13.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকল তোমালোকেযোগবলেৰেএইখাৰকীয়প্ৰণালী(লুণীয়াখাল) পাৰহৈঘৰলৈযাবলাগিব, সেয়েহেযলৈযাবলাগিবতাকস্মৰণকৰা, এইটোআনন্দতথাকাযেআমিএতিয়াফকিৰৰ(দীন-দৰিদ্ৰৰ)পৰাচহকীহৈযাওঁ

প্ৰশ্ন:
দৈৱীগুণৰবিষয়টিৰপ্ৰতিযিসকলসন্তানৰমনোযোগআছেতেওঁলোকৰচিনকিহব?

উত্তৰ:
তেওঁলোকৰ বুদ্ধিত থাকে - যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। তেনে সন্তানে কেতিয়াও কাকো আমনি নকৰিব। তেওঁলোকৰ মুখৰ পৰা কেতিয়াও উল্টা-সুল্টা (অপ্ৰয়োজনীয়)কথা উচ্চাৰিত নহব। মন-বাণী-কৰ্মৰে কাকো দুখ নিদিব। পিতাৰ সমান সুখ দিয়াৰ লক্ষ্য থাকিলে তেতিয়া কোৱা হ'ব দৈৱীগুণৰ বিষয়টিৰ প্ৰতি মনোযোগ আছে।

ওঁম্শান্তি।
মিঠা মিঠা আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই পঢ়াই আছে। স্মৃতিৰ যাত্ৰাও শিকাই আছে। স্মৃতিৰ যাত্ৰাৰ অৰ্থও সন্তানসকলে বুজি পায়। ভক্তি মাৰ্গতো সকলো দেৱতাক, শিৱবাবাক স্মৰণ কৰে। কিন্তু এইটো নাজানিছিল যে স্মৰণৰ দ্বাৰাই বিকৰ্ম বিনাশ হ'ব। সন্তানসকলে জানে যে পিতা পতিত-পাৱন হয়, তেৱেঁই পাৱন হোৱাৰ উপায় দিয়ে। আত্মায়ে পবিত্ৰ হ'ব লাগে, আত্মায়ে পতিত হয়। সন্তানসকলে জানে যে ভাৰততে পিতাই আহি স্মৃতিৰ যাত্ৰা শিকায় আৰু অন্য ক'তো শিকাব নোৱাৰে। পাৰ্থিৱ (লৌকিক) যাত্ৰাতো সন্তানসকলে বহুত কৰিলে, এই যাত্ৰা কেৱল এজন পিতাইহে শিকাব পাৰে। তোমালোক সন্তানসকলক পিতাই বুজাইছে যে মায়াৰ কাৰণে সকলোৰে বুদ্ধিত অবুজনৰ তলা লাগি আছে। এতিয়া পিতাৰ দ্বাৰা তোমালোকে জ্ঞাত হৈছা যে আমি কিমান বুদ্ধিমান, ধনবান, আৰু পবিত্ৰ আছিলোঁ। আমি গোটেই বিশ্বৰ মালিক আছিলোঁ। এতিয়া আমি পুনৰ তেনেকুৱা হৈ আছোঁ। পিতাই কিমান বিশাল বেহদৰ বাদশ্বাহী (সাম্ৰাজ্য) দিছে। লৌকিক পিতাই খুব বেছি লাখ কোটি দিব। ইয়াত মিঠা বেহদৰ পিতাই বেহদৰ বাদশ্বাহী দিবলৈ আহিছে, সেইবাবে তোমালোকে ইয়াত পঢ়িবলৈ আহিছা। কাৰ ওচৰত? বেহদৰ বাবাৰ ওচৰত। বাবা শব্দটি মম্মাতকৈও মিঠা। যদিও মম্মাই পালনা কৰে তথাপি পিতা সদায় পিতাই হয়, যাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। তোমালোক সদায় সুখী আৰু সৌভাগ্যৱতী হবলৈ গৈ আছা। বাবাই আকৌ আমাক