11.10.20    Avyakt Bapdada     Assame Murli     31.03.86     Om Shanti     Madhuban


*সৰ্বশক্তি সম্পন্ন হোৱা তথা বৰদান প্ৰাপ্ত কৰাৰ বৰ্ষ*


আজি সকলো খাজনাৰ মালিকে, নিজৰ মাষ্টৰ সন্তানসকলক চাই আছেহঁক। বালক তথা মালিক, কিমানলৈকে হৈছে, এয়া চাই আছে। এই সময়ত যেতিয়া শ্ৰেষ্ঠ আত্মাসকল সৰ্বশক্তিৰ খাজনাৰ মালিক হয় সেই মালিক হোৱাৰ সংস্কাৰে ভৱিষ্যতেও বিশ্বৰ মালিক কৰি তোলে। তেন্তে কি দেখিলে? বালকতো সকলোৱে হয়, বাবা আৰু মই, এইটো নিষ্ঠা সকলো সন্তানৰে ভালকৈ হৈছে। বালক হোৱাৰ নিচাতো সকলোৰে আছে কিন্তু বালক তথা মালিক অৰ্থাৎ পিতাৰ সমান সম্পন্ন। বালক হোৱাৰ স্থিতি আৰু মালিক হোৱাৰ স্থিতি, এই ক্ষেত্ৰত পাৰ্থক্য দেখিলে। মালিক হোৱা অৰ্থাৎ প্ৰতিটো খোজত স্বতঃ সম্পন্ন স্থিতি নিজৰো হ'ব আৰু আনৰ প্ৰতিও হ'ব। ইয়াকে কোৱা হয় মাষ্টৰ অৰ্থাৎ বালক তথা মালিক। মালিক হোৱাৰ বিশেষত্ব - যিমানেই মালিক হোৱাৰ নিচা সিমানেই বিশ্ব সেৱাধাৰীৰ সংস্কাৰ সদায় জাগ্ৰত (ইমাৰ্জ) ৰূপত থাকে। যিমানেই মালিক হোৱাৰ নিচা সিমানেই লগে লগে বিশ্ব সেৱাধাৰীৰ নিচা। দুয়োটাতে সমানতা হওঁক। এয়া হ'ল পিতাৰ সমান মালিক হোৱা। গতিকে এই ফলাফল চাই আছিল যে বালক আৰু মালিক দুয়োটা স্বৰূপ সদায়েই প্ৰত্যক্ষ কৰ্মত আহে নে কেৱল জ্ঞানতে সীমাৱদ্ধ! কিন্তু জ্ঞান আৰু প্ৰত্যক্ষ কৰ্মত অন্তৰ আছে। কোনো কোনো সন্তানক এই সমানতাত পিতাৰ সমান প্ৰত্যক্ষ কৰ্মৰ ৰূপত ভাল দেখিলে। কোনো কোনো সন্তান এতিয়াও বালকৰ অৱস্থাত থাকে কিন্তু মালিকৰ অৱস্থাৰ সেই আত্মিক নিচাত পিতাৰ সমান হোৱাৰ শক্তিশালী স্থিতিত কেতিয়াবা স্থিত হয় আৰু কেতিয়াবা স্থিত হোৱাৰ চেষ্টা কৰোঁতে সময় গুচি যায়।

সকলো সন্তানৰে এইটোয়ে শ্ৰেষ্ঠ লক্ষ্য আছে যে পিতাৰ সমান হবই লাগিব। লক্ষ্য শক্তিশালী হয়। এতিয়া লক্ষ্যক, সংকল্প, বাণী, কৰ্ম, সম্বন্ধ-সম্পৰ্কত আনিব লাগে। ইয়াতেই পাৰ্থক্য আহি যায়। কোনো কোনো সন্তান সংকল্পলৈকে সমান স্থিতিত স্থিত হৈ থাকে। কোনোবা সংকল্পৰ লগতে বাণীলৈকেও আহি যায়। কেতিয়াবা কেতিয়াবা কৰ্মতো আহি যায়। কিন্তু যেতিয়া সম্বন্ধ, সম্পর্কত আহে, সেৱাৰ সম্বন্ধত আহে, পৰিয়ালৰ সম্বন্ধত আহে, এই সম্বন্ধ আৰু সম্পৰ্কত আহোঁতে শতকৰা হাৰ কেতিয়াবা কম হৈ যায়। পিতাৰ সমান হোৱা অৰ্থাৎ একে সময়তে সংকল্প, বাণী, কৰ্ম, সম্বন্ধ সকলোতে পিতাৰ সমান স্থিতিত থকা। কোনোবা দুটাত থাকে কোনোবা তিনিটাত থাকে। কিন্তু চাৰিওটা স্থিতি যি শুনালোঁ তাত কেতিয়াবা কেনেকুৱা কেতিয়াবা আন কেনেকুৱা হৈ যায়। গতিকে বাপদাদা সন্তানসকলৰ প্ৰতি সদায় অতি স্নেহীও হয়। স্নেহৰ স্বৰূপ কেৱল অব্যক্তৰ ব্যক্ত ৰূপত মিলন উদযাপন কৰা নহয়। কিন্তু স্নেহৰ স্বৰূপ হৈছে সমান হোৱা। বহুত সন্তানে এনেকৈ ভাবে যে বাপদাদা নিৰ্মোহী হৈ আছে। কিন্তু এয়া নিৰ্মোহী হোৱা নহয়। এয়া বিশেষ স্নেহৰ স্বৰূপ হয়।

