12-07-2020 প্ৰাতঃমুৰলী ওম্শান্তি "অব্যক্ত বাপদাদা” 22-02-1986


মধুবন

"*আত্মিক সেৱা - নিঃস্বাৰ্থ সেৱা*”

আজি সকলো আত্মাৰ বিশ্ব কল্যাণকাৰী পিতাই নিজৰ সেৱাধাৰী সেৱাৰ সংগী সন্তানসকলক চাই আছেহঁক। আদি কালৰ পৰা বাপদাদাৰ লগতে সেৱাধাৰী সন্তানসকল সংগী হ’ল আৰু অন্তলৈকে বাপদাদাই গুপ্ত ৰূপত আৰু প্ৰত্যক্ষ ৰূপত সন্তানসকলক বিশ্ব সেৱাৰ নিমিত্ত কৰিলে। আদিকালত পিতা ব্ৰহ্মা আৰু ব্ৰাহ্মণ সন্তানসকল গুপ্তৰূপত সেৱাৰ নিমিত্ত হ’ল। এতিয়া সেৱাধাৰী সন্তানসকল ‘শক্তি সেনা’ আৰু ‘পাণ্ডৱ সেনা’ বিশ্বৰ আগত প্ৰত্যক্ষ ৰূপত কাৰ্য কৰি আছে। সেৱাৰ উৎসাহ-উদ্দীপনা মেজৰিটি (সংখ্যাগৰিষ্ঠ) সন্তানসকলৰ মাজত ভাল দেখা পোৱা যায়। সেৱাৰ নিষ্ঠা আদিৰ পৰাই আছে আৰু অন্তলৈ থাকিব। ব্ৰাহ্মণ জীৱনেই হৈছে সেৱাৰ জীৱন। ব্ৰাহ্মণ আত্মাসকল সেৱাৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মায়াৰ পৰা বাচি থকাৰ শ্ৰেষ্ঠ সাধন সেৱাই হয়। সেৱাই যোগযুক্ত কৰিও তোলে। কিন্তু কেনেকুৱা সেৱাই বাৰু? এবিধ হৈছে কেৱল মুখৰ সেৱা, শুনাখিনি শুনোৱাৰ সেৱা। দ্বিতীয়বিধ হৈছে মনেৰে মুখৰ সেৱা। শুনা মধুৰ বাণীৰ স্বৰূপ হৈ, স্বৰূপৰ দ্বাৰা সেৱা, নিঃস্বাৰ্থ সেৱা। ত্যাগ, তপস্যা স্বৰূপেৰে সেৱা। হদৰ (সীমিত) কামনাবোৰৰ পৰা উপৰাম নিষ্কাম সেৱা। ইয়াক কোৱা হয় ঈশ্বৰীয় সেৱা, আত্মিক সেৱা। যি কেৱল মুখৰ সেৱা হয় তাক কেৱল নিজক আনন্দিত কৰাৰ সেৱা বুলি কোৱা হয়। সকলোকে আনন্দিত কৰাৰ সেৱা মন আৰু মুখেৰে একেলগে হয়। মনেৰে অৰ্থাৎ মনমনাভৱ স্থিতিৰে মুখৰ সেৱা।

বাপদাদাই আজি নিজৰ ৰাইট হেণ্ড (সোঁহাত) স্বৰূপ সেৱাধাৰী আৰু লেফট হেণ্ড (বাওহাঁত) স্বৰূপ সেৱাধাৰী এই দুয়োবিধ সেৱাধাৰীকেই চাই আছিল। সেৱাধাৰী দুয়োবিধেই হয় কিন্তু ৰাইট হেণ্ড আৰু লেফট হেণ্ডৰ মাজত পাৰ্থক্য আছে নহয় জানো। ৰাইট হেণ্ডসকল সদায় নিষ্কাম সেৱাধাৰী হয়। লেফট হেণ্ডসকলে কিবা নহয় কিবা হদৰ এইটো জন্মৰ কাৰণে সেৱাৰ ফল ভোগ কৰাৰ ইচ্ছাৰে সেৱাৰ নিমিত্ত হয়। তেওঁলোক হ'ল গুপ্ত সেৱাধাৰী আৰু এওঁলোক নামধাৰী সেৱাধাৰী। এতিয়াই সেৱা কৰিলে