11.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল যোগ অগ্নিৰে পাপসমূহ ভস্ম কৰি সম্পূৰ্ণ সতোপ্ৰধান হ'ব লাগে, কোনো ধৰণৰ পাপ কৰ্ম কৰিব নালাগে

প্ৰশ্ন:
সত্যযুগত উচ্চ পদ কিহৰ আধাৰত প্ৰাপ্ত হয়? ইয়াৰ কোনটো নিয়ম সকলোকে শুনাব লাগে?

উত্তৰ:
সত্যযুগত পৱিত্ৰতাৰ আধাৰত উচ্চ পদ প্ৰাপ্ত হয়। যিসকলে পৱিত্ৰতা কমকৈ ধাৰণ কৰে তেওঁলোক সত্যযুগত দেৰিকৈ আহে আৰু পদো কম পায়। ইয়ালৈ যেতিয়া কোনোবা আহে তেতিয়া তেওঁলোকক নিয়ম শুনোৱা দান দিলে তেতিয়া গ্ৰহণ আঁতৰিব। 5 বিকাৰ দান দিয়া তেতিয়া আপোনালোক 16 কলা সম্পূৰ্ণ হৈ যাব। তোমালোক সন্তানসকলেও নিজৰ অন্তৰক সোধা যে আমাৰ কোনো বিকাৰতো নাই?

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায় যে মনুষ্যক কেনেকৈ বুজাবা যে এতিয়া স্বৰ্গৰ স্থাপনা হৈ আছে। 5 হাজাৰ বছৰ পূৰ্বেও ভাৰতত স্বৰ্গ আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। বিচাৰ কৰিব লাগে, সেই সময়ত কিমান মনুষ্য আছিল। সত্যযুগৰ আদিত অধিকতম 9-10 লাখ হ'ব। আৰম্ভণিত বৃক্ষ সৰুৱেই হয়। এই সময়ত যিহেতু কলিযুগৰ অন্ত গতিকে কিমান বিশাল বৃক্ষ হৈ গৈছে, এতিয়া ইয়াৰ বিনাশো নিশ্চয় হ'ব। সন্তানসকলে বুজি পায় এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। এই সময়তেই গীতাৰ ভগৱানে ৰাজযোগ শিকালে আৰু দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিলে। সংগমতেই অনেক ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা হৈছিল। সন্তানসকলে এইটোও জানে যে আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল আৰু কোনো ধৰ্ম নাছিল। এনেকুৱা নতুন সৃষ্টি স্থাপন কৰিবলৈ পিতা সংগমত আহে। এতিয়া সেয়া স্থাপন হৈ আছে। পুৰণি সৃষ্টি বিনাশ হৈ যাব। সত্যযুগত এখনেই ভাৰত খণ্ড আছিল আৰু কোনো খণ্ড নাছিল। এতিয়াতো কিমান খণ্ড আছে। ভাৰত খণ্ডও আছে কিন্তু ইয়াত আদি সনাতন দেৱী-দেৱতা ধৰ্ম নাই। সেয়া প্ৰায় লুপ্ত হৈ গ'ল। এতিয়া পুনৰ পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰি আছে। বাকী সকলো ধৰ্ম বিনাশ হৈ যায়। এইটোতো স্মৃতিত ৰাখিব লাগে যে সত্যযুগ ত্ৰেতাত আৰু কোনো ৰাজ্য নাছিল বাকী সকলোবোৰ ধৰ্ম এতিয়া আহিছে। কিমান দুখ অশান্তি মৰামৰি হৈ আছে। ভয়ানক মহাভাৰতৰ যুদ্ধও সেইখনেই। এফালে ইউৰোপবাসী যাদৱসকলো আছে। 