13.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল বাবা আহিছে তোমালোকক ঘৰৰ ৰাস্তা দেখুৱাবলৈ, তোমালোক আত্মা-অভিমানী হৈ থাকা তেতিয়া এই ৰাস্তা সহজে দৃষ্টিগোচৰ হব

প্ৰশ্ন:
সংগমত কোনটো এনে জ্ঞান পাইছা যাৰবাবে সত্যযুগী দেৱতাসকলক মোহজিৎ বুলি কোৱা হব?

উত্তৰ:
সংগমত তোমালোকক পিতাই অমৰ কথা শুনাই অমৰ আত্মাৰ জ্ঞান দিলে। জ্ঞান পালা- এইখন অবিনাশী পূৰ্ব নিৰ্ধাৰিত নাটক (ড্ৰামা) হয়, প্ৰত্যেক আত্মাই নিজৰ নিজৰ ভূমিকা পালন কৰে। আত্মাই এটা শৰীৰ এৰি আন এটা লয়, ইয়াত কান্দিবলগীয়া কথা নাই। এইটো জ্ঞানৰ বাবে সত্যযুগী দেৱতাসকলক মোহজিৎ বুলি কোৱা হয়। তাত মৃত্যুৰ নাম নাই। আনন্দেৰে পুৰণা শৰীৰ এৰি নতুন লয়।

গীত:
নয়ন হীন কৰাহ দিখাও. (অন্ধজনক মাৰ্গ দৰ্শন কৰা.)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক পিতাই কয় যে ৰাস্তাতো দেখুৱাইছোঁ কিন্তু প্ৰথমে নিজক আত্মা বুলি নিশ্চয় কৰি বহা। দেহী-অভিমানী হৈ বহা তেতিয়া তোমালোকে ৰাস্তা বহুত সহজে দেখিবলৈ পাবা। ভক্তি মাৰ্গত আধাকল্প হাবাথুৰি খাইছা। ভক্তি মাৰ্গৰ অনেক সামগ্ৰী আছে। এতিয়া পিতাই বুজাইছে বেহদৰ পিতা এজনেই। পিতাই কয় - তোমালোকক ৰাস্তা দেখুৱাই আছো। জগতৰ লোকে এইটোও গম নাপায় যে কোনটো ৰাস্তা দেখুৱায়। মুক্তি-জীৱনমুক্তি, গতি-সৎগতিৰ। মুক্তি বুলি কোৱা হয় শান্তিধামক। আত্মাই শৰীৰ অবিহনে একোৱেই কব নোৱাৰে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰাহে আৱাজ হয়, মুখৰ দ্বাৰা আৱাজ হয়। মুখ নহলে আৱাজ কৰ পৰা আহিব। আত্মাই এই কৰ্মেন্দ্ৰিয় পাইছে কৰ্ম কৰিবলৈ। ৰাৱণৰ ৰাজ্যত তোমালোকে বিকৰ্ম কৰা। এই বিকৰ্ম ছিঃ ছিঃ কৰ্ম হৈ যায়। সত্যযুগত ৰাৱণেই নাই সেয়েহে কৰ্ম অকৰ্ম হৈ যায়। তাত 5 বিকাৰ নাথাকে। তাক কোৱা হয় - স্বৰ্গ। ভাৰতবাসী স্বৰ্গবাসী আছিল, এতিয়া আকৌ নৰকবাসী বুলি কব। বিষয় বৈতৰণী নদীত ডুবি কক্‌বকাই থাকে। সকলোৱে এজনে আনজনক দুখ দি থাকে। এতিয়া কয় বাবা এনেকুৱা ঠাইলৈ লৈ যোৱা যত দুখৰ নাম নাই। সেয়াতো ভাৰত যেতিয়া স্বৰ্গ আছিল তেতিয়া দুখৰ নাম নাছিল। স্বৰ্গৰ পৰা নৰকলৈ আহিল, এতিয়া আকৌ স্বৰ্গলৈ যাব লাগে। এয়া খেল হয়। পিতাইহে সন্তানসকলক বহি বুজায়। সঁচা সৎসংগ এয়া হয়। তোমালোকে ইয়াত সঁচা পিতাক স্মৰণ কৰা তেৱেঁই উচ্চতকৈও উচ্চ ভগৱান। তেওঁ হল ৰচয়িতা, তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। পিতাইহে সন্তানসকলক উত্তৰাধিকাৰ দিব। হদৰ পিতা থকা সত্ত্বেও আকৌ স্মৰণ কৰে- হে ভগৱান, হে পৰমপিতা পৰমাত্মা দয়া কৰা। ভক্তি মাৰ্গত হাবাথুৰি খাই খাই হায়ৰাণ হৈ গৈছে। কয়- হে বাবা আমাক সুখ-শান্তিৰ উত্তৰাধিকাৰ দিয়া। এয়াতো পিতাইহে দিব পাৰে তাকো 21 জন্মৰ কাৰণে। হিচাপ কৰিব লাগে। সত্যযুগত যেতিয়া এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজত্ব আছিল তেতিয়া নিশ্চয় কম মনুষ্য আছিল। এটা ধৰ্ম আছিল, এখনেই ৰাজ্য আছিল। তাক কোৱা হয় স্বৰ্গ, সুখধাম। নতুন সৃষ্টিক কোৱা হয় সতোপ্ৰধান, পুৰণিক তমোপ্ৰধান বুলি কব। প্ৰতিটো বস্তুৱেই প্ৰথমে সতোপ্ৰধান পাচত সতো-ৰজো-তমোলৈ আহে। শিশুক সতোপ্ৰধান বুলি কব। শিশুক মহাত্মাতকৈও উচ্চ বুলি কোৱা হয়। মহাত্মাসকলেতো জন্ম লৈ পাচত ডাঙৰ হৈ বিকাৰৰ অনুভৱ কৰি ঘৰ-সংসাৰ এৰি গুচি যায়। শিশুৱেতো বিকাৰৰ বিষয়ে নাজানে। একেবাৰে নিষ্পাপ (ইনচেণ্ট) হয় সেইকাৰণে মহাত্মাতকৈও উচ্চ বুলি কোৱা হয়। দেৱতাসকলৰ মহিমা গায়- সৰ্বগুণ সম্পন্ন.. সাধুসকলৰ এনেকুৱা মহিমা কেতিয়াও কৰা নহয়। পিতাই হিংসা আৰু অহিংসাৰ অৰ্থ বুজাইছে। কাৰোবাক মৰা ইয়াক হিংসা বুলি কোৱা হয়। সকলোতকৈ ডাঙৰ হিংসা হৈছে কাম কটাৰী চলোৱাতো। দেৱতাসকল হিংসক নহয়। কাম কটাৰী নচলায়। পিতাই কয় - এতিয়া মই আহিছোঁ তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ। দেৱতা থাকে সত্যযুগত। ইয়াত কোনেও নিজক দেৱতা বুলি কব নোৱাৰে। বুজি পায় যে আমি নীচ পাপী বিকাৰী। তেন্তে আকৌ নিজক দেৱতা বুলি কেনেকৈ কব সেইকাৰণে হিন্দু ধৰ্ম বুলি কৈ দিছে। বাস্তৱত আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। হিন্দুতো হিন্দুস্তানৰ পৰা ওলাইছে। তেওঁলোকে আকৌ হিন্দু ধৰ্ম বুলি কৈ দিছে। তোমালোকে কবা- আমি দেৱতা ধৰ্মৰ হওঁ তেতিয়াও হিন্দুত ধৰি লব। কব আমাৰ ওচৰত স্তম্ভই হিন্দু ধৰ্মৰ আছে। পতিত হোৱাৰ কাৰণে নিজক দেৱতা বুলি কব নোৱাৰে।