কেনেকুৱাকৈ গঢ়ি তোলে! এয়া কোনো নতুন কথা নহয়। গায়নো আছে ৰাতিপুৱা ধনী আছিল, ৰাতি দীন-দুখীয়া গৈছিল। তোমালোকো ৰাতিপুৱা ধনী আকৌ বেহদৰ ৰাতি ফকিৰ হৈ যোৱা। বাবাই নিতৌ সোঁৱৰাই দিয়ে সন্তানসকল, কালিলৈকেতো তোমালোক বিশ্বৰ মালিক, চহকী আছিলা, আজি তোমালোক ফকিৰ হৈ গ'লা। এতিয়া পুনৰ ৰাতিপুৱা হ'ব তেতিয়া তোমালোক পুনৰ চহকী হৈ যাবা। কিমান সহজ কথা। চহকী হৈ যাবা সেইবাবে তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা উচিত। ব্ৰাহ্মণৰ দিন আৰু ব্ৰাহ্মণৰ ৰাতি। এতিয়া দিনত তোমালোক চহকী হ'ব ধৰিছা আৰু নিশ্চয় হৈ যাবা। কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। পিতাই কয় - এইয়া সেয়াই খাৰকীয় প্ৰণালী যিটো তোমালোকেহে যোগবলৰ দ্বাৰা পাৰ হোৱা। য'লৈ যাব লাগিব সেয়া স্মৃতিত থকা উচিত। আমি এতিয়া ঘৰলৈ যাম। বাবাই নিজেই আহিছে আমাক নিবলৈ। বহুত মৰমেৰে বুজায় - মৰমৰ সন্তানসকল, তোমালোকেই পবিত্ৰ আছিলা, 84 জন্ম লৈ-লৈ পতিত হৈ পৰিলা এতিয়া পুনৰ পবিত্ৰ হ'ব লাগিব। পবিত্ৰ হোৱাৰ আন কোনো উপায় নাই। তোমালোকে জানা পতিত-পাৱন আহে আৰু তোমালোক তেওঁৰ মতত চলি পবিত্ৰ হোৱা। তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা যে আমি এনেকুৱা পদ পাম। পিতাই কয় - তোমালোকে 21 জন্মৰ কাৰণে সদাকালৰ বাবে সুখী হৈ যাবাগৈ। পিতাই সুখধামৰ, ৰাৱণে দুখধামৰ অধিকাৰ দিয়ে। তোমালোক সন্তানসকলে এতিয়া জানিছা ৰাৱণ তোমালোকৰ পুৰণি শত্ৰু, যিয়ে তোমালোকক 5 বিকাৰ ৰূপী পিঞ্জৰাত সুমুৱাই দিলে। পিতা আহি তাৰ পৰা উলিয়ায়। যিয়ে যিমান পিতাক স্মৰণ কৰে, সিমানে আনকো পৰিচয় দিয়ে। স্মৰণ নকৰা সকল দেহ-অভিমানত থাকিব। তেওঁলোকে পিতাক স্মৰণো কৰিব নোৱাৰে আৰু পিতাৰ পৰিচয়ো দিব নোৱাৰে। আমি আত্মা ভাই-ভাই হওঁ, ঘৰৰ পৰা ইয়ালৈ আহিছো ভিন্ন-ভিন্ন ভূমিকা পালন কৰিবলৈ। গোটেই ভূমিকা কেনেকৈ পালন কৰা হয়, এইয়াও তোমালোকৰ বুদ্ধিত আছে। যাৰ দৃঢ় নিশ্চয় আছে, তেওঁ আহি ইয়াত পুনৰুজীৱিত হয়।এইয়া এনেকুৱা পঢ়া নহয় যে তোমালোকে শিক্ষকৰ লগতে থাকিব লাগে। নহয়, নিজৰ ঘৰত থাকিও পঢ়িব পাৰা। কেৱল এসপ্তাহ ভাল দৰে বুজি লোৱা পুনৰ ব্ৰাহ্মণীসকলে কাৰোবাক এমাহৰ পিছত, কাৰোবাক 6 মাহৰ পিছত, কাৰোবাক 12 মাহৰ পিছত লৈ আহে। বাবাই কয় নিশ্চয় হল আৰু দৌৰি আহিল।

