12.06.22    Avyakt Bapdada     Assame Murli     03.04.91     Om Shanti     Madhuban


*সকলো পৰিসীমা চেৰাই অনন্ত বৈৰাগী হোৱা*


আজি কল্পৰ পাছত পুনৰাই মিলন উদ্‌যাপন কৰা সকলো সন্তানে নিজৰ সাকাৰী মিঠা ঘৰ মধুবনত আহি উপস্থিত হৈ গৈছাহঁক। সাকাৰ লোকৰ মিঠা ঘৰ মধুবনেই হয়। য'ত পিতা আৰু সন্তানসকলৰ আত্মিক মেলা লাগে। মিলন মেলা হয়। গতিকে সকলো সন্তান মিলন মেলালৈ আহি গৈছাহঁক। পিতা আৰু সন্তানসকলৰ এই মিলন মেলা কেৱল এই সংগমযুগত আৰু মধুবনতহে হয় সেইবাবে সকলোৱে দৌৰি দৌৰি মধুবনত আহি উপস্থিত হৈছা। মধুবনে বাপদাদাক সাকাৰ ৰূপতো সাক্ষাৎ কৰায় আৰু লগতে সহজ স্মৃতিৰ দ্বাৰা অব্যক্ত সাক্ষাৎকাৰো কৰায়, কিয়নো মধুবন ভূমিৰ আত্মিক মিলনৰ, সাকাৰ ৰূপত মিলনৰ অনুভূতিৰ বৰদান প্ৰাপ্ত হৈছে। বৰদানী ভূমি হোৱাৰ কাৰণে মিলনৰ অনুভৱ সহজে কৰা। অন্য কোনো স্থানত জ্ঞান সাগৰ আৰু জ্ঞান নদীসমূহৰ মিলন মেলা নহয়। সাগৰ আৰু নদীসমূহৰ মিলন মেলাৰ এয়াই একমাত্ৰ স্থান। এনেকুৱা মহান বৰদানী ভূমিলৈ আহিছা - এনেকৈ ভাবানে?

তপস্যা বৰ্ষত বিশেষ এইটো কল্পত প্ৰথমবাৰ সাক্ষাৎ কৰা সন্তানসকলে সোণালী সুযোগ প্ৰাপ্ত কৰিছে। কিমান ভাগ্যৱান হোৱা! তপস্যাৰ আদিতেই নতুন সন্তানসকলে অতিৰিক্ত বল প্ৰাপ্ত কৰিছে। গতিকে আদিতেই এই অতিৰিক্ত বল আগলৈ, আগবাঢ়ি যোৱাত সহযোগী হ'ব সেইবাবে নতুন সন্তানসকলক ড্ৰামায়ো আগবাঢ়ি যোৱাত সহযোগ দিছে সেইবাবে এইটো অভিযোগ দিব নোৱাৰা যে আমিতো পাছত আহিছোঁ। নহয়, তপস্যা বৰ্ষটিৰো বৰদান প্ৰাপ্ত হৈছে। তপস্যা বৰ্ষত বৰদানী ভূমিলৈ অহাৰ অধিকাৰ পাইছা, সুযোগ পাইছা। এই অতিৰিক্ত ভাগ্য কম নহয়! এইটো বছৰৰ, মধুবন ভূমিৰ আৰু নিজৰ পুৰুষাৰ্থৰ - তিনিওটি বৰদান বিশেষ তোমালোক নতুন সন্তানসকলে প্ৰাপ্ত কৰিছা। গতিকে কিমান ভাগ্যৱান হলা! ইমান অবিনাশী ভাগ্যৰ নিচা লগত ৰাখিবা। নিচা যাতে কেৱল ইয়ালৈকে সীমাৱদ্ধ নহয়, কিন্তু অবিনাশী পিতা, অবিনাশী তোমালোক শ্ৰেষ্ঠ আত্মা, গতিকে ভাগ্যও অবিনাশী। অবিনাশী ভাগ্যক অবিনাশী কৰি ৰাখিবা। এয়া কেৱল সহজে মনোযোগ দিয়াৰ কথা। দুশ্চিন্তাযুক্ত মনোযোগ নহয়। সহজে যাতে মনোযোগ থাকে, আৰু কঠিন হয়েই বা কি? মোৰ বাবা এয়া জানি ল'লা, মানি ল'লা। গতিকে যিটো জানি ল'লা, মানি ল'লা, অনুভৱ কৰি ল'লা, অধিকাৰ প্ৰাপ্ত হৈ গ'ল তেন্তে আকৌ কঠিন কি? কেৱল এটাই মোৰ বাবা এইটো যাতে অনুভৱ হৈ থাকে। এয়াই সম্পূৰ্ণ জ্ঞান।

এটি বাবা শব্দত গোটেই আদি-মধ্য-অন্তৰ জ্ঞান সমাহিত হৈ আছে কিয়নো বীজ হয় নহয় জানো। বীজততো গোটেই বৃক্ষ সমাহিত হৈ থাকে নহয়। বিস্তাৰ পাহৰিব পাৰা কিন্তু সাৰ হৈছে এটি বাবা শব্দ - এইটো স্মৃতিত ৰখা কঠিন নহয়। সদায় সহজ হয় নহয়! কেতিয়াবা সহজ, কেতিয়াবা কঠিন নহয়। সদায় বাবা মোৰ, নে কেতিয়াবা কেতিয়াবা মোৰ হয়? যিহেতু সদায় বাবা মোৰ হয় তেন্তে স্মৃতিও সদায় সহজ হয়। কোনো কঠিন কথা নহয়। ভগৱানে কলে - তোমালোক মোৰ আৰু তোমালোকে কলা আপুনি মোৰ। তেন্তে কিনো কঠিন? সেইবাবে বিশেষকৈ নতুন সন্তানসকল আৰু আগবঢ়ি যোৱা। এতিয়াও আগবাঢ়ি যোৱাৰ সুযোগ আছে। এতিয়া সমাপ্তিৰ চূড়ান্ত শিঙা (বিগুল) বজা নাই। সেইবাবে উৰা আৰু আনকো উৰুৱাই লৈ গৈ থাকা। ইয়াৰ বিধি হৈছে ৱেষ্ট অৰ্থাৎ ব্যৰ্থৰ পৰা হাত সাৰা। ৰাহিৰ হিচাপ, জমাৰ হিচাপ বঢ়াই গৈ থাকা কিয়নো 63 জন্মৰ পৰা ৰাহি কৰা নাই কেৱল হেৰুৱাইছা। সকলো হিচাপ ব্যৰ্থত হেৰুৱাই শেষ কৰি দিছা। শ্বাস ৰূপী সম্পদো হেৰুৱালা, সংকল্প ৰূপী সম্পদো হেৰুৱালা, সময় ৰূপী সম্পদো হেৰুৱালা, গুণ ৰূপী সম্পদো হেৰুৱালা, শক্তিৰূপী সম্পদো হেৰুৱালা, জ্ঞান ৰূপী সম্পদো হেৰুৱালা। কিমান হিচাপ খালী হৈ গল! এতিয়া এই সকলো হিচাপ জমা কৰিব লাগে। জমা হোৱাৰ সময়ো এতিয়াই আৰু জমা কৰাৰ বিধিও পিতাৰ দ্বাৰা সহজে পাই আছা। বিনাশী সম্পদ খৰচ কৰিলে কম হয়, ক্ষয় হৈ যায় আৰু এই সকলো সম্পদ যিমানে নিজৰ প্ৰতি, আনৰ প্ৰতি শুভ বৃত্তিৰে কাৰ্যত প্ৰয়োগ কৰিবা, সিমানে জমা হৈ গৈ থাকিব, বাঢ়ি গৈ থাকিব। ইয়াত সম্পদসমূহ কাৰ্যত প্ৰয়োগ কৰা এইটো হৈছে জমা কৰাৰ বিধি। তাত ৰখাতো জমা কৰাৰ বিধি আৰু ইয়াত প্ৰয়োগ কৰাতো হৈছে জমা কৰাৰ বিধি। পাৰ্থক্য আছে। সময়ক নিজৰ প্ৰতি বা আনৰ প্ৰতি শুভ কাৰ্যত লগোৱা তেতিয়া জমা হৈ গৈ থাকিব। জ্ঞানক কাৰ্যত প্ৰয়োগ কৰা। সেইদৰে গুণক, শক্তিসমূহক যিমানে প্ৰয়োগ কৰিবা সিমানে বাঢ়িব। এনেকৈ নাভাবিবা - যিদৰে তেওঁলোকে দেৰাজত (লকাৰত) ৰাখি থয় আৰু ভাবে বহুত জমা আছে, সেইদৰে তোমালোকেও ভাবিবা যে মোৰ বুদ্ধিত জ্ঞান বহুত আছে, গুণো মোৰ মাজত বহুত আছে, শক্তিও বহুত আছে। তলা লগাই নাৰাখিবা, প্ৰয়োগ কৰা। বুজিলা। জমা কৰাৰ বিধি কি? কাৰ্যত প্ৰয়োগ কৰা। নিজৰ প্ৰতিও ব্যৱহাৰ কৰা, নহ'লে ঢিলা হৈ যাব। বহুত সন্তানে কয় যে সকলো সম্পদ মোৰ ভিতৰত বহুত সমাহিত হৈ আছে। কিন্তু সমাহিত হৈ থকাৰ চিন কি? সমাহিত হৈ থকা অৰ্থাৎ জমা আছে। গতিকে তাৰ চিন হৈছে - নিজৰ প্ৰতি বা আনৰ প্ৰতি সময়ত কামত আহিব। কামত নাহেই আৰু কয় বহুত জমা আছে, বহুত জমা আছে। তেন্তে তাক যথাৰ্থ জমাৰ বিধি বুলি কোৱা নহব সেইবাবে যদি বিধি যথাৰ্থ নহয় তেন্তে সময়ত সম্পূৰ্ণতাৰ সিদ্ধি নাপাবা। প্ৰতাৰিত হৈ যাবা। সিদ্ধি নাপাবা।

