13.09.20    Avyakt Bapdada     Assame Murli     22.03.86     Om Shanti     Madhuban


*সুখ শান্তি আৰু আনন্দৰ আধাৰ-পবিত্রতা*


আজি বাপদাদাই চাৰিওফালৰ নিজৰ সকলো পবিত্র (হলিনেচ) আৰু সুখী (হেপিনেচ) সন্তানসকলক চাই আছেহঁক। ইমান ডাঙৰ সংগঠিত ৰূপত এনেকুৱা পবিত্র আৰু সুখী দুয়োটা বিশেষত্বধাৰী, এই গোটেই নাটকত আৰু কোনো ইমান ডাঙৰ সভা বা ইমান ডাঙৰ সংখ্যা হ'ব নোৱাৰে। আজিকালি কাৰোবাক যদিও হাইনেচ বা হলিনেচ (সন্মানসূচক উপাধি অতি মহান, পৰম পূজ্য) উপাধি দিয়েও কিন্তু প্রত্যক্ষ প্রমাণৰ ৰূপত যদি চোৱা তেন্তে সেই পবিত্রতা, মহানতা দেখা নাযাব। বাপদাদাই চাই আছিল ইমান মহান পবিত্র আত্মাসকলৰ সংগঠন ক'ত হ'ব পাৰে। প্রতিগৰাকী সন্তানৰ ভিতৰত এইটো দৃঢ় সংকল্প আছে যে কেৱল কৰ্মেৰে নহয় কিন্তু মন-বাণী-কৰ্ম তিনিওটাৰে পবিত্র হ'বই লাগিব। গতিকে এই পবিত্র হোৱাৰ শ্ৰেষ্ঠ দৃঢ় সংকল্প আৰু ক'তো থাকিব নোৱাৰে। অবিনাশী হ'ব নোৱাৰে, সহজ হ'ব নোৱাৰে। আৰু তোমালোক সকলোৱে পবিত্রতাক ধাৰণ কৰা কিমান সহজ বুলি ভাবা, কিয়নো বাপদাদাৰ দ্বাৰা জ্ঞান প্রাপ্ত হৈছে আৰু জ্ঞানৰ শক্তিৰে জানিলা যে মোৰ; আত্মাৰ অনাদি আৰু আদি স্বৰূপ হয়েই পবিত্র। যিহেতু আদি, অনাদি স্বৰূপৰ স্মৃতি উদয় হল গতিকে এইটো স্মৃতিয়ে সমৰ্থ কৰি তুলি সহজ অনুভৱ কৰাই আছে। জানি গলা যে আমাৰ বাস্তৱিক স্বৰূপ পবিত্র হয়। এই সংগদোষৰ স্বৰূপ অপৱিত্র হয়। তেন্তে বাস্তৱিকতাক আপোন কৰি লোৱা সহজ হৈ গ'ল নহয়।

