11.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এইখন নাটকৰ খেল সঠিককৈ চলি আছে, যাৰ যি ভূমিকা যি সময়ত হোৱা উচিত, সেয়াই পুনৰাবৃত্তি হৈ আছে, এইটো কথা যথাৰ্থ ৰীতি বুজিব লাগে

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ প্ৰভাৱ বিস্তাৰ কেতিয়া হব? এতিয়ালৈকে কোনটো শক্তিৰ অভাৱ হৈ আছে?

উত্তৰ:
যেতিয়া যোগত শক্তিশালী হ'বা তেতিয়া প্ৰভাৱ বিস্তাৰ হব। এতিয়া সেই ধাৰ (শক্তি) নাই। স্মৰণৰ দ্বাৰাই শক্তি পোৱা যায়। জ্ঞান তাৰোৱালত স্মৃতিৰ ধাৰ লাগে, যিটো এতিয়ালৈকে কম হৈ আছে। যদিহে নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকা তেন্তে বৈতৰণী হৈ যাব। এয়া চেকেণ্ডৰ কথা।
 

ওঁম্শান্তি।
আত্মিক সন্তানসকলক আত্মিক পিতাই বহি বুজায়। আত্মিক পিতা এজনকেই কোৱা হয়। বাকী সকলোবোৰ আত্মা। তেওঁক পৰম আত্মা বুলি কোৱা হয়। পিতাই কয় ময়ো আত্মা হওঁ। কিন্তু মই পৰম সৰ্বোচ্চ সত্য। ময়ে পতিত-পাৱন জ্ঞানৰ সাগৰ হওঁ। পিতাই কয় মই আহোৱে ভাৰতত, সন্তানসকলক বিশ্বৰ মালিক কৰি তুলিবলৈ। তোমালোকেই মালিক আছিলা নহয় জানো। এতিয়া স্মৃতি উদয় হৈছে। সন্তানসকলক স্মৃতি দিয়ায় - তোমালোক প্ৰথমতে সত্যযুগত আহিলা আকৌ ভূমিকা পালন কৰি, 84 জন্ম ভোগ কৰি এতিয়া অন্তিমত আহি গৈছা। তোমালোকে নিজকে আত্মা বুলি বুজা। আত্মা অবিনাশী, শৰীৰ বিনাশী। আত্মাইহে দেহৰ সৈতে আত্মাসকলৰ লগত কথা পাতে। যদি আত্মা-অভিমানী হৈ নাথাকে তেন্তে নিশ্চয় দেহ-অভিমান আছে। মই আত্মা হওঁ, এই সকলোবোৰ পাহৰি গৈছে। কোৱাও হয় পাপ আত্মা, পুণ্য আত্মা, মহান আত্মা। তেওঁলোক পৰমত্মাতো হ'ব নোৱাৰে। কোনেও নিজক শিৱ বুলি কব নোৱাৰে। শৰীৰৰ নাম শিৱ বহুতৰে আছে। আত্মা যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়া নাম ৰাখে কিয়নো শৰীৰৰ দ্বাৰাই ভূমিকা পালন কৰিবলগীয়া হয়। মনুষ্য আকৌ শৰীৰ বোধত আহি যায়, মই অমুক হওঁ। এতিয়া বুজি পায় - হয় মই আত্মা হওঁ। আমি 84ৰ ভূমিকা পালন কৰিছোঁ। এতিয়া আমি আত্মাক জানি গৈছোঁ। আমি আত্মা সতোপ্ৰধান আছিলোঁ, এতিয়া আকৌ তমোপ্ৰধান হৈছোঁ। পিতা তেতিয়া আহে যেতিয়া সকলো আত্মাত মামৰে ধৰে। যিদৰে সোণত খাদ পৰে নহয় জানো। তোমালোক প্ৰথমতে সঁচা সোণ হোৱা তাৰপাচত ৰূপ, তাম, লোহা পৰি তোমালোক একেবাৰে কলা হৈ গৈছা। এই কথা আৰু অন্য কোনেও বুজাব নোৱাৰে। সকলোৱে কয় আত্মা নিৰ্লেপ। খাদ কেনেকৈ পৰে, এয়াও সন্তানসকলক পিতাই বুজাইছে। পিতাই কয় - মই আহোৱেই ভাৰতত। যেতিয়া একেবাৰে তমোপ্ৰধান হৈ যায়, তেতিয়া আহোঁ। সঠিক সময়ত আহে। যিদৰে নাটকত সঠিক খেল চলে নহয় জানো। যিটো