12.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা আহিছে তোমালোক সন্তাসকলক সাঁতুৰিবলৈ শিকাবৰ কাৰণে, যাৰ দ্বাৰা তোমালোক এইখন সৃষ্টিৰ পৰা পাৰ হৈ যোৱা, তোমালোকৰ কাৰণে সৃষ্টিয়েই সলনি হৈ যায়

প্ৰশ্ন:
যিসকল সন্তান পিতাৰ সহায়কাৰী হয়, তেওঁলোকৰ সহায়ৰ প্ৰতিদানত কি প্ৰাপ্তি হয়?

উত্তৰ:
যিসকল সন্তান এতিয়া পিতাৰ সহায়কাৰী হয়, তেওঁলোকক পিতাই এনেকুৱা কৰি তোলে যে আধাকল্প কাৰো সহায় লোৱা বা ৰায় লোৱাৰ প্ৰয়োজনেই নাথাকে। কিমান মহান পিতা, কয় সন্তানসকল তোমালোক মোৰ সহায়কাৰী নোহোৱাহেঁতেন মই স্বৰ্গৰ স্থাপনা কেনেকৈ কৰিলোহেঁতেন।

ওঁম্শান্তি।
মৰমৰ ক্ৰমানুসৰি অতি মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজায় কিয়নো বহুত সন্তান অবোধ হৈ গৈছে। ৰাৱণে বহুত অবোধ কৰি দিছে। এতিয়া আমাক কিমান বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে। কোনোবা আই.চি.এছ (I.C.S) পৰীক্ষাত উত্তীৰ্ণ হলে তেতিয়া এনেকৈ ভাবে যে বহুত ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। তোমালোকেতো এতিয়া চোৱা কিমান ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা। অলপ ভাবি চোৱাচোন বাৰু পঢ়াওঁতাজন কোন! পঢ়োঁতাসকল কোন! এইটোও নিশ্চয় আছে - আমি কল্পই কল্পই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত পিতা, শিক্ষক, সৎগুৰুৰ সৈতে মিলিত হৈয়ে থাকোঁ। কেৱল তোমালোক সন্তানসকলেহে জানা- আমি কিমান উচ্চতকৈও উচ্চ পিতাৰ দ্বাৰা উচ্চ উত্তৰাধিকাৰ পাওঁ। শিক্ষকেও পঢ়াই উত্তৰাধিকাৰ দিয়ে নহয়। তোমালোককো পঢ়াই তোমালোকৰ কাৰণে সৃষ্টিখনকে সলনি কৰি দিয়ে, নতুন সৃষ্টিত ৰাজত্ব কৰিবৰ কাৰণে। ভক্তি মাৰ্গত কিমান মহিমা গায়। তোমালোকে তেওঁৰ দ্বাৰা নিজৰ উত্তৰাধিকাৰ পাই আছা। এয়াও তোমালোক সন্তানসকলে জানা যে পুৰণি সৃষ্টি সলনি হৈ আছে। তোমালোকে কোৱা আমি সকলো শিৱবাবাৰ সন্তান। পিতাও আহিবলগীয়া হয় - পুৰণি সৃষ্টিক নতুনকৈ গঢ়ি তুলিবলৈ। ত্ৰিমূৰ্তিৰ চিত্ৰতো দেখুৱায় যে ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টিৰ স্থাপনা। তেন্তে নিশ্চয় ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ-ব্ৰাহ্মণীৰ প্ৰয়োজন। ব্ৰহ্মাইতো নতুন সৃষ্টি স্থাপন নকৰে। ৰচয়িতা হয়েই পিতা। তেওঁ কয় - মই আহি যুক্তিৰে পুৰণি সৃষ্টিৰ বিনাশ কৰাই নতুন সৃষ্টি ৰচনা