12.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল - এই সময়ত বুঢ়া, শিশু, ডেকা সকলোৰে বানপ্ৰস্থ অৱস্থা, কিয়নো সকলো বাণীৰ সিপাৰে মুক্তিধামলৈ যাব লাগে, তোমালোকে তেওঁলোকক ঘৰৰ মাৰ্গ দৰ্শন কৰা

প্ৰশ্ন:
পিতাৰ শ্রীমত প্ৰত্যেক সন্তানৰ প্ৰতি ভিন্ন ভিন্ন, একেধৰণৰ নহয় কিয়?

উত্তৰ:
কিয়নো পিতাই প্ৰত্যেক সন্তানৰ নাড়িৰ স্পন্দন চাই, পৰিস্থিতি লক্ষ্য কৰি শ্রীমত দিয়ে। ধৰি লোৱা কাৰোবাৰ কোনো বন্ধন নাই, বুঢ়া বা কুমাৰী, সেৱাৰ যোগ্য হয় তেন্তে বাবাই ৰায় দিব যে এই (ঈশ্বৰীয়) সেৱাত লাগি যোৱা। বাকী সকলোকেতো ইয়াত বহুৱাই নাৰাখিব। যাৰ প্ৰতি পিতাৰ যি শ্রীমত পোৱা যায় তাতেই কল্যাণ আছে। যেনেকৈ মম্মা-বাবাই শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লয় তেনেকৈ অনুসৰণ কৰি তেওঁলোকৰ দৰে সেৱা কৰি উত্তৰাধিকাৰ লব লাগে।

গীত:
ভোলেনাথ চে নিৰালা (ভোলানাথতকৈ অনন্য)

ওঁম্শান্তি।
অতিকৈ মৰমৰ সন্তানসকলে গীতটি শুনিলা। শিৱক ভোলানাথ বুলি কোৱা হয়। আৰু এয়া যিজনে ডম্বৰু বজায় তেওঁক শংকৰ বুলি কৈ দিয়ে। ইয়াত কিমান আশ্ৰম আছে, য'ত বেদ, শাস্ত্ৰ, উপনিষদ আদি শুনায়, এয়াও যেন ডম্বৰু বজায়। কিমান আশ্ৰম আছে যত মনুষ্য গৈ থাকেও। কিন্তু কোনো লক্ষ্য-উদ্দেশ্য নাই। এনেকৈ ভাবে গুৰুসকলে আমাক বাণীৰ সিপাৰে শান্তিধামলৈ লৈ যাব। এইটো ভাৱনাৰে গৈ থাকে যে ইয়াতে প্ৰাণ ত্যাগ কৰোঁ, কিন্তু উভতিতো কোনেও যাব নোৱাৰে। তেওঁলোকেতো নিজৰ নিজৰ ভক্তি আদি শিকায়। ইয়াততো সন্তানসকলে জানে যে এয়াই সঁচা সঁচা বানপ্ৰস্থ। শিশু, বুঢ়া, ডেকা সকলো বানপ্ৰস্থী। বাকী মুক্তিধামলৈ যাবৰ বাবে পুৰুষাৰ্থ কৰাই আছে। এনেকুৱা আৰু কোনো নাথাকিব যিয়ে সৎগতি অথবা বাণীৰ সিপাৰে যোৱাৰ মাৰ্গ দেখুৱাব। গতি-সৎগতি দাতা এজনেই। পিতাই এনেকৈ কব নোৱাৰে যে গৃহস্থ ব্যৱহাৰ এৰি ইয়াত বহি যোৱা। অৱশ্যে হয়, যিসকল সেৱাৰ যোগ্য তেওঁলোকক ৰাখিব পৰা যায়। অন্যকো বানপ্ৰস্থৰ মাৰ্গ দেখুৱাব লাগে কিয়নো এতিয়া সকলোৰে বাণীৰ সিপাৰে যোৱাৰ সময়। বানপ্ৰস্থ অথবা মুক্তিধামলৈ লৈ যাওঁতা হৈছে একমাত্ৰ পিতা। সেইজন পিতাৰ ওচৰত তোমালোক বহি আছা। তেওঁলোকে যদিও বানপ্ৰস্থ মাৰ্গ লয় কিন্তু উভতিতো কোনেও যাব নোৱাৰে। বানপ্ৰস্থলৈ লৈ যাওঁতা হৈছে একমাত্ৰ পিতা তেৱেঁই ভাল মত দিব। কোনোৱে কয় বাবা আমি ঘৰ-সংসাৰ লৈ আহি ইয়াত বহি যাওঁ। নহয়, চাব লাগে এওঁ সেৱাৰ যোগ্য হয় নে নহয়। কোনোবা বন্ধনমুক্ত হলে, বয়সীয়াল হলে, সেৱাৰ যোগ্য হলে তেন্তে তেওঁক শ্রীমত দিয়া হয়। যিদৰে সন্তানসকলে কয় আলোচনা চক্ৰ অনুষ্ঠিত কৰোঁ তেতিয়া সেৱাৰ যুক্তি শিকিম। কন্যাসকলৰ লগতে মাতাসকলে, পুৰুষসকলেও শিকি যাব। আলোচনা চক্ৰতো এয়া নহয় জানো। বাবাই নিতৌ শিক্ষা দি থাকে - কেনেকৈ কাৰোবাক বুজাব লাগে। ৰায় দি থাকে। প্ৰথমেতো এটাই কথা বুজোৱা। পৰমপিতা পৰমাত্মা যাক স্মৰণ কৰে তেওঁৰ আপোনাৰ কি হয়। যদিহে পিতা হয় তেন্তে পিতাৰ পৰাতো উত্তৰাধিকাৰ পোৱা উচিত। আপোনালোকেতো পিতাক নাজানে। কৈ দিয়ে যে সকলোতে ভগৱান আছে। কণ কণত ভগৱান আছে তেতিয়া আকৌ আপোনালোকৰ কি অৱস্থা হ'ব! তোমালোক সন্তানসকলে এতিয়া জানা যে আমি বাবাৰ সন্মুখত বহি আছোঁ। বাবাই আমাক যোগ্য কৰি, কাঁইটৰ পৰা ফুল কৰি লগত লৈ যাব বাকী অন্য সকলোৱেতো জংঘলৰহে মাৰ্গ দেখুৱায়। পিতাইতো কিমান সহজ মাৰ্গ দেখুৱায়। চেকেণ্ডত জীৱনমুক্তি বুলি গায়ন কৰা হৈছে। সেয়া মিছা হ'ব জানো। বাবা বুলি কলা মানে তোমালোক জীৱনমুক্ত হৈ গলা। বাবাই প্ৰথমতে নিজৰ ঘৰলৈ লৈ যায়। তোমালোক সকলোৱে নিজৰ ঘৰক পাহৰি গৈছা নহয়। এনেকৈ কয় ঈশ্বৰ পিতাই সকলো বাৰ্তাবাহকক ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ পঠিয়াই দিয়ে, তেন্তে সৰ্বাব্যাপী বুলি কিয় কয়? ওপৰৰ পৰা পঠিয়াই দিয়ে নহয় জানো। কয় এটা কিন্তু নামানে। পিতাই ধৰ্ম প্ৰতিষ্ঠাৰ অৰ্থে পঠিয়াই দিয়ে গতিকে তেওঁৰ সংস্থাৰ লোকসকলো তেওঁৰ পিছে পিছে আহিবলৈ ধৰিব। প্ৰথমতে হৈছে দেৱী-দেৱতাসকলৰ সংস্থা। প্ৰথমতে আদি-সনাতন দেৱী-দেৱতা ধৰ্মৰ লক্ষ্মী-নাৰায়ণ নিজৰ প্ৰজা সহিত আহিব, অন্য কোনো প্ৰজা সহিত নাহে। তেওঁলোক এজন আহিব তাপাছত দ্বিতীয়, তৃতীয় আহিব। ইয়াত তোমালোক সকলো পিতাৰ পৰা উত্তৰাধিকাৰ লবৰ বাবে তৈয়াৰ হৈ আছা। এইখন হৈছে স্কুল। ঘৰত থাকি এঘণ্টা, আধা ঘণ্টা. পোন্ধৰ মিনিট বাবাৰ স্মৃতিত থাকা। এক চেকেণ্ডত কেৱল তোমালোকক কয় - পৰমপিতা পৰমাত্মাৰ সৈতে তোমালোকৰ কি সম্বন্ধ। মুখেৰেও কয়ো পৰমপিতা তেওঁতো সকলোৰে পিতা, ৰচয়িতা হয় তথাপি পিতা বুলি নুবুজিলে তেন্তে কি বুলি কোৱা হব! পিতা হৈছে স্বৰ্গৰ ৰচয়িতা তেন্তে নিশ্চয় স্বৰ্গৰ বাদশ্বাহী দিব। ভাৰতক দিছে নহয়। নৰৰ পৰা নাৰায়ণ কৰি তোলোঁতা ৰাজযোগ প্ৰসিদ্ধ হয়। এয়া সত্য-নাৰায়ণৰ কথাও হয়। অমৰকথাও হয়, তৃতীয় নেত্ৰ প্ৰাপ্তিৰ কথাও হয়। তোমালোক সন্তানসকলে জানা যে বাবাই আমাক উত্তৰাধিকাৰ দি আছে। পিতাই শ্রীমত দিয়ে। তেওঁৰ মতত নিশ্চয় কল্যাণেই হ'ব। পিতাই প্ৰত্যেকৰে নাড়িৰ স্পন্দন চায়। তেওঁৰ কোনো বন্ধন নাই। সেৱাও কৰিব পাৰে। পিতাই যোগ্যতা চাই আকৌ নিৰ্দেশনা দিয়ে। পৰিস্থিতি লক্ষ্য কৰি কোৱা হয় - তুমি ইয়াত থাকিব পাৰা, সেৱাও কৰি থাকা। য'ত যত দৰকাৰ হ'ব, প্ৰদৰ্শনীততো বহুতৰ প্ৰয়োজন হয়। বয়সীয়ালো লাগে, কন্যাও লাগে। সকলোৱে শিক্ষা পাই থাকে। এয়া হৈছে পঢ়া। ভাগৱানুবাচ, ভগৱান বুলি নিৰাকাৰক কোৱা হয়। তোমালোক আত্মাসকল তেওঁৰ সন্তান। এনেকৈ কোৱা হে ঈশ্বৰ পিতা তেন্তে তেওঁক আকৌ সৰ্বাব্যাপী বুলি কবা জানো। লৌকিক পিতা সৰ্বব্যাপী হয় জানো! নহয়, তোমালোকে পিতা বুলি কোৱা আৰু পতিত-পাৱন পিতা বুলি গায়নো কৰা তেন্তে নিশ্চয় ইয়ালৈ আহি পাৱন কৰি তুলিব। তোমালোক সন্তানসকলে জানা যে পতিতৰ পৰা পাৱন হৈ আছোঁ।

