12.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল মহাবীৰ হোৱা, মায়াৰ ধুমুহাৰ সৈতে যুদ্ধ কৰাৰ পৰিৱৰ্তে অচল-অটল হোৱা

প্ৰশ্ন:
ব্ৰহ্মা বাবাৰ সন্মুখত অনেক হুলস্থুল হোৱা সত্ত্বেও কেতিয়াও নাৰাজ (অসন্তুষ্ট) নহল কিয়?

উত্তৰ:
কিয়নো বাবাৰ নিচা আছিল যে মই পিতাৰ পৰা উত্তৰাধিকাৰ লব লাগে। এয়াতো সকলো কল্প পূৰ্বৰ দৰেই হৈ আছে একো নতুন নহয়। গালিতো সকলোতকৈ অধিক পিতাই খালে। আকৌ কৃষ্ণকো গালি দিয়ে। যদি ময়ো গালি খাবলগীয়া হয় তেন্তে কিনো ডাঙৰ কথা। জগতে আমাৰ কথাবোৰ নাজানেই গতিকে নিশ্চয় গালি দিব সেইকাৰণে কোনো কথাত নাৰাজ নহল। এনেকৈয়ে পিতাক অনুসৰণ কৰা।

গীত:
ভোলেনাথ চে নিৰালা. (ভোলানাথতকৈ অনন্য...)

ওঁম্শান্তি।
এইটো ভক্তিমাৰ্গৰ লোকসকলৰ গীত। জ্ঞানমাৰ্গত গীত আদি গোৱা নহয়, ৰচনাও কৰা নহয়, প্ৰয়োজনো নাই কিয়নো গায়ন আছে পিতাৰ পৰা চেকেণ্ডত জীৱনমুক্তিৰ উত্তৰাধিকাৰ পোৱা যায়। তাত গীত আদিৰ কোনো কথাই নাই। তোমালোকে জানা আমি বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পাওঁ। যিবিলাক ভক্তিমাৰ্গৰ ৰীতি-প্ৰথা আছে, সেয়া ইয়াত প্ৰচলিত হব নোৱাৰে। সন্তানসকলে কবিতা আদি ৰচনা কৰে সেয়াও আনক শুনাবলৈ। সেয়াও যেতিয়ালৈকে তোমালোকে নুবুজোৱা তেতিয়ালৈকে কোনেও বুজিব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে পিতাক পাইছা সেয়েহে আনন্দৰ পাৰা উৰ্দ্ধগামী হব লাগে। পিতাই 84 জন্মৰ চক্ৰৰ জ্ঞানো শুনাইছে। আনন্দিত হব লাগে যে এতিয়া আমি স্বদৰ্শন চক্ৰধাৰী হৈছোঁ। পিতাৰ দ্বাৰা বিষ্ণুপুৰীৰ মালিক হৈ আছোঁ। নিশ্চয়বুদ্ধিৰ সকলহে বিজয়ী হয়। যাৰ নিশ্চয় হয় তেওঁ সত্যযুগত যাবই। গতিকে সন্তানসকল সৰ্বদা আনন্দিত হৈ থাকিব লাগে, পিতাক অনুসৰণ কৰা। সন্তানসকলে জানে নিৰাকাৰ পিতাৰ যেতিয়াৰ পৰা এই শৰীৰত প্ৰৱেশ হৈছে, তেতিয়া এওঁৰ ওচৰতো বৰ হুলস্থুল হল। ভাতৃবৰ্গৰ কাজিয়া, চহৰৰ কাজিয়া, গোটেই সিন্ধুত কাজিয়া চলিল। সন্তান ডাঙৰ হল কব, সোনকালে বিয়া পাতা। বিয়া নকৰালে কাম কেনেকৈ চলিব। গীতা নপঢ়াকৈ থকা নাছিল, যেতিয়া গম পাই গল যে গীতাৰ ভগৱান শিৱ তেতিয়া সেই গীতা পঢ়াতো বাদ পৰি গল। আকৌ নিচা লাগি গল যে মইতো বিশ্বৰ মালিক হওঁগৈ। এয়াতো শিৱ ভগৱানুবাচ তেতিয়া সেই গীতাক বাদ দিলে আৰু তেতিয়া পৱিত্ৰতাক লৈ বৰ হুলস্থুল হল। ভাতৃ, ককা, খুড়া