13-11-2020 প্ৰাতঃমুৰলী ওঁম্ শান্তি! "বাপদাদা" মধুবন।


"মৰমৰ সন্তানসকল – এয়া বিভ্ৰান্তিৰ খেল, তোমালোকে বাৰে বাৰে পিতাক পাহৰি যোৱা, নিশ্চয় বুদ্ধিৰ হ’লে তেতিয়া এই খেলত আৱদ্ধ হৈ নোযোৱা”

প্ৰশ্ন:

হিচাপ নিষ্পত্তিৰ সময়ক দেখি তোমালোক সন্তানসকলৰ কৰ্তব্য কি?

উত্তৰ:

তোমালোকৰ কৰ্তব্য হৈছে - নিজৰ পঢ়াত ভালদৰে লাগি যোৱা, অন্য কথাবিলাকত যাব নালাগে। পিতাই তোমালোকক নয়নত বহুৱাই, ডিঙিৰ হাৰ কৰি লগত লৈ যাব। বাকীতো সকলোৱে নিজৰ হিচাপ-নিকাচ নিষ্পত্তি কৰি যাবই লাগিব। পিতা আহিছে সকলোকে নিজৰ লগত ঘৰলৈ লৈ যাবলৈ।

গীত:

দূৰ দেশ কা ৰহনেৱালা…… (দূৰৈৰ দেশত থাকোঁতাজন……)

