12.05.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ নাৱৰীয়া পাইছা, তোমালোকৰ ভৰি এতিয়া এই পুৰণি সৃষ্টিত নাই, তোমালোকৰ লংগৰ ইতিমধ্যে উঠি গ'ল

প্ৰশ্ন:
যাদুকৰ পিতাৰ ৱাণ্ডাৰফুল (চমৎকাৰ, বিস্ময়কৰ) যাদুকৰী কোনটো যিটো আন কোনেও কৰিব নোৱাৰে?

উত্তৰ:
কড়িতুল্য আত্মাক হীৰাতুল্য কৰি তোলা, মালী হৈ কাঁইটক ফুল কৰি তোলা - এয়া অতি ৱাণ্ডাৰফুল যাদুকৰী হয় যিটো একমাত্ৰ যাদুকৰ পিতাইহে কৰে, আন কোনেও কৰিব নোৱাৰে। মনুষ্যই কেৱল ধন উপাৰ্জনৰ বাবে নিজক যাদুকৰ বুলি কয়, কিন্তু পিতাৰ দৰে যাদু কৰিব নোৱাৰে।

ওঁম্শান্তি।
গোটেই সৃষ্টি চক্ৰ বা ড্ৰামা (নাটক)ত পিতা এবাৰেই আহে। অন্য কোনো সৎসঙ্গ আদিত এনেকৈ নুবুজে চাগে। তেওঁলোক কথা (কাহিনী) শুনাওঁতা পিতাও নহয় আৰু সেয়া সন্তানো নহয়। তেওঁলোকতো বাস্তৱত ফলৱাৰ্চ (অনুগামী)ও নহয়। ইয়াততো তোমালোক সন্তানো হোৱা, ষ্টুডেণ্টো (বিদাৰ্থীও) হোৱা আৰু ফলৱাৰ্চো হোৱা। পিতাই সন্তানসকলক লগত লৈ যাব। বাবা গুচি গলে সন্তানসকলেও এই ছিঃ ছিঃ সৃষ্টিৰ পৰা নিজৰ গুল গুল (ফুলৰ) সৃষ্টিত গৈ ৰাজত্ব কৰিব। এইটো তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হব লাগে। এই শৰীৰৰ ভিতৰত থকা যি আত্মা আছে সেই আত্মা অতি আনন্দিত হয়। তোমালোক আত্মাসকল বহুত আনন্দিত হ'ব লাগে। বেহদ (অসীম)ৰ পিতাৰ আগমন হৈছে যিজন সকলোৰে পিতা হয়, এইটোও কেৱল তোমালোক সন্তানসকলেহে বুজি পোৱা। বাকী গোটেই সৃষ্টিততো সকলো বুদ্ধিহীনেই (অবুজনেই) হয়। পিতাই বহি বুজায় - ৰাৱণে তোমালোকক কিমান বুদ্ধিহীন কৰি দিলে। পিতা আহি বুদ্ধিমান কৰি তোলে। গোটেই বিশ্বত ৰাজত্ব কৰাৰ লায়ক কৰি দিয়ে, ইমান বুদ্ধিমান কৰি তোলে। এই ষ্টুডেণ্ট লাইফো (বিদ্যাৰ্থী জীৱনো) এবাৰেই পোৱা যায়, যেতিয়া ভগৱান আহি পঢ়ায়। তোমালোকৰ বুদ্ধিত এয়া আছে, বাকী যিসকল নিজৰ ধান্দা (পেছাগত কাম-কাজ) আদিত আৱদ্ধ হৈ থাকে, তেওঁলোকৰ বুদ্ধিত এইটো কেতিয়াও উদয় হব নোৱাৰে যে ভগৱানে পঢ়ায়। তেওঁলোকৰতো নিজৰ ধান্দা আদিয়েই স্মৃতিত