12.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলপিতাআহিছেগোটেইসৃষ্টিৰহাহাকাৰঅন্তকৰিজয়জয়কাৰকৰিবলৈ-পুৰণিসৃষ্টিতহৈছেহাহাকাৰ, নতুনসৃষ্টিতজয়জয়কাৰ

প্ৰশ্ন:
কোনটোঈশ্বৰীয়নিয়মৰবাবেদৰিদ্ৰইহেপিতাৰসম্পূৰ্ণউত্তৰাধিকাৰলয়, চহকীয়েলবনোৱাৰে?

উত্তৰ:
ঈশ্বৰীয় নিয়ম হৈছে - সম্পূৰ্ণ ভিকহু হোৱা, যি আছে তাক পাহৰি যোৱা। গতিকে দৰিদ্ৰ সন্তানে সহজেই পাহৰি যায় কিন্তু চহকী যিয়ে নিজকে স্বৰ্গত আছো বুলি ভাবে তেওঁলোকৰ বুদ্ধিয়ে একোকে নাপাহৰে সেইবাবে যাৰ ধন, সম্পত্তি, মিত্ৰ, সম্বন্ধীয় স্মৃতিত থাকে তেওঁ সঁচা যোগী হবই নোৱাৰে। তেওঁ স্বৰ্গত উচ্চ পদ পাব নোৱাৰে।

ওঁম্শান্তি।
মৰমৰ নিশ্চয় বুদ্ধিৰ সন্তানসকলেতো ভালদৰেই জানে, তেওঁলোকৰ দৃঢ় নিশ্চয় আছে যে পিতা আহিছে গোটেই সৃষ্টিৰ বিবাদৰ অন্ত কৰিবলৈ। যিসকল চতুৰ, বিচাৰ বুদ্ধি সম্পন্ন সন্তান, তেওঁলোকে জানে এই শৰীৰত পিতাৰ আগমন হৈছে, যাৰ নামো হৈছে শিৱবাবা। কিয় আহিছে? হাহাকাৰৰ অন্ত কৰি জয়জয়কাৰ কৰিবলৈ। মৃত্যুলোকত কিমান কাজিয়া আদি হৈ আছে। সকলোৱে হিচাপ-নিকাচ নিষ্পত্তি কৰি যাব লাগিব। অমৰলোকত কাজিয়াৰ কথা নাই। ইয়াত কিমান হাহাকাৰ হৈ আছে। কিমান ন্যায়ালয়, বিচাৰক আদি আছে। মৰামৰি হৈ আছে। বিদেশ আদিতো চোৱা হাহাকাৰ হৈ আছে। সমগ্ৰ সৃষ্টিতেই বহুত অৰিয়া-অৰি। ইয়াক কোৱা হয় পুৰণি তমোপ্ৰধান সৃষ্টি। আৱৰ্জনাই-আৱৰ্জনা। জংঘলেই-জংঘল। বেহদৰ পিতাই এই সকলোবোৰ নাশ কৰিবলৈ আহিছে। এতিয়া সন্তানসকল বহুত চতুৰ, বিচাৰ বুদ্ধি সম্পন্ন হব লাগে। যদি সন্তানসকলৰ ভিতৰতো হাই-কাজিয়া লাগি থাকে তেনেহলে পিতাৰ সহায়কাৰী কেনেকৈ হবা। পিতাকতো বহুত সহায়কাৰী সন্তান লাগে-চতুৰ, বিচাৰ বুদ্ধি সম্পন্ন, যিসকলৰ মাজত কোনো অৰিয়া-অৰি নাই। এইটোও সন্তানসকলে বুজি পায় এইখন হৈছে পুৰণি সৃষ্টি। ইয়াত অনেক ধৰ্ম আছে। তমোপ্ৰধান বিকাৰী জগত। গোটেই সৃষ্টিয়ে পতিত। পতিত পুৰণি সৃষ্টিত কাজিয়াই-কাজিয়া। এই সকলোবোৰ নাশ কৰিবলৈ, জয়জয়কাৰ কৰিবলৈ পিতা