এতিয়া তোমালোকে জানা- আমি পূজ্য দেৱতা আছিলোঁ, এতিয়া পূজাৰী হলোঁ। পূজাও প্ৰথমে কেৱল শিৱৰ কৰে পাচত ব্যভিচাৰী পূজাৰী হল। পিতা এজনেই তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। বাকীতো অনেক প্ৰকাৰৰ দেৱী আদি আছে। তেওঁলোকৰ পৰা কোনো উত্তৰাধিকাৰ পোৱা নাযায়। এই ব্ৰহ্মাৰ পৰাও তোমালোকে উত্তৰাধিকাৰ নোপোৱা। এজন হল নিৰাকাৰী পিতা, আনজন হল সাকাৰী পিতা। সাকাৰী পিতা থকা সত্ত্বেও হে ভগৱান, হে পৰমপিতা বুলি কৈ থাকে। লৌকিক পিতাক এনেকৈ নকয়। গতিকে উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। স্বামী আৰু পত্নী আধা আধা অংশীদাৰ (হাফ্‌ পাৰ্টনাৰ) হয় গতিকে পত্নীয়ে আধা ভাগ পাব লাগে। প্ৰথমে আধা পত্নীক দি আধা সন্তানসকলক দিব লাগে। কিন্তু আজিকালিতো সন্তানসকলকেই গোটেই ধন দি দিয়ে। কিছুমানৰ মোহ বহুত থাকে, বুজি পায় যে আমাৰ মৃত্যুৰ পাচত সন্তানেই অধিকাৰী হব। আজিকালিৰ সন্তানেতো পিতাকৰ মৃত্যুৰ পাচত মাকক নোসোধেও। কোনো কোনো মাতৃ-স্নেহী হয়। কোনো কোনো আকৌ মাতৃ-দ্ৰোহী হয়। আজিকালি বেছিভাগেই মাতৃ-দ্ৰোহী হয়। সকলো পইচা উৰুৱাই দিয়ে। ধৰ্মৰ (তোলনীয়া) সন্তানো কিছুমান এনেকুৱা হয় যে বহুত অশান্তিৰ সৃষ্টি কৰে। এতিয়া সন্তানসকলে গীতটি শুনিলা, কয় - বাবা আমাক সুখৰ ৰাস্তা দেখুওৱা যত শান্তি (আৰাম) আছে। ৰাৱণৰ ৰাজ্যততো সুখ হব নোৱাৰে। ভক্তি মাৰ্গততো ইমানখিনিও নুবুজে যে শিৱ বেলেগ, শঙ্কৰ বেলেগ। বচ্‌ মূৰ দোৱাই থাকা, শাস্ত্ৰ পঢ়ি থাকা। বাৰু, ইয়াৰ পৰা কি পাব, একো গম নাপায়। সকলোৰে শান্তিৰ, সুখৰ দাতাতো এজনেই পিতা হয়। সত্যযুগত সুখো আছে, শান্তিও আছে। ভাৰতত সুখ শান্তি আছিল, এতিয়া নাই সেইকাৰণে ভক্তি কৰি দুৱাৰে দুৱাৰে হাবাথুৰি খাই ফুৰে। এতিয়া তোমালোকে জানা শান্তিধাম, সুখধামলৈ লৈ যাওঁতা এজনেই পিতা হয়। বাবা আমি কেৱল আপোনাকেই স্মৰণ কৰিম, আপোনাৰ পৰাই উত্তৰাধিকাৰ লম। পিতাই কয় দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি যাব লাগে। এজন পিতাক স্মৰণ কৰিব লাগে। আত্মা ইয়াতেই পবিত্ৰ হব লাগে। স্মৰণ নকৰিলে তেতিয়া আকৌ শাস্তি খাব লাগিব। পদো ভ্ৰষ্ট হৈ যাব সেইকাৰণে পিতাই কয় স্মৃতিত থকাৰ মেহনত (পৰিশ্ৰম) কৰা। আত্মাসকলক বুজায়। অন্য কোনো সৎসংগ আদি এনেকুৱা নহয় যত এনেকৈ কব - হে আত্মিক সন্তানসকল। এয়া হল আত্মিক জ্ঞান, যি আত্মিক পিতাৰ পৰাহে সন্তানসকলে পায়। আত্মা অৰ্থাৎ নিৰাকাৰ। শিৱও নিৰাকাৰ হয় নহয় জানো। তোমালোক আত্মাও বিন্দু, অতি সূক্ষ্ম। আত্মাক কোনেও দিব্য দৃষ্টিৰ অবিহনে দেখিব নোৱাৰে। দিব্য দৃষ্টি পিতাইহে