ভূমিকা যি সময়ত হব লাগে সেই সময়তে পুনৰ পুনৰাবৃত্তি হব তাত অলপমানো হীনডেঢ়ি হব নোৱাৰে। সেয়া হৈছে হদৰ নাটক, এয়া হৈছে বেহদৰ নাটক। এই সকলোবোৰ অতি সূক্ষ্ম বুজিবলগীয়া কথা। পিতাই কয় - তোমালোকে যি ভূমিকা পালন কৰিলা সেয়া নাটক অনুসৰি। কোনো মনুষ্য মাত্ৰই ৰচয়িতাক আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানে। ঋষি-মুনিয়েও নেতি নেতি (নাজানো নাজানো) বুলি কৈ গৈছে। এতিয়া তোমালোকক কোনোবাই যদি সোধে যে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানানে? তেতিয়া তোমালোকে তাৎক্ষণাৎ কবা হয়, সেয়াও তোমালোকে কেৱল এতিয়াহে জানিব পাৰা আৰু কেতিয়াও নোৱাৰা। বাবাই বুজাইছে - তোমালোকেহে মোক ৰচয়িতাক আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানা। বাৰু, এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব কেতিয়া হব, এয়া জানে চাগে? নাই, এওঁলোকৰ কোনো জ্ঞান নাই। এয়াতো আচৰিত। তোমালোকে কোৱা আমাৰ জ্ঞান আছে, এয়াও তোমালোকে বুজা। পিতাৰ ভূমিকাই হৈছে এবাৰৰ। তোমালোকৰ জীৱনৰ লক্ষ্য-উদ্দেশ্য হ'ল- লক্ষ্মী-নাৰায়ণ হোৱাৰ। হৈ যোৱাৰ পাচততো পঢ়াৰ কোনো প্ৰয়োজনেই নাথাকিব। বেৰিষ্টাৰ হৈ গ'ল মানে হৈ গ'ল। পিতা যিজন পঢ়াওঁতা হয়, তেওঁকতো স্মৰণ কৰিব লাগে। তোমালোকক সকলো সহজ কৰি দিছে। বাবাই বাৰে বাৰে তোমালোকক কয় - প্ৰথমতে নিজক আত্মা বুলি বুজা। মই বাবাৰ হওঁ। আগতে তোমালোক নাস্তিক আছিলা, এতিয়া আস্তিক হৈছা। এওঁলোক লক্ষ্মী-নাৰায়ণেও আস্তিক হৈহে উত্তৰাধিকাৰ লৈছে, যি তোমালোকে এতিয়া লৈ আছা। তোমালোক এতিয়া আস্তিক হৈ আছা। আস্তিক-নাস্তিক এই শব্দবোৰ এই সময়ৰ। তাত এই শব্দবোৰেই নাথাকে। সোধাৰ কোনো কথাই নাথাকে। ইয়াত প্ৰশ্ন উদয় হয় সেইবাবে সোধে - ৰচয়িতা আৰু ৰচনাক জানানে? তেতিয়া নাজানো বুলি কৈ দিয়ে। পিতাহে আহি নিজৰ পৰিচয় দিয়ে আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। পিতা হৈছে বেহদৰ মালিক ৰচয়িতা। সন্তানসকলক বুজোৱা হৈছে অন্য ধৰ্ম প্ৰতিষ্ঠাপকো ইয়াত নিশ্চয় আহে। তোমালোকক সাক্ষাৎকাৰ কৰাইছিলোঁ - ইব্ৰাহিম, যীশুখ্ৰীষ্ট আদি কেনেকৈ আহে। তেওঁলোকতো অন্তিমত যেতিয়া অধিক আৱাজ হব তেতিয়া আহিব। পিতাই কয় - সন্তানসকল, দেহ সহিত সকলো ধৰ্ম ত্যাগ কৰি মোক স্মৰণ কৰা। তোমালোক এতিয়া সন্মুখত বহি আছা। নিজকে দেহ বুলি ভাবিব নালাগে, মই আত্মা হওঁ। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকিলে বৈতৰণী পাৰ হৈ যাব। চেকেণ্ডৰ কথা। মুক্তিত যাবৰ বাবেই আধাকল্প ভক্তি কৰে। কিন্তু কোনো আত্মাই উভতি যাব নোৱাৰে।

