13.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল - পিতাই ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছে, তোমালোক ব্ৰাহ্মণ এই যজ্ঞৰ তত্ত্বাৱধান লওঁতা হোৱা সেইবাবে তোমালোক পৱিত্ৰ হৈ নিশ্চয় থাকিব লাগে

প্ৰশ্ন:
অন্তিম সময়ত পিতাই কোনসকল সন্তানক সহায় কৰে?

উত্তৰ:
যিসকলে ভালদৰে সেৱা কৰে তেওঁলোকে অন্তিমত যেতিয়া বহুত বিপদ আহিব সেই সময়ত সহায় পাব। যিসকল পিতাৰ সহায়কাৰী হয়, পিতাই তেওঁলোকক নিশ্চয় সহায় কৰিব।

প্ৰশ্ন:
বিস্ময়কৰ মুখমণ্ডল কাৰ? তাৰ স্মাৰক কোনটো ৰূপত আছে?

উত্তৰ:
শিৱবাবা যাৰ নিজৰ মুখ নাই তেওঁ যেতিয়া এই মুখৰ (শৰীৰৰ) আধাৰ লয় তেতিয়া এইখন বিস্ময়কৰ মুখ হৈ যায় সেইবাবে তোমালোক সন্তানসকল সন্মুখত মুখ চাবলৈ আহা। ইয়াৰ স্মাৰক হিচাপে ৰুণ্ডমালাত (বিষ্ণুৰ মালাত) মুখ দেখুৱায়।

গীত:
কিতনা মিঠা, কিতনা প্যাৰা শিৱ ভোলা ভগৱান...... (কিমান মিঠা, কিমান মৰমৰ শিৱ ভোলা ভগৱান)

