13.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সকলোকে এইটো আনন্দৰ বাৰ্তা শুনোৱা যে এতিয়া পুনৰ বিশ্বত শান্তি স্থাপন হৈ আছে, পিতা আহিছে এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ

প্ৰশ্ন:
তোমালোক সন্তানসকলক বাৰে বাৰে স্মৃতিত থকাৰ ইংগিত কিয় দিয়া হয়?

উত্তৰ:
কিয়নো এভাৰ হেল্দী (সৰ্বদা স্বাস্থ্যৱান) আৰু সৰ্বদা পাৱন হ'বৰ কাৰণে হৈছেই স্মৃতি সেইবাবে যেতিয়াই সময় পোৱা স্মৃতিত থাকা। পুৱাই পুৱাই স্নান আদি কৰি পুনৰ একান্তত চক্র লগোৱা বা বহি যোৱা। ইয়াততো উপাৰ্জনেই উপাৰ্জন। স্মৃতিৰ দ্বাৰাহে বিশ্বৰ মালিক হৈ যাবাগৈ।

ওঁম্শান্তি।
মৰমৰ সন্তানসকলে জানে যে এই সময়ত সকলোৱে বিশ্বত শান্তি বিচাৰে, এইটো আৱাজ শুনি থাকে যে বিশ্বত শান্তি কেনেকৈ হ'ব? কিন্তু বিশ্বত শান্তি কেতিয়া আছিল যাৰ বাবে এতিয়া আকৌ বিচাৰে - এইটো কোনেও নাজানে। তোমালোক সন্তানসকলেহে জানা যে যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তেতিয়া বিশ্বত শান্তি আছিল। এতিয়ালৈকেও লক্ষ্মী-নাৰায়ণৰ মন্দিৰ নিৰ্মাণ কৰি থাকে। তোমালোকে যিকোনো লোককে এইটো ক'ব পাৰা যে বিশ্বত শান্তি 5 হাজাৰ বছৰ পূৰ্বে আছিল, এতিয়া পুনৰ স্থাপন হৈ আছে। কোনে স্থাপন কৰে? এইটো মনুষ্যই নাজানে। তোমালোক সন্তানসকলক পিতাই বুজাইছে, তোমালোকে যিকোনো লোককে বুজাব পাৰা। তোমালোকে লিখিব পাৰা। কিন্তু এতিয়ালৈকে কাৰো সাহস হোৱা নাই যে কাৰোবালৈ লিখিব। বাতৰি কাকতৰ খবৰতো শুনে - সকলোৱে কয় বিশ্বত শান্তি হওঁক। যুদ্ধ আদি হ'লে তেতিয়া মনুষ্যই বিশ্বত শান্তিৰ বাবে যজ্ঞ ৰচিব। কি যজ্ঞ? ৰুদ্র যজ্ঞ ৰচিব। এতিয়া সন্তানসকলে জানে যে এতিয়া পিতাই যাক ৰুদ্র শিৱ বুলিও কোৱা হয়, তেওঁ জ্ঞান যজ্ঞ ৰচিছে। বিশ্বত শান্তি এতিয়া স্থাপন হৈ আছে। সত্যযুগ নতুন সৃষ্টিত য'ত শান্তি আছিল নিশ্চয় ৰাজত্ব কৰোঁতাও থাকিব। নিৰাকাৰী সৃষ্টিৰ ক্ষেত্রততো নকয় যে বিশ্বত শান্তি হওঁক। তাততো হয়েই শান্তি। বিশ্ব মনুষ্যসকলৰ হয়। নিৰাকাৰী সৃষ্টিক বিশ্ব বুলি কোৱা নহয়। সেইখন হৈছে শান্তিধাম। বাবাই বাৰে বাৰে বুজাই থাকে তথাপিও কোনো কোনোৱে পাহৰি যায়, কোনো কোনোৰ বুদ্ধিত থাকে