13.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এইখন পাঠশালা হৈছে নৰৰ পৰা নাৰায়ণ হোৱাৰ, পঢ়াওঁতাজন স্বয়ং সত্য পিতা, সত্য শিক্ষক আৰু সৎগুৰু, তোমালোক এইটো নিশ্চয়ত দৃঢ় হৈ থাকিব লাগে

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ কোনটো কথাত অলপো চিন্তা হব নালাগে, কিয়?

উত্তৰ:
যদি কোনোবা আগবাঢ়ি গৈ থাকোতে হাৰ্টফেইল হৈ যায়, শৰীৰ ত্যাগ কৰে তেতিয়া তোমালোকৰ চিন্তা হব নালাগে কিয়নো তোমালোকে জানা প্ৰত্যেকে নিজৰ ভূমিকা পালন কৰিব লাগে। তোমালোক আনন্দিত হব লাগে যে আত্মাই জ্ঞান আৰু যোগৰ সংস্কাৰ লৈ গল গতিকে আৰুহে ভাৰতৰ ভাল সেৱা কৰিব। চিন্তাৰ কথা নাই। এয়াতো ড্ৰামাৰ নিয়তি (নাটক অনুসৰি হবলগীয়া)।

গীত:-
তুম্‌হী হো মাতা, পিতা তুম্‌হী হো (তুমিয়ে মাতা, পিতা তুমিয়ে)

ওঁম্শান্তি।
পিতাই সন্তানসকলক বুজায়, সন্তানসকলে জানে বাবায়ো সন্তান বুলি মাতে আৰু এই বাপদাদা দুয়োগৰাকী সংযুক্ত ৰূপত আছে। প্ৰথমে বাপদাদা তাৰপাছত সন্তান, এয়া নতুন ৰচনা হল নহয় আৰু পিতাই ৰাজযোগো শিকাই আছে। হুবহু 5 হাজাৰ বছৰ পূৰ্বৰ নিচিনাকৈ পুনৰাই আমাক ৰাজযোগ শিকাই আছে। ভক্তিমাৰ্গত আকৌ তাৰেই কিতাপ ৰচনা কৰি সেয়া গীতা বুলি কৈ দিছে। কিন্তু এই সময়ততো গীতাৰ কোনো কথা নাই। এয়া পাছত শাস্ত্ৰ ৰচনা কৰি তাক শ্ৰীমদ্ভাগৱত গীতা বুলি কৈ দিলে, সহজ ৰাজযোগৰ কিতাপ। ভক্তিমাৰ্গত কিতাপ পঢ়ি লাভ নহব। এনেয়ে শিৱক স্মৰণ কৰিলে কোনো উত্তৰাধিকাৰ পাব নোৱাৰে। উত্তৰাধিকাৰ কেৱল সংগমতহে পাব পাৰি। পিতা হয়েই বেহদৰ উত্তৰাধিকাৰ দিওঁতা আৰু উত্তৰাধিকাৰো দিব সংগমত। পিতাই ৰাজযোগ শিকায়। বাকী সন্ন্যাসী আদিয়ে যি শিকায় তেওঁলোকে শিকোৱা আৰু ইয়াত শিকোৱাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। তেওঁলোকৰ বুদ্ধিত গীতা থাকে আৰু ভাবে কৃষ্ণই গীতা শুনালে। ব্যাসে লিখিলে। কিন্তু গীতাতো কৃষ্ণয়ো শুনোৱা নাছিল আৰু সেই সময়ো নাছিল। কৃষ্ণৰ ৰূপো সেই সময়ত থাকিব নোৱাৰে। পিতাই সকলো কথা স্পষ্ট কৰি বুজায় আৰু কয় এতিয়া বিচাৰ কৰা। তেওঁলোকৰ নামো প্ৰসিদ্ধ। সত্য কওঁতাজনেহে নৰৰ পৰা নাৰায়ণ কৰি তুলিব পাৰে। তোমালোক সন্তানসকলে জানা আমি নৰৰ পৰা নাৰায়ণ হবলৈ এই