ওঁম্শান্তি।
বেহদৰ পিতাই কয় - মই 5 হাজাৰ বছৰৰ পাছত এবাৰেই সন্তানসকলৰ মুখ (চেহেৰা) দেখিবলৈ পাওঁ। পিতাৰ নিজৰ মুখতো নাই। শিৱবাবায়ো পুৰণা শৰীৰ ঋণত লয়। গতিকে তোমালোকে বাপদাদা দুয়োৰে মুখ দেখিবলৈ পোৱা। সেইবাবে কয় বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ হওক। এতিয়া ৰুণ্ডমালা সন্তানসকলে দেখিছে, তাত মুখ দেখুৱায়। ৰুণ্ডমালা তৈয়াৰ কৰা হয় গতিকে শিৱবাবাৰো চেহেৰা দেখিবা। এয়া কোনেও গম নাপায় যে শিৱবাবায়ো আহি শৰীৰ ঋণত লয়। শিৱবাবাই এই ব্ৰহ্মাৰ মুখেৰে কয়। গতিকে এইখন তেওঁৰ মুখ হৈ গল নহয়। এই সময়ত এবাৰেই পিতা আহি সন্তানসকলৰ মুখ দেখিবলৈ পায়। সন্তানসকলে জানে শিৱবাবাই এইখন মুখ ভাড়ালৈ ঋণত লৈছে। এনেহেন পিতাক নিজৰ ঘৰ (শৰীৰ) ভাড়াত দিলে কিমান লাভ হয়। প্ৰথমে এওঁৰ কাণে শুনে। যদিওবা ততালিকে তোমালোকে শুনা কিন্তু তথাপি আটাইতকৈ ওচৰত এওঁৰ কাণ আছে। তোমালোক আত্মাতো দূৰৈত বহি আছা নহয় জানো। আত্মাই কাণৰ দ্বাৰা শুনিব গতিকে কিছু পাৰ্থক্য থাকে। তোমালোক সন্তানসকল ইয়ালৈ আহা সন্মুখত মুখ চাবলৈ। এইখন হৈছে বিস্ময়কৰ মুখ। শিৱৰাত্ৰি পালন কৰে গতিকে নিশ্চয় শিৱবাবা যি নিৰাকাৰ হয় তেওঁ ইয়ালৈ আহি প্ৰৱেশ কৰে তেন্তে এইখন ভাৰত দেশ তেওঁৰো হল। ভাৰত হৈছে অবিনাশী পৰমপিতা পৰমাত্মাৰ জন্মস্থান। কিন্তু তেওঁৰ জন্ম অন্য মনুষ্যৰ দৰে নহয়। নিজেই কয় - মই আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ আকৌ সন্তানসকলক জ্ঞান শুনাওঁ, অন্য সকলো আত্মাৰ নিজা নিজা শৰীৰ আছে। মোৰ কোনো শৰীৰ নাই। শিৱৰ সদায় লিঙ্গ ৰূপ দেখুৱাব। ৰুদ্ৰ যজ্ঞ যেতিয়া ৰচে তেতিয়া মাটিৰ গোলাকাৰ লিঙ্গ সাজে। সৰু সৰু শালগ্ৰাম সাজে, শিৱলিঙ্গ ডাঙৰকৈ সাজে। বাস্তৱত সৰু ডাঙৰ নহয়। কেৱল দেখুৱাবৰ বাবে যে তেওঁ পিতা আৰু সেইসকল সন্তান। দুয়োৰে পূজাও বেলেগে বেলেগে কৰে। বুজিও পায় তেওঁ শিৱ, সেইসকল শালগ্ৰাম। এনেকৈতো নকয় যে সকলো শিৱ। নকয়, শিৱলিঙ্গ ডাঙৰকৈ সাজে আৰু শালগ্ৰাম সৰু সৰুকৈ সাজে। তেওঁৰ লগত এয়া সকলো সন্তান। বাবাই বুজাইছে এই শালগ্ৰামবোৰৰ পূজা কিয় কৰে? কিয়নো তোমালোক সকলো আত্মা হোৱা নহয় জানো। তোমালোকে এই শৰীৰৰ সৈতে ভাৰতক শ্ৰেষ্ঠাচাৰী কৰি আছা। শিৱবাবাৰ শ্ৰীমত শালগ্ৰামসকলে লৈ আছে। এয়াও ৰুদ্ৰ শিৱবাবাৰ জ্ঞান যজ্ঞ ৰচা হৈছে। শিৱবাবাই কয় - শালগ্ৰামবোৰেও কয়। এয়া অমৰকথা, সত্য-নাৰায়ণৰ কথা। মনুষ্যক নৰৰ পৰা নাৰায়ণ কৰি তোলে। সকলোতকৈ উচ্চ পূজা তেওঁৰ নহল জানো। আত্মা বহুত ডাঙৰ নহয়। একেবাৰে