পিতাই কয় - মোৰ 5 হাজাৰ বছৰ পাছত পুনৰাই আহি মিলিত হোৱা সন্তানসকল। তোমালোক পুনৰাই উত্তৰাধিকাৰ লবলৈ আহিছা। জানা যে ৰাজধানী স্থাপন হৈ আছে। যেনেকৈ মম্মা-বাবাই শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লয়, আমিও তেওঁৰ পৰা লওঁ, অনুসৰণ কৰা। মম্মা-বাবাৰ দৰে সেৱাও কৰা। মম্মা-বাবাই নৰৰ পৰা নাৰায়ণ হোৱাৰ কথা শুনায়। আমি তেন্তে কমকৈ কিয় শুনিম। জানা যে তেওঁলোকেই সূৰ্যবংশী আকৌ চন্দ্ৰবংশীও হ'ব। প্ৰথমেতো সূৰ্যবংশীত যাব লাগিব নহয় জানো। বোধ শক্তিতো আছে নহয়। বোধ শক্তি অবিহনে স্কুলত কোনো বহিব নোৱাৰে। বাবাই শ্রীমত দিয়ে। আমি জানো যে এওঁৰ শৰীৰততো বাবাই প্ৰৱেশ কৰিছে। নহলেনো প্ৰজাপিতা কৰপৰা আহিল। ব্ৰহ্মাতো হৈছে সূক্ষ্মবতনবাসী। প্ৰজাপিতাতো ইয়াত লাগে নহয় জানো। পিতাই কয় - মই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰোঁ। কাৰ? ব্ৰাহ্মণৰ। এই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰোঁ। তোমালোক আত্মাসকলেও শৰীৰত প্ৰৱেশ কৰা নহয়। মোক জ্ঞানৰ সাগৰ বুলি কয়। তেন্তে মই নিৰাকাৰে জ্ঞান কেনেকৈ শুনাম। কৃষ্ণকতো জ্ঞানৰ সাগৰ বুলি কোৱা নহব। কৃষ্ণৰ আত্মাই বহুত জন্মৰ অন্তত জ্ঞান লৈ আকৌ কৃষ্ণ হয়, এতিয়া নহয়। তোমালোকে জানা ভগৱানৰ দ্বাৰা ৰাজযোগ শিকি দেৱী-দেৱতা স্বৰ্গৰ মালিক হয়। পিতাই কয় কল্পই কল্পই তোমালোকক ৰাজযোগ শিকাওঁ। পঢ়াৰ দ্বাৰা বাদশ্বাহী পোৱা যায়। তোমালোক ৰজাৰো ৰজা হবাগৈ। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে এয়া। তোমালোক পুনৰাই সূৰ্যবংশীৰ দেৱী-দেৱতা হ'বলৈ আহিছা। এক দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। এতিয়াতো অনেক ধৰ্ম আছে। অনেক গুৰু আছে। সেই সকলোবোৰ নাশ হৈ যাব। এই সকলোবোৰ গুৰুৰো গুৰু সৎগতিদাতা হৈছে একমাত্ৰ পিতা। সাধুসকলৰো সৎগতি কৰিবলৈ আহিছোঁ। আগলৈ গৈ তেঁওলোকো তোমালোকৰ আগত নতশিৰ হব, কল্প পূৰ্বৰ দৰে।

তোমালোক সন্তানসকলৰ বুদ্ধিত ড্ৰামাৰ গোটেই ৰহস্য আছে। জানা যে সূক্ষ্মবতনত ব্ৰহ্মা, বিষ্ণু, শংকৰ, ইয়াত আকৌ প্ৰজাপিতা ব্ৰহ্মা। এনেকৈ কয় - ব্ৰহ্মাৰ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ। তোমালোককো কয় - হে সন্তানসকল, তোমালোক সকলো ব্ৰাহ্মণ তোমালোকৰ ওপৰত (জ্ঞানৰ) কলহ ৰাখোঁ। তোমালোকে ইমান জন্ম লৈছা। এতিয়াতো হয়েই ৰৌৰৱ নৰক, বাকীতো কোনো নদী নাই যাক নৰক বুলি কোৱা হব। গৰুড় পুৰাণততো বহুত কথা লিখি দিছে। এতিয়া বাবাই বহি সন্তানসকলক বুজায়। এয়াওতো পঢ়া হল নহয় জানো। এতিয়া ভোলানাথ পিতাই তোমালোক ভোলা সন্তানসকলক বহি বুজায়। গৰিব ভোলা সন্তানসকলক পুনৰ উচ্চতকৈ উচ্চ চহকী কৰি তোলে। তোমালোকে জানা সূৰ্যবংশী মালিক হয়। আকৌ লাহে লাহে অৱনমিত হৈ হৈ কি হৈ গৈছে। কিমান আচৰিত খেল। স্বৰ্গত কিমান মালামাল আছিল। এতিয়াও ৰজাসকলৰ বহুত ডাঙৰ ডাঙৰ মহল আছে। জয়পুৰতো আছে। এতিয়াই এনেকুৱা মহল আছে তেন্তে আগন্তুক সময়চোৱাত কব নোৱাৰি কেনেকুৱা হ'ব। চৰকাৰী ঘৰ এনেকৈ নাসাজে। ৰজাসকলৰ মহল নিৰ্মাণ কৰাৰ জাকজমকতাই বেলেগ। বাৰু আকৌ স্বৰ্গৰ আৰ্হি (মডেল) চাব বিচৰা যদি তেন্তে আজমিৰলৈ আহা। কেৱল এটা আৰ্হি সাজিবলৈও বহুত পৰিশ্ৰম কৰিছে। দেখিলে তোমালোক কিমান আনন্দিত হ'বা। ইয়াততো বাবাই তৎক্ষণাৎ সাক্ষাৎকাৰ কৰাই দিয়ে। যিবোৰ দিব্য দৃষ্টিৰে দেখা পোৱা যায় সেয়া আকৌ তোমালোকে বাস্তৱত প্ৰত্যক্ষ কৰিব লাগে। ভক্তিমাৰ্গত ভক্তসকলৰ যদিও সাক্ষাৎকাৰ হয় কিন্তু তেওঁলোক জানো বৈকুণ্ঠৰ মালিক হল। তোমালোকতো বাস্তৱত মালিক হোৱা। এতিয়াতো হয়েই নৰক। ইজনে সিজনক দংশন কৰে (দুখ দিয়ে), কাজিয়া কৰি থাকে। সন্তানে পিতাকক, ভায়েককো হত্যা কৰিবলৈ পলম নকৰে। সত্যযুগত যুদ্ধ আদিৰতো কোনো কথাই নাই। এতিয়াৰ উপাৰ্জনৰ দ্বাৰা তোমালোকে 21 জন্মৰ বাবে পদ পোৱা। তেন্তে কিমান আনন্দিত হোৱা উচিত। প্ৰথম কথা হৈছে যদি পিতাৰ পৰিচয় আৰু পিতাৰ জন্ম বৃত্তান্ত নাজানে তেন্তে বাকী বাবা বুলি কোৱাৰ লাভেই বা কি, ইমান দান পুণ্য কৰিও ভাৰতৰ এনেকুৱা অৱস্থা হৈ গৈছে। কিন্তু এয়া কোনেও বুজি নাপায়। কয় - ভক্তিৰ পাছত ভগৱানক পাবা। কিন্তু কেতিয়া আৰু কোনে পাব! ভক্তিতো সকলোৱে কৰে কিন্তু সকলোৱে বাদশ্বাহীতো নাপাব। বুজাৰ কিমান অৱকাশ আছে। তোমালোকে যিকোনো লোককে কব পাৰা, এই শাস্ত্ৰ আদি সকলো পাহৰি যাওক, জীৱন্তে মৰি যোৱা। ব্ৰহ্ম তত্ত্ব হয়। তাৰ দ্বাৰা উত্তৰাধিকাৰতো পাব নোৱাৰে। উত্তৰাধিকাৰতো পিতাৰ পৰাহে পোৱা যায়। কল্পই কল্পই আমি লওঁ। কোনো নতুন কথা নহয়। এতিয়া নাটক পুৰা হ'বৰ হল। আমি শৰীৰ এৰি ঘৰলৈ উভটি যাব লাগে। যিমান স্মৰণ কৰিবা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হ'ব। ইয়াক বিনাশৰ সময় বুলি কোৱা হয়। পাপ আত্মাৰ হিচাপ-নিকাচ নিষ্পত্তি হ'ব। এতিয়া যোগবলেৰে পুণ্য আত্মা হ'ব লাগে। খেৰৰ জুমুঠি স্বৰূপ (অন্তঃসাৰশূন্য) পৃথিৱীখনত এতিয়া জুই লাগিব। আত্মাসকল উভতি গুচি যাব। এটা ধৰ্ম প্ৰতিষ্ঠা হয় গতিকে অনেক ধৰ্ম উভতি গুচি যাব। শৰীৰ লগত লৈ যাব জানো।

