13.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তেজৰ সম্বন্ধতেই দুখ আছে, তোমালোকে সেয়া ত্যাগ কৰি পৰস্পৰ আত্মিক মৰম ৰাখিব লাগে, এয়াই সুখ আৰু আনন্দৰ আধাৰ

প্ৰশ্ন:
বিজয় মালাত আহিবৰ বাবে বিশেষ কোনটো পুৰুষাৰ্থ কৰিব লাগে?

উত্তৰ:
বিজয় মালাত আহিবলৈ হলে বিশেষ হোলী (পৱিত্ৰ) হোৱাৰ পুৰুষাৰ্থ কৰা। যেতিয়া দৃঢ় সন্ন্যাসী অৰ্থাৎ নিৰ্বিকাৰী হবা তেতিয়া বিজয় মালাৰ মণি হবাগৈ। কোনো কৰ্ম বন্ধনৰ হিচাপ-নিকাচ থাকিলে তেন্তে উত্তৰাধিকাৰী হব নোৱাৰিবা, প্ৰজাত গুচি যাবা।

গীত:
মহফিল মে জ্বল উঠি শমা. (ৰঙ্গসভাত জ্বল উঠিল অগ্নিশিখা.)

ওঁম্শান্তি।
চোৱা আমি মহিমাই কৰোঁ নিজৰ পিতাৰ। মই (অহম্‌) আত্মাই নিশ্চয় নিজৰ পিতাক প্ৰত্যক্ষ কৰিম নহয় জানো। সন্তানে পিতাকক প্ৰত্যক্ষ কৰে। তেন্তে মই আত্মা, তোমালোকেও কবা আমি আত্মা, আমাৰ সকলোৰে পিতা এক পৰমাত্মা যিজন সকলোৰে পিতা। এইটোতো সকলোৱে মানিব। এনেকৈ নকয় যে আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা বেলেগ বেলেগ হয়। পিতা সকলোৰে এজন। এতিয়া আমি তেওঁৰ সন্তান হোৱাৰ বাবে তেওঁৰ বৃত্তিৰ (কৰ্তব্যৰ) বিষয়ে জানোঁ। আমি এনেকৈ কব নোৱাৰোঁ যে পৰমাত্মা সৰ্বব্যাপী। তেনেহলেতো সকলোতে পৰমাত্মা বিৰাজমান হৈ যাব। পিতাক স্মৰণ কৰি সন্তানসকল আনন্দিত হয় কিয়নো যি কিছু পিতাৰ ওচৰত থাকে তাৰ উত্তৰাধিকাৰ সন্তানসকল হয়। এতিয়া আমি হৈছোঁ পৰমপিতাৰ উত্তৰাধিকাৰী, তেওঁৰ ওচৰত কি আছে? তেওঁ হৈছে আনন্দৰ সাগৰ, জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ। আমি গম পাওঁ সেইবাবে আমি তেওঁৰ মহিমা কৰোঁ। আনে এনেকৈ নকব। যদিওবা কোনোবাই কয়ো কিন্তু তেওঁ কেনেকুৱা, এয়াতো গম নাপায়। বাকীতো সকলোৱে কৈ দিয়ে - পৰমাত্মা সৰ্বব্যাপী। কিন্তু আমি তেওঁৰ সন্তান হওঁ গতিকে নিজৰ নিৰাকাৰ অমৰ পিতাৰ মহিমা বৰ্ণনা কৰোঁ যে তেওঁ আনন্দৰ সাগৰ, জ্ঞানৰ সাগৰ, প্ৰেমৰ ভাণ্ডাৰ (পুঁজি)। কিন্তু