5 হাজাৰ বছৰ পূৰ্বেও এওঁলোকে ক্ষেপনাস্ত্ৰ উদ্ভাৱন কৰিছিল। কৌৰৱ পাণ্ডৱো আছিল। পাণ্ডৱসকলৰ ফালে স্বয়ং পৰমপিতা পৰমাত্মা সহায়কাৰী আছিল। সকলোকে এয়াই কলে যে গৃহস্থ ব্যৱহাৰত থাকি মোক স্মৰণ কৰিলে তোমালোকৰ পাপ নাবাঢ়িব আৰু অতীতৰ বিকৰ্ম বিনাশ হ'ব। এতিয়াও পিতাই বুজায়, তোমালোক ভাৰতবাসীয়েই সত্যযুগত যিসকল সতোপ্ৰধান আছিলা, তেওঁলোকে এই সময়ত 84 জন্ম লৈ লৈ এতিয়া তোমালোক আত্মা তমোপ্ৰধান হৈ গৈছা। এতিয়া সতোপ্ৰধান কেনেকৈ হ'বা। সতোপ্ৰধান তেতিয়া হ'বা যেতিয়া মোক পতিত-পাৱন পিতাক স্মৰণ কৰিবা। এই যোগ অগ্নিৰেহে পাপ ভস্ম হ'ব, আত্মা সতোপ্ৰধান হৈ যাব আৰু পুনৰ স্বৰ্গত 21 জন্মৰ বাবে উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব। বাকী এই পুৰণি সৃষ্টিৰ বিনাশতো হ'বই। ভাৰত সত্যযুগত শ্ৰেষ্ঠাচাৰী আছিল আৰু সৃষ্টিৰ আদিত বহুত কম সংখ্যক মনুষ্য আছিল। ভাৰত স্বৰ্গ আছিল, দ্বিতীয় কোনো খণ্ড নাছিল। এতিয়া অন্য ধৰ্মসমূহৰ বৃদ্ধি হৈ হৈ বৃক্ষ কিমান বিশাল হৈ গৈছে আৰু তমোপ্ৰধান জৰাজীৰ্ণ হৈ গৈছে। এতিয়া এই তমোপ্ৰধান বৃক্ষৰ বিনাশ আৰু নতুন দেৱী-দেৱতা ধৰ্মৰ বৃক্ষৰ স্থাপনা নিশ্চয় হব লাগে। সংগমতেই হ'ব। এতিয়া তোমালোক সংগমত আছা। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ এতিয়া পুলি ৰোপণ হৈ আছে। পতিত মনুষ্যসকলক পিতাই পাৱন কৰি গঢ়ি আছে, তেওঁলোক পুনৰ দেৱতা হ'ব। যিসকল প্ৰথম নম্বৰত আছিল যিসকলে 84 জন্ম লৈছে। তেওঁলোকেই পুনৰ প্ৰথম নম্বৰত আহিব। সকলোতকৈ প্ৰথমে দেৱী-দেৱতাসকলৰ ভূমিকা আছিল। তেওঁলোকেই প্ৰথমে বিচ্ছেদ হৈছিল। পুনৰ তেওঁলোকৰেই ভূমিকা হ'ব লাগে নহয় জানো। সত্যযুগত হৈছেই সৰ্বগুণ সম্পন্ন...... এতিয়া হৈছে বিকাৰী সৃষ্টি, ৰাতি-দিনৰ পাৰ্থক্য আছে। এতিয়া বিকাৰী সৃষ্টিক নিৰ্বিকাৰী সৃষ্টি কৰি কোনে গঢ়ি তুলিব। আহ্বানো জনায় - হে পাৱন কৰি গঢ়ি তোলোঁতা আহক। এতিয়া তেওঁ আহিছে। পিতাই কয় - মই তোমালোকক নিৰ্বিকাৰী কৰি গঢ়ি আছোঁ। এই বিকাৰী সৃষ্টিৰ বিনাশৰ বাবে যুদ্ধ লাগিব। এতিয়া তেওঁলোকে কয় এক মত কেনেকৈ হ'ব কিয়নো এতিয়া অনেক মত আছে নহয় জানো। ইমান অনেক মত-মতান্তৰৰ মাজত এক ধৰ্মৰ মত কোনে স্থাপন কৰিব। পিতাই বুজায় - এতিয়া এক মতৰ স্থাপনা হৈ আছে। বাকী সকলো বিনাশ হৈ যাব। আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বী যিসকল পাৱন আছিল, তেওঁলোকেই পুনৰ 84 জন্ম ভোগ কৰি এতিয়া পতিত হৈ গৈছে। পুনৰ পিতা আহি ভাৰতবাসীক পুনৰাই স্বৰ্গৰ উত্তৰাধিকাৰ দি আছে অৰ্থাৎ অসুৰৰ পৰা দেৱতা কৰি গঢ়ি আছে। তোমালোকে যিকোনো লোককে বুজাব পাৰা যে পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। এতিয়া তোমালোক জ্ঞান চিতাত বহা। জ্ঞান চিতাত বহিলে তোমালোক পাৱন হৈ যোৱা। আকৌ দ্বাপৰত ৰাৱণ ৰাজ্য হোৱাৰ বাবে কাম চিতাত বহোঁতে বহোঁতে সৃষ্টি ভ্ৰষ্টাচাৰী হৈ গৈছে। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে দেৱী-দেৱতাসকল আছিল। অলপ মনুষ্য আছিল। এতিয়াতো কিমান অসুৰিক হৈ গৈছে। অন্য ধৰ্মসমূহো যোগ হৈ বৃক্ষ জোপা ডাঙৰ হৈ গৈছে। পিতাই বুজায় - বৃক্ষ জৰাজীৰ্ণ হৈ গৈছে। এতিয়া মই পুনৰ এক মতৰ ৰাজ্য স্থাপন কৰিব লাগে। ভাৰতবাসীয়ে কয়ো যে এক ধৰ্ম এক মত হওক। এইটো ভাৰতবাসীয়ে পাহৰি গৈছে যে সত্যযুগত এটাই ধৰ্ম আছিল। ইয়াততো অনেক ধৰ্ম আছে। এতিয়া পিতা আহি পুনৰাই এক ধৰ্মৰ প্ৰতিষ্ঠা কৰি আছে। তোমালোক সন্তানসকলে ৰাজযোগ শিকি আছা। নিশ্চয় ভগৱানেহে ৰাজযোগ শিকাব। এইটো কোনেও নাজানে। যেতিয়া কোনোবাই প্ৰদৰ্শনী উদ্‌ঘাটন কৰিবলৈ আহে তেতিয়া তেওঁলোককো বুজাব লাগে আপুনি কিহৰ উদ্‌ঘাটন কৰে। পিতাই এই ভাৰতক স্বৰ্গ কৰি গঢ়ি আছে। বাকী নৰকবাসী সকলো বিনাশ হৈ যাব। বিনাশৰ পূৰ্বে যিসকলে পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব বিচাৰে তেন্তে আহি বুজক। এয়া বী.কে.সকলৰ যি আশ্ৰম আছে এয়া হৈছে আছুতীয়া শ্ৰেণীকোঠা, ইয়াত 7 দিন পাঠ পঢ়িব লাগে যাতে 5 বিকাৰ আঁতৰি যায়। দেৱতাসকলৰ এই 5 বিকাৰ নাথাকে। এতিয়া ইয়াত 5 বিকাৰৰ দান দিব লাগে, তেতিয়াহে গ্ৰহণ আঁতৰিব। দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। তেতিয়া তোমালোক 16 কলা সম্পূৰ্ণ হৈ যাবা। ভাৰত সত্যযুগত 16 কলা সম্পূৰ্ণ আছিল, এতিয়াতো কোনো কলাই নাথাকিল। সকলো কঙাল হৈ গৈছে। কোনোবা উদ্‌ঘাটন কৰিবলৈ আহে, কোৱা, ইয়াৰ নিয়ম হৈছে, পিতাই কয় 5 বিকাৰ দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। তোমালোক 16 কলা সম্পূৰ্ণ দেৱতা হৈ যাবা। পৱিত্ৰতা অনুসৰি পদ পাবা। বাকী যদি কিবা নহয় কিবা কলাৰ অভাৱ থাকি যায় তেন্তে জন্মও দেৰিকৈ ল'বা। বিকাৰৰ দান দিয়াতো ভাল কথা নহয় জানো। চন্দ্ৰৰ গ্ৰহণ লাগে তেতিয়া আগতে ব্ৰাহ্মণসকলে দান লৈছিল। এতিয়াতো ব্ৰাহ্মণসকল বিশিষ্ট ব্যক্তি হৈ গৈছে। গৰিব বেচেৰাসকলেতো ভিক্ষা মাগি ফুৰে, পুৰণা কাপোৰ আদিও লৈ থাকে। বাস্তৱত ব্ৰাহ্মণে পুৰণা কাপোৰ নলয়, তেওঁলোকক নতুন দিয়া হয়। গতিকে এতিয়া তোমালোকে বুজোৱা ভাৰত 16 কলা সম্পূৰ্ণ আছিল। এতিয়া লৌহযুগী হৈ গৈছে। 5 বিকাৰৰ গ্ৰহণ লাগি আছে। এতিয়া তোমালোকে 5 বিকাৰ দান দি এই অন্তিম জন্ম পৱিত্ৰ হৈ থাকিলে তেতিয়া নতুন সৃষ্টিৰ মালিক হ'বাগৈ। স্বৰ্গত বহুত কম সংখ্যক আছিল। পাছলৈ বৃদ্ধি হৈছে। এতিয়াতো বিনাশো সমাগত। পিতাই কয় - 5 বিকাৰ দান দিয়া তেতিয়া গ্ৰহণ আঁতৰি যাব। এতিয়া তোমালোক শ্ৰেষ্ঠাচাৰী হৈ স্বৰ্গৰ সূৰ্যবংশী ৰাজ্য ল'ব লাগে, গতিকে ভ্ৰষ্টাচাৰ এৰিব লাগিব। 5 বিকাৰ দান দিয়া। নিজৰ অন্তৰক সোধা - মই সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী হৈছোঁনে? নাৰদৰ দৃষ্টান্ত আছে নহয় জানো। এটাও যদি বিকাৰ থাকে তেন্তে লক্ষ্মীক কেনেকৈ বৰণ কৰিব পাৰিবা। চেষ্টা কৰি থাকা, খাদত (বিকাৰ লেপত) জুই লগাই থাকা। যেতিয়া সোণ গলায়, গলি থাকোঁতে যদি জুই ঠাণ্ডা হৈ যায় তেতিয়া খাদ আতঁৰি নাযায়, সেয়েহে সম্পূৰ্ণ জুইত গলায়। আকৌ যেতিয়া দেখে যে আৱৰ্জনা সমূহ আঁতৰি গৈছে তেতিয়া সাঁচত ঢালি গঢ় দিয়ে। পিতাই এতিয়া নিজেই কয় - কোনো ধৰণৰ বিকাৰত নাযাবা। তীব্ৰ বেগেৰে পুৰুষাৰ্থ কৰা। প্ৰথমেতো পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰা। বাবা আপুনি পাৱন কৰি তুলিবলৈ আহিছে, আমি বিকাৰত নাযাওঁ। দেহী-অভিমানী হ'ব লাগে। পিতাই আমাক আত্মাসকলক বুজায়। তেওঁ সৰ্বোচ্চ আত্মা। তোমালোকে জানা আমি পতিত। আত্মাতহে সংস্কাৰ থাকে। মই তোমালোকৰ পিতা তোমালোক আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰোঁ। এনেকৈ কোনেও ক'ব নোৱাৰে - মই তোমালোকৰ পিতা পৰমাত্মা হওঁ। মই আহিছোঁ পাৱন কৰি তুলিবলৈ। তোমালোক পোন-প্ৰথমে সতোপ্ৰধান আছিলা পুনৰ সতো, ৰজো, তমোত আহিলা। তমোপ্ৰধান হৈ গলা। এই সময়ত 5 তত্বও তমোপ্ৰধান সেয়েহে দুখ দিয়ে। প্ৰতিটো বস্তুয়ে দুখ দিয়ে। এই তত্বসমূহেই যেতিয়া সতোপ্ৰধান হয় - তেতিয়া সুখ দিয়ে। তাৰ নামেই হৈছে - সুখধাম। এয়া হৈছে দুখধাম। সুখধাম হৈছে বেহদৰ পিতাৰ উত্তৰাধিকাৰ। দুখধাম হৈছে ৰাৱণৰ উত্তৰাধিকাৰ, এতিয়া যিমান শ্ৰীমতত চলিব, সিমান উচ্চ হ'ব। আকৌ প্ৰসিদ্ধ হৈ যাব যে কল্পই কল্পই এওঁলোকে এনেকুৱাই পুৰুষাৰ্থ কৰিব। এয়া কল্প কল্পৰ বাজী হয়। যিয়ে অধিক পুৰুষাৰ্থ কৰি আছে তেওঁলোকে নিজৰ ৰাজ্য-ভাগ্য লৈ আছে। সঠিকভাৱে পুৰুষাৰ্থ যদি কৰা নাই তেন্তে তৃতীয় বিভাগত গুচি যাব। প্ৰজাৰ ভিতৰতো নাজানো গৈ কি হ'বগৈ। লৌকিক পিতায়ো কয় তুমি মোৰ নাম বদনাম কৰা, ঘৰৰ পৰা ওলাই যোৱা। বেহদৰ পিতায়ো কয় - তোমালোকৰ এনেকুৱা মায়াৰ থাপৰ লাগিব যে সূৰ্যবংশী চন্দ্ৰবংশীত নাহিবাই। নিজেই নিজক চৰ (থাপৰ) মাৰি দিব। পিতাইতো