আদি কিমান আছিল। এই ক্ষেত্ৰত বাহাদুৰি লাগে নহয় জানো। তোমালোক হোৱাই মহাবীৰ মহাবীৰংগনা। এজনৰ বাহিৰে আৰু কাৰো প্ৰতি ভ্ৰূক্ষেপ নাই। পুৰুষ হল ৰচয়িতা। ৰচয়িতা নিজে পাৱন হলে তেতিয়া ৰচনাকো পাৱন কৰি তোলে। পৱিত্ৰ হংস আৰু অপৱিত্ৰ বগলী, একেলগে কেনেকৈ থাকিব পাৰে। সৃষ্টিকৰ্তাইতো তৎক্ষণাৎ আদেশ দিব মোৰ মতত চলিব বিচৰা যদি চলা, নহলে ওলাই যোৱা। তোমালোকে গম পোৱা লৌকিক কন্যাৰ বিয়া হৈছিল। তেওঁ জ্ঞান পালে, তেতিয়া কলে বাঃ! পিতাই কয় - পৱিত্ৰ হোৱা তেন্তে মই কিয় (পৱিত্ৰ) নহম। পতিক কৈ দিলে যে মই বিকাৰত নাযাওঁ। বচ্‌ এইটো কথাক লৈয়ে বহুতৰ কাজিয়া হল। ডাঙৰ ডাঙৰ ঘৰৰ কন্যাসকল ওলাই আহিল, কোনো চিন্তা নকৰিলে। যাৰ ভাগ্যত নাই তেন্তে বুজিবও নোৱাৰে। পৱিত্ৰ হৈ থাকা যদি থাকা, নহলে গৈ নিজৰ ব্যৱস্থা কৰা। ইমানখিনি সাহসোতো লাগিব নহয়। বাবাৰ সন্মুখত কিমান হুলস্থুল হল। বাবাক কেতিয়াবা নাৰাজ হোৱা দেখিলা জানো! আমেৰিকালৈকে বাতৰি কাকতত প্ৰকাশিত হৈ গল। একো নতুন নহয়। এয়াতো কল্প পূৰ্বৰ দৰেই হয়, ইয়াত ভয় কৰিবলগীয়া কি কথা আছে। মইতো নিজৰ পিতাৰ পৰা উত্তৰাধিকাৰ লব লাগে। নিজৰ ৰচনাক ৰক্ষা কৰিব লাগে। পিতাই জানে গোটেই ৰচনা এই সময়ত পতিত। ময়েই সকলোকে পাৱন কৰি তুলিব লাগে। পিতাকেই সকলোৱে কয় - হে পতিত-পাৱন, মুক্তিদাতা আহক। সেয়েহে তেওঁৰেই দয়া ওপজে। দয়াশীল হয় নহয় জানো। গতিকে পিতাই বুজায় যে সন্তানসকল কোনো কথাত ভয় নকৰিবা। ভয় কৰিলে ইমান উচ্চ পদ পাব নোৱাৰিবা। অত্যাচাৰ মাতাসকলৰ ওপৰতহে হয়। এয়াও চিহ্ন হয়। দ্ৰৌপদীক নাঙঠ কৰে। পিতাই 21 জন্মৰ কাৰণে নাঙঠ হোৱাৰ পৰা ৰক্ষা কৰে। জগতে এই কথাবোৰ নাজানে। সৎগতি দাতাতো মই হওঁ নহয় জানো। যেতিয়ালৈকে মনুষ্যৰ দুৰ্গতি নহয় তেতিয়ালৈকে মই কেনেকৈ আহি সৎগতি কৰিম। পতিত তমোপ্ৰধান সৃষ্টিও হব লাগে। প্ৰত্যেক বস্তু নতুনৰ পৰা পুৰণি নিশ্চয় হয়। পুৰণি ঘৰ ত্যাগ কৰিবলগীয়াই হয়। নতুন সৃষ্টি স্বৰ্ণিম যুগ, পুৰণি সৃষ্টি লৌহ যুগ। সৰ্বদা নতুন হৈতো থাকিব নোৱাৰে। তোমালোক সন্তানসকলে জানা এয়া সৃষ্টিৰ চক্ৰ। দেৱী-দেৱতাসকলৰ ৰাজ্য পুনৰ স্থাপন হৈ আছে। পিতাই কয় - পুনৰাই তোমালোকক গীতা জ্ঞান শুনাওঁ। ইয়াত ৰাৱণ ৰাজ্যত হৈছে দুখ। ৰাম ৰাজ্য কাক কোৱা হয়, এইটোও কোনেও গম নাপায় আৰু বুজিও নাপায়। পিতাই কয় - মই স্বৰ্গ অথবা ৰামৰাজ্যৰ স্থাপনা কৰিবলৈ আহিছোঁ। তোমালোক সন্তানসকলে অনেক বাৰ ৰাজ্য ললা আকৌ হেৰুৱালা। এইটো সকলোৰে বুদ্ধিত আছে। 