আহে। প্ৰত্যেকেই জানে এই সৃষ্টিত কিমান দুঃখ আৰু অশান্তি, সেইবাবেই বিচাৰে বিশ্বত শান্তি হওঁক। এতিয়া সমগ্ৰ বিশ্বতেই শান্তি কোনোবা মনুষ্যই কেনেকৈ কৰিব পাৰিব। বেহদৰ পিতাক যতে-ততে আছে বুলি কৈ দিলে। এইয়াও খেলা। গতিকে পিতাই সন্তানসকলক বুজায়, এতিয়া থিয় হৈ যোৱা। পিতাৰ সহায়কাৰী হোৱা। পিতাৰ পৰা নিজৰ ৰাজ্য-ভাগ্য লব লাগে। এয়া কম নহয়, সীমাহীন সুখ। পিতাই কয়-মৰমৰ সন্তানসকল, ড্ৰামা অনুসৰি তোমালোকক বেহদৰ পিতাই পদমাপদম ভাগ্যশালী কৰি তুলিবলৈ আহিছে। ভাৰতত এই লক্ষ্মী-নাৰায়ণে ৰাজ্য কৰিছিল। ভাৰত স্বৰ্গ আছিল। স্বৰ্গকেই কোৱা হয় ৱাণ্ডাৰ অফ্ ৱৰ্ল্ড (বিশ্বৰ আশ্চৰ্য)। ত্ৰেতাকো তেনেকৈ নকব। সন্তানসকলে এনেকুৱা স্বৰ্গলৈ অহাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। প্ৰথমে প্ৰথমে আহিব লাগে। সন্তানসকলে বিচাৰেও যে আমি স্বৰ্গলৈ যাওঁ, লক্ষ্মী বা নাৰায়ণ হওঁ। এতিয়া এই পুৰণি সৃষ্টিত বহুত হাহাকাৰ হব। তেজৰ নৈ বব, তেজৰ নৈৰ পিছত হয় ঘীৰ নৈ। তাক কোৱা হয় ক্ষীৰসাগৰ। ইয়াতো ডাঙৰ পুখুৰী বনায়, তাৰ পাছত কোনোবা এটা দিন ধাৰ্য কৰা হয় যে আহি গাখীৰ ঢালেহি । পিছত তাত স্নান কৰে। শিৱলিঙ্গৰ ওপৰতো গাখীৰ ঢালে। সত্যযুগৰো এটা মহিমা আছে যে তাত ঘী, গাখীৰৰ নদী আছে। এনেকুৱা কোনো কথা নাই। প্ৰতি 5 হাজাৰ বছৰৰ পাছত তোমালোক বিশ্বৰ মালিক হোৱা। এই সময়ত তোমালোক গোলাম, তাৰ পাছত সম্ৰাট হোৱা। সমগ্ৰ প্ৰকৃতি তোমালোকৰ গোলাম হৈ যায়। তাত কোনো অনিয়মীয়া বৰষুণ নহয়, নদী ওফন্দি নুঠে। কোনো উপদ্ৰৱ নহয়। ইয়াত কিমান উপদ্ৰৱ হয় চোৱা। তাত দৃঢ় বৈষ্ণৱ থাকে। বিকাৰী বৈষ্ণৱ নাথাকে। ইয়াত যদি কোনোবা ৱেজীটেৰিয়ান (নিৰামিষহাৰী) হয় তেতিয়া তেওঁক বৈষ্ণৱ বুলি কোৱা হয়। কিন্তু নহয়, বিকাৰৰ দ্বাৰা এজনে আন এজনক বহুত দুঃখ দিয়ে। পিতাই কিমান ভাল দৰে বুজায়। এই বুলিও গায়ন আছে - গাঁৱলীয়া লৰাকৃষ্ণতো গাঁৱলীয়া হব নোৱাৰে। তেওঁতো বৈকুণ্ঠৰ মালিক। তাৰ পাছত 84 জন্ম লয়।

