13.01.21 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ মুখেৰে সদায় জ্ঞান ৰত্ন উচ্চাৰিত হোৱা উচিত, মুখমণ্ডল সদায় হৰ্ষিত হৈ থকা
উচিত”
প্ৰশ্ন:
যিসকল সন্তানে
ব্ৰাহ্মণ জীৱনত জ্ঞানৰ ধাৰণা কৰিছে তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ:
1) তেওঁলোকৰ চলন দেৱতাসকলৰ দৰে হ’ব, তেওঁলোকৰ দৈৱী গুণবোৰৰ ধাৰণা হ’ব। 2) তেওঁলোকৰ
জ্ঞানৰ বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস থাকিব। তেওঁলোকে কেতিয়াও আসুৰিক কথাৰ অৰ্থাৎ
আৱৰ্জনাৰ মন্থন নকৰিব। 3) তেওঁলোকৰ জীৱনত গালি দিয়া আৰু গ্লানি কৰা বন্ধ হৈ যায়। 4)
তেওঁলোকৰ মুখমণ্ডল সদায় হৰ্ষিত হৈ থাকে।
ওঁম্শান্তি।
পিতাই বহি
জ্ঞান আৰু ভক্তিৰ ওপৰত বুজায়। এইটোতো সন্তানসকলে বুজি গৈছে যে ভক্তিৰে সৎগতি নহয় আৰু
সত্যযুগত ভক্তি নাথাকে। জ্ঞানো সত্যযুগত পোৱা নাযায়। কৃষ্ণই ভক্তিও নকৰে আৰু জ্ঞানৰ
মুৰুলীও নবজায়। মুৰুলী মানে হৈছে জ্ঞান দিয়া। মুৰুলীত যাদু বুলি গায়নো আছে নহয়।
গতিকে নিশ্চয় কিবা যাদু থাকিব নহয় জানো! মাত্ৰ মুৰুলী বজোৱা, সেইটোতো গতানুগতিক কথা
ফকীৰসকলেও বজাই থাকে। এই মুৰুলীত জ্ঞানৰ যাদু আছে। অজ্ঞানক যাদু বুলিতো নকয়।
মুৰুলীক যাদু বুলি কয়। জ্ঞানেৰে মনুষ্যৰ পৰা দেৱতা হয়। যেতিয়া সত্যযুগ হয় তেতিয়া
জ্ঞানৰ প্ৰালব্ধ থাকে। তাত ভক্তি নাথাকে। ভক্তি হয় দ্বাপৰৰ পৰা, যেতিয়া দেৱতাৰ পৰা
মনুষ্য হৈ যায়। মনুষ্যক বিকাৰী, দেৱতাসকলক নিৰ্বিকাৰী বুলি কোৱা হয়। দেৱতাসকলৰ
সৃষ্টিক পৱিত্ৰ জগত বুলি কোৱা হয়। এতিয়া তোমালোক দেৱতা হৈ আছা। জ্ঞান কাক কোৱা হয়?
