12.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল পিতাই যি পঢ়ায়, সেয়া ভালদৰে পঢ়িলে 21 জন্মৰ কাৰণে উপাৰ্জনৰ উৎস হৈ যাব, সদায় সুখী হৈ যাবা

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ অতীন্দ্ৰিয় সুখৰ গায়ন কিয় আছে?

উত্তৰ:
কিয়নো তোমালোক সন্তানসকলেহে এই সময়ত পিতাক জানা, তোমালোকেহে পিতাৰ দ্বাৰা সৃষ্টিৰ আদি মধ্য অন্তক জানিছা। এতিয়া তোমালোক সংগমত বেহদত থিয় হৈ আছা। এইটো জানা যে আমি এতিয়া এই খাৰুৱা প্ৰণালীৰ (সুঁতিৰ) পৰা অমৃতৰ মিঠা প্ৰণালীলৈ গৈ আছোঁ। আমাক স্বয়ং ভগৱানে পঢ়াই আছে, এনেকুৱা আনন্দ ব্ৰাহ্মণসকলৰহে থাকে সেইবাবে অতীন্দ্ৰিয় সুখ তোমালোকৰহে গায়ন কৰা হৈছে।

ওঁম্শান্তি।
আত্মিক বেহদৰ পিতাই আত্মিক বেহদৰ সন্তানসকলৰ প্ৰতি বুজাই আছে অৰ্থাৎ নিজৰ মত শুনাই আছে। এইটোতো নিশ্চয় বুজি পোৱা যে আমি জীৱ আত্মা হওঁ। কিন্তু নিশ্চয়তো নিজক আত্মা বুলি কৰিব লাগে নহয় জানো। এয়া আমি কোনো নতুন স্কুলত নপঢ়োঁ। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত পঢ়ি আহিছোঁ। বাবাই সোধে নহয় যে আগতে কেতিয়াবা পঢ়িছানে? তেতিয়া সকলোৱে কয় প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত পুৰুষোত্তম সংগমযুগত বাবাৰ ওচৰলৈ আহোঁ। এইটোতো স্মৃতিত থাকে নহয় নে এইটোও পাহৰি যোৱা? বিদ্যাৰ্থীৰ স্কুলতো নিশ্চয় স্মৃতিত আহিব। লক্ষ্য-উদ্দেশ্যতো এটাই। যিসকল সন্তান হয় লাগিলে দুদিনীয়া সন্তানে হওঁক বা পুৰণা কিন্তু লক্ষ্য-উদ্দেশ্য এটাই। কাৰো ক্ষতি হ'ব নোৱাৰে। পঢ়াত উপাৰ্জন হয়। তেওঁলোকেও গ্ৰন্থ (শিখ ধৰ্ম গ্ৰন্থ) বহি পঢ়ি শুনায় তেতিয়া উপাৰ্জন হয়, ততালিকে শৰীৰ নিৰ্বাহৰ ব্যৱস্থা হৈ যাব। সাধু হ'ল এখন-দুখন শাস্ত্ৰ শুনালে, উপাৰ্জন হৈ যাব। এতিয়া এই সকলোবোৰ হ'ল উপাৰ্জনৰ পথ। প্ৰত্যেক কথাতে উপাৰ্জন হব লাগে নহয় জানো। যদি পইচা আছে তেন্তে কৰবাত ঘূৰি-ফুৰি আহা। তোমালোক সন্তানসকলে জানা - বাবাই আমাক বহুত ভালদৰে পঢ়ায় যাৰ দ্বাৰা 21 জন্মৰ উপাৰ্জন হয়। এই উপাৰ্জন এনেকুৱা যে আমি সদায় সুখী হৈ যাওঁ। কেতিয়াও বেমাৰ নহব, সদায় অমৰ হৈ থাকিম। এইটো নিশ্চয় কৰিবলগীয়া