কয় - উত্তৰাধিকাৰী হোৱা। ৰাজতিলক ল'ব বিচৰা যদি মোক স্মৰণ কৰা আৰু আনকো স্মৰণ কৰোৱা তেতিয়া তোমালোক ৰজা হ'বা। ক্ৰমানুসৰিতো হয় নহয় জানো। কোনোবা বেৰিষ্টাৰে এটা এটা মোকৰ্দমাত লাখ লাখ টকা উপাৰ্জন কৰে আৰু কিবাবে কোট চোলাও নাথাকে। পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে নহয় জানো। তোমালোকেও পুৰুষাৰ্থ কৰিলে উচ্চ পদ পাবা। মনুষ্যৰ পৰা দেৱতা হ'ব লাগে। লাগিলে মালিক হোৱা বা প্ৰজা হোৱা। প্ৰজাৰ ভিতৰতো চাকৰ-বাকৰ হ'ব। বিদ্যাৰ্থীৰ চলনৰ পৰা শিক্ষকে বুজি পাই যায়। আচৰিত কথা এইটো যে প্ৰথমৰ সকলতকৈ পাছৰসকল তীব্ৰতাৰে আগুৱাই যায় কিয়নো এতিয়া দিনে-প্ৰতিদিনে সংশোধিত সাৰ কথা পাই থাকে। পুলি ৰোপণ কৰি গৈ থাকে। প্ৰথমৰসকলৰ ভিতৰততো বহুত আঁতৰি গুচি গ'ল। নতুন যোগ হৈ গৈ থাকে। নতুন নতুন সাৰ কথা প্ৰাপ্ত হৈ থাকে। বহুত যুক্তিৰে বুজোৱা হয়। বাবাই কয় - বহুত গূঢ় গূঢ় ৰমণীয় কথা শুনায়, যাৰ দ্বাৰা তোমালোক তৎক্ষণাৎ নিশ্চয় বুদ্ধিৰ হৈ যোৱা। যিমানলৈকে মোৰ ভূমিকা আছে, তোমালোকক পঢ়াই থাকিম। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। যেতিয়া কৰ্মাতীত অৱস্থা পাবা তেতিয়া পঢ়া পূৰা হ'ব। সন্তানসকলেও বুজি পাই যাব। পাছলৈ পৰীক্ষাৰ ফলাফল গম পোৱা যায় নহয় জানো। এই পঢ়াত এক নম্বৰ বিষয় হৈছে - পৱিত্ৰতাৰ। যেতিয়ালৈকে বাবাৰ স্মৃতি নাথাকে, পিতাৰ সেৱা নকৰে, তেতিয়ালৈকে আৰাম কৰিব নালাগে। তোমালোকৰ যুদ্ধ হৈছেই মায়াৰ লগত। ৰাৱণক যদিওবা জ্বলায় কিন্তু নাজানে যে এওঁ কোন হয়। দশহৰা (বিজয়া দশমী) বহুত পালন কৰে। এতিয়া তোমালোকৰ আচৰিত যেন লাগে - ৰাম ভগৱানৰ ভগৱতী সীতাক চুৰি কৰিলে। পাছত বান্দৰ সেনা ল'লে। এনেকুৱা কেতিয়াবা হ'ব পাৰে জানো? একোৱেই বুজি নাপায়। গতিকে যেতিয়া প্ৰদৰ্শনীলৈ আহে পোন-প্ৰথমে ক'ব লাগে - ভাৰতত এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তেতিয়া কিমান মনুষ্য হ'ব। 5 হাজাৰ বছৰৰ কথা। এতিয়া কলিযুগ, সেইখনেই ভয়ানক মহাভাৰতৰ যুদ্ধও আছে, পিতা আহি ৰাজযোগ শিকায়। বিনাশো হ'ব। ইয়াত এক ধৰ্ম, এক মত অথবা শান্তি কেনেকৈ হ'ব পাৰে। যিমানে একমত হ'বৰ বাবে মগজ খটুৱায় সিমানেই যুদ্ধ কৰে। পিতাই কয় - এতিয়া মই সেই সকলোৰে মাজত যুদ্ধ লগাই দি মাখন তোমালোকক দি দিওঁ। পিতাই বুজায় - যিয়ে কৰিব তেৱেঁ পাব। কোনো কোনো সন্তান পিতাতকৈও উচ্চ হ'ব পাৰে। তোমালোক মোতকৈও চহকী বিশ্বৰ মালিক হ'বাগৈ। মই নহওঁ। মই তোমালোক সন্তানসকলৰ নিষ্কাম