ৰাক্ষীও বান্ধিব লাগে যে আমি আৰু বিকাৰলৈ নাযাও। আমি শিৱবাবাৰ ওচৰত প্ৰতিজ্ঞা কৰিছোঁ। শিৱবাবাইহে কয় - সন্তানসকল, তোমালোক নিৰ্বিকাৰী নিশ্চয় হব লাগে। যদি বিকাৰলৈ যোৱা তেতিয়া হলে উপাৰ্জন কৰা খিনি শেষ হৈ যাব, শ গুণ দণ্ড ভোগ কৰিব লাগিব। 63 জন্ম তোমালোকে গাঁতত পৰি থাকিলা। এতিয়া কয় - পবিত্ৰ হোৱা। মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হব। আত্মা ভাই-ভাই। কাৰো নাম ৰূপত আৱদ্ধ নহবা। যদি কোনোবাই নিয়মীয়াকৈ নপঢ়ে তেন্তে সোনকালে তেওঁক (মধুবনলৈ) লৈ আনিব নালাগে। যদিও বাবাই কয় যে এদিনতো তীৰ লাগিব পাৰে কিন্তু নিজৰ বিচাৰ বুদ্ধিৰেও কাম কৰিব লাগে। তোমালোক ব্ৰাহ্মণ সকলোতকৈ উত্তম। এইয়া তোমালোকৰ বহুত উচ্চ কূল। তাত কোনো সৎসংগ আদি নাথাকে। সৎসংগ থাকে ভক্তি মাৰ্গত। তোমালোকে জানা সৎসংগই উদ্ধাৰ কৰে, সত্যৰ সংগ তেতিয়াহে পোৱা যায় যেতিয়া সত্যযুগ স্থাপনা কৰাৰ সময় হয়। এয়া কাৰো বুদ্ধিত উদয় নহয় কিয়নো বুদ্ধিত তলা লাগি আছে। এতিয়া সত্যযুগলৈ যাব লাগে। সত্যৰ সংগ পোৱা যায় পুৰুষোত্তম সংগমযুগত। সেই গুৰুসকলতো সংগমযুগী নহয়। বাবা যেতিয়া আহে তেতিয়া সন্তান-সন্তান বুলি মাতে। সেই গুৰুসকলক জানো তোমালোকে বাবা বুলি কবা। বুদ্ধিত একেবাৰে গড্ৰেজৰ তলা লাগি আছে। বাবা আহি তলা খোলে। বাবাই চোৱা কিমান যুক্তি ৰচে যে মনুষ্যই আহি হীৰা সদৃশ জীৱন গঢ়ক। মেগাজিন কিতাপ আদি ছপা কৰি থাকে। বহুতৰ কল্যাণ হওঁক তেতিয়া বহুতৰ আশীৰ্বাদো পোৱা যাব। প্ৰজা বনোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। নিজকে বন্ধনৰ পৰা মুক্ত কৰিব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে সেৱাও (চাকৰি) নিশ্চয় কৰিব লাগে। ঈশ্বৰীয় সেৱা কেৱল ৰাতিপুৱা আৰু গধুলি হয়। সেই সময়ত সকলোৱে আজৰি হৈ থাকে, যাৰ সৈতে তোমালোকে লৌকিক সেৱা কৰা, তেওঁলোককো পৰিচয় দি থাকা যে তোমালোকৰ দুজন পিতা আছে। লৌকিক পিতা সকলোৰে ভিন্ন। পাৰলৌকিক পিতা সকলোৰে এজন। তেওঁ হৈছে সৰ্বোচ্চ। বাবাই কয় - মোৰো ভূমিকা আছে। এতিয়া তোমালোক সন্তানসকলে মোৰ পৰিচয় জানি গ'লা। আত্মাকো তোমালোকে জানি