গুণসমূহক, শক্তিসমূহক কাৰ্যত লগোৱা তেতিয়া বাঢ়ি গৈ থাকিব। গতিকে ৰাহি কৰাৰ বিধি, জমা কৰাৰ বিধি প্ৰয়োগ কৰা। তেতিয়া ব্যৰ্থৰ হিচাপ স্বতঃ পৰিৱৰ্তন হৈ সফল হৈ যাব। যিদৰে ভক্তি মাৰ্গত এইটো নিয়ম আছে যে যিমানেই তোমাৰ ওচৰত স্থূল ধন আছে তেতিয়া তাৰ বাবে কয় - দান কৰা, সফল কৰা তেতিয়া বাঢ়ি গৈ থাকিব। সফল কৰাৰ বাবে ভক্তিতো কিমান উৎসাহ-উদ্দীপনা বঢ়ায়। গতিকে তোমালোকেও তপস্যা বৰ্ষত কেৱল এইটোৱে পৰীক্ষা নকৰিবা যে ব্যৰ্থত কিমান হেৰুৱালা? ব্যৰ্থত হেৰুৱালা, সেয়া বেলেগ কথা। কিন্তু এইটো পৰীক্ষা কৰা যে কিমান সফল কৰিলা? যিবোৰ সম্পদৰ কথা শুনালোঁ। গুণো হৈছে পিতাৰ দান। এইটো মোৰ গুণ, মোৰ শক্তি - সপোনতো এইটো ভুল নকৰিবা। এয়া পিতাৰ দান গতিকে প্ৰভূৰ দান, পৰমাত্মাৰ দানক মোৰ বুলি মানি লোৱা - এইটো মহাপাপ। অনেক বাৰ অনেক সন্তানে সাধাৰণ ভাষাত ভাবেও আৰু কয়ো যে মোৰ এই গুণটিক ব্যৱহাৰ কৰা নহয়, মোৰ মাজত এয়া শক্তি আছে, মোৰ বুদ্ধি বহুত ভাল, ইয়াক ব্যৱহাৰ কৰা নহয়। 'মোৰ' ক'ৰ পৰা আহিল? 'মোৰ' বুলি কলা আৰু মলিয়ন হ'লা। ভক্তিতো এই শিক্ষা 63 জন্মৰ পৰা দি থকা হৈছে যে মোৰ বুলি নাভাবিবা, তোমাৰ বুলি ভাবিবা। কিন্তু তথাপিও মনা নাই। গতিকে জ্ঞান মাৰ্গতো তোমাৰ বুলি কবা আৰু মানিবা মোৰ বুলি এই ঠগবাজি ইয়াত নচলে, সেইবাবে প্ৰভু প্ৰসাদক নিজৰ বুলি মানি লোৱা - এয়া অভিমান আৰু অপমান কৰাৰ দৰে হয়। বাবা বাবা শব্দটি ক'তো নাপাহৰিবা। পিতাই শক্তি দিছে, বুদ্ধি দিছে, বাবাৰ কাৰ্য হয়, বাবাৰ সেৱাকেন্দ্ৰ হয়, বাবাৰ সকলো বস্তু। এনেকৈ নাভাবিবা - মোৰ সেৱাকেন্দ্ৰ, মই সাজিছোঁ, মোৰ অধিকাৰ আছে। 'মোৰ' শব্দটি ক'ৰ পৰা আহিল? তোমাৰ হয় জানো? টোপোলা বান্ধি সযতনে ৰাখি থৈছা নেকি? বহুত সন্তানে এনেকুৱা নিচা দেখুৱায় যে মই সেৱাকেন্দ্ৰৰ ঘৰ সজাইছোঁ গতিকে মোৰ অধিকাৰ আছে। কিন্তু সজাইছা কাৰ সেৱাকেন্দ্ৰ? বাবাৰ সেৱাকেন্দ্ৰ নহয় জানো! গতিকে যেতিয়া বাবাক অৰ্পণ কৰি দিলা তেন্তে আকৌ তোমাৰ কেনেকৈ হল? মোৰ শব্দ কৰপৰা আহিল? যেতিয়া বুদ্ধি সলনি হয় তেতিয়া কয় মোৰ। মোৰ মোৰ ভাবেই মলিয়ন কৰিছে, আকৌ মলিয়ন হ'ব লাগেনে? যিহেতু ব্ৰাহ্মণ হৈছা তেন্তে ব্ৰাহ্মণ জীৱনত পিতাৰ প্ৰতি প্ৰথম প্ৰতিশ্ৰুতি কোনটো? নতুনসকলে প্ৰতিশ্ৰুতি দিছা, নে পুৰণিসকলে দিছা? নতুনসকলো এতিয়া পুৰণি হৈ আহিছা নহয়? নিশ্চয় বুদ্ধিৰ প্ৰ-পত্ৰ পূৰণ কৰি আহিছা নহয়? গতিকে সকলোৰে প্ৰথম প্ৰতিশ্ৰুতি হৈছে - তন-মন-ধন আৰু বুদ্ধি সকলো তোমাৰ। এইটো প্ৰতিশ্ৰুতি সকলোৱে কৰিছানে?