স্বধৰ্ম, স্বদেশ, স্বৰ পিতা, আৰু স্ব স্বৰূপ, স্ব কৰ্ম সকলোৰে জ্ঞান প্রাপ্ত হ'ল। গতিকে জ্ঞানৰ শক্তিৰে কঠিনো অতি সহজ হৈ গ'ল। যি কথাক আজিকালিৰ মহান আত্মা বুলি কওঁতাসকলেও অসম্ভৱ বুলি ভাবে, অপ্ৰাকৃতিক বুলি ভাবে কিন্তু তোমালোক পবিত্র আত্মাসকলে সেই অসম্ভৱক কিমান সহজে অনুভৱ কৰি ল'লা। পবিত্রতাক আপোন কৰি লোৱা সহজ হয় নে কঠিন হয়? গোটেই বিশ্বৰ আগত প্রত্যাহ্বান জনাই কব পাৰা যে পবিত্রতাতো আমাৰ স্ব-স্বৰূপ হয়। পবিত্রতাৰ শক্তিৰ কাৰণে য'ত পবিত্রতা থাকে তত সুখ আৰু শান্তি স্বতঃ থাকে। পবিত্রতা আধাৰ হয়। পবিত্রতাক মাতৃ বুলি কয়। আৰু সুখ-শান্তি পবিত্রতাৰ সন্তান হয়। য'ত পবিত্রতা থাকে তত সুখ-শান্তি স্বতঃ আছেই সেয়েহে সুখীও হোৱা। কেতিয়াও উদাস (দুখী) হ'ব নোৱাৰা। সদায় সুখী হৈ থাকোঁতা। য'ত পবিত্রতা আছে তত সুখো নিশ্চয় আছে। পবিত্র আত্মাসকলৰ লক্ষণ সদায় সুখী হয়। গতিকে বাপদাদাই চাই আছে যে কিমান নিশ্চয় বুদ্ধিৰ পাৱন আত্মা বহি আছে। জগতৰ লোকে সুখ-শান্তিৰ পিচত দৌৰে। কিন্তু সুখ-শান্তিৰ আধাৰেই হৈছে পবিত্রতা। এই আধাৰক নাজানে সেয়েহে পবিত্রতাৰ আধাৰ মজবুত নোহোৱাৰ কাৰণে অল্পকালৰ কাৰণে সুখ আৰু শান্তি প্রাপ্ত হয়ো কিন্তু এতিয়াই আছে, এতিয়াই নাই। চিৰকালৰ সুখ-শান্তিৰ প্ৰাপ্তি পবিত্ৰতা অবিহনে অসম্ভৱ। তোমালোকে আধাৰক আপোন কৰি ল'লা সেয়েহে সুখ-শান্তিৰ পিচত দৌৰিবলগীয়া নহয়। সুখ, শান্তি পবিত্র আত্মাসকলৰ ওচৰলৈ স্বতঃ আহে। যি দৰে সন্তান মাকৰ ওচৰলৈ স্বতঃ আহি যায় নহয় জানো। যিমানেই বিচ্ছিন্ন নকৰা তথাপিও মাকৰ ওচৰলৈ নিশ্চয় যাব। গতিকে সুখ-শান্তিৰ মাতৃ হ'ল পবিত্রতা। য'ত পবিত্রতা আছে, তত সুখ-শান্তি, আনন্দ স্বতঃ আহি যায়। তেন্তে কি হৈ গ'লা? বেগমপুৰৰ বাদশ্বাহ। এই পুৰণি সৃষ্টিৰ বাদশ্বাহ নহয়, কিন্তু বেগমপুৰৰ (দুখ বিহীন) বাদশ্বাহ। এই ব্রাহ্মণ পৰিয়াল বেগমপুৰ অৰ্থাৎ সুখৰ সংসাৰ হয়। তেন্তে এই সুখৰ সংসাৰৰ বেগমপুৰৰ বাদশ্বাহ হৈ গ'লা। হিজ হলিনেচো (মহামহিম; অতি সন্মানীয়) হোৱা নহয় জানো। মুকুটো আছে, আসনো আছে। বাকী কিহৰ অভাৱ! কিমান বঢ়িয়া মুকুট হয়! লাইটৰ মুকুট পবিত্রতাৰ চিন হয়। আৰু বাপদাদাৰ অন্তৰ আসনধাৰী হোৱা। গতিকে বেগমপুৰৰ বাদশ্বাহসকলৰ মুকুটো অনন্য আৰু আসনো অনন্য হয়। বাদশ্বাহীও (সাম্ৰাজ্যও) অনন্য গতিকে বাদশ্বাহো অনন্য হোৱা।