গ'লা। আত্মাৰ কাৰণে কয় - ভ্ৰকুটিৰ মধ্যত জিলিকি উঠে বিচিত্র তৰা.....। সেয়া অকাল আসনো হয়। আত্মাক কেতিয়াও কালে খাব নোৱাৰে। আত্মা কেৱল মলিয়ন আৰু স্বচ্ছ হয়, আত্মাৰ আসন ভ্ৰকুটিৰ মধ্যতহে শোভা পায়। তিলকৰ চিহ্নও ইয়াতেই দিয়ে। পিতাই কয় - তোমালোকে নিজক নিজেই ৰাজ-তিলক দিয়াৰ যোগ্য কৰি তোলা। এনেকুৱা নহয় যে মই সকলোকে ৰাজ-তিলক দিম। তোমালোকে নিজক নিজেই দিয়া। বাবাই জানে - কোনে বহুত সেৱা কৰে। মেগাজিনতো লিখনি বহুত ভাল আহে। লগতে যোগৰ বাবেও যত্নপৰ হব লাগে, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়। দিনে-প্ৰতিদিনে তোমালোক ভাল ৰাজযোগী হৈ গৈ থাকিবা। বুজি পাবা যে এতিয়া শৰীৰ এৰিবৰ হৈছে, আমি গুচি যাওঁ। সূক্ষ্মবতনৰলৈকেতো সন্তানসকল যায়, মুলবতনকো ভালদৰে জানে যে সেয়া আমাৰ আত্মাসকলৰ ঘৰ। মনুষ্যই শান্তিধামৰ কাৰণেই ভক্তি কৰে। সুখধামৰ বিষয়েতো তেওঁলোকে নাজানেই। স্বৰ্গলৈ যোৱাৰ শিক্ষাতো পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। এয়া হৈছে প্ৰবৃত্তি মাৰ্গ। দুয়োৱে মুক্তিধামলৈ যাব লাগিব। তেওঁলোকে উল্টা ৰাস্তা দেখুৱায়, আচলতে কোনেও নাযায়। সকলোকে অন্তিমত পিতাই লৈ যাব। এইটো হৈছে তেওঁৰ কৰ্তব্য। কোনোৱে ভাল ৰীতিৰে পঢ়ি ৰাজ্য-ভাগ্য লৈ লয়। বাকী সকলে কেনেকৈ পঢ়িব। তেওঁলোক যেনেকৈ ক্ৰমানুসৰি আহে, তেনেকৈ ক্ৰমানুসৰি যাবগৈ। এই কথাবোৰত বেছি সময় অপব্যয় নকৰিবা।

এনেকৈ কয় যে বাবাক স্মৰণ কৰিবলৈ সময় নাপাও, তেন্তে আকৌ এনেবোৰ কথাত সময় কিয় নষ্ট কৰা। এইটো নিশ্চয় আছে যে বেহদৰ পিতা, শিক্ষক গুৰুও হয়। তেন্তে দ্বিতীয় কাকোৱে স্মৰণ কৰাৰ দৰকাৰ নাই। তোমালোকে জানা কল্পৰ আগতেও শ্ৰীমতত চলি পবিত্ৰ হৈছিলা। ক্ষণে-ক্ষণে চক্ৰও ঘূৰাই থাকা। তোমালোকৰ নামেই হৈছে স্বদৰ্শন চক্ৰধাৰী। (পানীতোলা চকাৰে বাল্টিত পানী ভৰোৱা আৰু খালী হোৱাৰ উদাহৰণ) জ্ঞান সাগৰৰ পৰা ভৰপূৰ হবলৈ তোমালোকৰ সময় নালাগে, খালী হবলৈহে সময় লাগে। তোমালোক হৈছা অতি মৰমৰ সন্তান কিয়নো কল্পৰ পিছত আহি মিলিত হৈছা। এইটো দৃঢ়নিশ্চয় থকা উচিত। আমি 84 জন্মৰ পাছত আকৌ আহি পিতাৰ সৈতে মিলিত হৈছো। পিতাই কয় যিয়ে প্ৰথমে ভক্তি কৰিছে তেওঁৱেই প্ৰথমে জ্ঞান লোৱাৰ যোগ্যও হৈছে কিয়নো ভক্তিৰ ফল লাগিব। সেয়েহে সদায় নিজৰ ফল অথবা উত্তৰাধিকাৰক স্মৰণ কৰি থাকা। ফল শব্দটি ভক্তি মাৰ্গৰ। উত্তৰাধিকাৰ শব্দটি সঠিক। বেহদৰ পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ পোৱা যায় আৰু অন্য কোনো উপায় নাই। ভাৰতৰ প্ৰাচীন যোগ প্ৰখ্যাত। তেওঁলোকে ভাবে আমি ভাৰতৰ প্ৰাচীন যোগ শিকিছোঁ। বাবাই বুজায় - তেওঁলোক ড্ৰামা অনুসৰি হঠযোগী হৈ যায়। ৰাজযোগ এতিয়া তোমালোকে শিকা কিয়নো এতিয়া হৈছে সংগমযুগ। তেওঁলোকৰ ধৰ্ম বেলেগ। প্ৰকৃততে তেওঁলোক গুৰুৰ শৰণাপন্ন হব নালাগে। কিন্তু এয়াও ড্ৰামা অনুসৰি নিশ্চয় হব। তোমালোক সন্তানসকল এতিয়া ধাৰ্মিক (শ্ৰেষ্ঠাচাৰী) হব লাগে। ধৰ্মতেই শক্তি আছে। তোমালোকক যি মই দেৱী-দেৱতা কৰি তোলোঁ, এইটো ধৰ্মই বহুত সুখ দিয়ে। মোৰ শক্তিও তেওঁলোকে প্ৰাপ্ত কৰে যিয়ে মোৰ সৈতে যোগযুক্ত হয়। সেয়েহে পিতাই নিজে যি ধৰ্ম প্ৰতিষ্ঠা কৰে, সেইটো ধৰ্মৰ বহুত শক্তি আছে। তোমালোকে গোটেই বিশ্বৰ মালিক হৈ যোৱা। পিতাই এইটো ধৰ্মৰ মহিমা কৰে যে ইয়াত বহুত শক্তি আছে। সৰ্ৱশক্তিমান বাবাৰ পৰা শক্তি বহুতে পায়। বাস্তৱতে শক্তি সকলোৱে পায় কিন্তু ক্ৰমানুসৰি। তোমালোকক যিমান শক্তি লাগে সিমান বাবাৰ পৰা লোৱা লগতে দৈৱীগুণৰ বিষয়টিৰ প্ৰতিও মনোযোগ দিব লাগিব। কাকো আমনি নকৰিবা, দুখ নিদিবা। এওঁ কেতিয়াও কাৰো প্ৰতি উল্টা-সুল্টা (অপ্ৰয়োজনীয়) শব্দ উচ্চাৰণ নকৰে। এইটো জানে যে যেনেকুৱা কৰ্ম মই কৰিম, মোক দেখি আনেও কৰিব। আসুৰী গুণৰ পৰা দৈৱীগুণলৈ আহিব লাগে। চাব লাগে যে মইকাকো দুখতো নিদিওঁ? এনেকুৱা কোনো নাই যিয়ে কাকো দুখ নিদিয়ে। কিবা নহয় কিবা ভুল নিশ্চয় হয়। মন-বাণী-কৰ্মৰে কাকোৱেই দুখ নিদিয়া - সেইটো অৱস্থা অন্তিমতহে হবগৈ। এই সময়ত আমি পুৰুষাৰ্থী অৱস্থাত আছোঁ। প্ৰতিটো কথা পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। সকলোৱে পুৰুষাৰ্থ সুখৰ কাৰণেই কৰে। কিন্তু পিতাৰ বাহিৰে অন্য কোনেও সুখ দিব নোৱাৰে। দেখা যায় সোমনাথৰ মন্দিৰত কিমান হীৰা অলংকাৰ আছিল। সেই সকলোবোৰ কৰ পৰা আহিল, কেনেকৈ ধনী হল। গোটেই দিন এই পঢ়াৰ চিন্তত থাকিব লাগে। গৃহস্থ ব্যৱহাৰত থাকিও কমল পুস্পৰ সমান পবিত্ৰ হব