এইটোও তোমালোকে জানা যে ভক্তিত আমি কিমান গতা খালোঁ, পইচা অপব্যয় কৰিলোঁ। বাবাই সোধে -তোমালোকক ইমান ধন দিলোঁ, ৰাজ্য-ভাগ্য দিলোঁ, সকলোবোৰ কলৈ গল? তোমালোকক বিশ্বৰ মালিক কৰিলো তাৰ পিছত তোমালোকে কি কৰিলা? পিতাইতো ড্ৰামাক জানে। নতুন সৃষ্টিৰ পৰা পুৰণি সৃষ্টি, পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টি হয়। এইয়া চক্ৰ, যি অতীত হল সেইয়া পুনৰাবৃত্তি হব। পিতায় কয় এতিয়া অলপ সময় আছে, পুৰুষাৰ্থ কৰি ভৱিষ্যতৰ কাৰণে জমা কৰা। পুৰণি সৃষ্টিৰ সকলো মাটিত মিহলি হৈ যাব। চহকী সকলে এই জ্ঞান নলব। পিতা হৈছে দৰিদ্ৰ নিবাসী। দৰিদ্ৰসকল তাত চহকী হয়। চহকীসকল তাত দৰিদ্ৰ হয়। এতিয়াতো পদমপতি বহুত। তেওঁলোক আহিব কিন্তু দৰিদ্ৰ হবগৈ। তেওঁলোকে নিজকে স্বৰ্গত আছোঁ বুলি ভাবে, সেইয়া বুদ্ধিৰ পৰা ওলাব নোৱাৰে। ইয়াতটো পিতাই কয় সকলোবোৰ পাহৰি যোৱা। মাত্ৰ ভিখাৰী হৈ যোৱা। আজিকালি কিলোগ্ৰাম, কিলোমিটাৰ আদি কি কি ওলাইছে। যি ৰজা গাদীত বহে তেওঁ নিজৰ ভাষা চলায়। বিদেশক নকল কৰে। নিজৰ বিবেকতো নায়েই। তমোপ্ৰধান হয়। আমেৰিকা আদিত বিনাশৰ সামগ্ৰীত কিমান ধন লগাই চোৱা। এৰপ্লেইনেৰে বোমা আদি পেলায়, জুই লাগিবই। সন্তানসকলে জানেই পিতা আহে বিনাশ আৰু স্থাপনা কৰাবলৈ। তোমালোকৰ মাজতো বুজাওঁতাসকল সকলো ক্ৰম অনুসৰি আছে। সকলো একেধৰণে নিশ্চয় বুদ্ধিৰ নহয়। যেনেদৰে বাবাই কৰিলে, তেনেদৰে বাবাক অনুসৰণ কৰিব লাগে। পুৰণি সৃষ্টিত এই পা-পইচাই কি কৰিবা। আজিকালি কাগজৰ নোট উলিয়ালে। তাতটো মোহৰ থাকিব। সোণৰ অট্টালিকা বনোৱা হয় যেতিয়া মুদ্ৰাৰ তাত কি মূল্য। তাত যেন সকলোবোৰ এনেয়ে পোৱা যায়, ধৰণী সতোপ্ৰধান হয় যে। এতিয়াতো পুৰণি হৈ গল। সেইয়া হৈছে সতোপ্ৰধান নতুন সৃষ্টি। একেবাৰে নতুন ভূমি। তোমালোক সূক্ষ্ম বতনলৈ গলে আমৰ আদি ৰস খোৱাগৈ। কিন্তু তাত বৃক্ষ আদিতো নাই। মূল বতনতো নাই। যেতিয়া তোমালোক বৈকুণ্ঠলৈ যোৱা তেতিয়া তাত সকলো পোৱা। বুদ্ধিৰে কাম লোৱা, সূক্ষ্ম বতনত বৃক্ষ নাথাকে। বৃক্ষতো ভূমিত থাকে, আকাশত নহয়। লাগিলে