12.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সদায় এইটোয়েই স্মৃতি থাকিব লাগে যে আমি শ্ৰীমতত নিজৰ সত্যযুগী ৰাজধানী স্থাপন কৰি আছোঁ, তেতিয়া অপাৰ আনন্দ থাকিব

প্ৰশ্ন:
এই জ্ঞানৰ ভোজন কোনসকল সন্তানৰ হজম (ধাৰণ) হ'ব নোৱাৰে?

উত্তৰ:
যিসকলে ভুল কৰি, ছিঃ ছিঃ (পতিত) হৈ পুনৰ শ্ৰেণী কোঠাত (ক্লাচত) আহি বহে, তেওঁলোকৰ জ্ঞান হজম হ'ব নোৱাৰে। তেওঁলোকে মুখেৰে কেতিয়াও ক'ব নোৱাৰে যে ভগৱানুবাচ কাম মহাশত্ৰু। তেওঁলোকৰ অন্তৰ ভিতৰি ভিতৰি দহি থাকিব। তেওঁলোক আসুৰিক সম্প্ৰদায়ৰ হৈ যায়।

ওঁম্শান্তি।
পিতাই বহি আত্মিক সন্তানসকলক বুজায়, তেওঁ কোনজন পিতা, সেইজন পিতাৰ মহিমা তোমালোক সন্তানসকলে কৰিব লাগে। গায়নো কৰা হয় সৎ (সত্য) শিৱবাবা, সৎ (সত্য) শিৱ শিক্ষক, সৎ (সত্য) শিৱ গুৰু। সত্যতো তেৱেই হয় নহয় জানো। তোমালোক সন্তানসকলে জানা আমি সত্য শিৱবাবাক পাইছোঁ। আমি সন্তানসকল এতিয়া শ্ৰীমতত একমত হৈ আছোঁ। সেয়েহে শ্ৰীমতত চলিব লাগে নহয় জানো। পিতাই কয় - এটাতো দেহী-অভিমানী হোৱা আৰু পিতাক স্মৰণ কৰা। যিমান স্মৰণ কৰিবা, নিজৰ কল্যাণ কৰিবা। তোমালোকে পুনৰাই নিজৰ ৰাজধানী স্থাপন কৰি আছা। আগতেও আমাৰ ৰাজধানী আছিল। আমি দেৱী-দেৱতা ধৰ্ম্মাৱলম্বী সকলেই 84 জন্ম ভোগ কৰি, অন্তিম জন্মত এতিয়া সংগমত (সংগমযুগত) আছোঁ। তোমালোক সন্তানসকলৰ বাহিৰে অন্য কোনেও এই পুৰুষোত্তম সংগমযুগৰ বিষয়ে নাজানে। বাবাই কিমান উপায় (পইন্টচ্) দিয়ে- সন্তানসকল, যদি ভালদৰে স্মৃতিত থাকা তেন্তে বহুত আনন্দিত হৈ থাকিবা। কিন্তু পিতাক স্মৰণ কৰাৰ সলনি অন্য সাংসাৰিক কথাত সোমাই পৰে। এইটো স্মৃতিত থকা উচিত যে আমি শ্ৰীমতত নিজৰ ৰাজ্য স্থাপন কৰি আছোঁ। গায়নো আছে উচ্চতকৈও উচ্চ ভগৱান, তেওঁৰেই উচ্চতকৈও উচ্চ (শ্ৰেষ্ঠতম) শ্ৰীমত। শ্ৰীমতে কি শিকায়? সহজ ৰাজযোগ। ৰাজ্য-ভাগ্য ল'বলৈ পঢ়াই আছে। নিজৰ পিতাৰ দ্বাৰা সৃষ্টিৰ আদি-মধ্য-অন্তক জানি লৈ আকৌ দৈৱীগুণো ধাৰণ কৰিব লাগে। পিতাৰ কেতিয়াও বিৰুদ্ধাচৰণ কৰিব নালাগে। বহুত সন্তানে নিজক সেৱাৰ যোগ্য হোৱা বুলি ভাবি অহংকাৰত আহি যায়। এনেকুৱা বহুত হয়। পাচত কোনো কোনো ঠাইত পৰাজিত হ'লে তেতিয়া সেৱাৰ প্ৰতি নিচা নাইকিয়া হৈ যায়। তোমালোক মাতাসকলতো নিৰক্ষৰ। পঢ়া-শুনা থকা হ'লে চমৎকাৰ কৰি দেখুৱালাহেঁতেন। পুৰুষসকলৰ মাজত তথাপিও পঢ়া-শুনা কৰা কিছু সংখ্যক আছে। তোমালোক কুমাৰীসকলে কিমান নাম উজ্বল কৰিব লাগে। তোমালোকে শ্ৰীমতত ৰাজ্য-ভাগ্য স্থাপন কৰিছিলা। নাৰীৰ পৰা লক্ষ্মী হৈছিলা তেন্তে কিমান নিচা থাকিব লাগে। ইয়াততো চোৱা পা-পইচাৰ পঢ়া-শুনাত জীৱন উৎসৰ্গিত কৰি আছে। হেৰ' তোমালোক সুন্দৰ (পবিত্ৰ) হৈ উঠা, আকৌ ক'লা (অপৱিত্ৰ, পতিত), তমোপ্ৰধানসকলৰ প্ৰতি অন্তৰৰ আকৰ্ষণ কিয় ৰাখা। এই কবৰস্থানৰ (তমোপ্ৰধান পুৰণি সৃষ্টিৰ) প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। আমিতো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰখা মানে জহন্নামলৈ (নৰক, দোজকলৈ) যোৱা। পিতা আহি দোজকৰ (নৰকৰ) পৰা বচায় তথাপিও মুখ (দৃষ্টি) নৰকৰ ফালে কিয় কৰা। তোমালোকৰ এই পঢ়া কিমান সহজ। কোনো ঋষি-মুনিয়ে নাজানে। কোনো শিক্ষক, কোনো ঋষি-মুনিয়ে বুজাব নোৱাৰে। এওঁতো পিতা-শিক্ষক-গুৰুও হয়। সেই গুৰুসকলে শাস্ত্ৰ শুনায়। তেওঁলোকক শিক্ষক বুলি কোৱা ন'হব তেওঁলোক কোনেও এনেকৈ নকয় যে আমি সৃষ্টিৰ বুৰঞ্জী-ভূগোল (হিস্ত্ৰী-জিওগ্ৰাফী) শুনাওঁ। তেওঁলোকেতো শাস্ত্ৰৰ কথাবোৰেই শুনাব। পিতাই তোমালোকক শাস্ত্ৰসমূহৰ সাৰ বুজায় আৰু পুনৰ সৃষ্টিৰ বুৰঞ্জী-ভূগোলৰ বিষয়েও বুজায়। এতিয়া এই শিক্ষক ভাল নে সেই শিক্ষক ভাল? সেই শিক্ষকৰ পৰা তোমালোকে যিমানেই নপঢ়া কিয় কিনো উপাৰ্জন কৰিবা? সেয়াও ভাগ্য। পঢ়ি থাকোতেই যদি কিবা দুৰ্ঘটনা হয়, মৃত্যু হয় তেতিয়া পঢ়া শেষ। ইয়াত তোমালোকে এই পঢ়া যিমানেই পঢ়িবা, সেই ব্যৰ্থ হৈ নাযায়। অৱশ্যে হয়, শ্ৰীমতত নচলি কিবা ওলোটা চলনত চলিলে বা গাঁতত গৈ পৰিলে (অধঃপতিত হ'লে) তেন্তে যিমান পঢ়িছিল সেয়া একো লগত লৈ যাব নোৱাৰে, এই পঢ়াতো 21 জন্মৰ বাবে। কিন্তু অধঃপতিত হ'লে কল্প-কল্পান্তৰৰ বাবে বহুত বহুত লোকচান হৈ যায়। পিতাই কয়- সন্তানসকল, মুখ ক'লা নকৰিবা (বিকাৰত অধঃপতিত ন'হবা)। এনেকুৱা বহুত আছে যিসকলে ক'লা মুখ কৰি (বিকাৰত অধঃপতিত হৈ), ছিঃ ছিঃ হৈ পুনৰ আহি বহি যায়। তেওঁলোকৰ কেতিয়াও এই জ্ঞান হজম (ধাৰণ) নহ'ব। বদ-হজম হৈ যায়। যিখিনি (জ্ঞান) শুনিব সেয়া বদ-হজম হৈ যাব, পুনৰ মুখেৰে কাকো ক'ব নোৱাৰিব যে ভগৱানুবাচ (ভগৱানৰ বাণী) - কাম মহাশত্ৰু হয়, তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। নিজেই যদি বিজয় প্ৰাপ্ত কৰিব নোৱাৰে তেন্তে আনক কেনেকৈ ক'ব! ভিতৰি অন্তৰ দহি থাকিব নহয়! তেওঁলোকক আসুৰিক সম্প্ৰদায়ৰ বুলি কোৱা হয়, অমৃত পান কৰি কৰি যদি বিহ পান কৰে তেন্তে এশগুণ ক'লা (অধঃপতিত, বিকাৰী) হৈ যায়। হাড়-মূৰ ভাঙি যায়।

