13.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতাৰ শ্ৰীমতত চলা মানেই পিতাক ৰিগাৰ্ড (শ্ৰদ্ধা) কৰা, মনমতত চলাসকলে ডিছ্ৰিগাৰ্ড্ (উপেক্ষা) কৰে

প্ৰশ্ন:
গৃহস্থ ধৰ্মত থকাসকলক বাবাই কোনটো কথাত বাধা নিদিয়ে কিন্তু এটা ডাইৰেক্শ্বন্ (নিৰ্দেশনা) দিয়ে সেয়া কি?

উত্তৰ:
বাবাই কয় সন্তানসকল, তোমালোক লাগিলে সকলোৰে সম্পৰ্কত আহা, যিকোনো চাকৰি আদি কৰা, সম্পৰ্কত আহিবলগীয়া হয়, ৰঙীন কাপোৰ পিন্ধিবলগীয়া হয়, বাবাৰ তাত বাধা নিদিয়ে। পিতাইতো কেৱল নিৰ্দেশনা দিয়ে সন্তানসকল, দেহৰ লগতে দেহৰ সকলো সম্বন্ধৰ পৰা মমত্ব আঁতৰাই মোক স্মৰণ কৰা।

ওঁম্শান্তি।
শিৱবাবাই বহি সন্তানসকলক বুজায় অৰ্থাৎ নিজৰ সমান কৰি তুলিবলৈ পুৰুষাৰ্থ কৰায়। যেনেকৈ মই জ্ঞানৰ সাগৰ হওঁ তেনেকৈ সন্তানসকলো হওক। এয়াতো মৰমৰ সন্তানসকলে জানে সকলোৱেতো একে সমান নহব। পুৰুষাৰ্থ প্ৰত্যেকে নিজে-নিজে কৰিবলগীয়া হয়। স্কুলত ষ্টুডেণ্টেতো (বিদ্যাৰ্থীয়ে) বহুত পঢ়ে কিন্তু সকলোৱে একে সমানে পাছ উইথ অনাৰ (সন্মান সহকাৰে উত্তীৰ্ণ) নহয়। তথাপিও শিক্ষকে পুৰুষাৰ্থ কৰায়। তোমালোক সন্তানসকলেও পুৰুষাৰ্থ কৰা। পিতাই সোধে তোমালোক কি হবা? সকলোৱে কয় - আমি আহিছোৱেই নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হবলৈ। এয়াতো ঠিকে আছে কিন্তু নিজৰ এক্টিভিটিও (কৰ্মকাণ্ডও) লক্ষ্য কৰিব নালাগে জানো। পিতাও উচ্চতকৈ উচ্চ, শিক্ষকো হয়, গুৰুও হয়। এই পিতাক কোনেও নাজানে। তোমালোক সন্তানসকলে জানা শিৱবাবা আমাৰ বাবাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। কিন্তু তেওঁ যেনেকুৱা তেনেকৈ তেওঁক জনাও মস্কিল হয়। পিতাক জানিলা কিন্তু তেওঁৰ শিক্ষক আৰু গুৰুৰ ভূমিকা পাহৰি যোৱা। সন্তানসকলে পিতাক শ্ৰদ্ধা কৰিব লাগে। শ্ৰদ্ধা কাক কোৱা হয়? পিতাই যি পঢ়ায়, সেয়া ভালদৰে পঢ়া মানে শ্ৰদ্ধা ৰখা। পিতাতো বহুত মিঠা হয়। ভিতৰি অপাৰ আনন্দিত হৈ থাকিব লাগে। পৰমানন্দিত হৈ থকা উচিত। প্ৰত্যেকে নিজকে সোধা আমাৰ এনেকুৱা আনন্দ আছেনে? সকলোৱেতো একে সমানে থাকিব নোৱাৰে। পঢ়াৰ ক্ষেত্ৰতো ভাষ্ট ডিফাৰেণ্ট (বহুত অন্তৰ) হয়। সেই স্কুলতো কিমান অন্তৰ থাকে। সেয়াতো কমন (সাধাৰণ) শিক্ষকে পঢ়ায়, এয়াতো হল অনকমন (অসাধাৰণ)। এনেকুৱা শিক্ষক কোনো নাই। এয়া কোনেও নাজানে যে নিৰাকাৰ পিতা শিক্ষকো হয়। হয়তো