12.02.19 Morning Assame Murli Om Shanti BapDada Madhuban
" মৰমৰ সন্তানসকল – (
তোমালোকক শিকাওঁতা ) শিক্ষকজন বিদেহী হয় সেয়েহে স্মৃতিত থাকিবলৈ যত্ন কৰিব লাগে ,
স্মৰণ কৰোঁতে - কৰোঁতে যেতিয়া পৰীক্ষা শেষ হ ’ ব তেতিয়া ঘৰলৈ গুছি যা বা গৈ ”
প্ৰশ্ন:
সন্তানসকলে
স্মৃতিত থাকিবলৈ যত্ন কৰিব লাগে , কোনটো কথাত কেতিয়াও প্ৰবঞ্চিত হ ’ ব নালাগে ?
উত্তৰ:
আত্মাৰ
সাক্ষাৎকাৰ হ’ল, জিলমিল দেখিলা - ইয়াৰ পৰা কোনো লাভ নহয়, এনেকুৱা নহয় যে
সাক্ষাৎকাৰৰ দ্বাৰা বা বাবাৰ দৃষ্টি পৰিলে পাপ খণ্ডন হৈ যাব বা মুক্তি পোৱা যাব।
নহয়। তেনেকৈ ভাবিলে আৰু বেছিকৈহে প্ৰবঞ্চিত হৈ যাবা। স্মৃতিত থাকিবলৈ যত্ন কৰা,
যত্ন কৰিলেহে কৰ্মাতীত অৱস্থা প্ৰাপ্ত হ'ব। এনেকুৱা নহয় যে বাবাই দৃষ্টি দিলে
তোমালোক পবিত্ৰ হৈ যাবা। যত্ন কৰিব লাগে।
ওঁম্ শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বুজায়, পঢ়ায়, যোগ শিকায়। যোগ কোনো ডাঙৰ কথা নহয়। যেনেকৈ
সন্তানসকলে যেতিয়া পঢ়ে তেতিয়া যোগতো নিশ্চয় শিক্ষকৰ প্ৰতি থাকে যে আমাক অমুক শিক্ষকে
পঢ়ায়- নিজৰ সমান কৰি তুলিবলৈ। এইম অৱজেক্টতো (লক্ষ্য উদ্দেশ্যতো) থাকেই। বুজি পায়
যে অমুক শ্ৰেণীত পঢ়ি আছো। তাত শিক্ষকে ক’ব নালাগে যে মোৰ লগত যোগ লগোৱা। অট’মেটিকেলি
(আপোনাআপুনি) পঢ়াওঁতাজনৰ লগত যোগ থাকেই। গোটেই দিনতো নপঢ়ায়। সেয়াটো জন্ম-জন্মান্তৰ
পঢ়ি আহিছা। অভ্যাস হৈ যায়। ইয়াত তোমালোকৰ একেবাৰে নতুন অভ্যাস। এইজন দেহধাৰী শিক্ষক
নহয়। এয়া হৈছে বিদেহী শিক্ষক, যি জন প্ৰতি 5 হাজাৰ বছৰৰ পাছত তোমালোকৰ সৈতে মিলিত
হয়। তেওঁ নিজেই কয়, মই তোমালোকৰ দেহধাৰী শিক্ষক নহয়, সেই কাৰণে স্মৃতি স্থায়ী হৈ
নাথাকে। নিজকে আত্মা বুলি বুজিব লাগে যে মোক পৰমপিতা পৰমাত্মা টিচাৰে (শিক্ষকে)
পঢ়াই অছে। যেতিয়ালৈকে পৰীক্ষাত পাছ নকৰা (উত্তীৰ্ণ নোহোৱা) তেতিয়ালৈকে শিক্ষকক
নিশ্চয় স্মৰণ কৰি থাকিব লাগিব। স্মৰণ কৰোঁতে-কৰোঁতে পৰীক্ষাত পাছ হৈ যাবা, তেতিয়া
ঘৰলৈ গুছি যাবাগৈ। পৰীক্ষা সম্পূৰ্ণ হোৱাৰ লগে-লগে ড্ৰামা (নাটক) অন্ত হৈ যায়। আকৌ
তোমালোক সন্তানসকলে জানা যে আমাৰ আত্মাত 84 জন্মৰ পাৰ্ট (ভূমিকা) নিহিত হৈ আছে যি
আমি পালন কৰিব লাগিব। এয়াও এতিয়াহে গম পোৱা। পিছত তাত এই কথা স্মৃতিত নাথাকিব। ইয়াত
