভালকৈ চলি আছে। মহিমা গোৱা হয়। পিতাই কয় - নিজৰ কাৰণে নিজেই পুৰুষাৰ্থ কৰি ৰাজধানী প্ৰাপ্ত কৰিব লাগে। পঢ়াৰ দ্বাৰা উচ্চ পদ পাব লাগে। এয়া হয়েই ৰাজযোগ। প্ৰজাযোগ নহয়। কিন্তু প্ৰজাওতো হব নহয় জানো। চেহেৰা আৰু ছাভিৰ্চৰ (সেৱাৰ) পৰা গম পোৱা যায় যে এওঁ কি হোৱাৰ লায়ক হয়। ঘৰত ষ্টুডেণ্টৰ (বিদ্যাৰ্থীৰ) চাল-চলনৰ পৰা বুজি পোৱা যায়, এওঁ ফাৰ্ষ্ট (প্ৰথম) নম্বৰত, এওঁ থাৰ্ড (তৃতীয়) নম্বৰত আহিব। ইয়াতো এনেকুৱা। যেতিয়া অন্তিমত পৰীক্ষা পুৰা হব তেতিয়া তোমালোকৰ সকলো সাক্ষাৎকাৰ হব। সাক্ষাৎকাৰ হোৱাত কোনো দেৰি নালাগে তেতিয়া লাজ লাগিব, আমি অকৃতকাৰ্য হৈ গলো। অকৃতকাৰ্য হোৱাসকলক কোনে মৰম কৰিব?

মনুষ্যই বায়স্কোপ (চিনেমা) চাই আনন্দৰ অনুভৱ কৰে কিন্তু পিতাই কয় নাম্বাৰ ৱান (এক নম্বৰ) লেতেৰা কৰি তোলোঁতা হৈছে বায়স্কোপ। তালৈ যোৱাসকলৰ বহুতেই ফেইল হৈ অৱনমিত হৈ যায়। কোনো কোনো ফিমেলো (নাৰীও) এনেকুৱা আছে যিসকলৰ বায়স্কোপ চাবলৈ নগলে টোপনিও নাহে। বায়স্কোপ চাওঁতাসকলে অপৱিত্ৰ হবলৈ পুৰুষাৰ্থ নিশ্চয় কৰিব। ইয়াত যি কিছু হৈ আছে, যাৰ পৰা মনুষ্যই আনন্দ পোৱা বুলি ভাবে সেই সকলোবোৰ দুখৰ কাৰণে। এয়া হল বিনাশী আনন্দ। অবিনাশী আনন্দ, অবিনাশী পিতাৰ পৰাহে পোৱা যায়। তোমালোকে বুজি পোৱা যে বাবাই আমাক এই লক্ষ্মী- নাৰায়ণৰ দৰে গঢ়ি তোলে। এনেয়ে আগতেতো 21 জন্মৰ কাৰণে লিখিছিল। এতিয়া বাবাই লিখে 50-60 জন্ম কিয়নো দ্বাপৰতো প্ৰথমেতো বহুত চহকী সুখী হৈ থাকা নহয় জানো। পতিত হৈ যোৱা তথাপি ধন বহুত থাকে। এয়াতো যেতিয়া একেবাৰে তমোপ্ৰধান হৈ যোৱা তেতিয়া দুখ আৰম্ভ হয়। প্ৰথমেতো সুখী হৈ থাকা। যেতিয়া বহুত দুখী হোৱা তেতিয়া পিতা আহে। মহা অজামিলৰ দৰে পাপীসকলকো উদ্ধাৰ কৰে। পিতাই কয় - মই সকলোকে মুক্তিধামলৈ লৈ যাম। আকৌ সত্যযুগৰ ৰাজ্য-ভাগ্যও তোমালোকক দিওঁ। সকলোৰে কল্যাণতো হয় নহয় জানো। সকলোকে নিজৰ ঠিকনাত উপনীত কৰাই দিয়ে - শান্তিত বা সুখত। সত্যযুগত সকলোৰে সুখ থাকে। শান্তিধামতো সুখী হৈ থাকে। এনেকৈ কয় যে বিশ্বত শান্তি হওঁক। তোমালোকে কবা - এই লক্ষ্মী-নাৰায়ণৰ যেতিয়া ৰাজত্ব আছিল তেতিয়া বিশ্বত শান্তি আছিল নহয় জানো। দুখৰ কথাতো হব নোৱাৰে। দুখো নাছিল, অশান্তিও নাছিল। ইয়াততো ঘৰে ঘৰে অশান্তি। দেশে দেশে অশান্তি। গোটেই বিশ্বতে অশান্তি। কিমান টুকুৰা টুকুৰা হৈ গৈছে। কিমান অংশ আছে। 100 মাইলৰ অন্তৰে অন্তৰে ভাষা বেলেগ। এতিয়া কয় - ভাৰতৰ প্ৰাচীন ভাষা সংস্কৃত। এতিয়া আদি সনাতন ধৰ্মৰ কথাই কোনেও গম নাপায় তেনেস্থলত কেনেকৈ কয় যে এইটো প্ৰাচীন ভাষা হয়। তোমালোকে ক'ব পাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্ম কেতিয়া আছিল? তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে। কিছুমানতো ডালহেডো (বুদ্ধিহীনো) থাকে। দেখিলেই গম পায় যে এওঁ যেন পাথৰ বুদ্ধিৰ। অজ্ঞান কালতো কয় নহয় - হে ভগৱান এওঁৰ বুদ্ধিৰ তলা খোলা।

