14.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক আত্মাসকলৰ স্বধৰ্ম হৈছে শান্তি, তোমালোকৰ দেশ হৈছে শান্তিধাম, তোমালোক আত্মাসকল শান্ত স্বৰূপ হোৱা সেইবাবে তোমালোকে শান্তি মাগিব নোৱাৰা

প্ৰশ্ন:
তোমালোকৰ যোগবলে কোনটো চমৎকাৰ কৰে?

উত্তৰ:
যোগবলেৰে তোমালোকে গোটেই বিশ্বক পবিত্ৰ কৰি তোলা, তোমালোক অতি কম সংখ্যকসন্তানে যোগবলেৰে এই গোটেই পাহাৰ উঠাই সোণৰ পাহাৰ স্থাপন কৰা। 5 তত্ত্ব সতোপ্ৰধানহৈ যায়, ভাল ফল দিয়ে। সতোপ্ৰধান তত্ত্বৰে এই শৰীৰো সতোপ্ৰধান হয়। তাৰ ফলবোৰো বহুত ডাঙৰ-ডাঙৰ আৰু সোৱাদযুক্ত হয়।

ওঁম্শান্তি।
যেতিয়া ওঁম্‌ শান্তি বুলি কোৱা হয় তেতিয়া বহুত আনন্দিত হ'ব লাগে কিয়নো বাস্তৱত আত্মা হয়েই শান্ত স্বৰূপ, আত্মাৰ স্ব-ধৰ্মই হ'ল শান্ত। ইয়াৰ ওপৰত সন্ন্যাসীয়েও কয়, তোমালোকৰ ডিঙিত শান্তিৰ হাৰ পৰি আছে। শান্তিক বাহিৰত কত বিচৰা। আত্মা নিজেই শান্ত স্বৰূপ। এই শৰীৰত ভূমিকা পালন কৰিবলৈ আহিবলগীয়া হয়। আত্মা সদায় শান্ত হৈ থাকিলে কৰ্ম কেনেকৈ কৰিব? কৰ্মতো কৰিবই লাগিব। অৱশ্যে হয় শান্তিধামত আত্মাসকল শান্ত হৈ থাকে। তাত শৰীৰ নাথাকে, এইটো কোনো সন্ন্যাসী আদিয়ে নুবুজে যে আমি আত্মা হয়, শান্তিধামৰ নিবাসী। সন্তানসকলক বুজোৱা হৈছে - শান্তিধাম আমাৰ দেশ হয়, পুনৰ আমি সুখধামত আহি ভূমিকা পালন কৰোঁ, আকৌ ৰাৱণ ৰাজ্য হয় দুখধামত। এয়া হ'ল 84 জন্মৰ কাহিনী। ভগৱানে অৰ্জুনক নকয় জানো যে তুমি নিজৰ জন্মৰ কথা নাজানা। এজনক কিয় কয়? কিয়নো এজনৰ গেৰাণ্টি আছে। এই ৰাধা-কৃষ্ণৰতো গেৰাণ্টি আছে নহয় জানো গতিকে এওঁলোককে কোৱা হয়। এইটো পিতায়ো জানে, সন্তানসকলেও জানে যে এয়া যিমান সন্তান আছে সকলোৱেতো 84 জন্ম নলয়। কিছুমান মাজত আহিব, কিছুমান অন্তত আহিব। এওঁৰতো নিশ্চিত। এওঁক কয় - হে সন্তান। গতিকে এওঁ অৰ্জুন নহ'ল জানো। ৰথত বহি আছে। সন্তানসকলে নিজেও বুজিব পাৰে আমি জন্ম কেনেকৈ লওঁ? সেৱাই যদি নকৰে তেন্তে সত্যযুগ নতুন সৃষ্টিত প্ৰথমত কেনেকৈ আহিব? ইয়াকে ভাগ্য বুলি কোৱা হয়। শেষৰ ফালে যিয়ে জন্ম লয় তেওঁলোকৰ বাবেতো পুৰণা ঘৰ হৈ যাব। মই এওঁৰ বাবে কওঁ, যাৰ বাবে তোমালোকেও নিশ্চিত বুলি জানা। তোমালোকেও বুজিব পাৰা - মম্মা, বাবাই 84 জন্ম লয়। কুমাৰকা (প্ৰকাশমণি দাদী), জনক (জানকী দাদী), এনেকুৱা যিসকল মহাৰথী আছে