তোমালোকে সকলো জ্ঞান প্ৰাপ্ত কৰা। শিক্ষকেহে বহি লৈ গোটেই জ্ঞান সন্তানসকলক বুজায়,
যিবোৰ বুজি গৈ থাকিব লাগে আৰু স্মৃতিতো নিশ্চয় থাকিব লাগে। পিতাই বাৰে বাৰে কয়
‘মনমনাভৱ’ (মনে মনে কেৱল মোক স্মৰণ কৰি থাকা)। ‘মনমনাভৱ’ৰ অৰ্থও আছে। সন্তানসকলে
বুজি পায় যে শব্দটো শুদ্ধ। পিতাই নিজে কয়, মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব,
এই ক্ষেত্ৰত সময়তো লাগেই। নিজকে পৰীক্ষা কৰিব লাগে। পঢ়াত যেনেকৈ বিভিন্ন বিষয় থাকে
- হিষ্ট্ৰি (বুৰঞ্জী), হিচাব-নিকাচ (গণিত), বিজ্ঞান ইত্যাদি। বিদ্যাৰ্থীয়ে বুজি পায়
যে মই কিমান দূৰ উত্তীৰ্ণ হ'ম। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি ইমান ইমান
নম্বৰ লৈ পাছ কৰিম। নিজকে চোৱা উচিত যে মই বাবাক পাহৰিতো নাযাওঁ। বহুতে লিখে, বাবা
মায়াই বাৰে বাৰে পাহৰাই দিয়ে। মায়াৰ বহুত ধুমুহা আহে, বিকল্প (নেতিবাচক সংকল্প) আহে।
বুজি নোপোৱা কাৰণে লিখে - বাবা ইয়াৰ দ্বাৰা পাপতো নহয়? এনেকুৱা সংকল্প বিকল্প আহি
থাকে। দেখিলে বিচাৰ আহে এইটো কৰো। ইয়াৰ দ্বাৰা পাপতো নহয়? পিতাই কয় - নহয়। পাপ
তেতিয়া হ’ব যেতিয়া কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা বিকৰ্ম কৰিবা।
বাবাই বাৰে বাৰে বুজাই থাকে, সন্তানসকলৰ জ্ঞানতো আছে, এইটোও জানে যে বিষ্ণু আৰু
কৃষ্ণৰ হাতত স্বদৰ্শন চক্ৰ কিয় দেখুওৱা হৈছে। এনেকৈ দেখুৱায় যে অকাসুৰ, বকাসুৰক বধ
কৰিলে। কিন্তু বধ কৰাৰতো কথাই নাই। এয়াতো নিজৰ পাপ ভস্ম কৰাৰ কথা। শিৱবাবাকো জানো
স্বদৰ্শন-চক্ৰধাৰী বুলি কোৱা নহ’ব। তেওঁৰ গোটেই চক্ৰৰ জ্ঞান আছে। আত্মাই পিতাৰ পৰাই
জ্ঞান পাইছে, এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰি থাকে। স্বদৰ্শন চক্ৰ ধাৰণ কৰি নিজৰ পাপ
ভস্ম কৰিব লাগে। জ্ঞান ধাৰণ কৰি পিতাক স্মৰণ কৰা। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ
হয়। প্ৰত্যেকে নিজৰ বাবে যত্ন কৰিবলগীয়া হয়। এনেকুৱা নহয় বাবাই বহি দৃষ্টি দিব যে
এওঁৰ পাপ খণ্ডন হৈ যাওঁক। পিতাই বহি বহি এইটো ধাণ্ডা নকৰে। তেওঁতো সকলোৰে ফালে চাবই।
দেখিলে বা জ্ঞান দিলে বিকৰ্ম বিনাশ নহ’ব। পিতাইতো ৰাস্তা দেখুৱাই দিয়ে এনেকৈ এনেকৈ
কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। শ্ৰীমত দিয়ে। অচ্ছা, উদাহৰণ স্বৰূপে যেতিয়া পিতা আহে