কোনোবাই কয় যাতে মোক্ষ পাই যাওঁ। কিন্তু এয়া কেনেকৈ হ'ব পাৰে, যিহেতু পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, যিখন সদায় চলিয়েই থাকে। ইয়াৰ অন্ত কেতিয়াও নহয়। অনাদি চক্ৰ কেনেকৈ ঘূৰে পিতাই এতিয়া সেই ৰহস্য বহি বুজায়। এই সকলোবোৰ কথা বুজাব লাগে। যেতিয়া তেওঁলোকে অধিক বুজিবলৈ ধৰিব তেতিয়া আকৌ বৃদ্ধি হ'বলৈ ধৰিব। এইটো তোমালোকৰ বহুত উচ্চ ধৰ্ম, ইয়াক চৰায়ে খাই পেলায় অন্য ধর্মক চৰায়ে নাখায়। তোমালোক সন্তানসকলে এইখন সৃষ্টিত কোনো চখ ৰাখিব নালাগে এইখন হৈছে কবৰস্থান। পুৰণি সৃষ্টিৰ প্ৰতি কি আসক্তি ৰাখিব লাগে। আমেৰিকাত যিসকল বিচাৰ বুদ্ধি সম্পন্ন হয় তেওঁলোকে ভাবে কোনোবা প্ৰেৰিত কৰোঁতা আছে। মৃত্যু সমাগত। বিনাশতো হ'বই। সকলোৰে অন্তৰতো দহিয়েই থাকে। ড্ৰামাৰ নিয়তি এনেকৈ ৰচি থোৱা আছে। শিৱবাবাতো দাতা হয়, এওঁৰতো কোনো আসক্তি নাই। নিৰাকাৰ হয়। এই সকলোবোৰ সন্তানসকলৰ। নতুন সৃষ্টিও সন্তানসকলৰ। বিশ্বৰ বাদশ্বাহী আমি স্থাপন কৰি আছোঁ, আমিয়েই ৰাজত্ব কৰিম। বাবা কিমান নিষ্কামি। তোমালোকে বাবাক স্মৰণ কৰিলে তেতিয়া বুদ্ধিৰ তলা খুলিব। তোমালোক হৈছা দ্বৈত মহাদানী (ডবল ফিলানট্ৰপিষ্ট)। তন-মন-ধন দিয়া, অবিনাশী জ্ঞান ৰত্নও দিয়া। শিৱবাবাক তোমালোকে কি দিয়া? শ্ৰাদ্ধ কৰা পুৰোহিতক দিয়ে নহয়। ঈশ্বৰ সমৰ্পণম্‌ (সকলো ঈশ্বৰক দিওঁ), ঈশ্বৰ ভোকাতুৰ নেকি? নতুবা কৃষ্ণ অৰ্পণম্‌ কৰে। দুয়োজনক ভিখাৰী কৰি দিছে। তেওঁতো দাতা হয়। বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৰণি সৃষ্টিৰ কোনো বস্তুৰ প্ৰতি আসক্তি ৰাখিব নালাগে। এইখন সৃষ্টিত কোনো কথাৰ চখ ৰাখিব নালাগে কিয়নো এইখন এতিয়া কবৰ স্থান হব।