কোনোবাই প্ৰশ্ন উত্থাপন কৰিব যে আপোনালোকে কয় যে তাত নিৰাকাৰী সৃষ্টিততো দুখ সুখৰ পৰা উপৰাম অৱস্থা থাকে। তাত সুখ অথবা আনন্দ অথবা প্ৰেম কৰ পৰা আহিল? এতিয়া এয়া বুজিবলগীয়া কথা। এয়া যি আনন্দ, সুখ অথবা প্ৰেম বুলি কয়, এয়াতো হৈছে সুখৰ অৱস্থা কিন্তু তাত শান্তিৰ দেশত আনন্দ, প্ৰেম অথবা জ্ঞান কৰ পৰা আহিল? তেওঁ সুখৰ সাগৰ যেতিয়া এই সাকাৰ সৃষ্টিলৈ আহে তেতিয়া আহি সুখ দিয়ে। তাততো দুখ সুখৰ পৰা উপৰাম অৱস্থাত থাকে কিয়নো তোমালোকক বুজোৱা হৈছে যে এখন হৈছে দুখ সুখৰ পৰা উপৰাম জগত, যাক নিৰাকাৰী জগত বুলি কয়। দ্বিতীয়খন হৈছে সুখৰ জগত, যত সৰ্বদা সুখ, আনন্দ থাকে, যাক স্বৰ্গ বুলি কোৱা হয় আৰু এয়া হৈছে দুখৰ জগত যাক নৰক অথবা লৌহযুগী জগত বুলি কয়। এতিয়া এই লৌহযুগী জগতক পৰমপিতা পৰমাত্মা যি সুখৰ সাগৰ হয়, তেওঁ আহি ইয়াক পৰিৱৰ্তন কৰি আনন্দ, সুখৰ, প্ৰেমৰ ভাণ্ডাৰ কৰি তোলে। যত সুখেই সুখ থাকে। প্ৰেমেই প্ৰেম থাকে। তাত জীৱ-জন্তুবোৰৰ মাজতো বহুত প্ৰেম থাকে। সিংহ গায়েও একেলগে জল পান কৰে, ইমান সিহঁতৰ মাজত প্ৰেম থাকে। গতিকে পৰমাত্মা আহি যি নিজৰ ৰাজধানী স্থাপন কৰে, তাত সুখ আৰু আনন্দ আছে। বাকী নিৰাকাৰী জগতততো সুখ আনন্দৰ কথাই নাই, প্ৰেমৰ কথাই নাই। সেয়াতো হৈছে নিৰাকাৰী আত্মাসকলৰ নিবাস স্থান। সেয়া হৈছে সকলোৰে অৱসৰ জীৱন অথবা নিৰ্বাণ অৱস্থা। যত দুখ সুখৰ কোনো অনুভূতিয়েই নাথাকে। সেই দুখ সুখৰ ভূমিকাতো এই সাকাৰী জগতত চলে। এইখন সৃষ্টিতেই যেতিয়া স্বৰ্গ হয় তেতিয়া শ্বাশ্বত (চিৰন্তন) আত্মিক মৰম থাকে কিয়নো দুখ হয় তেজৰ সম্বন্ধত। সন্ন্যাসীসকলৰো তেজৰ সম্বন্ধ নাথাকে সেয়েহে তেওঁলোকৰো দুখৰ কোনো কথা নাথাকে। তেওঁলোকেতো কয় - মই সত্য, চৈতন্য, আনন্দ স্বৰূপ হওঁ কিয়নো তেজৰ সম্বন্ধ ত্যাগ কৰি দিয়ে। সেইদৰে ইয়াতো তোমালোকৰ কোনো তেজৰ সম্বন্ধ নাই। ইয়াত আমাৰ সকলোৰে আত্মিক মৰম আছে, যিটো পৰমাত্মাই শিকায়।