বিন্দু সদৃশ। সেই বিন্দুত কিমান জ্ঞান আছে, কিমান ভূমিকা নিহিত হৈ আছে। ইমান সূক্ষ্ম আত্মাই কয় - মই শৰীৰত প্ৰৱেশ কৰি ভূমিকা পালন কৰোঁ। শৰীৰ কিমান ডাঙৰ। শৰীৰত আত্মা প্ৰৱেশ কৰিলে সৰুকালৰ পৰাই ভূমিকা পালন কৰিবলৈ লাগি যায়। অনাদি অবিনাশী ভূমিকা প্ৰাপ্ত হৈছে। শৰীৰতো হৈছে জড়। তাত যেতিয়া চৈতন্য আত্মাই প্ৰৱেশ কৰে, তাৰপাছত গৰ্ভত শাস্তি ভূগীবলৈ ধৰে। শাস্তিও কেনেকৈ ভোগে। ভিন্ন ভিন্ন শৰীৰ ধাৰণ কৰি, যাক যিটো ৰূপত দুখ দিছে সেয়া সাক্ষাৎকাৰ কৰি থাকে। শাস্তি ভূগী গৈ থাকে। ত্ৰাহি ত্ৰাহি কৰে, সেইবাবে গৰ্ভ কাৰাগাৰ বুলি কয়। ড্ৰামা কিমান ভালকৈ ৰচি থোৱা আছে। কিমান ভূমিকা পালন কৰে। আত্মাই প্ৰতিজ্ঞা কৰে - মই কেতিয়াও পাপ নকৰোঁ। ইমান সূক্ষ্ম আত্মাই কিমান অবিনাশী ভূমিকা প্ৰাপ্ত কৰিছে। 84 জন্মৰ ভূমিকা পালন কৰি আকৌ পুনৰাবৃত্তি কৰে। আচৰিত নহয় জানো। এয়া পিতাই বহি বুজায়। সন্তানসকলেও বুজি পায় - এয়াতো যথাৰ্থ কথা। ইমান সূক্ষ্ম বিন্দুত কিমান ভূমিকা থাকে। আমাৰ বহুতৰে সাক্ষাৎকাৰ হয়। গায়নো কৰে - আত্মা তৰা যি এই ভ্ৰূকুটিৰ মাজত থাকে। কিমান ভূমিকা পালন কৰে, ইয়াক প্ৰকৃতি বুলি কয়। তোমালোকেতো জানা আমি আত্মাই এটা শৰীৰ এৰি আন এটা লওঁ। কিমান ভূমিকা পালন কৰে। আমাক বাবাই আহি বুজায়। কিমান শ্ৰেষ্ঠ জ্ঞান। জগতত কাৰো এই জ্ঞান নাই। এৱোঁতো মনুষ্য আছিল নহয় জানো, তেওঁৰ শৰীৰত এতিয়া পিতাই প্ৰৱেশ কৰিছে। এনেকুৱা নহয় যে গুৰু-গোঁসাইৰ শিস্য হ'ব। তেওঁলোকৰ পৰা তন্ত্ৰ-মন্ত্ৰ শিকিছে। কিছুমানে ভাবে - গুৰুৰ বৰদান অথবা গুৰুৰ পৰা শক্তি পাইছে। এয়াতো কথাই অনন্য। সন্মুখত শুনিলে তোমালোকে বহুত মজা পোৱা। জানা যে আমাক বাবাই সন্মুখত বুজাই আছে। বাবাও ইমান সূক্ষ্ম, যিমান আমি আত্মাসকল সূক্ষ্ম। তেওঁক কোৱা হয় পৰমপিতা পৰমাত্মা, পৰম মানে সৰ্বোচ্চ (চুপ্ৰীম)। একেবাৰে সিপাৰত পৰমধামত থাকোঁতা। একেবাৰে সিপাৰত তোমালোক সন্তানসকলো থাকা। পিতাই কিমান সূক্ষ্ম কথা শুনায়। আৰম্ভণিত বুজাইছিল জানো। দিনে-প্ৰতিদিনে তোমালোক সন্তানসকলে কিমান গম্ভীৰ জ্ঞান পাই থাকা। কোনে দিয়ে? উচ্চতকৈও উচ্চ ভগৱানে। তেওঁ আহি কয়- সন্তানসকল, আত্মাই কেনেকৈ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কথা কয়। এনেকৈ কয়ো যে আত্মা ভ্ৰূকুটিৰ মাজত জিলিকি থাকে। কিন্তু কেৱল কোৱাতে সীমিত, কাৰো বুদ্ধিত উদয় নহয়। কাৰো এই জ্ঞান নাই যে বুজাব। তোমালোকৰ মাজতো এই কথাবোৰ বহুত কমসংখ্যকে বুজি পায়। যিসকলে বুজে তেওঁলোকে আকৌ ভালদৰে ধাৰণ কৰে আৰু তাৰপাছত ধাৰণা কৰায় অৰ্থাৎ বৰ্ণনা কৰে। পৰমপিতা পৰমাত্মা বুলি কোৱা তেন্তে পিতাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ পাব লাগে নহয় জানো। স্বৰ্গৰ মালিক হ'ব লাগে। তেওঁলোকে নিশ্চয় পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পাইছে। ক'ত উত্তৰাধিকাৰ দিলে? সত্যযুগত দিলে নেকি? নিশ্চয় পূৰ্বৰ কৰ্ম। এতিয়া তোমালোকে কৰ্মৰ তত্ত্ব (থিয়ৰি) বুজি পোৱা। তোমালোকক বাবাই এনেকুৱা কৰ্ম শিকায় যাৰ দ্বাৰা তোমালোক এনেকুৱা হ'ব পাৰা। যিহেতু তোমালোক ব্ৰহ্মাৰ মুখ বংশাৱলী হৈছা সেইবাবে শিৱবাবাই ব্ৰহ্মাৰ মুখেৰে তোমালোকক এই জ্ঞান শুনায়। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। কিমান ঘোৰ অন্ধকাৰ হৈ গ'ল। কোনেও পিতাক নাজানে যাৰ পৰা (জ্ঞানৰ) পোহৰ পাব। কয় - আমি ভাৱৰীয়া কৰ্ম ক্ষেত্ৰত ভূমিকা পালন কৰিবলৈ আহিছোঁ। কিন্তু আমি কোন, আমাৰ বাবা কোন - একোৱেই গম নাপায়। গায়নো কৰা হৈছে, অহল্যা, কুজা, গণিকা যিসকল আছে আহি তেওঁলোকক পঢ়ায়। প্ৰদৰ্শনীত বহুত ডাঙৰ ডাঙৰ ব্যক্তিও আহে। কিন্তু তেওঁলোকৰ ভাগ্যত নাই। পিতা হয়েই গৰিবৰ ত্ৰাণ কৰ্তা। 100 গৰাকী চহকীৰ ভিতৰত কাচিৎ কোনোবা এজন ওলাব। সেয়াও উচ্চ পদ পাবলৈ কোনোবা বিৰলজনেহে পুৰুষাৰ্থ কৰে। তোমালোক হৈছা গৰিব। মাতাসকলৰ ওচৰত বহুত ধন থাকে জানো। কন্যাসকলৰ ওচৰত কৰ পৰা আহিব। তেওঁলোকতো (মাতাসকল) তথাপি আধা অংশীদাৰ হয়। কন্যাসকলেতো একোৱেই নাপায়। তেওঁলোক তালৈ গুচি যায় আধা অংশীদাৰ হয়, উত্তৰাধিকাৰ লব নোৱাৰে। পুত্ৰ সন্তানতো সম্পূৰ্ণ মালিক হয়। গতিকে এনেকুৱা কন্যাসকলকহে পোন প্ৰথমে পিতাই নিজৰ কৰি লয়। এফালেতো পঢ়া-শুনা কৰা ব্ৰহ্মচাৰী জীৱন, গৰিব, পৱিত্ৰ, এওঁলোকৰহে পূজা হয়। সকলোবোৰ এই সময়ৰে কথা। এই সময়ত তোমালোকৰ ভূমিকা চলে যাৰ বাবে আকৌ পূজা কৰা হয়। শিৱ জয়ন্তী নোহোৱাকৈ কৃষ্ণ জয়ন্তী হব নোৱাৰে। তোমালোকে জানা যে শিৱ জয়ন্তী, তাৰপাছত কৃষ্ণৰ, ৰামৰ জয়ন্তী। শিৱ জয়ন্তীৰ পৰা জগত অম্বা, জগত পিতাৰো জন্ম হয়। গতিকে নিশ্চয় জগতৰে উত্তৰাধিকাৰ পাব। গোটেই জগতৰ মালিক তোমালোক হোৱা। জগত মাতা হৈছে জগতৰ মালিক। জগত অম্বাৰ বহুত মেলা অনুষ্ঠিত হয়। ব্ৰহ্মাক ইমান পূজা নকৰে। সেয়েহে পিতাই মাতাসকলক আগত ৰাখে। শিৱশক্তি মাতাসকলক সকলোৱে আঘাত কৰিছে, বিশেষকৈ পতিসকলে। এওঁতো পতিসকলৰো পতি। কন্যাসকলক বুজায় - এই জগত অম্বাৰ কন্যাসকল মাষ্টৰ জগত অম্বা হল নহয় জানো। এই কন্যাসকলেও মাকৰ দৰে কাৰ্য কৰি আছে।

মম্মাৰ দৰে তোমালোকো ত্ৰিকালদৰ্শী। পুৰুষ-নাৰী দুয়ো আছে। প্ৰবৃত্তি মাৰ্গ হয়। সখ্যাগৰিষ্ঠ মাতাসকলৰ হয়। নামো এওঁলোকৰ প্ৰসিদ্ধ। ব্ৰহ্মাৰ ইমান প্ৰসিদ্ধ নহয়। সাৰসিদ্ধ ব্ৰাহ্মণে ব্ৰহ্মাক পূজা কৰে। দুই প্ৰকাৰৰ ব্ৰাহ্মণ থাকে - সাৰসিদ্ধ আৰু পুষ্কৰণী। শাস্ত্ৰ শুনাওঁতাসকল বেলেগ হয়। এই সকলোবোৰ কথা পিতাই বহি বুজায়। কেনেকৈ এই চক্ৰ ঘূৰে। কেনেকৈ মই আহোঁ। প্ৰতিশ্ৰুতিতো দিছে নহয় যে মই পুনৰ 5 হাজাৰ বছৰৰ পাছত জ্ঞান শুনাম। গীততো আছে নহয়। যি অতীত হৈ যায় সেয়া পুনৰ ভক্তি মাৰ্গত গায়ন কৰা হয়। এইখনতো অনাদি ড্ৰামা। কেতিয়াও দৃশ্যাগ্ৰহণ নহয়, ইয়াৰ কোনো আদি-মধ্য-অন্ত নাই। চলিয়েই আহি থাকে, পিতাই আহি বুজায় - এই ড্ৰামাখন কেনেকৈ চলি থাকে। 84 জন্ম তোমালোকেই ভোগ কৰিবলগীয়া হয়। তোমালোকহে ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় আদি বৰ্ণত আহা। শিৱবাবা আৰু ব্ৰাহ্মণ দুয়োকে লোপ কৰি দিছে। ব্ৰহ্মাৰ দ্বাৰা তোমালোক ব্ৰাহ্মণ হোৱা। ব্ৰাহ্মণেহে যজ্ঞৰ তত্ত্বাৱধান লয়। পতিতইতো যজ্ঞৰ তত্ত্বাৱধান লব নোৱাৰে। যজ্ঞ যেতিয়া ৰচে তেতিয়া বিকাৰত নাযায়। যাত্ৰাতো বিকাৰত নাযায়। তোমালোক আছা আত্মিক যাত্ৰাত, সেয়েহে বিকাৰত যাব নোৱাৰা। নহলেতো বিঘিনি আহি যাব। তোমালোকৰ হৈছে আত্মিক যাত্ৰা। পিতাই কয় - মই তোমালোক সন্তানসকলক লৈ যাবলৈ আহোঁ। মহৰ নিচিনাকৈ লৈ যাম। তাত আমি আত্মাসকল থাকোঁ। সেয়া হৈছে পৰমধাম য'ত আত্মাসকলে নিবাস কৰে। আকৌ আমি আহি দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হওঁ। এতিয়া পুনৰ ব্ৰাহ্মণ হৈছোঁ। যিসকল ব্ৰাহ্মণ হ'ব তেওঁলোকহে স্বৰ্গলৈ যাব। তাততো ঝুলনাত ঝুলে নহয়। তাততো তোমালোকে ৰত্ন খচিত ঝুলনাত ঝুলিবা। শ্ৰীকৃষ্ণৰ ঝুলনা কিমান সুন্দৰকৈ সজায়। তেওঁৰ প্ৰতি সকলোৰে স্নেহ আছে। গায়নো কৰে নহয় - ভজো ৰাধে গোবিন্দ চলো বৃন্দাবন.। এতিয়া তোমালোক বাস্তৱত তালৈ যাব বাবে তৈয়াৰ হৈ আছা। জানা যে আমাৰ মনোকামনা পূৰ্ণ হয়। এতিয়া তোমালোক ঈশ্বৰীয় পুৰীলৈ যোৱা। জানা যে পিতাই সকলোকে কেনেকৈ লৈ যায়। মাখনৰ পৰা চুলি পৃথক কৰাৰ দৰে। পিতাই তোমালোকক কোনো ধৰণৰ কষ্ট নিদিয়ে। কেনেকৈ সহজে বাদশ্বাহী দিয়ে। পিতাই কয় - য'লৈ যাব লাগে সেইখন নিজৰ কৃষ্ণপুৰীক স্মৰণ কৰা। পোন প্ৰথমে পিতাই তোমালোকক নিশ্চয় ঘৰলৈ লৈ যাব। পুনৰ তাৰ পৰা স্বৰ্গলৈ পঠিয়াই দিব। এতিয়া তোমালোক শান্তিধাম হৈ শ্ৰীকৃষ্ণপুৰীলৈ গৈ আছা। যেনেকৈ দিল্লী হৈ যাবলগীয়া হয়। এতিয়া বুজি পোৱা - উভতি যাওঁ, পুনৰ কৃষ্ণপুৰীলৈ আহিম। আমি শ্ৰীমতত চলি আছোঁ সেয়েহে পিতাক স্মৰণ কৰিব লাগে, পৱিত্ৰ হ'ব লাগে। যাত্ৰা কৰোঁতে সদায় পৱিত্ৰ হৈ থকা যায়। পঢ়া-শুনাও ব্ৰহ্মচৰ্যতে কৰে। পৱিত্ৰতাৰ অতি প্ৰয়োজন। পিতাই তথাপিতো সন্তানসকলক পুৰুষাৰ্থ কৰায়। এই সময়ৰ পুৰুষাৰ্থ তোমালোকৰ কল্প কল্পৰ বাবে হৈ যাব। পুৰুষাৰ্থতো কৰিব লাগে নহয়, এইখন অতি উচ্চ পঢ়াশালী তেন্তে নিশ্চয় পঢ়া উচিত। ভগৱানে স্বয়ং পঢ়ায়। এটা দিনো খতি কৰিব নালাগে। আটাইতকৈ মূল্যৱান পঢ়া হয়। এই বাবাই কেতিয়াও খতি নকৰে। ইয়াত তোমালোক সন্তানসকলে সন্মুখত সম্পদেৰে জোলোঙা ভৰপূৰ কৰিব পাৰা। যিমানে পঢ়িবা সিমানে নিচা বাঢ়িব। যদি বন্ধন নাই তেন্তে থাকি যাব পাৰা। কিন্তু মায়া এনেকুৱা যে বন্ধনত বান্ধি দিয়ে। বহুত আছে যিয়ে ছুটীও পায়। পিতাই কয় - পূৰা সজীৱ হৈ যোৱা। বাহিৰলৈ গ'লে আকৌ এই নিচা নাথাকে। বহুতৰে আকৌ কেৱল মুৰুলি পঢ়িলেই নিচা বাঢ়ি যায়। বহুত বিঘিনি আহিব। সহায় সেইসকলে পাব যিসকল সহায়কাৰী হ'ব, ভালদৰে সেৱা কৰিব। গতিকে তেওঁলোকে অন্তিমত সহায়ো পায় নহয় জানো। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়া আটাইতকৈ মূল্যৱান। স্বয়ং ভগৱানে পঢ়ায় সেয়েহে এদিনো খতি কৰিব নালাগে। জ্ঞান ৰূপী সম্পদেৰে নিজৰ জোলোঙা নিতৌ ভৰপূৰ কৰিব লাগে।