লাগে। তোমালোকে এইটো পুৰুষাৰ্থ কৰিছা সেইবাবেইতো মালা হৈছে। কল্পই-কল্পই হৈ থাকে। মালা কাৰ স্মাৰক (সোঁৱৰণী) হয় - এইটোও তোমালোকে জানা। তেওঁলোকেতো মালাক স্মৰণ কৰি বহুত আনন্দিত হৈ যায়। ভক্তিত কি হয় আৰু জ্ঞানত কি হয়-এইটোও তোমালোকেহে জানা। তোমালোকে যিকোনো লোককে বুজাব পাৰা। পুৰুষাৰ্থ কৰোতে-কৰোতে শেষলৈ ফলাফল কল্পৰ আগৰ দৰেই ওলাই যাব। প্ৰত্যেকেই নিজকে পৰীক্ষা কৰি থাকা। তোমালোকে বুজি পোৱা যে আমি এইয়া হ'ব লাগিব। পুৰুষাৰ্থৰ মাৰ্জিন (সুযোগ) পাইছা। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে পিতায়ো তোমালোকক স্বাগত কৰে। তোমালোক সন্তানসকলে যিমান স্বাগত কৰা, তাতকৈ বেছি পিতাই তোমালোকক স্বাগত কৰে। পিতাৰ ধান্দায়েই (বৃত্তিয়েই) হৈছে- তোমালোকক স্বাগত কৰা। স্বাগত মানে হৈছে সৎগতি। এয়া হৈছে সকলোতকৈ উচ্চ স্বাগত। তোমালোক সকলোকে স্বাগত কৰিবলৈ পিতা আহে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বহুতৰ আশীৰ্বাদ পাবৰ কাৰণে কল্যাণকাৰী হব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰিও নিজকে বন্ধনৰ পৰা মুক্ত কৰি পুৱা-গধুলি ঈশ্বৰীয় সেৱা নিশ্চয় কৰিব লাগে।

(2) অন্য কথাত নিজৰ সময় নষ্ট নকৰি পিতাক স্মৰণ কৰি শক্তি আহৰণ কৰিব লাগে। সত্যৰ সংগতেই থাকিব লাগে। মন-বাণী-কৰ্মৰে সকলোকে সুখ দিয়াৰ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
হদৰ (পাৰ্থিৱ) ইচ্ছাবোৰত্যাগকৰিনিজকেভালকৈগঢ়িতোলোতাইচ্ছামাত্ৰমঅবিদ্যাভৱ

মনত হদৰ কোনো ইচ্ছা থাকিলে ভাল হবলৈ নিদিয়ে। যেনেকৈ ৰ'দত গ'লে ছায়া আগে-আগে গৈ থাকে, তাক যদি ধৰিবলৈ চেষ্টা কৰা তেতিয়া ধৰিব নোৱাৰা, পিঠি দি (ঘুৰি) আহিলে তেতিয়া ছায়া পিছে-পিছে আহিব। এনেকৈয়ে ইচ্ছাই আকৰ্ষিত কৰি কন্দোৱায়, তাক এৰি দিয়া তেতিয়া পিছে-পিছে আহিব। খুজি ফুৰাজন কেতিয়াও সম্পন্ন হ'ব নোৱাৰে। যিকোনো হদৰ ইচ্ছাৰ পিছত দৌৰাতো এনেকুৱা হয় যেনেকুৱা মৃগতৃষ্ণা। ইয়াৰ পৰা সদায় সুৰক্ষিতহৈ থাকা তেতিয়া ইচ্ছা মাত্ৰম অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ) হৈ যাবাগৈ।

স্লোগান:
নিজৰশ্ৰেষ্ঠকৰ্মবাশ্ৰেষ্ঠচলনৰদ্বাৰাআশীৰ্বাদজমাকৰিলোৱাতেতিয়াপাহাৰৰসমানকথাওকপাহৰদৰেঅনুভৱহ'ব।