তেওঁলোকে বুজাব পাৰে। বিশ্বত শান্তি কেনেকৈ আছিল, এতিয়া পুনৰ কেনেকৈ স্থাপন হৈ আছে - এয়া কাৰোবাক বুজোৱাতো বহুত সহজ। ভাৰতত যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ৰাজ্য আছিল তেতিয়া এটাই ধৰ্ম আছিল। বিশ্বত শান্তি আছিল, এয়া বহুত সহজে বুজাব পৰা আৰু লিখিব পৰা কথা। ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰোঁতাসকলকো তোমালোকে লিখিব পাৰা - বিশ্বত শান্তি আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আছিল, যেতিয়া এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজত্ব আছিল, যাৰ মন্দিৰ তোমালোকে নিৰ্মাণ কৰোৱা। ভাৰততে এওঁলোকৰ ৰাজত্ব আছিল অন্য কোনো ধৰ্ম নাছিল। এইটোতো সহজ হয় আৰু সাধাৰণ জ্ঞানৰ কথা। ড্রামা অনুসৰি আগলৈ গৈ সকলো বুজি পাব। তোমালোকে এইটো আনন্দৰ বাৰ্তা সকলোকে শুনাব পাৰা, বিউটিফুল (সুন্দৰ) কাৰ্ডত ছপাও কৰিব পাৰা। বিশ্বত শান্তি আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আছিল, যেতিয়া নতুন সৃষ্টি নতুন ভাৰত আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। এতিয়া পুনৰ বিশ্বত শান্তি স্থাপন হৈ আছে। এই কথাবোৰ স্মৰণ কৰিলেও তোমালোক সন্তানসকল বহুত আনন্দিত হব লাগে। তোমালোকে জানা যে পিতাক স্মৰণ কৰিলেহে আমি বিশ্বৰ মালিক হ'মগৈ। সকলো নিৰ্ভৰ কৰিছে তোমালোক সন্তানসকলৰ পুৰুষাৰ্থৰ ওপৰত। বাবাই বুজাইছে - যিখিনি সময় পোৱা বাবাৰ স্মৃতিত থাকা। ৰাতিপুৱা স্নান কৰি পুনৰ একান্তত চক্র লগোৱা বা বহি যোৱা। ইয়াততো উপাৰ্জনেই উপাৰ্জন কৰিব লাগে। এভাৰ হেল্‌দী (সৰ্বদা স্বাস্থ্যৱান) আৰু সৰ্বদা পাৱন হ'বৰ বাবেই স্মৃতি। ইয়াত যদিও সন্ন্যাসীসকল পবিত্র তথাপিও বেমাৰ নিশ্চয় হয়। এইখন হয়েই ৰোগী সৃষ্টি। সেইখন হল নিৰোগী সৃষ্টি। এয়াও তোমালোকে জানা। জগতত কোনোবাই কি জানে যে স্বৰ্গত সকলো নিৰোগী হয়। স্বৰ্গ বুলি কাক কোৱা হয়, কোনেও নাজানে। তোমালোকে এতিয়া জানা। বাবাই কয় যাকেই লগ পোৱা তোমালোকে বুজাব পাৰা। ধৰি লোৱা কোনোবাই নিজকে ৰজা-ৰাণী বুলি কয়। এতিয়া ৰজা-ৰাণীতো কোনো নাই। কোৱা আপোনাকলোকতো এতিয়া ৰজা-ৰাণী নহয়। এইটো বুদ্ধিৰ পৰাও আঁতৰাব