পিতাই কয় - তোমালোক মোৰ অতি মৰমৰ সন্তান (ইউ আৰ মাই বিলাভেড চানচ্‌)। মোৰ আনন্দ, প্ৰেম, সুখ তোমালোকৰ কিয়নো তোমালোকে সেইখন জগত এৰি মোৰ কোলালৈ আহিছা (তোলনীয়া হৈছা)। এয়াও তোমালোকে বাস্তৱিক জীৱনত আহি কোলাত আশ্ৰয় লৈছা। এনেকুৱা নহয় যেনেকৈ সেই গুৰুৰ কোলাত গৈ (তোলনীয়া হৈ) আকৌ ঘৰলৈ গুচি যায়। তেওঁলোকক অতি মৰমৰ সন্তান বুলি কোৱা নহব। তেওঁলোক যেন গুৰুসকলৰ প্ৰজা। বাকী যি সন্ন্যাস কৰি তেওঁৰ কোলাত যায় তেওঁলোকহে অতি মৰমৰ সন্তান হয় কিয়নো তেওঁলোকেই গুৰুৰ পাছত গাদীত বহে। সন্তান আৰু প্ৰজাৰ মাজত দিন ৰাতিৰ পাৰ্থক্য থাকে। তেওঁলোকে (সন্তানে) উত্তৰাধিকাৰী হৈ উত্তৰাধিকাৰ লয়। যিদৰে তোমালোকে তেওঁলোকৰ পৰা তেজৰ সম্বন্ধ ত্যাগ কৰি এই নিৰাকাৰ বা সাকাৰৰ কোলালৈ আহিছা (তোলনীয়া হৈছা) গতিকে উত্তৰাধিকাৰী হৈ গলা। ইয়াতো আকৌ যিমান জ্ঞান আহৰণ কৰিব সিমানে পৰমান্দৰ অনুভূতি হব। শিক্ষাক মংগলদায়ক বুলি কোৱা হয়। গতিকে যিমানে জ্ঞান আহৰণ কৰিব, সিমানে সেই ৰাজধানীত প্ৰজাত সুখ পাব। এই ঈশ্বৰীয় শিক্ষা মংগলদায়ক নহয় জানো, যাৰ দ্বাৰা পৰম শান্তি আৰু সুখ পোৱা যায়। এই অটল অখণ্ড সুখ শান্তিময় স্বৰাজ্য হৈছে ঈশ্বৰৰ সম্পত্তি, যি সন্তানসকলে লাভ কৰে। আকৌ যিয়ে যিমান জ্ঞান আহৰণ কৰিব, সিমান পিতাৰ উত্তৰাধিকাৰ পাই যাব। যিদৰে তোমালোকৰ ওচৰত ইমান জিজ্ঞাসু আহে তেওঁলোক হল তোমালোকৰ অতি মৰমৰ প্ৰজা। সন্তান নহয় কিয়নো অহা-যোৱা কৰি থাকে, সন্তানো হব পাৰে কিয়নো প্ৰজাৰ মাজতো কোনোবা উত্তৰাধিকাৰীও হৈ যায়। যেতিয়া জ্ঞান লৈ লৈ দেখে যে ইয়াততো অপাৰ সুখ আৰু শান্তি আছে, সেইখন জগতততো দুখ আছে গতিকে কোলালৈ আহি (তোলনীয়া হৈ) যায়। তৎক্ষণাৎতো কোনো সন্তান হৈ নাযায়। তোমালোকেও প্ৰথমে অহা-যোৱা কৰিছিলা আকৌ শুনি শুনি বহি (বাবাৰ হৈ) গলা, গতিকে উত্তৰাধিকাৰী হৈ গলা। সন্ন্যাসীসকলৰো এনেকুৱা হয়। শুনি শুনি যেতিয়া বুজি পায় যে সন্ন্যাসততো শান্তি সুখ আছে তেতিয়া সন্ন্যাস লৈ লয়। ইয়াতো যেতিয়া সোৱাদ পাই যায় তেতিয়া অতি মৰমৰ সন্তান হৈ যায় তেতিয়া জন্ম-জন্মান্তৰৰ বাবে উত্তৰাধিকাৰ পাই যায়। তেওঁলোক দৈৱী বংশবৃক্ষত আহি থাকে। প্ৰজাতো লগত নাথাকে তেওঁলোক কত কত কর্মবন্ধনত গুচি যায়।

