12.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সত্যৰ সংগ জ্ঞান মাৰ্গতহে পোৱা যায়, এতিয়া তোমালোক সত্য পিতাৰ সংগত বহি আছা, পিতাৰ স্মৃতিত থকা মানেই সৎসংগ (সত্যৰ সংগ) কৰা

প্ৰশ্ন:
তোমালোক সন্তানসকলক এতিয়াহে সৎসংগৰ আৱশ্যক হয় কিয়?

উত্তৰ:
কিয়নো তমোপ্ৰধান আত্মা এজন সৎ পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ সংগৰ দ্বাৰাহে সতোপ্ৰধান অৰ্থাৎ কলা (কুৎচিত)ৰ পৰা বগা (সুন্দৰ) হব পাৰে। সৎসংগ অবিহনে নিৰ্বল আত্মা বলৱান হব নোৱাৰে। পিতাৰ সংগৰ দ্বাৰা আত্মাত পবিত্ৰতাৰ বল আহি যায়, 21 জন্মৰ বাবে তেওঁলোকৰ নাও পাৰ হৈ যায়।

ওঁম্শান্তি।
সন্তানসকল সৎসংগত বহি আছা, সন্তানসকল এই সৎসংগত কল্পই কল্পই সংগমতহে বহে। জগতৰ লোকেতো এইটো নাজানে যে সত্যৰ সংগ কাক কোৱা হয়। এই সৎসংগ নামটি অবিনাশী চলি আহিছে। ভক্তিমাৰ্গতো কয় আমি অমুক সৎসংগত যাওঁ। দৰাচলতে ভক্তি মাৰ্গত কোনেও সৎসংগত নাযায়। সৎসংগ জ্ঞান মাৰ্গতহে হয়। এতিয়া তোমালোক সত্যৰ সংগত বহি আছা। আত্মাসকল সত্য পিতাৰ সংগত বহি আছে। অন্য কোনো ঠাইত আত্মা পৰমপিতা পৰমাত্মাৰ সংগত নবহে। পিতাক নাজানেই। যদিও কয় আমি সৎসংগলৈ যাওঁ কিন্তু তেওঁলোক দেহ-অভিমানত আহি যায়। তোমালোক দেহৰ অভিমানত নাহা। তোমালোকে বুজি পোৱা যে আমি আত্মা, সৎ বাবাৰ সংগত বহি আছোঁ। আন কোনো মনুষ্যই সত্যৰ সংগত বহিব নোৱাৰে। সত্যৰ সংগ এই নামটিও এতিয়াহে আছে। সত্যৰ সংগ ইয়াৰ অৰ্থ পিতাই বহি যথাৰ্থ ৰীতিৰে বুজায়। তোমালোক আত্মাসকলে এতিয়া পৰমাত্মা পিতা যি সত্য হয় তেওঁৰ লগত বহিছা। তেওঁ সৎ পিতা, সৎ শিক্ষক, সৎগুৰু হয়। তাৰ মানে তোমালোক সৎসংগত বহি আছা। তাৰ পাছত ইয়াতে বহা বা ঘৰতে বহা কিন্তু নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। আমি আত্মাই এতিয়া সৎ পিতাক স্মৰণ কৰি আছোঁ অৰ্থাৎ সত্যৰ সংগত আছোঁ। পিতা মধুবনত বহি আছে। পিতাক স্মৰণ কৰাৰ যুক্তিও অনেক প্ৰকাৰৰ পোৱা যায়। স্মৃতিৰ দ্বাৰাহে বিকৰ্ম বিনাশ হব। এয়াও সন্তানসকলে জানে আমি 16 কলা সম্পূৰ্ণ হওঁ আকৌ অৱৰোহণ কৰোঁতে কৰোঁতে কলা কম হৈ যায়। ভক্তিও প্ৰথমতে অব্যভিচাৰী তাৰ পাছত অৱনতি হৈ হৈ ব্যভিচাৰী ভক্তি হোৱা বাবে তমোপ্ৰধান হৈ যায় তেতিয়া তেওঁলোকক সত্যৰ সংগ নিশ্চয় লাগে। নহলে পবিত্ৰ কেনেকৈ হব? গতিকে এতিয়া তোমালোক আত্মাসকলে সৎ পিতাৰ সংগ পাইছা। আত্মাই জানে যে আমি বাবাক স্মৰণ কৰিব লাগে, তেওঁৰে সংগ হয়। স্মৃতিকো সংগ বুলি কোৱা হব। এয়া হল সত্যৰ সংগ। এই দেহ থকা সত্বেও তোমালোক আত্মাসকলে মোক স্মৰণ কৰা, এয়া হল সত্যৰ সংগ। যেনেকৈ মানুহে নকয় জানো যে এওঁ ডাঙৰ মানুহৰ সংগ পাইছে, সেইবাবে দেহ-অভিমানী হৈ গৈছে। এতিয়া তোমালোকে সত্য পিতাৰ সংগ পাইছা, যাৰ দ্বাৰা তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যোৱা। পিতাই কয় মই এবাৰে আহোঁ। এতিয়া আত্মাই পৰমাত্মাৰ সংগ পোৱা বাবে তোমালোক 21 জন্মৰ কাৰণে পাৰ হৈ যোৱা। আকৌ তোমালোকে দেহৰ সংগ লবা। এয়াও ড্ৰামা (নাটক) ৰচি থোৱা আছে। পিতাই কয় তোমালোক সন্তানসকলে মোৰ সংগ পোৱা বাবে তোমালোক সতোপ্ৰধান হৈ যোৱা, যাক গল্ডেন এজ্‌ড (সোণালী যুগ) বুলি কোৱা হয়।

সাধু-সন্ত আদিয়েতো বুজি লয় আত্মা নিৰ্লেপ হয়, সকলো পৰমাত্মাই পৰমাত্মা। তেন্তে ইয়াৰ অৰ্থ পৰমাত্মাত খাদ (বিকাৰৰ লেপ) পৰিছে। পৰমাত্মাততো খাদ পৰিব নোৱাৰে। পিতাই কয় কি মোৰ (পৰমাত্মাত) বিকাৰৰ লেপ পৰে জানো? নপৰে। মইতো সদায় পৰমধামত থাকোঁ কিয়নো মইতো জন্ম-মৰণত আহিব নালাগে। এয়া তোমালোক সন্তানসকলে জানা, তোমালোকৰ ভিতৰতো কাৰোবাৰ সংগ বেছি, কাৰোবাৰ কম। কোনোৱেতো ভালদৰে পুৰুষাৰ্থ কৰি যোগত থাকে, যিমান সময় আত্মা পিতাৰ সংগত থাকিব সিমানে লাভ হয়। বিকৰ্ম বিনাশ হব। পিতাই কয় হে আত্মাসকল, মোক পিতাক স্মৰণ কৰা, মোৰ সংগত থাকা। মই এই শৰীৰৰ আধাৰতো লবলগীয়া হয়। নহলে পৰমাত্মাই কেনেকৈ কব? আত্মাই কেনেকৈ শুনিব? এতিয়া তোমালোক সন্তানসকলৰ সংগ হৈছে সত্যৰ লগত। সৎ পিতাক নিৰন্তৰ স্মৰণ কৰিব লাগে। আত্মা সত্যৰ সংগত থাকিব লাগে। আত্মাও ৱাণ্ডাৰফুল (আচৰিত), পৰমাত্মাও ৱাণ্ডাৰফুল, জগতখনো ৱাণ্ডাৰফুল। এই সৃষ্টিখনে কেনেকৈ চক্ৰ লগায়, ৱাণ্ডাৰ হয়। তোমালোকে গোটেই ড্ৰামাখনত অলৰাউণ্ড পাৰ্ট (আদিৰ পৰা অন্তলৈকে ভূমিকা) পালন কৰা। তোমালোক আত্মাত 84 জন্মৰ পাৰ্ট নিহিত হৈ আছে ৱাণ্ডাৰ হয়। সত্যযুগী আত্মাসকল আৰু আজিকালিৰ আত্মাসকল! তাৰ ভিতৰতো তোমালোক আত্মাসকল সকলোতকৈ বেছি অলৰাউণ্ডাৰ হোৱা। নাটকত কাৰোবাৰ আৰম্ভণিৰ পৰা পাৰ্ট