তোমালোক মাতাসকলৰ সংগঠনতো বহুত ভাল হোৱা উচিত। লক্ষ্য-উদ্দেশ্যতো সন্মুখত আছে। তোমালোকে জানা এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত এক দেৱী-দেৱতা ধৰ্ম আছিল। এক ৰাজ্য, এক ভাষা, এশ শতাংশ পবিত্ৰতা, শান্তি, সমৃদ্ধি আছিল। সেই একেখন ৰাজ্যৰেই পিতাই এতিয়া স্থাপনা কৰি আছে। এয়া হ'ল লক্ষ্য-উদ্দেশ্য। এশ শতাংশ পবিত্ৰতা, সুখ, শান্তি, সম্পত্তিৰ স্থাপনা এতিয়া হৈ আছে। তোমালোকে দেখুওৱা বিনাশৰ পাচত শ্ৰীকৃষ্ণ আহি আছে। স্পষ্টকৈ লিখি দিয়া উচিত। সত্যযুগী এখনেই দেৱী-দেৱতাৰ ৰাজ্য, এক ভাষা, পবিত্ৰতা, সুখ, শান্তি পুনৰাই স্থাপন হৈ আছে। চৰকাৰে (গৱৰ্নমেন্টে) বিচাৰে নহয় জানো। স্বৰ্গ থাকেই সত্যযুগ-ত্ৰেতাত। কিন্তু মনুষ্যই নিজক নৰকবাসী বুলি ভাবে জানো। তোমালোকে লিখিব পাৰা - দ্বাপৰ-কলিযুগত সকলো নৰকবাসী। এতিয়া তোমালোক সংগমযুগী। আগতে তোমালোকো কলিযুগী নৰকবাসী আছিলা, এতিয়া তোমালোক স্বৰ্গবাসী হৈ আছা। ভাৰতক শ্ৰীমতত স্বৰ্গ কৰি গঢ়ি আছা। কিন্তু সেই সাহস, (তেনেকুৱা, সত্যযুগী) সংগঠন হ'ব লাগে। ফুৰিবলৈ (যাত্ৰাত) যাওঁতে এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ লৈ যাব লাগে। ভাল হয়। ইয়াত (চিত্ৰত) লিখি দিয়া - আদি সনাতন দেৱী-দেৱতা ধৰ্ম, সুখ-শান্তিৰ ৰাজ্য স্থাপন হৈ আছে - ত্ৰিমূৰ্তি শিৱবাবাৰ শ্ৰীমতত। এনেদৰে ডাঙৰ ডাঙৰ আখৰৰ ডাঙৰ ডাঙৰ চিত্ৰ হ'ব লাগে। সৰু ল'ৰা-ছোৱালীয়ে সৰু চিত্ৰ পচন্দ কৰে। হেৰ', চিত্ৰতো যিমান ডাঙৰ হয় সিমানেই ভাল। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰতো বহুত ভাল। ইয়াত মাথোঁ লিখিব লাগে এজনেই সত্য ত্ৰিমূৰ্তি শিৱবাবা, সত্য ত্ৰিমূৰ্তি শিৱ শিক্ষক, সত্য ত্ৰিমূৰ্তি শিৱ গুৰু। ত্ৰিমূৰ্তি শব্দটি নিলিখিলে বুজিব যে পৰমাত্মাতো নিৰাকাৰ, তেওঁ শিক্ষক কেনেকৈ হ'ব পাৰে। জ্ঞানতো নাই নহয় জানো। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ টিনপাতৰ ওপৰত বনাই প্ৰত্যেক স্থানত ৰাখিব লাগে, এয়া স্থাপনা হৈ আছে। পিতা (শিৱবাবা) আহিছে ব্ৰহ্মাৰ দ্বাৰা এক ধৰ্মৰ প্ৰতিষ্ঠা কৰি বাকী সকলোৰে বিনাশ কৰাবলৈ। সন্তানসকলৰ সদায় এইটো নিচা থাকিব লাগে। কিছু কিছু কথাত একমতত উপনীত হ'ব নোৱাৰিলে তেতিয়া তৎক্ষণাৎ অসন্তুষ্ট হৈ যায়। এয়াতো হয়েই। কোনোবাজন কোনো পক্ষে, কোনোবাজন আন পক্ষে, অৱশেষত সংখ্যাগৰিষ্ঠৰ (মেজৰিটিৰ) পক্ষই লোৱা হয়, এইক্ষেত্ৰত মনোমালিন্য হোৱাৰ কথা নাই। সন্তানসকল বিতুষ্ট হৈ পৰে। আমাৰ কথাই মান্যতা নাপালে। হেৰ ইয়াত ঠেহ পাতিবলগীয়া কথা কি আছে। পিতাতো সকলোকে সন্তুষ্ট কৰোঁতা হয়। মায়াই সকলোকে বিতুষ্ট কৰি দিছে, সকলোৱে পিতাৰ প্ৰতি বিতুষ্ট হৈ আছে, বিতুষ্টনো কি হ'ব - পিতাক নাজানেই। যিজন পিতাই স্বৰ্গৰ বাদশ্বাহী (সাম্ৰাজ্য) দিলে তেওঁক নাজানেই। পিতাই কয় - মই তোমালোকৰ উপকাৰ কৰোঁ। তোমালোকে আকৌ মোৰ অপকাৰ কৰা। ভাৰতৰ অৱস্থা চোৱা কেনেকুৱা। তোমালোকৰ ভিতৰতো বহুত কম সংখ্যক আছে যিসকলৰ নিচা থাকে। এয়া হৈছে নাৰায়ণী নিচা। এনেদৰে কোৱা উচিত হ'ব জানো যে আমিতো ৰাম-সীতা হ'মগৈ। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই (এইম্ অবজেক্টেই) হৈছে নৰৰ পৰা নাৰায়ণ হোৱা। তোমালোক আকৌ ৰাম-সীতা হোৱাটোতে আনন্দিত হৈ যোৱা, সাহস দেখুৱাব লাগে নহয় জানো। পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ একেবাৰে ৰাখিব নালাগে। কাৰোবাৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিলা যদি মৰিলা। জন্ম-জন্মান্তৰৰ বাবে লোকচান হৈ যাব। বাবাৰ পৰাতো স্বৰ্গৰ সুখ প্ৰাপ্ত হয় তেন্তে আমি নৰকত কিয় পৰোঁ। পিতাই কয় - তোমালোক যেতিয়া স্বৰ্গত আছিলা তেতিয়া অন্য কোনো ধৰ্ম নাছিল। এতিয়া ড্ৰামা অনুযায়ী তোমালোকৰ ধৰ্ম নাই। কোনেও নিজক দেৱতা ধৰ্মৰ বুলি নামানে। মনুষ্য হৈয়ো নিজৰ ধৰ্মক নাজানিলে তেন্তে কি বুলি কোৱা হ'ব। হিন্দু বুলি কোনো ধৰ্ম আছে জানো। কোনে প্ৰতিষ্ঠা কৰিলে, এইটোও নাজানে। তোমালোক সন্তানসকলক কিমান বুজোৱা হয়। পিতাই কয় - মই কালৰো কাল এতিয়া আহিছোঁ- সকলোকে উভতাই লৈ যাবলৈ। বাকী যিসকলে ভালদৰে পঢ়িব তেওঁলোক বিশ্বৰ মালিক হ'ব। এতিয়া ঘৰলৈ ব'লা। এই ঠাই (এই পুৰণি পতিত সৃষ্টি) থকাৰ উপযোগী নহয়, বহুত কদৰ্যময় কৰি