নাম ব্ৰহ্ম মহাতত্বই হওঁক কিন্তু হয় পলাৰ (শূণ্য)। যেনেদৰে তৰা সমূহ আকাশত ৰৈ আছে, তেনেদৰে তোমালোক সৰু-সৰু আত্মাবোৰ ৰৈ থাকা। তৰা সমূহ দেখাত ডাঙৰ লাগে। এনেকুৱা নহয় যে ব্ৰহ্ম তত্বত কোনো ডাঙৰ ডাঙৰ আত্মা থাকিব। এয়া বুদ্ধিৰে কাম লব লাগে (বুজিব লাগে)। বিচাৰ সাগৰ মন্থন কৰিব লাগে। গতিকে আত্মাবোৰো ওপৰত ৰৈ থাকে। সৰু বিন্দু হয়। এই সকলোবোৰ কথা তোমালোকে ধাৰণা কৰিব লাগে, তেতিয়াহে কৰোবাক ধাৰণা কৰাব পাৰিবা। শিক্ষকে নিশ্চয় নিজে জানে সেইবাবেইটো আনক পঢ়ুৱায়। নহলে শিক্ষকনো কি কামৰ বাবে। তথাপিও ইয়াত শিক্ষকো ক্ৰম অনুসাৰে আছে। তোমালোক সন্তানসকলে বৈকুণ্ঠকো বুজি পাব পাৰা। এনেকুৱা নহয় যে তোমালোকে বৈকুণ্ঠ দেখা নাই। বহুত সন্তানে সাক্ষাৎকাৰ কৰিছে। তাত কেনেদৰে সয়ম্বৰ হয়, ভাষা কি, সকলোবোৰ দেখিছা। পিছলৈও সাক্ষাৎকাৰ কৰিবা তথাপিও কৰিব সেইসকলে যি যোগযুক্ত হব। বাকী যিসকলৰ নিজৰ মিত্ৰ-সম্বন্ধীয়, ধন-সম্পত্তি মনলৈ আহি থাকিব তেওঁ কি দেখিব। সঁচা যোগীহে অন্তলৈকে থাকিব, যিসকলক পিতাই দেখি সুখী হব। ফুলৰহে বাগিচা তৈয়াৰ হয়। বহুতে 10-15 বছৰ থাকিও গুচি যায়। সেইসকলক কোৱা হয় ধঁতুৰা ফুল। বহুত ভাল ভাল সন্তান যি মম্মা-বাবাৰ কাৰণেও নিৰ্দেশনা লৈ আহিছিল, ড্ৰিল (কচৰৎ) কৰাইছিল, সেইসকল আজি নাই। এইটো সন্তানসকলেও জানে আৰু বাপদাদাইও জানে যে, মায়া বহুত বলৱান। এইয়া হৈছে মায়াৰ লগত গুপ্ত যুদ্ধ। গুপ্ত ধুমুহা। বাবাই কয় মায়াই তোমালোকক বহুত হায়ৰান কৰিব। এইয়া হৰা-জিকাৰ হৈ থকা ড্ৰামা। তোমালোকৰ কোনো অস্ত্ৰৰ দ্বাৰা যুদ্ধ নহয়। ভাৰতৰ এই প্ৰাচীন যুগ প্ৰখ্যাত হয়, যি যোগবলৰ দ্বাৰা তোমালোক এনেকুৱা হোৱা। বাহুবলৰ দ্বাৰা কোনেও বিশ্বৰ সাম্ৰাজ্য লব নোৱাৰে। খেলো ৱাণ্ডাৰফুল (আচৰিত)। কাহিনী আছে- দুটা মেকুৰীয়ে কাজিয়া লাগিলে মাখন.. কোৱাও হয় চেকেণ্ডত বিশ্বৰ বাদশ্বাহী। সন্তানসকলে সাক্ষাৎকাৰ কৰে। কয় কৃষ্ণৰ মুখত মাখন। বাস্তৱিকতে কৃষ্ণৰ মুখত নতুন সৃষ্টি দেখা পায়। যোগবলৰ দ্বাৰা