বাপদাদাই আগতেই শুনাইছে যে বহুকালৰ প্ৰাপ্তিৰ হিচাপৰ সময় এতিয়া বহুত কম। সেইবাবে বাপদাদাই সন্তানসকলক সদায় বহুকালৰ বাবে বিশেষ দৃঢ়তাৰ তপ্যসাৰ দ্বাৰা নিজক পৈণত কৰা অৰ্থাৎ মজবুত কৰা, পৰিপক্ব কৰা ইয়াৰ বাবে বিশেষ এই বিশেষ সময় দি আছে। এনেয়েতো সোণালী জয়ন্তীততো (গল্ডেন জুবিলীততো) সকলোৱে সংকল্প কৰিলা যে সমান হম, বিঘ্ন বিনাশক হম, সমাধান স্বৰূপ হম। এই সকলো প্ৰতিজ্ঞা পিতাৰ ওচৰত চিত্ৰগুপ্তৰ ৰূপত হিচাপৰ বহীত টুকি থোৱা আছে। আজিও বহুত সন্তানে দৃঢ় সংকল্প কৰিলে। সমৰ্পন হোৱা অৰ্থাৎ নিজক সকলো প্ৰাপ্তিৰে পৰিপক্ব কৰি তোলা। সমৰ্পিত হোৱাৰ অৰ্থই হল সংকল্প, বাণী, কৰ্ম আৰু সম্বন্ধ এই চাৰিওটাতে পিতাৰ সমান হোৱা। পত্ৰ যি লিখি দিলা সেই পত্ৰ বা সংকল্প সূক্ষ্মবতনত বাপদাদাৰ ওচৰত সদাকালৰ বাবে নথিভুক্ত হৈ গল। সকলোৰে ফাইল তাত বতনত আছে। প্ৰত্যেকৰে এই সংকল্প অবিনাশী হৈ গল।