দিছে- আসুৰিক মতত চলি। পিতাইতো এনেকৈ ক'ব নহয় জানো। তোমালোক ভাৰতবাসী যিসকল বিশ্বৰ মালিক আছিলা, এতিয়া কিমান ঠেলা-গঁতা খাই থাকা। লাজ নালাগেনে। তোমালোকৰ মাজতো কোনোবা আছে যিয়ে ভালদৰে বুজি পায়। ক্ৰমানুসৰিতো হয় নহয় জানো। বহুত সন্তানতো নিদ্ৰাত (অজ্ঞানতাত) থাকে। সেই আনন্দৰ পাৰা নাবাঢ়ে। বাবাই আমাক পুনৰাই ৰাজধানী দিয়ে। পিতাই কয়- এই সাধু আদি সকলকো মই উদ্ধাৰ কৰোঁ। তেওঁলোকে নিজকো মুক্তি দিব নোৱাৰে, অন্যকো নোৱাৰে। সঁচা গুৰুতো এজনেই সৎগুৰু, যিজনে সংগমত আহি সকলোৰে সৎগতি কৰে। পিতাই কয় - কল্পৰ সংগম যুগে যুগে মই আহোঁ, যেতিয়া মই গোটেই সৃষ্টিক পবিত্ৰ (পাৱন) কৰি তুলিবলগীয়া হয়। মনুষ্যই ভাবে পিতা সৰ্বশক্তিমান, তেওঁ কি কৰিব নোৱাৰে। হে'ৰ, মোক আহ্বানে কৰা যে আহি আমাক পতিত সকলক পবিত্ৰ (পাৱন) কৰি তোলা সেয়েহে মই আহি পবিত্ৰ (পাৱন) কৰি তোলো। বাকী আৰু কি কৰিম। বাকীতো তন্ত্ৰ-মন্ত্ৰ কৰোঁতা বহুত আছে, মোৰ কৰ্তব্যই হৈছে নৰকক স্বৰ্গ কৰি তোলা। সেয়াতো প্ৰত্যেক পাঁচ হাজাৰ বছৰৰ পাচত গঢ় লৈ উঠে। এয়া তোমালোকেহে জানা। আদি সনাতন হৈছে দেৱী-দেৱতা ধৰ্ম। বাকীতো সকলো পাচে পাচে আহিছে। অৰবিন্দ ঘোষতো এতিয়া আহিছে তথাপিও চোৱা তেওঁৰ কিমান আশ্ৰম নিৰ্মাণ হৈ গৈছে। তাত নিৰ্বিকাৰী (বিকাৰ ৰহিত, পবিত্ৰ) হোৱাৰ কোনো কথা আছে জানো। তেওঁলোকেতো ভাবে গৃসস্থালিত থাকি কোনো পবিত্ৰ হৈ থাকিব নোৱাৰে। পিতাই কয় গৃহস্থ ব্যৱহাৰত থাকি কেৱল এটা জন্ম পবিত্ৰ হৈ থাকা। তোমালোক জন্ম-জন্মান্তৰতো পতিত (অপৱিত্ৰ) হৈ আছিলা। এতিয়া মই আহিছোঁ তোমালোকক পবিত্ৰ (পাৱন) কৰি তুলিবলৈ। এই অন্তিম জন্ম পবিত্ৰ হোৱা। সত্যযুগ-ত্ৰেতাততো বিকাৰ নাথাকেই।

এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ আৰু ছিৰিৰ চিত্ৰ বহুত ভাল। ইয়াত লিখিত আছে - সত্যযুগত এক ধৰ্ম, এক ৰাজ্য আছিল। বুজাবৰ বাবে ডাঙৰ যুক্তি লাগে। বৃদ্ধা মাতাসকলকো শিকাই বুজাই প্ৰস্তুত কৰিব লাগে, যাতে প্ৰদৰ্শনীত কিছু বুজাব পাৰে। যিকোনো লোককে এই চিত্ৰ দেখুৱাই কোৱা এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজ্য আছিল নহয়। এতিয়াতো নাই। পিতাই কয়- এতিয়া তোমালোকে মোক স্মৰণ কৰিলে তেতিয়া তোমালোক পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিলৈ যাবাগৈ। এতিয়া পবিত্ৰ সৃষ্টি স্থাপন হৈ আছে। কিমান সহজ। বৃদ্ধাসকলে বহি প্ৰদৰ্শনীত বুজালে তেতিয়া নাম জনাজাত হৈ যাব। কৃষ্ণৰ চিত্ৰতো লিখা লিখনি বহুত ভাল। ক'ব লাগে যে এই লিখনিখিনি অৱশ্যই পঢ়ি চাওক। এয়া পঢ়িলেহে তোমালোকৰ নাৰায়ণী নিচা অথবা বিশ্বৰ মালিকভাৱৰ নিচা লাগি যাব।

পিতাই কয় - মই তোমালোকক এনেকুৱা লক্ষ্মী-নাৰায়ণ কৰি গঢ়ি তোলোঁ গতিকে তোমালোকো আনৰ বাবে দয়াশীল হ'ব লাগে। যেতিয়া নিজৰ কল্যাণ কৰিবা তেতিয়া আনৰো কৰিব পাৰিবা। বৃদ্ধসকলক এনেকৈ শিকাই দক্ষ কৰি তোলা যাতে বাবাই এনেকৈ কয় যে প্ৰদৰ্শনীত 8-10 গৰাকী বৃদ্ধাক পঠিয়ালেই তৎক্ষণাৎ (অনেক আত্মা) আহি যাব। যিয়েই কৰিব তেওঁয়েই পাব। সন্মুখত লক্ষ্য-উদ্দেশ্য দেখিয়েই আনন্দ জাগে। আমি এই শৰীৰ এৰি বিশ্বৰ মালিক হ'মগৈ। যিমান স্মৃতিত থাকিবা সিমান পাপ খণ্ডন হ'ব। চোৱা, খামৰ ওপৰত মুদ্ৰিত আছে - এক ধৰ্ম, এক দৈৱী ৰাজ্য, এক ভাষা (ৱান ৰিলিজন, ৱান ডিটি কিংডম, ৱান লেংগুৱেজ)..... সেয়া সোনকালে স্থাপন হ'ব। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও পৰস্পৰ বা পিতাৰ প্ৰতি বিতুষ্ট হ'ব নালাগে, পিতা সন্তুষ্ট কৰিবলৈ আহিছে সেয়েহে কেতিয়াও বিতুষ্ট হ'ব নালাগে। পিতাৰ প্ৰতি বিৰুদ্ধাচৰণ কৰিব নালাগে।

(2) পুৰণি সৃষ্টিৰ প্ৰতি, পুৰণি দেহৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। সৎ (সত্য) পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ সৈতে সততাৰে চলিব লাগে। সদায় এজনৰে শ্ৰীমতত চলি দেহী-অভিমানী হ'ব লাগে।

বৰদান:
আদি ৰত্নৰ স্মৃতিৰে নিজ জীৱনৰ মূল্য অনুধাৱন কৰোঁতা সৰ্বদা সমৰ্থনৱান হোৱা

যিদৰে ব্ৰহ্মা আদি দেৱ হয়, সেইদৰে ব্ৰহ্মাকুমাৰ, কুমাৰীসকলো আদি ৰত্ন হয়। আদি দেৱৰ সন্তানসকল মাষ্টৰ আদি দেৱ হয়। আদি ৰত্ন বুলি বুজিলেই নিজ জীৱনৰ মূল্য জানিব পাৰিবা কিয়নো আদি ৰত্ন অৰ্থাৎ প্ৰভুৰ ৰত্ন, ঈশ্বৰীয় ৰত্ন - তেন্তে কিমান মূল্যৱান হৈ গলা সেইবাবে সদায় নিজক আদি দেৱৰ সন্তান মাষ্টৰ আদি দেৱ, আদি ৰত্ন বুলি বুজি প্ৰতিটো কৰ্ম কৰা তেতিয়া সমৰ্থ হোৱাৰ বৰদান পাই যাবা। একোৱেই ব্যৰ্থত যাব নোৱাৰিব।

স্লোগান:
জ্ঞানী আত্মা তেৱেঁই যিয়ে প্ৰৱঞ্চিত হোৱাৰ পূৰ্বেই চিনাক্ত কৰি নিজক ৰক্ষা কৰে।