এটা হৈছে নিজৰ বা পিতাৰ পৰিচয় আকৌ সৃষ্টিৰ আদি-মধ্য-অন্তৰৰ ন’লেজক জ্ঞান বুলি কোৱা
হয়। জ্ঞানেৰে সৎগতি হয়। আকৌ ভক্তি আৰম্ভ হয় তেতিয়া অৱৰোহণ কলা বুলি কোৱা হয় কিয়নো
ভক্তিক ৰাতি আৰু জ্ঞানক দিন বুলি কোৱা হয়। এইটোতো যিকোনো লোকৰে বুদ্ধিত ধাৰণ হ’ব
পাৰে কিন্তু দৈৱীগুণ ধাৰণ নকৰে। দৈৱীগুণ থাকিলে তেতিয়াহে বুজা যাব যে জ্ঞানৰ ধাৰণা
হৈছে। জ্ঞানৰ ধাৰণা কৰাসকলৰ চলন দেৱতাসকলৰ দৰে হয়। কমকৈ ধাৰণা কৰাসকলৰ চলন মিশ্ৰিত
হয়। যদি ধাৰণা হোৱা নাই তাৰমানে তেওঁ সন্তানেই নহয়। মনুষ্যই পিতাৰ কিমান গ্লানি কৰে।
ব্ৰাহ্মণ কুলত আহিলে গালি দিয়া, গ্লানি কৰা বন্ধ হৈ যায়। তোমালোকে জ্ঞান পোৱা, তাৰ
ওপৰত বিচাৰ সাগৰ মন্থন কৰিলে অমৃত পাবা। বিচাৰ সাগৰ মন্থনেই নকৰে তেন্তে বাকী কি
মন্থন হ’ব? আসুৰিক বিচাৰ। তাৰ পৰা আৱৰ্জনাহে ওলাব। এতিয়া তোমালোক ঈশ্বৰীয় বিদ্যাৰ্থী।
জানা যে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ পঢ়ি আছা। দেৱতাসকলে এই পাঠ নপঢ়াব। দেৱতাসকলক
কেতিয়াও জ্ঞানৰ সাগৰ বুলি কোৱা নহয়। জ্ঞানৰ সাগৰতো এজনকে কোৱা হয়। দৈৱীগুণো জ্ঞানৰ
দ্বাৰা ধাৰণ হয়। এই জ্ঞান যি তোমালোক সন্তানসকলে এতিয়া পোৱা, এয়া সত্যযুগত নাথাকিব।
এই দেৱতাসকলৰ দৈৱীগুণ আছে। তোমালোকে মহিমাও কৰা - সৰ্বগুণ সম্পন্ন.... গতিকে এতিয়া
তোমালোক এনেকুৱা হ’ব লাগে। নিজক সোধা উচিত যে মোৰ সকলোবোৰ দৈৱীগুণ আছেনে নে কোনো
আসুৰিক অৱগুণো আছে? যদিহে আসুৰিক অৱগুণ আছে তেন্তে সেয়া আঁতৰাই দিব লাগে তেতিয়াহে
দেৱতা বুলি ক’ব। নহ’লেতো কম পদ পাবা।
এতিয়া তোমালোক সন্তানসকলে দৈৱীগুণ ধাৰণ কৰা। বহুত ভাল ভাল কথা শুনোৱা। ইয়াক কোৱা হয়
পুৰুষোত্তম সংগমযুগ যেতিয়া তোমালোক পুৰুষোত্তম হৈ আছা, গতিকে বাতাবৰণো বহুত ভাল হোৱা
উচিত। মুখেৰে যাতে কোনো ছিঃ ছিঃ কথা উচ্চাৰিত নহয়, নহ’লে কোৱা হ’ব এওঁ কম পদবীধাৰী।
কথাবাৰ্তা আৰু বাতাৱৰণৰ পৰা তৎক্ষণাৎ গম পোৱা যায়। তোমালোকৰ মুখমণ্ডল সদায় হৰ্ষিত
হৈ থকা উচিত। নহ’লে জ্ঞানী বুলি কোৱা নহ’ব। মুখেৰে যাতে সদায় ৰত্ন উচ্চাৰিত হয়। এই
লক্ষ্মী-নাৰায়ণক চোৱা কিমান হৰ্ষিতমুখৰ। এওঁলোকৰ আত্মাই জ্ঞান ৰত্ন ধাৰণ কৰিছিল।
মুখেৰে সদায় জ্ঞান ৰত্ন উচ্চাৰিত হৈছিল। ৰত্নহে শুনি শুনালে কিমান আনন্দিত হৈ থকা
যায়। এতিয়া তোমালোকে যি জ্ঞান ৰত্ন লোৱা সেয়া আকৌ হীৰা-মুকুতা হৈ যায়। 9 ৰত্নৰ মালা