থাকে। তোমালোক সন্তানসকলে যিহেতু জানা যে ভগৱানে আমাক পঢ়ায় তেন্তে কিমান হৰ্ষিত হৈ থাকিব লাগে বাকী সকলো হৈছে পা-পইচাধাৰীৰ সন্তান, তোমালোকতো ভগৱানৰ সন্তান হৈছা, গতিকে তোমালোক সন্তানসকলৰ সীমাহীন আনন্দ থাকিব লাগে। কোনোবাতো বহুত হৰ্ষিত হৈ থাকে। কোনোবাই কয় - বাবা আমি মুৰুলী শুনাব নোৱাৰো, এইটো হয়.........। হেৰ, মুৰুলী জটিল হয় জানো! যেনেকৈ ভক্তি মাৰ্গত সাধু-সন্ত আদিক কোনোবাই সোধে - আমি ঈশ্বৰক কেনেকৈ লগ পাম? কিন্তু তেওঁলোকে নাজানে। কেৱল আঙুলিৰে ইংগিত দিয়ে যে ভগৱানক স্মৰণ কৰা। বচ্‌, ইমানতেই আনন্দিত হৈ যায়। তেওঁ কোন হয় - জগতত কোনেও সেয়া নাজানে। নিজৰ পিতাক কোনেও চিনি নাপায়। এই ড্ৰামাখনেই এনেকৈ ৰচনা কৰি থোৱা আছে, তথাপিও পাহৰি যাব। এনেকুৱা নহয় যে তোমালোকৰ মাজত সকলোৱে পিতা আৰু ড্ৰামাক জানে। ক'ৰবাত ক'ৰবাততো এনেকুৱা আচৰণ কৰে যে কথাই নুসুধিবা। সেই নিচাই নাইকিয়া হৈ যায়। এতিয়া তোমালোক সন্তানসকলৰ ভৰি যেন পুৰণি সৃষ্টিত নায়েই। তোমালোকে জানা যে কলিযুগী সৃষ্টিৰ পৰা এতিয়া তোমালোকৰ ভৰি আঁতৰি গল, বট (নাও)ৰ লংগৰ উঠি গৈছে। এতিয়া আমি গৈ আছোঁ, পিতাই আমাক ক'লৈ লৈ যাব এইটো বুদ্ধিত আছে, কিয়নো পিতা নাৱৰীয়াও হয় লগতে মালীও হয়। কাঁইটক ফুল কৰি তোলে। তেখেতৰ দৰে মালী অন্য কোনো নাই যিয়ে কাঁইটৰ পৰা ফুল কৰি তুলিব। এইটো কিবা কম যাদুকৰী নেকি। কড়িতুল্য আত্মাক হীৰাতুল্য কৰি তোলে। আজিকালি বহুত যাদুকৰ ওলাইছে, এইখন হৈছে প্ৰৱঞ্চকৰ জগত। পিতা হৈছে সৎগুৰু। এনেকৈ কয়ো যে সৎগুৰু অকাল। বহুত নিচাৰে কয়। এতিয়া যিহেতু নিজেই কয় যে সৎগুৰু এজন, সকলোৰে সৎগতি দাতা এজন, তেন্তে আকৌ নিজকে গুৰু বুলি কিয় ক'ব লাগে? তেওঁলোকেও নুবুজে, মানুহবোৰেও একো নুবুজে। এই পুৰণি সৃষ্টিত আছেই বা কি। সন্তানসকলে যেতিয়া গম পায় যে বাবাই নতুন ঘৰ সাজি আছে তেন্তে এনেকুৱা কোন থাকিব যিয়ে নতুন ঘৰক ঘৃণা কৰিব আৰু পুৰণি ঘৰৰ প্ৰতি মৰম ৰাখিব। বুদ্ধিত নতুন ঘৰৰে স্মৃতি থাকে। তোমালোক বেহদৰ (অসীমৰ) পিতাৰ সন্তান হৈছা গতিকে তোমালোকৰ স্মৃতিত থাকিব লাগে যে পিতাই আমাৰ বাবে নিউ-ৱৰ্ল্ড (নতুন বিশ্ব) স্থাপন কৰি আছে। আমি সেই নিউ-ৱৰ্ল্ডলৈ যাওঁ। সেই নিউ-ৱৰ্ল্ডৰ অনেক নাম আছে। সত্যযুগ, হেভেন, পেৰাডাইজ্‌, বৈকুণ্ঠ আদি.....। তোমালোকৰ বুদ্ধি এতিয়া পুৰণি সৃষ্টিৰ পৰা আঁতৰি গ'ল কিয়নো পুৰণি সৃষ্টিত কেৱল দুখেই আছে। ইয়াৰ নামেই হৈছে হেল্ (নৰক), কাঁইটৰ জংঘল, ৰৌৰৱ নৰক, কংসপুৰী। ইয়াৰ অৰ্থও কোনেও নাজানে। পাথৰ বুদ্ধিৰ হয়, নহয় জানো। চোৱা ভাৰতৰ অৱস্থা কেনেকুৱা। পিতাই কয় - এই সময়ত সকলো পাথৰ (অপৱিত্ৰ) বুদ্ধিৰ। সত্যযুগত সকলো পাৰস (পবিত্ৰ) বুদ্ধিৰ, যেনে ৰজা-ৰাণী তেনে প্ৰজা। ইয়াততো হয়েই প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজ্য, সেইবাবে সকলোৰে ষ্টেম্প বনাই থাকে।

তোমালোক সন্তানসকলৰ বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। উচ্চতকৈও উচ্চ হৈছে পিতা। আকৌ চেকেণ্ড (দ্বিতীয়) নম্বৰত উচ্চ কোন হয়? ব্ৰহ্মা, বিষ্ণু আৰু শংকৰৰতো কোনো শ্ৰেষ্ঠতা নাই। শংকৰৰতো ৰেহ-ৰূপ আদিয়েই কেনেকুৱা কৰি দিছে। এনেকৈ কৈ দিয়ে যে তেওঁ ভাং খায়, ধতুৰা খায়....... এয়াতো ইনচাল্ট (গ্লানি, অপমান) কৰা হয়, নহয় জানো। এনেকুৱা কথা নাথাকে। এওঁলোকে নিজৰ ধৰ্মকে পাহৰি গৈছে। নিজৰ দেৱতাসকলৰ বাবে কি কি কথা কৈ থাকে, কিমান গ্লানি কৰে! সেইবাবে পিতাই কয় - মোৰো গ্লানি, শংকৰৰো, ব্ৰহ্মাৰো গ্লানি। বিষ্ণুৰ গ্লানি নহয়। বাস্তৱত গুপ্ত ৰীতিৰে তেওঁৰো গ্লানি কৰে, কিয়নো বিষ্ণুয়েই ৰাধা-কৃষ্ণ হয়। এতিয়া কৃষ্ণ হৈছে শিশু গতিকে মহাত্মাতকৈও উচ্চ বুলি গায়ন কৰা হয়। এওঁ‌ (ব্ৰহ্মাই)তো পাচত সন্ন্যাস (ভোগ-বাসনা ত্যাগ) কৰে, তেওঁতো (কৃষ্ণ) শিশু হয়েই পবিত্ৰ। পাপ আদিৰ বিষয়ে নাজানে। গতিকে উচ্চতকৈও উচ্চ হৈছে শিৱবাবা, তথাপিও বেচেৰাহঁ‌তে নাজানে যে প্ৰজাপিতা ব্ৰহ্মা ক'ত থকা উচিত। প্ৰজাপিতা ব্ৰহ্মাক শৰীৰধাৰী হিচাপেই দেখুৱায়। আজমেৰত তেওঁৰ মন্দিৰ আছে। দাড়ি মোছ ব্ৰহ্মাক দিয়ে, শংকৰ বা বিষ্ণুক নিদিয়ে। গতিকে এয়া বোধ শক্তিৰ কথা। প্ৰজাপিতা ব্ৰহ্মা সূক্ষ্মলোকত কেনেকৈ থাকিব! তেওঁতো ইয়াত থকা উচিত। এই সময়ত ব্ৰহ্মাৰ কিমান সন্তান আছে? লিখিত আছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী অনেক আছে তেন্তে নিশ্চয় প্ৰজাপিতা ব্ৰহ্মা থাকিব। চৈতন্য হয় যেতিয়া নিশ্চয় কিবা কৰে চাগে। প্ৰজাপিতা ব্ৰহ্মাই কেৱল সন্তানেই জন্ম দিয়ে নে অন্য কিবাও কৰে। যদিও আদি দেৱ ব্ৰহ্মা, আদি দেৱী সৰস্বতী বুলি কয় কিন্তু তেওঁলোকৰ ভূমিকা কি, এয়া কোনেও নাজানে। ৰচয়িতা হয় তেন্তে নিশ্চয় ইয়াত আহি গৈছে। নিশ্চয় ব্ৰাহ্মণসকলক শিৱবাবাই এডপ্ত কৰিছে (তুলি লৈছে)। নহ'লেনো ব্ৰহ্মা ক'ৰ পৰা আহিল? এয়া নতুন কথা নহয় জানো। যেতিয়ালৈকে পিতা নাহে, তেতিয়ালৈকে কোনেও জানিব নোৱাৰে। যাৰ যি ভূমিকা সেয়াই পালন কৰে। বুদ্ধই কি ভূমিকা পালন কৰিলে, কেতিয়া আহিল, আহি কি কৰিলে - কোনেও নাজানে। তোমালোকে এতিয়া জানা যে তেওঁ গুৰু হয় নেকি, শিক্ষক হয় নেকি, পিতা হয় নেকি? নহয়। সৎগতিতো দিব নোৱাৰে। তেওঁতো কেৱল নিজৰ ধৰ্মৰ ৰচয়িতা হয়, গুৰু নহয়। পিতাই সন্তানসকলক ৰচনা কৰে। তাৰ পাচত পঢ়ায়। পিতা, শিক্ষক, গুৰু তিনিওজনেই হয়। আন কাৰোবাক ক'বা জানো যে আপুনি পঢ়াওক। অন্য কাৰো এই নলেজ (জ্ঞান) নায়েই। বেহদৰ পিতাই হৈছে জ্ঞানৰ সাগৰ। তেন্তে নিশ্চয় জ্ঞান শুনাব। পিতাইহে স্বৰ্গৰ ৰাজ্য-ভাগ্য দিছিল। এতিয়া পুনৰাই দি আছে। পিতাই কয় - তোমালোক পুনৰাই 5 হাজাৰ বছৰৰ পাচত আহি মিলিত হৈছা। সন্তানসকলৰ অন্তৰত আনন্দ আছে যাক গোটেই সৃষ্টিয়ে বিচাৰি আছে, তেওঁক আমি পাই গ'লোঁ। বাবাই কয় সন্তানসকল, তোমালোক 5 হাজাৰ বছৰৰ পাচত পুনৰ আহি মিলিত হৈছা। সন্তানসকলে কয় - হয় বাবা, আমি আপোনাক অনেক বাৰ লগ পাইছোঁ। তোমালোকক কোনোবাই যিমানে মাৰ-পিত নকৰক অন্তৰততো সেই আনন্দ আছে নহয় জানো। শিৱবাবাৰ লগত মিলনৰ স্মৃতিতো আছে নহয় জানো। স্মৃতিৰ দ্বাৰাই কিমান পাপ খণ্ডন হয়। অবলাসকল, বন্ধনত থকাসকলৰতো আৰুহে