তোমালোকে বিশ্বৰ বাদশ্বাহী ৰূপী মাখন লোৱা। ৰাজ্যৰ কাৰণে কিমান যুদ্ধ হয় আৰু কিমান যুদ্ধৰ দ্বাৰা শেষ হয়। এই পুৰণি সৃষ্টিৰ হিচাপ-নিকাচ নিষ্পত্তি হব লাগে। এই সৃষ্টিৰ কোনো এটা বস্তু নাথাকিবগৈ। বাকী শ্ৰীমত হল- সন্তানসকল হিয়ৰ ন ইৱিল, চি ন ইৱিল (বেয়া কথা নুশুনিবা, বেয়া বস্তু নাচাবা).তেওঁলোকে বান্দৰৰ এখন চিত্ৰ বনালে। আজিকালিটো মানুহৰো বনায়। আগতে চীনৰ ফালৰ পৰা হাতীৰ দাঁতৰ বস্তু আহিছিল। খাৰুও কাঁচৰ পিন্ধিছিল। ইয়াততো গহনা আদি পিন্ধিবলৈ নাক-কাণ আদি ফুটা কৰে, সত্যযুগত নাক-কাণ ফুটা কৰাৰ প্ৰয়োজন নাই। ইয়াততো মায়া এনেকুৱা যে সকলোৰে নাক-কাণ আদি কাটি লয়। তোমালোক সন্তানসকল এতিয়া পবিত্ৰ হোৱা। তাত প্ৰাকৃতিক (স্বাভাৱিক) সৌন্দৰ্য থাকে। কোনো বস্তু লগোৱাৰ প্ৰয়োজন নাই। ইয়াততো শৰীৰেই তমোপ্ৰধান তত্বৰে গঠিত হয়, সেইবাবেই বেমাৰ আদি হয়। তাত এইবোৰ কথা নাথাকে। এতিয়া তোমালোক আত্মাসকল বহুত আনন্দিত হোৱা যে আমাক বেহদৰ পিতাই পঢ়ুৱাই নৰৰ পৰা নাৰায়ণ অথবা অমৰ পুৰীৰ মালিক কৰি তোলে সেইবাবে গোৱা হয় অতিন্দ্ৰীয় সুখৰ বিষয়ে সুধিব খোজা যদি গোপ-গোপীসকলক সোধা। ভক্তসকলে এই কথাবোৰ নাজানে। তোমালোকৰ ভিতৰতো সুখী হৈ থাকা আৰু এই কথাবোৰ স্মৰণ কৰি থকা সন্তানৰ সংখ্যা বহুত কম। অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। যিটো দ্ৰৌপদীৰ ক্ষেত্ৰত গোৱা হয়, সেই সকলোবোৰ প্ৰেক্টিকেলত (ব্যৱহাৰিকত) হৈ আছে। দ্ৰৌপদীয়ে কিয় আহ্বান কৰিছিল? এইয়া মনুষ্যই নাজানে। পিতাই বুজাইছে- তোমালোক সকলো দ্ৰৌপদী। এনেকুৱা নহয় যে মহিলা সদায় মহিলই হয়। দুবাৰ মহিলা হব পাৰে, তাতকৈ বেছি নহয়। মাতাসকলেআহ্বান কৰে- বাবা ৰক্ষা কৰা, আমাক দুশাসনে বিকাৰৰ বাবে অতিষ্ঠ কৰে, এইখনক কোৱা হয় বেশ্যালয়। স্বৰ্গক কোৱা হয় শিৱালয়। বেশ্যালয় হৈছে ৰাৱণৰ স্থাপনা, শিৱালয় হৈছে শিৱবাবাৰ স্থাপনা। তোমালোকক জ্ঞান দিয়ে। পিতাক নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) বুলি কোৱা