এই বছৰ সন্তানসকলে দৃঢ়তাৰ তপস্যাৰে প্ৰতিটো সংকল্পক অমৰ, অবিনাশী কৰি তুলিবৰ কাৰণে নিজৰ সৈতে দৃঢ়তাৰ অভ্যাসেৰে বাৰ্তালাপ কৰিবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে আৰু অৱতাৰ স্বৰূপ হৈ তাৰপাচত কৰ্মত অহাৰ বাবে এইটো স্থিতিক সদাকালৰ বাবে আৰু শক্তিশালী কৰাৰ কাৰণে, বাপদাদাই এই সময় দি আছে। লগতে বিশেষ ৰূপত শুদ্ধ সংকল্পৰ শক্তিৰে জমাৰ হিচাপ আৰু বঢ়াব লাগে। শুদ্ধ সংকল্পৰ শক্তিৰ বিশেষ অনুভৱ এতিয়া আৰু অন্তৰ্মুখী হৈ কৰাৰ আৱশ্যকতা আছে। শুদ্ধ সংকল্পৰ শক্তিয়ে সহজে ব্যৰ্থ সংকল্পক সমাপ্ত কৰি আনৰ প্ৰতিও শুভ ভাৱনা, শুভ কামনাৰ স্বৰূপেৰে পৰিৱৰ্তন কৰিব পাৰে। এতিয়া এই শুদ্ধ সংকল্পৰ শক্তিৰ বিশেষ অনুভৱে সহজে ব্যৰ্থ সংকল্পক সমাপ্ত কৰি দিয়ে। কেৱল নিজৰ ব্যৰ্থ সংকল্পক নহয় কিন্তু তোমালোকৰ শুদ্ধ সংকল্পই আনৰ প্ৰতিও শুভ ভাৱনা, শুভ কামনাৰ স্বৰূপেৰে পৰিৱৰ্তন কৰিব পাৰে। এতিয়া এই শুভ সংকল্পৰ শক্তিৰ পুঁজি (ষ্টক) নিজৰ প্ৰতিও জমা কৰাৰ বহুত আৱশ্যকতা আছে। মুৰুলী শুনা এইটো নিষ্ঠা বহুত ভাল। মুৰুলী অৰ্থাৎ খাজনা। মুৰুলীৰ প্ৰতিটো সাৰ কথাক (পইণ্টক) শক্তিৰ ৰূপত জমা কৰা - এয়া হল শুদ্ধ সংকল্পৰ শক্তি বৃদ্ধি কৰা। শক্তিৰ ৰূপত সকলো সময়ত কাৰ্যত লগোৱা। এতিয়া এইটো বিশেষত্বৰ প্ৰতি বিশেষ মনোযোগ (এটেনশ্চন) দিব লাগে। শুদ্ধ সংকল্পৰ শক্তিৰ মহত্ত্বক এতিয়া যিমানে অনুভৱ কৰি যাবা সিমানে মনৰ সেৱাৰো সহজ অনুভৱী হৈ যাবা। প্ৰথমেতো নিজৰ প্ৰতি শুদ্ধ সংকল্পৰ শক্তি জমা থাকিব লাগে আৰু লগতে তোমালোক সকলো পিতাৰ সৈতে বিশ্বৰ কল্যাণকাৰী আত্মাসকল বিশ্ব পৰিৱৰ্তক আত্মা হোৱা। বিশ্বৰ প্ৰতিও এই শুদ্ধ সংকল্পৰ শক্তিৰ দ্বাৰা পৰিৱৰ্তন কৰাৰ কাৰ্য এতিয়াও বহুত বাকী আছে। যিদৰে বৰ্তমান সময়ত ব্ৰহ্মা পিতা অব্যক্ত ৰূপধাৰী হৈ শুদ্ধ সংকল্পৰ শক্তিৰে তোমালোক সকলোৰে প্রতিপালন কৰি আছে। সেৱাৰ বৃদ্ধিৰ সহযোগী হৈ আগবঢ়াই লৈ গৈ আছে। এই বিশেষ সেৱা শুদ্ধ সংকল্পৰ শক্তিৰে চলি আছে। গতিকে ব্ৰহ্মা পিতাৰ সমান এতিয়া এইটো বিশেষত্বক নিজৰ মাজত বঢ়োৱাৰ তপস্যাৰ ৰূপত অভ্যাস কৰিব লাগে। তপস্যা অৰ্থাৎ দৃঢ়তা সম্পন্ন অভ্যাস। সাধাৰণতাক তপস্যা বুলি কোৱা নহয় গতিকে এতিয়া তপস্যাৰ কাৰণে সময় দি আছে। এতিয়াই কিয় দি আছে? কিয়নো এই সময় তোমালোকৰ বহুকালত জমা হৈ যাব। বাপদাদা সকলোকে বহুকালৰ প্ৰাপ্তি কৰোৱাৰ নিমিত্ত হয়। বাপদাদাই সকলো সন্তানকে বহুকালৰ ৰাজ্য-ভাগ্যৰ অধিকাৰী কৰি তুলিব বিচাৰে। গতিকে বহুকালৰ সময় বহুত কম আছে সেয়েহে প্ৰতোটো কথাৰ অভ্যাসক তপস্যাৰ ৰূপত কৰিবৰ বাবে এই বিশেষ সময় দি আছে কিয়নো সময় এনেকুৱা আহিব যেতিয়া তোমালোক সকলোৱে দাতা আৰু বৰদাতা হৈ অলপ সময়তে অনেকক দিব লাগিব। সেয়েহে সকলো খাজনাৰ জমাৰ হিচাপ সম্পন্ন কৰিবৰ বাবে সময় দি আছে।