শ্ৰীকৃষ্ণৰ নাম দিছে কিন্তু তেওঁলোকে নাজানে যে তেওঁ পিতা কেনেকৈ হব পাৰে। কৃষ্ণতো দেৱতা নহয় জানো। এনেয়েতো কৃষ্ণ নামো বহুতৰে আছে। কিন্তু কৃষ্ণ বুলি কলে শ্ৰীকৃষ্ণ সন্মুখলৈ আহি যাব। তেওঁতো দেহধাৰী নহয় জানো। তোমালোকে জানিছা এই শৰীৰ তেওঁৰ (শিৱবাবাৰ) নহয়। নিজে কয় মই লোণ লৈছো। এওঁ আগতেও মনুষ্য আছিল, এতিয়াও মনুষ্য হয়। এওঁ ভগৱান নহয়। তেওঁতো এজনে নিৰাকাৰ। এতিয়া তোমালোক সন্তানসকলক কিমান ৰহস্য বুজায়। কিন্তু তথাপিও ফাইনেল (সম্পূৰ্ণৰূপে) পিতা বুলি ভবা, শিক্ষক বুলি ভবা - এয়া এতিয়া নহয়, বাৰে-বাৰে পাহৰি যোৱা। দেহধাৰীৰ ফালে বুদ্ধি গুচি যায়। সম্পূৰ্ণৰূপে পিতা, শিক্ষক আৰু সৎগুৰু হয় এইটো নিশ্চয়, এতিয়া বুদ্ধিত নাই। এতিয়াতো পাহৰি যোৱা। ষ্টুডেণ্টে কেতিয়াবা শিক্ষকক পাহৰে নেকি! হষ্টেল্‌ত যিসকল থাকে তেওঁলোকেতো কেতিয়াও নাপাহৰে। যিসকল ষ্টুডেণ্ট হষ্টেল্‌ত থাকে তেওঁলোকৰ এইটো নিশ্চয় থাকে নহয় জানো। ইয়াতেতো সেইটোও দৃঢ় নিশ্চয় নাই। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হষ্টেল্‌ত বহে সেয়ে যদিও ষ্টুডেণ্ট হয় কিন্তু এইটো দৃঢ় নিশ্চয় নাই, সকলোৱে জানে নিজৰ নিজৰ পুৰুষাৰ্থ অনুসৰি পদ লৈ আছে। সেই পঢ়াততো তথাপিও কোনোৱে বেৰিষ্টাৰ হয়, ইঞ্জিনিয়াৰ হয়, ডাক্তৰ হয়। ইয়াতেতো তোমালোক বিশ্বৰ মালিক হৈ আছা। সেয়ে এনেকুৱা ষ্টুডেণ্টৰ বুদ্ধি কেনেকুৱা হোৱা উচিত। চলন, বাৰ্তালাপ কিমান ভাল হোৱা উচিত।

পিতাই বুজাইছে সন্তানসকল, তোমালোকে কেতিয়াও কান্দিব নালাগে। তোমালোকে বিশ্বৰ মালিক হোৱা, দুখ-পীড়াত বিলাপ কৰিব নালাগে। দুখ-পীড়াত বিলাপ কৰা এয়া হল আটাইতকৈ বেছিকৈ কান্দা। পিতাই কয় যিয়ে কান্দে তেৱেঁই হেৰুৱায় বিশ্বৰ উচ্চতকৈও উচ্চ বাদশ্বাহী হেৰুৱাই বহি যায়। তোমালোকে কোৱা - আমি নৰৰ পৰা নাৰায়ণ হবলৈ আহিছো কিন্তু সেই চলন কত! পুৰুষাৰ্থৰ ক্ৰমানুসৰি সকলোৱে পুৰুষাৰ্থ কৰি আছে। কোনোৱেতো ভালদৰে পাছ কৰি স্কলাৰশ্বিপ (জলপানি) লৈ লয়, কোনোৱে ফেল হৈ যায়। ক্ৰমানুসৰিতো হয়েই। তোমালোকৰ ভিতৰতো কোনোৱে পঢ়ে, কোনোৱে নপঢ়েই। যেনেকৈ গাঁওবাসীসকলে পঢ়িবলৈ ভাল নাপায়। ঘাঁহ কাটিবলৈ কোৱা তেতিয়া আনন্দ মনেৰে যাব। সেয়া স্বতন্ত্ৰ জীৱন বুলি ভাবে। পঢ়া বন্ধন বুলি ভাবে, এনেকুৱাও বহুত আছে। ধনৱানৰ ভিতৰত জমিদাৰ মানুহো কম নাই। নিজকে