13.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল শান্তি পাবলৈ হলে অশৰীৰী হোৱা, এই দেহ-ভাৱত আহিলেই অশান্তি হয়, সেইকাৰণে নিজৰ স্ব-ধৰ্মত স্হিত হৈ থাকা

প্ৰশ্ন:
যথাৰ্থ স্মৰণ কি? স্মৰণৰ সময়ত কোনটো কথাৰ প্ৰতি বিশেষ ধ্যান দিব লাগে?

উত্তৰ:
নিজকে এই দেহৰ পৰা উপৰাম আত্মা বুলি বুজি লৈ পিতাক স্মৰণ কৰা এয়াই হৈছে যথাৰ্থ স্মৰণ। কোনো দেহ যাতে স্মৃতিলৈ নাহে, ইয়াৰ প্ৰতি ধ্যান দিয়াতো জৰুৰী। স্মৃতিত থাকিবলৈ খুব জ্ঞানৰ নিচাত থাকিব লাগে, বুদ্ধিত যাতে থাকে যে বাবাই আমাক গোটেই বিশ্বৰ মালিক কৰি তোলে, আমি গোটেই সমূদ্ৰ, গোটেই ধৰণীৰ মালিক হৈ যাওঁ।

গীত:
তুম্হে পাকে হম্নে. (তোমাক পাই আমি.)

ওঁম্শান্তি।
ওঁম্‌ৰ অৰ্থ হৈছে অহম্, মই আত্মা। মনুষ্যই আকৌ ওঁম্‌ মানে ভগৱানক বুজে, কিন্তু এনেকুৱা নহয়। ওঁম্‌ মানে মই আত্মা, মোৰ এইটো শৰীৰ। ওঁম্‌ শান্তি বুলি নকয় জানো। অহম্‌ আত্মাৰ স্ব-ধৰ্ম হৈছে শান্তি। আত্মাই নিজৰ পৰিচয় দিয়ে। মনুষ্যই যদিও ওঁম্‌ শান্তি বুলি কয় কিন্তু ওঁম্‌ৰ অৰ্থ কোনেও নুবুজে। ওঁম্‌ শান্তি শব্দটি ভাল হয়। আমি হৈছোঁ আত্মা, আমাৰ স্ব-ধৰ্ম হৈছে শান্তি। আমি আত্মাসকল শান্তিধামৰ নিবাসী। কিমান চিম্পুল (সৰল) অৰ্থ। বিস্তাৰ কৰি কোৱা মিছা কথা নহয়। এই সময়ৰ কোনো মনুষ্যই এইটোও নাজানে যে এতিয়া নতুন সৃষ্টি নে পুৰণি সৃষ্টি। নতুন সৃষ্টি আকৌ পুৰণি কেতিয়া হয়, পুৰণিৰ পৰা আকৌ নতুন সৃষ্টি কেতিয়া হয় - এইটো কোনেও নাজানে। কাৰোবাক যদি সোধা হয় যে সৃষ্টি নতুন কেতিয়া হয় আৰু পুৰণি কেনেকৈ হয়? তেতিয়া কোনেও কব নোৱাৰিব। এতিয়াতো কলিযুগ পুৰণি সৃষ্টি। নতুন সৃষ্টি বুলি সত্যযুগকহে কোৱা হয়। বাৰু, নতুনক আকৌ পুৰণি হবলৈ কিমান বছৰ লাগে? এইটোও কোনেও নাজানে। মনুষ্য হৈ এইটোও নাজানে সেইবাবে এওঁলোকক জন্তুতকৈও অধম বুলি কোৱা হয়। জন্তুৱেতো নিজক একো বুলি নকয়, মনুষ্যই কয় - আমি পতিত, হে পতিত-পাৱন আহা। কিন্তু তেওঁক একেবাৰে নাজানে। পাৱন শব্দটি কিমান ভাল। পাৱন সৃষ্টি স্বৰ্গ নতুন সৃষ্টিয়ে হব। চিত্ৰও দেৱতাসকলৰ আছে কিন্তু কোনেও নুবুজে, এই