পিতাই তোমালোক সকলো সন্তানক জ্ঞানৰ প্ৰকাশ দিয়ে তাৰ দ্বাৰা তলা খুলি গৈ থাকে। তথাপি কিছুমানৰ বুদ্ধি উদয় নহয়। কয় - আপুনি বুদ্ধিমানসকলৰ বুদ্ধি (সন্তানসকলৰ বুদ্ধি তেওঁৰ দৰে দীপ্তিমান কৰি তোলে)। আমাৰ পতিৰ বুদ্ধিৰ তলা খোলক। পিতাই কয় মই জানো এইকাৰণে আহিছোঁ, যে বহি এজন এজনৰ বুদ্ধিৰ তলা খুলিম। তেনেহ'লেতো সকলোৰে বুদ্ধি খুলি যাব, সকলোৱে মহাৰজা-মহাৰাণী হৈ যাব। মই কেনেকৈ সকলোৰে তলা খুলিম। তেওঁলোক যদি সত্যযুগত আহিবলগীয়াই নহয় তেনেহ'লে মই তলা কেনেকৈ খুলিম! ড্ৰামা অনুসৰি সময়তহে তেওঁলোকৰ বুদ্ধি উদয় হব। মই কেনেকৈ খুলিম! ড্ৰামাৰ ওপৰতো আছে নহয়। সকলোৱে ফুল পাছ (সম্পূৰ্ণৰূপে উত্তীৰ্ণ) হয় জানো। স্কুলতো ক্ৰমানুসৰি হয়। এয়াও পঢ়া হয়। প্ৰজাও হব লাগিব। সকলোৰে তলা খুলি গলে তেন্তে প্ৰজা কৰ পৰা আহিব। এইটোতো নিয়ম নহয়। তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। প্ৰত্যেককে পুৰুষাৰ্থৰ পৰা জনা যায়, যিসকলে ভালদৰে পঢ়ে, তেওঁলোকৰ যিকোনো ঠাইৰ পৰা নিমন্ত্ৰণ আহে। বাবাই জানে কোনে কোনে ভালদৰে ছাৰ্ভিচ কৰি আছে। সন্তানসকলে ভালদৰে পঢ়িব লাগে। ভালদৰে পঢ়িলে তেতিয়া ঘৰলৈ লৈ যাম আকৌ স্বৰ্গলৈ পঠিয়াই দিম। নহলে শাস্তি বহুত কাঢ়া হয়। পদো ভ্ৰষ্ট হৈ যাব। ষ্টুডেণ্টে শিক্ষকৰ নাম উজ্জ্বল কৰিব লাগে। গল্ডেন এজত (স্বৰ্ণিম যুগত) পাৰসবুদ্ধিৰ আছিলা, এতিয়া হল আইৰণ এজ (লৌহ যুগ; কলি যুগ) তেনেহলে ইয়াত গল্ডেন এজ বুদ্ধি কেনেকৈ হব পাৰে। বিশ্বত শান্তি আছিল যেতিয়া এক ৰাজ্য, এক ধৰ্ম আছিল। বাতৰি কাকততো তোমালোকে প্ৰকাশ কৰিব পাৰা যে ভাৰতত যেতিয়া এওঁলোকৰ ৰাজত্ব আছিল তেতিয়া বিশ্বত শান্তি আছিল। অৱশেষত নিশ্চয় বুজি পাব। তোমালোক সন্তানসকলৰ নাম প্ৰসিদ্ধ হবলৈ গৈ আছে। সেই পঢ়াত কিমান কিতাপ আদি পঢ়ে। ইয়াততো একো নাই। পঢ়া একেবাৰে সহজ। বাকী স্মৃতিত থকাৰ ক্ষেত্ৰত ভাল ভাল মহাৰথীও ফেইল হয়। স্মৃতিৰ ধাৰ নাথাকিলেতো জ্ঞান তৰোৱাল নচলিব। বহুত স্মৰণ কৰিলে তেতিয়াহে ধাৰ আহিব। যদিও বন্ধনতো থাকে তথাপিও স্মৰণ কৰি থাকিলেতো বহুত লাভ হয়। কেতিয়াও বাবাক দেখাও নাই, স্মৃতিতেই প্ৰাণ এৰি দিয়ে তেতিয়াও বহুত ভাল পদ পাব পাৰে, কিয়নো স্মৰণ বহুত কৰে। পিতাৰ স্মৃতিত মৰমৰ চকুলো বোৱায়, সেই চকুলো মুকুতা হৈ যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ কাৰণে নিজেই পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে। পঢ়াৰ দ্বাৰা নিজক ৰাজতিলক দিব লাগে। জ্ঞান ভালদৰে ধাৰণ কৰি সদায় হৰ্ষিত হৈ থাকিব লাগে।