দিয়ে। ভক্তই বহি হনুমান, গণেশ আদিৰ পূজা কৰে এতিয়া তেওঁলোকৰ সাক্ষাৎকাৰ কেনেকৈ হব। পিতাই কয় - দিব্য দৃষ্টি দাতাতো মইহে হওঁ। যিয়ে বহুত ভক্তি কৰে তেতিয়া আকৌ ময়েই তেওঁলোকক সাক্ষাৎকাৰ কৰাওঁ। কিন্তু ইয়াৰ পৰা লাভ একো নহয়। কেৱল আনন্দিত হৈ যায়। পাপতো তথাপি কৰে, একোৱেই প্ৰাপ্তি নহয়। পঢ়াৰ অবিহনে কিবা হব পাৰিব জানো। দেৱতাসকল সৰ্বগুণ সম্পন্ন হয়। তোমালোকো এনেকুৱা হোৱাচোন। বাকীতো সেয়া সকলো হৈছে ভক্তি মাৰ্গৰ সাক্ষাৎকাৰ। সঁচাকৈ কৃষ্ণৰ সৈতে দোলনাত দোলা, স্বৰ্গত তেওঁৰ সৈতে থাকা। সেয়াতো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। যিমান শ্ৰীমতত চলিবা সিমান উচ্চ পদ পাবা। শ্ৰীমত ভগৱানৰ বুলি গায়ন কৰা হৈছে। কৃষ্ণৰ শ্ৰীমত বুলি কোৱা নহয়। পৰমপিতা পৰমাত্মাৰ শ্ৰীমতৰ দ্বাৰা কৃষ্ণৰ আত্মাই এই পদ পালে। তোমালোক আত্মাও দেৱতা ধৰ্মৰ আছিলা অৰ্থাৎ কৃষ্ণৰ বংশৰ আছিলা। ভাৰতবাসীয়ে এইটো নাজানে যে ৰাধা-কৃষ্ণৰ পৰস্পৰ কি সম্পৰ্ক আছিল। দুয়ো বেলেগ বেলেগ ৰাজ্যৰ আছিল। আকৌ সয়ম্বৰৰ পাচত লক্ষ্মী-নাৰায়ণ হয়। এই সকলোবোৰ কথা পিতাইহে আহি বুজায়। এতিয়া তোমালোকে পঢ়াই স্বৰ্গৰ ৰাজকুমাৰ-ৰাজকুমাৰী হবৰ কাৰণে। ৰাজকুমাৰ-ৰাজকুমাৰীৰ যেতিয়া সয়ম্বৰ হয় তেতিয়া আকৌ নাম সলনি হৈ যায়। গতিকে পিতাই সন্তানসকলক এনেকুৱা দেৱতা কৰি গঢ়ি তোলে। যদিহে পিতাৰ শ্ৰীমতত চলা তেতিয়াহে। তোমালোক হলা মুখ বংশাৱলী, তেওঁলোক হল কোষ বংশাৱলী। সেই ব্ৰাহ্মণসকলে বন্ধনত বান্ধি দিয়ে কাম চিতাত বহুৱাবলৈ। এতিয়া তোমালোক সঁচা সঁচা ব্ৰাহ্মণীসকলে কাম চিতাৰ পৰা নমাই জ্ঞান চিতাত বহুৱাবলৈ বন্ধনত বান্ধি দিয়া। গতিকে সেয়া এৰিবলগা হয়। ইয়াৰ সন্তানেতো হাই-কাজিয়া কৰি পইচাও গোটেইবোৰ বৰবাদ কৰে। আজিকালিৰ জগতখনত বহুত কলুষতা আছে। সকলোতকৈ বেয়া বেমাৰ হল চিনেমা (বায়স্কোপ)। ভাল সন্তানেও চিনেমা চাবলৈ গলে নষ্ট হৈ যায় সেকাৰণে বি. কে.ক চিনেমা চাবলৈ মানা কৰা হয়। অৱশ্যে হয়, যিসকল মজবুত, তেওঁলোকক বাবাই কয় তাত গৈও তোমালোকে সেৱা কৰা। তেওঁলোকক বুজোৱা যে এয়াতো হল হদৰ চিনেমা। এখন বেহদৰ (অসীমৰ) চিনেমাও আছে। বেহদৰ চিনেমাৰ পৰাই আকৌ এয়া হদৰ মিছা চিনেমা ওলাইছে।

এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাইছে- মুলবতন যত সকলো আত্মা নিবাস কৰে আকৌ মাজত আছে সূক্ষ্মবতন। এয়া হল সাকাৰবতন। খেল গোটেই ইয়াতেই চলে। এই চক্ৰ ঘূৰিয়েই থাকে। তোমালোক ব্ৰাহ্মণ সন্তানসকলেই স্বদৰ্শন চক্ৰধাৰী হব লাগে। দেৱতাসকল নহয়। কিন্তু ব্ৰাহ্মণসকলক এই অলংকাৰ নিদিয়ে কাৰণ পুৰুষাৰ্থী হয়। আজি ভালধৰণে চলি আছে কাইলৈ অৱনতি হৈ যায় সেইকাৰণে দেৱতাসকলক দি দিছে। কৃষ্ণৰ কাৰণে দেখুৱায় স্বদৰ্শন চক্ৰৰে অকাসুৰ-বকাসুৰ আদিক মাৰিলে। এতিয়া তেওঁকতো অহিংসা পৰমধৰ্ম বুলি কোৱা হয় তেন্তে আকৌ হিংসা কেনেকৈ কৰিব! এই সকলোবোৰ হল ভক্তিমাৰ্গৰ সামগ্ৰী। যলৈকে যোৱা শিৱৰ লিংগহে দেখিবা। কেৱল নাম কিমান বেলেগ বেলেগ ৰাখি দিছে। মাটিৰ দেৱীৰ কিমান সাজে। অলংকৃত কৰে, হাজাৰ হাজাৰ টকা খৰচ কৰে। উৎপত্তি কৰি আকৌ পূজা কৰে, পালন কৰে তাৰপাচত গৈ ডুবাই দিয়ে। কিমান খৰচ কৰে পূতলাৰ পূজাত। একোৱেইতো পোৱা নাই। পিতাই বুজায় - এই সকলোবিলাক পইচা বৰবাদ কৰাৰ ভক্তি, ছিৰি নামিয়েই আহিছে। পিতা আহে তেতিয়া সকলোৰে আৰোহণ কলা হয়। সকলোকে শান্তিধাম-সুখধামলৈ লৈ যায়। পইচা বৰবাদ কৰাৰ কথা নাই। আকৌ ভক্তিমাৰ্গত তোমালোকে পইচা বৰবাদ কৰি কৰি কঙাল (ধৰুৱা) (ইনচালভেণ্ট) হৈ গলা। চহকী (চালভেণ্ট), কঙাল (ইনচালভেণ্ট) হোৱাৰ কথা পিতাই বহি বুজায়। তোমালোক এই লক্ষ্মী-নাৰায়ণৰ বংশৰ আছিলা নহয়। এতিয়া তোমালোকক নৰৰ পৰা নাৰায়ণ হোৱাৰ শিক্ষা পিতাই দিয়ে। সেই লোকসকলে তৃতীয় নেত্ৰৰ কথা, অমৰ কথা শুনায়। হওঁতে সকলো মিছা। তৃতীয় নেত্ৰৰ কথাতো এয়া হয়, যাৰ দ্বাৰা আত্মাৰ জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হয়। গোটেই চক্ৰ বুদ্ধিত আহি যায়। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, অমৰ কথাও শুনি আছা। অমৰ বাবাই তোমালোকক কথা (কাহিনী) শুনাই আছে- অমৰপূৰীৰ মালিক কৰি তোলে। তাত তোমালোকৰ কেতিয়াও মৃত্যু নহয়। ইয়াততো মৃত্যুৰ কাৰণে মনুষ্যৰ কিমান ভয়। তাত ভয়ৰ, কন্দাৰ কথা নাই। আনন্দেৰে পুৰণা শৰীৰ এৰি নতুন লৈ লয়। ইয়াত কিমান মনুষ্যই কান্দে। এইখন হৈছেই কন্দাৰ জগত। পিতাই কয় - এইখনতো পূৰ্ব-নিৰ্ধাৰিত নাটক (ড্ৰামা)। প্ৰত্যেকেই নিজৰ নিজৰ ভূমিকা পালন কৰি থাকে। এই দেৱতাসকল মোহজিৎ হয় নহয় জানো। ইয়াততো জগতত অনেক গুৰু আছে যাৰ অনেক মত পোৱা যায়। প্ৰত্যেকৰে মত নিজৰ। এক সন্তোষী দেৱীও আছে যাৰ পূজা