আজিকালিৰ মনুষ্যআত্মাসকলক ইমান দৌৰা-দৌৰি কৰি থকা দেখি বাপদাদাৰো সন্তানসকলৰ ওপৰত পুতৌ ওপজে। কিমান চেষ্টা কৰি থাকে। চেষ্টা অৰ্থাৎ দৌৰা-দৌৰি, পৰিশ্ৰমো বেছি কৰে কিন্তু প্রাপ্তি কি? সুখ যদিও হয় কিন্তু সুখৰ লগত কিবা নহয় কিবা দুখো লগ লাগি থাকিব। আৰু একো নহ'লেও অল্পকালৰ সুখৰ লগত চিন্তা আৰু ভয় এই দুয়োটা বস্তুটো আছেই আছে। গতিকে য'ত চিন্তা আছে তত সুখ (আৰাম) থাকিব নোৱাৰে। য'ত ভয় আছে তত শান্তি থাকিব নোৱাৰে। গতিকে সুখৰ লগত এই দুখ, অশান্তিৰ কাৰণ আছেই আৰু তোমালোক সকলোৱে দুখৰ কাৰণ আৰু নিবাৰণ পাই গলা। এতিয়া তোমালোক সমস্যাবোৰক সমাধান কৰোঁতা সমাধান স্বৰূপ হৈ গ'লা নহয় জানো। সমস্যাবোৰ তোমালোকৰ লগত খেলিবৰ বাবে খেলৰ পুতলা হৈ আহে। খেলিবলৈ আহে ভয় খুৱাবলৈ নহয়। ভয় খাওঁতাতো নোহোৱা নহয়। য'ত সৰ্বশক্তিৰ খাজনা জন্ম-সিদ্ধ অধিকাৰ হৈ গ'ল তেন্তে বাকী কিহৰ অভাৱ থাকিল, ভৰপূৰ হোৱা নহয়। মাষ্টৰ সৰ্বশক্তিমানৰ আগত সমস্যা একোৱেই নহয়। হাতীৰ ভৰিৰ তলত যদি পৰুৱা আহি যায় তেন্তে দেখিবলৈ পোৱা যাবনে? গতিকে এই সমস্যাবোৰো তোমালোক মহাৰথীসকলৰ আগত পৰুৱাৰ সমান। খেল বুলি ভাবিলে আনন্দ থাকে, যিমানেই ডাঙৰ কথা নহওক সৰু হৈ যায়। যিদৰে আজিকালি সৰু ল'ৰা-ছোৱালীক কি খেল খেলিবলৈ দিয়ে, বুদ্ধিৰ। এনেয়েতো সৰু ল'ৰা-ছোৱালীক হিচাপ (অংক) কৰিবলৈ দিলে তেতিয়া বিৰক্ত হৈ যাব। কিন্তু, খেল হিচাপে খেলি খেলি আনন্দেৰে হিচাপ (অংক) কৰিব। গতিকে তোমালোকৰ বাবেও সমস্যা পৰুৱাৰ সমান হয় নহয়। য'ত পবিত্ৰতা, সুখ-শান্তিৰ শক্তি আছে, তত সপোনতো দুখ-অশান্তিৰ লহৰ (ঢৌ) আহিব নোৱাৰে। শক্তিশালী আত্মাসকলৰ সন্মুখত এই দুখ আৰু অশান্তিয়ে আগবাঢ়ি আহিবলৈ সাহস নকৰে। পবিত্ৰ আত্মাসকল সদায় হৰ্ষিত হৈ থকা আত্মা হয়, এইটো সদায় স্মৃতিত ৰাখিবা। অনেক প্ৰকাৰৰ বেমেজালিত দিগভ্ৰান্ত হোৱাৰ পৰা, দুখ-অশান্তিৰ জালৰ পৰা ওলাই আহিলা কিয়নো কেৱল এটা দুখ নাহে। কিন্তু এটা দুখো বংশাৱলীৰ লগত আহে। গতিকে সেই জালৰ পৰা ওলাই আহিলা। নিজকে এনেকুৱা ভাগ্যৱান বুলি ভাবা নহয়?