তেওঁ তোমালোকক আত্মা বুলি বুজি চায়। এনেকুৱা নহয় ইয়াৰ দ্বাৰা আমাৰ পাপ খণ্ডন হৈ যাব,
নহয়। পাপ খণ্ডন হয় নিজৰ চেষ্টাৰ দ্বাৰা। পিতাই বহি লৈ এয়া কৰিলে এয়াতো ধাণ্ডা হৈ
যাব। পিতাই বুজাইছে, এনেকৈ-এনেকৈ তোমালোকে নিজৰ পিতাক স্মৰণ কৰা। পিতা হৈছেই শ্ৰী
মত দিওঁতা। নিজে নিজৰ বাবে যত্ন কৰিব লাগে। বহুতে এনেকৈ ভাবে যে অমুক সাধু
সন্ন্যাসীৰ দৃষ্টি পালেই যথেষ্ট। কৃপা আশীৰ্বাদ লৈ-লৈ অধঃপতিতেই হৈ থাকে। তেওঁলোকে
(সাধু সন্যাসীয়ে) কি কৃপা কৰিব। তেওঁলোকেতো নিজৰ ব্রহ্ম মহতত্বকে স্মৰণ কৰিব।
পিতাইহে স্পষ্ট ৰাস্তা দেখুৱাই দিয়ে যে এনেকৈ-এনেকৈ কৰা। গায়নো কৰে - নগ্ন হৈ
আহিছিলো, নগ্ন হৈ যাব লাগিব। এই গায়নো এই সময়ৰে। পিতাৰ উক্তিবোৰ পুনৰ ভক্তিত কামত
আহে। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। পিতাইতো শ্ৰীমত দিয়ে।
এয়াও ড্ৰামাত তেওঁৰ ভূমিকা আছে। ইয়াকে তেওঁৰ সহায় বুলি ক’ব পাৰা, ড্ৰামা অনুসৰি
শ্ৰীমতৰ গায়ন কৰা হৈছে। পিতাইতো মত দিব লাগে। তেওঁ কয় নিজকে আত্মা বুলি বুজা।
এনেকুৱা নহয়, সহায় কৰি কৰ্মাতীত অৱস্থাত লৈ যাব। নহয়। সময় লাগে। বহুত যত্ন কৰিবলগীয়া
হয়। নিজকে আত্মা বুলি বুজিবলৈ বহুত ভাল অভ্যাস কৰিব লাগে। বাস্তৱিকতে মাতাসকলে বহুত
সময় পায়। পুৰুষসকল পেচাগত কাম-কাজৰ চিন্তাত থাকে। তোমালোক সন্তানসকলে পিতাক স্মৰণ
কৰি কৰি লটাৰি ল’ব লাগে। যাতে গোটেই ময়লা (মামৰ) আতৰি যায়। অনুভৱ হয় অমুক ভাল
পুৰুষাৰ্থী। চাৰ্ট ৰাখে। যেনেকৈ ভক্তিত দুই তিনি ঘণ্টাও বহি থাকে। বানপ্ৰস্থীগুৰু
আদি বহুত কৰে। কিন্তু সেইসকলকো (গুৰুক) ইমান স্মৰণ নকৰে যিমান দেৱতাসকলক স্মৰণ কৰে।
প্রকৃততে দেৱতাসকলক স্মৰণ কৰিব নালাগে। দেৱতাসকলে তোমালোকক কেতিয়াও একো নিশিকায়।
তোমালোক সন্তানসকলৰ বাবে কোনো নতুন কথা নহয় আৰু লাখ বছৰৰ কোনো কথাও নাই। পিতাতো
আহেই তেতিয়া যেতিয়া স্থাপনা আৰু বিনাশৰ কাৰ্য কৰিবলগীয়া হয়। সন্তানসকলে জানে যে এই
বিনাশতো কল্পই কল্পই হৈ থাকে। কল্পৰ আগতেও হৈছিল। তোমালোকে লিখিও থাকা 5 হাজাৰ বছৰ
আগতেও এয়া হৈছিল। পিতাই নিজৰ সৈতে মিলিত হোৱাৰ যি মাৰ্গ দেখুৱাইছে এয়া কোনো নতুন কথা
নহয়। পিতাই কয় - মই কল্পই কল্পই আহি ৰাস্তা দেখুৱাওঁ। তোমালোক সন্তানসকলে এইটো জানা