21 জন্ম সত্যযুগত থাকে, তাক কোৱা হয় 21 প্ৰজন্ম অৰ্থাৎ যেতিয়া বুঢ়া হয় তেতিয়া শৰীৰ ত্যাগ কৰে। অকাল মৃত্যু কেতিয়াও নহয়। এতিয়া তোমালোক যেন ত্ৰিকালদৰ্শী হৈ গৈছা। এতিয়া তোমালোকে জানা যে আমি জন্ম-জন্মান্তৰ ভক্তি কৰোঁ। ৰাৱণ ৰাজ্যতো চোৱা কিমান জাকজমকতা আছে। এয়া হৈছে অন্তিম সময়ৰ জাকজমকতা। ৰামৰাজ্য সত্যযুগত হব - তাত এই বিমান আদি সকলোবোৰ আছিল পুনৰ এই সকলোবোৰ নাইকিয়া হৈ গল। আকৌ এই সময়ত এই সকলোবোৰ উদ্ভাৱন হৈছে। এতিয়া এই সকলোবোৰ শিকি আছে। যিসকল শিকোঁতা আছে তেওঁলোকে সংস্কাৰ লৈ যাব। পুনৰ আহি তাত বিমান নিৰ্মাণ কৰিব। এইবোৰ তোমালোকক ভৱিষ্যতে সুখ দিওঁতা হব। এই বিমান আদি ভাৰতবাসীয়েও নিৰ্মাণ কৰিব পাৰে। কোনো নতুন কথা নহয়। বুদ্ধিমানতো হয় নহয় জানো। এই বিজ্ঞান তোমালোকৰ পুনৰ কামত আহিব। এতিয়া এই বিজ্ঞান দুখৰ কাৰণে পুনৰ তাত সুখৰ বাবে হব। তাততো প্ৰতিটো বস্তু নতুন হব। এতিয়াতো নতুন সৃষ্টিৰ স্থাপনা হৈ আছে। পিতাইহে নতুন সৃষ্টিৰ ৰাজধানী স্থাপনা কৰি আছে। গতিকে সন্তানসকল মহাবীৰ হব লাগে। জগতত এইটো কোনোবাই জানে জানো যে ভগৱানৰ আগমন হৈছে।

পিতাই কয় - গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান পৱিত্ৰ হৈ থাকা। এই ক্ষেত্ৰত ভয় কৰিবলগীয়া কথা নাই, খুব বেছি গালি দিব। গালি এওঁকো বহুত দিছে। কৃষ্ণই গালি খালে, এনেকৈ দেখুৱায়। এতিয়া কৃষ্ণইতো গালি খাব নোৱাৰে। গালিতো কলিযুগত খায়। তোমালোকৰ এতিয়া যি ৰূপ সেয়া পুনৰ কল্পৰ পাছত এই সময়ত হব। মাজতে হব নোৱাৰে। জন্মৰ পাছত জন্ম চেহৰা সলনি হৈ যায়। এটা আত্মাই 84 জন্মত একেধৰণৰ চেহেৰা পাব নোৱাৰে। সতো, ৰজো, তমোত আহি থাকে, চেহেৰা সলনি হৈ গৈ থাকে। এইখন নাটক ৰচি থোৱা আছে। 84 জন্মত যি চেহেৰা লৈ জন্ম ললে, সেয়াই লব। এতিয়া তোমালোকে জানা এওঁৰ চেহৰা সলনি হৈ পৰৱৰ্তী জন্মত এই লক্ষ্মী-নাৰায়ণ হবগৈ। তোমালোকৰ বুদ্ধিৰ তলা এতিয়া খুলিছে। এতিয়া এয়া হৈছে নতুন কথা। বাবাও নতুন, কথাও নতুন। এই কথাবোৰ কোনেও সোনকালে বুজিব নোৱাৰিব। যদিহে ভাগ্যত আছে তেতিয়া কিছু বুজিব। মহাবীৰে কোনো ধুমুহালৈ ভয় নকৰিব। সেইটো অৱস্থা পাছলৈ হব সেইবাবে গায়ন কৰা হৈছে অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপ-গোপীসকলক সোধা। পিতাই আহিছেই তোমালোক সন্তানসকলক স্বৰ্গৰ লায়ক কৰি তুলিবলৈ। কল্প পূৰ্বৰ দৰে নৰকৰ বিনাশতো হবই। সত্যযুগততো এটাই ধৰ্ম হব। বিচাৰেও একতা হওঁক। এটা ধৰ্ম হোৱা উচিত। এইটোও কোনেও নাজানে যে ৰামৰাজ্য, ৰাৱণ ৰাজ্য বেলেগ বেলেগ। ইয়াত বিকাৰ অবিহনে জন্ম হব নোৱাৰে। মলিয়ন (বিকাৰগ্ৰস্ত) হয়, নহয় জানো। এতিয়া পিতাৰ প্ৰতি যদি নিশ্চয় আছে তেন্তে শ্ৰীমতত পূৰা ৰীতিৰে চলিব লাগে নহয় জানো। প্ৰত্যেকৰে নাড়ীও পৰীক্ষা কৰা হয়। সেই অনুসৰি ৰায়ো দিয়া হয়। বাবায়ো সন্তানসকলক কলে যে যদি বিবাহ কৰিব বিচৰা তেন্তে গৈ কৰা। বহুত মিত্ৰ সম্বন্ধীয় আদি বহি আছে, তেওঁলোকে (সন্তানক) বিয়া পাতি দিব। গতিকে প্ৰত্যেকৰে নাড়ী পৰীক্ষা কৰা হয়। সোধে বাবা; এইটো অৱস্থাত আছোঁ, মই পৱিত্ৰ হৈ থাকিব বিচাৰোঁ, মোৰ সম্বন্ধীয়ই মোক ঘৰৰ পৰা উলিয়াই দিব বিচাৰে। এতিয়া কি কৰোঁ? এইটো সোধা জানো, পৱিত্ৰ হৈ থাকিমনে। যদি (পৱিত্ৰ) হৈ থাকিব নোৱাৰা তেন্তে গৈ বিয়া কৰোৱা। বাৰু ধৰি লোৱা কাৰোবাৰ বাগদান হৈছে। ৰাজি কৰিব লাগে, আপত্তি আছে জানো। যেতিয়া (বৰ-কইনাক) বান্ধোনত বান্ধে তেতিয়াও কয় এওঁ তোমাৰ পতি গুৰু হয়। বাৰু সেই সময়ত তুমি তেওঁৰ দ্বাৰা লিখাই লবা। মানি লওঁ মই তোমাৰ গুৰু ঈশ্বৰ হওঁ, লিখা। বাৰু এতিয়া মই তোমাক আদেশ দিওঁ, পৱিত্ৰ হৈ থাকিব লাগে। সাহস লাগে নহয় জানো। লক্ষ্য বহুত উচ্চ। দুয়ো একেলগে কেনেকৈ থাকে, এয়া সকলোকে দেখুৱাব লাগে। প্ৰাপ্তি বহুত উচ্চ। জুই তেতিয়া লাগে যেতিয়া প্ৰাপ্তিৰ বিষয়ে নাজানে। পিতাই কয় ইমান শ্ৰেষ্ঠ প্ৰাপ্তি গতিকে এটা জন্ম পৱিত্ৰ হৈ থাকা, তেন্তে কি ডাঙৰ কথা। মই তোমাৰ পতি ঈশ্বৰ। মোৰ আজ্ঞা অনুসৰি পৱিত্ৰ হৈ থাকিব লাগিব। পিতাই যুক্তি শুনাই দিয়ে। ভাৰতত এইটো নিয়ম আছে, স্ত্ৰীক কয় তোমাৰ পতি ঈশ্বৰ হয়, তেওঁৰ আজ্ঞা অনুসৰি চলিব লাগে। পতিৰ ভৰি পিটিকি দিব লাগে কিয়নো এনেকৈ ভাবে যে লক্ষ্মীয়ে নাৰায়ণৰ ভৰি পিটিকি দিছিল। এইটো অভ্যাস কৰ পৰা আহিল? এই মিছা চিত্ৰবোৰৰ পৰা। সত্যযুগততো এনেকুৱা কথা নাথাকে। নাৰায়ণ কেতিয়াবা ভাগৰি পৰে জানো যে লক্ষ্মীয়ে বহি ভৰি পিটিকি দিব? ভাগৰি পৰাৰ কথা হব নোৱাৰে। এয়াতো দুখৰ কথা হৈ যায়। তাত দুখ কৰ পৰা আহিল। তেন্তে কিমান মিছা কথা লিখি দিছে। বাবাৰ শৈশৱৰে পৰাই বৈৰাগ্য ভাৱ আছিল, সেয়েহে ভক্তি কৰিছিল।