পাঠশালাত বা ৰুদ্ৰ জ্ঞান যজ্ঞত বহি আছোঁ। শিৱবাবা শব্দটি ভাল লাগে। যথাযথ পিতা আৰু দাদা এইটো নিশ্চয়তা আছে। এই নিশ্চয়তাৰে তোমালোক আহিছা। পিতাই ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ শাস্ত্ৰৰ সাৰ বুজায় আৰু বুজাই আছে মই তোমালোকক ত্ৰিকালদৰ্শী কৰি আছোঁ। এনেকুৱা নহয় যে তোমালোক ত্ৰিলোকীনাথ হোৱা। নহয় তোমালোক নাথতো হোৱা কেৱল এক শিৱপুৰীৰ। তাক লোক বুলি কোৱা নহয়। লোক মনুষ্য সৃষ্টিক কোৱা হয়। মনুষ্য লোক চৈতন্য লোক, সেইখন হল নিৰাকাৰী লোক। তোমালোকক কেৱল ত্ৰিলোকৰ জ্ঞান শুনায়, ত্ৰিলোকৰ নাথ কৰি নোতোলে। তিনিখন লোকৰ জ্ঞান পাইছা সেইকাৰণে ত্ৰিকালদৰ্শী বুলি কোৱা হয়। লক্ষ্মী-নাৰায়ণকো ত্ৰিলোকীনাথ বুলি কোৱা নহব। বিষ্ণুকো ত্ৰিলোকীনাথ বুলি কোৱা নহব। তেওঁলোকৰতো তিনিও লোকৰ জ্ঞানেই নাই। লক্ষ্মী-নাৰায়ণ যি বাল্যকালত ৰাধা-কৃষ্ণ আছিল, তেওঁলোকৰ ত্ৰিলোকৰ জ্ঞান নাই। তোমালোক ত্ৰিকালদৰ্শী হব লাগে। জ্ঞান লব লাগে। বাকী কৃষ্ণৰ কাৰণে কয় - ত্ৰিলোকীনাথ আছিল, কিন্তু নহয়। তিনিও লোকৰ নাথ বুলিতো তেওঁক কব যিয়ে ৰাজত্ব কৰিব। তেওঁলোকতো কেৱল বৈকুণ্ঠনাথ হয়, সত্যযুগক বৈকুণ্ঠ বুলি কোৱা হয়। ত্ৰেতাক বৈকুণ্ঠ বুলি কোৱা নহব। এইখন লোকৰো আমি নাথ হব নোৱাৰোঁ। বাবাও কেৱল ব্ৰহ্ম মহাতত্বৰ নাথ। ব্ৰহ্মাণ্ড, যত আমি আত্মাসকল ডিম্বাকৃতিত থাকোঁ, তাৰহে মালিক। ব্ৰহ্মা, বিষ্ণু আৰু শঙ্কৰ সূক্ষ্মবতনত থাকোঁতা সেয়েহে তেওঁলোকক তাৰ নাথ বুলি কব। তোমালোক হোৱা বৈকুণ্ঠৰ নাথ। সেয়া সূক্ষ্মবতনৰ কথা, সেয়া মূলবতনৰ কথা। কেৱল তোমালোকহে ত্ৰিকালদৰ্শী হব পাৰা। তোমালোকৰ তৃতীয় নেত্ৰ মুকলি হৈছে। দেখুৱায়ো ভ্ৰূকুটিৰ মাজত তৃতীয় নেত্ৰ আছে, সেইবাবে ত্ৰিনেত্ৰী বুলি কয়। কিন্তু এইটো চিহ্ন দেৱতাসকলক দিয়ে কিয়নো তোমালোকৰ যেতিয়া কৰ্মাতীত অৱস্থা হৈ যায় তেতিয়া তোমালোক ত্ৰিনেত্ৰী হোৱা, সেয়াতো এই সময়ৰ কথা। বাকী তেওঁলোকেতো জ্ঞানৰ শঙ্খ নবজায়। তেওঁলোকে আকৌ স্থূল শঙ্খৰ কথা লিখি দিছে। এয়া মুখৰ কথা। ইয়াৰ দ্বাৰা তোমালোকে জ্ঞানৰ শঙ্খ বজোৱা। জ্ঞান পঢ়ি আছা। যেনেকৈ ডাঙৰ বিশ্ববিদ্যালয়ত জ্ঞান পঢ়ে। এয়া হৈছে পতিত-পাৱন ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। কিমান