5 হাজাৰ বছৰ আগতেও পিতাই এয়া বুজাইছিল এতিয়াও বুজায়। শ্ৰীকৃষ্ণই এই কথাবোৰ বুজাব নোৱাৰে। তেওঁক পিতা বুলিও কোৱা নহব। পিতা হৈছে লৌকিক, অলৌকিক আৰু পাৰলৌকিক। হদৰ পিতা লৌকিক, বেহদৰ পিতা হৈছে পাৰলৌকিক, আত্মাসকলৰ। আৰু এজন এয়া হৈছে সংগমযুগী আচৰিত পিতা, এওঁক অলৌকিক বুলি কোৱা হয়। প্ৰজাপিতা ব্ৰহ্মাক কোনেও স্মৰণ নকৰে। তেওঁ আমাৰ গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ (প্ৰপিতা) হয়, এয়া বুদ্ধিত উদয় নহয়। এনেকৈ কয়ো - আদি দেৱ, আদম.. কিন্তু সেয়া কোৱাতে সীমিত। মন্দিৰবিলাকতো আদি দেৱৰ চিত্ৰ আছে নহয় জানো। তোমালোক তালৈ গলে বুজিবা যে এয়াতো আমাৰ স্মাৰক। বাবাও বহি আছে, আমিও বহি আছোঁ। ইয়াত পিতা চৈতন্য ৰূপত বহি আছে, তাত জড় চিত্ৰ ৰাখিছে। ওপৰত স্বর্গও ঠিক আছে, যিসকলে মন্দিৰ দেখিছে তেওঁলোকে জানে যে বাবাই এতিয়া আমাক চৈতন্য ৰূপত ৰাজযোগ শিকাই আছে। আকৌ পাচলৈ মন্দিৰ নিৰ্মাণ কৰে। এয়া স্মৃতিত উদয় হব লাগে যে এই সকলোবোৰ আমাৰ স্মাৰক চিহ্ন। এই লক্ষ্মী-নাৰায়ণ এতিয়া আমি হৈ আছোঁ। আছিলোঁ, পুনৰ ছিৰি নামি আহিলোঁ, এতিয়া পুনৰ আমি ঘৰলৈ গৈ ৰাম ৰাজ্যত আহিম। তাৰপাচত হয় ৰাৱণ ৰাজ্য আকৌ আমি বাম মাৰ্গত গুচি যাওঁ। পিতাই কিমান ভালদৰে বুজায় - এই সময়ত সকলো মনুষ্য মাত্ৰই পতিত সেইবাবে আহ্বান কৰে - হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলা। দুখ হৰণ কৰি সুখৰ ৰাস্তা দেখুওৱা। এনেকৈ কয়ো যে ভগৱান নিশ্চয় কিবা বেশত আহি যাব। এতিয়া কুকুৰ-মেকুৰী, পাথৰ-শিলগুটি আদিততো নাহিব। গায়ন কৰা হৈছে ভাগ্যশালী ৰথত আহে। পিতাই নিজেই কয় - মই এই সাধাৰণ ৰথত প্ৰৱেশ কৰোঁ। এওঁ নিজৰ জন্মক নাজানে, তোমালোকে এতিয়া জানা। এওঁৰ বহুত জন্মৰ অন্তিমত যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া মই প্ৰৱেশ কৰোঁ। ভক্তি মাৰ্গত পাণ্ডৱসকলৰ বহুত ডাঙৰ-ডাঙৰ চিত্ৰ তৈয়াৰ কৰিছে, ৰংগুণত বৌদ্ধৰো বহুত ডাঙৰ চিত্ৰ আছে। ইমান ডাঙৰ কোনো মনুষ্য থাকে জানো। সন্তানসকলৰ চাগে এতিয়া হাঁহি উঠে, ৰাৱণৰ চিত্ৰ কেনেকুৱা কৰি তৈয়াৰ কৰিছে। দিনে-প্ৰতিদিনে ডাঙৰ কৰি গৈ থাকে। এইটো কি বস্তু, যাক প্ৰতি বছৰে জ্বলায়। এনেকুৱা কোনো শত্ৰু থাকিব! শত্ৰুৰহে চিত্ৰ তৈয়াৰ কৰি জ্বলায়। বাৰু, ৰাৱণ কোন, কেতিয়াৰ পৰা শত্ৰু হল যে প্ৰত্যেক বছৰে জ্বলাই থাকে? এই শত্ৰুৰ বিষয়ে কোনেও নাজানে। তাৰ অৰ্থ কোনেও একেবাৰে নাজানে। পিতাই বুজায় সেয়া হয়েই ৰাৱণ সম্প্ৰদায়, তোমালোক হৈছা ৰাম সম্প্ৰদায়। এতিয়া পিতাই কয়- গৃহস্থ ব্যৱহাৰত থাকিও কমল ফুলৰ সমান হোৱা আৰু মোক স্মৰণ কৰি থাকা। কয় - বাবা হংস আৰু বগলী একেলগে কেনেকৈ থাকিব পাৰোঁ, সংঘাত হয়। সেয়াতো নিশ্চয় হব, সহ্য কৰিব লাগিব। এই ক্ষেত্ৰত বহুত যুক্তিও আছে। পিতাক কোৱা হয় বুদ্ধিমান মনোৰঞ্জনকাৰী। সকলোৱে তেওঁক স্মৰণ কৰে নহয় - হে ভগৱান দুখ হৰণ কৰা, দয়া কৰা, মুক্তি দিয়া। সেই মুক্তিদাতা পিতা সকলোৰে এজনেই। তোমালোকৰ ওচৰলৈ কোনোবা আহিলে তেতিয়া তেওঁলোকক বেলেগে বেলেগে বুজোৱা, কৰাচিত এজন এজনক বেলেগ বেলেগকৈ বহুৱাই শিকাইছিল।