কৰোঁ। নতুন সৃষ্টিৰ নিবাসী বহুত কম সংখ্যক হয়। চৰকাৰে চেষ্টা কৰি থাকে যে জনসংখ্যা কম হওক। এতিয়া কমতো নহব। যুদ্ধত কোটি কোটি মনুষ্যৰ মৃত্যু হয় তেতিয়া মনুষ্য কম হয় জানো, জনসংখ্যাতো তথাপি বৃদ্ধি হৈ গৈ থাকে। এয়াও তোমালোকে জানা। তোমালোকৰ বুদ্ধিত বিশ্বৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তোমালোকে নিজক বিদ্যার্থী বুলিও ভাবা। সাঁতুৰিবলৈও শিকা। এনেকৈ কয় নহয় যে নাওঁ মোৰ পাৰ কৰোৱা। সাঁতুৰিবলৈ শিকাসকল বহুত প্ৰসিদ্ধ হয়। তোমালোকৰ সাঁতোৰ চোৱা কেনেকুৱা, একেবাৰে ওপৰলৈ গুচি যোৱা আকৌ ইয়ালৈ আহা। তেওঁলোকেতো দেখুৱায় ইমান মাইল ওপৰলৈ গল। তোমালোক আত্মাসকল কিমান মাইল ওপৰলৈ যোৱা। সেয়া হল স্থূল বস্তু, যাক গণনা কৰে। তোমালোকৰতো অগণনীয় হয়। তোমালোকে জানা যে আমি আত্মাসকল নিজৰ ঘৰলৈ গুচি যাম, য'ত সূৰ্য-চন্দ্ৰ আদি নাথাকে। তোমালোক আনন্দিত হোৱা- সেয়া আমাৰ ঘৰ। আমি তাৰ নিবাসী। মনুষ্যই মুক্তিধামলৈ যোৱাৰ বাবে ভক্তি কৰে, পুৰুষাৰ্থ কৰে। কিন্তু কোনেও যাব নোৱাৰে। মুক্তিধামত ভগৱানৰ সৈতে মিলিত হোৱাৰ চেষ্টা কৰে। অনেক প্ৰকাৰৰ যত্ন কৰে। কোনোৱে কয় আমি জ্যোতিত সমাহিত হৈ যাওঁ। কোনোৱে কয় মুক্তিধামলৈ যাওঁ। মুক্তিধামৰ বিষয়ে কোনেও নাজানে। তোমালোক সন্তানসকলে জানা বাবা আহিছে নিজৰ ঘৰলৈ লৈ যাবলৈ। অতি মৰমৰ বাবা আহিছে, আমাক ঘৰলৈ লৈ যোৱাৰ যোগ্য কৰি তোলে। যাৰ বাবে আধাকল্প পুৰুষাৰ্থ কৰিও হব নোৱাৰে। কোনেও জ্যোতিত সমাহিত হৈ যাব নোৱাৰে, মুক্তিধামলৈও যাব নোৱাৰে আৰু মোক্ষও পাব নোৱাৰে। যি কিছু পুৰুষাৰ্থ কৰিছে সেয়া ব্যৰ্থ। এতিয়া তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলৰ পুৰুষাৰ্থ সত্য সিদ্ধ হয়। এইখন খেল কেনেকৈ ৰচি থোৱা আছে। তোমালোকক এতিয়া আস্তিক বুলি কোৱা হয়। পিতাক ভালদৰে তোমালোকে জানা আৰু পিতাৰ দ্বাৰা সৃষ্টি চক্ৰকো জানিছা। পিতাই কয় - মুক্তি-জীৱনমুক্তিৰ জ্ঞান কাৰো নাই। দেৱতাসকলৰো নাই। পিতাক কোনেও নাজানে তেন্তে কাৰোবাক কেনেকৈ লৈ যাব। কিমান অনেক গুৰু লোক আছে, কিমান তেওঁলোকৰ অনুগামী হয়। সঁচা সঁচা সৎগুৰু হল শিৱবাবা। তেওঁৰতো চৰণ নাই। তেওঁ কয় - মোৰতো চৰণ নাই। মই নিজকে কেনেকৈ পূজা কৰাও। সন্তানসকল বিশ্বৰ মালিক হয়, তেওঁলোকৰ দ্বাৰা পূজা কৰাম জানো। ভক্তি মাৰ্গত সন্তানসকল পিতাৰ চৰণত পৰে। বাস্তৱততো পিতাৰ সম্পত্তিৰ মালিক সন্তানসকল