দ্বিতীয় কথা - বিঘ্ন বিনাশক বা সমাধান স্বৰূপ হোৱাৰ যি প্ৰতিজ্ঞা কৰিছা গতিকে বিঘ্ন বিনাশক নিজৰ প্ৰতিও আৰু সকলোৰে প্ৰতিও হোৱাৰ বিশেষ দৃঢ় সংকল্প আৰু দৃঢ় স্বৰূপ দুয়োটাই হওঁক। কেৱল সংকল্প নহয় কিন্তু স্বৰূপো হওঁক। গতিকে এই বছৰ বাপদাদাই অতিৰিক্ত সুযোগ (এক্সট্ৰা চাঞ্চ) দি আছে। যিয়েই এই বিঘ্ন বিনাশক হোৱাৰ ভাগ্য লব খোজে তেওঁলোকে সেয়া এই বছৰত লব পাৰে। এই বছৰটিৰ বিশেষ বৰদান আছে। কিন্তু বৰদান লবৰ বাবে বিশেষকৈ দুটা কথাত মনোযোগ দিব লাগিব। এটাতো সদায় পিতাৰ সমান দিওঁতা হব লাগে, লোৱাৰ ভাৱনা ৰাখিব নালাগে। সন্মান দিয়ক, স্নেহ দিয়ক তেতিয়া স্নেহী হম, বা সন্মান দিয়ক তেতিয়া সন্মান দিম, নহয়। দাতাৰ সন্তান হৈ মই দিব লাগে। লোৱাৰ ভাৱনা নাৰাখিবা। শ্ৰেষ্ঠ কৰ্ম কৰি আনফালৰ পৰা পাব লাগে এইটো ভাৱনা নাৰাখিবা। শ্ৰেষ্ঠ কৰ্মৰ ফল শ্ৰেষ্ঠ হয়েই। এই জ্ঞান তোমালোকৰ আছে কিন্তু কৰাৰ সময়ত এইটো সংকল্প নাৰাখিবা। এটাতো বৰদান লোৱাৰ পাত্ৰ হবৰ বাবে সদায় দাতা হৈ থাকিবা আৰু দ্বিতীয়তে বিঘ্ন বিনাশক হব লাগে গতিকে সমাহিত কৰাৰ শক্তিৰ প্ৰতি সদায় বিশেষ ৰূপত মনোযোগ দিবা। নিজৰ প্ৰতিও সমাহিত কৰাৰ শক্তিৰ আৱশ্যক। সাগৰৰ সন্তান হয়, সাগৰৰ বিশেষত্বই হল সমাহিত কৰা। যাৰ সমাহিত কৰাৰ শক্তি থাকিব তেৱেঁই শুভ ভাৱনা, কল্যাণৰ কামনা কৰিব পাৰিব সেয়েহে দাতা হবা, সমাহিত কৰাৰ শক্তি স্বৰূপ সাগৰ হবা। এই দুটি বিশেষত্ব সদায় কৰ্মত আনিবা। অনেকবাৰ বহুত সন্তানে কয় যে ভাবিছিলো যে এয়াই কৰিম কিন্তু কৰোঁতে সলনি হৈ গল। গতিকে এইটো বছৰত চাৰিওটা কথাত একে সময়তে সমানতাৰ বিশেষ অভ্যাস কৰিব লাগিব। বুজিলা। গতিকে এটা কথা খাজনা জমা কৰাৰ আৰু দাতা হৈ দিয়াৰ সংস্কাৰ স্বাভাৱিক (নেচাৰেল) ৰূপত ধাৰণা হৈ যাওক তাৰ বাবে সময় দি আছে। বিঘ্ন বিনাশক হোৱা আৰু কৰি তোলা, এই ক্ষেত্ৰত সদাকালৰ বাবে নিজৰ নম্বৰ নিশ্চিত কৰা সুযোগ দি আছে। যিয়েই হওঁক নিজে তপস্যা কৰা আৰু আনৰ বিঘ্ন সমাপ্ত কৰাত সহযোগী হোৱা। নিজে যিমানেই সৰু হবলগীয়া নহওঁক কিন্তু এই সৰু হোৱাটোৱেই সদাকালৰ বাবে দোলনাত দোলা হয়। যিদৰে শ্ৰীকৃষ্ণক কিমান মৰমেৰে দুলাই থাকে। সেইদৰে এতিয়া পিতাই তোমালোক সন্তানসকলক নিজৰ কোলাৰ দোলনাত দুলাব আৰু ভৱিষ্যতে ৰত্ন খচিত দোলনাত দুলিবা আৰু ভক্তিত পূজ্য হৈ দোলনাত দুলিবা। গতিকে সৰু হোৱা, মৰি যোৱা এয়া মহানতা হয়। মই কিয় সৰু হম, এওঁ সৰু হওক, এই ক্ষেত্ৰত নিজক কম বুলি নাভাবিবা। এই সৰু হোৱাতো মহানতা হয়। এই মৰাতো মৰা নহয়, অবিনাশী প্ৰাপ্তিৰে জয়ী হোৱা হয় সেয়েহে সদায় বিঘ্ন বিনাশক হবা আৰু আনকো কৰি তুলিবা। এই ক্ষেত্ৰত প্ৰথম বিভাগত (ফাষ্ট ডিভিজনত) অহাত যিয়ে সুযোগ লব খোজে তেওঁ লব পাৰে। এই বিশেষ সুযোগ লোৱাৰ সময়ৰ মহত্ব বাপদাদাই শুনাই আছে। গতিকে সময়ৰ মহত্বক জানি তপস্যা কৰিবা।

তৃতীয় কথা - সময় অনুসৰি যিমান বায়ুমণ্ডলত অশান্তি আৰু অস্থিৰতা বাঢ়ি গৈ আছে সেই অনুসৰি বুদ্ধিৰ লাইন বহুত স্পষ্ট হোৱা উচিত কিয়নো সময় অনুসৰি প্ৰেৰণা পোৱা আৰু তাক গ্ৰহণ (টাচিং আৰু কেট্‌চিং) কৰা এই দুটি শক্তিৰ আৱশ্যকতা আছে। এটাতো হৈছে বাপদাদাৰ নিৰ্দেশনাক (ডাইৰেক্সনক) বুদ্ধিৰে গ্ৰহণ কৰিব পৰা। যদি লাইন স্পষ্ট নহয় তেন্তে পিতাৰ নিৰ্দেশনাৰ লগত মনমতো মিহলি হৈ যায়। আৰু মিহলি হোৱাৰ কাৰণে সময়ত প্ৰবঞ্চিত হব পাৰে। যিমান বুদ্ধি স্পষ্ট হব সিমান পিতাৰ নিৰ্দেশনাক স্পষ্টকৈ গ্ৰহণ কৰিব পাৰিবা। আৰু যিমান বুদ্ধিৰ লাইন স্পষ্ট হব সিমানে নিজৰ উন্নতিৰ প্ৰতি, সেৱাৰ বৃদ্ধিৰ প্ৰতি আৰু সকলো আত্মাৰ দাতা হৈ দিয়াৰ শক্তি সহজে বাঢ়ি যাব আৰু প্ৰেৰিত হব এই সময়ত এই আত্মাটিৰ প্ৰতি সহজ সেৱাৰ সাধন বা স্ব-উন্নতিৰ সাধন এয়াই যথাৰ্থ হয়। গতিকে বৰ্তমান সময় অনুসৰি এই দুয়োটা শক্তিৰ বহুত আৱশ্যকতা আছে। ইয়াক বঢ়াবৰ বাবে একনামী আৰু ইকনমী (এজনৰ নাম লওঁতা আৰু মিতব্যয়ী) হবা। এজন পিতা দ্বিতীয় কোনো নাই। আনৰ প্ৰতি আসক্তি সেয়া বেলেগ বস্তু। আসক্তিতো অশুদ্ধ হয়েই কিন্তু আনৰ স্বভাৱৰ প্ৰভাৱে নিজৰ অৱস্থা অস্থিৰ কৰি দিয়ে। আনৰ সংস্কাৰে বুদ্ধিক সংঘৰ্ষত লৈ আনে। সেই সময়ত বুদ্ধিত পিতা থাকে নে সংস্কাৰ থাকে? আসক্তিৰ ৰূপত বুদ্ধিক প্ৰভাৱিত কৰক, সংঘৰ্ষৰ ৰূপত বুদ্ধিক প্ৰভাৱিত কৰক কিন্তু বুদ্ধিৰ লাইন সদায় স্পষ্ট হওক। এজন পিতা আৰু দ্বিতীয় কোনো নাই ইয়াক কোৱা হয় একনামী আৰু ইকনমী (মিতব্যয়ী) কি হয়? কেৱল স্থূল ধনৰ ৰাহি কৰাক ইকনমী বুলি নকয়। সেয়াও প্ৰয়োজন, কিন্তু সময়ো ধন হয়, সংকল্পও ধন হয়, শক্তিবোৰো ধন হয়, এই সকলোৰে ইকনমী। ব্যৰ্থত নষ্ট নকৰিবা। ইকনমী কৰা অৰ্থাৎ জমাৰ হিচাপ বঢ়োৱা। একনামী আৰু ইকনমীৰ সংস্কাৰধাৰীসকলে এই দুয়োটা শক্তিৰ (টাচিং আৰু কেট্‌চিং) অনুভৱ কৰিব পাৰিব। আৰু এই অনুভৱ বিনাশৰ সময়ত কৰিব নোৱাৰে, ইয়াৰ অভ্যাস এতিয়াৰ পৰাই লাগে। তেতিয়া সময়ত এই অভ্যাসৰ কাৰণে অন্তত শ্ৰেষ্ঠ মত আৰু গতি পাব পাৰিবা। তোমালোকে ভাবা যে এতিয়া বিনাশৰ সময় অলপতো বাকী আছে। লাগিলে 10 বছৰেই হওক কিন্তু 10 বছৰৰ পাচত এই পুৰুষাৰ্থ কৰিব নোৱাৰিবা। যিমানেই পৰিশ্ৰম নকৰা, কৰিব নোৱাৰিবা। দুৰ্বল হৈ যাবা। আকৌ অন্তত যুদ্ধতেই যাব। সফলতাত নহয়। ত্ৰেতাযুগীতো হব নালাগে নহয় জানো। পৰিশ্ৰম অৰ্থাৎ ধনু-কাঁড়। সদায় স্নেহত থকা, আনন্দত থকা অৰ্থাৎ মুৰুলীধৰ হোৱা, সূৰ্যবংশী হোৱা। মুৰুলীয়ে নচুৱায় আৰু ধনু-কাঁৰে লক্ষ্য ভেদ কৰাৰ কাৰণে পৰিশ্ৰম কৰোৱায়। ধনুৰ্ধৰ নহয় মুৰুলীধৰ হব লাগে। গতিকে পাচলৈ কোনেও আপত্তি যাতে নকৰা যে পুনৰ অলপ অতিৰিক্ত সময় দি দিয়ক। সুযোগ দিয়ক বা কৃপা কৰক। এনেকুৱা নচলিব সেয়েহে আগতেই শুনাই আছোঁ। আগতেই আহিছে বা পাচত আহিছে কিন্তু সময় অনুসৰিতো সকলোৰে অন্তিম অৱস্থাত (ষ্টেজত) উপনীত হোৱাৰ সময় হয়। গতিকে এনেকুৱা দ্ৰুত গতিৰে যাব লাগিব। বুজিলা। ভালবাৰু।