লাগিব। মহাৰজা-মহাৰাণী শ্ৰী লক্ষ্মী-নাৰায়ণৰ ৰাজধানীতো এতিয়া স্থাপন হৈ আছে। গতিকে নিশ্চয় ইয়াত কোনো ৰজা-ৰাণী থকা উচিত নহয়। আমি ৰজা-ৰাণী হওঁ - এইটোও পাহৰি যোৱা। অৰ্ডিনাৰী (সাধাৰণ) মনুষ্যৰ নিচিনাকৈ চলক। এওঁলোকৰ ওচৰততো ধন-সোণ আদি থাকে নহয় জানো। এতিয়া বিধি গৃহীত হৈ আছে এই সকলোবোৰ লৈ ল'ব। তেতিয়া কমন (সাধাৰণ) মনুষ্যৰ নিচিনা হৈ যাব। এইবোৰ যুক্তিও ৰচি আছে। গায়নো আছে নহয়, কাৰোবাৰ ধূলিত পোত যাব, কাৰোবাৰ ৰজাই খাব.... এতিয়া ৰজাই কাৰো নাখায়। ৰজাতো নায়েই। প্রজায়ে প্রজাৰ খাই আছে। আজিকালিৰ ৰাজ্য বৰ ৱণ্ডাৰফুল (আশ্চৰ্যজনক)। যেতিয়া ৰজাসকলৰ নাম একেবাৰে নোহোৱা হৈ যায় তেতিয়া ৰাজধানী স্থাপন হয়। এতিয়া তোমালোকে জানা - আমি তালৈ গৈ আছোঁ য'ত বিশ্বত শান্তি থাকে। হয়েই সুখধাম, সতোপ্রধান সৃষ্টি। আমি তালৈ যাবলৈ পুৰুষাৰ্থ কৰি আছোঁ। কন্যাসকলে জাকজমকতাৰে বহি বুজাব লাগে, কেৱল বাহিৰৰ আৰ্টিফিচিয়েল (কৃত্রিম) জাকজমকতা নালাগে। আজিকালিতো আৰ্টিফিচিয়েলো বহুত ওলাইছে নহয় জানো। ইয়াততো সুদৃঢ় ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ দৰকাৰ।

তোমালোক ব্ৰাহ্মণসকলে পিতা ব্ৰহ্মাৰ লগত বিশ্বত শান্তি স্থাপনাৰ কাৰ্য কৰি আছা। এনেকৈ শান্তি স্থাপন কৰোঁতা সন্তানসকল বহুত শান্তচিত্ত আৰু মিঠা হোৱা উচিত কিয়নো এইটো জানে যে আমি বিশ্বত শান্তি স্থাপন কৰিবৰ বাবে নিমিত্ত হৈছোঁ। গতিকে প্ৰথমে আমাৰ মাজত বহুত শান্তি থকা উচিত। বাৰ্তালাপো বহুত ধীৰেৰে, বহুত ৰয়েল্টীৰে (মাৰ্জিতভাৱে) কৰিব লাগে। তোমালোক একেবাৰে গুপ্ত। তোমালোকৰ বুদ্ধিত অবিনাশী জ্ঞান ৰত্নৰ খাজনা (সম্পত্তি) ভৰপূৰ হৈ আছে। পিতাৰ তোমালোক উত্তৰাধিকাৰী হোৱা নহয় জানো। পিতাৰ ওচৰত যিমান খাজনা আছে, তোমালোকেও পুৰা ভৰপূৰ কৰি লোৱা উচিত। সকলো সম্পত্তি তোমালোকৰ, কিন্তু সিমানখিনি সাহস নাথাকিলে তেন্তে লব নোৱাৰে। লওঁতাসকলেই উচ্চ পদ পাব। কাৰোবাক বুজাবলৈ বহুত চখ (ৰুচি) থাকিব লাগে। আমি ভাৰতক পুনৰ স্বৰ্গ কৰি তুলিব লাগে। ধান্দা (পেছাগত কাম-কাজ) আদি কৰিও লগতে এইটো ছাৰ্ভিচো (সেৱাও) কৰিব লাগে সেইবাবে বাবাই সোনকালে কৰিবলৈ কয়। তথাপিও হয়তো ড্ৰামা অনুসৰিয়েই। প্ৰত্যেকে