(2) এয়া পঢ়াৰ সময়, যাত্ৰাত গৈ আছা। ৰুদ্ৰ যজ্ঞৰ তত্ত্বাৱধান লব লাগে, সেয়েহে পৱিত্ৰ হৈ নিশ্চয় থাকিব লাগে। কোনো বিকাৰৰ বশীভূত হৈ বিঘিনি আনিব নালাগে।

বৰদান:
ভাগ্যবিধাতা পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা ভাগ্য বিলাই দিওঁতা আৰু বৃদ্ধি কৰোঁতা সৌভাগ্যশালী হোৱা

সকলোতকৈ ডাঙৰ সৌভাগ্য এয়া যে ভাগ্যবিধাতা পিতাই আপোন কৰি ললে! জগতৰ লোক এক চেকেণ্ডৰ বাবে ভগৱানৰ দৃষ্টি পাবলৈ ব্যাকুল হৈ থাকে আৰু তোমালোক সদায় নয়নত সমাহিত হৈ আছা। ইয়াকে সৌভাগ্যশালী বুলি কোৱা হয়। ভাগ্য তোমালোকৰ উত্তৰাধিকাৰ। গোটেই কল্পত এনেকুৱা ভাগ্য এতিয়াহে পোৱা যায়। সেয়েহে ভাগ্য বঢ়াই গৈ থাকা। বঢ়োৱাৰ সাধন হৈছে বিলাই দিয়া। যিমানে আনক বিলাই দিবা অৰ্থাৎ ভাগ্যৱান কৰি তুলিবা সিমানেই ভাগ্য বাঢ়ি গৈ থাকিব।

স্লোগান:
নিৰ্বিঘ্ন আৰু একৰস স্থিতিৰ অনুভৱ কৰিবলৈ হলে একাগ্ৰতাৰ অভ্যাস বঢ়োৱা।