হয়। কিন্তু নম্ৰতা দেখুৱায়। সৰু ল'ৰা-ছোৱালী আদি সকলোৱে গৈ চৰণত পৰে। ইয়াত পিতাই কয় - তোমালোকক চৰণত পৰাৰ পৰাও মুক্ত কৰি দিওঁ। কিমান মহান পিতা। তেওঁ কয় - তোমালোক সন্তানসকল মোৰ সহায়কাৰী হোৱা। তোমালোক সহায়কাৰী নোহোৱাহেঁতেন মই স্বৰ্গৰ স্থাপনা কেনেকৈ কৰিলোঁহেঁতেন। পিতাই বুজায় - সন্তানসকল, এতিয়া তোমালোক সহায়কাৰী হোৱা তেতিয়া মই তোমালোকক এনেকুৱা কৰি তোলোঁ যে কাৰো সহায় লোৱাৰ প্ৰয়োজনেই নাথাকিব। তোমালোকে কাৰো ৰায় লোৱাৰ দৰকাৰ নাথাকিব। ইয়াত পিতাই সন্তানসকলৰ সহায় লৈ আছে। তেওঁ কয় - সন্তানসকল, এতিয়া ছিঃ ছিঃ নহবা। মায়াৰ ওচৰত পৰাজিত নহবা। মুষ্টিযুদ্ধ (বক্সিং) হ'লে তেতিয়া তাত কোনোবা জয়ী হয় তেতিয়া বাঃ বাঃ হৈ যায়। পৰাজিত হোৱাজনৰ মুখ শেঁতা পৰি যায়। ইয়াতো পৰাজিত হয়। ইয়াত পৰাজিত হোৱাজনক কোৱা হয় - মুখ কলা কৰি দিলা। আহিছে বগা (সুন্দৰ, পবিত্ৰ) হবলৈ আৰু কি কৰি দিয়ে। কৰা উপাৰ্জন সকলো শেষ হৈ যায়, পুনৰ নতুনকৈ আৰম্ভ কৰিবলগীয়া হয়। পিতাৰ সহায়কাৰী হোৱাৰ পাচত আকৌ পৰাজিত হৈ নাম বদনাম কৰি দিয়ে। দুটা দল (পাৰ্টি) আছে। এটা হল মায়াৰ গ্ৰাহক, আনটো ঈশ্বৰৰ। তোমালোকে পিতাক স্নেহ কৰা। গায়নো আছে - বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। তোমালোকৰ হল প্ৰীত বুদ্ধি। গতিকে তোমালোকে নাম বদনাম কৰিব লাগে জানো। তোমালোক প্ৰীত বুদ্ধিৰ তেন্তে আকৌ মায়াৰ ওচৰত পৰাজিত কিয় হোৱা। পৰাজিত হোৱাসকলৰ দুখ হয়। জয়ী হোৱাসকলৰ কাৰণে তালি বজাই বাঃ বাঃ কৰে। তোমালোক সন্তানসকলে বুজি পোৱা যে আমিতো পালোৱান হওঁ। এতিয়া নিশ্চয় মায়াক জয় কৰিব লাগিব। পিতাই কয় - দেহ সহিত যি কিছু দেখিবলৈ পোৱা, সেই সকলোবোৰ পাহৰি যোৱা। মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰা। মায়াই তোমালোকক সতোপ্ৰধানৰ পৰা তমোপ্ৰধান কৰি দিলে। এতিয়া পুনৰ সতোপ্ৰধান হব লাগে। মায়াক জয় কৰি জগতজিৎ হব লাগে। এয়া হয়েই হৰা আৰু জিকা, সুখ-দুখৰ খেল। ৰাৱণ ৰাজ্যত পৰাজিত হয়। এতিয়া পিতাই পুনৰ অতি মূল্যৱান (ৱৰ্থ পাউণ্ড) কৰি তোলে। বাবাই বুজাইছে - এজন শিৱবাবাৰ জয়ন্তীয়ে অতি মূল্যৱান। তোমালোক সন্তানসকল এতিয়া এনেকুৱা লক্ষ্মী-নাৰায়ণ হব লাগে। তাত ঘৰে ঘৰে দ্বীপমালা থাকে, সকলোৰে জ্যোতি জ্বলি থাকে। মূল শক্তিৰ উৎসৰ (মেইন পাৱাৰৰ) পৰা জ্যোতি জ্বলে। পিতাই কিমান সহজ ৰীতিৰে বুজায়। পিতাৰ বাহিৰে আন কোনে অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তান বুলি কব। আত্মিক পিতাইহে কয় - হে মোৰ অতি মৰমৰ সন্তানসকল, তোমালোকে আধাকল্পৰ পৰা ভক্তি কৰি আহিছা। এজনো উভতি যাব নোৱাৰে। পিতাহে আহি সকলোকে লৈ যায়।