তোমালোক সন্তানসকল যেতিয়া যোগত শক্তিশালী হৈ যাবা তেতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ হব। এতিয়া আত্মাত সেই ধাৰ (শক্তি) নাই। স্মৰণৰ দ্বাৰা শক্তি পোৱা যায়। পঢ়াৰ দ্বাৰা শক্তি পোৱা নাযায়। জ্ঞান তাৰোৱাল হয়, তাত স্মৃতিৰ ধাৰ ভৰাব লাগে। সেইটো শক্তি কম আছে। পিতাই নিতৌ কয় - সন্তানসকল, স্মৃতিৰ যাত্ৰাত থাকিলে তোমালোকে শক্তি পাবা। পঢ়াত ইমান শক্তি নাই। স্মৃতিৰ দ্বাৰাই তোমালোক গোটেই বিশ্বৰ মালিক হোৱাগৈ। তোমালোকে নিজৰ কাৰণেই সকলো কৰা। বহুত আহিল আকৌ গুচি গ'ল। মায়াও বৰ প্ৰবল। বহুতেই নাহে, কয় জ্ঞানতো বহুত ভাল, আনন্দও পোৱা যায়। বাহিৰলৈ গল আৰু শেষ। অলপো তিষ্ঠি থাকিব নিদিয়ে। কোনো কোনো বহুত আনন্দিত হয়। অহো! এতিয়া বাবা আহিছে, আমিতো এতিয়া নিজৰ সুখধামলৈ যাম। পিতাই কয় - এতিয়া সম্পূৰ্ণ ৰাজধানী ক'তনো স্থাপন হৈছে। এই সময়ত তোমালোক হৈছা ঈশ্বৰীয় সন্তান আকৌ দেৱতা হবাগৈ। ডিগ্ৰী কম হৈ নগল জানো। মিটাৰত পইণ্ট থাকে, ইমান পইণ্ট কম। তোমালোক এতিয়া একেবাৰে উচ্চ হোৱা আকৌ নীচ হৈ হৈ তললৈ আহি যোৱা। ছিৰি তললৈ নামিবই লাগিব। এতিয়া তোমালোকৰ বুদ্ধিত ছিৰিৰ জ্ঞান আছে। আৰোহণ কলা, সকলোৰে কল্যাণ। পাচত লাহে লাহে অৱৰোহণ কলা হয়। আৰম্ভণিৰ পৰা ধৰি এই চক্ৰক ভালদৰে বুজিব লাগে। এই সময়ত তোমালোকৰ আৰোহণ কলা হয় কিয়নো পিতা লগত আছে নহয় জানো। ঈশ্বৰ যাক মনুষ্যই সৰ্বব্যাপী বুলি কৈ দিয়ে, সেইজন বাবাই অতি মৰমৰ সন্তান বুলি কৈ থাকে আৰু সন্তানসকলেও আকৌ বাবা বাবা বুলি কৈ থাকে। বাবাই আমাক পঢ়াবলৈ আহিছে, আত্মাই পঢ়ে। আত্মাইয়ে কর্ম কৰে। আমি আত্মা শান্তি স্বৰূপ হওঁ। এই শৰীৰৰ দ্বাৰা কর্ম কৰোঁ। অশান্ত শব্দটি তেতিয়াই কোৱা হয় যেতিয়া দুখ হয়। বাকী শান্তিতো আমাৰ স্বধৰ্ম হয়। বহুতেই কয় মনৰ শান্তি হওঁক। হেৰ আত্মাতো স্বয়ং শান্ত স্বৰূপ হয়, আত্মাৰ ঘৰেই হৈছে শান্তিধাম। তোমালোকে নিজকে পাহৰি গৈছা। তোমালোকতো শান্তিধামৰ নিবাসী আছিলা, শান্তি তাতেই পাবা। আজিকালি কয় - এখন ৰাজ্য, এটা ধৰ্ম, এটাই ভাষা হওক। এটা জাতি (ওৱান কাষ্ট), এটা ধৰ্ম (ওৱান ৰিলিজন), এজন ঈশ্বৰ (ওৱান গড)। এতিয়া চৰকাৰে লিখেও এজনেই ঈশ্বৰ, তেন্তে আকৌ সৰ্বব্যাপী বুলি কিয় কয়? এজন ঈশ্বৰ বুলিতো কোনেও নামানেই। গতিকে এতিয়া তোমালোকে এয়া লিখিব লাগে। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ তৈয়াৰ কৰা, ওপৰত লিখি দিয়া সত্যযুগত যেতিয়া এওঁলোকৰ ৰাজত্ব আছিল তেতিয়া এজন ঈশ্বৰ, এটাই দৈৱী ধৰ্ম আছিল। কিন্তু মনুষ্যই একো বুজি নাপায়, মনোযোগ নিদিয়ে। মনোযোগ তেওঁলোকৰ আকৰ্ষিত হব যিসকল আমাৰ ব্ৰাহ্মণ কুলৰ হব। অন্য কোনেও নুবুজিব সেইকাৰণে বাবাই কয় বেলেগ বেলেগে বহুৱাই পাচত বুজোৱা। প্ৰ-পত্ৰ (ফৰ্ম) ভৰোৱা তেতিয়া জানিবা কিয়নো কোনোবা কাৰোবাক মানোতা হব, কোনোবাই আন কৰোবাক। সকলোকে একেলগে কেনেকৈ বুজাবা। নিজৰ নিজৰ কথা শুনাবলৈ লাগি যাব। প্ৰথমতে সুধিব লাগে কলৈ আহিছা? বি. কে. ৰ নাম শুনিছানে? প্ৰজাপিতা ব্ৰহ্মাৰ লগত আপোনাৰ কি সম্বন্ধ? কেতিয়াবা নাম শুনিছানে? আপুনি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান নহয়, আমিতো বাস্তৱত হওঁ। হওঁতে আপুনিও হয় কিন্তু বুজি নাপায়। বুজিবলৈ বহুত যুক্তিৰ প্ৰয়োজন। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মন্দিৰ আদিক দেখি সদায় এইটো স্মৃতি থাকিব লাগে যে এই সকলোবোৰ আমাৰেই স্মাৰক চিহ্ন। এতিয়া আমি এনেকুৱা লক্ষ্মী-নাৰায়ণ হৈ আছোঁ।

(2) গৃহস্থ ব্যৱহাৰত থাকিও কমল ফুলৰ দৰে হৈ থাকিব লাগে। হংস আৰু বগলী একেলগে আছা গতিকে বহুত যুক্তিৰে চলিব লাগে। সহ্যও কৰিব লাগে।

বৰদান:
মায়াৰ বন্ধনবোৰৰ পৰা সদায় মুক্ত হৈ থাকোঁতা যোগযুক্ত, বন্ধনমুক্ত হোৱা

বন্ধনমুক্তৰ চিন হ'ল সদায় যোগযুক্ত। যোগযুক্ত সন্তানে দায়িত্বৰ বন্ধন অথবা মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ থাকিব। মনৰো যাতে বন্ধন নাথাকে। লৌকিক দায়িত্বতো খেল হয়, সেয়েহে নিৰ্দেশনা অনুসৰি খেলৰ ৰীতিৰে হাঁহি হাঁহি খেলা তেতিয়া সৰু সৰু কথাত ভাগৰি নপৰিবা। যদিহে বন্ধন বুলি ভাবা তেন্তে বিৰক্ত হোৱা। কি, কিয় আদি প্ৰশ্ন উদয় হয়। কিন্তু দায়িত্ব পিতাৰ তোমালোক কেৱল নিমিত্ত হোৱা। এইটো স্মৃতিৰে বন্ধনমুক্ত হোৱা তেতিয়া যোগযুক্ত হৈ যাবা।

স্লোগান:
কৰণকৰাৱনহাৰৰ স্মৃতিৰে অহং (মইবৰ ভাৱ) আৰু অভিমানক সমাপ্ত কৰা।