লক্ষ্মী-নাৰায়ণ নতুন পাৱন সৃষ্টিৰ মালিক হয়। এই সকলোবোৰ কথা বেহদৰ পিতাইহে বহি সন্তানসকলক বুজায়। নতুন সৃষ্টি বুলি স্বৰ্গক কোৱা হয়। দেৱতাসকলক কোৱা হয় স্বৰ্গবাসী। এতিয়াতো হৈছে পুৰণি সৃষ্টি নৰক। ইয়াত মনুষ্য হৈছে নৰকবাসী। কাৰোবাৰ মৃত্যু হলে তেতিয়া কয় স্বৰ্গবাসী হল তাৰ মানে ইয়াত নৰকবাসী নহয় জানো। হিচাপ কৰি কৈও দিব। যথাৰ্থতে এইখন নৰক হয় কিন্তু যদি এনেকৈ কোৱা যে তোমালোক নৰকবাসী তেন্তে বিতুষ্ট হৈ যাব। পিতাই বুজায় - দেখাত যদিও মনুষ্য, চেহেৰা মনুষ্যৰ হয় কিন্তু স্বভাৱ (চৰিত্ৰ) বান্দৰৰ নিচিনা। এনেকৈও গায়ন কৰা হোৱা নাই জানো। নিজেও মন্দিৰলৈ গৈ দেৱতাসকলৰ আগত গায় - আপুনি সৰ্বগুণ সম্পন্ন.. নিজৰ প্ৰতি কি কয়? মই পাপী নীচ হয়। কিন্তু চিধাকৈ যদি কোৱা যে তোমালোক বিকাৰী হোৱা তেতিয়া বিতুষ্ট হৈ যাব সেয়েহে পিতাই কেৱল সন্তানসকলৰ সৈতেহে কথা পাতে, সন্তানসকলকে বুজায়। বাহিৰৰ লোকসকলৰ সৈতে বাৰ্তালাপ নকৰে কিয়নো কলিযুগী মনুষ্য হৈছে নৰকবাসী। এতিয়া তোমালোক হৈছা সংগমযুগ বাসী। তোমালোক পবিত্ৰ হৈ আছা। এইটো জানা যে আমাক ব্ৰাহ্মণসকলক শিৱবাবাই পঢ়ায়। তেওঁ পতিত-পাৱন হয়। আমাক সকলো আত্মাকে লৈ যাবলৈ পিতা আহিছে। কিমান সহজ কথা। পিতাই কয় - সন্তানসকল, তোমালোক আত্মাসকল শান্তিধামৰ পৰা ভূমিকা পালন কৰিবলৈ আহা। এই দুখধামত সকলোৱে দুখী সেয়েহে কয় - মনৰ শান্তি কেনেকৈ হব? এনেকৈ নকয় যে আত্মাৰ শান্তি কেনেকৈ হব? হেৰ তোমালোকে ওঁম্ শান্তি বুলি নোকোৱা জানো। মোৰ স্বধৰ্ম হৈছে শান্তি। আকৌ শান্তি কিয় বিচৰা? নিজক আত্মা বুলি পাহৰি দেহ-অভিমানত আহি যোৱা। আত্মাসকলতো শান্তিধামৰ নিবাসী হয়। ইয়াত আকৌ শান্তি কৰ পৰা পাবা? অশৰীৰী হলেহে শান্তি হব। শৰীৰৰ লগত আত্মা আছে গতিকে আত্মাই নিশ্চয় কথা কব আৰু চলা-ফুৰা কৰিব লাগে। আমি আত্মাসকল শান্তিধামৰ পৰা ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ। এইটোও কোনেও নুবুজে যে ৰাৱণহে আমাৰ শত্ৰু। কেতিয়াৰ পৰা ৰাৱণ আমাৰ শত্ৰু হল? এইটোও কোনেও নাজানে। ডাঙৰ-ডাঙৰ বিদ্বান, পণ্ডিত আদি এজনেও নাজানে যে ৰাৱণ কোন হয় যাৰ আমি প্ৰতিমূৰ্ত্তি সাজি জ্বলাওঁ। জন্ম-জন্মান্তৰ জ্বলাই আহিছে, একোৱে নাজানে। যিকোনো লোককে সোধা যে ৰাৱণ কোন হয়? তেতিয়া কৈ দিব - এই সকলোবোৰতো কল্পনা হয়। নাজানেই তেন্তে আৰু কি উত্তৰ দিব। শাস্ত্ৰবোৰতো আছে নহয় - হে ৰামজী সংসাৰ ৰচনাই কৰা হোৱা নাই। এয়া সকলো কল্পনা হয়। এনেকৈ বহুতে কয়। এতিয়া কল্পনাৰ অৰ্থ কি? এনেকৈ কয় যে এয়া সংকল্পৰ সৃষ্টি। যিয়ে যেনেকুৱা সংকল্প কৰে সেয়া হৈ যায়, অৰ্থ বুজি নাপায়। পিতাই সন্তানসকলক বহি লৈ বুজায়। কিছুমানেতো ভালদৰে বুজি পায় কিছুমানে বুজিয়েই নাপায়। যিয়ে ভালদৰে বুজি পায় তেওঁলোকক সুসন্তান বুলি কোৱা হব আৰু যিয়ে বুজি নাপায় তেওঁলোক কুসন্তান অৰ্থাৎ সতিয়া সন্তান। এতিয়া সতিয়া সন্তান জানো উত্তৰাধিকাৰী হব। বাবাৰ ওচৰত সুসন্তানো আছে আৰু কুসন্তানো আছে। সুসন্তানেতো পুৰা পিতাৰ শ্ৰীমতত চলে। সতিয়া সন্তান নচলে। পিতাই কৈ দিয়ে - এওঁ মোৰ মতত নচলে, ৰাৱণৰ মতত চলে। ৰাম আৰু ৰাৱণ দুটা শব্দ আছে। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য। এতিয়া হৈছে সংগম। পিতাই বুজায় - এই সকলো ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীয়ে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছে, তোমালোকে লবানে? শ্ৰীমতত চলিবানে? তেতিয়া কয় - কেনেধৰণৰ মত? পিতাই শ্ৰীমত দিয়ে যে পবিত্ৰ হোৱা। তেতিয়া কয়- মই পবিত্ৰ হৈ থাকিলে যদি পতিয়ে নামানে তেনেহলে মই কাক মানিম? তেওঁতো মোৰ পতি পৰমেশ্বৰ হয় কিয়নো ভাৰতত এইটো শিকোৱা হয় যে পতিয়েই তোমাৰ গুৰু, ঈশ্বৰ আদি সকলো হয়। কিন্তু এনেকৈ কোনেও বুজি নলয়। সেই সময়ত হয় বুলি কৈ দিয়ে, কিন্তু একোৱে নামানে। তথাপিও গুৰুৰ ওচৰলৈ মন্দিৰলৈ গৈ থাকে। পতিয়ে কয় - তুমি বাহিৰলৈ নাযাবা, মই ৰামৰ মুৰ্ত্তি তোমাৰ কাৰণে ঘৰতে ৰাখি দিছোঁ তেন্তে তুমি অযোধ্যা আদিত গৈ কিয় হাবাথুৰি খাই ফুৰা? গতিকে নামানে। এয়া হৈছে ভক্তি মাৰ্গৰ ঠেকা-খুন্দা। ঠেকা-খুন্দা নিশ্চয় খাব, কেতিয়াও মানি নলয়। এনেকৈ ভাবে যে সেয়াতো তেওঁৰ মন্দিৰ হয়। হেৰ, তোমালোকে ৰামক স্মৰণ কৰিব লাগে নে মন্দিৰক? কিন্তু বুজি নাপায়। সেয়েহে পিতাই বুজায় - ভক্তি মাৰ্গত কয়ো যে হে ভগৱান আপুনি আহি আমাৰ সৎগতি কৰা। কিয়নো একমাত্ৰ তেওঁৱেই সকলোৰে সৎগতি দাতা হয়। বাৰু, তেওঁ কেতিয়া আহে - এইটোও কোনেও নাজানে।