যিদৰে গীতত কয় - ৰঙ্গসভাত জ্বল উঠিল অগ্নিশিখা চগাপোকৰ বাবে। গতিকে চগাবোৰেও অগ্নিশিখাত নৃত্য কৰি কৰি মৰি যায়। কোনোৱে পৰিক্ৰমা লগাই গুচি যায়। এই শৰীৰটোও (ব্ৰহ্মাৰ শৰীৰ) এক অগ্নিশিখা হয় যত সৰ্বশক্তিমান বাবাই প্ৰৱেশ কৰিছে। তোমালোক চগাপোক হৈ আহিলা, অহা-যোৱা কৰি অৱশেষত যেতিয়া ৰহস্য বুজি পালা তেতিয়া বহি গলা। আহেতো হাজাৰ হাজাৰ, লাখ লাখ, তোমালোকৰ দ্বাৰাও শুনি থাকে। তেওঁলোকেতো যিমানে শুনিব সিমানে শান্তি আৰু আনন্দৰ বৰদান প্ৰাপ্ত কৰি গৈ থাকিব কিয়নো অমৰ পিতাৰ এই শিক্ষাৰতো বিনাশ নহয়। ইয়াক কোৱাই হয় অবিনাশী জ্ঞান ধন। ইয়াৰ বিনাশ নহয়। গতিকে যিয়ে কম বেছি পৰিমাণেও শুনে তেওঁ প্ৰজাত নিশ্চয় আহিব। তাততো প্ৰজাও বহুত সুখী হয়। শ্বাশ্বত (চিৰন্তন) আনন্দ থাকে কিয়নো তাত সকলো আত্ম-অভিমানী হৈ থাকে। ইয়াত দেহী-অভিমানী হৈ গৈছে সেয়েহে দুখী হয়। সেয়াতো হয়েই স্বর্গ, তাত দুখৰ নাম চিহ্ন নাই। জন্তুও কিমান সুখ শান্তিত থাকে তেন্তে প্ৰজাৰ মাজত কিমান প্ৰেম আৰু সুখ থাকিব। অৱশ্যে এইটো হয় সকলোৱেতো উত্তৰাধিকাৰী নহয়। ইয়াততো 108 পৰিপক্ক সন্ন্যাসী বিজয় মালাৰ দানা হবগৈ। সেয়াও এতিয়া হোৱা নাই, তৈয়াৰ হৈ আছে। লগতে প্ৰজাও তৈয়াৰ হৈ আছে। তেওঁলোকেও বাহিৰত থাকি শুনি থাকে। ঘৰত বহি যোগযুক্ত হৈ আছে। যোগযুক্ত হৈ হৈ কোনোবা আকৌ ভিতৰলৈ আহি যায় তেতিয়া প্ৰজাৰ পৰা উত্তৰাধিকাৰী হৈ যায়। যেতিয়ালৈকে তেওঁলোকৰ কর্মবন্ধনৰ হিচাপ থাকে কিছুমানে তেতিয়ালৈকে বাহিৰত থাকি যোগযুক্ত হৈ থাকে, নিৰ্বিকাৰী হৈ থাকে। গতিকে ঘৰত থাকি যি নিৰ্বিকাৰী হৈ থাকে তেতিয়া ঘৰত কাজিয়া নিশ্চয় হয় কিয়নো কামাতুৰ, ক্ৰোধী হয়, কাম মহাশত্ৰুৰ ওপৰত তোমালোকে যেতিয়া জয় লাভ কৰা, বিষ দিয়া বন্ধ কৰা তেতিয়া কাজিয়া হয়।

পিতাই কয় - সন্তানসকল, মৃত্যু সন্মুখত থিয় হৈ আছে। গোটেই সৃষ্টিৰ বিনাশ হব। যিদৰে বৃদ্ধ লোকক কয় যে মৃত্যু সন্মুখত, পৰমাত্মাক স্মৰণ কৰা। পিতায়ো কয় সন্তানসকল নিৰ্বিকাৰী হৈ যোৱা। পৰমাত্মাক স্মৰণ কৰা। যিদৰে তীৰ্থলৈ গলে তেতিয়া কাম ক্ৰোধ সকলো বন্ধ কৰি দিয়ে। যাত্ৰা পথত কাম বিকাৰগ্ৰস্ত হোৱাৰ চেষ্টা কৰিব জানো। তেওঁলোকেতো গোটেই যাত্ৰা পথত অমৰনাথৰ জয়, জয় কৰি যায় কিন্তু ঘূৰি অহাৰ পাছত আকৌ সেই বিকাৰতে ডুবি থাকে, তোমালোকতো ঘূৰি আহিব নালাগে। কাম, ক্ৰোধত আহিব নালাগে। বিকাৰত গলে পদ ভ্ৰষ্ট হৈ যাব। পৱিত্ৰ (হোলীনেচ) হব নোৱাৰিবা। যিসকল পৱিত্ৰ হব তেওঁলোক বিজয় মালাত আহিব। যিসকল অকৃতকাৰ্য হব তেওঁলোক চন্দ্ৰবংশী কুলত গুচি যাব।