তোমালোকে সংগমযুগৰ ওপৰত ভালদৰে বুজাব পাৰা। পিতা আহি কেনেকৈ সকলো আত্মাক লৈ যায়। সৃষ্টিত এই বেহদৰ (অসীমৰ) নাটকৰ বিষয়ে কোনেও নাজানে, এইখন বেহদৰ নাটক (ড্ৰামা) হয়। এয়াও তোমালোকে বুজি পোৱা, অন্য কোনেও কব নোৱাৰে। যদি কয় বেহদৰ নাটক তেন্তে আকৌ নাটকৰ বৰ্ণনা কেনেকৈ কৰিব। ইয়াত তোমালোকে 84ৰ চক্ৰক জানা। তোমালোক সন্তানসকলে জানিছা, তোমালোকেহে স্মৰণ কৰিব লাগে। পিতাই কিমান সহজকৈ শুনায়। ভক্তি মাৰ্গত তোমালোকে কিমান হাবাথুৰি খোৱা। তোমালোক কিমান দূৰলৈ স্নান কৰিব যোৱা। এটা হ্ৰদ (লেক) আছে, এনেকৈ কয় যে তাত ডুব মাৰিলে পৰি হৈ যায়। এতিয়া তোমালোকে জ্ঞান সাগৰত ডুব মাৰি ৰাজকুমাৰ (পৰিজাদা) হৈ যোৱা। কোনোবাই চৌখিন সাজপাৰ পৰিধান কৰিলে কয় এওঁতো পৰি হৈ গৈছে। এতিয়া তোমালোকো ৰত্ন হোৱা। বাকী মনুষ্যৰ উৰিবলৈ পাখি আদি থাকিব নোৱাৰে। এনেকৈ উৰিব নোৱাৰে। উৰোঁতা হয়েই আত্মা। আত্মা যাক ৰকেট বুলিও কোৱা হয়, আত্মা কিমান সূক্ষ্ম। যেতিয়া সকলো আত্মা যাব তেতিয়া হয়তো তোমালোক সন্তানসকলৰ সাক্ষাৎকাৰো হব। বুদ্ধিৰে বুজিব পাৰা - তোমালোকে ইয়াত বৰ্ণনা কৰিব পাৰা, হয়তো যিদৰে বিনাশ দেখা পোৱা যায় তেনেকৈ আত্মাসকলৰ জুমোঁ দেখা পাব পাৰি যে কেনেকৈ যায়। হনুমান, গণেশ আদিতো নাই। কিন্তু তেওঁলোকৰ ভাৱনা অনুসাৰে সাক্ষাৎকাৰ হৈ যায়। বাবাতো হয়েই বিন্দু, তেওঁৰ কি বৰ্ণনা কৰিব। কয়ো যে সৰু তৰা হয় যাক এই দুচকুৰে দেখা পাব নোৱাৰি। শৰীৰ কিমান ডাঙৰ, যাৰ দ্বাৰা কর্ম কৰিব লাগে। আত্মা কিমান সূক্ষ্ম তাত 84ৰ চক্ৰ নিহিত হৈ আছে। এজনো মনুষ্য নোলাব যাৰ বুদ্ধিত আছে যে আমি 84 জন্ম কেনেকৈ লওঁ। আত্মাত কেনেকৈ ভূমিকা (পাৰ্ট) নিহিত হৈ আছে। আশ্চৰ্যজনক হয়। আত্মাইহে শৰীৰ লৈ ভূমিকা পালন কৰে। সেয়া হল হদৰ নাটক, এয়া হল বেহদৰ। বেহদৰ পিতা স্বয়ং আহি নিজৰ পৰিচয় দিয়ে। যিসকল ভাল সেৱাধাৰী সন্তান আছে, তেওঁলোকে বিচাৰ সাগৰ মন্থন কৰি থাকে। কাক কেনেকৈ বুজাম। কিমান তোমালোকে এজন এজনৰ লগত মগজ খটুওৱা। তথাপি কয় বাবা আমি বুজিয়েই নাপাওঁ। কোনোবাই নপঢ়িলে তেতিয়া কোৱা