থাকে, কাৰোবাৰ মাজত, কাৰোবাৰ শেষৰফালে পাৰ্ট থাকে। সেয়া হৈছে সকলো হদৰ ড্ৰামা, সেয়াও এতিয়া ওলাইছে। এতিয়া চাইন্স (বিজ্ঞান)ৰ কিমান জোৰ। সত্যযুগত চাইন্সৰ কিমান বল থাকিব। নতুন সৃষ্টি কিমান তৎকালে তৈয়াৰ হব। তাত মুখ্য হৈছে পবিত্ৰতাৰ বল। এতিয়া হল নিৰ্বল। তাত হল বলৱান। এই লক্ষ্মী-নাৰায়ণ বলৱান নহয় জানো। এতিয়া ৰাৱণে বল কাঢ়ি লৈছে পুনৰ তোমালোক সেই ৰাৱণৰ ওপৰত জয়ী হৈ কিমান বলৱান হৈ যোৱা। যিমানে সত্যৰ সংগত থাকিবা অৰ্থাৎ আত্মাই যিমানে সত্য পিতাক স্মৰণ কৰে সিমানে বলৱান হয়। পঢ়াৰ দ্বাৰাও বল পোৱা যায় নহয় জানো। তোমালোকেও বল পোৱা, গোটেই বিশ্বত তোমালোকে হুকুম চলোৱা। আত্মাৰ সত্যৰ লগত যোগ সংগমতে হয়। পিতাই কয় আত্মাই মোৰ সংগ পালে বহুত বলৱান হৈ যায়। পিতা ৱল্ড্‌ অলমাইটী অথৰিটী (বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা) নহয় জানো, তেওঁৰ দ্বাৰা বল পোৱা যায়। ইয়াতে সকলো বেদ-শাস্ত্ৰৰ আদি-মধ্য-অন্তৰ জ্ঞান আহি যায়।

যেনেকৈ পিতা অলমাইটী, তোমালোকো অলমাইটী হোৱা। বিশ্বত তোমালোকে ৰাজ্য কৰা। তোমালোকৰ পৰা কোনেও কাঢ়ি লব নোৱাৰে। তোমালোকে মোৰ দ্বাৰা কিমান বল পোৱা, এৱোঁ (ব্ৰহ্মা) বল পায়, যিমানে পিতাক স্মৰণ কৰিবা সিমানে বল পাবা। পিতাই আন কোনো কষ্ট নিদিয়ে। কেৱল স্মৰণ কৰিব লাগে, বচ। 84 জন্মৰ চক্ৰ এতিয়া পুৰা হৈছে, এতিয়া উভতি যাব লাগে। এয়া বুজাতো কোনো ডাঙৰ কথা নহয়। বেছি বিস্তাৰত যোৱাৰ দৰকাৰ নাই। বীজক জানিলে বুজি পাই যায়, ইয়াৰ পৰা এই গোটেই বৃক্ষ এনেকৈ ওলায়। সংক্ষেপত বুদ্ধিলৈ আহি যায়। এয়া বহুত বিচিত্ৰ কথা। ভক্তি মাৰ্গত মনুষ্যই কিমান হাবাথুৰি খায়। মেহনত কৰে, একোৱেই নাপায়। তথাপিও পিতা আহি তোমালোকক বিশ্বৰ মালিক কৰি তোলে। আমি যোগবলৰ দ্বাৰা বিশ্বৰ মালিক হওঁ, এইটোৱে পুৰুষাৰ্থ কৰিব লাগে। ভাৰতৰ যোগ প্ৰসিদ্ধ। যোগৰ দ্বাৰা তোমালোকৰ আয়ুস কিমান বেছি হৈ যায়। সত্যৰ সংগৰ দ্বাৰা কিমান লাভ হয়, আয়ুসো বেছি আৰু কায়াও নিৰোগী হৈ যায়। এই সকলোবোৰ কথা তোমালোক সন্তানসকলৰ বুদ্ধিতে ধাৰণ কৰোৱা হয়। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে আন কাৰো সত্যৰ সংগ নাই। তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হোৱা, ককাৰ নাতি হোৱা। গতিকে ইমান আনন্দিত হৈ থকা উচিত নহয় জানো যে আমি ককাৰ নাতি হওঁ, উত্তৰাধিকাৰো ককাৰ পৰা পোৱা যায়, এয়াই স্মৃতিৰ যাত্ৰা। বুদ্ধিত এয়াই মন্থন চলি থকা উচিত। সেই সৎসংগবোৰততো গৈ এঠাইতে বহে, ইয়াত তেনেকুৱা কথা নাই। এনেকুৱা নহয় যে এঠাইত বহিলেহে সত্যৰ সংগ হব। নহয়, উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে আমি সত্যৰ সংগত আছোঁ, যদিহে তেওঁক স্মৰণ কৰি থাকা তেতিয়াহে। যদি স্মৰণ নকৰা তেন্তে দেহ- অভিমানত আছা, দেহতো অসত্য হয়। দেহক সত্য বুলি কোৱা নহয়। শৰীৰতো জড় হয়, 5 তত্ত্বৰ দ্বাৰা গঠন হোৱা, তাত আত্মা নাথাকিলে তেতিয়া লৰচৰ নকৰে। মনুষ্যৰ শৰীৰৰতো কোনো ভেল্যু (মূল্য) নাই, অন্য সকলোৰে শৰীৰৰ মূল্য আছে। সৌভাগ্যতো আত্মাৰহে হয়, মই অমুক, আত্মাই নকয় জানো। পিতাই কয় আত্মা কেনেকুৱা হৈ গৈছে, কণী, কাছ, মাছ সকলো ভক্ষণ কৰে। প্ৰত্যেকে ভস্মাসুৰ হয়, নিজক নিজেই ভস্ম কৰে। কেনেকৈ? কাম চিতাত বহি প্ৰত্যেকে নিজকে ভস্ম কৰি আছে তেন্তে ভস্মাসুৰ নহল জানো। এতিয়া তোমালোক জ্ঞান চিতাত বহি দেৱতা হোৱা। গোটেই জগত কাম চিতাত বহি ভস্ম হৈ গৈছে, তমোপ্ৰধান কলা হৈ গৈছে। পিতা সন্তানসকলক কলা (কুৎচিত)ৰ পৰা বগা (সুন্দৰ) কৰিবলৈ আহে। সেয়েহে পিতাই সন্তানসকলক বুজায় দেহ-অভিমান ত্যাগ কৰি নিজকে আত্মা বুলি বুজা। সন্তানে স্কুলত পঢ়ে তথাপি পঢ়াতো ঘৰত থাকিলেও স্মৃতিত নাথাকে জানো। এয়াও তোমালোকৰ বুদ্ধিত থকা উচিত। এয়া হল তোমালোকৰ ষ্টুডেণ্ট লাইফ্‌ (বিদ্যাৰ্থী জীৱন)। এইম্‌ অৱজেক্ট সন্মুখত আছে। উঠোঁতে, বহোঁতে, চলোঁতে বুদ্ধিত এই জ্ঞান থকা উচিত।

সন্তানসকল ইয়ালৈ আহি ৰিফ্ৰেচ (পুনৰুজ্জীৱিত) হয়, যুক্তিবোৰ বুজোৱা হয় যে এনেকৈ এনেকৈ বুজোৱা। জগতত অনেকানেক সৎসংগ থাকে। কিমান মনুষ্য আহি একত্ৰিত হয়। প্ৰকৃততে সেয়া সত্যৰ সংগতো নহয়। সত্যৰ সংগতো এতিয়া তোমালোক সন্তানসকলেহে পোৱা। পিতাহে আহি সত্যযুগ স্থাপনা কৰে। তোমালোক মালিক হৈ যোৱা। দেহ-অভিমান বা মিছা অভিমানৰ দ্বাৰা তোমালোক অৱনমিত হৈ যোৱা আৰু সত্যৰ সংগৰ দ্বাৰা তোমালোকে আৰোহণ কৰা। আধাকল্প তোমালোকে প্ৰালব্ধ ভোগ কৰা। এনেকুৱা নহয় যে তাতো (সত্যযুগত) তোমালোকৰ সত্যৰ সংগ আছে। নহয়, সত্যৰ সংগ আৰু মিছাৰ সংগ বুলি তেতিয়া কোৱা হয় যেতিয়া দুয়োটাই হাজিৰ হয়। সত্য পিতা যেতিয়া আহে, তেওঁ আহি সকলো কথা বুজায়। যেতিয়ালৈ সেই সত্য পিতা নাহে তেতিয়ালৈ কোনেও নাজানেই। এতিয়া পিতাই তোমালোক সন্তানসকলক কয় হে আত্মাসকল, মোৰ সংগত থাকা। দেহৰ যি সংগ পাইছা তাৰ পৰা উপৰাম হৈ যোৱা। দেহৰ সংগ যদিও সত্যযুগতো থাকিব কিন্তু তাত তোমালোক পাৱনেই হোৱা। এতিয়া তোমালোক সত্যৰ সংগৰ দ্বাৰা পতিতৰ পৰা পাৱন হোৱা তেতিয়া শৰীৰো সতোপ্ৰধান পাবা। আত্মাও সতোপ্ৰধান হৈ থাকিব। এতিয়াতো সৃষ্টিও তমোপ্ৰধান। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি হয়। নতুন সৃষ্টিত যথাৰ্থতে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। এতিয়া সেইটো ধৰ্ম নোহোৱা কৰি আদি সনাতন হিন্দু ধৰ্ম বুলি কৈ দিয়ে, বিবুদ্ধিত পৰি আছে। এতিয়া তোমালোক ভাৰতবাসীয়ে বুজি পোৱা যে আমি প্ৰাচীন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ। সত্যযুগৰ মালিক আছিলোঁ। কিন্তু সেই নিচা কত? কল্পৰ আয়ুসেই দীঘলীয়া কৰি দিলে। সকলো কথা পাহৰি গৈছে। ইয়াৰ নামেই হল বিভ্ৰান্তিৰ খেল। এতিয়া সত্য পিতাৰ দ্বাৰা তোমালোকে গোটেই জ্ঞান জনা বাবে উচ্চ পদ পোৱা আকৌ আধাকল্পৰ পাছত অধঃপতিত হোৱা কিয়নো ৰাৱণ ৰাজ্য আৰম্ভ হয়। সৃষ্টি পুৰণিতো হবই নহয় জানো। তোমালোকে বুজি পোৱা যে আমি নতুন সৃষ্টিৰ মালিক আছিলোঁ, এতিয়া পুৰণি সৃষ্টিত আছোঁ। কিছুমানৰ এইটোও স্মৃতিত নাহে। পিতাই আমাৰ স্বৰ্গবাসী কৰি তোলে। আধাকল্প আমি স্বৰ্গবাসী হৈ থাকিম আকৌ আধাকল্পৰ পাছত অৱনমিত হোৱা কিয়নো ৰাৱণ ৰাজ্য আৰম্ভ হয়। সৃষ্টিতো পুৰণি হবই নহয় জানো। তোমালোকে বুজি পোৱা পিতাই আমাক স্বৰ্গবাসী কৰি তোলে। আধাকল্প আমি স্বৰ্গবাসী হৈ থাকিম পুনৰ নৰ্কবাসী হম। তোমালোকো পুৰুষাৰ্থৰ ক্ৰমানুসৰি মাষ্টৰ অলমাইটী হৈছা। এয়া হল জ্ঞান অমৃতৰ ডোজ (মাত্ৰা)। শিৱবাবাই পুৰণা অৰগেন্স (কৰ্মেন্দ্ৰিয়) পাইছে। নতুন অৰগেন্সতো নাপায়। পুৰণা বাদ্য যন্ত্ৰ (শৰীৰ) লাভ কৰে। পিতা আহেও বানপ্ৰস্থ অৱস্থাত। সন্তানসকল আনন্দিত হয় তেতিয়া পিতাও আনন্দিত হয়। পিতাই কয় মই সন্তানসকলক জ্ঞান দি ৰাৱণৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁ। পাৰ্ট (ভূমিকা)তো আনন্দেৰে ৰূপায়ণ কৰা হয়। পিতাই বহুত আনন্দেৰে ভূমিকা ৰূপায়ণ কৰে। পিতা কল্পই কল্পই আহিবলগীয়া হয়। এই পাৰ্ট কেতিয়াও বন্ধ নহয়। সন্তানসকল বহুত আনন্দিত হৈ থকা উচিত। যিমানে সত্যৰ সংগত থাকিবা সিমানে আনন্দিত হবা, স্মৰণ কমকৈ কৰা সেইবাবে ইমান আনন্দ নাথাকে। পিতাই সন্তানসকলক সস্পত্তি দিয়ে। যিসকল সন্তান সঁচা অন্তৰৰ, তেওঁলোকৰ প্ৰতি পিতাৰ বহুত স্নেহ থাকে। সঁচা অন্তৰত চাহাব ৰাজি হৈ থাকে। ভিতৰে-বাহিৰে যিসকল সঁচা হয়, পিতাৰ সহায়কাৰী হয়, সেৱাত তৎপৰ হৈ থাকে সেইসকলেই পিতাৰ প্ৰিয় হয়। নিজৰ অন্তৰক সুধিব লাগে মই সঁচা সেৱা কৰোঁনে? সত্য পিতাৰ সংগত থাকোঁনে? যদি সত্য পিতাৰ সংগত নাথাকা তেন্তে কি গতি হব? বহুতকে ৰাস্তা দেখুৱাই থাকিলে তেতিয়া পদো উচ্চ পাবা। সত্য পিতাৰ পৰা আমি কি সম্পত্তি পাইছো, নিজৰ ভিতৰত চাব লাগে। এয়াতো জানা যে ক্ৰমানুসৰি হয়। কিছুমানে বহুত সম্পত্তি পায়, কিছুমানে কম পায়? ৰাতি-দিনৰ পাৰ্থক্য থাকে। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) তোমালোকে এই দেহৰ যি সংগ পাইছা, সেই সংগৰ পৰা উপৰাম হৈ থাকিব লাগে। সত্যৰ সংগৰ দ্বাৰা পাৱন হব লাগে।

(2) এই ষ্টুডেণ্ট লাইফ্‌ত (বিদ্যাৰ্থী জীৱনত) চলোঁতে ফুৰোঁতে বুদ্ধিত যাতে জ্ঞানৰ কথাই চলি থাকে। এইম্‌ অৱজেক্টক (লক্ষ্য-উদ্দ্যেশ্যক) সন্মুখত ৰাখি পুৰুষাৰ্থ কৰিব লাগে। সঁচা অন্তৰেৰে পিতাৰ সহায়কাৰী হব লাগে।

বৰদান:
গল্ডেন এজড্ (স্বৰ্ণীম যুগী) স্বভাৱৰ দ্বাৰা গল্ডেন এজড্ সেৱা কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা

যিসকলৰ সন্তানৰ স্বভাৱত ঈৰ্ষা, সিদ্ধ কৰাৰ আৰু জেদ্‌ ভাৱ অথবা কোনো পুৰণি সংস্কাৰৰ এলয় (খাদ) মিহলি নহয় তেওঁলোক হৈছে গল্ডেন এজড্‌ স্বভাৱৰ। এনেকুৱা গল্ডেন এজড্‌ স্বভাৱ আৰু সদায় হয় মহাশয়ৰ সংস্কাৰ গঢ়ি তোলোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী সন্তানে যেনেকুৱা সময়, যেনেকুৱা সেৱা তেনেকৈ নিজকে মল্ড কৰি (গঢ় দি) ৰিয়েল গল্ড (খাটি সোণ) হৈ যায়। সেৱাতো যাতে অভিমান বা অপমানৰ এলয় মিহলি নহয় তেতিয়া গল্ডেন এজ‌ড্‌ সেৱা কৰোঁতা বুলি কোৱা হব।
 

স্লোগান:
কিয়, কিৰ প্ৰশ্ন সমাপ্ত কৰি সদায় প্ৰসন্নচিত্ত হৈ থাকা।