হয়। এনেকুৱা নিশ্চয় ৰাখিলে তোমালোক উৎফুল্লিত হবা। নহলে কিবা নহয় কিবা কথাত শ্বাসৰুদ্ধ হৈ থাকিবা। ভিতৰি সোঁৱৰি থাকিব লাগে - আমি বেহদৰ পিতাৰ পৰা পঢ়ি আছোঁ। ভগৱানুবাচ - এয়াতো গীতা হয়। গীতাৰো যুগ আহে নহয় জানো। কেৱল পাহৰি গৈছে এইটো হল পঞ্চম যুগ। এই সংগম বহুত সৰু। বাস্তৱত এক চতুৰ্থাংশ বুলিও কোৱা নহয়। শতাংশত হিচাপ কৰিব পাৰা। সেয়াও আগলৈ গৈ পিতাই কৈ থাকিব। পিতাই কিছু শুনোৱাতোও নিৰ্ধাৰিত হৈ আছে নহয়। তোমালোক সকলো আত্মাত ভূমিকা নিৰ্ধাৰিত হৈ আছে যি পুনৰাবৃত্তি হৈ আছে। তোমালোকে যি শিকা সেয়াও পুনৰাবৃত্তি নহয় জানো। পুনৰাবৃত্তিৰ ৰহস্য তোমালোক সন্তানসকলে গম পাইছা। প্ৰতিটো খোজতে ভূমিকা সলনি হৈ গৈ আছে। এটা চেকেণ্ড আনটোৰ লগত নিমিলে। ওকনিৰ দৰে (ধীৰ গতিৰে) টিক্‌ টিক্‌ চলি থাকে। টিক্‌ হ'ল মানে চেকেণ্ড পাৰ হল। তোমালোক এতিয়া বেহদত থিয় হৈ আছা। অন্য কোনো মনুষ্য মাত্ৰ বেহদত থিয় হৈ থকা নাই। কাৰো বেহদৰ অৰ্থাৎ আদি-মধ্য-অন্তৰ জ্ঞান নাই। এতিয়া তোমালোকে ভৱিষ্যতৰ বিষয়েও জানা। আমি নতুন সৃষ্টিলৈ গৈ আছোঁ। এয়া হ'ল সংগমযুগ, যাক অতিক্ৰম কৰিব লাগে। খাৰুৱা প্ৰণালী (সুঁতি) নহয় জানো। এয়া হৈছে মিঠা অমৃতৰ প্ৰণালী। সেয়া হৈছে বিষৰ। তোমালোক এতিয়া বিষৰ সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ যোৱা। এয়া হ'ল বেহদৰ কথা। জগতত এই কথাবোৰ কোনেও নাজানে। নতুন কথা নহয় জানো। তোমালোকে এইটোও জানা যে ভগৱান কাক কোৱা হয়। তেওঁ কি ভূমিকা পালন কৰে। বিষয় বস্তুতো কোৱা, আহিলে আপোনালোকক পৰমপিতা পৰমাত্মাৰ জীৱন বৃত্তান্ত বুজাম। এনেয়েতো সন্তানে পিতাৰ জীৱন বৃত্তান্ত শুনায়। এইটো গতানুগতিক কথা। এওঁতো আকৌ পিতাসকলৰো পিতা নহয় জানো। তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানে। তোমালোকে এতিয়া যথাৰ্থ ৰীতিৰে পিতাৰ পৰিচয় দিব লাগে। তোমালোককো পিতাই দিছে সেইবাবেতো বুজোৱা অন্য কোনেওতো বেহদৰ পিতাক জানিব নোৱাৰে। তোমালোকেও সংগমতহে জানা। মনুষ্য মাত্ৰই দেৱতাই হওক বা শূদ্ৰই হওক, পুণ্য আত্মা হওক, পাপ আত্মা হওক, কোনেও নাজানে কেৱল তোমালোক ব্ৰাহ্মণসকলে যিসকল সংগমযুগত আছা, তোমালোকেহে জানি আছা। গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত। সেইবাবেতো গায়নো আছে - অতিন্দ্ৰীয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপ-গোপীসকলক সোধা।

বাবা পিতাও হয়, শিক্ষকো, সৎগুৰুও হয়, পৰম শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে। কেতিয়াবা কেতিয়াবা সন্তানে পাহৰি যায়। এই সকলোবোৰ কথা সন্তানসকলৰ বুদ্ধিত থকা উচিত। শিৱবাবাৰ মহিমাত এই শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে। তোমালোকৰ বাহিৰে অন্য কোনেও নাজানেই। তোমালোকে যদি বুজাব পাৰা তেন্তে তোমালোকৰ বিজয় নহল জানো। তোমালোকে জানা বেহদৰ পিতা সকলোৰে শিক্ষক, সকলোৰে সৎগতি দাতা হয়। বেহদৰ সুখ, বেহদৰ জ্ঞান দিওতা হয়। তথাপি এনেকুৱা পিতাক পাহৰি যোৱা। মায়া কিমান সমৰ্থ (শক্তিশালী)। ঈশ্বৰকতো সমৰ্থ বুলি কয় কিন্তু মায়াও কম নহয়। তোমালোক সন্তানসকলে এতিয়া সঠিককৈ জানা - ইয়াৰতো নামেই ৰখা হৈছে ৰাৱণ। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য। ইয়াৰ ওপৰতো সঠিককৈ বুজাব লাগে। ৰাম ৰাজ্য আছে যেতিয়া নিশ্চয় ৰাৱণ ৰাজ্যও আছে। সদায় ৰাম ৰাজ্যতো হব নোৱাৰে। ৰাম ৰাজ্য, শ্ৰীকৃষ্ণৰ ৰাজ্য কোনে স্থাপনা কৰে, এয়া বেহদৰ পিতাই বহি বুজায়। তোমালোকে ভাৰত খণ্ডৰ বহুত মহিমা কৰা উচিত। ভাৰত সঁচা খণ্ড আছিল, কিমান মহিমা আছিল। গঢ়োঁতাজন পিতাই হয়। তোমালোকৰ পিতাৰ প্ৰতি কিমান মৰম আছে। লক্ষ্য-উদ্দেশ্য বুদ্ধিত আছে। এইটোও জানা যে আমাৰ বিদ্যাৰ্থীসকলৰ পঢ়াৰ প্ৰতি নিচা থাকিব লাগে। চৰিত্ৰৰ প্ৰতিও খেয়াল থাকিব লাগে। বিবেকে কয় যিহেতু এয়া ঈশ্বৰীয় পঢ়া গতিকে এদিনো পঢ়া খতি কৰিব নালাগে আৰু শিক্ষক অহাৰ পাচত পলমকৈও আহিব নালাগে। শিক্ষক আহি পোৱাৰ পাচত অহা এয়াও অসন্মান কৰা হয়। স্কুলতো পলমকৈ আহিলে শিক্ষকে বাহিৰত থিয় কৰাই থয়। (ব্ৰহ্মা) বাবাই নিজৰ শিশুকালৰ উদাহৰণো দিয়ে। আমাৰ শিক্ষকতো বহুত কাঢ়া আছিল। ভিতৰলৈ আহিবই দিয়া নাছিল। ইয়াততো বহুত আছে যি পলমকৈ আহে। সেৱা কৰা সু-সন্তান নিশ্চয় পিতাৰ প্ৰিয় হয় নহয় জানো। এতিয়া তোমালোকে বুজি পোৱা - আদি সনাতন দেৱী-দেৱতা