এতিয়াই নাম হ'ল - বহুত ভাল, বহুত ভাল। কিন্তু এতিয়াই কৰিলে এতিয়াই ভোগ কৰিলে। জমাৰ হিচাপ নাই। গুপ্ত সেৱাধাৰী অৰ্থাৎ নিষ্কাম সেৱাধাৰী। গতিকে এবিধ হ’ল নিষ্কাম সেৱাধাৰী, আনবিধ নামধাৰী সেৱাধাৰী। গতিকে গুপ্ত সেৱাধাৰীৰ যদিও বৰ্তমান সময়ত নাম গুপ্ত হৈ থাকে কিন্তু গুপ্ত সেৱাধাৰীয়ে সফলতাৰ আনন্দত সদায় ভৰপূৰ হৈ থাকে। বহুত সন্তানৰ সংকল্প উদয় হয় যে আমি কৰোঁও কিন্তু নাম নহয়। আৰু যিসকলে বাহিৰৰ পৰা নামধাৰী হৈ সেৱাৰ শ্ব’ দেখায় (বাহ্যিকভাৱে প্ৰদৰ্শন কৰে) তেওঁলোকৰ নাম বেছি হয়। কিন্তু এনেকুৱা নহয় যিসকল নিষ্কাম অবিনাশী নাম অৰ্জন কৰোঁতা হয় তেওঁলোকৰ অন্তৰৰ আৱাজ অন্তৰলৈকে গৈ পায়। লুকাই থাকিব নোৱাৰে। তেওঁলোকৰ চেহেৰাত, স্বৰূপত সঁচা সেৱাধাৰীৰ ৰেঙনি অৱশ্যেই দেখা দিয়ে। যদি কোনোবা নামধাৰীয়ে ইয়াত নাম অৰ্জন কৰি ল’লে তেন্তে ভৱিষ্যতৰ কাৰণে কৰিলে আৰু ভোগ কৰিলে আৰু শেষ কৰি দিলে, ভৱিষ্যত শ্ৰেষ্ঠ নহয়, অবিনাশী নহয় সেইবাবে বাপদাদাৰ ওচৰত সকলো সেৱাধাৰীৰ পুৰা ৰেকৰ্ড (তথ্য) আছে। সেৱা কৰি যোৱা, নাম হওঁক এইটো সংকল্প নকৰিবা। জমা হওঁক এইটো ভাবা। অবিনাশী ফলৰ অধিকাৰী হোৱা। অবিনাশী উত্তৰাধিকাৰৰ বাবে আহিছা। সেৱাৰ ফল যদি বিনাশী সময়ৰ বাবে ভোগ কৰা তেন্তে অবিনাশী উত্তৰাধিকাৰৰ অধিকাৰ কম হৈ যাব সেইবাবে সদায় বিনাশী কামনাবোৰৰ পৰা মুক্ত নিষ্কাম সেৱাধাৰী, ৰাইট হেণ্ড হৈ সেৱাত আগবাঢ়ি গৈ থাকা। গুপ্ত দানৰ মহত্ব, গুপ্ত সেৱাৰ মহত্ব বেছি হয়। সেই আত্মাসকল সদায় স্বয়ং ভৰপূৰ হ’ব। নিচিন্ত বাদশ্বাহ (সম্ৰাট) হ'ব। নাম-যশলৈ ভ্ৰূক্ষেপ নকৰিব। এই ক্ষেত্রতেই নিচিন্ত বাদশ্বাহ হ'ব অৰ্থাৎ সদায় স্বমানৰ আসনাধিষ্ঠ হ'ব। হদৰ (সীমিত) মানৰ আসনাধিষ্ঠ নহয়। স্বমানৰ আসনাধিষ্ঠ, অবিনাশী আসনাধিষ্ঠ। অটল, অখণ্ড প্ৰাপ্তিৰ আসনাধিষ্ঠ। ইয়াক বিশ্বকল্যাণকাৰী সেৱাধাৰী বুলি কোৱা হয়। কেতিয়াও সাধাৰণ সংকল্পৰ কাৰণে বিশ্ব সেৱাৰ কাৰ্যত সফলতা প্ৰাপ্ত কৰাৰ ক্ষেত্রত পিছুৱাই নাযাবা। ত্যাগ আৰু তপস্যাৰ দ্বাৰা সদায় সফলতা প্ৰাপ্ত কৰি আগবাঢ়ি গৈ থাকিবা। বুজি পাইছা?