তেওঁলোকে 84 জন্ম লয়। যিয়ে সেৱা নকৰে তেন্তে নিশ্চয় কিছু জন্মৰ পাছত আহিব। এইটো বুজি পায় যে মইতো অনুত্তীৰ্ণ হৈ যাম, শেষৰ ফালে আহিম। স্কুলতো দৌৰি লক্ষ্যস্থানলৈ আহি আকৌ ঘূৰি নাযায় জানো। সকলোৱে একৰস হ'ব নোৱাৰে। দৌৰত ভৰি ইঞ্চি মাত্ৰও পাৰ্থক্য হৈ গলে তেতিয়া বেছি নম্বৰ হৈ যায়, এয়াও অশ্ব দৌৰ। অশ্ব বুলি ঘোঁৰাক কোৱা হয়। ৰথকো ঘোঁৰা বুলি কোৱা হয়। বাকী এয়া যি দেখুৱায় দক্ষ প্ৰজাপিতাই যজ্ঞ ৰচিলে, তাত ঘোঁৰাক স্বাহা কৰিলে, এনেকুৱা কথা নাই। দক্ষ প্ৰজাপিতাও নাই আৰু কোনো যজ্ঞও ৰচা নাই। কিতাপবোৰত ভক্তিমাৰ্গৰ কিমান মিছা কথা আছে। তাৰ নামেই হ'ল কথা। বহুত কথা শুনে। তোমালোকেতো এয়া পঢ়া। পঢ়াক কথা বুলি নকয়। স্কুলত পঢ়ে, লক্ষ্য-উদ্দেশ্য থাকে। মই এই পঢ়াৰ দ্বাৰা এইটো চাকৰি পাম। কিবা নহয় কিবা পায়। এতিয়া তোমলোক সন্তানসকলে বহুত দেহী-অভিমানী হ'ব লাগে। ইয়াৰ বাবেই পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। বিশেষভাৱে স্মৰণ কৰিব লাগে, এনেকুৱা নহয় যে মইতো শিৱবাবাৰ সন্তান হওঁ তেন্তে আৰু কি স্মৰণ কৰিম। এনেকুৱা নহয়, নিজকে বিদ্যাৰ্থী বুলি বুজি স্মৰণ কৰিব লাগে। আমাক আত্মাসকলক শিৱবাবাই পঢ়াই আছে, এইটোও পাহৰি যায়। শিৱবাবা এজনেই শিক্ষক যিয়ে সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনায়, এয়াও স্মৃতিত নাথাকে। প্ৰত্যেক সন্তানে নিজৰ অন্তৰক সুধিব লাগে যে কিমান সময় পিতাৰ স্মৃতি স্থায়ী হৈ থাকে? বেছি সময়তো বাহ্যমুখী হৈ থাকোতেই যায়। এই স্মৃতিয়েই হৈছে মুখ্য। এই ভাৰতৰ যোগৰেই বহুত মহিমা আছে। কিন্তু যোগ কোনে শিকায় - এয়া কোনেও নাজানে। গীতাত কৃষ্ণৰ নাম দি দিছে। এতিয়া কৃষ্ণক স্মৰণ কৰিলেতো এটাও পাপ খণ্ডন নহব কিয়নো তেওঁতো শৰীৰধাৰী হয়। পাঁচ তত্ত্বৰে গঠিত। তেওঁক স্মৰণ কৰিলা মানে মাটিক স্মৰণ কৰিলা, 5 তত্ত্বক স্মৰণ কৰিলা। শিৱবাবাতো অশৰীৰী হয় সেইবাবে কয় অশৰীৰী হোৱা, মোক পিতাক স্মৰণ কৰা।

এনেকৈ কোৱাও - হে পতিত পাৱন, তেওঁতো এজনেই নহল জানো। যুক্তিৰে সুধিব লাগে - গীতাৰ ভগৱান কোন? ভগৱান ৰচয়িতাতো এজনেই। যদি মনুষ্যই নিজকে ভগৱান বুলি কয়ো কিন্তু এনেকৈ কেতিয়াও নকব যে তোমালোক সকলো মোৰ সন্তান হোৱা। হয়তো এনেকৈ কব যে ততত্তম্‌ নতুবা কব ঈশ্বৰ সৰ্বব্যাপি হয়। ময়ো ভগৱান, তুমিও