স্বাধীন বহুত সুখী বুলি ভাবে। চাকৰিৰ নামতো নাই নহয় জানো। অফিচ আদিততো মনুষ্যই চাকৰি কৰে নহয় জানো। এতিয়া তোমালোক সন্তানসকলক বিশ্বক মালিক কৰি তুলিবলৈ পিতাই পঢ়ায়। তোমালোকেতো এই পঢ়াৰ আধাৰত বিশ্বৰ মালিক হোৱা নহয় জানো। বহুত উচ্চ পঢ়া হয়। তোমালোকেতো বিশ্বৰ মালিক একেবাৰে ইণ্ডিপেণ্ডেণ্ট (স্বতত্ৰ) হৈ যোৱা। কিমান সহজ কথা। এটাই পঢ়া যাৰ দ্বাৰা তোমালোক ইমান উচ্চ মহাৰজা-মহাৰাণী হৈ যোৱা সেয়াও পবিত্ৰ। তোমালোকেতো কোৱা যি ধৰ্মৰে নোহোৱা, আহি পঢ়ক। বুজি পাব এই পঢ়াতো বহুত উচ্চ। বিশ্বৰ মালিক হৈ যোৱা, এয়াতো পিতাই পঢ়ায়। এতিয়া তোমালোকৰ বুদ্ধি কিমান বিশাল হৈ গৈছে। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হদৰ বুদ্ধিৰ পৰা বেহদ বুদ্ধিলৈ আহিছা। কিমান আনন্দ থাকে আমি সকলোৱে আনকো বিশ্বৰ মালিক কৰি গঢ়ি তোলো। বাস্তৱতে, চাকৰিতো তাতো থাকে, দাস-দাসী, চাকৰ আদি নালাগে জানো। অশিক্ষিতসকলে শিক্ষিতসকলৰ ভৰি ধুৱাব, সেইবাবে পিতাই কয় ভালদৰে পঢ়া তেতিয়া তোমালোক এনেকুৱা হব পাৰিবা। তোমালোকে কোৱাও আমি এনেকুৱা হম। কিন্তু নপঢ়িলে তেতিয়া কি হবা। নপঢ়িলে তেতিয়া পিতাক ইমান শ্ৰদ্ধাৰে স্মৰণ নকৰে। পিতাই কয় যিমান তোমালোকে স্মৰণ কৰিবা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হব। সন্তানসকলে কয় বাবা তুমি যেনেকৈ চলোৱা, পিতাইয়ো এওঁ (ব্ৰহ্মা)ৰ দ্বাৰাইহে মত দিব নহয় জানো। কিন্তু এওঁৰ মতো নলয়, তথাপিও পুৰণি দুৰৱস্থাত পৰি থকা মনুষ্যৰ মততে চলে। দেখাও পায় শিৱবাবাই এই ৰথৰ দ্বাৰা মত দিয়ে, তথাপি নিজৰ মতত চলে। যাক পাই-পইচা কড়ি তুল্য মত বুলি কোৱা হয়, সেই মতত চলে। ৰাৱণৰ মতত চলি চলি তোমালোক এই সময়ত কড়ি তুল্য হৈ গৈছা। এতিয়া ৰাম শিৱবাবাই মত দিয়ে। নিশ্চয়তে বিজয় হয়, এই ক্ষেত্ৰত কেতিয়াও লোকচান নহয়। লোকচানকো পিতাই লাভলৈ সলনি কৰি দিব। কিন্তু নিশ্চয় বুদ্ধিৰ হব লাগিব। সংশয় বুদ্ধিৰসকলে ভিতৰি শ্বাসৰুদ্ধ হৈ থাকিব। নিশ্চয় বুদ্ধিৰসকলৰ কেতিয়াও শ্বাসৰুদ্ধ নহয়, তেওঁলোকৰ কেতিয়াও লোকচান হব নোৱাৰে। পিতাই নিজে গ্যাৰাণ্টি (অংগীকাৰ) কৰে শ্ৰীমতত চলিলে কেতিয়াও অকল্যাণ হব নোৱাৰে। মনুষ্য মতক দেহধাৰীৰ মত বুলি কোৱা হয়। ইয়াতেতো হৈছেই মনুষ্য মত। গোৱাও হয় মনুষ্য ময়, ঈশ্বৰীয় মত আৰু দৈৱী মত। এতিয়া তোমালোকে ঈশ্বৰীয় মত পোৱা, যাৰ আধাৰত তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা। পাছত তাততো স্বৰ্গত তোমালোকে সুখেই পোৱা। কোনো দুখৰ কথা নাই। সেয়াও স্থায়ী সুখ হৈ যায়। এই সময়ত তোমালোকক ফিলিঙত আনিবলগীয়া (অনুভূতি কৰাবলগীয়া) হয়, ভৱিষ্যতৰ অনুভূতি হয়।