সেৱাধাৰী বুলি কাক কোৱা হয়। তেন্তে সকলো সেৱাধাৰী হোৱানে? সেৱাই স্থিতি অস্থিৰ কৰিব, সেয়া সেৱা নহয়। কোনো কোনোৱে ভাবে সেৱাত তল-ওপৰো বহুত হয়। বিঘ্নও সেৱাত আহে আৰু সেৱায়ে নিৰ্বিঘ্নও কৰি তোলে। কিন্তু যি সেৱা বিঘ্নৰূপ হয় সেয়া সেৱা নহয়। তাক সঁচা সেৱা বুলি কোৱা নহ’ব। নামধাৰী সেৱা বুলি কোৱা হ’ব। সঁচা সেৱা সঁচা হীৰা হয়। যিদৰে সঁচা হীৰা কেতিয়াও উজ্জ্বলতাৰ পৰা লুকাই থাকিব নোৱাৰে। সেইদৰে সঁচা সেৱাধাৰী সঁচা হীৰা হয়। মিছা হীৰাত উজ্জ্বলতা যিমানেই ভাল নহওক কিন্তু মূল্যৱান কোনবিধ? মূল্যতো সঁচাৰেই হয় নহয় জানো। মিছাৰতো নহয়। সঁচা সেৱাধাৰীসকল অমূল্য ৰত্ন হয়। অনেক জন্মৰ মূল্য সঁচা সেৱাধাৰীৰ আছে। অল্পকালৰ চমক দেখুওৱা শ্ব’ নামধাৰী সেৱা হয় সেইবাবে সদায় সেৱাধাৰী হৈ সেৱাৰে বিশ্ব কল্যাণ কৰি যোৱা। বুজিলা - সেৱাৰ মহত্ব কি। কোনো কম নহয়। প্ৰত্যেক সেৱাধাৰী নিজৰ নিজৰ বিশেষত্বৰ দ্বাৰা বিশেষ সেৱাধাৰী হয়। নিজক কম বুলিও নাভাবিবা আৰু সেৱা কৰি নামৰ ইচ্ছাও নাৰাখিবা। সেৱাক বিশ্ব কল্যাণত অৰ্পণ কৰি যোৱা। এনেও ভক্তিত যিসকল গুপ্ত দানী পুণ্য আত্মা হয় তেওঁলোকে এইটোৱে সংকল্প কৰে যে সকলোৰে ভালৰ প্ৰতি হওঁক! মোৰ প্ৰতি হওঁক, ময়েই ফল প্ৰাপ্ত কৰোঁ, নহয়, সকলোৱে ফল পাওঁক। সকলোৰে সেৱাত অৰ্পণ হওঁক। কেতিয়াও নিজ ভাৱৰ কামনা নাৰাখিব। এনেকৈয়ে সকলোৰে প্ৰতি সেৱা কৰা। সকলোৰে কল্যাণৰ বেংকত জমা কৰি যোৱা। তেতিয়া সকলোৱে কি হৈ যাব? নিষ্কাম সেৱাধাৰী। এতিয়া কোনেও সোধা নাই কিন্তু 2500 বছৰ তোমালোকক সুধিব। এটা জন্মত কোনোবাই সোধক নে 2500 বছৰ কোনোবাই সোধক, তেন্তে কোনটো বেছি হ’ল। সেইটো বেছি হ’ল নহয় জানো। হদৰ সংকল্পৰ পৰা উপৰাম হৈ বেহদৰ সেৱাধাৰী হৈ পিতাৰ অন্তৰাসনাধিকাৰী নিচিন্ত বাদশ্বাহ হৈ, সংগমযুগৰ আনন্দ, ফুৰ্তি উদযাপন কৰি গৈ থাকা। কেতিয়াবাও যদি কোনো সেৱাই দুখী কৰি তোলে বুজিবা সেয়া সেৱা নহয়। যদি তল-ওপৰ কৰে, অস্থিৰতাত আনে তেন্তে সেয়া সেৱা নহয়। সেৱাইতো উৰুৱায়। সেৱা বেগমপুৰৰ (দুখবিহীন