নিজৰ সময় অনুসৰি চলি আছে, সন্তানসকলকো পুৰুষাৰ্থ কৰোৱাই আছে। সন্তানসকলৰ নিশ্চয় আছে যে এতিয়া অলপ সময় বাকী আছে। এইটো আমাৰ অন্তিম জন্ম পুনৰ আমি স্বৰ্গত থাকিমগৈ। এইখন হৈছে দুখধাম পুনৰ সুখধাম হৈ যাব। স্থাপনা হবলৈ সময়তো লাগে নহয় জানো। এই বিনাশ সৰু জানো। যেনেকৈ নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া আকৌ নতুন ঘৰহে স্মৃতিত আহে। সেয়া হৈছে হদৰ (সীমিত) কথা, তাত জানো সম্বন্ধ আদি সলনি হৈ যায়। এয়াতো পুৰণি সৃষ্টিখনেই সলনি হৈ যাব আকৌ যিয়ে ভালদৰে পঢ়িব তেওঁলোক ৰজাৰ কুলত আহিব। নহলে প্ৰজাত গুচি যাব। সন্তানসকল বহুত আনন্দিত হোৱা উচিত। বাবাই বুজাইছে - 50-60 জন্ম তোমালোকে সুখ পোৱা। দ্বাপৰতো তোমালোকৰ বহুত ধন থাকে। দুখতো পাচলৈ হয়। ৰজাসকলে যেতিয়া পৰস্পৰ যুদ্ধ কৰে, বিভাজিত হৈ যায় তেতিয়া দুখ আৰম্ভ হয়। প্ৰথমেতো শস্য আদিও বহুত সস্তা (সুলভ) হয়। আকাল (দুৰ্ভিক্ষ) আদিও পাচলৈ হয়। তোমালোকৰ বহুত ধন থাকে। সতোপ্ৰধানৰ পৰা তমোপ্ৰধানলৈ লাহে লাহে আহা। গতিকে তোমালোক সন্তানসকলৰ অন্তৰ বহুত আনন্দিত হৈ থকা উচিত। নিজৰেই যদি আনন্দ নাথাকে, শান্তি নাথাকে তেন্তে বিশ্বত কি শান্তি স্থাপনা কৰিব! বহুতৰে বুদ্ধিত অশান্তি থাকে। পিতা আহেই শান্তিৰ বৰদান দিবলৈ। তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া তমোপ্ৰধান হোৱাৰ বাবে আত্মা যি অশান্ত হৈ গৈছে সেয়া স্মৃতিৰে সতোপ্ৰধান শান্ত হৈ যাব। কিন্তু সন্তানসকলে স্মৃতিত থকাৰ পৰিশ্ৰম নকৰেই, স্মৃতিত নথকাৰ কাৰণেই আকৌ মায়াৰ ধুমুহা আহে। স্মৃতিত থাকি পুৰা পবিত্ৰ নহলে তেতিয়া শাস্তি খাবলগীয়া হব। পদো ভ্ৰষ্ট হব। এনেকৈ বুজিব নালাগে যে স্বৰ্গলৈতো যাম নহয়। হেৰ, মাৰ খাই পা-পইচাৰ সুখ পোৱা এইটো জানো কিবা ভাল কথা। মনুষ্যই উচ্চ পদ পাবলৈ কিমান পুৰুষাৰ্থ কৰে। এনেকুৱা নহয় যে যি পাম সেয়াই ভাল। এনেকুৱা কোনো নাথাকিব যিয়ে পুৰুষাৰ্থ নকৰিব। ভিক্ষা বিচৰা ফকিৰসকলেও নিজৰ কাৰণে পইচা একত্ৰিত কৰে। পইচাৰ বাবেতো সকলো ভোকাতুৰ হয়। পইচাৰে সকলো কথাতে সুখ হয়। তোমালোক সন্তানসকলে জানা যে আমি বাবাৰ পৰা প্ৰচুৰ ধন লওঁ। পুৰুষাৰ্থ কমকৈ কৰিলে তেতিয়া