এতিয়া এয়া হল পুৰুষোত্তম সংগমযুগ, যি সময়ত শ্ৰীমত পোৱা যায়। পিতাই কয় - মই কল্পই-কল্পই সংগমযুগত আহো, সেয়া তোমালোকে জানা। তেওঁৰ মতত তোমালোকে চলা। পিতাই কয় সন্তানসকল, গৃহস্থ ব্যৱহাৰত হয়তো থাকা, পোচাক আদি সলনি কৰিবলৈ তোমালোকক কোনে কয়। যিকোনো পোচাকেই পিন্ধা। বহুতৰ সম্পৰ্কত আহিবলগীয়া হয়। ৰঙীন পোচাক পিন্ধাত কোনেও মানা নকৰে। যিকোনো পোচাক পিন্ধা, ইয়াৰ লগত কোনো সম্পৰ্ক নাই। পিতাই কয় দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰা। বাকী সকলো পিন্ধা। কেৱল নিজকে আত্মা বুলি ভাবি পিতাক স্মৰণ কৰা, এইটো দৃঢ় নিশ্চয় কৰা। এয়াও জানিছা আত্মাই পতিত আৰু পাৱন হয়, মহাত্মাকো মহান আত্মা বুলি কোৱা হয়, মহান পৰমাত্মা বুলি নকয়। তেনেকৈ কলেও শোভা নাপায়। বুজাবলৈ কিমান ভাল পইণ্ট। সৎগুৰু সকলোৰে সৎগতি দিওঁতাতো এজনে পিতা হয়। তাত কেতিয়াও অকাল মৃত্যু নহয়। এতিয়া তোমালোক সন্তানসকলে বুজিছা বাবাই আমাক পুনৰ এনেকুৱা দেৱতা কৰি গঢ়ি তোলে। আগতে এয়া বুদ্ধিত নাছিল। কল্পৰ আয়ুস কিমান, এয়াও জনা নাছিলা। এতিয়াতো গোটেই স্মৃতি আহি গৈছে। এয়াও সন্তানসকলে বুজিছা আত্মাকে পাপ আত্মা, পুণ্য আত্মা বুলি কোৱা হয়। পাপ পৰমাত্মা বুলি কেতিয়াও কোৱা নহয়। আকৌ যদি কোনোৱে কয় পৰামাত্মা সৰ্বব্যাপি তেতিয়াও সেয়া কিমান অৰ্থহীন হয়। এয়া পিতাই বহি বুজাইছে। এতিয়া তোমালোকে জানিছা 5 হাজাৰ বছৰৰ পাছত পিতাই আহিহে পাপ আত্মাক পূণ্য আত্মা কৰি তোলে। এজনক নহয়, সকলো সন্তানকে কৰি তোলে। পিতাই কয় তোমালোক সন্তানসকলক গঢ়ি তোলোতা ময়েই বেহদৰ পিতা হওঁ। নিশ্চয় সন্তানসকলক বেহদৰ সুখেই দিম। সত্যযুগত পবিত্ৰ আত্মাসকল থাকে। ৰাৱণৰ ওপৰত বিজয়ী হৈ তোমালোক পুণ্য আত্মা হৈ যোৱা। তোমালোকে অনুভৱ কৰা মায়াই কিমান বিঘিনি আনে। একেবাৰে শ্বাসৰুদ্ধ কৰি দিয়ে। তোমালোকে বুজি পাইছা মায়াৰ লগত যুদ্ধ কেনেকৈ চলে। তেওঁলোকে আকৌ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ, সৈন্য আদি কি কি দেখুৱাইছে। এই