এয়া তোমালোক সকলোকে পৰমপিতা পৰমাত্মাই বহি পঢ়ায়। তেৱেঁই জ্ঞানৰ সাগৰ নহয় জানো। তাত নিৰাকাৰী সৃষ্টিততো আত্মাসকলক বহি জ্ঞান নুশুনাব। ইয়াত আহি তোমালোকক জ্ঞান শুনায়। কয় - তোমালোক মোৰ সন্তান। যেনেকৈ মই পৱিত্ৰ তেনেকৈ তোমালোকো পৱিত্র হোৱা। তেতিয়া তোমালোকে সত্যযুগত সুখময়, প্ৰেমময় ৰাজত্ব কৰিবা, যাক বৈকুণ্ঠ বুলি কোৱা হয়। এতিয়া এই সৃষ্টিৰ পৰিৱৰ্তন হৈ আছে কিয়নো লৌহ যুগৰ পৰা সোণালী যুগ হৈ আছে। আকৌ সোণালী যুগৰ পৰা ৰূপালী যুগলৈ পৰিৱৰ্তিত হব। ৰূপালী যুগৰ পৰা তাম্ৰ যুগ, আকৌ তাম্ৰ যুগৰ পৰা লৌহ যুগলৈ পৰিৱৰ্তন হৈ যাব। এনেকৈ সৃষ্টি পৰিৱৰ্তন হৈ থাকে। গতিকে এতিয়া এই সৃষ্টি পৰিৱৰ্তন হৈ আছে। কোনে পৰিৱৰ্তন কৰি আছে? পৰমাত্মাই নিজে, তোমালোক যাৰ অতি মৰমৰ সন্তান হৈছা। প্ৰজাও তৈয়াৰ হৈ আছে কিন্তু সন্তান, সন্তান হয়, প্ৰজা প্ৰজা হয়। যিসকলে সন্ন্যাস কৰি লয় তেওঁলোক উত্তৰাধিকাৰী হৈ যায়। তেওঁলোকক ৰাজকীয় বংশত অৱশ্যে লৈ যাব লাগে। কিন্তু যদিহে জ্ঞান ইমান আহৰণ নকৰে তেন্তে পদ নাপাব। যিয়ে পঢ়িব তেৱেঁই নবাব হব। যিসকলে অহা-যোৱা কৰে তেওঁলোক প্ৰজাত আহিব। আকৌ যিমান পৱিত্ৰ হব সিমান সুখ পাব। অতি মৰমৰতো তেওঁলোকো হয় কিন্তু পূৰা অতি মৰমৰ তেতিয়া হয় যেতিয়া সন্তান হয়। বুজিলা।