হয়। এনেকুৱা নহয় নলেজফুল মানে সকলোৰে অন্তৰক জানোতা। ইয়াৰ পৰা লাভ কি! পিতাই কয় এই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান মোৰ বাহিৰে কোনেও দিব নোৱাৰে। মইয়েই বহিলৈ তোমালোকক পঢ়ুৱাওঁ। জ্ঞান সাগৰ এজনেই পিতা। তাত হৈছে ভক্তিৰ ফল। সত্যযুগ-ত্ৰেতাযুগত ভক্তি নাথাকে। অধ্যয়নৰ দ্বাৰাই ৰাজধানী স্থাপন হৈ আছে। প্ৰচিডেণ্ট্ (ৰাষ্ট্ৰপতি) আদিলৈ চোৱা কিমান মন্ত্ৰী (পৰামৰ্শ দাতা) আছে। পৰামৰ্শ দিবলৈ মন্ত্ৰী ৰাখে। সত্যযুগত মন্ত্ৰী ৰখাৰ দৰকাৰ নাই। এতিয়া পিতাই তোমালোকক বিবেকবান কৰি তুলিছে। এই লক্ষ্মী-নাৰায়ণলৈ চোৱা কিমান বিবেকবান আছিল। বেহদৰ বাদশ্বাহী পিতাৰ পৰা পোৱা যায়। পিতাৰ শিৱ জয়ন্তী পালন কৰা হয়। নিশ্চয় শিৱবাবা ভাৰতলৈ আহি বিশ্বৰ মালিক কৰি গৈছে। লাখ বছৰৰ কথা নহয়। কালিৰেইতো কথা। অচ্ছা, বেছিকৈনো কি বুজাম। পিতাই কয় মনমনাভৱ। বাস্তৱিকতে এই অধ্যয়ন হৈছে ইংগিতৰ। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সম্পূৰ্ণ সহায়কাৰী হবলৈচতুৰ, বিচাৰ বুদ্ধি সম্পন্ন হব লাগে। ভিতৰত কোনো খেলিমেলি থাকিব নালাগে।

(2) স্থাপনা আৰু বিনাশৰ কৰ্তব্যলৈ চাই পুৰা নিশ্চয় বুদ্ধিৰ হৈ পিতাক অনুকৰণ কৰিব লাগে। পুৰণি সৃষ্টিৰ পা-পইচাৰ পৰা বুদ্ধি আঁতৰাই সম্পূৰ্ণ ভিখাৰী হব লাগে। মিত্ৰ-সম্বন্ধীয়, ধন-সম্পত্তি আদি সকলো পাহৰি যাব লাগে।

বৰদান:
পিতাৰআজ্ঞাবুলিভাবিস্নেহেৰেসকলোকথাসহনকৰোঁতাসহনশীলহোৱা

কোনো সন্তানে কয় যে মই শুদ্ধ তথাপিও ময়েই সহন কৰিব লাগে, মৰিব লাগে কিন্তু এই সহন কৰা বা মৰাই হৈছে ধাৰণাৰ বিষয়ত নম্বৰ লোৱা, সেইবাবে সহন কৰিবলৈ ভয় নকৰিবা। কিছুমান সন্তানে সহন কৰে কিন্তু বাধ্যত পৰি সহন কৰা আৰু স্নেহত সহন কৰা- ইয়াত পাৰ্থক্য আছে। পৰিস্থিতিৰ বাবে সহন নকৰা কিন্তু পিতাৰ আজ্ঞা হৈছে সহনশীল হোৱা। গতিকে আজ্ঞা বুলি ভাবি স্নেহত সহন কৰা অৰ্থাৎ নিজকে পৰিৱৰ্তন কৰি লোৱা ইয়াৰহে নম্বৰ আছে।

স্লোগান:
যিয়েসদায়আনন্দৰখোৰাক (ঔষধ)খায়, তেওঁনিৰোগীহৈথাকে।