কোনো হীৰা-মুকুতাৰ নহয়। এই জ্ঞান ৰত্নৰ মালা। মনুষ্যই আকৌ সেয়া ৰত্ন বুলি বুজি আঙঠি
আদি পিন্ধে। এই জ্ঞান ৰত্নৰ মালা পুৰুষোত্তম সংগমযুগতে পিন্ধা হয়। এই ৰত্নই
তোমালোকক ভৱিষ্যত 21 জন্মৰ কাৰণে ধন-সম্পত্তিৰে ভৰপূৰ কৰি দিয়ে। ইয়াক কোনেও কাঢ়ি
নিব নোৱাৰে। ইয়াত তোমালোকে এই হীৰা-মুকুতা পিন্ধিলে তৎক্ষণাৎ কোনোবাই কাঢ়ি লৈ যাব।
গতিকে নিজক বহুত বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিব লাগে। আসুৰিক অৱগুণবোৰ আঁতৰাই দিব
লাগে। আসুৰিক অৱগুণবোৰৰ কাৰণে চেহেৰাই এনেকুৱা হৈ যায়। ক্ৰোধত তামৰ দৰে ৰঙা চেহেৰা
হৈ যায়। কাম বিকাৰত যোৱাসকল ক’লা হৈ যায়। গতিকে সন্তাসকলে প্ৰতিটো কথাত বিচাৰ সাগৰ
মন্থন কৰা উচিত। এই পঢ়া হৈছেই বহুত ধন লাভ কৰাৰ। সেই পঢ়া জানো ৰত্ন হয়। অৱশ্যে হয়,
জ্ঞান পঢ়ি উচ্চ পদমৰ্যাদা পাই যায়। গতিকে পঢ়া কামত আহিল, পইচা নহয়। পঢ়াই হৈছে ধন।
সেয়া হৈছে হদৰ (সীমিত) ধন, এয়া আকৌ হৈছে বেহদৰ (অসীমিত) ধন। হওতে দুয়োটাই পঢ়া।
এতিয়া তোমালোকে বুজি পোৱা যে পিতাই আমাক পঢ়াই বিশ্বৰ মালিক কৰি তোলে। সেয়া হৈছে
অল্পকালৰ ক্ষণভংগুৰ পঢ়া এটা জন্মৰ বাবে। আকৌ পৰৱৰ্তী জন্মত নতুনকৈ পঢ়িবলগীয়া হয়।
তাত (সত্যযুগত) ধনৰ কাৰণে পঢ়াৰ দৰকাৰ নহয়। তাততো এতিয়াৰ পুৰুষাৰ্থৰে প্ৰচুৰ ধন পোৱা
যায়। ধন অবিনাশী হৈ যায়। দেৱতাসকলৰ বহুত ধন আছিল আকৌ যেতিয়া ভক্তিমাৰ্গ অৰ্থাৎ ৰাৱণ
ৰাজ্যত আহিল তেতিয়া কিমান ধন আছিল, কিমান মন্দিৰ নিৰ্মাণ কৰিছিল। আকৌ মুছলমান আদিয়ে
কিমান ধন লুটি নিলে। কিমান ধনবান আছিল! আজিৰ পঢ়াৰ দ্বাৰা ইমান চহকী কোনো হ’ব নোৱাৰে।
তোমালোকে এতিয়া জানা যে আমি ইমান উচ্চ পঢ়া পঢ়োঁ যাৰ দ্বাৰা এয়া (দেৱী-দেৱতা) হওঁগৈ।
গতিকে চোৱা পঢ়াৰ দ্বাৰা মনুষ্য কি হৈ যায়! গৰিবৰ পৰা চহকী। এতিয়া ভাৰতো কিমান গৰিব।
চহকীসকলৰতো সময়েই নাই। নিজৰ অহংকাৰ থাকে - মই অমুক হওঁ। ইয়াত অহংকাৰ আদি আঁতৰি যোৱা
উচিত। মই আত্মা হওঁ, আত্মাৰ লগততো ধন-সম্পত্তি, মনি-মুকুতা আদি একোৱে নাই। পিতায়ো
কয় - দেহ সহিত সকলো সমন্ধ ত্যাগ কৰা। আত্মাই শৰীৰ ত্যাগ কৰিলে সমৃদ্ধি আদি সকলো
অন্ত পৰে। যেতিয়া নতুনকৈ পঢ়ি আকৌ ধন উপাৰ্জন কৰিব নতুবা ভাল দান-পুণ্য কৰিলে তেতিয়া
চহকীৰ ঘৰত জন্ম ল’বগৈ। এনেকৈ কয় নহয় যে পূৰ্বৰ কৰ্ম ফল। যদি জ্ঞান দান কৰিছে বা