হয় এওঁতো পাথৰ বুদ্ধিৰ। তোমালোকে দেখিবলৈ পোৱা ইয়াতো কোনোবা 7 দিনতে বহুত আনন্দেৰে আহি কয়- বাবাৰ ওচৰলৈ যাওঁ। কোনোৱেতো একোৱেই বুজি নাপায়। মনুষ্যইতো কেৱল কৈ দিয়ে পাথৰবুদ্ধি, পাৰসবুদ্ধি, কিন্তু অৰ্থ নাজানে। আত্মা পবিত্ৰ হলে পাৰসনাথ হৈ যায়। পাৰসনাথৰ মন্দিৰো আছে। গোটেই সোণৰেই মন্দিৰ নহয়। ওপৰত অলপ সোণ লগাই দিয়ে। তোমালোক সন্তানসকলে জানা আমি বাগিচাৰ গৰাকীক পাইছোঁ, কাঁইটৰ পৰা ফুল হোৱাৰ যুক্তি শুনায়। গায়নো আছে নহয় আল্লাৰ বাগিচা (গাৰ্ডেন অফ্‌ আল্লা)। তোমালোকৰ ওচৰত আগতে এজন মুছলমান ধ্যানত গৈছিল - কৈছিল যে খোদাই মোক ফুল দিলে। থিয় হৈ থাকোতেই বাগৰি পৰিছিল, খোদাৰ বাগিচা চাইছিল। এতিয়া খোদাৰ বাগিচা দেখুৱাওঁতাজনতো স্বয়ং খোদাই হব। অন্য কোনোবাই কেনেকৈ দেখুৱাব। তোমালোকক বৈকুণ্ঠৰ সাক্ষাৎকাৰ কৰায়। খোদাইহে লৈ যায়। নিজেতো তাত নিবাস নকৰে। খোদাতো শান্তিধামত থাকে। তোমালোকক বৈকুণ্ঠৰ মালিক কৰি তোলে। কিমান ভাল ভাল কথা তোমালোকে বুজা। আনন্দ পোৱা যায়। ভিতৰি বহুত আনন্দিত হোৱা উচিত - এতিয়া আমি সুখধামলৈ যাওঁ। তাত দুখৰ কথা নাথাকে। পিতাই কয় সুখধাম, শান্তিধামক স্মৰণ কৰা। ঘৰক কিয় স্মৰণ নকৰিবা। আত্মাই ঘৰলৈ যোৱাৰ বাবে কিমান মগজ খটুৱায়। জপ-তপ আদি বহুত পৰিশ্ৰম কৰে কিন্তু যাব কোনেও নোৱাৰে। বৃক্ষৰ পৰা ক্ৰমানুসৰি আত্মাসকল আহি থাকে আকৌ মাজতে কেনেকৈ যাব পাৰে। যেতিয়া পিতাই ইয়াত আছে। তোমালোক সন্তানসকলক নিতৌ বুজাই থাকে - শান্তিধাম আৰু সুখধামক স্মৰণ কৰা। পিতাক পাহৰি যোৱাৰ কাৰণেই আকৌ দুখী হয়। মায়াৰ শাস্তি খাবলগীয়া হৈ যায়। এতিয়াতো অলপো শাস্তি খাব নালাগে। মূল হৈছে দেহ-অভিমান।

তোমালোকে এতিয়ালৈকে যিজন পিতাক স্মৰণ কৰিছিলা হে পতিত-পাৱন আহা, সেইজন পিতাৰ পৰা পঢ়ি আছা। তোমালোকৰ একান্ত বাধ্য সেৱক শিক্ষকো (অবিডিয়েন্ট ছাৰ্ভেণ্ট টিচাৰো) হয়। একান্ত বাধ্য পিতাও হয়। ডাঙৰ ব্যক্তিয়ে তলত সদায় লিখে - একান্ত বাধ্য সেৱক। পিতাই কয় - চোৱা মই তোমালোক সন্তানসকলক কেনেকৈ বহি বুজাওঁ। সুসন্তানসকলৰ প্ৰতিহে পিতাৰ মৰম থাকে। যিসকল কুসন্তান হয় অৰ্থাৎ পিতাৰ হৈ পুনৰ বিশ্বাসঘাতক হৈ যায়, বিকাৰত যায় তেন্তে পিতাই কব এনেকুৱা সন্তান নজন্মিলেই ভাল আছিল। এজনৰ কাৰণে কিমানৰ নাম বদনাম হৈ যায়। কিমানৰ কষ্ট হয়। ইয়াত তোমালোকে কিমান উচ্চ কাম কৰি আছা। বিশ্বৰ উদ্ধাৰ কৰি আছা আৰু তোমালোকে 3 খোজ ভূমিও নোপোৱা। তোমালোক সন্তানসকলে কাকো ঘৰ-সংসাৰৰ পৰাতো আঁতৰাই নিদিয়া। তোমালোকেতো ৰজাসকলোকো কোৱা- তোমালোক পূজ্য দ্বৈত মুকুটধাৰী আছিলা, এতিয়া পূজাৰী হৈ গৈছা। এতিয়া পিতাই পুনৰ পূজ্য কৰি তোলে তেন্তে হব লাগে নহয় জানো। অলপ সময় আছে। আমি ইয়াত কাৰোবাৰ পৰা লাখ লৈ কি কৰিম। গৰিবে ৰাজ্য-ভাগ্য পায়। পিতা গৰিবৰ কল্যাণ কৰোঁতা নহয় জানো। তোমালোকে অৰ্থ সহিত বুজি পোৱা যে পিতাক গৰিবৰ কল্যাণ কৰোঁতা বুলি কিয় কোৱা হয়! ভাৰতো কিমান গৰিব, তাৰ ভিতৰতো মাতাসকল গৰিব। যিসকল চহকী তেওঁলোকে এই জ্ঞান ধাৰণ কৰিব নোৱাৰে। গৰিব অৱলাসকল কিমান আহে, তেওঁলোকৰ ওপৰত অত্যাচাৰ হয়। পিতাই কয় - মাতাসকলক আগবঢ়াই দিব লাগে। প্ৰভাত ফেৰিতো আগত মাতাসকল থাকিব লাগে। তোমালোকৰ বেজো অতি উত্তম (ফাৰ্ষ্ট ক্লাছ)। এই আলোকিত (ট্ৰান্সলাইটৰ) চিত্ৰও তোমালোকৰ আগত থাকিব লাগে। সকলোকে শুনোৱা যে সৃষ্টি সলনি হৈ আছে। পিতাৰ পৰা কল্পৰ পূৰ্বৰ দৰে উত্তৰাধিকাৰ পাই আছোঁ। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে - কেনেকৈ সেৱাক ফলপ্ৰসূ কৰিব পাৰি। সময়তো লাগে নহয় জানো। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ প্ৰতি সম্পূৰ্ণ প্ৰীত ৰাখি সহায়কাৰী হব লাগে। মায়াৰ ওচৰত পৰাজিত হৈ কেতিয়াও নাম বদনাম কৰিব নালাগে। পুৰুষাৰ্থ কৰি দেহ সহিত যি কিছু দেখিবলৈ পোৱা যায় সেয়া পাহৰি যাব লাগে।

(2) ভিতৰত আনন্দিত হৈ থাকিব লাগে যে এতিয়া আমি শান্তিধাম, সুখধামলৈ যাওঁ। বাবা একান্ত বাধ্য শিক্ষক (অবিডিয়েন্ট টিচাৰ) হৈ আমাক ঘৰলৈ লৈ যোৱাৰ বাবে যোগ্য কৰি তোলে। যোগ্য, সুসন্তান হব লাগে, কুসন্তান নহয়।

বৰদান:
ত্ৰি-স্মৃতি স্বৰূপৰ তিলক ধাৰণ কৰোঁতা সম্পূৰ্ণ বিজয়ী হোৱা

নিজৰ স্মৃতি, পিতাৰ স্মৃতি আৰু নাটকৰ (ড্ৰামাৰ) জ্ঞানৰ স্মৃতি - এই তিনিওটা স্মৃতিতে গোটেই জ্ঞানৰ বিস্তাৰ সমাহিত হৈ আছে। জ্ঞানৰ বৃক্ষৰ এই তিনিটা স্মৃতি হয়। যিদৰে বৃক্ষৰ আগতে বীজ হয়, সেই বীজৰ পৰা দুটি পাত ওলায় পাচত বৃক্ষৰ বিস্তাৰ হয়, এনেকৈ মুখ্য হ'ল বীজ পিতাৰ স্মৃতি আকৌ দুটি পাত অৰ্থাৎ আত্মা আৰু নাটকৰ সকলো জ্ঞান। এই তিনিওটা স্মৃতিক ধাৰণ কৰোঁতাজন স্মৃতি স্বৰূপ হোৱাৰ অথবা সম্পূৰ্ণ বিজয়ী হোৱাৰ বৰদানী হৈ যায়।

স্লোগান:
প্ৰাপ্তিসমূহক সদায় সন্মুখত ৰাখা তেতিয়া দুৰ্বলতাসমূহ সহজে সমাপ্ত হৈ যাব।