ভগৱান, যিফালে চাওঁ তুমিয়েই তুমি। পাথৰতো তুমি, এনেকৈ কৈ দিয়ে। তোমালোক মোৰ সন্তান হয়, এনেকৈ ক'ব নোৱাৰে। এনেকৈতো পিতাইহে কয় - হে মোৰ অতি মৰমৰ আত্মিক সন্তানসকল। এনেকৈ আৰু কোনেও ক'ব নোৱাৰে। মুছলমানক যদি কোনোবাই কয় যে মোৰ অতি মৰমৰ সন্তানসকল, তেতিয়া থাপৰ মাৰি দিব। এনেকৈ এজন পাৰলৌকিক পিতাইহে ক'ব পাৰে। অন্য কোনেও সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিব নোৱাৰে। এজন নিৰাকাৰ পিতাৰ বাহিৰে আন কোনেও 84ৰ ছিৰিৰ ৰহস্য বুজাব নোৱাৰে। তেওঁৰ আচল নাম হৈছেই শিৱ। মনুষ্যইতো বহুত নাম ৰাখি দিছে। অনেক ভাষা আছে। গতিকে নিজৰ-নিজৰ ভাষাত নাম ৰাখি দিয়ে। উদাহৰণ স্বৰূপে ব'ম্বেত (মুম্বাইত) বাবুলনাথ বুলি কয়, কিন্তু তেওঁলোকে অৰ্থ বুজি পায় জানো। তোমালোকে বুজি পোৱা কাঁইটক ফুল কৰি তোলোঁতা হয়। ভাৰতত শিৱবাবাৰ হাজাৰ নাম থাকিব, অৰ্থ একো নাজানে। পিতাই সন্তানসকলকহে বুজায়। তাৰ ভিতৰতো মাতাসকলক পিতাই আগত ৰাখে। আজিকালি মহিলাৰ মানো আছে কিয়নো পিতা আহিছে। পিতাই মাতাসকলৰ মহিমা উচ্চ কৰে। তোমালোক হৈছা শিৱ শক্তি সেনা, তোমালোকেহে শিৱবাবাক জানা। সত্যতো এজনেই। গোৱাও হয় - সত্যৰ নাওঁ টুলুং-ভুটুং কৰিব কিন্তু নুডুবে। গতিকে তোমালোক হৈছা সৎ, নতুন সৃষ্টিৰ স্থাপনা কৰি আছা। বাকী মিছাৰ সকলো শেষ হৈ যাব। তোমালোক কোনেও ইয়াত ৰাজ্য কৰোঁতা নহয়। তোমালোকে আকৌ পৰৱৰ্তী জন্মত আহি ৰাজ্য কৰিবা। এয়া বহুত গুপ্ত কথা যিটো তোমালোকেহে জানা, এই বাবাক নোপোৱাহেঁতেন একোৱেই নাজানিলাহেঁতেন। এতিয়া জানিছা।

এয়া হ'ল যুধিষ্ঠিৰ, যুদ্ধৰ মৈদানত সন্তানসকলক ঠিয় কৰাওঁতা। এওঁ হ'ল ননভায়োলেন্স, অহিংসক। মনুষ্যই কেৱল মৰামৰিকহে হিংসা বুলি বুজে। পিতাই কয় - প্ৰথম মুখ্য হিংসা হ'ল কাম কটাৰী চলোৱা সেইবাবে কামক মহাশত্ৰু বুলি কোৱা হয়, ইয়াৰ ওপৰতে বিজয়ী হব লাগে। মূল কথা হৈছেই কাম বিকাৰৰ, পতিত মানে বিকাৰী। পতিত হোৱা জনকে বিকাৰী বুলি কোৱা হয়, যিয়ে বিকাৰত যায়। ক্ৰোধ কৰাজনক এনেকৈ কোৱা নহব যে এওঁ বিকাৰী হয়। ক্ৰোধীক ক্ৰোধী আৰু লোভীক লোভী বুলি কোৱা হব। দেৱতাসকলক নিৰ্বিকাৰী বুলি কোৱা হয়। দেৱতাসকল নিৰ্লোভী, নিৰ্মোহী, নিৰ্বিকাৰী হয়। তেওঁলোক কেতিয়াও বিকাৰত নাযায়। তোমালোকে কোৱা বিকাৰ অবিহনে সন্তান কেনেকৈ হ'ব? তেওঁলোককতো নিৰ্বিকাৰী বুলি মান্যতা