দেশৰ) বাদশ্বাহ কৰি তোলোঁতা হয়। এনেকুৱা সেৱাধাৰী হোৱা নহয়? নিচিন্ত বাদশ্বাহ, বেগমপুৰৰ বাদশ্বাহ। যাৰ পিচত সফলতা আপোনাআপুনি আহে। সফলতাৰ পিচত তেওঁ নদৌৰে। সফলতা তেওঁ পিছে পিছে থাকে। বাৰু - বেহদৰ সেৱাৰ প্লেন বনোৱা (পৰিকল্পনা কৰা) নহয়। বেহদৰ স্থিতিৰে বেহদৰ সেৱাৰ প্লেন সহজে সফল হয়। (ডবল বিদেশী ভাই-ভনীসকলে এটা প্লেন কৰিছে য’ত সকলো আত্মাৰ পৰা কেইটিমান মিনিট শান্তিৰ দান ল’ব লাগে)।

এয়াও বিশ্বক মহাদানী কৰি তোলাৰ ভাল প্লেন কৰিছা নহয়! অলপ সময়ো শান্তিৰ সংস্কাৰক বাধ্যত পৰিয়ে হওক বা স্নেহেৰেই হওক ইমাৰ্জ (জাগ্ৰত)তো কৰিব নহয় জানো। প্ৰ’গ্ৰাম (কাৰ্যসূচী) অনুযায়ী কৰিলেও তথাপিও আত্মাত শান্তিৰ সংস্কাৰ ইমাৰ্জ হয় আৰু শান্তি স্বধৰ্মতো হয়েই নহয়। শান্তিৰ সাগৰৰ সন্তানতো হয়েই। শান্তিধামৰ নিবাসীও হয়। গতিকে প্ৰ’গ্ৰাম অনুসৰিও সেয়া ইমাৰ্জ হোৱাৰ বাবে সেই শান্তিৰ শক্তিয়ে তেওঁলোকক আকৰ্ষিত কৰি থাকিব। যিদৰে কোৱা হয় নহয় - এবাৰ হ’লেও যিয়ে মিঠাৰ সোৱাদ লয় তেন্তে তেওঁৰ মিঠা পাওঁকে বা নাপাওঁক কিন্তু সেই সোৱাদ যুক্ত ৰসে তেওঁক বাৰে বাৰে আকৰ্ষিত কৰি থাকিব। গতিকে এয়াও শান্তিৰ মৌৰ সোৱাদ লোৱাৰ নিচিনা হয়। গতিকে এই শান্তিৰ সংস্কাৰে স্বতঃস্ফূৰ্তভাৱে স্মৃতি উদয় কৰি থাকিব সেইবাবে লাহে লাহে আত্মাসকলৰ মাজত শান্তিৰ জাগৃতি আহি থাকক, এইটোও তোমালোক সকলোৱে শান্তিৰ দান দি তেওঁলোককো দানী কৰি গৈ থাকা। তোমালোকৰ শুভ সংকল্প আছে যে যিকোনো ৰীতিৰে আত্মাসকলে শান্তিৰ অনুভূতি কৰক। বিশ্ব শান্তিও আত্মিক শান্তিৰ আধাৰতেই হ’ব নহয় জানো। প্ৰকৃতিও পুৰুষৰ আধাৰত চলে। এই প্ৰকৃতিও তেতিয়া শান্ত হ’ব যেতিয়া আত্মাসকলৰ মাজত শান্তিৰ স্মৃতি আহিব। লাগিলে যি বিধিৰেই নকৰক কিন্তু অশান্তিৰ পৰাতো উপৰাম হৈ গ’ল নহয় জানো। আৰু এক মিনিটৰ শান্তিয়েও তেওঁলোকক অনেক সময়ৰ বাবে আকৰ্ষিত কৰি থাকিব। গতিকে ভাল প্লেন কৰিছা। এয়াও যেন কাৰোবাক অলপ অক্সিজেন দি শান্তিৰ শ্বাস লোৱাৰ সাধন হয়। শান্তিৰ শ্বাস অবিহনে বাস্তৱত