বাবাই সন্তানসকলক বহুত ভাল যুক্তি শুনায়। কোনোবা সন্তানক সম্বন্ধীয়ই আমনি কৰে, বাৰু বিয়া পাতি লোৱা। স্ত্ৰী তোমাৰ হৈ গল। তেতিয়া কোনেও একো কৰিব নোৱাৰে। পৰস্পৰ মিলি পৱিত্ৰ হৈ থাকা, সংগী হৈ গল। বিলাতত বৃদ্ধ হলে তেতিয়া তত্ত্বাৱধানৰ বাবে সংগী ৰাখি লয়। আইনী বিবাহ পাতে। বিকাৰত নাযায়। এতিয়া তোমালোকে জানা আমি এজন পিতাৰ সন্তান, পৰস্পৰ ভাই-ভনী হৈ গলোঁ। ককাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতাক আহ্বানো পতিত সৃষ্টিত কৰে। হে পতিত-পাৱন, সকলো সীতাৰ ৰাম। মনুষ্যই যেতিয়া ৰাম ৰাম জপ কৰে তেতিয়া সীতাক জানো স্মৰণ কৰে। তেওঁতকৈ শ্ৰেষ্ঠতো লক্ষ্মী হয়। কিন্তু স্মৰণতো এজন পিতাক কৰে। লক্ষ্মী-নাৰায়ণক তথাপিও জানে, শিৱকতো কোনেও নাজানে। আত্মা বিন্দু হয় সেয়েহে আত্মাসকলৰ পিতাও বিন্দু হব নহয় জানো। আত্মাত গোটেই জ্ঞান আছে। তেওঁক কোৱা হয় জ্ঞানৰ সাগৰ। তোমালোক আত্মাও জ্ঞান সাগৰ হোৱা। জ্ঞান সাগৰে বহি তোমালোক আত্মাসকলক বুজায়। আত্মা চৈতন্য। তোমালোক আত্মা জ্ঞানৰ সাগৰ হৈ আছা। গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান তোমালোকৰ আছে। মৰমৰ সন্তানসকলে সাহস কৰিব লাগে। আমি বাবাৰ শ্রীমতত চলিব নালাগে জানো। বেহদৰ পিতাই বেহদৰ সন্তানসকলক স্বৰ্গৰ মালিক কৰি তোলে গতিকে পিতাই কয় - তোমালোকেও নিজৰ ৰচনাক হাতত ৰাখা। যদি সন্তানে তোমাৰ আজ্ঞা পালন নকৰে তেন্তে সন্তান, সন্তান নহয়। তেওঁতো কুসন্তান হ'ল। আজ্ঞাকাৰী, আদেশ অনুসৰি চলোঁতা সন্তান হ'লে উত্তৰাধিকাৰৰ অধিকাৰী হ'ব পাৰে। বেহদৰ পিতায়ো কয় - মোৰ শ্রীমতত চলিলে তেতিয়া তোমালোক এনেকুৱা শ্ৰেষ্ঠ হ'বাগৈ। নহলেতো প্ৰজাত গুচি যাবা। পিতাই তোমালোকক নৰৰ পৰা নাৰায়ণ কৰি গঢ়ি তুলিবলৈ আহিছে। এয়া হৈছে সঁচা সত্য-নাৰায়ণৰ কথা (কাহিনী)। তোমালোকে ৰাজ্যভাগ্য প্ৰাপ্ত কৰিবলৈ আহিছা। এতিয়া মম্মা বাবা ৰজা-ৰাণী হয় গতিকে তোমালোকেও সাহস কৰা। পিতাইতো নিশ্চয় নিজৰ সমান কৰি গঢ়ি তুলিব। প্ৰজা হোৱাতেই সন্তুষ্ট হব নালাগে। পুৰুষাৰ্থ কৰিব লাগে - মই বাবাৰ পৰা পূৰা উত্তৰাধিকাৰ লম, উৎসৰ্গিত হৈ যাম। তোমালোকে তেওঁক নিজৰ উত্তৰাধিকাৰী কৰি ললে তেতিয়া তেওঁ তোমালোকক 21 জন্মৰ বাবে উত্তৰাধিকাৰ দিব। পিতা সন্তানসকলৰ প্ৰতি