(2) এতিয়া নাটক পূৰা হয়, হিচাপ-নিকাচ নিষ্পত্তি কৰি ঘৰলৈ যাব লাগে সেইবাবে যোগবলৰ দ্বাৰা পাপৰ পৰা মুক্ত হৈ পুণ্য আত্মা হ'ব লাগে। দ্বৈত দানী হ'ব লাগে।

বৰদান:
আনন্দ ৰূপী খোৰাকৰ দ্বাৰা মন আৰু বুদ্ধিক শক্তিশালী কৰি তোলোঁতা অচল-অটল হোৱা

"বাঃ! বাবা বাঃ! আৰু বাঃ! মোৰ ভাগ্য বাঃ!" সদায় এইটোৱে আনন্দৰ গীত গাই থাকা। আনন্দ সকলোতকৈ শ্ৰেষ্ঠ খোৰাক (পথ্য), আনন্দৰ দৰে অন্য কোনো খোৰাক নাই। যিয়ে নিতৌ আনন্দ ৰূপী খোৰাক খায় তেওঁলোক সদায় স্বাস্থ্যৱান হৈ থাকে। কেতিয়াও দুৰ্বল নহয়, সেইবাবে আনন্দ ৰূপী খোৰাকৰ দ্বাৰা মন আৰু বুদ্ধিক শাক্তিশালী কৰি তোলা তেতিয়া স্থিতি শক্তিশালী হৈ থাকিব। এনেকুৱা শক্তিশালী স্থিতিত থকাসকল সদায়েই অচল-অটল হৈ থাকিব।

স্লোগান:
মন আৰু বুদ্ধিক অনুভৱৰ আসনত স্থিত কৰি দিয়া তেতিয়া কেতিয়াও বিচলিত নোহোৱা।