ডাঙৰ বিশ্ব বিদ্যালয়ৰ তোমালোক বিদ্যাৰ্থী হোৱা। লগতে তোমালোকে এইটোও জানা যে আমাৰ বাবা, বাবাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। সকলো হয়। এই মাতা-পিতা যিকোনো অৱস্থাতে সুখ দিওঁতা হয় সেইকাৰণে কয় - তুমি মাতা-পিতা। এওঁ হল চেক্ৰীন, বহুত মিঠা। দেৱতাসকলৰ নিচিনা মিঠা কেতিয়াও কোনো হব নোৱাৰে। সন্তানসকলে জানে ভাৰত বহুত সুখী, সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিমান আছিল। একেবাৰে পৱিত্ৰ আছিল। কোৱাই হয় নিৰ্বিকাৰী ভাৰত। এতিয়াতো নকব। এতিয়াতো বিকাৰী পতিত বুলি কব। পিতাই কিমান সহজ কৰি বুজাই আছে। পিতা আৰু উত্তৰাধিকাৰক জানি যায়। বাবাই কিমান অমায়িক কৰি তোলে। তোমালোকেও অনুভৱ কৰা আমি শ্ৰীমতত পঢ়িব আৰু পঢ়াব লাগে। এইটোৱেই ধাণ্ডা। বাকী কৰ্মভোগতো জন্ম-জন্মান্তৰৰ বহুত আছে। ধৰি লোৱা কাৰোবাৰ বেমাৰ হল, পিছদিনা হাৰ্টফেইল হৈ গল তেতিয়া বুজা যায় নাটকৰ নিয়তি। তেওঁ (আত্মাটিয়ে) চাগৈ অন্য ভূমিকা পালন কৰিবলৈ আছে, সেইবাবে দুখৰ কথা নাথাকে। ড্ৰামা অটল। তেওঁ অন্য ভূমিকা পালন কৰিবলগীয়া আছে, চিন্তাৰ কি কথা আছে। আৰুহে ভাৰতৰ ভাল সেৱা কৰিব, কিয়নো সংস্কাৰেই এনেকুৱা লৈ গৈছে, কাৰোবাৰ কল্যাণৰ অৰ্থে। গতিকে আনন্দিত হব লাগে নহয়। বুজাই থাকে - অম্বা মৰিলেও হালুৱা খাবা এই ক্ষেত্ৰত বোধ শক্তি লাগে। তোমালোকে জানা আমি ভাৱৰীয়া। প্ৰত্যেকেই নিজৰ ভূমিকা পালন কৰিব লাগে। নাটকত নিৰ্ধাৰিত হৈ আছে। এটা শৰীৰ এৰি অন্য ভূমিকা পালন কৰিব লাগে। ইয়াৰ পৰা যিবোৰ সংস্কাৰ লৈ যাব তাত গুপ্তভাৱে সেৱাই কৰিব। আত্মাত সংস্কাৰতো থাকে নহয়। যিসকল মুখ্য সেৱাধাৰী সন্তান, মানো তেওঁলোকৰে আছে। কেৱল তোমালোক সন্তানসকলহে সেৱা কৰোঁতা, ভাৰতৰ কল্যাণ কৰোঁতা হোৱা। বাকী অন্য সকলোৱে অকল্যাণহে কৰে। পতিত কৰি তোলে। ধৰি লোৱা কোনোবা প্ৰথম শ্ৰেণীৰ সন্ন্যাসীৰ মৃত্যুৰ সময় হল, তেওঁ এনেকৈ বহি যায় - মই শৰীৰ এৰি ব্ৰহ্মত গৈ লীন হৈ যাম। গতিকে তেওঁ গৈ কাৰো কল্যাণ কৰিব নোৱাৰে কিয়নো তেওঁ জানো কল্যাণকাৰী পিতাৰ সন্তান হয়। তোমালোক কল্যাণকাৰীৰ সন্তান হোৱা। তোমালোকে কাৰো অকল্যাণ কৰিব নোৱাৰা। তোমালোকতো যাবা কল্যাণৰ অৰ্থে। এয়া