কলেজ-ধৰ্মশালা আদি নিৰ্মাণ কৰি দিছে তেন্তে তাৰ ফল অৱশ্যে পোৱা যায় কিন্তু অল্পকালৰ
বাবে। এই দান-পুণ্যও ইয়াত কৰা হয়। সত্যযুগত কৰা নহয়। সত্যযুগত ভাল কৰ্মই হয় কিয়নো
এতিয়াৰ প্ৰালব্ধ প্ৰাপ্ত হয়। তাত কাৰো বিকৰ্ম নহয় কিয়নো তাত ৰাৱণেই নাই। গৰিবৰো
বিকৰ্ম নহয়। ইয়াততো চহকীসকলৰো বিকৰ্ম হয়। সেইবাবেতো এই বেমাৰ আদি দুখ হয়। তাত
বিকাৰত নাযায়েই গতিকে বিকৰ্ম কেনেকৈ হ’ব? সকলো নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। এইখন হৈছে
মায়া ৰাৱণৰ ৰাজ্য, য’ত মনুষ্য বিকাৰী হৈ যায়। পিতা আহি নিৰ্বিকাৰী হ’বৰ কাৰণে পঢ়ায়।
পিতাই নিৰ্বিকাৰী কৰি তোলে, মায়াই আকৌ বিকাৰী কৰি দিয়ে। ৰামবংশী আৰু ৰাৱণবংশীৰ
যুদ্ধ চলে। তোমালোক হৈছা পিতাৰ সন্তান, তেওঁলোক হৈছে ৰাৱণৰ সন্তান। কিমান ভাল ভাল
সন্তান মায়াৰ ওচৰত পৰাজিত হৈ যায়। মায়া অতি বলবান। তথাপিও আশা ৰাখে। অধমতকৈও অধম
অৰ্থাৎ একেবাৰে পতিতসকলৰো উদ্ধাৰ কৰিবলগীয়া হয় নহয় জানো। পিতাইতো গোটেই বিশ্বৰ
উদ্ধাৰ কৰিবলগীয়া হয়। বহুত অধঃপতিত হয়। একেবাৰে অধঃপতন হৈ অধমতকৈও অধম হৈ যায়।
এনেকুৱাসকলকো পিতাই উদ্ধাৰ কৰে। ৰাৱণ ৰাজ্যত অধমতো সকলো হয়, কিন্তু পিতাই ৰক্ষা কৰে।
তথাপি অধঃপতিত হৈ থাকে, তেতিয়া বহুত অধম হৈ যায়। তেওঁলোকে আকৌ ইমান উন্নতি কৰিব
নোৱাৰে। সেই অধম বোধে ভিতৰি খাই থাকে। যেনেকৈ তোমালোকে কোৱা - অন্তিম সময়ত যিয়ে......
তেওঁলোকৰ বুদ্ধিত সেই অধম বোধেই আহি থাকিব। গতিকে পিতাই বহি সন্তানসকলক বুজায়,
কল্পই কল্পই তোমালোকেই দেৱতা হোৱা। জীৱ-জন্তু হ’ব জানো? মনুষ্যই হয় আৰু বুজি পায়।
এই লক্ষ্মী-নাৰায়ণৰো নাক কান আদি আছে, মনুষ্যই হয় নহয় জানো! কিন্তু দৈৱী গুণধাৰী
হোৱা কাৰণে এওঁলোকক দেৱতা বুলি কোৱা হয়। এওঁলোক এনেকুৱা সুন্দৰ দেৱতা কেনেকৈ হয়, আকৌ
কেনেকৈ অধঃপতিত হয়, এই চক্ৰৰ বিষয়ে তোমালোকে গম পাইছা। যিসকলে বিচাৰ সাগৰ মন্থন কৰে
তেওঁলোকৰ ধাৰণাও ভাল হ’ব। যদি বিচাৰ সাগৰ মন্থনেই নকৰে তেন্তে নিৰ্বোধ হৈ যায়,
মুৰুলী শুনোৱাসকলৰ বিচাৰ সাগৰ চলি থাকিব। এইটো বিষয়ৰ ওপৰত এইটো এইটো বুজাব লাগিব।
আপোনাআপুনি বিচাৰ সাগৰ মন্থন চলি থাকে। অমুক আহিবলগীয়া আছে তেওঁকো অতি উৎসাহেৰে
বুজাম। হয়তো কিবা বুজি পাব। ভাগ্যৰ ওপৰত। কোনোবাই তৎক্ষণাৎ নিশ্চয় কৰিব, কোনোবাই
নকৰিব। আশা ৰখা হয়। এতিয়া নহ’লেও আগলৈ গৈ নিশ্চয় বুজিব। আশা ৰাখিব লাগে নহয় জানো!