(2) জ্ঞান তৰোৱালত স্মৃতি ৰূপী ধাৰ দিব লাগে। স্মৃতিৰ দ্বাৰাই বন্ধন আঁতৰে। কেতিয়াও লেতেৰা বায়স্কোপ (চিনেমা) চাই নিজৰ সংকল্পক অপৱিত্ৰ কৰিব নালাগে।

বৰদান:
সদায় একান্ত আৰু স্মৰণত ব্যস্ত হৈ থাকোঁতা বেহদৰ বানপ্ৰস্থী হোৱা
 

বৰ্তমান সময় অনুসৰি তোমালোক সকলো বানপ্ৰস্থ অৱস্থাৰ সমীপত আছা। বানপ্ৰস্থীয়ে কেতিয়াও পুতলাৰ খেল নেখেলে। তেওঁলোক সদায় একান্তত আৰু স্মৃতিত থাকে। তোমালোক সকলো বেহদৰ বানপ্ৰস্থী সদায় এজনৰ অন্তত অৰ্থাৎ নিৰন্তৰ একান্তত থাকা লগতে এজনক স্মৰণ কৰি থাকি স্মৃতি স্বৰূপ হোৱা। সকলো সন্তানৰ প্ৰতি বাপদাদাৰ এইটোৱে শুভ আশা আছে যে এতিয়া পিতা আৰু সন্তান সমান হৈ যাওঁক। সদায় স্মৃতিত সমাহিত হৈ থাকক। সমান হোৱাই হৈছে সমাহিত হোৱা - এয়াই বানপ্ৰস্থ স্থিতিৰ চিন।

স্লোগান:
তোমালোকে সাহসৰ এখোজ আগবঢ়োৱা তেতিয়া পিতাই সহায়ৰ হাজাৰ খোজ আগবঢ়াব।