যুদ্ধৰ বিষয়ে কোনেও নাজানে। এয়া হল গুপ্ত। ইয়াক তোমালোকেহে জানিছা। আমি আত্মাসকলে মায়াৰ লগত যুদ্ধ কৰিব লাগে। পিতাই কয় তোমালোকৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈছে কাম। যোগবলৰ আধাৰত তোমালোকে ইয়াৰ ওপৰত বিজয়ী হোৱা। যোগবলৰ অৰ্থও কোনেও বুজি নাপায়। যিসকল সতোপ্ৰধান আছিল তেওঁলোকেই তমোপ্ৰধান হয়। পিতাই নিজে কয় বহুত জন্মৰ অন্তত মই এওঁৰ শৰীৰত প্ৰৱেশ কৰো। তেৱেঁই তমোপ্ৰধান হৈছিল, ততত্বম্‌ (তোমালোকৰ ক্ষেত্ৰতো একে কথা)। বাবাই জানো এজনক কব! ক্ৰমানুসৰি সকলোকে কয়। ক্ৰমানুসৰি কোন-কোন হয়, ইয়াত তোমালোকে গম পোৱা। আগলৈ তোমালোকে বহুত গম পাবা। তোমালোকক মালাৰ সাক্ষাৎকাৰ কৰাব। স্কুলত যেতিয়া ট্ৰান্সফাৰ (এটা শ্ৰেণীৰ পৰা আনটো শ্ৰেণীলৈ উত্তীৰ্ণ) হয় তেতিয়া সকলো গম পোৱা যায়। ৰিজাল্ট (ফলাফল) ওলাই যায়।

বাবাই এজনী কন্যাক সুধিলে তোমাৰ পৰীক্ষাৰ পেপাৰ (প্ৰশ্নকাকত) কৰ পৰা আহে? কন্যাজনীয়ে কলে লণ্ডনৰ পৰা। এতিয়া তোমালোকৰ পেপাৰ কৰ পৰা আহিব? ওপৰৰ পৰা। তোমালোকৰ পেপাৰ ওপৰৰ পৰা আহিব। সকলোৱে সাক্ষাৎকাৰ কৰিব। কেনেকুৱা ৱণ্ডৰফুল (আচৰিত) পঢ়া। কোনে পঢ়ায়, কোনেও নাজানে। কৃষ্ণ ভগৱানুৱাচ বুলি কৈ দিয়ে। পঢ়াত সকলোৱে ক্ৰমানুসৰি হয়। সেয়ে আনন্দও ক্ৰমানুসৰি হব। এয়া যি গায়ন আছে অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপিনীক সোধা এয়া শেষৰ ফালৰ কথা। পিতাই বুজাইছে, যদিও বাবাই জানে এই সন্তানটিৰ কেতিয়াও অৱনতি নহয় তথাপিও কোনেও কব নোৱাৰে কি হব। পঢ়া নপঢ়ে, ভাগ্যত নাই। যদি তেওঁলোকক কোৱা হয় যে সেই জগতলৈ গৈ নিজৰ ঘৰ-সংসাৰ কৰাগৈ তেতিয়া তৎক্ষণাৎ গুচি যাব। কৰ পৰা ওলাই কলৈ গুচি যায়। তেওঁলোকৰ চলন, কথা, কামেই এনেকুৱা হয়। তেওঁলোকে ভাবে যদি ইমান পাই যাওঁ তেতিয়া আমি গৈ বেলেগে থাকিম। চলনৰ পৰা বুজি পোৱা যায়। ইয়াৰ অৰ্থ হৈছে নিশ্চয় নাই, নিৰূপায় অৱস্থাত বহি আছে। বহুত আছে যিসকলে জ্ঞানৰ গটোও নাজানে। কেতিয়াও নবহেই। মায়াই পঢ়িবলৈ নিদিয়ে। এনেকুৱা সকলো চেণ্টাৰ (সেৱাকেন্দ্ৰ)ত আছে। কেতিয়াও পঢ়িবলৈ নাহে। আচৰিত নহয় জানো। কিমান উচ্চ জ্ঞান। ভগৱানে পঢ়ায়। যদি বাবাই কয় এইটো কাম নকৰিবা, নামানিব। নিশ্চয় উল্টা কাম কৰি দেখুৱাব। ৰাজধানী স্থাপন হৈ আছে, তাতো সকলো প্ৰকাৰৰ প্ৰয়োজন নহয় জানো। ওপৰৰ পৰা তললৈ সকলো হয়। পদবীৰ পাৰ্থক্য থাকে নহয় জানো। ইয়াতেও ক্ৰমানুসৰি পদবী হয়। কেৱল পাৰ্থক্য কি? তাত আয়ুস বেছি আৰু সুখ থাকে। ইয়াতে আয়ুস কম আৰু দুখ হয়। সন্তানসকলৰ বুদ্ধিত এই আচৰিত কথাবোৰ আছে। কেনেকৈ এইখন নাটক ৰচি থোৱা আছে। পাছত কল্পই-কল্পই আমি সেই ভূমিকাই পালন কৰিম। কল্পই-কল্পই সেই ভূমিকা পালন কৰি থাকো। ইমান সুক্ষ্ম আত্মাত কিমান ভূমিকা ভৰি আছে। সেয়াই ফিচাৰ্চ (চেহেৰা), সেয়াই কৰ্মকাণ্ড এই সৃষ্টি চক্ৰ ঘূৰিয়ে থাকে। পূৰ্ব নিৰ্ধাৰিত চলি আছে এই চক্ৰ পুনৰ পুনৰাবৃত্তি হব। সতোপ্ৰধান, সতো, ৰজো, তমোলৈ আহিব। এই ক্ষেত্ৰত মূৰ্ছিত হোৱাৰ কথা নাই। অচ্ছা, নিজকে আত্মা বুলি ভাবানে? আত্মাৰ পিতা শিৱবাবা হয় এয়াতো বুজিছা নহয় জানো। যিসকল সতোপ্ৰধান হয় তেওঁলোকেই পুনৰ তমোপ্ৰধান হয় পুনৰ পিতাক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। এয়াতো ভাল নহয় জানো। বচ, ইয়ালৈকে বুজাই দিব লাগে। তেওঁলোকক কোৱা - বেহদৰ পিতাই এয়া স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। তেৱেঁই পতিত-পাৱন হয়। পিতাই জ্ঞান দিয়ে, ইয়াত শাস্ত্ৰ আদিৰতো কথাই নাই। শাস্ত্ৰ আৰম্ভণিতে কৰপৰা আহিব। এয়াতো যেতিয়া বহুত মানুহ হৈ যায় তেতিয়া পাছত বহি শাস্ত্ৰ লিখে। সত্যযুগত শাস্ত্ৰ নাথাকে। পৰম্পৰা বুলিতো কোনো বস্তু নাথাকে। নাম, ৰূপ সলনি হৈ যাব। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও দুখ-পীড়াত বিলাপ কৰিব নালাগে। বুদ্ধিত ৰাখিব লাগে যে আমি বিশ্বৰ মালিক হমগৈ, আমাৰ চলন, বাৰ্তালাপ বহুত ভাল হব লাগে। কেতিয়াও কান্দিব নালাগে।

(2) নিশ্চয়বুদ্ধিৰ হৈ এজন পিতাৰ মতত চলি থাকিব লাগে, কেতিয়াও মূৰ্ছিত বা শ্বাসৰুদ্ধ হব নালাগে। নিশ্চয়তে বিজয়, সেইবাবে নিজৰ পাই-পইচাৰ তুল্য মত চলাব নালাগে।

বৰদান:
নিজৰ পুৰুষাৰ্থৰ বিধিত নিজৰ প্ৰগতিৰ অনুভৱ কৰোঁতা সফলতাৰ তৰা হোৱা

যিয়ে নিজৰ পুৰুষাৰ্থৰ বিধিত নিজৰ প্ৰগতি বা সফলতা অনুভৱ কৰে, তেৱেঁই সফলতাৰ তৰা, তেওঁৰ সংকল্পত নিজৰ পুৰুষাৰ্থৰ প্ৰতিও কেতিয়াও নাজানো হব নে নহব, কৰিব পাৰিম নে নোৱাৰিম এই অসফলতাৰ অংশ মাত্ৰও নাথাকিব। নিজৰ প্ৰতি সফলতা অধিকাৰৰ ৰূপত অনুভৱ কৰিব, তেওঁলোকে সহজে আৰু স্বতঃ সফলতা লাভ কৰি থাকিব।
 

স্লোগান:
সুখৰ স্বৰূপ হৈ সুখ দিয়া তেতিয়া পুৰুষাৰ্থত আশীৰ্বাদ যোগ হৈ যাব।