ওঁম্‌ শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বহি বুজায় – বিশেষকৈ ভাৰত আৰু সাধাৰণভাৱে গোটেই জগতৰ লোকসকলে বিশ্বত শান্তি বিচাৰে। এতিয়া এইটোতো বুজিব লাগে – নিশ্চয় বিশ্বৰ মালিকেহে বিশ্বত শান্তি স্থাপন কৰে। ঈশ্বৰ পিতাকহে আহ্বান কৰিব লাগে যে আহি বিশ্বত শান্তি বিয়পোৱা। কাক আহ্বান কৰিব লাগে সেইটোও বেচেৰাহঁতে নাজানে। গোটেই বিশ্বৰ কথা নহয় জানো। সকলোৱে বিশ্বত শান্তি বিচাৰে। এতিয়া শান্তিৰ ধামতো বেলেগ, য’ত পিতা আৰু তোমালোক আত্মাসকল থাকা। এয়াও বেহদৰ পিতাইহে বুজায়। এতিয়া এই সৃষ্টিততো অনেকানেক মনুষ্য আছে, অনেক ধৰ্ম আছে। কয় – এক (এটা) ধৰ্ম হৈ গ’লে তেতিয়া শান্তি হ’ব। সকলো ধৰ্ম লগ হৈ একতো হ’ব নোৱাৰে। ত্ৰিমূৰ্তিৰ মহিমাও আছে। ত্ৰিমূৰ্তিৰ চিত্ৰ বহুতে ৰাখে। এইটোও জানে যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। কিহৰ? কেৱল শান্তিৰ হ’ব জানো। শান্তি আৰু সুখৰ স্থাপনা হয়। এই ভাৰততেই 5 হাজাৰ বছৰ পূৰ্বে যেতিয়া এওঁলোকৰ ৰাজ্য আছিল তেতিয়া নিশ্চয় বাকী সকলো জীৱ আত্মাই, জীৱ (শৰীৰ) এৰি নিজৰ ঘৰলৈ গৈছিল। এতিয়া বিচাৰে এক ধৰ্ম, এক ৰাজ্য, এক ভাষা। এতিয়া তোমালোক সন্তানসকলে জানা – পিতাই শান্তি, সুখ, সম্পত্তিৰ স্থাপনা কৰি আছে। এক ৰাজ্যও নিশ্চয় ইয়াতেই হ’ব নহয় জানো। এক ৰাজ্যৰ স্থাপনা হৈ আছে - এইটো কোনো নতুন কথা নহয়। অনেকবাৰ এক ৰাজ্য স্থাপন হৈছে। পাচত অনেক ধৰ্মৰ বৃদ্ধি হৈ হৈ বৃক্ষ ডাঙৰ হৈ যায় আকৌ পিতা আহিবলগীয়া হয়। আত্মাইহে শুনে, পঢ়ে, আত্মাতে সংস্কাৰ আছে। আমি আত্মাই ভিন্ন ভিন্ন শৰীৰ ধাৰণ কৰোঁ। সন্তানসকলৰ এইটো নিশ্চয় বুদ্ধি হওঁতেও বৰ পৰিশ্ৰম হয়। কয় – বাবা, বাৰে বাৰে পাহৰি যাওঁ। পিতাই বুজায় – এয়া বিভ্ৰান্তিৰ খেল। ইয়াত তোমালোক যেন আৱদ্ধ হৈ গৈছা, নাজানো যে আমি নিজৰ ঘৰ অথবা ৰাজধানীলৈ কেনেকৈ যাম। এতিয়া পিতাই বুজাইছে আগতে একো নাজানিছিলা। আত্মা কিমান পাথৰ বুদ্ধিৰ হৈ যায়। পাথৰ বুদ্ধি আৰু পাৰস বুদ্ধিৰ গায়ন ভাৰততহে আছে। পাথৰ বুদ্ধিৰ ৰজা আৰু পাৰস বুদ্ধিৰ ৰজা ইয়াতেই আছে। পাৰসনাথৰ মন্দিৰো আছে। এতিয়া তোমালোকে জানা আমি আত্মাসকল ক’ৰ পৰা ভূমিকা পালন কৰিবলৈ আহিছোঁ। আগতেতো একোৱে নাজানিছিলা। ইয়াক কোৱা হয় কাঁইটৰ জংঘল। এই গোটেই সৃষ্টিখন কাঁইটৰ জংঘল হয়। ফুলৰ বাগিচাত জুই লাগিল, এনেকুৱা কথা কেতিয়াও শুনা নাই চাগে। সদায় জংঘলতে জুই লাগে। এয়াও জংঘল, ইয়াত নিশ্চয় জুই লাগিব। খেৰৰ জুমুঠিত জুই লাগিব। এই গোটেই সৃষ্টিখনকে খেৰৰ জুমুঠি বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলে পিতাক জানি গ’লা। সন্মুখত বহি আছা। যি গাইছিলা তোমাৰ সৈতে বহোঁ….। সেয়া সকলো হৈ আছে। ভগৱানুবাচ তেন্তে নিশ্চয় পঢ়িব নহয়। ভগৱানুবাচ সন্তানসকলৰ প্ৰতিহে হ’ব নহয় জানো। তোমালোকে জানা যে ভগৱানে পঢ়ায়। ভগৱান কোন? নিৰাকাৰ শিৱকেই কোৱা হ’ব। ভগৱান শিৱৰ পূজাও ইয়াত হয়। সত্যযুগত পূজা আদি নহয়। স্মৰণো নকৰে। ভক্তসকলৰ সত্যযুগৰ ৰাজধানীৰ ফল প্ৰাপ্ত হয়। তোমালোকে বুজি পোৱা যে আমি সকলোতকৈ বেছি ভক্তি কৰিছোঁ সেইকাৰণে আমিয়েই পোন-প্ৰথমে পিতাৰ ওচৰলৈ আহিছোঁ। আকৌ আমিয়েই ৰাজধানীলৈ আহিম। সেয়েহে সন্তানসকলে নতুন সৃষ্টিত উচ্চ পদ পাবলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলৰ ইচ্ছা জাগে এতিয়া আমি সোনকালে নতুন ঘৰলৈ যাওঁ। আৰম্ভণিত নতুন ঘৰ হ’ব পাচত পুৰণি হৈ গৈ থাকিব। ঘৰত সন্তানসকলৰ বৃদ্ধি হৈ থাকিব। পুত্ৰ, নাতি, আজোনাতি তেওঁলোকতো পুৰণি ঘৰত আহিব নহয় জানো। ক’ব – এয়া আমাৰ ককা, আজোককাৰ ঘৰ। পাচত আহোঁতাও বহুত থাকে নহয় জানো। যিমান জোৰেৰে (তীব্ৰ) পুৰুষাৰ্থ কৰিব তেতিয়া প্ৰথমতে নতুন ঘৰত আহিব। পুৰুষাৰ্থৰ যুক্তি (উপায়) পিতাই বহুত সহজকৈ বুজায়। ভক্তিতো পুৰুষাৰ্থ কৰে নহয়। বহুত ভক্তি কৰাসকলৰ নাম উজ্বল হয়। বহুত ভক্তৰ মোহৰো (ষ্টাম্পো) উলিয়ায়। জ্ঞানৰ মালাৰ বিষয়েতো কোনেও নাজানে। প্ৰথমে হ’ল জ্ঞান, পাচত হ’ল ভক্তি। এইটো তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। আধা সময় হ’ল জ্ঞান - সত্যযুগ-ত্ৰেতা। এতিয়া তোমালোক সন্তানসকল জ্ঞানেৰে পৰিপূৰ্ণ হৈ গৈ আছা। শিক্ষক সদায় জ্ঞানেৰে পৰিপূৰ্ণসকল হয়। বিদ্যাৰ্থীয়ে ক্ৰম অনুসৰি নম্বৰ পায়। এওঁ হ’ল বেহদৰ শিক্ষক। তোমালোক হ’লা বেহদৰ বিদ্যাৰ্থী, বিদ্যাৰ্থীতো ক্ৰম অনুসৰিহে উত্তীৰ্ণ হ’ব। যিদৰে কল্প পূৰ্বে হৈছে। পিতাই বুজায় - তোমালোকেই 84 জন্ম লৈছা। 