দিয়া হয়। সেইখন হৈছেই ভাইচ্‌লেচ্‌ (নিৰ্বিকাৰী) সৃষ্টি। দ্বাপৰ, কলিযুগ হ'ল বিকাৰী সৃষ্টি। নিজকে বিকাৰী, দেৱতাসকলক নিৰ্বিকাৰী বুলি নকয় জানো। তোমালোকে জানা যে আমিও বিকাৰী আছিলোঁ। এতিয়া এওঁলোকৰ দৰে নিৰ্বিকাৰী হৈ আছোঁ। এই লক্ষ্মী-নাৰায়ণেও স্মৃতিৰ বলৰে এই পদ পাইছে আকৌ সেই পদ লৈ আছে। আমিয়ে দেৱী-দেৱতা আছিলোঁ, আমি কল্পৰ আগতে এনেকৈ ৰাজ্য পাইছিলোঁ, যাক আকৌ হেৰুৱালোঁ পুনৰ আমি প্ৰাপ্ত কৰি আছোঁ। এইটোৱে চিন্তন বুদ্ধিত থাকিলে তেতিয়াও আনন্দিত হৈ থাকিবা। কিন্তু মায়াই সেই স্মৃতি পাহৰাই দিয়ে। বাবাই জানে তোমালোক স্থায়ী স্মৃতিত থাকিব নোৱাৰিবা। তোমালোক সন্তানসকল অচল হৈ স্মৰণ কৰি থাকা তেতিয়া সোনকালে কৰ্মাতীত অৱস্থা হৈ যাব আৰু আত্মা উভতি যাব। কিন্তু নহয়। প্ৰথম নম্বৰততো এওঁ যাব। তাৰ পাছত হল শিৱবাবাৰ বৰযাত্ৰী। বিয়াত মাতাসকলে মাটিৰ কলহত চাকি জ্বলাই লৈ যায়, এয়া হৈছে স্মৃতি চিহ্ন। শিৱবাবা প্ৰেমিকতো হৈছে সৰ্বদা জাগ্ৰত জ্যোতি। বাকী আমাৰ জ্যোতি জগাই আছে। ইয়াৰ কথা আকৌ ভক্তি মাৰ্গলৈ লৈ গৈছে। তোমালোকে যোগবলেৰে নিজৰ জ্যোতি জগোৱা। যোগৰ দ্বাৰা তোমালোক পবিত্ৰ হোৱা। জ্ঞানৰ দ্বাৰা ধন পোৱা যায়। পঢ়াক উপাৰ্জনৰ উৎস বুলি কোৱা হয়। যোগবলেৰে তোমালোকে বিশেষকৈ ভাৰত আৰু সাধাৰণভাৱে সমগ্ৰ বিশ্বকে পবিত্ৰ কৰি তোলা। এই ক্ষেত্ৰত কন্যাসকল বহুত ভাল সহায়কাৰী হব পাৰে। সেৱা কৰি উচ্চ পদ লব লাগে। জীৱন হীৰাৰ দৰে গঢ়ি তুলিব লাগে, কম নহয়। গোৱা হয় পিতা-মাতাক অনুকৰণ কৰা। মাতা-পিতা আৰু অনন্য ভাতৃ-ভগ্নীসকলক চোৱা।

তোমালোক সন্তানসকলে প্ৰদৰ্শনীত বুজাব পাৰা যে তোমালোকৰ দুজন পিতা আছে - লৌকিক আৰু পাৰলৌকিক। ইয়াৰ ভিতৰত ডাঙৰ কোন? ডাঙৰতো নিশ্চয় বেহদৰ পিতাই নহল জানো। উত্তৰাধিকাৰ তেওঁৰ পৰা পাব লাগে। এতিয়া উত্তৰাধিকাৰ দি আছে, বিশ্বৰ মালিক কৰি আছে। ভগৱানুবাচ - তোমালোকক ৰাজযোগ শিকাওঁ আকৌ তোমালোক পৰৱৰ্তী জন্মত বিশ্বৰ মালিক হবাগৈ। পিতাই কল্পই-কল্পই ভাৰতলৈ আহি ভাৰতক বহুত চহকী কৰি তোলে। তোমালোক এই পঢ়াৰ দ্বাৰা বিশ্বৰ মালিক হোৱা। সেই পঢ়াৰ পৰা কি পাবা? ইয়াততো তোমালোক 21 জন্মৰ কাৰণে হীৰাৰ দৰে হোৱা। সেই পঢ়াৰ লগত ইয়াৰ দিন-ৰাতিৰ পাৰ্থক্য আছে। এয়াতো পিতা, শিক্ষক, গুৰু এজনেই হয়। গতিকে পিতাৰ উত্তৰাধিকাৰ, শিক্ষকৰ উত্তৰাধিকাৰ, গুৰুৰ উত্তৰাধিকাৰ সকলো দিয়ে। এতিয়া পিতাই কয় - দেহ সহিত সকলো পাহৰিব লাগে। তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গল। পিতাৰ তোলনীয়া সন্তান হলা, বাকী কাক স্মৰণ কৰিবা। বেলেগক দেখিও যেন নেদেখা। ভূমিকাও পালন কৰা কিন্তু বুদ্ধিত আছে যে এতিয়া ঘৰলৈ যাব লাগিব পুনৰ ইয়ালৈ আহি ভূমিকা পালন কৰিব লাগিব। এইটো বুদ্ধিত থাকিলেও বহুত আনন্দিত হৈ থাকিবা। সন্তানসকলে দেহ ভাৱ এৰি দিব লাগে। এই পুৰণা বস্তু ইয়াতে এৰিব লাগিব, এতিয়া উভতি যাব লাগিব। নাটক পুৰা হৈছে। পুৰণি সৃষ্টিত জুই লাগিব ধৰিছে। অন্ধৰ সন্তান অন্ধসকল অজ্ঞান নিদ্ৰাত শুই আছে। মনুষ্যইতো বুজিব এয়া শুই থকা মনুষ্যক দেখুৱাইছে। কিন্তু এয়া হৈছে অজ্ঞান নিদ্ৰাৰ কথা, যৰ পৰা তোমালোকে জগোৱা। জ্ঞান অৰ্থাৎ দিন হল সত্যযুগ, অজ্ঞান অৰ্থাৎ ৰাতি হল কলিযুগ। এয়া অতিকৈ বুজিবলগীয়া কথা। কন্যাসকলে বিয়া কৰালে তেতিয়া মাতা-পিতা, শাশু-শহুৰ আদিও স্মৃতিলৈ আহিব। তেওঁলোকক পাহৰিব লাগে। এনেকুৱাও যুগল আছে, যিয়ে সন্ন্যাসীসকলক দেখুৱায় - আমি যুগল হৈয়ো কেতিয়াও বিকাৰত নাযাওঁ। মাজত জ্ঞান তৰোৱাল আছে। পিতাৰ আজ্ঞা হৈছে - পবিত্ৰ হৈ থাকিব লাগে। ৰমেশ-উষালৈ চোৱা কেতিয়াও পতিত হোৱা নাই, এইটো ভয় আছে যদি আমি পতিত হওঁ 21 জন্মৰ ৰাজ্য-ভাগ্য শেষ হৈ যাব। দেউলীয়া হৈ যাব। এনেকুৱা কিছুমান ফেল হৈ যায়। গন্ধৰ্ব বিবাহো আছে। তোমালোকে জানা পবিত্ৰ হৈ থাকিলে বহুত উচ্চ পদ পাম। এটা জন্মৰ বাবে পবিত্ৰ হব লাগে। যোগবলৰ দ্বাৰা কৰ্মেন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ আহি যায়। যোগবলেৰে তোমালোকে গোটেই সৃষ্টিক পবিত্ৰ কৰি তোলা। তোমালোক কিমান কম সংখ্যক সন্তানে যোগবলেৰে এই গোটেই পাহাৰ উৰুৱাই সোণৰ পাহাৰ স্থাপন কৰা। মনুষ্যই জানো বুজি পায়, তেওঁলোকেতো আকৌ গোৱৰ্দ্ধন পৰ্ৱতক পৰিক্ৰমা কৰি থাকে। এয়াতো পিতাহে আহি গোটেই সৃষ্টিক স্বৰ্ণীম যুগৰ কৰি তোলে। এনেকুৱা নহয় যে হিমালয় সোণৰ হৈ যাব। তাততো সোণৰ খনি ভৰপূৰ হৈ যাব। 