হয়। এতিয়া সন্তোষী দেৱীসকলতো সত্যযুগত থাকিব পাৰে, ইয়াত কেনেকৈ থাকিব পাৰে। সত্যযুগত দেৱতাসকল সদায় সন্তুষ্ট হৈ থাকে। ইয়াততো কিবা নহয় কিবা আশা থাকে। তাত কোনো আশা নাথাকে। পিতাই সকলোকে সন্তুষ্ট কৰি দিয়ে। তোমালোক পদমপতি হৈ যোৱা। কোনো অপ্ৰাপ্ত বস্তু নাথাকে যাৰ প্ৰাপ্তিৰ কাৰণে চিন্তা হব। তাত চিন্তা নাথাকেই। পিতাই কয় - সকলোৰে সৎগতিদাতা ময়েই হওঁ। তোমালোক সন্তানসকলক 21 জন্মৰ কাৰণে আনন্দই আনন্দ দিয়ে। এনেকুৱা পিতাক স্মৰণো কৰিব লাগে। স্মৃতিৰ দ্বাৰাই তোমালোকৰ পাপ ভস্ম হব আৰু তোমালোক সতোপ্ৰধান হৈ যাবা। এইবোৰ বুজিবলগীয়া কথা। যিমান আনক বেছিকৈ বুজাবা সিমান প্ৰজা তৈয়াৰ হব আৰু উচ্চ পদ পাবা। এয়া কোনো সাধু আদিৰ কথা নহয়। ভগৱান বহি এওঁৰ মুখৰ দ্বাৰা বুজায়। এতিয়া তোমালোক সন্তুষ্ট দেৱী-দেৱতা হৈ আছা। এতিয়া তোমালোকে ব্ৰতো ৰাখিব লাগে- সদায় পবিত্ৰ হৈ থকাৰ কিয়নো পবিত্ৰ সৃষ্টিলৈ যাব লাগে গতিকে পতিত হব নালাগে। বাবাই এই ব্ৰত শিকাইছে। মনুষ্যই আকৌ অনেক প্ৰকাৰৰ ব্ৰত উলিয়াইছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ মতত চলি সন্তুষ্ট হৈ থাকি সন্তোষী দেৱী হব লাগে। ইয়াত কোনো আশা ৰাখিব নালাগে। পিতাৰ পৰা সকলো প্ৰাপ্তি কৰি পদমপতি হব লাগে।

(2) সকলোতকৈ লেতেৰা কৰি তোলোঁতা হৈছে চিনেমা (বায়স্কোপ)। তোমালোকক চিনেমা চাবলৈ মানা কৰা হৈছে। যদি তোমালোক বাহাদুৰ (বৰ সাহসী) হোৱা তেন্তে হদ আৰু বেহদৰ চিনেমাৰ ৰহস্য বুজি আনক বুজোৱা। সেৱা কৰা।

বৰদান:
বিন্দু (ফুলষ্টপ) স্থিতিৰ (ষ্টেজৰ) দ্বাৰা প্ৰকৃতিৰ অস্থিৰতাক পৰাভূত (ষ্টপ) কৰোঁতা প্ৰকৃতিজিৎ হোৱা

বৰ্তমান সময় অস্থিৰতা বঢ়াৰ সময়। চুড়ান্ত কাকতত (ফাইনেল পেপাৰত) এফালে প্ৰকৃতি আৰু আনফালে পাঁচ বিকাৰৰ ভয়ানক ৰূপ হব। তমোগুণী আত্মাসকলৰ প্ৰহাৰ আৰু পুৰণা সংস্কাৰ... সকলোৱে অন্তিম সময়ত নিজৰ সুবিধা (চান্স) লব। এনেকুৱা সময়ত সামৰি লোৱাৰ শক্তিৰ দ্বাৰা এতিয়াই সাকাৰী, এতিয়াই আকাৰী আৰু এতিয়াই নিৰাকাৰী স্থিতিত স্থিত হোৱাৰ অভ্যাস লাগে। দেখিও নাচাবা, শুনিও নুশুনিবা। যেতিয়া এনেকুৱা বিন্দুৰ স্থিতি (ফুলষ্টপৰ ষ্টেজ) হব তেতিয়া প্ৰকৃতিপতি হৈ অস্থিৰতাক পৰাভূত (ষ্টপ) কৰিব পাৰিবা।

স্লোগান:
নিৰ্বিঘ্ন ৰাজ্য অধিকাৰী হবলৈ হলে নিৰ্বিঘ্ন সেৱাধাৰী হোৱা।