উৎসৰ্গিত হয়। সন্তানসকলে কয়- বাবা এই তন-মন-ধন সকলো আপোনাৰ। আপুনি পিতা হোৱাৰ লগতে সন্তানো হয়। তুমিয়েই মাতা পিতা তুমিয়েই। এজন পিতাৰ মহিমা কিমান অপাৰ। জগতত এই কথাবোৰ কোনেও নাজানে। ভাৰতৰেই সকলোবোৰ কথা। তোমালোক সন্তানসকলে জানা এয়া সেইখনেই 5 হাজাৰ বছৰ পূৰ্বৰ যুদ্ধ। এতিয়া স্বৰ্গৰ স্থাপনা হৈ আছে। গতিকে সন্তানসকল সদায় বহুত আনন্দিত হৈ থাকিব লাগে। ভগৱানে তোমালোকক তুলি লৈছে সেয়েহে তোমালোক আনন্দিত হব লাগে। আকৌ তোমালোক সন্তানসকলক পিতাই অলংকৃত কৰি আছে। পঢ়ায়ো - বেহদৰ পিতা, জ্ঞানৰ সাগৰ হয়। আমাক গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। যিসকলে পিতাকেই নাজানে, তেওঁলোক হৈছে নাস্তিক। তোমালোকে পিতা আৰু ৰচনাক জানা, তোমালোক হৈছা আস্তিক। লক্ষ্মী-নাৰায়ণ আস্তিক নে নাস্তিক? তোমালোকে কি কবা? তোমালোকে নিজে কোৱা সত্যযুগত পৰমাত্মাক কোনেও স্মৰণ নকৰে। তাত আছে সুখ, গতিকে সুখত পৰমাত্মাক স্মৰণ নকৰে কিয়নো পৰমাত্মাক নাজানে। এই সময়ত তোমালোক আস্তিক হৈ উত্তৰাধিকাৰ পাই আছা। আকৌ তাত স্মৰণেই নকৰা। ইয়াত স্মৰণ কৰে কিন্তু তেওঁক নাজানে সেইবাবে নাস্তিক বুলি কোৱা হয়। তাত নাজানেও গতিকে স্মৰণো নকৰে। তেওঁলোকে এইটো নাজানিবও যে আমি এই উত্তৰাধিকাৰ শিৱবাবাৰ পৰা প্ৰাপ্ত কৰিছোঁ। কিন্তু তেওঁলোকক নাস্তিক বুলি কোৱা নহব কিয়নো পাৱন হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্রীমতত চলিবলৈ পূৰা পূৰা সাহস ৰাখিব লাগে। কোনো কথাত ভয়-ভীত বা নাৰাজ (অসন্তুষ্ট) হব নালাগে।

(2) নিজৰ ৰচনা নিজৰ হাতত ৰাখিব লাগে। তেওঁলোকক বিকাৰৰ পৰা ৰক্ষা কৰিব লাগে। পাৱন হোৱাৰ ৰায় দিব লাগে।

বৰদান:
শৰীৰটোক ঈশ্বৰীয় সেৱাৰ অৰ্থে আমানত (সম্পত্তি) বুলি বুজি কাৰ্যত লগাওঁতা নষ্টোমোহা হোৱা

যিদৰে কাৰোবাৰ আমানত হ'লে তেতিয়া আমানতৰ প্ৰতি নিজস্ব ভাৱ নাথাকে, মমত্বও নাথাকে। গতিকে এই শৰীৰটোও ঈশ্বৰীয় সেৱাৰ বাবে এক আমানত হয়। এই আমানত আত্মিক পিতাই দিছে তেন্তে নিশ্চয় আত্মিক পিতাৰ স্মৃতি থাকিব। আমানত বুলি বুজিলে আত্মিকতা আহিব, নিজস্ব ভাৱৰ মমত্ব নাথাকিব। এইটোৱেই নিৰন্তৰ যোগী, নষ্টোমোহা হোৱাৰ সহজ উপায়। গতিকে এতিয়া আত্মিকতাৰ স্থিতিক প্ৰত্যক্ষ কৰা।

স্লোগান:
বানপ্ৰস্থ স্থিতিত যাবলৈ হ'লে দৃষ্টি-বৃত্তিতো পৱিত্ৰতাৰ ওপৰত বিশেষ মনোযোগ দিয়া।