যে এইয়া আমাৰ ৰাজ্য স্থাপনা হৈ আছে। যি সকল দেৱতাৰ পূজা কৰা হয় তেওঁলোকৰ ৰাজ্য পুনৰ
স্থাপনা হৈ আছে। 5 হাজাৰ বছৰৰ চক্ৰ, যিটো ঘূৰিয়েই থাকে। মনুষ্য উন্মাদ (অস্থিৰ) হৈ
পৰে। সকলোৱে মায়াৰ মতত চলি আছে। ৰাৱণক কিয় জ্বলাই - ইয়াৰ অৰ্থ একোৱে নাজানে।
তোমালোকৰ নামেই হৈছে স্বদৰ্শন-চক্ৰধাৰী। লক্ষ্য উদ্দেশ্য সন্মুখত আছে। বাবাৰ যি
জ্ঞান আছে সেইয়া আত্মাসকলক দিছে। যেতিয়া ড্ৰামাৰ চক্ৰ পুৰা হয় তেতিয়াহে পিতা আহি
জ্ঞান দিয়ে। পিতাহে আহি এই কৰ্ম শিকায়। আকৌ বাম মাৰ্গলৈ গ’লে ৰাতি আৰম্ভ হৈ যায়।
তাৰ পিছত আমি অধঃপতিতেই হৈ থাকো। সুখ কম হৈ গৈ থাকে। তোমালোকৰ বুদ্ধিত হুবহু গোটেই
চক্ৰ আছে যেনেকৈ পিতাৰ বুদ্ধিত আছে। বাকী তোমালোকে পবিত্ৰ হ’বলৈ যত্ন কৰিবলগীয়া হয়।
আহ্বানো এই কাৰণেই কৰে যে বাবা, আমাক পতিতসকলক আহি পাৱন কৰি তোলা, আকৌ জ্ঞানো লাগে।
মনুষ্যৰ পৰা দেৱতা হ’ব লাগে। পিতা সন্তানসকলক ৰাজযোগ শিকাবলৈ আহে। আন কোনেও সেয়া
শিকাব নোৱাৰে। পতিত-পাৱন পিতাক আহ্বান কৰে – বাবা, আহি আমাক পাৱন কৰি তোলা। এতিয়া
তোমালোক পূণ্য আত্মা হৈ আছা। বিশ্বৰবুৰঞ্জী-ভূগোল আকৌ পুনৰাবৃত্তি হৈ আছে। কিমান
গূঢ় কথা। মনুষ্যই আত্মাকো নাজানে, পৰমাত্মাকো নাজানে। আত্মাৰ যি হয়, যেনেকুৱা হয়,
আত্মাৰ যেনেকুৱা ভূমিকা সেয়াও পিতাহে শুনায়। এইটো আশ্চৰ্যজনক যে অতি সূক্ষ্ম আত্মাত
কি-কি পাৰ্ট (ভূমিকা) নিহিত হৈ আছে। শুনিলেই ৰোমাঞ্চ অনুভৱ হয়। কিছুমানৰ আত্মাৰ
সাক্ষাৎকাৰ হয়। আত্মাক জিলমিল ৰূপত দেখা পায়। কিন্তু ইয়াৰ পৰা লাভ কি? ইয়াততো যোগ
লগাব লাগে। মানুহে ভাবে সাক্ষাৎকাৰ হ’ল, মুক্তি পালো। পাপ ভস্ম হৈ গ’ল। ইয়াৰ দ্বাৰা
আৰু বেছিকৈহে প্ৰবঞ্চিত হয়। পিতাইতো প্ৰতিটো কথা বুজাই থাকে। কয় - তোমালোকক গূঢ়
কথাবোৰ শুনাও। তোমালোকৰ বুদ্ধিত গোটেই চক্ৰৰ জ্ঞান আছে। মাথো বাবাক, চক্ৰক স্মৰণ
কৰিব লাগে। শিক্ষককো স্মৰণ কৰিব লাগে, জ্ঞানৰ কথাও স্মৰণ কৰিব লাগে। স্মৰণ
কৰোঁতে-কৰোঁতে ড্ৰামা অনুসৰি কৰ্মাতীত অৱস্থা পাই যাবা। যেনেকৈ নাঙঠ হৈ আহিছিলা
তেনেকৈয়ে যাব লাগিব। তোমালোকে দৈৱী সংস্কাৰ লৈ যোৱা। তাত কোনো জ্ঞান নাথাকে। ইয়াক
কোৱা হয় সহজ যোগ। যোগ শব্দই মনুষ্যক বিবুদ্ধিত পেলায়। তেওঁলোক হৈছে হঠযোগী। সহজ যোগ