বেছিকৈ (পাপ) খণ্ডন হয় কিয়নো তেওঁলোকে শিৱবাবাক বেছিকৈ স্মৰণ কৰে। অত্যাচাৰ যেতিয়া হয় তেতিয়া বুদ্ধি শিৱবাবাৰ ফালে গুচি যায়। শিৱবাবা ৰক্ষা কৰক। তেন্তে স্মৰণ কৰাতো ভাল নহয় জানো। লাগিলে নিতৌ মাৰ-কিল খোৱা, শিৱবাবাক স্মৰণ কৰিবা, এয়াতো ভালেই নহয় জানো। এনেকুৱা মাৰ-কিলৰ প্ৰতিতো উৎসৰ্গিত হৈ যাব লাগে। মাৰ-কিল খালে শিৱবাবাক স্মৰণ কৰে। এনেকৈ কয় - মুখত গংগাজল হওক, গংগাৰ পাৰত থাকক, তেতিয়া প্ৰাণ শৰীৰৰ পৰা ওলাওক। তোমালোকে যেতিয়া মাৰ খোৱা, বুদ্ধিত অল্ফ (পৰমপিতা) আৰু বে (বাদশ্বাহী)ৰ স্মৃতি থাকিব লাগে। বচ। বাবা বুলি কলে উত্তৰাধিকাৰ নিশ্চয় স্মৃতিলৈ আহিব। এনেকুৱা কোনো নাই, যাৰ বাবা বুলি কলে উত্তৰাধিকাৰ স্মৃতিলৈ নাহে। পিতাৰ লগতে সম্পত্তিও নিশ্চয় স্মৃতিলৈ আহিব। তোমালোকৰো শিৱবাবাৰ লগতে উত্তৰাধিকাৰ নিশ্চয় স্মৃতিলৈ আহিব। তেওঁলোকেতো তোমালোকক বিহৰ (বিকাৰৰ) বাবে নিৰ্যাতন দি শিৱবাবাৰ স্মৃতি আনি দিয়ে। তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা, পাপ খণ্ডন হৈ যায়। এয়াও ড্ৰামাত তোমালোকৰ বাবে গুপ্ত কল্যাণ হয়। যিদৰে যুদ্ধক কল্যাণকাৰী বুলি কোৱা হয়, সেইদৰে এই নিৰ্যাতনো মংগলময় নহ'ল জানো।

আজিকালি সন্তানসকলৰ প্ৰদৰ্শনী মেলাৰ চাৰ্ভিচত গুৰুত্ব বৃদ্ধি পাইছে। নৱ নিৰ্মাণ প্ৰদৰ্শনীৰ লগতে গেট্‌ ৱে টু হেভেন (স্বৰ্গৰ দ্বাৰ) বুলি লিখি দিবা। দুয়োটাই লিখিব লাগে। নতুন সৃষ্টি কেনেকৈ স্থাপন হয়, তাৰ এগ্‌জীবিশ্বন (প্ৰদৰ্শনী) হলে মনুষ্যই শুনি আনন্দিত হ'ব। নতুন সৃষ্টি কিদৰে স্থাপন হয় তাৰ বাবে এই চিত্ৰ তৈয়াৰ কৰা হৈছে। আহি চাওক। গেট্‌ ৱে টু নিউ ৱৰ্ল্ড (নতুন সৃষ্টিৰ দ্বাৰ), এই বাক্যটিও ঠিক। এয়া যি যুদ্ধ হয় তাৰ দ্বাৰা গেটচ্ (দ্বাৰ) খোল খায়। গীতাতো আছে - ভগৱান আহিছিল, আহি ৰাজযোগ শিকাইছিল। মনুষ্যৰ পৰা দেৱতা কৰি তুলিলে তেন্তে নিশ্চয় নতুন সৃষ্টি স্থাপন হৈছিল। মনুষ্যই মুন (চন্দ্ৰ)লৈ যাবলৈ কিমান চেষ্টা কৰে। তাত (চন্দ্ৰত) কেৱল মাটিয়েই মাটি দেখা