মূছকঁছ হৈ পৰি আছে। গতিকে এইটো সাধন যেন অক্সিজেনৰ দৰে। ইয়াৰ দ্বাৰা অলপ শ্বাস ল’বলৈ আৰম্ভ কৰিব। বহুতৰে শ্বাস অক্সিজেনেৰে চলি চলি শ্বাস লোৱা আৰম্ভ হৈ যায়। গতিকে সকলোৱে উৎসাহ-উদ্দীপনাৰে প্ৰথমতে নিজেই গোটেই সময় শান্তি হাউচ (কুঞ্জ) হৈ শান্তিৰ কিৰণ দিবা। তেতিয়া তোমালোকৰ শান্তিৰ কিৰণৰ সহায়েৰে, তোমালোকৰ শান্তিৰ সংকল্পৰে তেওঁলোকৰো সংকল্প উদয় হ’ব আৰু যিকোনো বিধিৰে কৰিব, কিন্তু তোমালোকৰ শান্তিৰ ভায়ব্ৰেশ্বনে (প্ৰকম্পণে) তেওঁলোকক সঁচা বিধিলৈ আকৰ্ষিত কৰি লৈ আহিব।এয়াও যিসকল নিৰাশ হয় তেওঁলোকক আশাৰ ৰেঙনি দেখুওৱাৰ সাধন হয়। নিৰাশসকলৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ সাধন হয়। যিমান দূৰ সম্ভৱ সিমান যিসকল সম্পৰ্কত আহে, যাৰেই সম্পৰ্কত আহক তেতিয়া তেওঁলোকক দুটি শব্দেৰে আত্মিক শান্তি, মনৰ শান্তিৰ পৰিচয় দিয়াৰ প্ৰচেষ্টা নিশ্চয় কৰিবা কিয়নো প্ৰত্যেকে নিজৰ নিজৰ নাম এড (সংযোজন)তো কৰিবই। লাগিলে চিঠি-পত্ৰৰ দ্বাৰাই কৰক কিন্তু কানেকশ্বনততো (সম্পৰ্কততো) আহিব নহয় জানো। লিষ্টতো (তালিকাততো) আহিব নহয়। গতিকে যিমান দূৰ সম্ভৱ হয় শান্তিৰ অৰ্থ কি, সেয়া দুটি শব্দত হ’লেও স্পষ্ট কৰাৰ প্ৰচেষ্টা কৰিবা। এক মিনিটতো আত্মাৰ জাগৃতি আহিব পাৰে। বুজিলা! প্লেনতো তোমালোক সকলোৰেও পচন্দ হৈছে নহয় জানো। আনেতো কেৱল নামত কাম কৰে, তোমালোকেতো প্ৰকৃততে কাম কৰা। যেতিয়া হোৱাই শান্তিৰ দূত গতিকে চাৰিওফালে শান্তিৰ দূতৰ এই আৱাজ প্ৰতিধ্বনিত হ’ব আৰু শান্তিৰ ফৰিস্তা প্ৰত্যক্ষ হৈ গৈ থাকিব। কেৱল পৰস্পৰ এইটো বিচাৰ কৰিবা যে পীছ (শান্তি)ৰ আগত এনেকুৱা কোনো শব্দ হওঁক যাতে এই জগতৰ পৰা অলপ অনন্য যেন লাগে। ‘পীছ মাৰ্চ’ বা ‘পীছ’ এই শব্দবোৰতো জগতেও ইউজ (ব্যৱহাৰ) কৰে। গতিকে পীছ শব্দটিৰ লগত কোনো বিশেষ শব্দ হওঁক, যিটো ইউনিভাৰ্চেলো (সাৰ্বজনীনো) হওঁক আৰু শুনিলেই এনে লাগক যে এইটো অনন্য হয়। গতিকে ইনভেন্শ্বন (আৱিস্কাৰ) কৰিবা। বাকী ভাল কথা। অতিকমেও যিমান সময় এইটো প্ৰ’গ্ৰাম চলিব সিমান সময় যিয়েই