5 তত্ত্ব সতোপ্ৰধান হয়, ফলো ভাল দিয়ে। সতোপ্ৰধান তত্ত্বৰে এই শৰীৰো সতোপ্ৰধান হৈ যায়। তাৰ ফলবোৰো বহুত ডাঙৰ-ডাঙৰ আৰু সোৱাদযুক্ত হয়। নামেই হল স্বৰ্গ। গতিকে নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলেহে বিকাৰ আঁতৰিব। দেহ-অভিমান আহিলে বিকাৰৰ আকাংক্ষা জাগিব। যোগী কেতিয়াও বিকাৰত নাযায়। কেৱল জ্ঞান বল থাকিলে কিন্তু যোগী নহলে অৱনতি হৈ যাব। যেনেকৈ সোধা হয় - পুৰুষাৰ্থ ডাঙৰ নে প্ৰালব্ধ? তেতিয়া কয় - পুৰুষাৰ্থ ডাঙৰ। তেনেকৈ এই ক্ষেত্ৰত কোৱা হব - যোগ ডাঙৰ। যোগৰ দ্বাৰাই পতিতৰ পৰা পাৱন হয়। এতিয়া তোমালোক সন্তানসকলেতো কবা যে আমি বেহদৰ পিতাৰ পৰা পঢ়িম। মনুষ্যৰ পৰা পঢ়িলে কি পাবা? মাহত কি উপাৰ্জন হব? তোমালোকে এয়া এটি-এটি ৰত্ন ধাৰণ কৰা। এয়া হ'ল লাখ টকা মূল্যৰ। তাত পইচা গণনা কৰা নহয়। প্ৰচুৰ ধন থাকে। সকলোৰে নিজৰ-নিজৰ খেতি আদি থাকে। এতিয়া পিতাই কয় - মই তোমালোকক ৰাজযোগ শিকাওঁ। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। পুৰুষাৰ্থ কৰি উচ্চ হব লাগে। ৰাজধানী স্থাপন হৈ আছে। এই লক্ষ্মী-নাৰায়ণে কেনেকৈ প্ৰালব্ধ পালে, এওঁলোকৰ প্ৰালব্ধৰ বিষয়ে জানি গ'লা তেন্তে বাকী কি লাগে। এতিয়া তোমালোকে জানা যে কল্প 5 হাজাৰ বছৰৰ পাছত পিতা আহে, আহি ভাৰতক স্বর্গ কৰি তোলে। গতিকে সন্তানসকলৰ সেৱা কৰাৰ উৎসাহ থাকিব লাগে। যেতিয়ালৈকে কাকো ৰাস্তা নেদেখুৱাও, ভোজন গ্ৰহণ নকৰোঁ - ইমান উৎসাহ-উদ্দীপনা থাকিলে তেতিয়াহে উচ্চ পদ পাব পাৰে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ঈশ্বৰীয় সেৱা কৰি নিজৰ জীৱন 21 জন্মৰ বাবে হীৰাৰ দৰে কৰি তুলিব লাগে। মাতা-পিতা আৰু অনন্য ভাতৃ-ভগ্নীসকলকহে অনুকৰণ কৰিব লাগে।

(2) কৰ্মাতীত অৱস্থা গঢ়ি তুলিবলৈ দেহ সহিত সকলো পাহৰিব লাগে। নিজৰ স্মৃতি অচল আৰু স্থায়ী কৰি তুলিব লাগে। দেৱতাসকলৰ দৰে নিৰ্লোভী, নিৰ্মোহী আৰু নিৰ্বিকাৰী হব লাগে।

বৰদান:
সৰ্বগুণ সম্পন্ন হোৱাৰ লগতে কোনো এটা বিশেষত্বত বিশেষ প্ৰভাৱশালী হোৱা

যেনেকৈ ডাক্তৰৰ সাধাৰণ বেমাৰৰ জ্ঞানতো থাকেই কিন্তু তাৰ লগতে কোনো এটা বিষয়ত বিশেষ জ্ঞানত নামিগ্ৰামী হৈ যায় তেনেকৈ তোমালোক সন্তানসকলো সৰ্বগুণ সম্পন্নতো হবই লাগে তাৰ উপৰিও কোনো এটা বিশেষত্বক বিশেষ ৰূপত অনুভৱ কৰি, সেৱাত লগাই আগবাঢ়ি যোৱা। যেনেকৈ সৰস্বতীক বিদ্যাৰ দেৱী, লক্ষ্মীক ধনৰ দেৱী বুলি কৈ পূজা কৰে। তেনেকৈ নিজৰ ভিতৰত সৰ্বগুণ, সৰ্বশক্তি থাকিলেও কোনো এটা বিশেষত্বত বিশেষ গৱেষণা কৰি নিজকে প্ৰভাৱশালী কৰি তোলা।
 

স্লোগান:
বিকাৰ ৰূপী সৰ্পক সহজযোগৰ শয্যা বনাই দিয়া তেতিয়া সদায় নিচিন্ত হৈ থাকিবা।