পিতাই বুজায় ৰাৱণেই তোমালোকৰ শত্ৰু। ৰাৱণতো বিস্ময়কৰ হয়, যাক জ্বলায়ে অহা হৈছে কিন্তু নমৰেই। ৰাৱণ কি বস্তু, এইটো কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁ। শিৱ জয়ন্তীও পালন কৰে কিন্তু শিৱক কোনেও নাজানে। গভাৰ্ণমেণ্টকো তোমালোকে বুজোৱা। শিৱতো ভগৱান হয় তেওঁৱেই কল্পই-কল্পই আহি ভাৰতক নৰকবাসীৰ পৰা স্বৰ্গবাসী, ভিকহুৰ পৰা ৰাজকুমাৰ কৰি তোলে। পতিতক পাৱন কৰে। তেওঁৱেই সকলোৰে সৎগতি দাতা হয়। এই সময়ত সকলো মনুষ্য মাত্ৰেই ইয়াত আছে। যীশুখ্ৰীষ্টৰ আত্মাও কোনোবা নহয় কোনোবা জন্মত ইয়াতে আছে। উভতি কোনেও যাব নোৱাৰে। এওঁলোক সকলোৰে সৎগতি কৰোঁতা এজনেই উচ্চ পিতা আছে। তেওঁ আহেও ভাৰতত। বাস্তৱতে ভক্তিও তেওঁৰেই কৰিব লাগে যিয়ে সৎগতি দিয়ে। সেই নিৰাকাৰ পিতাতো ইয়াত নাই। তেওঁক সদায় ওপৰত থাকে বুলি ভাবিয়ে স্মৰণ কৰে। কৃষ্ণক ওপৰত থাকে বুলি নাভাবে। অন্য সকলোকে ইয়াত তলত স্মৰণ কৰে। কৃষ্ণকো ইয়াতে স্মৰণ কৰিব। তোমালোক সন্তানসকলৰ হৈছে যথাৰ্থ স্মৃতি। তোমালোকে নিজকে এই দেহৰ পৰা উপৰাম, আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পিতাই কয় - তোমালোকৰ কোনো দেহ স্মৃতিলৈ আহিব নালাগে। ইয়াৰ প্ৰতি ধ্যান দিয়াতো জৰুৰী হয়। তোমালোকে নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। বাবাই আমাক গোটেই বিশ্বৰ মালি কৰি তোলে। গোটেই সমুদ্ৰ, গোটেই ধৰণী, গোটেই আকাশৰ মালিক কৰি তোলে। এতিয়াতো কিমান খণ্ড-খণ্ড হৈ গৈছে। এজনে আনজনক নিজৰ সীমালৈ আহিব নিদিয়ে। তাত এনেকুৱা কোনো কথা নাথাকে। ভগৱানতো এজন পিতাই হয়। এনেকুৱা নহয় যে সকলোৱে পিতা হয়। কোৱাও হয় হিন্দু-চীনী ভাই-ভাই, হিন্দু-মুছলমান ভাই-ভাই কিন্তু অৰ্থ নুবুজে। এনেকৈ কেতিয়াও নকয় যে হিন্দু-মুছলমান ভাই-ভনী। নহয়, আত্মাসকল পৰস্পৰ ভাই-ভাই হয়। কিন্তু এই কথাতো নাজানে। শাস্ত্ৰ আদি শুনি সত্য সত্য বুলি কৈ থাকে, অৰ্থ একো নাই। বাস্তৱিকতে সেয়া হৈছে অসত্য, মিছা। সঁচা খণ্ডত সঁচাই কয়। ইয়াত সকলো অসত্য। কাৰোবাক যদি কোৱা যে তুমি মিছা কথা কৈছা তেতিয়া বিতুষ্ট হৈ যাব। তোমালোকে সত্য কথা ক'লে তেতিয়াও কোনোবাই গালি দিবলৈ ধৰিব। এতিয়া পিতাকতো তোমালোক ব্ৰাহ্মণসকলেহে জানা। তোমালোক সন্তানসকলে এতিয়া দৈৱীগুণ ধাৰণ কৰা। তোমালোকে জানা যে এতিয়া পাঁচ তত্ত্বও তমোপ্ৰধান। আজিকালি মনুষ্যই ভূতৰ পূজাও কৰে। ভূতৰেই স্মৃতি থাকে। পিতাই কয় - নিজক আত্মা বুলি বুজি মামেকম্‌ (মনে মনে মোকেই) স্মৰণ কৰা। ভূতবোৰক স্মৰণ নকৰিবা। গৃহস্থ ব্যৱহাৰত থাকিও বুদ্ধিৰ যোগ পিতাৰ সৈতে লগাবা। এতিয়া দেহী-অভিমানী হব লাগে। যিমানে পিতাক স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ'ব। জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোকে পাইছা।

এতিয়া তোমালোক বিকৰ্মাজিৎ হ'ব লাগে। সেয়া হৈছে বিকৰ্মাজিৎ বৰ্ষ। এয়া হৈছে বিকৰ্ম (পতিত) বৰ্ষ। তোমালোকে যোগবলেৰে বিকৰ্মৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। ভাৰতৰ যোগতো প্ৰসিদ্ধ হয়। মনুষ্যই নাজানে। সন্ন্যাসীসকলে বাহিৰলৈ (বিদেশলৈ) গৈ কয় যে আমি ভাৰতৰ যোগ শিকাবলৈ আহিছোঁ, তেওঁলোকে গমেই নাপায় যে এওঁলোকতো হৈছে হঠযোগী। তেওঁলোকে ৰাজযোগ শিকাব নোৱাৰে। তোমালোক হৈছা ৰাজঋষি। তেওঁলোক হৈছে হদৰ সন্ন্যাসী, তোমালোক বেহদৰ সন্ন্যাসী। ৰাতি-দিনৰ পাৰ্থক্য আছে। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে অন্য কোনেও ৰাজযোগ শিকাব নোৱাৰে। এইটো হৈছে নতুন কথা। নতুন কোনেও বুজিব নোৱাৰে, সেয়েহে নতুনক কেতিয়াও অনুমতি দিয়া নহয়। এয়া ইন্দ্ৰসভা নহয় জানো। এই সময়ত হৈছে সকলোৱে পাথৰ (অপবিত্ৰ) বুদ্ধিৰ। সত্যযুগত তোমালোক পাৰস (পবিত্ৰ) বুদ্ধিৰ হোৱা। এতিয়া হৈছে সংগম। পাথৰৰ পৰা পাৰস পিতাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। তোমালোক ইয়ালৈ পাৰস বুদ্ধিৰ হবলৈ আহিছা। যথাৰ্থতে ভাৰত সোণৰ চৰাই আছিল। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক নাছিল জানো। তেওঁলোকে যে কেতিয়াবা ৰাজত্ব কৰিছিল, এইটোও কোনোবাই জানে জানো। আজিৰ পৰা 5 হাজাৰ বছৰৰ আগতে এওঁলোকৰ ৰাজ্য আছিল। আকৌ এওঁলোক কলৈ গল। তোমালোকে কব পাৰা 84 জন্ম ভোগ কৰিলে। এতিয়া তমোপ্ৰধান হৈছে আকৌ পিতাৰ দ্বাৰা সতোপ্ৰধান হৈ আছে, ততত্বম (তোমালোকৰ ক্ষেত্ৰতো একে কথা)। এই জ্ঞান পিতাৰ বাহিৰে সাধু-সন্ত আদি কোনেও দিব নোৱাৰে। সেয়া হৈছে ভক্তি মাৰ্গ, এয়া হৈছে জ্ঞান মাৰ্গ। তোমালোক সন্তানসকলৰ ওচৰত যিবিলাক ভাল-ভাল গীত আছে সেইবোৰ শুনা তেতিয়া ৰোমাঞ্চিত হৈ যাবা। আনন্দৰ সীমা নোহোৱা হব। আকৌ সেই নিচা স্থায়ী হৈ থাকিব লাগে। এয়া হৈছে জ্ঞান অমৃত। তেওঁলোকে মদ্যপান কৰিলে তেতিয়া নিচা বাঢ়ি যায়। ইয়াত এয়া হৈছে জ্ঞান অমৃত। তোমালোকৰ নিচা কমিব নালাগে, সদায় বাঢ়ি থাকিব লাগে। তোমালোকে এই লক্ষ্মী-নাৰায়ণক চাই কিমান আনন্দিত হোৱা। এইটো জানা যে আমি শ্ৰীমতৰ দ্বাৰা পুনৰ শ্ৰেষ্ঠাচাৰী হৈ আছোঁ। ইয়াত দেখিও বুদ্ধিযোগ পিতা আৰু উত্তৰাধিকাৰত যুক্ত হৈ থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিকৰ্মাজিৎ হবলৈ যোগবলেৰে বিকৰ্মৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। ইয়াত দেখিও বুদ্ধিযোগ যাতে পিতা আৰু উত্তৰাধিকাৰৰ লগত যুক্ত হৈ থাকে।

(2) পিতাৰ উত্তৰাধিকাৰৰ পুৰা অধিকাৰ প্ৰাপ্ত কৰিবলৈ সুসন্তান হব লাগে। এজন পিতাৰহে শ্ৰীমতত চলিব লাগে। পিতাই যি বুজায় সেয়া বুজি লৈ আনকো বুজাব লাগে।

বৰদান:
সম্পূৰ্ণতাৰ ৰশ্মি (প্ৰকাশ)ৰ দ্বাৰা অজ্ঞানতাৰ পৰ্দা আঁতৰাই দিওঁতা চাৰ্চ লাইট হোৱা

এতিয়া প্ৰত্যক্ষতাৰ সময় সমীপত আহি আছে সেয়েহে অন্তৰ্মুখী হৈ গূঢ় অনুভৱৰ ৰত্নৰে নিজকে ভৰপূৰ কৰা, এনেকুৱা চাৰ্চ লাইট হোৱা যাতে তোমালোকৰ সম্পূৰ্ণতাৰ ৰশ্মিৰে অজ্ঞানতাৰ পৰ্দা আঁতৰি যায়। কিয়নো তোমালোক ধৰণীৰ তৰাবোৰে এই বিশ্বক অস্থিৰতাৰ পৰা ৰক্ষা কৰি সুখী সংসাৰ, স্বৰ্ণিম সংসাৰ গঢ়ি তোলোঁতা হোৱা। তোমালোক পুৰুষোত্তম আত্মাসকলে বিশ্বক সুখ-শান্তিৰ শ্বাস দিয়াৰ নিমিত্ত হোৱা।
 

স্লোগান:
মায়া আৰু প্ৰকৃতিৰ আকৰ্ষণৰ পৰা আঁতৰত থাকা তেতিয়া সদায় হৰ্ষিত হৈ থাকিবা।