আজি অষ্ট্ৰেলিয়া নিবাসীসকল বহি আছে। বাপদাদাই সদায়েই অষ্ট্ৰেলিয়া নিবাসীসকলৰ তপস্যা আৰু মহাদানীভাৱৰ বিশেষত্বৰ বৰ্ণনা কৰে। সদায় সেৱাৰ নিষ্ঠাৰ তপস্যাই অনেক আত্মাক আৰু তোমালোক তপস্বী আত্মাসকলক ফল দি আছে। ধৰণী অনুসৰি বিধি আৰু বৃদ্ধি, দুয়োটা দেখি বাপদাদা অতিৰিক্তভাৱে (এক্সট্ৰা) আনন্দিত হৈছে। অষ্ট্ৰেলিয়া হয়েই অসাধাৰণ (এক্সট্ৰা অৰ্ডিনেৰী)। সেৱাৰ বাবে ত্যাগৰ ভাৱনা সকলোৰে বহুত সোনকালে উদয় হয় সেইবাবেইতো ইমানবোৰ সেৱাকেন্দ্র (চেণ্টাৰ) খুলিছে। যিদৰে আমাৰ ভাগ্য গঢ়ি উঠিল সেইদৰে আনৰ ভাগ্য গঢ়ি তুলিব লাগে। দৃঢ় সংকল্প কৰা এয়া হৈছে তপস্যা। গতিকে ত্যাগ আৰু তপস্যাৰ বিধিৰে বৃদ্ধি প্ৰাপ্ত কৰি আছে। সেৱাৰ ভাৱে অনেক হদৰ ভাৱ সমাপ্ত কৰি দিয়ে। এই ত্যাগ আৰু তপস্যাই সফলতাৰ আধাৰ হল, বুজিলা। সংগঠনৰ শক্তি আছে। এজনে কলে আৰু আনজনে কৰিলে। এনেকুৱা নহয় যে এজনে কলে আৰু আনজনে কব যে এয়াতো হব নোৱাৰে। এনেকৈ সংগঠন ভাগি যায়। এজনে কলে আনজনে উৎসাহেৰে সহযোগী হৈ বাস্তৱায়িত কৰিলে, এয়া হৈছে সংগঠনৰ শক্তি। পাণ্ডৱসকলৰো সংগঠন আছে, কেতিয়াও তই-মই (অসহযোগী) নহয়। বচ, বাবা বাবা বুলি কোৱা, তেন্তে সকলো কথা সমাপ্ত হৈ যায়। মনোমালিন্য হয়েই তই-মই, তোৰ-মোৰ হ'লে। পিতাক সন্মুখত ৰাখিলে তেতিয়া কোনো সমস্যাই আহিব নোৱাৰে। আৰু সদায় নিৰ্বিঘ্ন আত্মাসকলে তীব্ৰ পুৰুষাৰ্থৰে উড়ন্ত কলাৰ অনুভৱ কৰে। বহুকালৰ নিৰ্বিঘ্ন স্থিতি, মজবুত স্থিতি হয়। যিসকল বাৰে বাৰে বিঘ্নৰ বশীভূত হয়, তেওঁলোকৰ আধাৰ অপৈণত (অপৰিপক্ক) হৈ যায় আৰু বহুকালৰ নিৰ্বিঘ্ন আত্মাসকল আধাৰ পৰিপক্ক হোৱাৰ কাৰণে নিজেও শক্তিশালী আৰু আনকো শক্তিশালী কৰি তোলে। যিকোনো ভাঙি যোৱা বস্তু যোৰা লগালে সেয়া শক্তিহীন (দুৰ্বল) হৈ যায়। বহুকালৰ শক্তিশালী আত্মা, নিৰ্বিঘ্ন আত্মাসকল অন্তিমতো নিৰ্বিঘ্ন হৈ সন্মান সহকাৰে উৰ্ত্তীণ (পাছ উইথ অনাৰ) হৈ যায় নাইবা প্ৰথম বিভাগত (ফাৰ্ষ্ট ডিভিজনত) আহি যায়। গতিকে সদায় এইটোৱেই লক্ষ্য ৰাখা যে বহুকালৰ নিৰ্বিঘ্ন স্থিতিৰ অনুভৱ নিশ্চয় কৰিব লাগে। এনেকৈ নাভাবিবা যে বিঘ্ন আহিল, সমাপ্ততো হৈ গ'ল নহয়। একো অসুবিধা নাই। কিন্তু বাৰে বাৰে বিঘ্ন অহা আৰু তাক সমাপ্ত কৰা, ইয়াত সময় নষ্ট হয়। শক্তি