এতিয়া যদি প্ৰতিশ্ৰুতি দিওতা হোৱা তেন্তে হাত উঠোৱা। যিসকলে ভাবা যে ভৱিষ্যতৰ (আইৱেলৰ) কাৰণে কিছুতো ৰাখিব লাগিব, সকলোবোৰ পিতাক কেনেকৈ দিম? কিছুতো কাষৰীয়া কৰি ৰাখিব লাগিব। যিসকলে ভাবে যে এয়া বুদ্ধিমানৰ কাম, তেওঁলোকে হাত উঠোৱা। কিবা কাষৰীয়া কৰি ৰাখি থৈছা নেকি? চাবা, পাছত এনেকৈ নক'বা যে মোক কোনে দেখিলে? ইমান ভিৰৰ মাজত কোনে দেখিলে? পিতাৰ ওচৰততো টি.ভি. বহুত স্বচ্ছ। তাৰ পৰা লুকাব নোৱাৰা, সেইবাবে ভাবি, বুজি লৈ কিছু ৰাখিব বিচৰা যদি ৰাখা। পাণ্ডৱসকলে কি ভাবা? অলপ ৰাখিব লাগে নেকি? ভালদৰে ভাবা। যিসকলে ৰাখিব বিচৰা তেওঁলোকে এতিয়াই হাত উঠোৱা, সাৰি যাবা। নহ'লেতো এই সময়, এই সভা, তোমালোকৰ কান্ধ লৰচৰ কৰা এয়া সকলো দেখা পোৱা যাব। কেতিয়াও মোৰ ভাৱ নাৰাখিবা। পিতা বুলি কলা আৰু পাপ আঁতৰি গল। পিতা বুলি নকলে তেতিয়া পাপ হৈ যায়। পাপৰ বশৱৰ্তী হৈ গ'লে তেতিয়া বুদ্ধিয়ে কাম নকৰে। যিমানেই নুবুজোৱা, কব - নহয় এইটোতো শুদ্ধ হয়। এয়াতো হ'বই লাগে। এয়াতো কৰিবই লাগে। পিতাৰো দয়া উপজে কিয়নো সেই সময়ত পাপৰ বশৱৰ্তী হয়। পিতাক পাহৰি গ'লে পাপ আহি যায়। আৰু পাপৰ বশৱৰ্তী হোৱাৰ কাৰণে যি কয়, যি কৰে সেয়া নিজেও বুজি নাপায় যে মই কি কৰি আছোঁ, কিয়নো পৰৰ বশীভূত হয়। গতিকে সদায় জ্ঞানৰ হুঁচত থাকিবা। পাপৰ উত্তেজনাত নাহিবা। মাজে মাজে এয়া মায়াৰ লহৰ আহে। তোমালোক নতুনসকলে এই কথাবোৰৰ পৰা হাত সাৰি থাকিবা। মোৰ মোৰ বোধত নাযাবা। অলপ পুৰণা হৈ গলে তেতিয়া এই মোৰ মোৰৰ মায়া বহুত আহে। মোৰ বিচাৰ, বুদ্ধিয়েই যেতিয়া মোৰ নহয় তেন্তে মোৰ বিচাৰ ক'ৰপৰা আহিল? গতিকে বুজিলা জমা কৰাৰ বিধি কি? কাৰ্যত প্ৰয়োগ কৰা। সফল কৰা, নিজৰ ঈশ্বৰীয় সংস্কাৰসমূহো সফল কৰা তেতিয়া ব্যৰ্থ সংস্কাৰ স্বতঃ আঁতৰি যাব। ঈশ্বৰীয় সংস্কাৰসমূহক কাৰ্যত প্ৰয়োগ নকৰা সেয়েহে সেয়া দেৰাজত (লকাৰত) থাকে আৰু পুৰণা সংস্কাৰে কাম কৰি থাকে। বহুতৰে বেংকত বা আলমাৰিত ৰখাৰ অভ্যাস থাকে। বহুত ভাল কাপোৰ, পইচা, বস্তু থাকিলেও ব্যৱহাৰ কিন্তু তথাপিও পুৰণাই কৰিব। পুৰণি বস্তুৰ প্ৰতি তেওঁলোকৰ মৰম থাকে আৰু আলমাৰীৰ বস্তু আলমাৰিতেই থাকি যাব তেওঁলোক পুৰণাৰেই গুচি যাব। গতিকে এনেকুৱা নকৰিবা - পুৰণা সংস্কাৰ ব্যৱহাৰ কৰি থাকিবা আৰু ঈশ্বৰীয় সংস্কাৰ বুদ্ধিৰ দেৰাজত ৰাখিবা। নহয়, কাৰ্যত প্ৰয়োগ কৰা, সফল কৰা। গতিকে ইয়াৰ তালিকা ৰাখিবা যে সফল কিমান কৰিলা। সফল কৰা মানে ৰাহি কৰা নতুবা বঢ়োৱা। মনেৰে সফল কৰা, বাণীৰে সফল কৰা। সম্বন্ধ-সম্পৰ্কৰে, কৰ্মৰে, নিজৰ শ্ৰেষ্ঠ সংগৰে, নিজৰ অতি শক্তিশালী বৃত্তিৰে সফল কৰা। এনেকুৱা নহয় যে মোৰ বৃত্তিতো ভালে থাকে। কিন্তু সফল কিমান কৰিলা? মোৰ সংস্কাৰতো হয়েই শান্ত কিন্তু সফল কিমান কৰিলা? কাৰ্যত প্ৰয়োগ কৰিলা জানো? গতিকে এইটো বিধি প্ৰয়োগ কৰিলে সম্পূৰ্ণতাৰ সিদ্ধি সহজে অনুভৱ কৰি থাকিবা। সফল কৰাতোৱেই সফলতাৰ চাবি। বুজিলা, কি কৰিব লাগে? কেৱল নিজক লৈয়ে আনন্দিত হৈ নাথাকিবা - মই বহুত ভাল গুণৱান হওঁ, মই বহুত ভাল ভাষণ দিব জানো, মই বহুত ভাল জ্ঞানী হওঁ, যোগো মোৰ বহুত ভাল। কিন্তু যদি ভালেই তেন্তে ব্যৱহাৰ কৰাচোন। সেয়া সফল কৰা। সহজ বিধি হৈছে - কাৰ্যত প্ৰয়োগ কৰা আৰু বঢ়োৱা। বিনা পৰিশ্ৰমে বাঢ়ি গৈ থাকিব আৰু 21 জন্ম আৰামেৰে খাবা। তাত পৰিশ্ৰম কৰিবলগীয়া নহ'ব।