নহওক - নিজে অশান্ত নহ’বা আৰু অশান্ত নকৰিবা। শান্তি এৰিব নালাগে। প্ৰথমেতো ব্ৰাহ্মণসকলে এই খাৰু পিন্ধিবা নহয়! যিহেতু তেওঁলোককো খাৰু পিন্ধোৱা, গতিকে প্ৰথমে ব্ৰাহ্মণসকলে যেতিয়া নিজে খাৰু পিন্ধিব তেতিয়াহে আনকো পিন্ধাব পাৰিবা। যিদৰে গ’ল্ডেন জুবিলীত (সোণালী জয়ন্তীত) সকলোৱে কি সংকল্প কৰিলা? আমি সমস্যা স্বৰূপ নহওঁ, এইটোৱে সংকল্প কৰিলা নহয়। এইটোকে বাৰে বাৰে আণ্ডাৰলাইন কৰি থাকিবা (বিশেষ মনোযোগ দি থাকিবা)। এনেকুৱা নহয় যে সমস্যা হৈ যাবা আৰু ক’বা যে সমস্যা স্বৰূপ নহওঁ। গতিকে এই খাৰু পিন্ধোৱাতো পচন্দ হৈছে নহয়। প্ৰথমে নিজে, পাচত বিশ্ব। নিজৰ প্ৰভাৱ বিশ্বৰ ওপৰত পৰে। বাৰু!

আজি ইউৰোপৰ টাৰ্ন (পাল)। ইউৰোপো বহুত ডাঙৰ হয় নহয় জানো। ইউৰোপ যিমান ডাঙৰ সিমানেই বহল অন্তৰৰ হোৱা নহয়। যিদৰে ইউৰোপৰ বিস্তাৰ আছে, যিমান বিস্তাৰ আছে সিমানেই সেৱাত সাৰ আছে। বিনাশৰ ফিৰিঙতি ক’ৰ পৰা ওলাল? ইউৰোপৰ পৰাই ওলাল নহয় জানো! গতিকে যিদৰে বিনাশৰ সাধন ইউৰোপৰ পৰা ওলাল গতিকে স্থাপনাৰ কাৰ্যত বিশেষ ইউৰোপৰ পৰা আত্মাসকল প্ৰখ্যাত হ’ব। যিদৰে প্ৰথমতে আণ্ডাৰগ্ৰাউণ্ড বোমা তৈয়াৰ হ’ল, পাচলৈ কাৰ্যত আনি থাকিলে। সেইদৰে এনেকুৱা আত্মাও তৈয়াৰ হৈ আছে, এতিয়া গুপ্ত হৈ আছে, আণ্ডাৰগ্ৰাউণ্ড হয় কিন্তু প্ৰখ্যাত হৈও আছে আৰু হৈ থাকিবও। যিদৰে প্ৰত্যেক দেশৰ নিজৰ নিজৰ বিশেষত্ব নাথাকে জানো, গতিকে ইয়াতো প্ৰত্যেক স্থানৰ নিজৰ বিশেষত্ব আছে। নাম প্ৰখ্যাত কৰিবলৈ ইউৰোপৰ যন্ত্ৰ কামত আহিব। যিদৰে চাইন্সৰ (বিজ্ঞানৰ) যন্ত্ৰ কাৰ্যত আহিল, সেইদৰে আৱাজ শক্তিশালী কৰিবৰ বাবে ইউৰোপৰ পৰা যন্ত্ৰ নিমিত্ত হ’ব। নতুন বিশ্ব তৈয়াৰ কৰিবলৈ ইউৰোপেই তোমালোকৰ সহায়কাৰী হ’ব। ইউৰোপৰ সামগ্ৰী সদায় মজবুত হয়। জাৰ্মানীৰ সামগ্ৰীক সকলোৱে মহত্ব দিয়ে। গতিকে এনেদৰেই সেৱাৰ নিমিত্ত মহত্ব থকা আত্মাসকল প্ৰত্যক্ষ হৈ থাকিব। বুজিলা। ইউৰোপো কম নহয়। এতিয়া প্ৰত্যক্ষতাৰ পৰ্দা মুকলি হোৱা আৰম্ভ হৈছে। সময়ত বাহিৰলৈ আহি যাব। ভাল, অলপ সময়ৰ ভিতৰত