হল পতিত সৃষ্টি। পিতাই অধ্যাদেশ জাৰি কৰিছে যে এতিয়া এই ভোগবলৰ ৰচনা নালাগে। এয়া তমোপ্ৰধান। আধাকল্পৰ পৰা তোমালোকে ইজনে সিজনক কাম কটাৰীৰে দুখ দি আহিছা। এয়া হৈছে ৰাৱণৰ 5টা ভূত যিয়ে তোমালোকক দুখ দিয়ে। ইহঁত তোমালোকৰ ঘোৰ শত্ৰু। বাকী কোনো সোণৰ লঙ্কা আদি নাছিল। এই সকলোবোৰ কথা বহি ৰচনা কৰিছে। পিতাই কয় - এয়াতো বেহদৰ কথা। গোটেই মনুষ্য সৃষ্টি এই সময়ত ৰাৱণৰ শিকলিত বান্ধ খাই আছে। আলোচনীতো ভাল চিত্ৰ প্ৰকাশ পাইছে সকলো ৰাৱণৰ পিঞ্জৰাত বন্দী হৈ আছে, সকলো শোক বনত আছে। অশোক বন নাই। অশোকা হোটেল নাই। এয়াতো সকলো শোকৰ হোটেল, বহুত লেতেৰা কৰে। তোমালোক সন্তানসকলে জানা - স্বচ্ছ কোন, লেতেৰা কোন? এতিয়া তোমালোক ফুল হৈ আছা।

তোমালোক সন্তানসকলে বুজি পোৱা আত্মাৰ ৰেকৰ্ডত কিমান বিশাল ভূমিকা নিহিত হৈ আছে। এয়া অতি বিস্ময়কৰ কথা। এই অকণমান আত্মাটিত 84 জন্মৰ অবিনাশী ভূমিকা ভৰি আছে। এনেকৈ কয়ো যে আমি পতিত তমোপ্ৰধান। এতিয়া হৈছে অন্ত। অনাহকতে তেজৰ খেল নহয় জানো। এটা বোমাতে কিমান মৰি যায়। তোমালোকে জানা এতিয়া পুৰণি সৃষ্টি নাথাকিবগৈ। এয়া পুৰণা শৰীৰ, পুৰণা সৃষ্টি। আমি নতুন সৃষ্টিত নতুন শৰীৰ পাম, সেইবাবে শ্ৰীমত অনুসৰি পুৰুষাৰ্থ কৰি আছোঁ। নিশ্চয় এই সকলো সন্তান তেওঁৰ (বাবাৰ) সহায়কাৰী হয়। শ্ৰী শ্ৰীৰ শ্ৰীমতত আমি শ্ৰীলক্ষ্মী, শ্ৰী নাৰায়ণ হওঁ। উপ ৰাষ্ট্ৰপতিক জানো ৰাষ্ট্ৰপতি বুলি কব। এয়াতো হবই নোৱাৰে। পাথৰ শিলগুটিত ভগৱানে অৱতাৰ কেনেকৈ লব। তেওঁৰ কাৰণে গায়ন কৰে - যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত যেতিয়া একেবাৰে পতিত হৈ যায়, কলিযুগৰ অন্ত সমীপত আহি যায় তেতিয়া মই আহিবলগীয়া হয়। এতিয়া তোমালোক সন্তানসকলে মোক পিতাক স্মৰণ কৰা। বাবাই সোধে বাবাৰ স্মৃতি থাকেনে? কয় - বাবা বাৰে বাৰে পাহৰি যাওঁ। কিয়? লৌকিক পিতাকতো কেতিয়াও নাপাহৰা। এয়া একেবাৰে নতুন কথা। পিতা নিৰাকাৰ এটি বিন্দু। এইটো অভ্যাস নাই। কয় নহয় আমি কেতিয়াও এনে কথা শুনাও নাই আৰু তেওঁক এনেকৈ স্মৰণো কৰা নাই। দেৱতাসকলৰো এই জ্ঞান নাথাকে। এই জ্ঞান প্ৰায় লোপ হৈ যায়। তেওঁলোকক স্বদৰ্শন চক্ৰধাৰী বুলিও নকব। যদিওবা বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী-নাৰায়ণ বুলি কয়। প্ৰবৃত্তি মাৰ্গৰ কাৰণে দুটা ৰূপ দেখুৱায়। ব্ৰহ্মা-সৰস্বতী, শঙ্কৰ-পাৰ্ৱতী, লক্ষ্মী-নাৰায়ণ। উচ্চতকৈও উচ্চ হৈছে এজন, তাৰপাছত দ্বিতীয়, তৃতীয় এতিয়া পিতাই কয় - সন্তানসকল দেহ সহিত দেহৰ সকলো ধৰ্ম এৰা, নিজক আত্মা বুলি বুজা। মই আত্মা পিতাৰ সন্তান হওঁ। মই সন্ন্যাসী নহয়। পিতাক স্মৰণ কৰা, এই দেহৰ ধৰ্ম পাহৰি যোৱা। বৰ সহজ। এতিয়া পিতাৰ সৈতে বহি আছা। বাবাই বহি ব্ৰহ্মাৰ দ্বাৰা কয়। বাপদাদা দুয়ো সংযুক্ত হৈ আছে। যেনেকৈ দুটা সন্তান একেলগে জন্ম হয় নহয়, এয়াও দুজনৰ ভূমিকা একেলগে চলি আছে। সন্তানসকলক বুজাইছে - অন্তিমৰ স্থিতি অনুসৰিয়ে গতি। যেতিয়া শৰীৰ এৰে, সেই সময়ত যদি বুদ্ধি কৰবাত গুচি যায় তেন্তে তাত গৈ জন্ম লবলগীয়া হব। অন্তকালত পতিৰ মুখ দেখিলে তেতিয়া বুদ্ধি তালৈ গুচি যায়। অন্তকালত যিয়ে যি স্মৃতিত থাকে, সেই সময়খিনিৰ বহুত প্ৰভাৱ পৰে। যদি সেই সময়ত স্মৃতি থাকে যে কৃষ্ণৰ নিচিনা সন্তান হওঁ, তেন্তে কথাই নুসুধিবা। বহুত সুন্দৰ সন্তান হৈ জন্ম লব। এতিয়াতো অন্তিমত এটাই চিন্তা থাকিব লাগে নহয়। এই সময়ত তোমালোকে কি কৰি আছা! জানা যে আমি শিৱবাবাক স্মৰণ কৰোঁ। সকলোৰে সাক্ষাৎকাৰতো হয়েই। মুকুটধাৰীতো কৃষ্ণও হয়, ৰাধাও হয়। ৰাজকুমাৰ-ৰাজকুমাৰীতো হব কিন্তু কেতিয়া? সত্যযুগত নে ত্ৰেতাত? সেয়া আকৌ পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। যিমান পুৰুষাৰ্থ কৰিবা সিমান উচ্চ পদ পাবা। তোমালোকে কোৱা - আমিতো 21 জন্মৰ কাৰণে বাদশ্বাহী লম। মম্মা বাবাই লয় যেতিয়া তেন্তে কিয়নো আমি অনুসৰণ নকৰোঁ। জ্ঞান ধাৰণ কৰি আকৌ কৰাব লাগে, ইমান সেৱা কৰিব লাগে তেতিয়াহে 21 জন্মৰ কাৰণে প্ৰালব্ধ পাবা। স্কুলত যিয়ে ভালদৰে পুৰুষাৰ্থ নকৰে তেতিয়া তেওঁ কম নম্বৰ পায়। তোমালোকে এতিয়া 5 বিকাৰ ৰূপী ৰাৱণৰ ওপৰত বিজয়ী হোৱা। তোমালোকৰ হৈছে অহিংসক যুদ্ধ। যদি ৰামক প্ৰতীক চিহ্ন (ধনুৰ্বাণ) দিয়া নহয় তেন্তে সূৰ্যবংশী, চন্দ্ৰবংশী বুলি কেনেকৈ কোৱা হব। সেয়েহে পিতাই কয় - তোমালোকে যিমান পুৰুষাৰ্থ কৰিবা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হব। দেহৰো যাতে খেয়াল নাথাকে, সকলোকে