বিশাল ৰঙ্গসভা (ওঁম্‌ শান্তি ভৱনৰ সভাকক্ষ একদম সম্পূৰ্ণকৈ ভৰি গ'ল সেইবাবে বহুতে তলত মেডিটেচন হলত, সৰু হলত বহিবলগীয়া হ'ল। সভাকক্ষত স্থানৰ অভাৱ হৈ গল) শাস্ত্ৰবোৰত তোমালোকৰ এয়া যি স্মাৰক আছে, তাতো গায়ন আছে - প্ৰথমে গিলাচত পানী ঢালিলে, তাৰপাছত তাৰ পৰা কলহত ঢালিলে, তাৰপাছত তাৰ পৰা পুখুৰীত ঢালিলে, পুখুৰীৰ পৰা নদীত ঢালিলে। অৱশেষত ক'লৈ গ'ল? সাগৰলৈ। গতিকে এই ৰঙ্গসভা প্ৰথমতে হিষ্ট্ৰী হলত হ'ল, তাৰপাছত মেডিটেচন হলত পতা হ'ল, এতিয়া ওঁম্‌ শান্তি ভৱনত হৈ আছে? এতিয়া আকৌ ক'ত হ'ব? কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সাকাৰ মিলন অবিহনে অব্যক্ত মিলন উদ্‌যাপন কৰিব নোৱাৰা। অব্যক্ত মিলন কৰাৰ অভ্যাস সময় অনুসৰি বাঢ়িবও আৰু বঢ়াবই লাগিব। এয়াতো দাদীসকল দয়াশীল হৈ তোমালোক সকলোৰে ওপৰত বিশেষ দয়া কৰিছে, নতুনসকলৰ ওপৰত। কিন্তু অব্যক্ত অনুভৱক বঢ়োৱা - এয়াই সময়ত কামত আহিব। চোৱা, নতুন নতুন সন্তানসকলৰ বাবেই বাপদাদাই বিশেষ এই সাকাৰত সাক্ষাৎ কৰাৰ ভূমিকা এতিয়ালৈ পালন কৰি আছে। কিন্তু এয়াও কেতিয়ালৈ?

সকলো আনন্দিত, ৰাজী আৰু সন্তুষ্ট হৈ আছা নহয়? বাহিৰত থাকিও সন্তুষ্ট হৈ আছানে? এয়াও ড্ৰামাত ভূমিকা আছে। যেতিয়া কোৱা গোটেই আবু আমাৰ হ'ব, তেন্তে সেয়া কেনেকৈ হ'ব? প্ৰথমতে তোমালোকে পদাৰ্পণতো কৰা। পাছত এতিয়া যি ধৰ্মশালাৰ নাম আছে সেয়া নিজৰ হৈ যাব। চোৱা বিদেশত এতিয়া এনেকুৱা হ'ব ধৰিছে। গীৰ্জা ইমান নচলে সেয়েহে বি.কে.ক দি দিছে। যিবোৰ এনেকুৱা ডাঙৰ ডাঙৰ স্থান আছে, নচলে তেতিয়া যাচি দিয়ে নহয়। গতিকে ঠায়ে ঠায়ে ব্ৰাহ্মণৰ পদাৰ্পণ হৈ আছে, ইয়াতো ৰহস্য আছে। নাটকত ব্ৰাহ্মণসকলে থকাৰ ভূমিকা প্ৰাপ্ত কৰিছে। গতিকে যেতিয়া গোটেইখন নিজৰ হৈ যাব তেতিয়া কি কৰিবা? নিজেই যাচি দিব আপোনালোকেই তত্ত্বাৱধান লওক। আমাৰো তত্ত্বাৱধান লওক, আশ্ৰমৰো তত্ত্বাৱধান লওক। যিসময়ত যি ভূমিকা পোৱা যায়, তাত সন্তুষ্ট হৈ থাকি ভূমিকা পালন কৰা। ভালবাৰু।