আশা ৰখা মানে সেৱাৰ প্ৰতি আগ্ৰহ আছে। ভাগৰি পৰিব নালাগে। যদি কোনোবাই পঢ়ি আকৌ অধম
হৈ গৈছে, আহিলে তেতিয়া নিশ্চয় তেওঁক অতিথি কোঠাত বহুৱাব। নতুবা ক’ব গুচি যাওঁক?
নিশ্চয় সুধিব ইমান দিন কিয় অহা নাছিল? তেতিয়া ক’ব - মায়াৰ ওচৰত পৰাজিত হৈ গ’লো।
এনেকুৱা বহুত আহে। বুজি পায় যে জ্ঞান বহুত ভাল আছিল কিন্তু মায়াই পৰাজিত কৰি দিলে।
স্মৃতিতো থাকে নহয় জানো। ভক্তি মাৰ্গত জয় পৰাজয়ৰ কোনো কথাই নাথাকে। এই জ্ঞান ধাৰণ
কৰিবৰ বাবে। এতিয়া তোমালোকে পিতাৰ দ্বাৰা সত্য গীতা শুনা যাৰ দ্বাৰা দেৱতা হৈ যায়।
ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা হ’ব নোৱাৰে। খ্ৰীষ্টীয়ান, পাৰসী, মুছলমানসকলৰ ব্ৰাহ্মণ
নাথাকেই। এই সকলোবোৰ কথা এতিয়া তোমালোকে বুজি পোৱা।
তোমালোকে জানা যে ‘অল্ফ’ক (পিতাক) স্মৰণ কৰিব লাগে। পিতাক স্মৰণ কৰিলেহে বাদশ্বাহী
পোৱা যায়। যেতিয়াই তোমালোকে কাৰোবাক লগ পোৱা তেতিয়া ক’বা যে ‘অল্ফ’ আল্লাক স্মৰণ
কৰক। ‘অল্ফ’কে উচ্চ বুলি কোৱা হয়। আঙুলিৰে ‘অল্ফ’ক ইঙ্গিত কৰে নহয় জানো! ‘অল্ফ’ (পিতাক)
এক বুলিও কোৱা হয়। এজনেই ভগৱান। বাকীতো সকলো হৈছে সন্তান। পিতাতো সদায় ‘অল্ফ’ হৈয়ে
থাকে। ৰাজত্ব নকৰে। জ্ঞানো দিয়ে, নিজৰ সন্তানো কৰি লয় গতিকে সন্তানসকল কিমান
আনন্দিত হৈ থকা উচিত। বাবাই আমাৰ কিমান সেৱা কৰে।
আমাক বিশ্বৰ মালিক কৰি তোলে। আকৌ নিজে সেই নতুন পৱিত্ৰ সৃষ্টিলৈ নাহেই। পাৱন
সৃষ্টিত তেওঁক কোনেও আহ্বানেই নকৰে। পতিতসকলেহে আহ্বান কৰে। পাৱন সৃষ্টিত আহি কি
কৰিব। তেওঁৰ নামেই হৈছে পতিত-পাৱন, গতিকে পুৰণি সৃষ্টিক নতুন কৰি তোলাতো তেওঁৰ
কৰ্তব্য। পিতাৰ নাম হৈছে শিৱ, আৰু শালগ্ৰাম বুলি সন্তানসকলক কোৱা হয়। তেওঁলোকৰ পূজা
হয়। শিৱবাবা বুলি কৈ সকলোৱে স্মৰণ কৰে। দ্বিতীয়তে ব্ৰহ্মাকো বাবা বুলি কয়। প্ৰজাপিতা
ব্ৰহ্মা বুলিতো বহুতে কয় কিন্তু যথাৰ্থ ৰীতি নাজানে। ব্ৰহ্মা কাৰ সন্তান? তোমালোকে
ক’বা যে পৰমপিতা পৰমাত্মা শিৱই তেওঁক তুলি লৈছে। এওঁতো শৰীৰধাৰী হয় নহয় জানো! সকলো
আত্মাই ঈশ্বৰৰ সন্তান। সকলো আত্মাৰে নিজৰ নিজৰ শৰীৰ আছে। নিজৰ নিজৰ ভুমিকা প্ৰাপ্ত
কৰিছে, যিটো পালন কৰিবলগীয়াই হয়। এইটো পৰম্পৰাগত ভাৱে চলি আহিছে। অনাদি অৰ্থাৎ ইয়াৰ
আদি-মধ্য-অন্ত নাই। মনুষ্যই শুনে যে শেষ (প্ৰলয়) হৈ যায়, তেতিয়া আকৌ বিবুদ্ধিত পৰে
যে পুনৰ কেনেকৈ সৃষ্টি হ’ব? পিতাই বুজায় এইখন অনাদি। কেতিয়া হ’ল, সুধিবলগীয়া নাথাকে।
প্ৰলয় নহয়েই। এয়াও মনেসজা কাহিনী ৰচি দিছে। অলপ মনুষ্য হৈ যায় সেই কাৰণে কোৱা হয় যে
প্ৰলয় হৈ গ’ল। বাবাৰ যি জ্ঞান আছে সেয়া এতিয়াহে প্ৰকট হয়। তাৰ কাৰণেই কোৱা হয় -
গোটেই সাগৰক চিয়াহী কৰি লোৱা..... তেতিয়াও পূৰা নহ’ব। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ হৰ্ষিতমুখ চেহেৰাৰে পিতাৰ নাম উজ্জ্বল কৰিব লাগে। জ্ঞান ৰত্নহে শুনিব আৰু
শুনাব লাগে। ডিঙিত যাতে জ্ঞান ৰত্নৰ মালা বিৰাজমান হৈ থাকে। আসুৰিক অৱগুণসমূহ
আঁতৰাই দিব লাগে।
(2) সেৱাত কেতিয়াও ভাগৰিব নালাগে। আশা ৰাখি আগ্ৰহেৰে সেৱা কৰিব লাগে। বিচাৰ সাগৰ
মন্থন কৰি উল্লাসত থাকিব লাগে।
বৰদান:
স্নেহৰ
প্ৰতিদানত সমানতাৰ অনুভৱ কৰোঁতা সৰ্বশক্তি সম্পন্ন হোৱা
যিসকল সন্তান পিতাৰ
স্নেহত সদায় সমাহিত হৈ থাকে তেওঁলোকৰ স্নেহৰ প্ৰতিদানত পিতাৰ সমান হোৱাৰ বৰদান
প্ৰাপ্ত হৈ যায়। যি সদায় স্নেহযুক্ত আৰু যোগযুক্ত হৈ থাকে তেওঁ সৰ্বশক্তিৰে সম্পন্ন
স্বতঃ হৈ যায়। সৰ্বশক্তি সদায় লগত থাকিলে বিজয় নিশ্চিত হৈয়ে আছে। যিসকলৰ স্মৃতি থাকে
যে সৰ্বশক্তিমান পিতা আমাৰ সংগী হয়, তেওঁলোক কেতিয়াও কোনো কথাত বিচলিত হ’ব নোৱাৰে।
স্লোগান:
পুৰুষাৰ্থী জীৱনত যি সদায় সন্তুষ্ট আৰু আনন্দিত হৈ থাকোঁতা হয় তেৱেঁই সৌভাগ্যশালী
হয়।