চাৰিওফালৰ সকলো স্নেহী সন্তানসকলক, সদায় অন্তৰ আসনধাৰী সন্তানসকলক, সদায় সন্তুষ্টিৰ ৰেঙনি দেখুওৱা সন্তানসকলক, সদায় প্ৰসন্নতাৰ ব্যক্তিত্বত থকা সন্তানসকলক, সদায় বেহদৰ বিশাল হৃদয়, বেহদৰ বিশাল বুদ্ধি ধাৰণ কৰোঁতা, বিশাল আত্মাসকলক বাপদাদাৰ স্নেহ সম্পন্ন স্মৰণ আৰু নমস্কাৰ।

বৰদান:
পাঁচ বিকাৰ ৰূপী শত্ৰুক পৰিৱৰ্তন কৰি সহযোগী কৰি তোলোঁতা মায়াজিৎ জগতজিৎ হোৱা

বিজয়ীয়ে শত্ৰুৰ ৰূপ নিশ্চয় পৰিৱৰ্তন কৰে। গতিকে তোমালোকে বিকাৰৰূপী শত্ৰুক পৰিৱৰ্তন কৰি সহযোগী স্বৰূপ কৰি তোলা যাৰ বাবে বিকাৰৰূপী শত্ৰুৱে সদায় তোমালোকক চালাম কৰি থাকিব। কাম বিকাৰক শুভকামনাৰ ৰূপত, ক্ৰোধক আত্মিক নিচাৰ ৰূপত, লোভক অনাসক্ত বৃত্তিৰ ৰূপত, মোহক স্নেহৰ ৰূপত আৰু দেহ অভিমানক স্বাভিমানৰ ৰূপত পৰিৱৰ্তন কৰি দিয়া তেতিয়া মায়াজিৎ জগতজিৎ হৈ যাবা।

স্লোগান:
বিশুদ্ধ সোণত (ৰিয়েল গল্ডত) মোৰ ভাৱেই খাদ হয়, যিয়ে মূল্য কম কৰি দিয়ে সেয়েহে মোৰ ভাৱক সমাপ্ত কৰা।