চাৰিওফালে ভাল বিস্তাৰ কৰিছা, ভাল ৰচনা ৰচিছা। এতিয়া এই ৰচনাক প্ৰতিপালনৰ পানী দি মজবুত কৰি আছা। যিদৰে ইউৰোপৰ স্থূল সামগ্ৰী মজবুত হয় সেইদৰে আত্মাসকলো বিশেষ অচল-অটল আৰু শক্তিশালী হ’ব। পৰিশ্ৰম মৰমেৰে কৰি আছা সেইবাবে পৰিশ্ৰম, পৰিশ্ৰম নহয় কিন্তু সেৱাৰ নিষ্ঠা ভাল। য’ত নিষ্ঠা আছে ত’ত বিঘ্ন আহিলেও সমাপ্ত হয়, সফলতা প্ৰাপ্ত হৈ থাকে। এনেয়ে টোটেল (সামগ্ৰিকভাৱে) ইউৰোপৰ যদি কোৱালিটি (গুণগত মান) চোৱা তেন্তে বহুত ভাল। ব্ৰাহ্মণো আই. পি. হয়। এনেও আই. পি. হয় সেইবাবে ইউৰোপৰ নিমিত্ত সেৱাধাৰীসকলক আৰু অধিক স্নেহভৰা শ্ৰেষ্ঠ প্ৰতিপালনৰে শক্তিশালী কৰি বিশেষ সেৱাৰ ক্ষেত্ৰত আনি থাকা। এনেও ধৰণী ফলদায়ক। ভাল এইটোতো বিশেষত্ব আছে যে বাবাৰ হৈয়েই অন্যকো গঢ়ি তোলাত লাগি যোৱা। ভাল সাহস আছে আৰু সাহসৰ বাবেই এয়া গিফ্‌ট (উপহাৰ), যাৰ বাবে সেৱাকেন্দ্ৰ বৃদ্ধি হৈ গৈ থাকে। কোৱালিটিও (গুণগত মানো) বঢ়োৱা আৰু কোৱানটিটিও (সংখ্যাও) বঢ়োৱা। দুয়োটাৰে বেলেন্স (ভাৰসাম্যতা) থাকক। কোৱালিটিৰ শোভা নিজা আৰু কোৱানটিটিৰ শোভাও নিজা। দুয়োটাই লাগে। কেৱল কোৱালিটি থাকিলে কোৱানটিটি নাথাকিলে তেতিয়াও সেৱা কৰোঁতাসকল ভাগৰি পৰে সেইবাবে দুয়োটাই নিজৰ নিজৰ বিশেষত্বৰে কামৰ হয়। দুয়োটাৰে সেৱা জৰুৰী কিয়নো 9 লাখতো গঢ়ি তুলিব লাগে নহয় জানো। 9 লাখৰ ভিতৰত বিদেশৰ পৰা কিমান হৈছে? (5 হাজাৰ) বাৰু - এটা কল্পৰ চক্ৰতো পুৰা কৰিলা। বিদেশৰ লাষ্টত (শেষত) আহিও ফাষ্টত (তীব্ৰ বেগত) যোৱাৰ বৰদান আছে গতিকে ভাৰততকৈ ফাষ্টত যাব লাগিব কিয়নো ভাৰতৰসকলৰ ধৰণী তৈয়াৰ কৰোঁতে পৰিশ্ৰম হয়। বিদেশত অনুৰ্বৰ ভূমি নাই। ইয়াত প্ৰথমতে বেয়াক ভাল কৰিব লগা হয়। তাত বেয়া শুনাই নাই গতিকে বেয়া কথা ওলোটা কথা শুনাই নাই সেইবাবে পৰিস্কাৰ। আৰু ভাৰতৰসকলে প্ৰথমতে স্লেট (ফলি) চাফা কৰিবলগীয়া হয় তাৰপাচত লিখিবলগীয়া হয়। বিদেশৰ সময় অনুযায়ী বৰদান আছে লাষ্টত আহি ফাষ্টত যোৱাৰ সেইবাবে ইউৰোপে কিমান লাখ তৈয়াৰ কৰিব? যিদৰে এয়া মিলিয়ন মিনিটৰ প্ৰ’গ্ৰাম