সন্ন্যাসীও বহুত প্ৰকাৰৰ থাকে। এবিধ আছে যিসকলে ঘৰ-সংসাৰ ত্যাগ কৰে, আনবিধ এনেকুৱাও আছে যিয়ে গৃহস্থালিত থাকে কিন্তু বিকাৰত নাযায়। তেওঁলোকে বহি অনুগামীসকলক শাস্ত্ৰ আদি শুনায়। আত্মাৰ জ্ঞান দিয়ে, তেওঁলোকৰো শিষ্য থাকে। কিন্তু তেওঁলোকৰ শিষ্যসকল তেওঁলোকৰ অতি মৰমৰ সন্তান হব নোৱাৰে কাৰণ তেওঁলোকতো ঘৰ-সংসাৰ, সন্তান থকা লোক। তেন্তে তেওঁলোকে নিজৰ ওচৰততো ৰাখিব নোৱাৰে। নিজেও সন্ন্যাস লোৱা নাই আনকো সন্ন্যাস কৰাব নোৱাৰে। তেওঁলোকৰ শিষ্যসকলো গৃহস্থালিত থাকে। তেওঁলোকৰ ওচৰলৈ অহা-যোৱা কৰি থাকে। গুৰুসকলে কেৱল তেওঁলোকক জ্ঞান দি থাকে অথবা মন্ত্ৰ দি দিয়ে। বচ্‌। এতিয়া তেওঁলোকৰ উত্তৰাধিকাৰীতো নহল তেন্তে তেওঁলোকৰ বৃদ্ধি কেনেকৈ হব। বচ্‌ জ্ঞান দি দি শৰীৰ এৰি গুচি যায়।

চোৱা, এধাৰি মালা আছে 108 ৰ আৰু আনডাল হৈছে তাতকৈ ডাঙৰ 16108 ৰ মালা। সেয়া হৈছে চন্দ্ৰবংশী কুলৰ ৰাজকুমাৰ-ৰাজকুমাৰীৰ মালা। গতিকে ইয়াত যিসকলে ইমান জ্ঞান আহৰণ কৰিব নোৱাৰে, পৱিত্র নহয় তেন্তে শাস্তি ভোগ কৰি চন্দ্ৰবংশী কুলৰ মালাত আহি যাব। ৰাজকুমাৰ-ৰাজকুমাৰীতো বহুত হয়।

এইটো ৰহস্যও তোমালোকে এতিয়া শুনা, এতিয়া জানা। তাত (স্বৰ্গত) এই জ্ঞানৰ কথা নাথাকে। এই জ্ঞানতো কেৱল সংগমত পোৱা যায় যেতিয়া দৈৱী ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। গতিকে শুনালোঁ যে যিয়ে সম্পূৰ্ণৰূপে কৰ্মেন্দ্ৰিয়ক জয় নকৰিব তেওঁলোক চন্দ্ৰবংশী কুলৰ মালাত গুচি যাব। যিসকল জিকিব তেওঁলোক সূৰ্যবংশী কুলত আহিব। তেওঁলোকৰ ভিতৰতো ক্ৰমানুসৰি নিশ্চয় হয়। শৰীৰো অৱস্থা অনুসৰি পায়। চোৱা, সকলোতকৈ আগত মম্মা গল সেয়েহে তেওঁ বৃত্তি পাই গল। তত্ত্বাৱধায়ক (মনিটৰ) হৈ গল। তেওঁক গোটেই জ্ঞানৰ কলহ দি দিলে, তেওঁক ময়ো (ব্ৰহ্মা বাবাই) মাতা বুলি কওঁ কিয়নো ময়ো সম্পূৰ্ণ তন-মন-ধন তেওঁৰ চৰণত অৰ্পণ কৰি দিলোঁ, লৌকিক সন্তানক নিদিলোঁ কাৰণ সেয়াতো তেজৰ সম্বন্ধীয় হৈ গল। এওঁলোকতো শ্বাশ্বত (চিৰন্তন) সন্তান হয়, সকলোৱে সন্ন্যাস কৰি আহে সেয়েহে তেওঁলোকৰ প্ৰতি বেছি মৰম জাগে। শ্বাশ্বত প্ৰেম সকলোতকৈ প্ৰখৰ হয়। সন্ন্যাসীসকলেতো অকলেই ঘৰ-সংসাৰ এৰি আঁতৰি গুচি যায়। ইয়াততো সকলো লৈ আহি অৰ্পণ কৰিছে। পৰমাত্মাই নিজে বাস্তৱত কাৰ্য কৰি দেখুৱায়।