ধনো কমকৈ পাবা। পিতাই ধন দিয়ে নহয় জানো। এনেকৈ কয়ো যে ধন আছে যদি আমেৰিকা আদি পৰিক্ৰমা কৰা। তোমালোকে যিমানে পিতাক স্মৰণ কৰিবা আৰু ছাৰ্ভিচ কৰিবা সিমানে সুখ পাবা। পিতাই প্ৰতিটো কথাতে পুৰুষাৰ্থ কৰায়, উচ্চ কৰি তোলে। বুজি পায় যে সন্তানসকলে আমাৰ কুলৰ নাম উজ্জ্বল কৰিব। তোমালোক সন্তানসকলেও ঈশ্বৰীয় কুলৰ, পিতাৰ নাম উজ্জ্বল কৰিব লাগে। এওঁ সত্য পিতা, সত্য শিক্ষক, সৎগুৰু হৈ গল। উচ্চতকৈ উচ্চ পিতা উচ্চতকৈ উচ্চ সঁচা সৎগুৰুও হল। এইটোও বুজাইছে যে গুৰু এজনেই থাকে, দ্বিতীয় কোনো নাই। সকলোৰে সৎগতি দাতা এজন। এইটোও তোমালোকে জানা। এতিয়া তোমালোক পাৰস (পবিত্ৰ) বুদ্ধিৰ হৈ আছা। পাৰসপুৰীৰ পাৰসনাথ ৰজা-ৰাণী হোৱাগৈ। কিমান সহজ কথা। ভাৰত গল্ডেন এজেড (স্বৰ্ণীম যুগৰ) আছিল, বিশ্বত শান্তি কেনেকৈ আছিল - এইটো তোমালোকে এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ দ্বাৰা বুজাব পাৰা। হেভেনত (স্বৰ্গত) শান্তি আছিল। এতিয়া হৈছে হেল (নৰক)। ইয়াত অশান্তি আছে। হেভেনত এই লক্ষ্মী-নাৰায়ণ থাকে নহয় জানো। কৃষ্ণক লৰ্ড কৃষ্ণা বুলিও কোৱা হয়। কৃষ্ণ ভগৱান বুলিও কয়। এতিয়া লৰ্ডতো অনেক আছে, যাৰ ওচৰত লেণ্ড (জমি) বেছি থাকে তেওঁকো কোৱা হয় লেণ্ড লৰ্ড। কৃষ্ণতো বিশ্বৰ প্ৰিন্স (ৰাজকুমাৰ) আছিল, যিখন বিশ্বত শান্তি আছিল। এইটোও কোনেও নাজানে যে ৰাধা-কৃষ্ণই লক্ষ্মী-নাৰায়ণ হয়।

তোমালোকৰ বাবে জগতৰ লোকসকলে কিমান কথা ৰচে, হুলস্থুলৰ সৃষ্টি কৰে, এনেকৈ কয় যে এওঁলোকে ভাই-ভনীৰ সম্বন্ধ গঢ়ি দিয়ে। বুজোৱা হয় যে প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী ব্ৰাহ্মণ, যাৰ বাবেই গায়ন কৰে যে ব্ৰাহ্মণ দেৱী-দেৱতায়ে নমঃ। ব্ৰাহ্মণেও তেওঁলোকক নমস্কাৰ কৰে কিয়নো তেওঁলোক হৈছে সঁচা ভাই ভনী। পবিত্ৰ হৈ থাকে। তেন্তে পবিত্ৰসকলৰ কিয়নো সন্মান নকৰিব। কন্যা পবিত্ৰ হয় সেয়েহে তেওঁলোকৰো চৰণত পৰে। বাহিৰৰ ভিজিটৰ (দৰ্শনাৰ্থী) আহিলে তেওঁলোকেও কন্যাক নমস্কাৰ কৰিব। এই সময়ত কন্যাৰ ইমান সন্মান কিয় হৈছে? কিয়নো তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা নহয় জানো। মেজৰিটি (সংখ্যাগৰিষ্ঠ) তোমালোক কন্যাসকলেই হোৱা। শিৱশক্তি পাণ্ডৱ সেনা বুলি গায়ন কৰা হৈছে। ইয়াত মেলো (পুৰুষো) আছে, মেজৰিটি মাতাসকলৰ সেয়েহে গায়ন কৰা হয়।