বনাইছা, সেইদৰে প্ৰজাৰ বনোৱা। প্ৰজাতো হ'ব পাৰে নহয় জানো। মিলিয়ন মিনিট যদি বনাব পাৰা তেন্তে মিলিয়ন (10 লাখ) প্ৰজা বনাব নোৱাৰানে। আৰুহে এক লাখ কম 9 লাখ বুলিয়ে কৈছোঁ! বুজিলা - ইউৰোপবাসীয়ে কি কৰিব লাগিব। ধুমধামেৰে তৈয়াৰী কৰা। বাৰু - ডবল বিদেশীসকলৰ ডবল লাক (ভাগ্য) আছে, এনেও সকলোৱে দুখন মুৰুলী শুনিবলৈ পায় তোমালোকে ডবল পালা। কনফাৰেন্সো (আলোচনা চক্ৰও) দেখিলা, গ’ল্ডেন জুবিলীও দেখিলা। জ্যেষ্ঠ দাদীসকলকো দেখিলা। গংগা, যমুনা, গোদাবৰী, ব্ৰহ্মপুত্ৰ সকলো দেখিলা। সকলো জ্যেষ্ঠ দাদীসকলক দেখিছা নহয়নে! এগৰাকী এগৰাকী দাদীৰ এটি এটি বিশেষত্ব উপহাৰ হিচাপে লৈ যাবা তেতিয়া সকলোৰে বিশেষত্ব কামত আহি যাব। বিশেষত্বসমূহৰ উপহাৰেৰে আঁচল ভৰপূৰ কৰি যাবা। ইয়াত কাষ্টমৰসকলে (শুল্ক বিভাগৰ লোকে) বাধা দিব নোৱাৰে। বাৰু।

সদায় বিশ্বকল্যাণকাৰী হৈ বিশ্ব সেৱাৰ নিমিত্ত সঁচা সেৱাধাৰী শ্ৰেষ্ঠ আত্মাসকলক, সদায় সফলতাৰ জন্মসিদ্ধ অধিকাৰ প্ৰাপ্ত কৰোঁতা বিশেষ আত্মাসকলক, সদায় নিজৰ স্বৰূপৰ দ্বাৰা সকলোৰে স্বৰূপৰ স্মৃতি সোঁৱৰাই দিওঁতা সমীপ আত্মাসকলক, সদায় বেহদৰ নিষ্কাম সেৱাধাৰী হৈ উৰন্ত কলাত উৰোঁতা, ডবল লাইট সন্তানসকলক বাপদাৰাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:

নিজৰ ফৰিস্তা ৰূপৰ দ্বাৰা গতি-সৎগতিৰ প্ৰসাদ বিলাওঁতা মাষ্টৰ গতি-সৎগতি দাতা হোৱা

বৰ্তমান সময়ত বিশ্বৰ অনেক আত্মাই পৰিস্থিতিসমূহৰ বশৱৰ্তী হৈ আৰ্তনাদ কৰি আছে, কোনোবাই অধিক মূল্যৰ বাবে, কোনোবাই ভোকৰ বাবে, কোনোবাই শৰীৰৰ ৰোগৰ বাবে, কোনোবাই মনৰ অশান্তিৰ বাবে....... সকলোৰে দৃষ্টি ‘টাৱাৰ অফ্ পীচ’ৰ (শান্তি স্তম্ভৰ) ফালে গৈ আছে। সকলোৱে চাই আছে যে হাহাকাৰৰ পিছত জয়জয়কাৰ কেতিয়া হ'ব। গতিকে এতিয়া নিজৰ সাকাৰী ফৰিস্তা ৰূপৰ দ্বাৰা বিশ্বৰ দুখ দূৰ কৰা, মাষ্টৰ গতি-সৎগতি দাতা হৈ ভক্তসকলক গতি আৰু স‍ৎগতিৰ প্ৰসাদ বিলোৱা।

স্লোগান:

বাপদাৰাৰ সকলো আদেশক প্ৰেক্টিকেলত (বাস্তৱত) ফলপ্ৰসূ কৰোঁতাসকলেই আদৰ্শমূৰ্ত হয়।

!! ওঁম্ শান্তি !!