ধৰ্মতো এইটো আছিল। এওঁলোকৰ ধৰ্ম কেতিয়া প্ৰতিষ্ঠা হল। অলপো কাৰো বুদ্ধিত নাই। তোমালোকৰ বুদ্ধিৰ পৰাও ঘনে ঘনে পিচলি যায়। তোমালোকে এতিয়া দেৱী-দেৱতা হবলৈ পুৰুষাৰ্থ কৰি আছা। কোনে পঢ়াই আছে? স্বয়ং পৰমপিতা পৰমাত্মাই। তোমালোকে বুজি পোৱা আমাৰ এয়া ব্ৰাহ্মণ কুল হয়। ৰাজবংশ নাথাকে। এয়া হ'ল সৰ্বোত্তম ব্ৰাহ্মণ কুল। পিতাও সৰ্বোত্তম নহয় জানো। উচ্চতকৈও উচ্চ হয় তেন্তে নিশ্চয় তেওঁৰ আমদানিও উচ্চ হ'ব। তেওঁকেই শ্ৰী শ্ৰী বুলি কয়। তোমালোককো শ্ৰেষ্ঠ কৰি তোলে। তোমালোক সন্তানসকলেহে জানা যে আমাক শ্ৰেষ্ঠ কৰি গঢ়ি তোলোঁতাজন কোন? অন্য কোনেও একোৱে বুজি নাপায়। তোমালোকে কবা - আমাৰ পিতা, পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়, আমাক পঢ়াই আছে। আমি আত্মা হওঁ। আমাক আত্মাসকলক পিতাই সোঁৱৰাই দিছে। তোমালোক মোৰ সন্তান হোৱা। ভাই ভাই হোৱা। পিতাক স্মৰণো কৰে। ভাবে তেওঁ নিৰাকাৰী পিতা গতিকে আত্মাকো নিৰাকাৰী বুলিয়ে কব। আত্মাইহে এটা শৰীৰ ত্যাগ কৰি আন এটা লয়। আকৌ ভূমিকা পালন কৰে। মনুষ্যই আকৌ আত্মাৰ সলনি নিজক শৰীৰ বুলি বুজি লয়। মই আত্মা হওঁ, এইটো পাহৰি যায়। মই কেতিয়াও নাপাহৰোঁ। তোমালোক আত্মাসকল হৈছা শালগ্ৰাম। মই হৈছোঁ পৰমপিতা মানে পৰম আত্মা। তেওঁৰ ওপৰত কোনো দ্বিতীয় নাম নাই। সেই পৰম আত্মাৰ নাম হ'ল শিৱ। তোমালোকো এনেকুৱাই হোৱা আত্মা কিন্তু তোমালোক সকলো শালগ্ৰাম। শিৱৰ মন্দিৰত যোৱা, তাতো শালগ্ৰাম বহুত ৰাখে। শিৱৰ পূজা কৰিলে তেতিয়া শালগ্ৰামৰো লগতে পূজা কৰে নহয়। সেইবাবে বাবাই বুজাইছিল তোমালোকৰ শৰীৰ আৰু আত্মা দুয়োটাৰে পূজা হয়। মোৰতো কেৱল আত্মাৰহে পূজা হয়। শৰীৰ নায়েই। তোমালোক কিমান উচ্চ হোৱা। বাবাতো আনন্দিত হয়। পিতা দুখীয়া হয়, সন্তানে পঢ়ি কিমান আগবাঢ়ি যায়। কিহৰ পৰা কি হৈ যায়। পিতায়ো জানে তোমালোক কিমান উচ্চ আছিলা। এতিয়া কিমান মাউৰা হৈ গ'লা, পিতাকে চিনি নাপায়। এতিয়া তোমালোক পিতাৰ হৈছা গতিকে গোটেই বিশ্বৰ মালিক হৈ যোৱা।