গতিকে যিয়ে ভালদৰে পঢ়ে তেওঁলোক উচ্চ হৈ যায়। এতিয়া তোমালোকে গোটেই ৱৰ্ল্ডৰ হিষ্ট্ৰী-জিওগ্ৰাফী (বিশ্বৰ বুৰঞ্জী-ভূগোল) জানি গৈছা। চক্ৰৰ ওপৰতো বুজোৱা বহুত সহজ। ভাৰত পাৰসপুৰী আছিল, এতিয়া হৈছে পাথৰপুৰী। তেন্তে সকলো পাথৰনাথ হৈ গলা নহয় জানো। তোমালোক সন্তানসকলে এই 84ৰ চক্ৰকো জানা। এতিয়া ঘৰলৈ যাব লাগে গতিকে পিতাকো স্মৰণ কৰিব লাগে, যাৰ দ্বাৰা পাপ খণ্ডন হয়। কিন্তু সন্তানসকলে স্মৃতিত থকাৰ পুৰুষাৰ্থ নকৰেই কাৰণ অমনোযোগী হয়। ৰাতিপুৱা নুঠে। যদি উঠেও মজা (আমোদ) নাপায়। টোপনি আহিবলৈ ধৰে সেয়েহে আকৌ শুই যায়। হ'পলেচ্ (নিৰাশ) হৈ যায়। বাবাই কয় - সন্তানসকল, এয়া যুদ্ধক্ষেত্ৰ নহয় জানো। ইয়াত হ'পলেচ্ হ'ব নালাগে। স্মৃতিৰ বলেৰেহে মায়াৰ ওপৰত বিজয়ী হ'ব লাগে। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিব লাগে। বহুত ভাল ভাল সন্তান আছে যিসকলে যথাৰ্থ ৰীতি স্মৰণ নকৰে, চাৰ্ট (খতিয়ানৰ তালিকা) ৰাখিলে লাভ-লোকচানৰ বিষয়ে গম পোৱা যায়। এনেকৈ কয় যে চাৰ্টেতো মোৰ অৱস্থাত চমৎকাৰ কৰি দিলে। এনেকুৱা কোনোবা বিৰলজনেহে চাৰ্ট ৰাখে। এই ক্ষেত্ৰতো বহুত পৰিশ্ৰম হয়। বহুত চেন্টাৰত প্ৰবঞ্চকো গৈ বহে, বিকৰ্ম কৰি থাকে। পিতাৰ ডায়ৰেক্সন (নিৰ্দেশনা) মতে নচলিলে বহুত লোকচান কৰি দিয়ে। সন্তানসকলে গম পায় জানো - নিৰাকাৰে (শিৱবাবাই) কয় নে সাকাৰে (ব্ৰহ্মাবাবাই) কয়? সন্তানসকলক বাৰে বাৰে বুজোৱা হয় - সদায় বুজিবা যে শিৱবাবাই ডাইৰেক্সন দিয়ে। তেতিয়া তোমালোকৰ বুদ্ধি তাত (শিৱবাবাৰ লগত) লাগি থাকিব।

আজি-কালি বাগদান হ'লে ফটো দেখুৱায়, খবৰ কাগজতো প্ৰকাশ কৰে যে এওঁৰ বাবে এনেকুৱা ঘৰৰ (পাত্ৰ-পাত্ৰীৰ) প্ৰয়োজন। সৃষ্টিৰ কি অৱস্থা হৈ গৈছে, কি হ'বলৈ আছে! তোমালোক সন্তানসকলে জানা অনেক প্ৰকাৰৰ মত আছে। তোমালোক ব্ৰাহ্মণসকলৰ হৈছে এক মত। বিশ্বত শান্তি স্থাপনা কৰাৰ মত। তোমালোকে শ্ৰীমতত বিশ্বত শান্তি স্থাপন কৰা গতিকে সন্তানসকলো শান্তিত থাকিব লাগে। যি কৰিব সেয়াই পাব। নহ'লে বহুত লোকচান হয়। জন্ম-জন্মান্তৰলৈ লোকচান হয়। সন্তানসকলক কয় - নিজৰ লোকচান আৰু লাভ পৰ্যবেক্ষণ কৰা। চাৰ্ট চোৱা মই কাৰোবাক দুখতো নিদিলোঁ? পিতাই কয় - তোমালোকৰ এই সময় এটা এটা চেকেণ্ড মষ্ট ভেল্যুৱেবল (অতিকৈ মূল্যবান)। শাস্তি ভূগী তেনেই কিছু প্ৰাপ্তি কৰা সেইটোনো কি ডাঙৰ কথা। তোমালোকতো বহুত ধনৱান হ'ব বিচৰা নহয় জানো। প্ৰথমে যিয়েই পূজ্য হয় তেওঁলোকেই পূজাৰী হ'বলগীয়া হয়। ইমান ধন থাকিব, সোমনাথৰ মন্দিৰ নিৰ্মাণ কৰিব তেতিয়াহে পূজা কৰিব। ইয়াৰো হিচাপ আছে। সন্তানসকলক তথাপি বুজায় - চাৰ্ট ৰাখা তেতিয়া বহুত লাভ হ'ব। নোট কৰিব (টুকি ৰাখিব) লাগে। সকলোকে বাৰ্তা দি গৈ থাকা, চুপ হৈ বহি নাথাকিবা। ট্ৰেইনতো তোমালোকে বুজাই লিটাৰেচাৰ (সাহিত্য) দি দিয়া। কোৱা, এয়া কোটি কোটি মূল্যৰ সম্পত্তি। যেতিয়া ভাৰতত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তেতিয়া বিশ্বত শান্তি আছিল। এতিয়া পিতাই পুনৰাই সেই ৰাজধানী স্থাপন কৰিবলৈ আহিছে, তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু বিশ্বত শান্তি হ'ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি বিশ্বত শান্তি স্থাপনা কৰাৰ নিমিত্ত ব্ৰাহ্মণ হওঁ‌,আমি বহুত শান্তচিত্ত হৈ থাকিব লাগে, বহুত ধীৰেৰেআৰু ৰয়েল্টীৰে (মাৰ্জিতভাৱে) বাৰ্তালাপ কৰিব লাগে।

(2) অমনোযোগীতা ত্যাগ কৰি স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। কেতিয়াও হ'পলেচ্ (নিৰাশ) হ'ব নালাগে।

বৰদান:
বিকাৰ ৰূপী সাপকো শয্যা কৰি লওঁতা বিষ্ণুৰ সমান সদা বিজয়ী, নিচিন্ত হোৱা

বিষ্ণুৰ যি অন্তিম শয্যা দেখুৱায় এয়া তোমালোক বিজয়ী সন্তানসকলৰ সহযোগী জীৱনৰ স্মাৰক। সহজযোগৰ দ্বাৰা বিকাৰ ৰূপী সাপো অধীন হৈ যায়। যিসকল সন্তানে বিকাৰ ৰূপী সাপৰ ওপৰত বিজয় প্ৰাপ্ত কৰি তাক আৰামৰ শয্যা কৰি লয় তেওঁলোক সদায় বিষ্ণুৰ সমান হৰ্ষিত আৰু নিচিন্ত হৈ থাকে। সেয়েহে সদায় এই চিত্ৰ নিজৰ সন্মুখত প্ৰত্যক্ষ কৰা যে বিকাৰবোৰক অধীন কৰি লোৱা অধিকাৰী হওঁ‌। আত্মা সদায় আৰামৰ স্থিতিত নিচিন্ত হৈ আছে।

স্লোগান:
বালক আৰু মালিকভাৱৰ বেলেঞ্চ (সন্তুলনৰ)ৰ দ্বাৰা প্লেনক (পৰিকল্পনাক) প্ৰেক্টিকেলত আনা (বাস্তৱায়িত কৰা)।