পায়। মনুষ্য আদি একো দেখা নাযায়। ইমানখিনিয়ে শুনায়। ইয়াৰ পৰা লাভেই বা কি! এতিয়া তোমালোক ৰিয়েল চাইলেন্সত (প্ৰকৃত শান্তিত) যোৱা নহয় জানো। অশৰীৰী হোৱা। সেইখন হ'ল চাইলেন্স ৱৰ্ল্ড। তোমালোকে মৃত্যু বিচৰা, শৰীৰ এৰি যাব বিচৰা। পিতাকো মৃত্যুৰ বাবেই আহ্বান কৰা যে আহি আপোনাৰ লগত মুক্তি-জীৱনমুক্তিলৈ লৈ যাওক। কিন্তু বুজি পায় জানো, পতিত-পাৱন আহিব যেন আমি কালৰো কালকহে মাতো। এতিয়া তোমালোকে বুজি পোৱা, বাবাৰ আগমন হৈছে, কয় ঘৰলৈ ব'লা আৰু আমি ঘৰলৈ যাওঁ‌। বুদ্ধিয়ে কাম নকৰে জানো। ইয়াত বহুত সন্তান আছে যাৰ বুদ্ধি ধান্দা (পেছাগত কাম-কাজ) আদিৰ পিচত দৌৰি থাকে। অমুকৰ বেমাৰ, কি হৈছে চাগৈ। অনেক প্ৰকাৰৰ সংকল্প উদয় হয়। পিতাই কয় - তোমালোক ইয়াত বহি আছা, আত্মাৰ বুদ্ধি পিতা আৰু উত্তৰাধিকাৰৰ ফালে থাকিব লাগে। আত্মাইহে স্মৰণ কৰে নহয় জানো। ধৰি লোৱা কাৰোবাৰ সন্তান লণ্ডনত আছে, খবৰ আহিল বেমাৰ হৈছে। বচ্, বুদ্ধি গুচি যাব। তেতিয়া জ্ঞান বুদ্ধিত ধাৰণ হব নোৱাৰে। ইয়াত বহি থাকিয়ে বুদ্ধিত তেওঁৰ স্মৃতি আহি থাকিব। কাৰোবাৰ পতিৰ বেমাৰ হলে পত্নীৰ অন্তৰ উৎকণ্ঠিত হৈ পৰিব। বুদ্ধি গুচিতো যায় নহয় জানো। সেয়েহে তোমালোকেও ইয়াত বহি সকলো কৰি শিৱবাবাক স্মৰণ কৰি থাকিবা। সেয়াও পৰম সৌভাগ্যৰ কথা। যিদৰে তেওঁলোকে পতিক অথবা গুৰুক স্মৰণ কৰে, তোমালোকে পিতাক স্মৰণ কৰিবা। তোমালোকে নিজৰ এক মিনিটো ৱেষ্ট (নষ্ট) কৰিব নালাগে। পিতাক যিমান স্মৰণ কৰিবা, ছাৰ্ভিচ (সেৱা) কৰোতেও পিতাহে স্মৃতিলৈ আহিব। পিতাই কৈছে - মোৰ ভক্তসকলক বুজোৱা। এয়া কোনে কলে? শিৱবাবাই। কৃষ্ণৰ ভক্তসকলক কি বুজাবা? তেওঁলোকক কবা - কৃষ্ণই নতুন সৃষ্টি স্থাপন কৰি আছে। মানিব জানো? ক্ৰিয়েটৰ (ৰচয়িতা)তো গড ফাদাৰ হয়, কৃষ্ণ হয় জানো। পৰমপিতা পৰমাত্মাইহে পুৰণি সৃষ্টিক নতুন কৰি গঢ়ি আছে, এইটো মানিও লব। নতুনেই পুৰণি, পুৰণিয়েই পুনৰ নতুন হয়। কেৱল সময় বহুত বুলি কোৱাৰ বাবে মনুষ্য ঘোৰ অন্ধকাৰত আছে। তোমালোকৰ কাৰণেতো এতিয়া হাতত স্বৰ্গ আছে। পিতাই কয় - মই তোমালোকক সেই স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছোঁ। মালিক হবানে? বাহ! কিয় নহম! বাৰু, মোক স্মৰণ কৰা আৰু পবিত্ৰ হোৱা। স্মৃতিৰ দ্বাৰাহে পাপ ভস্ম হৈ যাব। তোমালোক সন্তানসকলে জানা - বিকৰ্মৰ বোজা আত্মাৰ ওপৰত আছে, শৰীৰত নাই। যদি শৰীৰত বোজা থাকিলহেঁতেন তেন্তে যেতিয়া শৰীৰ জ্বলাই দিয়ে তেতিয়া তাৰ লগতে সকলো পাপো জ্বলি গলহেঁতেন। আত্মাতো হয়েই অবিনাশী, তাত কেৱল খাদ (বিকাৰৰ লেপ) লাগে যি খাদ আঁতৰাবলৈ পিতাই এটাই যুক্তি শুনায় যে স্মৰণ কৰা। পতিতৰ পৰা পাৱন হোৱাৰ যুক্তি কিমান ভাল। মন্দিৰ নিৰ্মাণ কৰাসকল, শিৱৰ পূজা কৰাসকলো ভক্ত নহয় জানো। পূজাৰীক কেতিয়াও পূজ্য বুলি কব নোৱাৰি। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যাক গোটেই জগতে বিচাৰি আছে, সেই পিতাক আমি পাই গলোঁ - এইটো আনন্দত থাকিব লাগে। স্মৃতিৰ দ্বাৰাহে পাপ খণ্ডন হয়, সেইবাবে যিকোনো পৰিস্থিতিতে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। নিজৰ এক মিনিট সময়ো ৱেষ্ট (নষ্ট) কৰিব নালাগে।

(2) এই পুৰণি সৃষ্টিৰ পৰা বুদ্ধিৰ লংগৰ উঠাই দিব লাগে। বাবাই আমাৰ বাবে নতুন ঘৰ নিৰ্মাণ কৰি আছে, এইখন হৈছে ৰৌৰৱ নৰক, কংসপুৰী, আমি বৈকুণ্ঠপুৰীলৈ যাওঁ। সদায় এইটো স্মৃতিত থাকিব লাগে।

বৰদান:
চলোঁতে-ফুৰোঁতে ফৰিষ্টা স্বৰূপৰ সাক্ষাৎকাৰ কৰাওঁতা সাক্ষাৎকাৰমূৰ্ত হোৱা

যেনেদৰে আৰম্ভণিতে চলোঁতে-ফুৰোঁতে ব্ৰহ্মা নাইকিয়া হৈ বাবাৰ ঠাইত শ্ৰীকৃষ্ণক দেখা পোৱা গৈছিল। এই সাক্ষাৎকাৰে সকলো এৰুৱাই দিলে। এনেকুৱা সাক্ষাৎকাৰৰ দ্বাৰা এতিয়াও সেৱা হওক। সাক্ষাৎকাৰৰ দ্বাৰা যেতিয়া প্ৰাপ্তি হব তেতিয়া নিজক গঢ়ি নোতোলাকৈ থাকিব নোৱাৰিব সেইবাবে চলোঁতে-ফুৰোঁতে ফৰিষ্টা স্বৰূপৰ সাক্ষাৎকাৰ কৰোৱা। ভাষণ দিওঁতা বহুত আছে, কিন্তু তোমালোক উপলব্ধি কৰাওঁতা হবা - তেতিয়া বুজিব যে এওঁলোক ভগৱানৰ লোক।

স্লোগান:
সদায় আত্মিক আনন্দৰ অনুভৱ কৰি থাকিবা তেতিয়া কেতিয়াও বিবুদ্ধিত পৰিবলগীয়া নহব।