পিতাই কয় - মোক কোৱাই স্বৰ্গীয় ঈশ্বৰ পিতা। এয়াও তোমালোকে জানা এতিয়া স্বৰ্গৰ স্থাপনা হৈ আছে। তাত কি কি থাকিব - এয়া তোমালোকৰ বাহিৰে আৰু অন্য কাৰো বুদ্ধিত নাই। তোমালোকৰ বুদ্ধিত আছে যে আমি বিশ্বৰ মালিক আছিলোঁ, এতিয়া হৈ আছোঁ। প্ৰজায়ো এনেকৈ কব নহয় যে আমি মালিক। এইবোৰ কথা তোমালোক সন্তানসকলৰহে বুদ্ধিত আছে গতিকে আনন্দিত হৈ থাকিব নালাগে জানো! এই কথাবোৰ শুনি আকৌ আনকো শুনাব লাগে, সেইবাবে সেৱাকেন্দ্ৰ বা সংগ্ৰহালয় খুলি থাকে। যি কল্প পূৰ্বে হৈছিল সেয়াই হৈ থাকিব। সংগ্ৰহালয় সেৱাকেন্দ্ৰ আদিৰ কাৰণে তোমালোকক বহুত প্ৰস্তাৱ দিব, তেতিয়া বহুত ওলাই আহিব। সকলোৰে হাড় নৰম হৈ গৈ থাকে। তোমালোকে এতিয়া গোটেই জগতৰ হাড় নৰম কৰি দিয়া। তোমালোকৰ যোগত কিমান প্ৰবল শক্তি আছে। পিতাই কয় - তোমালোকৰ বহুত শক্তি আছে। তোমালোকে ভোজন যোগত থাকি ৰান্ধিলে, খুৱালে তেতিয়া বুদ্ধি এইফালে আকৰ্ষিত কৰিব। ভক্তি মাৰ্গততো গুৰুসকলৰ উচ্ছিষ্টও খায়। তোমালোক সন্তানসকলে বুজি পোৱা ভক্তি মাৰ্গৰ বিস্তাৰতো বহুত, তাৰ বৰ্ণনা কৰিব নোৱাৰি। এয়া বীজ সেয়া বৃক্ষ। বীজৰ বৰ্ণনা কৰিব পাৰি। বাকী কাৰোবাক যদি কোৱা বৃক্ষৰ পাত গণনা কৰা তেন্তে গণিব নোৱাৰিব। অনেক পাত থাকে। বীজততো পাতৰ লক্ষণ দেখা পোৱা নাযায়। আচৰিত নহয়নে। ইয়াকো প্ৰকৃতি বুলি কোৱা হব। জীৱ-জন্তু কিমান আশ্চৰ্যজনক। অনেক প্ৰকাৰৰ পোক আছে, কেনেকৈ জন্ম হয়, বহুত আচৰিত নাটক হয়, ইয়াক কোৱাই হয় প্ৰকৃতি। এয়াও ৰচি থোৱা খেল। সত্যযুগত কি কি দেখিবা। সেয়াও নতুন বস্তুৱেই হব, সকলোবোৰ নতুন হয়। ময়ূৰৰ কাৰণেতো বাবাই বুজাইছে ময়ূৰক ভাৰতৰ জাতীয় চৰাই বুলি কয় কিয়নো শ্ৰীকৃষ্ণৰ মুকুটত ময়ূৰৰ পাখি দেখুৱায়। ময়ূৰ আৰু ময়ূৰী অতি সুন্দৰ হয়। চকুৰ পানীৰে গৰ্ভৱতী হয়, সেয়েহে জাতীয় চৰাই বুলি কয়। এনেকুৱা সুন্দৰ পক্ষী বিলাতৰ ফালেও দেখা পোৱা যায়। এতিয়া তোমালোক সন্তানসকলক গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজাইছে যাক অন্য কোনেও নাজানে। কোৱা, আমি আপোনালোকক পৰমপিতা পৰমাত্মাৰ জীৱন বৃত্তান্ত শুনাওঁ। ৰচয়িতা হয় যেতিয়া নিশ্চয় তেওঁৰ ৰচনাও থাকিব। তাৰ ইতিহাস-বুৰঞ্জী আমি জানোঁ। উচ্চতকৈও উচ্চ বেহদৰ পিতাৰ কি ভূমিকা এয়া আমি জানোঁ। জগতৰ লোকেতো একোৱে নাজানে। এইখন বহুত ছিঃ ছিঃ সৃষ্টি। এইসময়ত সুন্দৰ হ'লেও অসুবিধা। কন্যাসকলক চোৱা কেনেকৈ পলুৱাই লৈ যায়। তোমালোক সন্তানসকলৰ এই বিকাৰী সৃষ্টিৰ প্ৰতি ঘৃণা জন্মিব লাগে। এইখন ছিঃ ছিঃ সৃষ্টি, ছিঃ ছিঃ শৰীৰ। আমিতো এতিয়া পিতাক স্মৰণ কৰি নিজৰ আত্মাক পবিত্ৰ কৰি তুলিব লাগে। আমি সতোপ্ৰধান আছিলোঁ, সুখী আছিলোঁ। এতিয়া তমোপ্ৰধান হোৱাৰ কাৰণে দুখী হৈছোঁ পুনৰ সতোপ্ৰধান হ'ব লাগে। তোমালোকে বিচৰা আমি পতিতৰ পৰা পাৱন হওঁ। যদিও গায়নো কৰে যে পতিত-পাৱন কিন্তু অপৱিত্ৰতাৰ প্ৰতি অলপো ঘৃণা নজন্মে। তোমালোক সন্তানসকলে বুজি পোৱা - এইখন ছিঃ ছিঃ সৃষ্টি। নতুন সৃষ্টিত আমি শৰীৰো গুল গুল (ফুলৰ দৰে; পবিত্ৰ) পাম। আমি এতিয়া অমৰপুৰীৰ মালিক হৈ আছোঁ। তোমালোক সন্তানসকল সদায় আনন্দিত, হৰ্ষিতমুখৰ হৈ থাকিব লাগে। তোমালোক বহুত মিঠা সন্তান হোৱা। পিতাই 5 হাজাৰ বছৰৰ পাচত সেইসকল সন্তানৰ সৈতে মিলিত হয়। তেন্তে নিশ্চয় আনন্দিত হ'ব নহয় জানো। মই পুনৰ সন্তানসকলক লগ কৰিবলৈ আহিছোঁ। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি ঈশ্বৰীয় বিদ্যাৰ্থী হওঁ, সেইবাবে পঢ়াৰ প্ৰতিও নিচা থাকিব লাগে আৰু নিজৰ চৰিত্ৰৰ প্ৰতিও ধ্যান ৰাখিব লাগে। এদিনো পঢ়া খতি কৰিব নালাগে। পলমকৈ শ্ৰেণীত প্ৰৱেশ কৰি শিক্ষকক অপমান কৰিব নালাগে।

(2) এই বিকাৰী ছিঃ ছিঃ জগতৰ প্ৰতি ঘৃণাৰ ভাৱ ৰাখিব লাগে, পিতাৰ স্মৃতিৰে নিজ আত্মাক পবিত্ৰ সতোপ্ৰধান কৰি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। সদায় আনন্দিত, হৰ্ষিতমুখৰ হৈ থাকিব লাগে।

বৰদান:
অন্তঃবাহক শৰীৰৰ দ্বাৰা সেৱা কৰোঁতা কৰ্মবন্ধন মুক্ত ডবল লাইট হোৱা

যিদৰে স্থূল শৰীৰৰ দ্বাৰা সাকাৰী ঈশ্বৰীয় সেৱাত ব্যস্ত থাকা তেনেকৈ নিজৰ আকাৰী শৰীৰৰ দ্বাৰা অন্তঃবাহক সেৱাও লগতে কৰিব লাগে। যিদৰে ব্ৰহ্মাৰ দ্বাৰা স্থাপনাৰ বৃদ্ধি হল সেইদৰে এতিয়া তোমালোকৰ সূক্ষ্ম শৰীৰৰ দ্বাৰা, শিৱশক্তিৰ যুগ্ম ৰূপৰ সাক্ষাৎকাৰৰ দ্বাৰা সাক্ষাৎকাৰ আৰু বাৰ্তা পোৱাৰ কাৰ্য হ'ব। কিন্তু এই সেৱাৰ কাৰণে কর্ম কৰিও যিকোনো কর্মবন্ধনৰ পৰা মুক্ত সদায় ডবল লাইট ৰূপত থাকা।

স্লোগান:
মানৰ ত্যাগত সকলোৰে মাননীয় হোৱাৰ ভাগ্য সমাহিত হৈ আছে।