পিতাইহে শিকায়। আগতে শুনিছিলা - গীতাৰ ভগৱানে সহজ যোগ শিকাইছিল। কিন্তু তেওঁক নাজানে।
100 শতাংশই ভুল বুজা বুজি হৈ গ’ল যাৰ কাৰণে মনুষ্য পতিত হৈ গৈছে। অনেক মত আছে। যি
সকল গৃহস্থ ব্যৱহাৰত আছে তেওঁলোকৰ কাৰণেই এই গীতা শাস্ত্ৰ। তোমালোক হৈছা প্ৰবৃত্তি
মাৰ্গৰ। আগতে তোমালোকৰ পবিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল, এতিয়া অপবিত্ৰ হৈ গৈছে। এতিয়া
পুনৰ পবিত্ৰ হ’ব লাগিব। পিতাতো এভাৰপিয়ৰ (সৰ্বদা পবিত্ৰ)। তেওঁ আহেই শ্ৰীমত দিবলৈ।
পিতাই কয়, এই সময়ত সকলোৱে তমোপ্ৰধান হৈ পৰিছে। প্ৰথমতে সতোপ্ৰধান আছিল। যেনেকৈ আমিও
প্ৰথমতে সতোপ্ৰধান আছিলোঁ, পুনৰ তমোপ্ৰধান হ'লো। পোপ, পাদুৰী আদি যি সকল আহিছিল
তেওঁলোকো আৰম্ভণিতে সতোপ্ৰধান হয়, পিছত এডিশ্চন (যোগ) হৈ-হৈ গোটেই বৃক্ষজোপা
তমোপ্ৰধান হৈ যায়। এতিয়াতো জৰাজীৰ্ণ অৱস্থাত আছে। তোমালোক সন্তানসকলে বুজি পোৱা যে
আমিয়েই সতোপ্ৰধান আছিলোঁ, পিছত ক্ৰমান্বয়ে তমোপ্ৰধান হৈ পৰো। পুনৰ সতোপ্ৰধান হ'ব
লাগে। ক্ৰম অনুসৰিয়ে হৈ গৈ থাকিবা। ড্ৰামা অনুসৰি। ডিটেলতো (বিস্তাৰতো) বহুত। যিদৰে
বীজে জানে কেনেকৈ গছ অংকুৰিত হয়। এই মনুষ্য সৃষ্টিৰ বৃক্ষজোপাৰ ৰহস্য পিতাইহে শুনায়।
বাগিচাৰ মালিকো তেওঁৱেই হয়। তেওঁ জানে মোৰ বাগিচা কিমান সুন্দৰ আছিল। পিতাৰতো জ্ঞান
আছে নহয় জানো। কিমান উত্তম ঈশ্বৰৰ বাগিচা আছিল। এতিয়াতো চয়তানৰ বাগিচা। চয়তান বুলি
কোৱা হয় ৰাৱণ ৰাজ্যক। য'তে-ত'তে মৰামৰি (কাজিয়া) লাগিয়েই থাকে। এতিয়া যি এট'মিক ব'ম
(আণৱিক বোমা) আছে, সেয়াও তৈয়াৰ কৰি ৰাখিছে। সকলোৱে বুজি পায় যে এয়া কোনো ৰাখি থোৱা
বস্তু নহয়, ইয়াৰ দ্বাৰা বিনাশ নিশ্চয় হ'ব। বিনাশ নহ'লে সত্যযুগ কেনেকৈ আহিব। এয়াতো
একেবাৰে স্পষ্ট, যদিও দেখুৱায় - মহাভাৰী মহাভাৰত যুদ্ধ লাগিল, 5 পাণ্ডৱ ৰক্ষা পৰিল।
তেওঁলোকো আকৌ গলি মৰিল। কিন্তু ৰিজাল্ট (ফলাফল) একোৱে নেদেখুৱায়। এয়াও পূৰ্ব
নিৰ্ধাৰিত ড্ৰামা যি পিতাই বহি বুজায়। ভাৰতকে লুটিলে, এতিয়া পুনৰ ওভতাই আছে।
অন্তলৈকে দি থাকিব। এয়াও তোমালোকে জানা যে বিনাশত সকলো শেষ হৈ যাব। যেতিয়া আমাৰ
ৰাজ্য আছিল তেতিয়া আন কোনো ৰাজ্য নাছিল। “হিষ্ট্ৰি মাষ্ট ৰিপিট” (বুৰঞ্জী
পুনৰাবৃত্তি হ’বই)। ভাৰত পুনৰ স্বৰ্গ হ’ব। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য হ’ব। অন্য কোনো