84 জন্মত 84জন শিক্ষক থাকে। পুনৰ্জন্মতো নিশ্চয় ল’বই লাগে। প্ৰথমে নিশ্চয় সতোপ্ৰধান সৃষ্টি হয় পাচত পুৰণি তমোপ্ৰধান সৃষ্টি হয়। মনুষ্যও তমোপ্ৰধান হ’ব নহয়। বৃক্ষও প্ৰথমে নতুন সতোপ্ৰধান হয়। বহুত ভাল ভাল নতুন পাত ওলায়। এয়াতো বেহদৰ বৃক্ষ। অনেক ধৰ্ম আছে। তোমালোকৰ বুদ্ধি এতিয়া বেহদৰ (অসীমৰ) ফালে যাব। কিমান ডাঙৰ বৃক্ষ। পোন-প্ৰথমে আদি সনাতন দেৱী-দেৱতা ধৰ্মহে থাকিব। পাচত বিভিন্ন ধৰ্ম আহিব। তোমালোকেই 84 বিভিন্ন জন্ম লৈছা। সেয়াও অবিনাশী। তোমালোকে জানা কল্প কল্পই আমি 84ৰ চক্ৰ পৰিক্ৰমা কৰি থাকোঁ। 84ৰ চক্ৰত আমিয়েই আহোঁ। 84 লাখ জন্ম কোনো মনুষ্য আত্মাই নলয়। সেয়াতো বিভিন্ন পশু আদি অনেক আছে। সেইবিলাকৰ কোনো গণনাও কৰিব নোৱাৰি। মনুষ্যৰ আত্মাই 84 জন্ম লৈছে। সেয়েহে এই ভূমিকা পালন কৰি কৰি একেবাৰে যেন ক্লান্ত হৈ পৰিছে। দুখী হৈ গৈছে। চিড়ি নামি (অৱনমিত হৈ) সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছে। পিতাই পুনৰ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলে। পিতাই কয় – মই তমোপ্ৰধান শৰীৰ, তমোপ্ৰধান সৃষ্টিত আহিছোঁ। এতিয়া গোটেই সৃষ্টি তমোপ্ৰধান। মনুষ্যইতো এনেকৈ কৈ দিয়ে – গোটেই বিশ্বত শান্তি কেনেকৈ হ’ব। বুজি নাপায় যে বিশ্বত শান্তি কেতিয়া আছিল। পিতাই কয় – তোমালোকৰ ঘৰততো চিত্ৰ ৰাখিছা নহয়। এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজত্ব আছিল – তেতিয়া গোটেই বিশ্বত শান্তি আছিল, তাক স্বৰ্গ বুলি কোৱা হয়। নতুন সৃষ্টিকেই স্বৰ্গ স্বৰ্ণিম যুগ বুলি কোৱা হয়। এতিয়া এই পুৰণি সৃষ্টি সলনি হ’ব। সেই ৰাজধানী স্থাপন হৈ আছে। বিশ্বত ৰাজত্বতো এওঁলোকৰহে আছিল। লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ বহুত মনুষ্য যায়। এইটো কাৰোবাৰ বুদ্ধিত আছে জানো যে এওঁলোকেই ভাৰতৰ মালিক আছিল – এওঁলোকৰ ৰাজ্যত নিশ্চয় সুখ-শান্তি আছিল। 5 হাজাৰ বছৰৰ কথা – যেতিয়া এওঁলোকৰ ৰাজত্ব আছিল। আধাকল্পৰ পাচত পুৰণি সৃষ্টি বুলি কোৱা হয় সেইবাবে বেপাৰীসকলে দোকানৰ প্ৰৱেশদ্বাৰত স্বস্তিকা (মঙ্গলসূচক চিহ্ন) ৰাখে। তাৰো অৰ্থ আছে নহয় জানো। তেওঁলোকেতো গণেশ বুলি কৈ দিয়ে। গণেশক আকৌ বিঘ্ন বিনাশক দেৱতা বুলি ভাবে। স্বস্তিকাত পূৰা 4টা ভাগ থাকে। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। এতিয়া দীপাৱলী পালন কৰে, বাস্তৱত সঁচা দীপাৱলী স্মৃতিৰ যাত্ৰাহে হয় যাৰ দ্বাৰা আত্মাৰ জ্যোতি 21 জন্মৰ কাৰণে প্ৰজ্বলিত হয়। বহুত উপাৰ্জন হয়। তোমালোক সন্তাসকল বহুত আনন্দিত হ’ব লাগে। এতিয়া তোমালোকৰ নতুন হিচাপ আৰম্ভ হয় – নতুন সৃষ্টিৰ কাৰণে। 21 জন্মৰ বাবে এতিয়া হিচাপ জমা কৰিব লাগে। এতিয়া পিতাই সন্তানসকলক বুজায় – নিজক আত্মা বুলি বুজি শুনি আছা। আত্মা বুলি বুজি শুনিলে তেতিয়া আনন্দও থাকিব। পিতাই আমাক পঢ়ায়। ভগৱানুবাচও হয় নহয় জানো। ভগৱানতো এজনেই। নিশ্চয় তেওঁ আহি শৰীৰ লয়, তেতিয়া ভগৱানুবাচ বুলি কোৱা হয়। এইটোও কোনেও নাজানে সেয়েহে নাজানো নাজানো (নেতি নেতি) বুলি কৈ আহিছে। কয়ো – তেওঁ পৰমপিতা পৰমাত্মা হয়। আকৌ কৈ দিয়ে – আমি নাজানো। কয়ো শিৱবাবা, ব্ৰহ্মাকো বাবা বুলি কয়। বিষ্ণুক কেতিয়াও বাবা বুলি কোৱা নহ’ব। প্ৰজাপিতাতো বাবা হৈ গ’ল নহয় জানো। তোমালোক হৈছা ব্ৰহ্মাকুমাৰ-কুমাৰী, প্ৰজাপিতা নামটি উল্লেখ নাথাকিলে বুজি নাপায়। ইমান অনেক ব্ৰহ্মাকুমাৰ-কুমাৰী আছে তেন্তে নিশ্চয় প্ৰজাপিতাই হ’ব সেইবাবে প্ৰজাপিতা শব্দটি নিশ্চয় উল্লেখ কৰিবা। তেতিয়া বুজিব যে প্ৰজাপিতাতো আমাৰেই পিতা হয়। নতুন সৃষ্টি নিশ্চয় প্ৰজাপিতাৰ দ্বাৰাহে ৰচা হয়। আমি আত্মাসকল ভাই ভাই হওঁ আকৌ শৰীৰ ধাৰণ কৰি ভাই-ভনী হৈ যাওঁ। পিতাৰ সন্তানসকলতো অবিনাশী আকৌ সাকাৰত ভাই-ভনী লাগে। সেয়েহে নাম হ’ল প্ৰজাপিতা ব্ৰহ্মা। কিন্তু ব্ৰহ্মাক আমি কোনেও স্মৰণ নকৰোঁ। স্মৰণ লৌকিকক আৰু পাৰলৌকিকক কৰে। প্ৰজাপিতা ব্ৰহ্মাক কোনেও স্মৰণ নকৰে। দুখত পিতাক স্মৰণ কৰে, ব্ৰহ্মাক নহয়। ক’ব – হে ভগৱান। হে ব্ৰহ্মা বুলি নকয়। সুখততো কাকোৱেই স্মৰণ নকৰে। তাত সুখেই সুখ আছে। এইটোও কোনেও গম নাপায়। তোমালোকে জানা এই সময়ত হৈছে 3 জন পিতা। ভক্তিমাৰ্গত লৌকিক আৰু পাৰলৌকিক পিতাক স্মৰণ কৰে। সত্যযুগত কেৱল লৌকিক পিতাক স্মৰণ কৰে। সঙ্গমত তিনিওজনকে স্মৰণ কৰে। লৌকিকো আছে কিন্তু জানে যে তেওঁ হৈছে হদৰ পিতা। তেওঁৰ পৰা হদৰ (সীমিত) উত্তৰাধিকাৰ পোৱা যায়। এতিয়া আমি বেহদৰ পিতাক পাইছোঁ যাৰ দ্বাৰা বেহদৰ (অসীমৰ) উত্তৰাধিকাৰ পোৱা যায়। এইটো বুজিবলগীয়া কথা। এতিয়া বেহদৰ পিতা আহিছে ব্ৰহ্মাৰ শৰীৰত – আমাক সন্তানসকলক বেহদৰ সুখ দিবলৈ। তেওঁৰ হৈ গ’লে আমি বেহদৰ উত্তৰাধিকাৰ পাওঁ। এয়া যেন ককাৰ উত্তৰাধিকাৰ (সম্পত্তি) পাওঁ – ব্ৰহ্মাৰ দ্বাৰা, তেওঁ কয় – উত্তৰাধিকাৰ তোমালোকক মই দিওঁ। মই পঢ়াওঁ। জ্ঞান মোৰ ওচৰত আছে। বাকী মনুষ্যৰো জ্ঞান নাই, দেৱতাসকলৰো জ্ঞান নাই। জ্ঞান মোৰ আছে। যি মই তোমালোক সন্তানসকলক দিওঁ। এয়া হ’ল আত্মিক জ্ঞান।