সেৱা কৰোঁ। মই দাতা হওঁ। এনেকৈ কোনেও বুজিব নালাগে যে মই শিৱবাবাক 5 টকা দিওঁ। কিন্তু শিৱবাবাৰ পৰা 5 পদমগুণ স্বৰ্গত লওঁ। তেন্তে এয়া জানো দিয়া হ'ল। যদি ভাবে যে মই দিওঁ তেন্তে এয়াতো শিৱবাবাক বৰ অপমান কৰে। পিতাই তোমালোকক কিমান উচ্চ কৰি গঢ়ি তোলে। তোমালোকে 5 টকা শিৱবাবাৰ খাজনাত দিয়া। বাবাই তোমালোকক 5 কোটি দিয়ে। কড়িৰ পৰা হীৰা তুল্য কৰি তোলে। এনেকুৱা সংশয় কেতিয়াও নানিবা যে মই শিৱবাবাক দিলোঁ। এওঁ কিমান ভোলানাথ হয়। এনেকুৱা খেয়াল কেতিয়াও আহিব নালাগে - মই বাবাক দিওঁ। নহয়, শিৱবাবাৰ পৰা আমি 21 জন্মৰ বাবে উত্তৰাধিকাৰ লওঁ। শুদ্ধ বিচাৰেৰে যদি নিদিয়ে তেন্তে স্বীকাৰ কেনেকৈ কৰিব। সকলোবোৰ কথাৰ বোধ বুদ্ধিত ৰাখিব লাগে। ঈশ্বৰৰ অৰ্থে দান কৰে, তেওঁ জানো ভোকাতুৰ? নহয়, বুজি পায় যে মই পৰৱৰ্তী জন্মত পাম। এতিয়া তোমালোকক পিতাই বহি কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি বুজায়। ইয়াত যি কৰ্ম কৰিবা সেয়া বিকৰ্মই হ'ব কিয়নো ৰাৱণ ৰাজ্য হয়। সত্যযুগত কৰ্ম অকৰ্ম হৈ যায়। মই এতিয়া তোমালোকক সেইখন সৃষ্টিলৈ স্থানান্তৰ কৰোঁ, য'ত তোমালোকৰ দ্বাৰা বিকৰ্ম নহ'বই। বহুত সন্তান হৈ যাব তেতিয়া তোমালোকৰ ধনো কি কৰিম। মই কেঁচা বেপাৰী নহয় যে লম আৰু কামত নাহিব, যাৰ বাবে আকৌ ভৰপূৰ কৰি দিব লাগিব। মই পৰিপক্ক বেপাৰী। কৈ দিম প্ৰয়োজন নাই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) তীব্ৰ বেগেৰে পুৰুষাৰ্থ কৰি বিকাৰৰ খাদ (লেপ) যোগৰ অগ্নিত গলাই দিব লাগে। পৱিত্ৰতাৰ পূৰা প্ৰতিজ্ঞা কৰিব লাগে।

(2) কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিক বুদ্ধিত ৰাখি নিজৰ সকলোবোৰ নতুন সৃষ্টিৰ কাৰণে স্থানান্তৰ কৰি দিব লাগে।

বৰদান:
নিজৰ বুদ্ধি ৰূপী নেত্ৰক স্পষ্ট আৰু সাৱধান কৰি ৰাখোঁতা মাষ্টৰ জ্ঞানপূৰ্ণ, শক্তিপূৰ্ণ হোৱা

যিদৰে জ্যোতিষীয়ে নিজৰ জ্যোতিষ শাস্ত্ৰৰ জ্ঞানেৰে, গ্ৰহৰ জ্ঞানেৰে আগন্তুক বিপদসমুহক জানি লয়, সেইদৰে তোমালোক সন্তানসকলে আগতীয়াকৈ মায়াৰ দ্বাৰা আহিবলগীয়া কাকতক (পৰিস্থিতিক) চিনাক্ত কৰি সন্মান সহকাৰে উত্তীৰ্ণ হ'বৰ বাবে নিজৰ বুদ্ধি ৰূপী নেত্ৰক স্পষ্ট কৰি তোলা আৰু সাৱধান হৈ থাকা। দিনে-প্ৰতিদিনে স্মৃতিৰ বা শান্তিৰ শক্তিক বঢ়োৱা তেতিয়া আগতেই গম পাবা যে আজি কিবা হ'বলগীয়া আছে। মাষ্টৰ জ্ঞানপূৰ্ণ, শক্তিপূৰ্ণ হোৱা তেতিয়া কেতিয়াও পৰাজয় হ'ব নোৱাৰে।

স্লোগান:
পৱিত্ৰতাই নবীনতা আৰু ইয়েই জ্ঞানৰ আধাৰ।