ক্ষয় হয়। সেইখিনি সময় আৰু শক্তি যদি সেৱাত লগোৱা তেতিয়া একৰ বিপৰীতে পদমগুণ জমা হৈ যাব। সেয়েহে বহুকালৰ নিৰ্বিঘ্ন আত্মাসকল বিঘ্নবিনাশক ৰূপত পূজিত হয়। বিঘ্নবিনাশক উপাধি পূজ্য আত্মাসকলৰ হয়। মই বিঘ্নবিনাশক পূজ্য আত্মা হওঁ, এইটো স্মৃতিৰে সদায় নিৰ্বিঘ্ন হৈ আগলৈ উৰন্ত কলাৰ দ্বাৰা উৰি থাকা আৰু উৰুৱাই থাকা। বুজিলা। নিজৰ বিঘ্ন বিনাশতো কৰিলা, কিন্তু আনৰ বাবে বিঘ্নবিনাশক হ'ব লাগে। চোৱা, তোমালোকে নিমিত্ত আত্মাও (ডাঃ নিৰ্মলাকো) এনেকুৱা পাইছা যিয়ে আৰম্ভণিৰ পৰাই কোনো বিঘ্নৰ সন্মূখীন নহল। সদায় অনাসক্ত (উপৰাম) আৰু স্নেহী হৈ থাকিল। অলপ কঠোৰ (কাঢ়া) হৈ আছিল। ইয়াৰো প্ৰয়োজন আছে। এনেকুৱা কাঢ়া শিক্ষয়িত্ৰী নোপোৱাহেঁতেন ইমান বৃদ্ধি ন'হলহেঁতেন। ইয়াৰ আৱশ্যকো হয়। যিদৰে তিতা (কাঢ়া) দৰব বেমাৰৰ বাবে আৱশ্যক হয় নহয়। গতিকে নাটক অনুসৰি নিমিত্ত আত্মাসকলৰো সংগৰ প্ৰভাৱতো পৰেই আৰু যিদৰে নিজে আহিয়েই সেৱাৰ নিমিত্ত হৈ গ'ল, সেইদৰে অষ্ট্ৰেলিয়াতো আহিয়েই সেৱাকেন্দ্র খোলাৰ সেৱাত লাগি যায়। এই ত্যাগৰ ভাৱনাৰ প্ৰকম্পনেৰে (ভাইব্ৰেচনেৰে) সমগ্ৰ অষ্ট্ৰেলিয়া আৰু তাৰ সম্পর্কত অহা যিবোৰ স্থান আছে, তাত সেইটো ৰূপতে বৃদ্ধি হৈ আছে। তপস্যা আৰু ত্যাগ যাৰ মাজত আছে তেওঁৱেই শ্ৰেষ্ঠ আত্মা হয়। তীব্ৰ পুৰুষাৰ্থীতো সকলো আত্মাই হয় কিন্তু পুৰুষাৰ্থী হোৱা স্বত্বেও বিশেষত্বসমূহে অৱশ্যেই নিজৰ প্ৰভাৱ পেলায়। সম্পন্নতো এতিয়া সকলোৱে হৈ আছা নহয়। সম্পন্ন হৈ গ'ল, এই প্ৰমাণপত্ৰ (চাৰ্টিফিকেট) কোনেও প্ৰাপ্ত কৰা নাই। কিন্তু সম্পন্নতাৰ সমীপত উপস্থিত হৈ গৈছে, ইয়াত ক্ৰম অনুসৰি আছে। কোনোবা বহুত সমীপত উপস্থিত হৈ গৈছে, কোনোবা ক্ৰমানুসৰি আগ-পিছ হৈ আছে। অষ্ট্ৰেলিয়াৰসকল সৌভাগ্যৱান হয়। ত্যাগৰ বীজে ভাগ্য প্ৰাপ্ত কৰাই আছে। শক্তি সেনাও বাপদাদাৰ অতি প্ৰিয় হয় কিয়নো সাহসী হয়। য'ত সাহস আছে ত'ত বাপদাদাৰ সহায় সদায়েই লগত আছে। সদায় সন্তুষ্ট হৈ থাকোঁতা হোৱা নহয়। সন্তুষ্টি সফলতাৰ আধাৰ হয়। তোমালোক সকলো সন্তুষ্ট আত্মা হোৱা, গতিকে সফলতা তোমালোকৰ জন্ম-সিদ্ধ অধিকাৰ হয়। বুজিলা। গতিকে অষ্ট্ৰেলিয়াৰসকল অতিকৈ সমীপ আৰু অতিকৈ মৰমৰ হয় সেয়েহে তেওঁলোকৰ ওপৰত অতিৰিক্ত অধিকাৰ আছে। ভালবাৰু।

অব্যক্ত মুৰুলীবোৰৰ পৰা নিৰ্বাচিত মহাবাক্য (প্ৰশ্ন-উত্তৰ)

প্ৰশ্ন:- শক্তি সেনাৰ নাম গোটেই বিশ্বত কেতিয়া প্ৰসিদ্ধ হ'ব?

উত্তৰ:- যেতিয়া সংগঠিত ৰূপত একৰস স্থিতি অথবা এটা শুদ্ধ সংকল্পত স্থিত হোৱাৰ অভ্যাস হ'ব। সংগঠনত কোনো এজনৰো অন্য কোনো সংকল্প নহওঁক। সকলোৱে এটাই নিষ্ঠাৰে, এটাই অশৰীৰী হোৱাৰ শুদ্ধ সংকল্পত স্থিত হোৱাৰ অভ্যাসী হওঁক তেতিয়া গোটেই বিশ্বৰ ভিতৰতে শক্তি সেনাৰ নাম প্ৰসিদ্ধ হ'ব।

প্রশ্ন:- স্থূল সৈনিকে যুদ্ধক্ষেত্ৰত কিহৰ আধাৰত বিজয়ী হয়? তোমালোকৰ বিজয়ৰ নাগাৰা কেতিয়া বাজিব?

উত্তৰ:- স্থূল সৈনিকে যেতিয়া যুদ্ধক্ষেত্ৰলৈ যায় তেতিয়া এটা আদেশতেই (অৰ্ডাৰতেই) চাৰিওফালে নিজৰ গুলি চলাবলৈ আৰম্ভ কৰি দিয়ে। একেটা সময়তে, এটা আদেশতেই চাৰিওফালে ঘেৰি ধৰে তেতিয়া বিজয়ী হয়। এনেকৈয়ে আত্মিক সেনা, সংগঠিত ৰূপত, এটা ইংগিততেই আৰু এক চেকেণ্ডত, সকলোৱে একৰস স্থিতিত স্থিত হৈ যাব, তেতিয়াহে বিজয়ৰ নাগাৰা বাজিব।

প্রশ্ন:- পিতাৰ কোনটো আদেশক (অৰ্ডাৰক) বাস্তৱায়িত কৰিবলৈ সদা প্ৰস্তুত হৈ থাকিলে তেতিয়া এই কলিযুগী পৰ্বত আতঁৰি যাব?

উত্তৰ:- পিতাই এইটোৱে আদেশ (অৰ্ডাৰ) দিব যে সকলোৱে এক চেকেণ্ডত একৰস স্থিতিত স্থিত হৈ যোৱা। যেতিয়া সকলোৰে সৰ্ব-সংকল্প এক সংকল্পত সমাহিত হৈ যাব তেতিয়া এই কলিযুগী পৰ্বত আতঁৰি যাব। সেই এক চেকেণ্ড সদাকালৰ চেকেণ্ড হয়। এনেকুৱা নহয় যে এক চেকেণ্ড স্থিত হৈ পুনৰ তললৈ আহি যাবা।

প্ৰশ্ন:- প্ৰতি গৰাকী ব্ৰাহ্মণ সন্তানৰ উত্তৰদ্বায়িত্ব কোনটো?

উত্তৰ:- গোটেই সংগঠনক একৰস স্থিতিত স্থিত কৰোৱাৰ বাবে সহযোগী হোৱা- এয়া প্ৰতি গৰাকী ব্ৰাহ্মণৰ উত্তৰদ্বায়িত্ব। যিদৰে সদায় শুভ ভাৱনা অথবা কল্যাণৰ ভাৱনা ৰাখি অজ্ঞানী আত্মাসকলক জ্ঞানৰ জ্যোতি দিয়াৰ বাবে প্ৰয়াস কৰি থাকা। তেনেকৈয়ে নিজৰ এই দৈৱী সংগঠনকো একৰস স্থিতিত স্থিত কৰাৰ অথবা সংগঠনৰ শক্তিক বৃদ্ধি কৰাৰ কাৰণে পৰস্পৰে ভিন্ন ভিন্ন ৰূপেৰে প্ৰয়াস কৰা। ইয়াৰ পৰিকল্পনা (প্লেন) প্ৰস্তুত কৰা। এনেকৈ আনন্দিত হৈ নাযাবা যে মইতো নিজৰ ৰূপত ঠিকেই আছো।

প্রশ্ন:- পৰমাত্ম জ্ঞানৰ বিশেষত্ব কি?