তোমালোকে যিকোনো প্ৰশ্নৰ উত্তৰ ইয়াত পাব পাৰা। সেই পৰমাত্মাই নিজেও আহি কব পাৰে। তেওঁতো যাদুকৰ হয়, তেওঁৰ এই যাদুকৰী ভূমিকা এতিয়া চলি আছে। তোমালোকতো অতি মৰমৰ সন্তান হোৱা, তোমালোকক পিতাই কেতিয়াও নাৰাজ কৰিব নোৱাৰে। নাৰাজ কৰিলেতো সন্তানসকলেও ক্ৰোধ কৰিবলৈ শিকি যাব। ইয়াততো সকলোৰে আন্তৰিক মৰম আছে। স্বৰ্গতো কিমান প্ৰেম থাকে। তাততো সতোপ্ৰধান হৈ থাকে।

ইয়ালৈ যিসকল দৰ্শনাৰ্থী আহে তেওঁলোকৰো বহুত সেৱা হয় কিয়নো তেওঁলোকৰ ওপৰতো শান্তি আৰু আনন্দৰ বৰ্ষা হয়। তেওঁলোক অতি মৰমৰ প্ৰজা হবলৈ গৈ আছে। মা-পিতা সন্তান সকলোৱে তেওঁলোকৰ সেৱাত লাগি যায়। যদিও দেৱী দেৱতা হৈ আছে কিন্তু ইয়াত সেই পদৰ অহংকাৰ নাথাকে। সকলোৱে বাধ্য সেৱক হৈ সেৱাত উপস্থিত হৈ যায়। ভগৱানেও বাধ্য সেৱক হৈ নিজৰ অতি মৰমৰ সন্তানসকলৰ আৰু প্ৰজাৰসকলৰ সেৱা কৰে। তেওঁ সন্তানসকলৰে মংগল কৰে। ভালবাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা নয়নৰ মণি, কল্প কল্প বিচ্ছেদ হৈ থকা সন্তান যিসকল পুনৰ আহি মিলিত হৈছে, এনেকুৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ গভীৰ আন্তৰিক স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যিদৰে বাপদাদাই সন্তানসকলক কেতিয়াও নাৰাজ (অসন্তুষ্ট) নকৰে, সেইদৰে তোমালোক সন্তানসকলেও কাকো নাৰাজ নকৰিবা, পৰস্পৰ আন্তৰিক মৰম-চেনেহেৰে থাকিব লাগে। কেতিয়াও ক্ৰোধ কৰিব নালাগে।

(2) শান্তি আৰু আনন্দৰ বৰদান লবৰ বাবে অগ্নিশিখাত (পৰমাত্মাৰ প্ৰতি) পূৰা উৎসৰ্গিত হৈ যাব লাগে। পঢ়াৰ দ্বাৰা পৰম শান্তি আৰু আনন্দৰ ঈশ্বৰীয় অধিকাৰ লব লাগে।

বৰদান:
সংগঠনত সহযোগৰ শক্তিৰ দ্বাৰা বিজয়ী হওঁতা সকলোৰে শুভচিন্তক হোৱা

যদি সংগঠনত প্ৰত্যেকে ইজন-সিজনৰ সহায়কাৰী, শুভচিন্তক হৈ থাকে তেতিয়া সহযোগৰ শক্তিৰ আৱৰণে বহুত চমৎকাৰ কৰিব পাৰে। পৰস্পৰ ইজন-সিজনৰ শুভচিন্তক, সহযোগী হৈ থাকা তেতিয়া মায়াৰ সাহস নাই যে এই আৱৰণৰ ভিতৰলৈ আহিব পাৰিব। কিন্তু সংগঠনত সহযোগৰ শক্তি তেতিয়া আহিব যেতিয়া এইটো দৃঢ় সংকল্প কৰিবা যে লাগিলে যিমানেই কথা সহ্য কৰিবলগীয়া নহওঁক কিন্তু সন্মুখীন হৈ দেখুৱাম, বিজয়ী হৈ দেখুৱাম।

স্লোগান:
কোনো ইচ্ছাই ভাল হবলৈ নিদিয়ে, সেইকাৰণে ইচ্ছা মাত্ৰম অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ) হোৱা।