খণ্ডৰ নাম তাত নাথাকে। এতিয়া হৈছে কলিযুগৰ অন্ত, আকৌ এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য হ’ব।
আমি পুনৰ এনেকুৱা হ’ম। পিতাই কয় - মই আহিছোঁ, ৰাজযোগ শিকাবলৈ। কল্প-কল্প অনেক বাৰ
তোমালোক মালিক হৈছা। এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) সমগ্ৰ বিশ্বত ৰাজধানী আছিল। অতি
বিচক্ষণ আছিল। তাত (স্বৰ্গত) মন্ত্ৰী আদিৰ পৰা ৰায় লোৱাৰ প্ৰয়োজন নহয়। এই ড্ৰামা
পূৰ্ব নিৰ্ধাৰিত আকৌ পুনৰাবৃত্তি হ’ব। কৃষ্ণৰ মন্দিৰক কোৱা হয় সুখধাম। শিৱবাবা আহি
সুখধাম স্থাপনা কৰে। তেওঁলোকে নিজেই কয় যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ আগতে ভাৰত স্বর্গ
আছিল। প্ৰথমতে এটা ধৰ্ম আছিল, পিছত অন্য ধৰ্মবোৰ আহিল। সন্তানসকল আচম্বিত হোৱা উচিত
- বাবাই আমাক কেনেকৈ বাদশ্বাহী (সাম্ৰাজ্য) দিয়ে। পিতা আহি ভক্তিৰ ফল দিয়ে। কিমান
সহজ কথা। কিন্তু বুজিব তেওঁলোকেই যিয়ে কল্পৰ আগতেও বুজিছিল, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি।
অচ্ছা!
অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰ বাবে
মুখ্য সাৰ :
(1) স্বদৰ্শন চক্ৰক ধাৰণ কৰি নিজৰ পাপ ভস্ম কৰিব লাগে। নিজকে চম্ভালিব লাগে যাতে
কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো পাপ নহয়। কৰ্মাতীত হ’বলৈ নিজে চেষ্টা কৰিব লাগে।
(2) সাক্ষাৎকাৰৰ আশা ৰাখিব নালাগে, সাক্ষাৎকাৰৰ দ্বাৰা মুক্তি পোৱা নাযায়, পাপ
খণ্ডন নহয়, সাক্ষাৎকাৰৰ পৰা লাভ নহয়। পিতাক আৰু জ্ঞানক স্মৰণ কৰিলেহে মামৰ আতঁৰিব।
বৰদান:
নিজকে নিমিত্ত
বুলি ভাবি ব্যৰ্থ সংকল্প বা ব্যৰ্থ বৃত্তি ৰ ( ভাৱৰ ) পৰা মুক্ত হৈ থাকোঁতা বিশ্ব
কল্যাণকাৰী হোৱা
মই বিশ্ব কল্যাণৰ
কাৰ্যৰ অৰ্থে নিমিত্ত হৈছো - এইটো দায়িত্ববোধৰ স্মৃতিত থাকা তেতিয়া কেতিয়াও কাৰো
প্ৰতি বা নিজৰ প্ৰতি ব্যৰ্থ সংকল্প বা ব্যৰ্থ বৃত্তি আহিব নোৱাৰে। দ্বায়িত্বশীল
আত্মাসকলে এটাও অকল্যাণকাৰী সংকল্প কৰিব নোৱাৰে। এক চেকেণ্ডো বৃত্তি ব্যৰ্থ কৰিব
নোৱাৰে কিয়নো তেওঁলোকৰ বৃত্তিৰ দ্বাৰা বায়ুমণ্ডলৰ পৰিৱৰ্তন হ’ব লাগিব গতিকে সকলোৰে
প্ৰতি তেওঁলোকৰ শুভ-ভাৱনা, শুভ-কামনা স্বতঃ থাকে।
স্লোগান:
অজ্ঞানতাৰ শক্তি হৈছে ক্ৰোধ , জ্ঞান ৰ শক্তি হৈছে শা ন্তি ।