তোমালোকে জানা আত্মিক পিতাৰ দ্বাৰা আমি এই পদ পাওঁ। এনেকুৱা বিচাৰ সাগৰ মন্থন কৰিব লাগে। গায়ন আছে – মনক জয় কৰিলেই জয়, মনৰ ওচৰত পৰাজয় হ’লেই পৰাজয়….. বাস্তৱত ক’ব লাগে – মায়াৰ ওপৰত জয় কিয়নো মনকতো জিনিব নোৱাৰি। মনুষ্যই কয় - মনৰ শান্তি কেনেকৈ হ’ব? পিতাই কয় – আত্মাই কেনেকৈ ক’ব যে মনৰ শান্তি লাগে। আত্মাতো হয়েই শান্তিধাম নিবাসী। আত্মা যেতিয়া শৰীৰত আহে তেতিয়া কাৰ্য কৰিবলৈ লাগি যায়। পিতাই কয় - তোমালোক এতিয়া স্বধৰ্মত স্থিত হোৱা, নিজক আত্মা বুলি বুজা। আত্মাৰ স্বধৰ্ম হৈছে শান্তি। বাকী শান্তি ক’ৰ পৰা বিচাৰিব। ইয়াৰ ওপৰত ৰাণীৰো (ডিঙিৰ) হাৰৰ দৃষ্টান্ত আছে। সন্ন্যাসীয়ে দৃষ্টান্ত দিয়ে আকৌ নিজে জংঘলত গৈ শান্তি বিচাৰে। পিতাই কয় যে তোমালোক আত্মাসকলৰ ধৰ্মই হৈছে শান্তি। শান্তিধাম তোমালোকৰ ঘৰ, য’ৰ পৰা তোমালোক ভূমিকা পালন কৰিবলৈ আহা। শৰীৰেৰে আকৌ কৰ্ম কৰিবলগীয়া হয়। শৰীৰৰ পৰা (আত্মা) পৃথক হৈ গ’লে নিস্তবদ্ধ হৈ যায়। আত্মাই গৈ অন্য শৰীৰ ল’লে তেন্তে আকৌ চিন্তা কিয় কৰিব লাগে। উভতি আহিব জানো। কিন্তু মোহে কষ্ট দিয়ে। তাত তোমালোকক মোহে কষ্ট নিদিব। তাত 5 বিকাৰ নাথাকে। ৰাৱণ ৰাজ্যই নাই। সেয়া হ’ল ৰাম ৰাজ্য। সদায় ৰাৱণ ৰাজ্য হ’লে তেতিয়া আকৌ মনুষ্য ক্লান্ত হৈ পৰিব। কেতিয়াও সুখ দেখিবলৈ নাপাব। এতিয়া তোমালোক আস্তিক হৈছা আৰু ত্ৰিকালদৰ্শীও হৈছা। মনুষ্যই পিতাক নাজানে সেইকাৰণে নাস্তিক বুলি কোৱা হয়।