চাৰিওফালৰ সকলো মিলন উদ্‌যাপন কৰোঁতা, জ্ঞান ৰত্ন ধাৰণ কৰাৰ তৃষ্ণাতুৰ আত্মাসকলক আকাৰ ৰূপত বা সাকাৰ ৰূপত মিলন মেলা উদ্‌যাপন কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় সকলো সম্পদ সফল কৰি সফলতা স্বৰূপ হওঁতা আত্মাসকলক, সদায় মোৰ বাবা আৰু হদৰ কোনো মোৰ ভাবৰ অংশমাত্ৰও নৰখা এনেকুৱা বেহদৰ বৈৰাগী আত্মাসকলক সদায় সকলো সময়ত বিধিৰ দ্বাৰা সম্পূৰ্ণতাৰ সিদ্ধি প্ৰাপ্ত কৰোঁতা সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

দাদীসকলৰ সৈতে:- সদায় কোনো নতুন দৃশ্য হ'ব লাগে নহয়। এয়াও নাটকৰ নতুন দৃশ্য আছিল যিটো পুনৰাবৃত্তি হল। এইটো জানো ভাবিছিলা যে এই সভাকক্ষও সৰু হৈ যাব? সদায় একেটা দৃশ্যতো ভাল নালাগে। কেতিয়াবা কেতিয়াবাৰ দৃশ্য ভাল লাগে। এয়াও এক আত্মিক শোভা নহয় জানো! এই সকলো আত্মাৰ সংকল্প পূৰ্ণ হ'বলগীয়া আছিল, সেইবাবে এই দৃশ্যটি হৈ গ'ল। ইয়াৰ পৰা ছুটী দিয়া হল - ভালেই আহা। তেন্তে কি কৰিবা? এতিয়াতো নতুন আৰু বাঢ়িবলগীয়া আছে। আৰু পুৰণাসকলতো পুৰণা হৈ গ'ল। যেনেকৈ উৎসাহেৰে আহিছে তেনেকৈ নিজক স্থিত কৰি লৈছে, এয়া ভাল কৰিছে। বিশালতো হ'বই। কমতো হ'বলগীয়া নহয়েই। যেতিয়া বিশ্ব কল্যাণকাৰীৰ উপাধি আছে তেন্তে বিশ্বৰ তুলনাত এয়াতো একোৱেই নহয়। বৃদ্ধিও হ'ব আৰু বিধিও নতুনতকৈও নতুন হ'ব। কিবা নহয় কিবাতো বিধি প্ৰয়োগ হৈয়েই থাকিব। এতিয়া বৃত্তি শক্তিশালী হ'ব। তপস্যাৰ দ্বাৰা বৃত্তি শক্তিশালী হৈ যাব তেতিয়া স্বতঃ বৃত্তিৰ দ্বাৰা আত্মাসকলৰো বৃত্তি পৰিৱৰ্তন হ'ব। বাৰু, তোমালোক সকলো সেৱা কৰি ভাগৰিতো পৰা নাই নহয়। আনন্দ মনে আহি গৈছা। আনন্দই আনন্দ আছে। ভাল বাৰু।

বৰদান:
শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা আশীৰ্বাদৰ পুঁজি জমা কৰোঁতা চৈতন্য দৰ্শনীয় মূৰ্ত হোৱা

যিয়েই কৰ্ম কৰা তাৰ দ্বাৰা আশীৰ্বাদ লোৱা আৰু আশীৰ্বাদ দিয়া। শ্ৰেষ্ঠ কৰ্ম কৰিলে সকলোৰে আশীৰ্বাদ স্বতঃ প্ৰাপ্ত হয়। সকলোৰে মুখৰ পৰা ওলায় যে এয়াতো বহুত ভাল। বাঃ! তেওঁলোকৰ কৰ্মই স্মাৰক হৈ যায়। লাগিলে যিয়েই কাম নকৰা কিন্তু আনন্দ লোৱা আৰু আনন্দ দিয়া, আশীৰ্বাদ লোৱা আৰু আশীৰ্বাদ দিয়া। যেতিয়া এতিয়া সংগমত আশীৰ্বাদ ল'বা আৰু দিবা তেতিয়া তোমালোকৰ জড় চিত্ৰসমূহৰ দ্বাৰাও আশীৰ্বাদ প্ৰাপ্ত হৈ থাকিব আৰু বৰ্তমানতো চৈতন্য দৰ্শনীয় মূৰ্ত হৈ যাবা।

স্লোগান:
সদায় উৎসাহ-উদ্দীপনাত থাকা তেতিয়া আলস্য সমাপ্ত হৈ যাব।