পাহৰিব লাগে। পিতাই কয় - তোমালোক নাঙঠ (অশৰীৰী) হৈ আহিছিলা আকৌ নাঙঠ হৈ যাব লাগিব। তোমালোক ইমান অকণমান বিন্দুৱে (আত্মাই) এই কাণেৰে শুনা, মুখৰে কথা কোৱা। আমি আত্মাই এটা শৰীৰ এৰি আকৌ অন্য এটালৈ যাওঁ। এতিয়া আমি আত্মাসকল ঘৰলৈ গৈ আছোঁ। বাবাই বৰ ভালকৈ অলংকৃত কৰায়, যাৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হৈ যাওঁ। তোমালোকে জানা শিৱবাবাক স্মৰণ কৰিলে আমি এনেকুৱা হওঁ। গীতাতো আছে - মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা তেতিয়া তোমালোক স্বৰ্গৰ মালিক হবা। একেবাৰে সহজ। বুজিও পায় যথাযথ আমি কল্পই কল্পই আপোনাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ পাওঁ। গায়নো কৰে নহয় ব্ৰহ্মাৰ দ্বাৰা দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা। অনুত্তীৰ্ণ হলে আকৌ ত্ৰেতাৰ ক্ষত্ৰিয় ধৰ্মত গুচি যায়। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় তিনিটা ধৰ্ম প্ৰতিষ্ঠা হয়। সত্যযুগত অন্য কোনো ধৰ্ম নাথাকে, অন্য সকলো পাছত আহে। তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। ভাৰতবাসীয়ে পাহৰি গল যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হওঁ। এয়াও ড্ৰামাত ভূমিকা এনেকৈয়ে নিৰ্ধাৰিত হৈ আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত পঢ়াৰ আৰু পঢ়ুৱাৰ ধাণ্ডা কৰিব লাগে। ড্ৰামাৰ নিয়তিত অটল হৈ থাকিব লাগে। কোনো কথাত চিন্তা কৰিব নালাগে।

(2) অন্তিম কালত একমাত্ৰ পিতাৰ বাহিৰে আৰু কোনো যাতে স্মৃতিলৈ নাহে, সেইকাৰণে এই দেহকো পাহৰাৰ অভ্যাস কৰিব লাগে। অশৰীৰী হব লাগে।

বৰদান:
মন-বুদ্ধিৰে কোনো প্ৰকাৰৰ অশুদ্ধি স্পৰ্শ নকৰা সম্পূৰ্ণ বৈষ্ণৱ আৰু সফল তপস্বী হোৱা

পৱিত্ৰতাৰ ব্যক্তিত্ব আৰু আভিজাত্য থকাজনে মন-বুদ্ধিৰে কোনো প্ৰকাৰৰ অশুদ্ধি স্পৰ্শ কৰিব নোৱাৰে। যেনেকৈ ব্ৰাহ্মণ জীৱনত শাৰীৰিক আকৰ্ষণ বা স্পৰ্শ অপৱিত্ৰতা হয়, তেনেকৈ মন বুদ্ধিত কোনো বিকাৰৰ সংকল্প মাত্ৰৰ আকৰ্ষণ বা স্পৰ্শ অপৱিত্ৰতা হয়। গতিকে যিকোনো অশুদ্ধিক সংকল্পতো স্পৰ্শ নকৰিবা এয়াই সম্পূৰ্ণ বৈষ্ণৱ আৰু সফল তপস্বীৰ চিন।

স্লোগান:
মনৰ বিভ্ৰান্তি সমাপ্ত কৰি বৰ্তমান আৰু ভৱিষ্যত উজ্বল কৰা।