এতিয়া তোমালোক সন্তানসকলে জানা এই শাস্ত্ৰ আদি যি অতীত হৈ গৈছে, এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। এতিয়া তোমালোক জ্ঞান মাৰ্গত আছা। পিতাই তোমালোক সন্তানসকলক কিমান মৰমেৰে নয়নত বহুৱাই লৈ যায়। ডিঙিৰ হাৰ কৰি সকলোকে লৈ যাওঁ। আহ্বানো সকলোৱে কৰে। যিসকল কাম চিতাত বহি ক’লা হৈ গৈছে তেওঁলোকক জ্ঞান চিতাত বহুৱাই, হিচাপ-নিকাচ নিষ্পত্তি কৰাই উভতাই লৈ যাওঁ। এতিয়া তোমালোকৰ কাম হৈছে পঢ়াৰ সৈতে, অন্য কথাত কিয় যাব লাগে। কেনেকৈ মৰিব, কি হ’ব...... এইবোৰ কথাত আমি কিয় যাওঁ। এয়াতো হিচাপ নিষ্পত্তিৰ সময়, সকলোৱে হিচাপ-নিকাচ নিষ্পত্তি কৰি উভতি গুচি যাব। এই বেহদৰ নাটকৰ ৰহস্য তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, আৰু কোনেও নাজানে। সন্তানসকলে জানে আমি বাবাৰ ওচৰলৈ কল্পই কল্পই আহোঁ, বেহদৰ উত্তৰাধিকাৰ ল’বলৈ। আমি জীৱৰ আত্মা হওঁ। বাবাইও দেহত আহি প্ৰৱেশ কৰিছে। পিতাই কয় – মই সাধাৰণ দেহত আহোঁ। এওঁকো (ব্ৰহ্মাকো) বহি বুজাও যে তুমি নিজৰ জন্মক নাজানা। আৰু কোনেও এনেকৈ ক’ব নোৱাৰে যে সন্তানসকল, দেহী-অভিমানী হোৱা, পিতাক স্মৰণ কৰা। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) স্মৃতিৰ যাত্ৰাত থাকি সঁচা দীপাৱলী নিতৌ পালন কৰিব লাগে। নিজৰ নতুন হিচাপ 21 জন্মৰ কাৰণে জমা কৰিব লাগে।