উত্তৰ:- সংগঠনৰ শক্তিয়েই এই পৰমাত্ম জ্ঞানৰ বিশেষত্ব। এই ব্ৰাহ্মণ সংগঠনৰ বিশেষত্ব দেৱতা ৰূপত বাস্তৱিকতে এক ধৰ্ম, এক ৰাজ্য, একমতৰ ৰূপত চলে।

প্রশ্ন:- কোনটো এটা কথাৰ সম্পূৰ্ণ পৰিৱৰ্তনেই সম্পূৰ্ণতাক সমীপত আনিব?

উত্তৰ:- প্ৰত্যেকৰে মাজত যি দেহ-অভিমানৰ মূল সংস্কাৰ আছে, যাক তোমালোকে স্বভাৱ (নেচাৰ) বুলি কোৱা, সেই সংস্কাৰৰ অংশমাত্ৰও নাথাকক। নিজৰ এই সংস্কাৰবোৰক পৰিৱৰ্তন কৰি বাপদাদাৰ সংস্কাৰবোৰক ধাৰণ কৰা- এয়াই অন্তিম পুৰুষাৰ্থ।

প্রশ্ন:- বাপদাদাৰ প্ৰত্যক্ষতা কিহৰ আধাৰত হ'ব?

উত্তৰ:- যেতিয়া প্ৰত্যেকৰে মাজত বাপদাদাৰ সংস্কাৰ দেখা পোৱা যাব। বাপদাদাৰ সংস্কাৰবোৰক নকল কৰি, তেওঁৰ সমান হোৱা তেতিয়া সময় আৰু শক্তিসমূহ বাচি যাব আৰু গোটেই বিশ্বতে বাপদাদাক সহজে প্রত্যক্ষ কৰিব পাৰিব। ভক্তি মাৰ্গততো কেৱল কথিত আছে যে যিফালে চাওঁ সেইফালে কেৱল তুমিয়েই তুমি কিন্তু ইয়াত বাস্তৱত যিফালে চাওঁ, যাকেই দেখোঁ তাত বাপদাদাৰ সংস্কাৰহে দেখা দিয়ক।

বৰদান:
প্ৰভুত্ব দেখুওৱাৰ প্ৰৱণতাৰ অংশকো ত্যাগ কৰোঁতা স্বমানধাৰী পুণ্য আত্মা হোৱা

স্বমানধাৰী সন্তানসকল সকলোকে মান দিওঁতা দাতা হয়। দাতা অৰ্থাৎ দয়াশীল। তেওঁলোকৰ কেতিয়াও কোনো আত্মাৰ প্ৰতি সংকল্প মাত্ৰও প্ৰভুত্ব দেখুওৱাৰ প্ৰৱণতা নাথাকে। এওঁ এনেকুৱা কিয়? এনেকুৱা কৰা উচিত নহয়, হোৱা উচিত নহয়, জ্ঞানে এনেকৈ কয় জানো এয়াও সূক্ষ্ম প্ৰভুত্ব দেখুওৱাৰ প্ৰৱণতাৰ অংশ। কিন্তু স্বমানধাৰী পুণ্য আত্মাসকলে অধঃপতিত হোৱাসকলকো উন্নতিৰ পথলৈ আনিব, সহযোগী কৰি তুলিব তেওঁলোকে কেতিয়াও এইটো সংকল্পও কৰিব নোৱাৰে যে এওঁতো নিজৰ কর্মৰ ফল ভোগ কৰি আছে, কৰিলে নিশ্চয় পাব... এওঁ অধঃপতিত হোৱাই উচিত...। এনেকুৱা সংকল্প তোমালোক সন্তানসকলৰ উদয় হ'ব নোৱাৰে।

স্লোগান:
সন্তুষ্টি আৰু প্ৰসন্নতাৰ বিশেষত্বইহে উৰান্ত কলাৰ অনুভৱ কৰায়।