(2) নাটকৰ ৰহস্যক বুদ্ধিত ৰাখি পঢ়াৰ বাহিৰে অন্য কোনো কথাত যাব নালাগে। সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে।

বৰদান:

নিষ্ঠা ৰূপী অগ্নিৰ দ্বাৰা এটা দীপকেৰে অনেক দীপক প্ৰজ্জ্বলিত কৰোঁতা সঁচা সেৱাধাৰী হোৱা

যেনেকৈ দীপাৱলীত এটা দীপকেৰে অনেক দীপক প্ৰজ্জ্বলিত কৰে, দীপমালা (দীপান্বিতা) পালন কৰে। দীপকত অগ্নি থাকে তেনেকৈ তোমালোক দীপকসকলৰ নিষ্ঠা ৰূপী অগ্নি আছে। যদি এটি এটি দীপকৰ এটি দীপকৰ (এক পিতাৰ) সৈতে নিষ্ঠা গঢ়ি উঠে তেন্তে এয়াই সঁচা দীপমালা। গতিকে চাব লাগে যে মই দীপক নিষ্ঠাৰে অগ্নিৰূপ হওঁতা হওঁ। নিজৰ প্ৰকাশেৰে অজ্ঞানতাৰ অন্ধকাৰ নাশ কৰাজনেই সঁচা সেৱাধাৰী হয়।

শ্লোগান:

এক বল, এক ভৰসা – এই পাঠটি সদায় দৃঢ় কৰি ৰাখা তেতিয়া চাকনৈয়াৰ (সংকটৰ) পৰা সহজে মুক্ত হৈ যাবা।

!! ওঁম্ শান্তি !!